“As the Pongal stream flows from every house in Tamil Nadu, I wish the flow of happiness and prosperity in everyone’s life”
“Today's feeling is similar to celebrating festivities with family and friends”
“Crops, farmers and villages are at the center of most of the festivals”
“Millet promotion is benefitting small farmers and young entrepreneurs”
“The festival of Pongal reflects the national spirit of Ek Bharat Shreshtha Bharat”
“This feeling of unity is the biggest force to build a Viksit Bharat by 2047”

ৱনক্কম, পোংগল উৎসৱত আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! इनिय पोङ्गल् नल्वाळ्तुक्कल्!

 

পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ ​​উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।

 

বন্ধুসকল,

ইয়াত মই মোৰ কেইবাখনো চিনাকি মুখ দেখিবলৈ পাইছোঁ। যোৱা বছৰো আমি সকলোৱে ইয়াত তামিল পুথাণ্ডু উপলক্ষে ইয়াত লগ হৈছিলোঁ। এই সুন্দৰ অনুষ্ঠানৰ অংশ হোৱাৰ সুযোগ দিয়াৰ বাবে মই মূৰুগান জীক ধন্যবাদ জনাইছোঁ। এয়া এনেকুৱা, যেন মই নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে কিবা উৎসৱ পালন কৰি আছোঁ।

বন্ধুসকল,

সন্ত থিৰুৱল্লুৱৰে কৈছে - तळ्ळा विळैयुळुम् तक्कारुम् ताळ्विला चेव्वरुम् सेर्वदु नाडु অৰ্থাৎ ভাল ফচল, শিক্ষিত মানুহ আৰু সৎ ব্যৱসায়ী, এই তিনিওজনে মিলি ৰাষ্ট্ৰ গঢ়ি তোলে। তিৰুৱল্লুৱৰ জীয়ে ৰাজনীতিবিদৰ কথা কোৱা নাই, এয়া আমাৰ সকলোৰে বাবে এটা বাৰ্তা। পোংগল উৎসৱত ভগৱানৰ চৰণত সতেজ শস্য সমৰ্পিত কৰাৰ পৰম্পৰা আছে। এই সমগ্ৰ উৎসৱৰ পৰম্পৰাৰ কেন্দ্ৰবিন্দুত আছে আমাৰ খাদ্য প্ৰদানকাৰী, আমাৰ কৃষকসকল। আৰু এনেয়েও, ভাৰতৰ প্ৰতিটো উৎসৱ কোনোবা নহয় কোনোবা প্ৰকাৰে গাঁও, খেতি আৰু শস্যৰ লগত জড়িত।

 

মোৰ মনত আছে, যোৱাবাৰ আমি এই বিষয়েও আলোচনা কৰিছিলোঁ যে কেনেকৈ আমাৰ মিলেটছ বা শ্ৰী অন্ন তামিল সংস্কৃতিৰ সৈতে জড়িত। এই ছুপাৰফুড সন্দৰ্ভত দেশ আৰু বিশ্বত এক নতুন জাগৰণ হোৱাত মই সুখী। আমাৰ বহু যুৱকে মিলেটছ-শ্ৰী অন্নক লৈ নতুন ষ্টাৰ্টআপ আৰম্ভ কৰিছে আৰু এই ষ্টাৰ্টআপবোৰ আজি অতি জনপ্ৰিয় হৈ পৰিছে। আমাৰ দেশৰ তিনি কোটিতকৈও অধিক ক্ষুদ্ৰ কৃষক শ্ৰী অন্নৰ উৎপাদনত জড়িত। যদি আমি শ্ৰী অন্নক প্ৰচাৰ কৰোঁ তেন্তে ইয়াৰ প্ৰত্যক্ষ লাভ এই তিনি কোটি কৃষকৰ হয়।

বন্ধুসকল,

পোংগল উপলক্ষে তামিল মহিলাসকলে ঘৰৰ বাহিৰত কোলাম আঁকে। প্ৰথমতে তেওঁলোকে আটা ব্যৱহাৰ কৰি মাটিত বহু বিন্দু বনায়। আৰু এবাৰ সকলো বিন্দু তৈয়াৰ হ’লে প্ৰতিটোৰে তাৎপৰ্য বেলেগ বেলেগ। এই ছবিখন নিজেই মনোমোহা। কিন্তু কোলামৰ প্ৰকৃত ৰূপটো অধিক বৈভৱশালী হৈ পৰে যেতিয়া এই সকলোবোৰ বিন্দু সংযোগ কৰি ৰঙেৰে ভৰাই এটা ডাঙৰ শিল্পকৰ্ম সৃষ্টি কৰা হয়।

আমাৰ দেশ আৰু ইয়াৰ বৈচিত্ৰ্যও কোলামৰ দৰেই। দেশৰ প্ৰতিটো কোণ যেতিয়া ইটোৱে সিটোৰ লগত আৱেগিকভাৱে সংযোগ স্থাপন কৰে, তেতিয়া আমাৰ ক্ষমতাই এক বেলেগ ৰূপ দেখুৱায়। পোংগল উৎসৱো তেনে এক উৎসৱ, যিয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ৰাষ্ট্ৰীয় মনোভাৱক প্ৰতিফলিত কৰে। অতীতত কাশী-তামিল সংগমম আৰু সৌৰাষ্ট্ৰ তামিল সংগমমৰ দৰে অতি গুৰুত্বপূৰ্ণ পৰম্পৰা আৰম্ভ হৈছে, আৰু তাতো এই ভাব প্ৰকট হয়, এই ভাবনা দৃশ্যমান। এই সকলোবোৰ অনুষ্ঠানত আমাৰ তামিল ভাই-ভনীৰ বৃহৎ সংখ্যকে উৎসাহেৰে অংশগ্ৰহণ কৰে।

 

বন্ধুসকল,

একতাৰ এই অনুভূতিয়েই ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ বাবে আটাইতকৈ ডাঙৰ শক্তি আৰু সৰ্ববৃহৎ মূলধন। আপোনালোকৰ মনত আছে চাগৈ, লালকিল্লাৰ পৰা মই যি পঞ্চ প্ৰণৰ আহ্বান জনাইছিলোঁ, তাৰ মূল উপাদানটো হ’ল দেশৰ ঐক্যক শক্তি প্ৰদান কৰা, দেশৰ ঐক্যক শক্তিশালী কৰা। পোংগলৰ এই পৱিত্ৰ উৎসৱত আমি দেশৰ ঐক্য শক্তিশালী কৰাৰ সংকল্প পুনৰবাৰ প্ৰকাশ কৰিব লাগিব।

 

বন্ধুসকল,

আজি ইয়াত বহু শিল্পী, সুপৰিচিত শিল্পী আৰু বিশিষ্ট শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে, আপোনালোক সকলোৱে নিশ্চয় অপেক্ষা কৰি আছে, মইও অপেক্ষা কৰিছোঁ। এই সকলো শিল্পীয়ে ৰাজধানী দিল্লীত তামিলনাডুক সজীৱ কৰি তুলিবলৈ ওলাইছে। আমি কিছু মুহূৰ্তৰ বাবে তামিল জীৱলৈ সুযোগ পাম, এয়াও এক সৌভাগ্য। এই সকলো শিল্পীলৈ মোৰ বহুত শুভেচ্ছা থাকিল। আকৌ এবাৰ মূৰুগান জীক ধন্যবাদ জনাইছোঁ।

ৱনক্কম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi