"যেতিয়া আমাৰ পৰম্পৰা আৰু আধ্যাত্মিকতা ম্লান পৰিবলৈ ধৰিছিল, স্বামী দয়ানন্দই আমাক 'বেদলৈ উভতিবলৈ' আহ্বান জনাইছিল
"মহৰ্ষি দয়ানন্দ কেৱল বৈদিক ঋষিয়েই নাছিল, বৰঞ্চ এগৰাকী ৰাষ্ট্ৰীয় ঋষিও আছিল"
"স্বামীজীয়ে ভাৰতৰ প্ৰতি যি বিশ্বাস ৰাখিছিল, আমি সেই বিশ্বাসক ‘অমৃত কাল’ত আমাৰ আত্মবিশ্বাসলৈ ৰূপান্তৰিত কৰিব লাগিব"
"সৎ প্ৰয়াস আৰু নতুন নীতিৰ জৰিয়তে ৰাষ্ট্ৰই ইয়াৰ কন্যাসকলক আগবঢ়াই নিছে"

নমস্কাৰ!

অনুষ্ঠানত উপস্থিত থকা সন্মানীয় সন্তসকল, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী পুৰুষোত্তম ৰূপালা জী, আৰ্য সমাজৰ বিভিন্ন সংগঠনৰ সৈতে জড়িত সকলো বিষয়ববীয়া, অন্যান্য মহানুভৱ, দেৱী আৰু সজ্জনসকল!

স্বামী দয়ানন্দ সৰস্বতী জীৰ ২০০তম জন্ম জয়ন্তী উদযাপন হৈ আছে। মোৰ ইচ্ছা আছিল যে মই নিজেই স্বামীজীৰ জন্মস্থান টংকাৰালৈ যাম, কিন্তু সেয়া সম্ভৱ নহ’ল। মই মোৰ হৃদয় আৰু মনেৰে আপোনালোক সকলোৰে মাজতেই আছোঁ। মই আনন্দিত যে স্বামীজীৰ অৱদানক স্মৰণ কৰিবলৈ, তেওঁক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ আৰ্য্য সমাজে এই মহোৎসৱ উদযাপন কৰিছে। যোৱা বছৰ এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। যিজন মহান ব্যক্তিৰ অৱদান ইমানেই অনন্য, তেওঁৰ লগত জড়িত মহোৎসৱটো ইমান ব্যাপক হোৱাটো স্বাভাৱিক। মোৰ বিশ্বাস যে এই অনুষ্ঠান আমাৰ নতুন প্ৰজন্মক মহৰ্ষি দয়ানন্দৰ জীৱনৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক ফলপ্ৰসূ মাধ্যম হিচাপে পৰিগণিত হ’ব।

বন্ধুসকল,

মোৰ সৌভাগ্য যে স্বামীজীৰ জন্মস্থান গুজৰাটতে মই জন্ম লাভ কৰিলোঁ। তেওঁৰ কৰ্মস্থলী আছিল হাৰিয়ানা, দীৰ্ঘ সময় মই সেই হাৰিয়ানাৰ জীৱনক ওচৰৰ পৰা জানিবলৈ, বুজিবলৈ আৰু তাত কাম কৰিবলৈ সুযোগ পাইছিলোঁ। সেয়ে, স্বাভাৱিকতে মোৰ জীৱনত তেওঁৰ এটা বেলেগ প্ৰভাৱ আছে, তেওঁৰ নিজৰ এটা ভূমিকা আছে। মই আজি এই উপলক্ষে মহৰ্ষি দয়ানন্দ জীৰ চৰণত প্ৰণাম কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে দেশ-বিদেশত বসবাস কৰা তেওঁৰ কোটি কোটি অনুগামীক তেখেতৰ জন্ম বাৰ্ষিকীত অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

ইতিহাসৰ কিছুমান দিন, কিছুমান ক্ষণ, কিছুমান মুহূৰ্ত আহে, যিবোৰে ভৱিষ্যতৰ দিশ সলনি কৰে। ২০০ বছৰ আগতে দয়ানন্দ জীৰ জন্ম এনে এক অভূতপূৰ্ব মুহূৰ্ত আছিল। এই সময়ছোৱাত দাসত্বত আবদ্ধ ভাৰতৰ জনসাধাৰণে নিজৰ চেতনা হেৰুৱাই পেলাইছিল। তাৰ পাছত স্বামী দয়ানন্দ জীয়ে দেশবাসীক জনাইছিল যে আমাৰ কু-সংস্কাৰ আৰু অন্ধবিশ্বাসে কেনেদৰে দেশখনক আগুৰি ধৰিছে। এই কু-সংস্কাৰবোৰে আমাৰ বৈজ্ঞানিক চিন্তাধাৰাক দুৰ্বল কৰি তুলিছিল। এই সামাজিক কুৰীতিয়ে আমাৰ ঐক্যক আক্ৰমণ কৰিছিল। সমাজৰ এটা শ্ৰেণীয়ে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ পৰা অবিৰতভাৱে আঁতৰি আহিছিল। এনে সময়ত স্বামী দয়ানন্দ জীয়ে ‘বেদলৈ ঘূৰি আহিবলৈ’ আবেদন জনাইছিল। তেওঁ বেদৰ টীকা ৰচনা কৰি যুক্তিসংগত ব্যাখ্যা আগবঢ়াইছিল। তেওঁ কু-সংস্কাৰবোৰক মুকলিকৈ আক্ৰমণ কৰিছিল, আৰু ভাৰতীয় দৰ্শনৰ প্ৰকৃত স্বৰূপ কি সেই কথা বুজাই দিছিল। ফলত সমাজত আত্মবিশ্বাস ঘূৰি আহিবলৈ ধৰে। মানুহে বৈদিক ধৰ্ম জানিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ শিপাৰ লগত সংযোগ স্থাপন কৰিবলৈ ধৰিলে।

বন্ধুসকল,

আমাৰ সামাজিক কুৰীতিক অচিলা হিচাপে ব্যৱহাৰ কৰি ব্ৰিটিছ চৰকাৰে আমাক অপমান কৰিবলৈ চেষ্টা কৰিছিল। সামাজিক পৰিৱৰ্তনৰ উদ্ধৃতি দি তেতিয়া একাংশ লোকে ব্ৰিটিছ শাসনক ন্যায্যতা প্ৰদান কৰিছিল। এনে কালখণ্ডত স্বামী দয়ানন্দ জীৰ আগমনে সেই সকলোবোৰ ষড়যন্ত্ৰত গভীৰ আঘাত দিলে। লালা লাজপত ৰায়, ৰাম প্ৰসাদ বিছমিল, স্বামী শ্ৰদ্ধানন্দ, ক্ৰান্তিকাৰীৰ এটা সম্পূৰ্ণ শৃংখলা গঢ় লৈ উঠিছিল, যি আৰ্য সমাজৰ দ্বাৰা প্ৰভাৱিত আছিল। সেয়ে দয়ানন্দ জী কেৱল এজন বৈদিক ঋষিয়েই নাছিল, তেওঁ এজন ৰাষ্ট্ৰ চেতনাৰ ঋষিও আছিল।

বন্ধুসকল,

স্বামী দয়ানন্দ জীৰ জন্মৰ ২০০ বছৰৰ এই মাইলৰ খুঁটিটো এনে এটা সময়ত আহিছে যেতিয়া ভাৰত অমৃত কালৰ প্ৰাৰম্ভিক বছৰবোৰত আছে। স্বামী দয়ানন্দ জী আছিল ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সপোন দেখা এজন সাধু। ভাৰতৰ প্ৰতি স্বামী জীৰ যি বিশ্বাস আছিল, আমি সেই বিশ্বাসক অমৃত কালৰ প্ৰতি আমাৰ আত্মবিশ্বাসলৈ ৰূপান্তৰিত কৰিব লাগিব। স্বামী দয়ানন্দ আছিল আধুনিকতাৰ সমৰ্থক আৰু পথ প্ৰদৰ্শক। তেওঁৰ পৰা প্ৰেৰণা লৈ আপোনালোক সকলোৱে এই অমৃত কালত ভাৰতক আধুনিকতাৰ দিশে লৈ যাব লাগিব, আমি আমাৰ দেশক এখন বিকশিত ভাৰত হিচাপে গঢ়ি তুলিব লাগিব। আজি আৰ্য সমাজৰ দেশ আৰু বিশ্বৰ ডেৰ হাজাৰতকৈও অধিক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আছে। আপোনালোক সকলোৱে ৪০০ৰো অধিক গুৰুকুলত ছাত্ৰ-ছাত্ৰীক শিক্ষা আৰু প্ৰশিক্ষণ দি আছে। মই বিচাৰোঁ যে একবিংশ শতিকাৰ এই দশকত আৰ্য সমাজে এক নতুন শক্তিৰে ৰাষ্ট্ৰ গঠন অভিযানৰ দায়িত্ব গ্ৰহণ কৰক। ডিএভি সংস্থান, মহর্ষি দয়ানন্দ সৰস্বতী জীৰ এক সজীৱ স্মৃতি, প্ৰেৰণা, চৈতন্য ভূমি। যদি আমি ইয়াক অবিৰতভাৱে সবল কৰোঁ, তেন্তে সেয়া হ'ব মহৰ্ষি দয়ানন্দ জীলৈ আমাৰ পৱিত্ৰ শ্ৰদ্ধাঞ্জলি।

ভাৰতীয় চৰিত্ৰৰ লগত জড়িত শিক্ষা ব্যৱস্থা আজিৰ এক বৃহৎ প্ৰয়োজন। আৰ্য সমাজৰ বিদ্যালয়সমূহ ইয়াৰ প্ৰধান কেন্দ্ৰ হৈ আহিছে। দেশে এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে ইয়াক সম্প্ৰসাৰণ কৰিছে। এই প্ৰচেষ্টাসমূহৰ সৈতে সমাজখনক সংযোগ কৰাটো আমাৰ দায়িত্ব। আজি লোকেলৰ বাবে ভোকেলৰ বিষয়েই হওক, আত্মনিৰ্ভৰ ভাৰত অভিযান হওক, পৰিৱেশৰ বাবে দেশৰ প্ৰচেষ্টাই হওক, জল সংৰক্ষণ, স্বচ্ছ ভাৰত অভিযানৰ দৰে অনেক অভিযানেই হওক…আজিৰ আধুনিক জীৱনশৈলীত প্ৰকৃতিৰ বাবে ন্যায় সুনিশ্চিত কৰা অভিযান LiFE হওক, আমাৰ মিলেট-শ্ৰীঅন্নক প্ৰচাৰ কৰাই হওক, যোগাসন হওক, ফিটনেছ হওক, ক্ৰীড়াত অধিক আৰু অধিক অংশগ্ৰহণ হওক, আৰ্য সমাজৰ শিক্ষানুষ্ঠান, তাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকল, সকলো মিলি এক বিশাল শক্তি। এই সকলোৱে ডাঙৰ ভূমিকা পালন কৰিব পাৰে।

আপোনালোকৰ শিক্ষানুষ্ঠানসমূহত যিসকল ছাত্ৰ-ছাত্ৰী আছে, তাত বৃহৎ সংখ্যক এনে যুৱক-যুৱতীও আছে যি ১৮ বছৰ অতিক্ৰম কৰিছে। সেই সকলোৰে নাম ভোটাৰ তালিকাত, তেওঁলোকে যাতে ভোটদানৰ গুৰুত্ব বুজি পায়, এই দায়িত্ব বুজাটোও আপোনালোক সকলো জ্যেষ্ঠসকলৰ দায়বদ্ধতা। এই বছৰৰ পৰা আৰ্য্য সমাজৰ প্ৰতিষ্ঠাৰ ১৫০ সংখ্যক বৰ্ষও আৰম্ভ হ’বলৈ গৈ আছে। মই বিচাৰিম যে আমি সকলোৱে আমাৰ প্ৰচেষ্টা আৰু আমাৰ অভিজ্ঞতাৰে ইমান ডাঙৰ অনুষ্ঠান এটা সঁচাকৈয়ে স্মৰণীয় অনুষ্ঠান কৰি তোলোঁ।

বন্ধুসকল,

প্ৰাকৃতিক খেতিও এটা বিষয় যিটো সকলো ছাত্ৰ-ছাত্ৰীয়ে জনা আৰু বুজাটো অতি প্ৰয়োজনীয়। আমাৰ আচাৰ্য দেৱব্ৰত জীয়ে এই দিশত বহুত কষ্ট কৰি আহিছে। মহৰ্ষি দয়ানন্দ জীৰ জন্মস্থানৰ পৰাই প্ৰাকৃতিক খেতিৰ বাৰ্তা সমগ্ৰ দেশৰ কৃষকে লাভ কৰক, ইয়াতকৈ ভাল আৰু কি হ’ব পাৰে?

বন্ধুসকল,

মহৰ্ষি দয়ানন্দই তেওঁৰ সময়ত নাৰীৰ অধিকাৰ আৰু তেওঁলোকৰ অংশগ্ৰহণৰ কথা কৈছিল। নতুন নীতিৰ জৰিয়তে, সৎ প্ৰচেষ্টাৰ জৰিয়তে দেশে আজি নিজৰ কন্যা সন্তানক আগুৱাই লৈ গৈছে। মাত্ৰ কেইমাহমানৰ আগতে দেশে নাৰী শক্তি বন্দন অধিনিয়ম পাৰিত কৰি লোকসভা আৰু বিধানসভাত মহিলাৰ সংৰক্ষণ সুনিশ্চিত কৰিছে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে দেশৰ জনসাধাৰণক সংযোগ কৰাটো আজি মহৰ্ষিৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব।

আৰু বন্ধুসকল,

এই সকলোবোৰ সামাজিক কামৰ বাবে আপোনালোকৰ ওচৰত ভাৰত চৰকাৰৰ নৱগঠিত যুৱ সংগঠনৰ ক্ষমতাও আছে। দেশৰ এই বৃহত্তম আৰু সবাতোকৈ কনিষ্ঠ সংগঠনৰ নাম- মোৰ যুৱ ভাৰত - MYBHARAT। দয়ানন্দ সৰস্বতী জীৰ সমূহ অনুগামীলৈ মোৰ অনুৰোধ যে তেওঁলোকে ডিএভি শৈক্ষিক নেটৱৰ্কৰ সকলো বিদ্যাৰ্থীক My Bharatৰ সৈতে সংযুক্ত হ'বলৈ অনুপ্ৰাণিত কৰক। মই আপোনালোক সকলোকে মহৰ্ষি দয়ানন্দৰ ২০০তম জন্ম জয়ন্তীত পুনৰবাৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আকৌ এবাৰ মহৰ্ষি দয়ানন্দ জীক, আপোনালোক সকলো সন্তকে শ্ৰদ্ধাসহকাৰে প্ৰণাম জনাইছোঁ।

বহুত-বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মে’ 2026
May 03, 2026

Citizens Celebrate Reforms That Work: PM Modi’s Blueprint Powers Manufacturing, Maritime Might & MSME Revolution