১১ লাখ নতুন লাখপতি দিদিক সম্বৰ্ধনা আৰু প্ৰমাণ পত্ৰ প্ৰদান
২৫০০ কোটি টকাৰ ঘূৰ্ণীয়মান পুঁজি মুকলিৰ লগতে প্ৰদান কৰিলে ৫০০০ কোটি টকাৰ বেংক ঋণ
“মাতৃ আৰু ভগ্নীসকলৰ জীৱন সহজ কৰি তোলাৰ বাবে আমাৰ চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ”
“মহাৰাষ্ট্ৰৰ পৰম্পৰা কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে পৰিচিত”
“মহাৰাষ্ট্ৰৰ ‘মাত্ৰুশক্তি’ৰ পৰা সমগ্ৰ ভাৰত অনুপ্ৰাণিত হৈছে”
“সমাজ আৰু দেশৰ ভৱিষ্যত গঢ়ি তোলাত ভাৰতৰ ‘মাত্ৰুশক্তি’য়ে সদায় অপৰিসীম অৱদান আগবঢ়াই আহিছে”
“এগৰাকী ভগ্নী লাখপতি দিদি হ’লেই এটা সম্পূৰ্ণ পৰিয়ালৰ ভাগ্য সলনি হয়”
“আমাৰ চৰকাৰে কন্যাৰ বাবে প্ৰতিটো খণ্ড মুকলি কৰিছে যিটো এসময়ত তেওঁলোকৰ বাবে নিষিদ্ধ আছিল”
“চৰকাৰ সলনি হ’ব পাৰে, কিন্তু সমাজ হিচাপে আৰু চৰকাৰ হিচাপে আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ’ব লাগে মহিলাৰ জীৱন আৰু মৰ্যাদা ৰক্ষা কৰা”
‘মই আপোনালোকক আশ্বাস দিছো, মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সকলো প্ৰকাৰে ৰাজ্য চৰকাৰসমূহৰ লগত আছে। ভাৰতীয় সমাজৰ পৰা এই পাপী মানসিকতা নিৰ্মূল নোহোৱালৈকে আমি ক্ষান্ত নহও”

মহাৰাষ্ট্ৰৰ মোৰ ভ্ৰাতৃ-ভগ্নীসকল!

শ্ৰী কৃষ্ণ অমৰ হওঁক...

আজি শ্ৰী কৃষ্ণ জয়ন্তী উপলক্ষে আপোনালোকক শুভকামনা জনাইছোঁ।

 

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চিপি ৰাধাকৃষ্ণন ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ, দেশৰ কৃষি মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, মন্ত্ৰী পৰিষদত মোৰ সতীৰ্থ, এই ভূমিৰ সন্তান প্ৰতাপ ৰাও যাদৱ, এই ভূমিৰ সন্তান ভগ্নী ৰক্ষা খাদছে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ ডাঙৰীয়া, দেৱেন্দ্ৰ ফাদনৱিছ ডাঙৰীয়া, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, মাতৃ আৰু ভগ্নীসকল; যিয়ে আমাক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। মই যিমানদূৰ চকুৰে মণিব পাৰিছোঁ, সকলোতে মাতৃসকলক দেখিছোঁ। মোক এই দৃশ্যই প্ৰশান্তি প্ৰদান কৰিছে।

মই ভাষণৰ আৰম্ভণিতেই নেপালৰ বাছ দুৰ্ঘটনাক লৈ মোৰ শোক প্ৰকাশ কৰিব বিচাৰিছোঁ। এই দুৰ্ঘটনাত আমি বহু লোকক হেৰুৱাইছোঁ। মই নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰেপৰাই ভাৰত চৰকাৰে নেপাল চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। আমি আমাৰ মন্ত্ৰী ৰক্ষা খাদছেক তৎক্ষণাত নেপাললৈ যাবলৈ ক’লোঁ। আমি বায়ুসেনাৰ বিশেষ বিমানত মৃতদেহ ঘূৰাই আনিছোঁ। যিসকল আহত হৈছে, তেওঁলোকক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে। মই তেওঁলোকৰ আশু-আৰোগ্য কামনা কৰিলোঁ। সকলো ভুক্তভোগীকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰপৰা সম্পূৰ্ণ সহায় আগবঢ়োৱা হৈছে।

 

 

বন্ধুসকল,

আজি লাখপতি বাইদেউসকলৰ এই মহা সন্মিলন অনুষ্ঠিত হৈছে। তেওঁলোক ইয়াত সমবেত হৈছে। আজি ইয়াৰপৰাই তেওঁলোকলৈ ৬ হাজাৰ কোটিৰো অধিক টকা মুকলি কৰা হৈছে। মহাৰাষ্ট্ৰৰো আমাৰ ভগ্নীসকলে এই সাহায্য লাভ কৰিছে। এই ধনে লক্ষ-লক্ষ ভগ্নীক লাখপতি বাইদেউ হোৱাত সহায় কৰিব। মোৰ সকলো আই - ভগ্নীলৈ শুভেচ্ছা জনালোঁ!

বন্ধুসকল,

মই মহাৰাষ্ট্ৰৰ গৌৰৱময় সংস্কৃতি আৰু পৰম্পৰা আপোনালোক সকলোৰে মাজত প্ৰত্যক্ষ কৰিছোঁ। আৰু, মহাৰাষ্ট্ৰৰ এই পৰম্পৰা কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। মই কালি বিদেশ ভ্ৰমণৰপৰা উভতি আহিছোঁ। মই ইউৰোপৰ এখন দেশ পোলেণ্ডলৈ গৈছিলোঁ। মই তাতো এখন মহাৰাষ্ট্ৰ দেখিছিলোঁ। মহাৰাষ্ট্ৰৰ সংস্কৃতি, এই ঠাইৰ পৰম্পৰা দেখিলোঁ। পোলেণ্ডৰ জনসাধাৰণে মহাৰাষ্ট্ৰৰ জনসাধাৰণক বহুত সন্মান কৰে। যি আপোনাসৱৰ কল্পনাৰো অগোচৰ! পোলেণ্ডৰ ৰাজধানীত কলহাপুৰ স্মৃতিসৌধ বিৰাজমান। পোলেণ্ডৰ জনসাধাৰণে কলহাপুৰৰ জনসাধাৰণৰ সেৱা আৰু আতিথ্যৰ মনোভাৱক সন্মান জনাই এই স্মৃতিসৌধ নিৰ্মাণ কৰিছে।

আপোনালোকৰ জ্ঞাত যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোলেণ্ডৰ হাজাৰ-হাজাৰ মাতৃ আৰু শিশুক কলহাপুৰৰ ৰাজ পৰিয়ালে আশ্ৰয় প্ৰদান কৰিছিল। ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰমূল্যবোধৰে ৰজিতা খুৱাই ৰাজ পৰিয়াল আৰু সাধাৰণ জনতাই শৰণাৰ্থীসকলক সেৱা আগবঢ়াইছিল। মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱাৰ মনোভাৱ আৰু মানৱতাৰ প্ৰতি থকা প্ৰেমৰ প্ৰশংসা শুনি মই গৌৰৱ অনুভৱ কৰিছিলোঁ। আমি এনেদৰে মহাৰাষ্ট্ৰৰ বিকাশ সাধন কৰি থাকিব লাগিব আৰু সমগ্ৰ বিশ্বতে মহাৰাষ্ট্ৰৰ নাম উজ্বলাই তুলিব লাগিব।

 

বন্ধুসকল,

মহাৰাষ্ট্ৰৰ এনে প্ৰমূল্যবোধৰ সৃষ্টি কৰিছে ইয়াৰ সাহসী মাতৃসকলে। ইয়াৰ নাৰী শক্তিয়ে সমগ্ৰ দেশকে অনুপ্ৰাণিত কৰিছে। আমাৰ জলগাঁও ৱাৰকাৰী পৰম্পৰাৰে সমৃদ্ধ। মহাপুৰুষ মুক্তাইৰ দেশ ৷ তেওঁৰ সাধনা, তেওঁৰ তপস্যাই আজিৰ প্ৰজন্মকো প্ৰেৰণা যোগায়। বাহিনাবাইৰ কবিতাই আজিও সমাজখনক কু-সংস্কাৰৰ বিৰুদ্ধে চিন্তা কৰিবলৈ বাধ্য কৰে ৷ মহাৰাষ্ট্ৰৰ যিকোনো কোণেই হওঁক, ইতিহাসৰ যিকোনো সময়েই হওঁক, নাৰী শক্তিৰ অৱদানৰ কোনো তুলনা নাই। ছত্ৰপতি শিৱাজী মহাৰাজক জীৱনৰ দিশ কোনে দেখুৱাইছিল বাৰু? এই কামটো কৰিছিল মাতা জিজাউৱে।

যেতিয়া সমাজত কন্যাৰ শিক্ষা আৰু তেওঁলোকৰ কামক গুৰুত্ব দিয়া নহৈছিল, তেতিয়া সাবিত্ৰীবাই ফুলে আগবাঢ়ি আহিল। অৰ্থাৎ, ভাৰতৰ নাৰী শক্তিয়ে সমাজ আৰু ৰাষ্ট্ৰৰ ভৱিষ্যৎ গঢ়ি তোলাত সদায় বহুখিনি অৱদান আগবঢ়াই আহিছে। আৰু আজি যেতিয়া আমাৰ দেশখনে উন্নত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰি আছে, তেতিয়া আকৌ এবাৰ আমাৰ নাৰী শক্তি আগবাঢ়ি আহিছে। আজি মই দেখিছোঁ, মহাৰাষ্ট্ৰৰ আপোনালোক সকলো ভগ্নীয়ে কিমান ভাল কাম কৰি আছে। আপোনালোক সকলোৰে মাজত ৰাজমাতা জিজাউ আৰু সাবিত্ৰীবাই ফুলেৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ।

 

বন্ধুসকল,

লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে আমি ৩ কোটি ভগ্নীক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিব লাগিব। অৰ্থাৎ, আত্মসহায়ক গোটত কাম কৰা ৩ কোটি ভগ্নী ৷ যাৰ বাৰ্ষিক আয় এক লাখ টকাতকৈ অধিক হ’ব। যোৱা ১০ বছৰত এক কোটি লাখপতি বাইদেউক সাজু কৰা হৈছিল আৰু যোৱা দুমাহত, মাত্ৰ দুমাহতে আৰু ১১ লাখ লাখপতি দিদি তেওঁলোকৰ সৈতে সংযুক্ত হৈছে, তেওঁলোকক নতুনকৈ সাজু কৰা হৈছে। মহাৰাষ্ট্ৰতে এক লাখ নতুন লাখপতি দিদিক সাজু কৰা হৈছে। ইয়াৰ চৰকাৰেও এই ক্ষেত্ৰত বহু কষ্ট কৰিছে। একনাথ জী, দেৱেন্দ্ৰ জী আৰু অজিত জীৰ সমগ্ৰ টীমটোৱে মাতৃ আৰু ভগ্নীসকলৰ সবলীকৰণৰ কামত নিয়োজিত হৈ আছে ৷ মহাৰাষ্ট্ৰত মাতৃ - ভগ্নীৰ বাবে, যুৱক - যুৱতীৰ বাবে, কৃষকসকলৰ বাবে একাধিক নতুন আঁচনি শুভাৰম্ভ কৰা হৈছে।

বন্ধুসকল,

লাখপতি দিদি গঢ়াৰ এই অভিযান কেৱল ভগ্নী-কন্যাসকলৰ উপাৰ্জন বৃদ্ধিৰ অভিযানেই নহয়। বৰঞ্চ, সমগ্ৰ পৰিয়াল আৰু আগন্তুক প্ৰজন্মক সুদৃঢ়কৰণৰ এক পৰম প্ৰচেষ্টা। ই গাঁৱৰ সমগ্ৰ অৰ্থনীতি সলনি কৰিছে। ইয়াৰ প্ৰতিগৰাকী ভগ্নী আৰু কন্যাই ভালদৰেই জানে যে যেতিয়া তেওঁ উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে, তেওঁৰ অধিকাৰ কেনেকৈ বাঢ়িছে, পৰিয়ালত তেওঁৰ সন্মান বাঢ়িছে। তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ’লে তেওঁৰ পৰিয়ালটোৰো ব্যয় কৰিবলৈ অধিক ধন থাকে। অৰ্থাৎ, এগৰাকী ভগ্নী লাখপতি দিদি হোৱা মাত্ৰেকে সমগ্ৰ পৰিয়ালটোৰ সৌভাগ্য সলনি হৈছে।

মই ইয়ালৈ অহাৰ আগতে দেশৰ ভিন্ন প্ৰান্তৰ এনে ভগ্নী সকলৰ অভিজ্ঞতা শুনিছিলোঁ। সকলো লাখপতি দিদিৰ যি আত্মবিশ্বাস জন্মিছে, মই ক’ম যে আমি এগৰাকী লাখপতি দিদি গঢ়িছোঁ, কিন্তু সকলোতে তেওঁলোকে ​​দুই লাখ, কোনোবাই তিনি লাখ উপাৰ্জন কৰিছে, কোনোবাই আঠ লাখ টকাও উপাৰ্জন কৰিছে আৰু যোৱা কেইমাহমানত তেওঁলোকে আশ্চৰ্য্যকৰ কাম কৰিছে।

 

বন্ধুসকল,

আজি আপোনাসৱে সকলোতে শুনিছে যে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হ'বলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত আমাৰ ভগ্নী আৰু কন্যাসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু, কেইবছৰমান আগলৈকে এনেকুৱা পৰিস্থিতি নাছিল। ভগ্নীসকল হৈছে প্ৰতিঘৰ গৃহস্থী, প্ৰতিটো পৰিয়ালৰে সমৃদ্ধিৰ নিশ্চয়তা। কিন্তু, পূৰ্বে মহিলাসকলে যে সহায় পাব, তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ কোনো নাছিল। দেশৰ কোটি-কোটি ভগ্নীৰ নামত কোনো সম্পত্তি নাছিল। বেংকৰপৰা ঋণ ল’বলগীয়া হ’লেও ল’ব নোৱাৰিছিল। এনে পৰিস্থিতিত তেওঁলোকে যিকোনো সৰু কাম কৰিব বিচাৰিলেও কৰিব নোৱাৰিছিল। আৰু সেইবাবেই আমি এটা সংকল্প গ্ৰহণ কৰিছিলোঁ। আমি সিদ্ধান্ত লৈছিলোঁ যে যিয়েই নহওঁক, মোৰ দেশৰ মাতৃ, ভগ্নী, কন্যাসকলৰ অসুবিধা লাঘৱ কৰিম। সেইবাবেই মোদী চৰকাৰে ইটোৰ পিছত সিটোকৈ মহিলাসকলৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আপোনালোকক ক’ব খুজিছোঁ যে পূৰ্বৰ চৰকাৰসমূহৰ সাতটা দশকক একাষৰীয়া কৰি ৰাখক। তুলাচনীৰ এফালে সাত দশকক ৰাখক আৰু আনফালে মোদী চৰকাৰৰ দহ বছৰক ৰাখক; মোদীয়ে যি কাম কৰিছে, দেশৰ ভগ্নী - কন্যাসকলৰ বাবে চৰকাৰে যি কাম কৰিছে, স্বাধীনতাৰ পিছত কোনো চৰকাৰেই সেয়া কৰা নাছিল।

বন্ধুসকল,

আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা গৃহসমূহ মহিলাৰ নামত পঞ্জীয়ন কৰা হ’ব। আৰু, এতিয়ালৈকে নিৰ্মাণ কৰা ৪ কোটি গৃহৰ অধিকাংশই মহিলাসকলৰ নামত হৈছে। এতিয়া আৰু ৩ কোটি গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই গৃহসমূহো বেছিভাগেই আমাৰ আই - ভগ্নীসকলৰ নামতই হ’ব, মহিলাসকলৰ নামতেই হ’ব। দ্বিতীয় কামটো আছিল বেংকৰ সৈতে জড়িত ব্যৱস্থাটো। প্ৰথমে আমি জন ধন একাউন্ট খুলিলোঁ আৰু ইয়াৰো বেছিভাগ একাউন্টেই ভগ্নীসকলৰ বাবে খোলা হৈছিল। তাৰ পিছত আমি মুদ্ৰা যোজনা আৰম্ভ কৰিলোঁ। আমি বেংকসমূহক কৈছিলোঁ যে নিশ্চয়তা অবিহনে ঋণ প্ৰদান কৰক। ইয়াৰ নিশ্চয়তা হিচাপে মোদী আছে। এই আঁচনিৰ হিতাধিকাৰীসকলৰ প্ৰায় ৭০ শতাংশই হৈছে মাতৃ আৰু ভগ্নী। তেতিয়াও দেশৰ একাংশ লোকে কৈছিল যে এনেধৰণৰ ঋণ নাৰীক নিদিব, ডুব যাব, ইয়াত ৰিস্ক আছে। কিন্তু মোৰ চিন্তাধাৰা বেলেগ আছিল, আপোনাসৱৰ ওপৰত, আমাৰ মাতৃশক্তিৰ ওপৰত, তেওঁলোকৰ সততাৰ ওপৰত, তেওঁলোকৰ কৰ্মৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মাতৃ আৰু ভগ্নীসকলে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ঋণো সততাৰে ঘূৰাই দিছে।

এতিয়া আমি মুদ্ৰা ঋণৰ সীমা ২০ লাখ টকালৈ বৃদ্ধি কৰিছোঁ। আমি পথৰ কাষৰ বিক্ৰেতাসকলৰ বাবেও স্ব-নিধি যোজনা আৰম্ভ কৰিছোঁ। ইয়াতো নিশ্চয়তা অবিহনে ঋণ প্ৰদান কৰা হৈছে। ইয়াৰপৰা আমাৰ ভগ্নী আৰু কন্যাসকল লাভান্বিত হৈছে। আমাৰ বিশ্বকৰ্মা পৰিয়াল, যিসকলে হস্তশিল্পৰ কাম কৰে, আমাৰ বহু সংখ্যক ভগ্নীও ইয়াৰে জড়িত। আমাৰ চৰকাৰে তেওঁলোকো নিশ্চয়তা লৈছে।

বন্ধুসকল,

আগতে যেতিয়া মই সখী মণ্ডল, মহিলা আত্মসহায়ক গোটৰ কথা কৈছিলোঁ, তেতিয়া ইয়াৰ গুৰুত্ব দেখা পোৱা লোক খুব কম আছিল ৷ কিন্তু, আজি চাওঁক, ভাৰতীয় অৰ্থনীতিৰ এয়া এক পৰম শক্তি হৈ পৰিছে। প্ৰতিখন গাঁৱৰ, সুদূৰ জনজাতীয় অঞ্চলত সখী মণ্ডলৰ যি পৰিৱৰ্তন হৈছে, সেয়া সকলোৰে দৃষ্টিগোচৰ হৈছে। ১০ বছৰত এই পৰিসংখ্যাও বহুত ডাঙৰ হৈ পৰিল, দহ বছৰত ১০ কোটি ভগ্নীয়ে এই অভিযানত যোগদান কৰিছে আৰু আমি তেওঁলোকক বেংকৰ সৈতেও সংযোগ কৰিছোঁ। আমি তেওঁলোকক বেংকৰ জৰিয়তে সহজ ঋণ প্ৰদান কৰিছোঁ।

মই আপোনালোকক এটি পৰিসংখ্যা অৱগত কৰিব খুজিছোঁ। এই কথা শুনি আপোনাসৱ নিশ্চয় স্তম্ভিত হৈ পৰিব। ২০১৪লৈকে সখী মণ্ডলে ২৫ হাজাৰ কোটি টকাৰো কম বেংকৰ ঋণ লাভ কৰিছিল। মনত ৰাখিব, মই সেই মহিলা আত্মসহায়ক গোটসমূহৰ কথা কৈছোঁ, মাত্ৰ ২৫ হাজাৰ কোটি টকা, আনহাতে যোৱা ১০ বছৰত তেওঁলোকক প্ৰায় ৯ লাখ কোটি টকা সাহায্য হিচাপে প্ৰদান কৰা হৈছে। ক'ত ২৫ হাজাৰ কোটি আৰু ক'ত ৯ লাখ কোটি টকা। কেৱল এয়াই নহয়, চৰকাৰে আগবঢ়োৱা প্ৰত্যক্ষ সাহায্যও প্ৰায় ৩০ গুণ বৃদ্ধি হৈছে। ইয়াৰ ফলশ্ৰুতিত আজি গাঁৱে-গাঁৱে থকা আমাৰ ভগ্নীসকলে উপাৰ্জন বৃদ্ধিৰ লগতে দেশখনকো শক্তিশালী কৰি তুলিছে। আৰু মই আকৌ কওঁ যে এয়া মাত্ৰ ট্ৰেইলাৰহে। এতিয়া আমি ভগ্নী আৰু কন্যাসকলৰ ভূমিকা অধিক সম্প্ৰসাৰিত কৰিছোঁ। আজি প্ৰতিখন গাঁৱতে ১.২৫ লাখৰো অধিক বেংক সখীয়ে বেংকিং সেৱা আগবঢ়াইছে। আৰু এইমাত্ৰ একাংশ ভগ্নীয়ে মোক জনাইছে যে তেওঁলোকৰ প্ৰত্যেকেই এক কোটি টকাৰ ব্যৱসায় কৰি আছে।

এতিয়া আমি আমাৰ ভনীসকলক ড্ৰোন পাইলট হিচাপেও গঢ়ি তুলিছোঁ। আমি ভগ্নীসকলৰ টীমক লাখ-লাখ টকাৰ ড্ৰোন প্ৰদান কৰিছোঁ যাতে তেওঁলোকে ড্ৰোনেৰে কৃষক ৰাইজক আধুনিক কৃষি-কাৰ্য্যত সহায় কৰিব পাৰে। আমি ২ লাখ পশু সখীকো প্ৰশিক্ষণ প্ৰদান কৰিছোঁ যাতে তেওঁলোকে পশুপালকসকলক সহায় কৰিব পাৰে। কেৱল এয়াই নহয়, আধুনিক কৃষিকাৰ্য্য, প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বাবেও আমি মহিলা শক্তিক নেতৃত্ব প্ৰদান কৰিছোঁ। ইয়াৰ বাবে আমি কৃষি সখী কাৰ্য্যসূচী আৰম্ভ কৰিছোঁ। আমি আগন্তুক সময়ত দেশৰ প্ৰতিখন গাঁৱত এনে লাখ-লাখ কৃষি সখী গঢ়াৰ বাবে আগবাঢ়িছোঁ। এই সকলোবোৰ অভিযানে কন্যা সন্তানক কৰ্মসংস্থাপনো প্ৰদান কৰিব, তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু কন্যাৰ শক্তি সম্পৰ্কেও সমাজত এক নতুন চিন্তাৰ সৃষ্টি হ’ব।

 

বন্ধুসকল,

যোৱা মাহত দেশৰ বাজেট ঘোষণা কৰা হৈছিল। ইয়াত মাতৃ, ভগ্নী আৰু কন্যাসকলৰ সৈতে জড়িত আঁচনিৰ বাবে ৩ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে। অধিক কন্যা সন্তানে যাতে চাকৰি লাভ কৰে, তাৰ বাবে ঘোষণা কৰা হৈছে যে তেওঁলোকক কাৰ্য্যালয় আৰু উদ্যোগসমূহত বিশেষ সুবিধা প্ৰদান কৰা হ’ব। কেন্দ্রীয় চৰকাৰে ঘৰৰপৰা দূৰৈত থাকি কাম কৰা মহিলাসকলৰ বাবে হোষ্টেল আৰু তেওঁলোকৰ সন্তানৰ বাবে ক্ৰেচৰ সুবিধা স্থাপন কৰিছে। আমাৰ চৰকাৰে কন্যা সন্তানৰ বাবে প্ৰতিটো খণ্ড মুকলি কৰিছে, যিসমূহ ক্ষেত্ৰত পূৰ্বে তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল। আজি তিনিও সেনাবাহিনীত মহিলা বিষয়াক নিযুক্তি প্ৰদান কৰা হৈছে, যুঁজাৰু বিমানৰ পাইলট নিযুক্তি দিয়া হৈছে। সৈনিক বিদ্যালয় আৰু সামৰিক একাডেমীত কন্যা সন্তানে নামভৰ্তিৰ সুবিধা লাভ কৰিছে। আমাৰ আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীত কন্যাৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। গাঁৱে-গাঁৱে কৃষি আৰু দুগ্ধ খণ্ডৰপৰা আৰম্ভ কৰি ষ্টাৰ্ট আপ বিপ্লৱলৈকে আজি বৃহৎ সংখ্যক কন্যাই ব্যৱসায় পৰিচালনা কৰি আছে ৷ ৰাজনীতিতো কন্যাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে আমি নাৰী শক্তি বন্দন আইন প্ৰণয়ন কৰিছোঁ।

বন্ধুসকল,

মাতৃ, ভগ্নী আৰু কন্যাৰ শক্তি বৃদ্ধিৰ সমান্তৰালকৈ তেওঁলোকৰ সুৰক্ষাও দেশৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয়। এই প্ৰসংগটো মই লালকিল্লাৰপৰা বাৰে-বাৰে উত্থাপন কৰিছোঁ। আজি দেশৰ যিকোনো ৰাজ্যই হওঁক, মই অনুভৱ কৰোঁ মোৰ ভগ্নী - কন্যাসকৰ বেদনা আৰু খঙৰ কাৰণ। মই আকৌ এবাৰ দেশৰ প্ৰতিটো ৰাজনৈতিক দল, প্ৰতিখন ৰাজ্য চৰকাৰক ক'ম যে নাৰীৰ বিৰুদ্ধে অপৰাধ এক অক্ষমণীয় পাপ। যোন দোষী, তেওঁক ৰেহাই দিয়া উচিত নহয়। যিকোনো ৰূপত তেওঁক সহায় কৰাসকলক ৰেহাই প্ৰদান কৰা উচিত নহয়। চিকিৎসালয়েই হওঁক, বিদ্যালয়েই হওঁক, কাৰ্য্যালয়েই হওঁক বা আৰক্ষী ব্যৱস্থাই হওঁক, যি স্তৰতেই গাফিলতি নহওঁক কিয়, সকলোকে জবাবদিহি কৰা উচিত। বাৰ্তাটো ওপৰৰপৰা তললৈ অতিশয় স্পষ্ট হ’ব লাগে যে এই পাপ ক্ষমা কৰিব নোৱাৰি। চৰকাৰ আহি থাকিব আৰু গৈ থাকিব, কিন্তু জীৱন ৰক্ষা আৰু নাৰীৰ মৰ্য্যাদা ৰক্ষা কৰাটো সমাজ হিচাপে আৰু চৰকাৰ হিচাপে আমাৰ সকলোৰে এক পৰম দায়িত্ব।

বন্ধুসকল,

আমাৰ চৰকাৰে নাৰীৰ ওপৰত অত্যাচাৰ কৰাসকলক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ কঠোৰ আইন প্ৰৱৰ্তন কৰিছে। আজি দেশৰ ইমান বৃহৎ সংখ্যক ভগ্নী-কন্যা ইয়াত আছে, গতিকে এই কথা বিশেষভাৱে আপোনালোকক জনাব বিচাৰিছোঁ। আগতে সময়মতে এফআইআৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উত্থাপন হৈছিল। গোচৰ নিষ্পত্তিত বহু সময় লাগিছিল। ভাৰতীয় ন্যায় সংহিতাত আমি এনে বহু বাধা দূৰ কৰিছোঁ। ইয়াত নাৰী আৰু শিশুৰ ওপৰত হোৱা অত্যাচাৰ সম্পৰ্কে এটা সম্পূৰ্ণ অধ্যায়ৰ সূচনা কৰা হৈছে। যদি ভুক্তভোগী মহিলাসকলে থানালৈ যাবলৈ নিবিচাৰে, তেন্তে ঘৰতে বহি ই-এফআইআৰ পঞ্জীয়ন কৰিব পাৰিব। আমি এইটোও নিশ্চিত কৰিছোঁ যে থানা পৰ্য্যায়ত যাতে কোনোৱে ই – এফআইআৰৰ ক্ষেত্ৰত বিলম্ব কৰিব নোৱাৰে। ইয়াৰ ফলশ্ৰুতিত ক্ষীপ্ৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানত সহায়ক হ’ব।

বন্ধুসকল,

নতুন আইনত নাবালিকাৰ ক্ষেত্ৰত যৌন অপৰাধৰ বাবে মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। কন্যাৰ বিয়াৰ নামত প্ৰতাৰণাৰ ঘটনা সংঘটিত হৈছে। আগতে ইয়াৰ বাবে কোনো স্পষ্ট আইন নাছিল। এতিয়া বিবাহৰ ভুৱা প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাকো ভাৰতীয় ন্যায় সংহিতাত স্পষ্টভাৱে সংজ্ঞায়িত কৰা হৈছে। মই আপোনালোকক আশ্বস্ত কৰিব খুজিছোঁ যে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সকলো প্ৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে আছে। ভাৰতীয় সমাজৰপৰা এনে কলূষিত মানসিকতাক নিৰ্মূলৰ পিছতহে আমি ক্ষান্ত হ’ব লাগিব ৷

 

সেয়েহে সতীৰ্থসকল,

আজি ভাৰত উন্নয়নৰ পথত আগবাঢ়িছে আৰু ইয়াত মহাৰাষ্ট্ৰৰ অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা আছে। এখনি উন্নত ভাৰতৰ এক উজ্জ্বল নক্ষত্ৰ হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মহাৰাষ্ট্ৰৰ ভৱিষ্যৎ নিহিত হৈ আছে অধিক আৰু অধিক বিনিয়োগ আৰু নতুন নিয়োগৰ সুযোগ সৃষ্টিৰ মাজত। আৰু, ইয়াৰ চৰকাৰে বিকাশ আৰু কৰ্মসংস্থাপনৰ নিশ্চয়তা প্ৰদান কৰিছে। মহাৰাষ্ট্ৰক আগন্তুক বহু বছৰলৈ এখনি সুস্থিৰ চৰকাৰৰ প্ৰয়োজন। মহাৰাষ্ট্ৰত প্ৰয়োজন এনে এখনি চৰকাৰ, যিয়ে ইয়াৰ উদ্যোগসমূহক উৎসাহিত কৰিব পাৰে। মহাৰাষ্ট্ৰৰ বাবে এনে এখনি চৰকাৰৰ প্ৰয়োজন, যিয়ে যুৱ প্ৰজন্মৰ শিক্ষা, দক্ষতা আৰু কৰ্মসংস্থাপনত গুৰুত্ব আৰোপ কৰিব পাৰে। মহাৰাষ্ট্ৰৰ সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে মহাৰাষ্ট্ৰৰ মাতৃ-ভগ্নীসকলে আগবাঢ়ি আহি মোক সমৰ্থন কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৷

 

ইয়াৰ ভগ্নীসকলৰ ওপৰতো মোৰ অগাধ বিশ্বাস আছে। আকৌ এবাৰ মহাৰাষ্ট্ৰ চৰকাৰখনৰ কাম-কাজলৈ ভাৰত চৰকাৰৰপৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদানেৰে আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ।

সমস্বৰে কওঁ আহক-

ভাৰত মাতা কী জয়

দুয়োখন হাত ওপৰলৈ তুলি, মুঠি বন্ধ কৰি সম্পূৰ্ণ শক্তিৰে কওঁ আহকচোন

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

আপোনাকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.