‘ভাৰতীয় ৰাজহ সেৱা’ৰ ৭৪ আৰু ৭৫ সংখ্যক গোট (শুল্ক আৰু পৰোক্ষ কৰ) আৰু ভূটানৰ ‘ৰয়েল চিভিল ছাৰ্ভিচ’ৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে
"এনএচিআইএন’ৰ ভূমিকা হৈছে দেশক এক আধুনিক পৰিস্থিতিতন্ত্ৰ প্ৰদান কৰা"
"শ্ৰী ৰাম সুশাসনৰ ইমানেই ডাঙৰ প্ৰতীক যে তেওঁ ‘এনএচিআইএন’-ৰ বাবেও এক মহান অনুপ্ৰেৰণা হ'ব পাৰে"
"আমি দেশক ‘জিএছটি’ আৰু ‘সৰলীকৃত আয়কৰ’ৰ ৰূপত এক আধুনিক ব্যৱস্থা প্ৰদান কৰিছো আৰু ‘মুখ নেদেখাকৈয়ে মূল্যায়ন’ৰ ধাৰা আৰম্ভ কৰিছোঁ। এই সকলোবোৰ সংস্কাৰৰ ফলত অভিলেখ পৰিমাণৰ কৰ সংগৃহিত হৈছে"
"আমি মানুহৰ পৰা যি লৈছোঁ সেয়া তেওঁলোকৰ কাষলৈ ঘূৰাই পঠাইছোঁ আৰু এয়াই হৈছে সুশাসন আৰু ৰাম ৰাজ্যৰ বাৰ্তা"
তেওঁ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰদৰ্শনীখন পদব্ৰজে পৰিদৰ্শন কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ‘ভাৰতীয় ৰাজহ সেৱা’ (শুল্ক আৰু পৰোক্ষ কৰ)ৰ ৭৪ আৰু ৭৫ সংখ্যক গোট দুটাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ লগতে ভূটানৰ ‘ৰয়েল চিভিল ছাৰ্ভিচ’ৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে।
তেওঁ বিশ্বাস ব্যক্ত কৰে যে ‘এনএচিআইএন’-ৰ নতুন চৌহদটোৱে সুশাসনক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে দেশৰ বাণিজ্য আৰু উদ্যোগখণ্ডক উৎসাহিত কৰিব।
তেওঁ কয় যে শ্ৰীৰাম সুশাসনৰ ইমানে ডাঙৰ প্ৰতীক যে তেওঁ ‘এনএচিআইএন’-ৰ বাবেও এক মহান অনুপ্ৰেৰণা হ'ব পাৰে।

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী এছ. আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নিৰ্মলা সীতাৰমন জী, পংকজ চৌধাৰী জী আৰু ভগৱত কিষানৰাও কাৰাদ জীকে প্ৰমুখ্য কৰি আন-আন প্ৰতিনিধি, ভদ্ৰ লোক আৰু ভদ্ৰ মহিলাসকল।

নেচনেল একাডেমী অৱ কাষ্টমছ, ইনডাইৰেক্ট টেক্সছ এণ্ড নাৰ্কটিক্স (NACIN)ৰ এই বিশাল চৌহদত আপোনালোক সকলোকে অভিনন্দন জনালোঁ। শ্ৰী সত্য সাই জিলাত অৱস্থিত এই চৌহদটো অনন্য। এই অঞ্চলটোয়ে আধ্যাত্মিকতা, ৰাষ্ট্ৰ-নিৰ্মাণ আৰু সুশাসনৰ সৈতে জড়িত আমাৰ ঐতিহ্যক প্ৰতিনিধিত্ব কৰে। আপোনালোকে সকলোৱে জানে যে এয়া পুত্তপাৰ্থী শ্ৰী সত্য সাই বাবাৰ জন্মস্থান। মহান স্বাধীনতা সংগ্ৰামী পদ্মশ্ৰী কল্লুৰ চুব্বা ৰাওৰ ভূমি। ই প্ৰখ্যাত পুতলা শিল্পী দলৱৈ চলিপতি ৰাওক এক নতুন পৰিচয় দিছে। বিজয়নগৰৰ গৌৰৱময় বংশৰ শাসন ব্যৱস্থাক অনুপ্ৰাণিত কৰা এখন ভূমি। ‘নাচিন’ৰ এই নতুন কেম্পাছটো এনে এক প্ৰেৰণাদায়ক স্থানত প্ৰতিষ্ঠা কৰা হৈছে। মই বিশ্বাস কৰোঁ যে এই কেম্পাছটোয়ে সুশাসনৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব আৰু দেশৰ বাণিজ্য আৰু উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।

বন্ধুসকল,

আজি তিৰুৱল্লুৱৰ দিৱস। সন্ত তিৰুৱল্লুৱৰে কৈছিল उरुपोरुळुम उल्गु-पोरुळुम तन्-वोन्नार, तिरु-पोरुळुम वेन्दन पोरुळ, অৰ্থাৎ ৰাজহ হিচাপে লাভ কৰা ৰাজকীয় কৰৰ ওপৰত ৰজাৰ অধিকাৰ আছে। গণতন্ত্ৰত ৰজা নাথাকে। ৰাইজেহে শাসন কৰে আৰু চৰকাৰে প্ৰজাৰ সেৱা কৰিবলৈ কাম কৰে। গতিকে, চৰকাৰে যাতে পৰ্য্যাপ্ত ৰাজহ পায়, এই ক্ষেত্ৰত আপোনালোকৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে।

 

বন্ধুসকল,

আজি ইয়ালৈ অহাৰ আগতে পবিত্ৰ লেপাক্ষীৰ বীৰভদ্ৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিলোঁ। মন্দিৰত ৰঙানাথ ৰামায়ণমুৰ গীত শুনাৰ সৌভাগ্য হৈছিল। তাত থকা ভক্তসকলৰ সৈতে ‘ভজন-কীৰ্তন’তো অংশ লৈছিলোঁ। এই ঠাইৰ ওচৰতে কোনো এক স্থানত জটায়ুৰ সৈতে ভগৱান ৰামৰ কথা-বতৰা হৈছিল বুলি বিশ্বাস কৰা হয়। আপোনালোকে জানে যে অযোধ্যাত ভগৱান ৰামৰ বিশাল মন্দিৰত পূজাৰ পূৰ্বে ১১ দিনীয়া এক উপবাস পালন কৰি আছোঁ। এই শুভ সময়ছোৱাত ইয়াত ঈশ্বৰৰপৰা আশীৰ্বাদ পাই মই ধন্য অনুভৱ কৰিছোঁ। আজি সমগ্ৰ দেশ ৰামৰ আত্মাৰে ৰঞ্জিত, ভগৱান ৰামৰ প্ৰতি ব্যাপক ভক্তি অনুভূত হৈছে। অৱশ্যে বন্ধুসকল, ভগৱান ৰামৰ জীৱন আৰু প্ৰেৰণা বিশ্বাস আৰু ভক্তিৰ ক্ষেত্ৰখনৰ বহু ওপৰলৈকে বিস্তৃত হৈ আছে। ভগৱান ৰাম সামাজিক জীৱনত শাসনৰ প্ৰতীক, যিয়ে এই প্ৰতিষ্ঠানৰ বাবেও ডাঙৰ প্ৰেৰণা হিচাপে কাম কৰিব পাৰে।

বন্ধুসকল,

মহাত্মা গান্ধীয়ে কৈছিল যে "ৰাম ৰাজ্য"ৰ ধাৰণাটো সঁচাকৈয়ে প্ৰকৃত গণতন্ত্ৰৰ সাৰমৰ্ম। বছৰ-বছৰৰ অধ্যয়ন আৰু নিজস্ব দৃষ্টিভংগীৰ ওপৰত ভিত্তিৰে গান্ধী জীয়ে এই বক্তব্য প্ৰদান কৰিছিল। ৰাম ৰাজ্যই এনে এখন গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰে য’ত প্ৰতিজন নাগৰিকৰ মাত শুনা যায় আৰু তেওঁলোকে উপযুক্ত সন্মান লাভ কৰে। ৰাম ৰাজ্যত ইয়াৰ নাগৰিকসকলৰ বাবে কোৱা হৈছিল, "হে ৰাম ৰাজ্যৰ বাসিন্দাসকল, শিৰ ওপৰলৈ তুলি লওঁক, ন্যায়ৰ বাবে যুঁজ দিয়ক, সকলোৰে সৈতে সমান ব্যৱহাৰ কৰক, দুৰ্বলক ৰক্ষা কৰক, ধৰ্মক সৰ্বোচ্চ বুলি গণ্য কৰক আৰু শিৰ ওখকৈ ৰাখক, কিয়নো আপোনালোক ৰাম ৰাজ্যৰ বাসিন্দা।" ৰাম ৰাজ্যই এই চাৰিটা সুশাসনৰ স্তম্ভত থিয় দিছিল, য’ত সকলোয়ে মৰ্য্যাদা সহকাৰে অগ্ৰসৰ হ’ব পাৰে, ভয় নোহোৱাকৈ আৰু য’ত প্ৰতিজন নাগৰিকক সমান ব্যৱহাৰ কৰা হয় আৰু য’ত দুৰ্বলৰ সুৰক্ষা নিশ্চিত হয় আৰু য’ত ধৰ্ম অৰ্থাৎ কৰ্তব্যক সৰ্বোচ্চ বুলি গণ্য কৰা হয়। আজি একবিংশ শতিকাৰ এই আধুনিক প্ৰতিষ্ঠানৰ চাৰিটা প্ৰধান লক্ষ্য এই নীতিসমূহৰ আশে-পাশে ঘূৰি আছে। এইটো সদায় মনত ৰাখিব লাগিব এজন প্ৰশাসক হিচাপে আৰু নিয়ম-নীতি ৰূপায়ণ কৰা এটা ইউনিটৰ ভূমিকাৰ কথা।

বন্ধুসকল,

‘নাচিন’ৰ ভূমিকা হ’ল দেশখনক আধুনিক বাতাবৰণ প্ৰদান কৰা, যিয়ে ভাৰতত ব্যৱসায় আৰু বাণিজ্যৰ সুবিধা প্ৰদান কৰে আৰু ভাৰতক বিশ্ব বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গঢ়ি তোলা আৰু এক বন্ধুত্বপূৰ্ণ পৰিবেশ গঢ়ি তোলা। ইয়াৰ লক্ষ্য হ’ব লাগে দেশত কৰ, শুল্ক ব্যৱস্থাটোক স্বচ্ছ কৰি তোলা আৰু ভুল পদ্ধতিৰে দৃঢ়তাৰে মোকাবিলা কৰা। মাত্ৰ অলপ আগতে একাংশ যুৱ প্ৰশিক্ষাৰ্থীক লগ পাইছিলোঁ। ’অমৃত কাল’ৰ সময়ত নেতৃত্ব প্ৰদান কৰিব এই প্ৰজন্মই। চৰকাৰে আপোনালোক সকলোকে একাধিক ক্ষমতা প্ৰদান কৰিছে। এই শক্তিসমূহৰ ব্যৱহাৰ আপোনাৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে আৰু আপোনাসৱে ভগৱান ৰামৰ জীৱনৰ পৰা প্ৰেৰণা পাব। এটা দৃষ্টান্তত ভগৱান ৰামে লক্ষ্মণক কৈছে – সাগৰে আগুৰি থকা এই পৃথিৱীখন মোৰ বাবে বিৰল নহয়। অৱশ্যে অসৎ উপায়েৰে লাভ কৰিলে ইন্দ্ৰৰ ৰাজ্যও মোৰ বাবে বাঞ্ছনীয় নহয়। প্ৰায়ে আমি দেখিবলৈ পাওঁ যে মানুহে সৰু-সৰু প্ৰলোভনৰ পিছত দৌৰি নিজৰ কৰ্তব্য আৰু শপত পাহৰি যায়। গতিকে নিজৰ কাৰ্য্যকালত ভগৱান ৰামৰ কথাবোৰ সদায় মনত ৰাখিব।

বন্ধুসকল,

আপোনাসৱ প্ৰত্যক্ষভাৱে কৰ ব্যৱস্থাৰ সৈতে জড়িত। ৰাম ৰাজ্যত কেনেকৈ কৰ সংগ্ৰহ কৰা হৈছিল সেই সম্পৰ্কে গোস্বামী তুলসীদাস জীয়ে যি কৈছে সেয়া অতি প্ৰাসংগিক। আমাৰ কৰ ব্যৱস্থাও একে প্ৰকৃতিৰ হ’ব লাগে। আমাৰ প্ৰচেষ্টা হ’ব লাগে যে জনসাধাৰণৰপৰা কৰত সংগ্ৰহ কৰা প্ৰতিটো টকা জনকল্যাণত বিনিয়োগ কৰা হয় আৰু যিয়ে সমৃদ্ধিক উৎসাহিত কৰিব। যদি আপুনি অধ্যয়ন কৰে তেন্তে আপুনি দেখিব যে আমিও একেটা দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ বিগত ১০ বছৰত কৰ ব্যৱস্থাত উল্লেখযোগ্য সংস্কাৰ হাতত লৈছোঁ। ইয়াৰ পূৰ্বে দেশত ভিন্ন ধৰণৰ কৰ ব্যৱস্থা আছিল যিসমূহ সাধাৰণ নাগৰিকে সহজে বুজিব পৰা নাছিল। স্বচ্ছতাৰ অভাৱৰ বাবে সৎ কৰদাতা আৰু ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ অসুবিধা হৈছিল। আমি জিএছটি প্ৰৱৰ্তন কৰিলোঁ যাতে দেশক আধুনিক ব্যৱস্থা প্ৰদান কৰিব পাৰে। চৰকাৰে আয়কৰ ব্যৱস্থাও সৰল কৰি তুলিলে। আমি দেশত মুখবিহীন কৰ মূল্যায়ন ব্যৱস্থাৰ সূচনা কৰিলোঁ। এই সকলোবোৰ সংস্কাৰৰ ফলস্বৰূপে এতিয়া দেশত অভিলেখ কৰ সংগ্ৰহ হৈছে। চৰকাৰৰ কৰ সংগ্ৰহ বৃদ্ধি হ’লে চৰকাৰেও বিভিন্ন আঁচনিৰ জৰিয়তে জনসাধাৰণৰ ধন ঘূৰাই দিছে। ২০১৪ত ২ লাখ টকা পৰ্য্যন্ত আয়ৰ বাবেহে কৰ ৰেহাই পোৱা গৈছিল। আমি এই সীমা ২ লাখৰপৰা ৭ লাখ টকালৈ বৃদ্ধি কৰিলোঁ। ২০১৪ ৰপৰা আমাৰ চৰকাৰে কৰ ৰেহাই প্ৰদানৰে সংস্কাৰ সাধন কৰিছে, যাৰ ফলত নাগৰিকসকলৰ প্ৰায় ২.৫ লাখ কোটি টকা কৰ সঞ্চয় হৈছে। চৰকাৰে জনকল্যাণৰ বাবে বৃহৎ আঁচনি আৰম্ভ কৰি আধুনিক আন্তঃগাঁথনিত অভিলেখ বিনিয়োগ কৰিছে। আজি যেতিয়া কৰদাতাই দেখিছে যে তেওঁলোকৰ ধনৰ সঠিক ব্যৱহাৰ হৈছে, তেতিয়া তেওঁলোকে স্বেচ্ছাই কৰ দিবলৈ আগবাঢ়িছে। সেয়েহে যোৱা কিছু বছৰত কৰদাতাৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। অৰ্থাৎ, আমি জনসাধাৰণৰ পৰা যিখিনি সংগ্ৰহ কৰিছোঁ সেয়া জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হৈছে। এয়া সুশাসন আৰু এয়াই ৰাম ৰাজ্যৰ বাৰ্তা।

 

বন্ধুসকল,

ৰাম ৰাজ্যত সম্পদৰ অনুকূল ব্যৱহাৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়। পূৰ্বতে প্ৰকল্পসমূহ পলম কৰা, বন্ধ কৰা আৰু অন্য দিশলৈ যোৱাৰ প্ৰৱণতা আছিল, যাৰ ফলত দেশৰ বাবে যথেষ্ট লোকচান হৈছিল। বিগত ১০ বছৰত আমাৰ চৰকাৰেও খৰচ-বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰিছে।

বন্ধুসকল,

চৰকাৰে সমাজৰ দুৰ্বল শ্ৰেণীকো সৱল কৰি তুলিব লাগে। সূৰ্য্যই আন্ধাৰ দূৰ কৰে, পৰিূবেশ বিশুদ্ধ কৰে, বৰষুণত সহায় কৰে। বিগত ১০ বছৰত আমাৰ গুৰুত্ব দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকলক সৱলীকৰণৰ ওপৰত। প্ৰান্তীয়, নিপীড়িত আৰু সমাজৰ পিছপৰা শ্ৰেণীক আমি অগ্ৰাধিকাৰ দিছোঁ। বিগত ১০ বছৰত আমি অভিলেখ সংখ্যক প্ৰায় ১০ কোটি ভুৱা হিতাধিকাৰী চিনাক্ত কৰিছোঁ। আজি দিল্লীৰ প্ৰতিটো টকা সঠিক হিতাধিকাৰীৰ বেংক একাউন্টত সোমাইছেগৈ। আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিছো আৰু দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ হৈয়েই আছে। আপোনালোক সকলোয়ে এই অগ্ৰাধিকাৰৰ কথা মনত ৰাখি নিজৰ কাম অব্যাহত ৰাখিব লাগে।

 

বন্ধুসকল,

ৰাষ্ট্ৰখনৰ উন্নয়ন ৰাজ্যসমূহৰ প্ৰগতিৰ সৈতে অন্তৰ্নিহিতভাৱে জড়িত বুলি মনোভাৱেৰে কৰা কামৰ ফলপ্ৰসূ ফলাফল আমি প্ৰত্যক্ষ কৰি আছোঁ। শেহতীয়াকৈ নিটি আয়োগে প্ৰকাশ কৰা প্ৰতিবেদনৰ বিষয়ে আপোনালোকে অৱগত হ’ব লাগিব। যেতিয়া এখন চৰকাৰ দৰিদ্ৰৰ প্ৰতি দয়ালু হয়, যেতিয়া এখন চৰকাৰে আন্তৰিকতাৰে অভাৱগ্ৰস্ত লোকৰ সমস্যা দূৰ কৰাৰ বাবে কাম কৰে, তেতিয়া তাৰ ফল দেখা যায়। নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, আমাৰ চৰকাৰৰ ৯ বছৰীয়া শাসনকালত আমাৰ দেশৰ প্ৰায় ২৫ কোটি লোক দৰিদ্ৰতাৰপৰা মুক্ত হৈছে। যিখন দেশত দশক-দশক ধৰি ‘গৰীবি হাটাও’ (দৰিদ্ৰতা নিৰ্মূল)ৰ শ্ল’গান উচ্চাৰণ কৰা হৈছিল, সেইখন দেশত মাত্ৰ ৯ বছৰত প্ৰায় ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰপৰা উলিয়াই অনাৰ ঐতিহাসিক সাফল্য অভূতপূৰ্ব। ২০১৪ত ক্ষমতালৈ অহাৰ পিছৰেপৰা আমাৰ চৰকাৰে দৰিদ্ৰ লোকৰ কল্যাণক অগ্ৰাধিকাৰ দিছে আৰু ফলাফলসমূহে আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক সম্পদৰ যোগান ধৰিলে দৰিদ্ৰতা দূৰ কৰাৰ সামৰ্থ্য আছে বুলি মই সদায় বিশ্বাস কৰি আহিছোঁ। আজি আমি সেই বিশ্বাসৰ বাস্তৱ ৰূপৰ সাক্ষী হৈছোঁ। আমাৰ চৰকাৰে দৰিদ্ৰৰ স্বাস্থ্য, শিক্ষা আৰু কৰ্মসংস্থাপনৰ বাবে ধন আবন্টন দিছে, তেওঁলোকৰ সুবিধাসমূহ বৃদ্ধি কৰিছে। যেতিয়া দৰিদ্ৰসকলৰ সামৰ্থ্য বৃদ্ধি পালে আৰু তেওঁলোকৰ সুবিধাৰ ব্যৱস্থা কৰা হ’ল, তেতিয়া তেওঁলোকে দৰিদ্ৰতাক জয় কৰি তাৰ বাহিৰলৈ যাবলৈ ধৰিলে। ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ পূজা কৰাৰ আগত দেশৰ বাবে এয়া আন এক শুভ পৰিঘটনা। ভাৰতত দৰিদ্ৰতা হ্ৰাসে সকলোৰে মাজত এক নতুন আস্থা জগাই তুলিছে, ৰাষ্ট্ৰখনৰ আত্মসন্মান বৃদ্ধি কৰিছে। ভাৰতত দৰিদ্ৰতা হ্ৰাস পোৱাৰ লগে-লগে নব্য মধ্যবিত্ত শ্ৰেণীটো ধাৰাবাহিকভাৱে সম্প্ৰসাৰিত হৈ আছে। অৰ্থনৈতিক কাৰ্য্যকলাপৰ জগতখনৰ সৈতে পৰিচিতসকলে জানে যে ক্ৰমাৎ বৃদ্ধি পোৱা মধ্যবিত্ত শ্ৰেণীটোয়ে অৰ্থনৈতিক কাৰ্য্যকলাপত যথেষ্ট অৰিহণা যোগাইছে। নিঃসন্দেহে এনে পৰিস্থিতিত আপোনাসৱ আৰু নাচিনে অধিক গুৰুত্বসহকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব।

 

বন্ধুসকল,

আপোনাসৱৰ মনত পৰিব যে মই লালকিল্লাৰপৰা ‘সবকা প্ৰয়াস’ (সকলোৰে প্ৰচেষ্টা)ৰ তাৎপৰ্য্যৰ কথা উল্লেখ কৰিছিলোঁ। ‘সবকা প্ৰয়াস’ৰ গুৰুত্ব ভগৱান শ্ৰীৰামৰ জীৱনতো স্পষ্ট হৈ পৰে। শ্ৰী ৰামে লংকাৰ ধনী শাসক পণ্ডিত, শক্তিশালী ৰাৱণৰ ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল। এই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ তেওঁ সৰু-সৰু সম্পদ সংগ্ৰহ কৰিছিল, বিভিন্ন সত্তাক একত্ৰিত কৰিছিল, তেওঁলোকৰ প্ৰচেষ্টাক এক ভয়ংকৰ শক্তিলৈ ৰূপান্তৰিত কৰিছিল আৰু শেষত সফল হৈছিল। একেদৰে ‘বিকশিত ভাৰত’ সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিজন বিষয়া, প্ৰতিজন কৰ্মচাৰী আৰু প্ৰতিজন নাগৰিকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আয়ৰ উৎস বৃদ্ধি, বিনিয়োগ বৃদ্ধি আৰু দেশত ব্যৱসায় সহজ কৰি তোলাৰ বাবে আমি সকলোয়ে একেলগে কাম কৰাটো অতি প্ৰয়োজনীয়। মন্ত্ৰটো হ’ল ‘সবকা প্ৰয়াস’ৰ মনোভাৱেৰে আগবাঢ়ি যোৱা। ‘অমৃত কাল’ত নাচিনৰ নতুন চৌহদ সুশাসনৰ প্ৰেৰণা হিচাপে পৰিগণিত হোৱাৰ এই কামনাৰে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi