প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰ মুকলি
এইমছ দেওঘৰত মাইলৰখুঁটি সদৃশ ১০,০০০সংখ্যক জন ঔষধি কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা
দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্যসূচী আৰম্ভ
“বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য হৈছে চৰকাৰী আঁচনিসমূহৰ পৰিপূৰকতা লাভ কৰা আৰু সমগ্ৰ দেশৰ নাগৰিকসকলৰ ওচৰলৈ সুবিধাসমূহ পোৱাটো নিশ্চিত কৰা”
‘‘মোদী কি গেৰাণ্টী বাহন’ এতিয়ালৈকে ১২,০০০ৰো অধিক গাওঁ পঞ্চায়তত উপনীত হৈছে য’ত প্ৰায় ৩০ লাখ নাগৰিক ইয়াৰ সৈতে জড়িত হৈছে”
। প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ দেওঘৰ, ওড়িশাৰ ৰায়গড়, অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম, অৰুণাচল প্ৰদেশৰ নামচাই, জম্মু-কাশ্মীৰৰ আৰ্নিয়াৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে।
ভাৰতৰ জনসাধাৰণেই ইয়াক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে”, তেওঁ লগতে কয়। শেহতীয়াকৈ সমাপ্ত হোৱা উৎসৱৰ বতৰত ‘ভোকেল ফৰ লোকেল’ৰ উদ্গনিৰ কথাও তেওঁ উল্লেখ কৰে।
“মোদীৰ নিশ্চয়তা আৰম্ভ হয় য’ত আনৰ পৰা আশা শেষ হয়”, শ্ৰী মোদীয়ে কয়৷
লগতে যুৱক-যুৱতীসকলক মাই ভাৰতৰ স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰি মাই ভাৰত অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়।

বিভিন্ন ৰাজ্যৰ মাননীয় ৰাজ্যপাল, মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়ক, আৰু মোৰ প্ৰিয় ভাই-ভনী, মাতৃ, এই কাৰ্যসূচীৰ সৈতে জড়িত মোৰ কৃষক ভাই-ভনী, আৰু মোৰ যুৱ বন্ধুসকল,

আজি, দেশৰ প্ৰতিখন গাঁৱতে মই দেখিছোঁ যে, প্ৰতিখন গাঁৱৰ পৰা ইমান বৃহৎ সংখ্যক দেশবাসী, আৰু মোৰ বাবেতো সমগ্ৰ হিন্দুস্থানখনেই মোৰ পৰিয়াল, সেয়েহে আপোনালোক সকলো মোৰ পৰিয়ালৰ সদস্য। মই আপোনালোক সকলোকে আৰু মোৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ সুযোগ পাইছো। দূৰৰ পৰাই হ’লেও কিন্তু আপোনালোকৰ দৰ্শনে মোক শক্তি প্ৰদান কৰে। আপোনালোকে সময় উলিয়াইছে, আপোনালোক আহিছে। মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

আজি ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ ১৫টা দিন সম্পূৰ্ণ হৈছে। প্ৰাৰম্ভিক প্ৰস্তুতিত কেনেদৰে কৰিব লাগে আৰু কি কৰিব লাগে সেই বিষয়ে কিছু বিভ্ৰান্তি থাকিব পাৰে, কিন্তু যোৱা দুই-তিনি দিন ধৰি মোৰ ওচৰলৈ যি খবৰ আহিছে আৰু মই পৰ্দাত দেখিছোঁ, হাজাৰ হাজাৰ লোকক এজন এজনকৈ যাত্ৰাৰে সংযোজিত হোৱা দেখিবলৈ পাইছো। অৰ্থাৎ, এই ১৫টা দিনে মানুহে ‘বিকাশ ৰথ’ক যাত্ৰাপথত চলাই ৰাখিছিল আৰু আগবাঢ়ি যোৱাৰ লগে লগে, বহুলোকে মোক কৈছে যে এতিয়াতো মানুহে ইয়াৰ নামেই সলনি কৰি পেলাইছে। চৰকাৰে যেতিয়া উলিয়াইছিল তেতিয়াতো ইয়াক বিকাশ ৰথ বুলি কোৱা হৈছিল; কিন্তু এতিয়া মানুহে ক'বলৈ আৰম্ভ কৰিছে যে এইখন ৰথ নহয়, এইখনতো ‘মোদীৰ গেৰাণ্টীৰ বাহন’হে। কথাটো শুনি মোৰ খবেই ভাল লাগিছে, আপোনালোকে ইমানেই ভৰসা কৰিছে যে আপোনালোকে ইয়াক ‘মোদীৰ গেৰাণ্টিযুক্ত বাহনে’ই কৰি পেলালে। গতিকে ময়ো আপোনালোকক ন-দি কওঁ যে আপোনালোকে ‘মোদীৰ গেৰাণ্টিযুক্ত বাহন’ বুলি কৈছে, মোদীয়ে সেই কাম সদায়ে সম্পূৰ্ণ কৰি আহিছে।

অলপ আগতে মই কিছু সংখ্যক হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো। মই সুখী যে মোৰ দেশৰ মাতৃ আৰু ভগ্নীসকল, যুৱক-যুৱতীসকল কিমানযে উৎসাহ আৰু উদ্দীপণাৰে পৰিপূৰ্ণ, তেওঁলোকৰযে কিমান আত্মবিশ্বাস আৰু সংকল্প আছে। আৰু আজি পৰ্যন্ত মোদীৰ গেৰাণ্টিযুক্ত এই বাহনখনে ১২ হাজাৰৰো অধিক পঞ্চায়তত উপস্থিত হৈছে। প্ৰায় ৩০ লাখ লোকে ইয়াৰ সুবিধা গ্ৰহণ কৰিছে, ইয়াৰ সৈতে সম্পৰ্কিত হৈছে, ইয়াৰ সৈতে বাৰ্তালাপ কৰিছে, প্ৰশ্ন সুধিছে, তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে, তেওঁলোকৰ প্ৰয়োজনীয় বস্তুসমূহৰ বাবে প্ৰপত্ৰ পূৰণ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মাতৃ আৰু ভগ্নীসকলে মোদীৰ গেৰাণ্টীযুক্ত গাড়ী কাষত আহি বৃহৎ সংখ্যাত উপস্থিত হৈছেহি। আৰু বলবীৰজীয়ে এতিয়া কোৱাৰ দৰে কিছুমান ঠাইত খেতিৰ কাম চলি আছে। ইয়াৰ পিচতো, মানুহে পথাৰৰ কাম এৰি প্ৰতিটো কাৰ্যসূচীতে যোগদান কৰাটো আক্ষৰিক অৰ্থতে উন্নয়ন সন্দৰ্ভত জনসাধাৰণৰ কিমান বিশ্বাস, উন্নয়নৰ গুৰুত্ব কি, এই কথা আজি দেশৰ প্ৰতিখন গাঁৱৰ মানুহে বুজিবলৈ আৰম্ভ কৰিছে।

আৰু প্ৰতিখন ঠাইতে 'বিকাশিত ভাৰত সংকল্প যাত্ৰা'ত যোগদান কৰাৰ বাবে, কেৱল যোগদান কৰাই নহয়, তেওঁলোকে ইয়াক স্বাগতও জনাইছে, সুন্দৰ প্ৰস্তুতিও চলাইছে, গাঁৱৰ পৰা গাঁৱলৈ তথ্যৰো সৰবৰাহ কৰিছে, আৰু ৰাইজ উবুৰি খায় পৰিছেহি। দেশবাসীয়ে এই সমগ্ৰ অভিযানটোক এক গণ আন্দোলনৰ ৰূপ দান কৰি আগুৱাই লৈ গৈছে। ৰাইজে যিদৰে বিকশিত ভাৰতৰ ৰথসমূহক আদৰণি জনাইছে, যিদৰে ৰথৰ সৈতে তেওঁলোকে আগুৱাই গৈছে। আমাৰ চৰকাৰৰ বাবে কাম কৰি থকা মোৰ ‘কৰ্মযোগী সহকৰ্মী’সকলকো ৰাইজে ভগৱানৰ দৰে আদৰণি জনাইছে। যিদৰে যুৱক-যুৱতীসকল আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকসকলে যিদৰে ‘বিকশিত ভাৰত যাত্ৰা’ত যোগদান কৰিছে, যি ঠাইৰে মই ভিডিঅ'বোৰ দেখিছোঁ, সেইবোৰ ইমানেই চিত্তাকৰ্ষক, ইমানেই অনুপ্ৰেৰণাদায়ক। আৰু মই সকলোৱে তেওঁলোকৰ গাঁওখনৰ কাহিনী সামাজিক মাধ্যমত ‘আপলোড’ কৰা দেখিবলৈ পাইছোঁ। আৰু মই বিচাৰো যে আপোনালোকে ইয়াক ‘নমো এপ’-ত ‘আপলোড’ কৰক, কাৰণ মই এই সকলোবোৰ কাৰ্যকলাপ দৈনিক ‘নমো এপ’ত চাই আছো। যেতিয়াই মই ভ্ৰমণ কৰোঁ, মই এইবোৰ নিৰন্তৰ চাই যাওঁ, কোনখন গাঁৱত, কোনখন ৰাজ্যত, ক'ত কেনেকৈ চলি আছে, তেওঁলোকে কেনেদৰে কৰি আছে আৰু যুৱক-যুৱতীসকল এক প্ৰকাৰে ‘বিকশিত ভাৰত’ৰ ৰাষ্ট্ৰদূত হৈ উঠিছে। তেওঁলোকৰ খুবেই উত্সাহ দেখিবলৈ পাইছো।

 

যুৱকসকলে নিৰন্তৰ এই সম্পৰ্কীয় ভিডিঅ' ‘আপলোড’ কৰি আছে, তেওঁলোকৰ কামৰ প্ৰচাৰ চলাই আছে। আৰু মইতো দেখিছো যে কিছুমান গাঁৱত এই ‘মোদীৰ গেৰাণ্টিযুক্ত বাহন’খন আহিব বুলিয়েই দুদিন ধৰি গাঁওখনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক ডাঙৰ অভিযান চলাইছে। কিয়নো, ‘মোদীৰ গেৰাণ্টিযুক্ত এই গাড়ীখন’যে আহি আছে! এইযে উৎসাহ, এইযে প্ৰতিশ্ৰুতিবদ্ধতা, এয়া এক ডাঙৰ অনুপ্ৰেৰণা।

আৰু মই গান-বাজানা কৰা, নতুন পোছাক-পৰিচ্ছদ পিন্ধা মানুহ দেখিছোঁ, এওঁলোকেও গাঁৱত যেন দেৱালীহে আছে একেধৰণৰ পৰিৱেশৰে কাম কৰি আছে। আজি যিসকল ব্যক্তিয়ে 'বিকশিত ভাৰত সংকল্প যাত্ৰা' প্ৰত্যক্ষ কৰি আছে, তেওঁলোকে কৈছে যে ভাৰত এতিয়া আৰু ৰৈ নাযায়, এতিয়াতো ভাৰতে আগবাঢ়িবলৈ লৈছে। এতিয়া ই কেৱল লক্ষ্য অতিক্ৰম কৰিহে আগবাঢ়িব। ভাৰত এতিয়া বন্ধ হৈ নপৰে, বা ভাৰত কেতিয়াও ভাগৰিও নপৰে। এতিয়া ১৪০ কোটি দেশবাসীয়ে এখন উন্নত ভাৰত গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যেতিয়া দেশবাসীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়া এইখন দেশে বিকশিত হৈহে এৰে। মই অলপতে দেশবাসীক দেৱালীৰ সময়ত ‘ভোকেল ফৰ লোকেল’ৰ বাবে, স্থানীয় বস্তু কিনাৰ বাবে এটা অভিযান চলোৱা দেখিছিলো। চাওকচোন, লাখ কোটি টকাৰ বয়-বস্তু কিনিছিল। ভাৱকচোন।

মোৰ পৰিয়ালবৰ্গ,

দেশৰ প্ৰতিটো কোণত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ক লৈ ইমান উৎসাহ অনায়সে হোৱা নাই। ইয়াৰ কাৰণ হৈছে যে যোৱা দহোটা বছৰত তেওঁলোকে মোদীক দেখিছে, তেওঁলোকে মোদীৰ কাম-কাজ প্ৰত্যক্ষ কৰিছে, আৰু ইয়াৰ কাৰণ হৈছে ভাৰত চৰকাৰৰ ওপৰত গঢ়ি উঠা অপৰিসীম বিশ্বাস। ভাৰত চৰকাৰৰ প্ৰয়াসত বিশ্বাস। দেশৰ মানুহেও সেই সময়ছোৱা দেখিছে, যেতিয়া পূৰ্বৰ চৰকাৰবোৰে নিজকে জনসাধাৰণৰ ‘মাই-বাপ’ বুলি গণ্য কৰিছিল। আৰু ইয়াৰ বাবে, স্বাধীনতাৰ কেবা দশকধৰি দেশৰ এক বৃহৎ জনসংখ্যা মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। যেতিয়ালৈকে এজন মধ্যস্থতাকাৰী পোৱা নাযায়, কাৰ্যালয়টো পৰ্যন্ত উপস্থিত হ'বগৈ নোৱাৰিছিল, যদিহে মধ্যস্থতাকাৰীজনৰ জেপত কিবা এটা ভৰাই দিয়া নহয়, তেতিয়ালৈকে আনকি এখন কাগজো উপলব্ধ নহয়। না ঘৰ পালে, না শৌচালয় পালে, না বিদ্যুৎ সংযোগ, গেছ সংযোগ, বীমা, পেঞ্চন, না বেংক একাউণ্ট খোলা হ’ল, দেশৰ অৱস্থা এনেকুৱাই আছিল। আজি আপোনালোকে জানি দুখ পাব যে ভাৰতৰ জনসংখ্যাৰ আধাতকৈয়ো অধিক লোক চৰকাৰৰ পৰা হতাশ হৈছিল, বেংকৰ একাউণ্ট পৰ্যন্ত খোলা হোৱা নাছিল। তেওঁলোকৰ আশাবোৰ নাইকিয়া হৈ গৈছিল। যিসকলে সাহস গোটাই, কিছুসংখ্যকে কাৰোবাৰ সহায় লৈ কেনেবাকৈ স্থানীয় চৰকাৰী কাৰ্যালয়ত উপস্থিত হৈছিলগৈ, আৰু কিছু ‘আৰতি-প্ৰসাদ’ৰো দিহা কৰিছিল, তাৰ পিছতো তেওলোকে উৎকোচ দিয়াৰ পিছতহে তেওঁলোকৰ কোনো কাম হৈছিলগৈ। তেওঁলোকে সৰু সৰু বস্তুৰ বাবেও ডাঙৰ উৎকোচ দিব লগা হৈছিল।

আৰু চৰকাৰবোৰেও প্ৰতিটো কামতে নিজৰ ৰাজনীতিৰ বাবে সুৰুঙা বিচাৰি ফুৰিছিল। নিৰ্বাচনৰ কথা ভাবিছিল, ভোট বেংকৰহে খেল খেলিছিল। গাঁৱলৈ গলেও, তেনে গাঁৱলৈহে গৈছিল, যত ভোট পোৱাৰ সম্ভাৱনা আছিল। কোনো এলেকালৈ যায় যদি, সেই এলেকালৈহে গৈছিল যিবোৰ এলেকাৰ মানুহে ভোট দিয়ে, আনবোৰ এলেকা এৰি থৈ যায়। এনে ধৰণৰ প্ৰকৃতি, এনে বৈষম্য, এনে অন্যায়, এনেধৰণৰ স্বভাৱেই গঢ়ি উঠিছিল। ভোট পোৱা যেন লগা অঞ্চলটোৰ প্ৰতি সামান্য মনোযোগ দিয়া হৈছিল। আৰু সেইকাৰণেই এনে মাতৃ-পিতৃ চৰকাৰৰ ঘোষণাৰ প্ৰতি দেশবাসীয়ে সামান্য বিশ্বাসেই কৰিছিল।

হতাশাৰ এই অৱস্থাটো আমাৰ চৰকাৰে সলনি কৰিছে। আজি দেশত থকা চৰকাৰখন হৈছে এনে এখন চৰকাৰ যি জনসাধাৰণক ‘জনাৰ্দ্দন’ বুলি গণ্য কৰে, ঈশ্বৰৰ ৰূপ বুলি গণ্য কৰে, আৰু আমি ক্ষমতাৰ চেতনাৰে কাম নকৰোঁ, বৰঞ্চ সেৱাৰ মনোভাৱৰেহে কাম কৰা মানুহ আমি। আৰু আজিও আপোনালোকৰ সৈতে এই সেৱা ভাৱেৰেই গাঁৱে গাঁৱে যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি দেশখনে আগৰ অপশাসনৰ পৰাকাষ্ঠাক পিচতে এৰি ‘সুশাসন’, আৰু ‘সুশাসন’ৰ অৰ্থ হৈছে এশ শতাংশ লাভ আৰু সংপৃক্ততা। কোনো যাতে পিচ পৰি নাথাকে, যাৰেই অধিকাৰ আছে তেঁৱেই প্ৰাপ্য লাভ কৰিব পাৰে।

 

চৰকাৰে নাগৰিকসকলৰ প্ৰয়োজনীয়তা চিনাক্ত কৰা উচিত আৰু তেওঁলোকক তেওঁলোকৰ অধিকাৰ দিয়া উচিত। আৰু এয়া হৈছে প্ৰাকৃতিক ন্যায়, আৰু এয়া হৈছে প্ৰকৃত সামাজিক ন্যায়। আমাৰ চৰকাৰৰ এই দৃষ্টিভংগীৰ বাবে, কোটি কোটি দেশবাসী, যি আগতে অৱহেলাৰ অনুভূতিৰে ভৰি পৰিছিল, তেওঁলোকে নিজকে অৱহেলিত বুলি বিবেচনা কৰিছিল, কোনে সুধিব, কোনে শুনিব, কাক লগ পাব, এই যে মানসিকতা আছিল, সেই মানসিকতাৰ অ্ন্ত হৈছে। কেৱল এয়াই নহয়, এতিয়া তেওঁলোকে অনুভৱ কৰে যে এইখন দেশত মোৰো অধিকাৰ আছে, ময়ো ইয়াৰ অধিকাৰী। আৰু মোৰ অধিকাৰ কাঢ়ি লোৱা উচিত নহয়, মোৰ অধিকাৰ বন্ধ হোৱা উচিত নহয়, মোৰ অধিকাৰ মই পাব লাগে, আৰু তেওঁ য'ত আছে তাৰ পৰা আগবাঢ়িব বিচাৰে। অলপ আগতে যে মই পূৰ্ণাৰ সৈতে কথা পাতিছিলো, তেওঁ কৈছিল যে মই মোৰ পুত্ৰক এজন অভিযন্তা কৰিব বিচাৰো। এইযে আকাংক্ষা, সেই আকাংক্ষাই মোৰ দেশক বিকশিত কৰি তুলিব। কিন্তু আকাংক্ষবোৰ তেতিয়াহে সফল হ’ব যেতিয়া আমি দহ বছৰত লাভ কৰা সফলতাৰ কথা শুনিম।

 

আৰু মোদীৰ গেৰাণ্টীযুক্ত এই বাহনখনযে আপোনালোকৰ ঠাইলৈ আহিছে, এই কথাই আপোনালোকক সেই কথাই কয় যে, চাওক, আমি এই পৰ্যন্ত কৰিছো। ইমান এখন ডাঙৰ দেশ, এতিয়া হয়তো গাওঁবোৰত দুই-চাৰিজন লোক থাকিও যাব পাৰে। আৰু মোদী আহিছে সেইসকল লোকক বিচাৰি উলিয়াবলৈ। যাতে অহা পাঁচোটা বছৰত সেই কামো সম্পূৰ্ণ কৰিব পাৰো। সেয়েহে, আজি দেশৰ যিকোনো ঠাইলৈ যোৱাৰ সময়ত নিশ্চিত ভাৱে এটা কথা শুনা যায়, আৰু মই বিশ্বাস কৰোঁ যে এয়া হৈছে দেশবাসীৰ হৃদয়ৰ কণ্ঠস্বৰ, তেওঁলোকে হৃদয়ৰ পৰা কৈছে, তেওঁলোকে অভিজ্ঞতাৰ আধাৰত কৈছে যে য'ত আনৰ আশা শেষ হয়, মোদীৰ গেৰাণ্টী তাৰে পৰাই আৰম্ভ হয়! আৰু সেইকাৰণেই ‘মোদীৰ গেৰাণ্টীযুক্ত গাড়ী’খনে বিপুল সমাদৰ লাভ কৰিছে।

 

বন্ধুসকল,

 

বিকশিত ভাৰতৰ সংকল্প কেৱল মোদীৰ নহয়, বা কেৱল কোনো চৰকাৰৰে নহয়। এয়া হৈছে সকলোকে লগত লৈ যোৱা, সকলোৰে সপোনবোৰ বাস্তৱ কৰাৰ সংকল্প। ই আপোনালোকৰ সংকল্পসমূহকো পূৰণ কৰিব বিচাৰে। আপোনালোকৰ এই ইচ্ছাও যাতে পূৰ্ণ হয়, এনে এক পৰিৱেশকে গঢ়িব বিচাৰিছো। ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ই চৰকাৰৰ আঁচনি আৰু সুবিধাসমূহ সেই সকল লোকৰ ওচৰলৈ লৈ গৈছে যিসকল এতিয়ালৈকে এই সা-সুবিধাসমূহৰ পৰা বাদ পৰি আছে, তেওঁলোকে আনকি এই বিষয়ে নাজানেও। জানে যদিও, এইসমূহ সা-সুবিধানো কেনেকৈ পাব পাৰি, সেই কথা নাজানে। আজি, মই বিভিন্ন স্থানৰ পৰা ‘নমো এপ’ত মানুহে প্ৰেৰণ কৰা ছবিবোৰো দেখিছোঁ। ক’ৰবাত ‘ড্ৰোন’ প্ৰদৰ্শন কৰা হৈছে, ক’ৰবাত স্বাস্থ্য পৰীক্ষা কৰা হৈছে। জনজাতীয় অঞ্চলত ‘চিকল চেল’ ৰক্তহীনতাৰ পৰীক্ষা কৰা হৈছে। যিবোৰ পঞ্চায়তত গৈ এই যাত্ৰা উপস্থিত হৈছেগৈ তেওঁলোকেতো দেৱালীয়েই উদযাপন কৰিছে। আৰু, সেইসমূহৰ মাজত এনে বহু পঞ্চায়ত আছে য'ত পৰিপূৰ্ণতা লাভ কৰা হৈছে, কোনো বৈষম্য নোহোৱাকৈ সকলোৱে এই সা-সুবিধাসমূহ লাভ কৰিছে। য'ত হিতাধিকাৰীসকল বাদ পৰিছে, তেওঁলোককো এতিয়া তথ্য প্ৰদান কৰা হৈছে আৰু পিছত তেওঁলোকেও আঁচনিখনৰ সুবিধা লাভ কৰিব।

 

তেওঁলোকক ‘উজ্জ্বলা’ আৰু ‘আয়ুষ্মান কাৰ্ড’ৰ দৰে বহুতো আঁচনিৰ সৈতে তত্কালীনভাবে সংযুক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে, প্ৰথম পৰ্যায়ত, ৪০ হাজাৰৰো অধিক ভগ্নী আৰু কন্যাক ‘উজ্জ্বলা’ৰ গেছ সংযোগ দিয়া হৈছে। যাত্ৰাৰ সময়ত বহু সংখ্যক ‘মোৰ ভাৰত স্বেচ্ছাসেৱক’ৰ নামো পঞ্জীয়ন কৰা হৈছে। আপোনালোকে জানে যে কেইদিনমান আগতে আমি দেশ জুৰি যুৱক-যুৱতীসকলৰ এটা সংগঠন গঢ় দিছো আৰু চৰকাৰৰ তৰফৰ পৰা আৰম্ভ কৰিছো। মই অনুৰোধ জনাইছো যে প্ৰতিখন পঞ্চায়তৰ অধিক সংখ্যক যুৱক-যুৱতীয়ে এই ‘এমওৱাই ভাৰত অভিযান’ত নিশ্চিতভাবে যোগদান কৰিব। ইয়াত আপোনালোকৰ তথ্য দিয়ক আৰু মই মাজে মাজে আপোনালোকৰ সৈতে কথা পাতি থাকিম। আৰু আপোনালোকৰ শক্তি যাতে বিকশিত ভাৰত গঢ়ি তোলাৰ শক্তি হৈ উঠে তাৰ বাবে আমি একেলগে মিলি কাম কৰিম।

 

মোৰ পৰিয়ালবৰ্গ,

 

আপোনালোকৰ চাগৈ মনত আছে যে এই যাত্ৰা ১৫ নৱেম্বৰত ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীত আৰম্ভ হৈছিল। সেইদিনা ‘জনজাতীয় গৌৰৱ দিৱস’ আছিল আৰু মই ঝাৰখণ্ডৰ দূৰৱৰ্তী অৰণ্যৰ এখন সৰু ঠাইৰ পৰা এই কামটো আৰম্ভ কৰিছিলো, অন্যথা মই ইয়াত এটা ডাঙৰ অট্টালিকাত বা ‘ভাৰত মণ্ডপম’ৰ ‘যশোভূমী’ত এই কামটো কৰিব পাৰিলোহেঁতেন, কিন্তু মই সেইটো কৰা নাছিলোঁ। নিৰ্বাচনী ক্ষেত্ৰ এৰি মই ঝাৰখণ্ডৰ খুণ্টিলৈ গৈছিলো, জনজাতীয় লোকসকলৰ মাজলৈ গৈছিলো, আৰু এই কামটো আগুৱাই নিছিলো।

 

আৰু যিদিনা ‘যাত্ৰা’ আৰম্ভ হৈছিল, মই আৰু এটা কথা কৈছিলো। মই কৈছিলো যে এখন ‘বিকশিত ভাৰত’ৰ সংকল্প চাৰিটা ‘অমৃত স্তম্ভ’ৰ ওপৰত দৃঢ়ভাৱে নিৰ্ভৰশীল। এই ‘অমৃত স্তম্ভ’কেইটানো কি, আমি এইটোতেই গুৰুত্ব দিব লাগিব। ইয়াৰ এটা ‘অমৃত স্তম্ভ’ হৈছে – আমাৰ নাৰী শক্তি, দ্বিতীয় ‘অমৃত স্তম্ভ’টো হৈছে আমাৰ যুৱ শক্তি, তৃতীয় ‘অমৃত স্তম্ভ’টো হৈছে আমাৰ কৃষক ভাই-ভনী, চতুৰ্থ ‘অমৃত স্তম্ভ’টো হৈছে আমাৰ দৰিদ্ৰ পৰিয়ালসমূহ। মোৰ বাবে, এয়া হৈছে দেশৰ চাৰিটা সৰ্ববৃহৎ জাতি। মোৰ বাবে আটাইতকৈ ডাঙৰ জাতিটো হৈছে দৰিদ্ৰ। মোৰ বাবে, আটাইতকৈ ডাঙৰ জাতিটো হৈছে যুৱক-যুৱতীসকল। মোৰ বাবে আটাইতকৈ ডাঙৰ জাতিটো হৈছে মহিলা, মোৰ বাবে আটাইতকৈ ডাঙৰ জাতিটো হৈছে কৃষকসকল। কেৱল এই চাৰিটা জাতিৰ উন্নতিয়েহে ভাৰতক বিকশিত কৰিব। আৰু যদি এই চাৰিটাৰ হৈ যায়, তেন্তে ইয়াৰ অৰ্থ সকলোৰে হৈ যাব।

 

মই এই দেশৰ যিকোনো দৰিদ্ৰ ব্যক্তিৰে জীৱনধাৰণৰ মান উন্নত কৰিব লাগিব, লাগিলে তেওঁ জন্মসূত্ৰে যিয়েই নহওঁক, তেওঁক দাৰিদ্ৰৰ পৰা উলিয়াই আনিব লাগিব। মই এই দেশৰ যিকোনো যুৱক-যুৱতীৰ বাবে, তেওঁলোকৰ জাতি নিৰ্বিশেষে, নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব লাগিব। মই এই দেশৰ যিকোনো মহিলাক তেওঁৰ জাতি নিৰ্বিশেষে, সৱল কৰিব লাগিব, জীৱনৰ পৰা সংকটৰ পৰিমাণ হ্ৰাস কৰিব লাগিব। তেওঁলোকৰ মৰহা সপোনবোৰক উৰাৰ বাবে দুখন পাখী দিব লাগিব, সংকল্পৰে পৰিপূৰ্ণ কৰিব লাগিব আৰু সিদ্ধি লাভ পৰ্যন্ত মই তেওঁলোকৰ লগত থাকি তেওঁলোকৰ সপোনবোৰ পূৰণ কৰিব বিচাৰো। এই দেশৰ যিকোনো কৃষকৰে, তেওঁৰ জাতি নিৰ্বিশেষে, মই উপাৰ্জন বৃদ্ধি কৰিব লাগিব, মই তেওঁৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগিব। মই তেওঁলোকৰ কৃষিৰ আধুনিকীকৰণৰ দিহা কৰিব লাগিব। মই তেওঁলোকৰ খেতিত উৎপাদিত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব লাগিব। দৰিদ্ৰ, যুৱ-প্ৰজন্ম, মহিলা আৰু কৃষক- মই এই চাৰিটা জাতিৰ অসুবিধাবোৰ নোহোৱা কৰালৈকে বিশ্ৰাম ল'বলৈ নাযাওঁ। মাত্ৰ মোক আশীৰ্বাদ কৰক যাতে মই ইমান শক্তিৰে কাম কৰোঁ, এই চাৰিটা জাতিক সকলো সমস্যাৰ পৰা মুক্ত কৰিব পাৰোঁ। আৰু যেতিয়া এই চাৰিটা জাতি শক্তিশালী হ'ব তেতিয়া স্বাভাৱিকতেই দেশৰ প্ৰতিটো জাতিক শক্তিশালী কৰা হ'ব। যেতিয়া তেওঁলোকক সামৰ্থ্য প্ৰদান কৰা হ'ব, সমগ্ৰ দেশকে শক্তিশালী কৰা হ'ব।

 

বন্ধুসকল,

 

এই চিন্তাধাৰাকে অনুসৰণ কৰি আজি ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ৰ সময়ত, অৰ্থাৎ যেতিয়া মোদীয়ে নিশ্চিত কৰা এই বাহনখন আহিছে, দেশখনে দুটা ডাঙৰ কাৰ্যসূচী কৰিছে। এটা কাম হ'ল কৃষিৰ আধুনিকীকৰণ, ইয়াক বৈজ্ঞানিক কৰা আৰু মহিলা শক্তি আৰু প্ৰযুক্তিৰ সহায়ত সৱলীকৰণৰ দিহা কৰা আৰু দ্বিতীয়টো হ'ল এই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ কাম, তেওঁ দৰিদ্ৰই হওক বা নিম্ন মধ্যবিত্তই হওক, তেওঁ মধ্যবিত্তই হওক বা ধনীয়েই হওক। প্ৰতিগৰাকী দৰিদ্ৰই সস্তা দৰত ঔষধ পাব লাগে আৰু তেওঁ যাতে ৰুগীয়া জীৱন অতিবাহিত কৰিব নালাগে, এইটো এটা বৃহৎ সেৱাৰ কাম, এক দাতব্য কামো ইয়াৰ সৈতে সম্পৰ্কিত হৈ আছে।

 

মই লালকিল্লাৰ পৰা দেশৰ গ্ৰাম্যাঞ্চলৰ ভগ্নীসকলক ‘ড্ৰোন দিদি’ কৰি তোলাৰ কথা ঘোষণা কৰিছিলো। আৰু মই দেখিছিলো যে ইমান কম সময়ৰ ভিতৰতে, এই ভগ্নী আৰু গাঁৱৰ ভগ্নীসকলে দশম শ্ৰেণী উত্তীৰ্ণ হৈছে, কিছুমানে একাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে, কিছুমানে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে আৰু হাজাৰ হাজাৰ ভগ্নীয়ে ‘ড্ৰোন’ চলাবলৈ শিকিছে। ইয়াক খেতিৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰিব লাগে, ঔষধ কেনেদৰে ‘স্প্ৰে’ কৰিব লাগে, সাৰ কেনেদৰে ছটিয়াব লাগে শিকিলে। গতিকে, এইযে ‘ড্ৰোন দিদি’সকল, তেওঁলোকক প্ৰণাম কৰিবলৈ মন যায়, তেওঁলোকেযে ইমান সোনকালে শিকিব পাৰিছে। আৰু মোৰ বাবেতো এয়া হৈছে ‘ড্ৰোন দিদি’সকলক অভিবাদন জনোৱাৰ এক কাৰ্যসূচী আৰু সেয়েহে মই এই কাৰ্যসূচীৰ নাম ‘নমো ড্ৰোন দিদি’, ‘নমো ড্ৰোন দিদি’ ৰাখিছো। এয়াতো আমাৰ ‘নমো ড্ৰোন দিদি’, যাৰ আজি শুভাৰম্ভ কৰা হৈছে। যাতে প্ৰতিখন গাঁৱতে ‘ড্ৰোন দিদি’সকলক অভিবাদন জনোৱাৰ পৰম্পৰা স্থাপিত হয়, এনে এক পৰিৱেশ মই সৃষ্টি কৰিব লাগিব। সেয়েহে, আঁচনিখনৰ নামটো– ‘নমো ড্ৰোন দিদি’ বুলি ৰখাৰ বাবে কিছুমান লোকে মোক পৰামৰ্শ দিছে। যদি গাঁওখনে ‘নমো ড্ৰোন দিদি’ বুলি কয়, তেন্তে আমাৰ প্ৰতিগৰাকী ভগ্নীৰ মান-সন্মান বৃদ্ধি পাব।

 

আগন্তুক সময়ত ১৫ হাজাৰ ‘আত্ম-সহায়ক গোট’ক এই ‘নমো ড্ৰোন দিদি’ কাৰ্যসূচীৰ সৈতে সংযুক্ত কৰা হ'ব। তেওঁলোকক ‘ড্ৰোন’ দিয়া হ'ব, আৰু গাঁওসমূহত ‘দিদি’সকল সকলোৰে প্ৰণামৰ অধিকাৰী হ'ব আৰু আমাৰ ‘নমো ড্ৰোন দিদি’ আগবাঢ়ি যাব। আমাৰ ভগ্নীসকলক ‘ড্ৰোন পাইলট’ হিচাপে প্ৰশিক্ষণ দিয়া হ'ব। ‘আত্ম-সহায়ক গোট’ৰ জৰিয়তে ভগ্নীসকলক আত্মনিৰ্ভৰশীল কৰাৰ অভিযানটোও ‘ড্ৰোন আঁচনি’ৰ দ্বাৰা শক্তিশালী কৰা হ'ব। ই ভগ্নী আৰু কন্যাসকলক উপাৰ্জনৰ এক অতিৰিক্ত উপায় প্ৰদান কৰিব। আৰু মোৰ সপোন হৈছে দুই কোটি ‘দিদি’ক ‘লাখপতি’ কৰি তোলা। গাঁৱত বাস কৰা আৰু মহিলা ‘আত্ম-সহায়ক গোট’সমূহত কাম কৰা দুই কোটি ‘দিদি’ক ‘লাখপতি’ কৰি তুলিব লাগিব। চাওক, মোদীয়ে সৰু কথা নাভাবেই আৰু তেওঁ যি ভাবে সেয়া পূৰণ কৰিবলৈ সংকল্প গ্ৰহণ কৰি ওলাই যায়। আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ইয়াৰ দ্বাৰা দেশৰ কৃষকসকলে অতি কম মূল্যত ‘ড্ৰোন’ৰ দৰে আধুনিক প্ৰযুক্তিৰ সুবিধা লাভ কৰিব। ই তেওঁলোকৰ স্বাস্থ্যৰ বাবেও লাভান্বিত হ'ব, ই সময় ৰাহি কৰিব, ঔষধ আৰু সাৰৰো সঞ্চয় কৰা হ'ব, যি অপচয় হয় সেয়াও নহ'ব।

 

বন্ধুসকল,

 

আজি দেশৰ ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টোও উদ্বোধন কৰা হৈছে, আৰু মই সুখী যে মই ‘বাবাৰ ভূমি’ৰ পৰাই ১০,০০০ কেন্দ্ৰৰ লোকসকলৰ সৈতে কথা পাতিবলৈ সুযোগ পাইছো। এতিয়া এই কামটো আজিৰ পৰা আগবাঢ়িব যাব। সমগ্ৰ দেশজুৰি বিয়পি থকা এই জনৌষধী কেন্দ্ৰসমূহে সকলোকে, সেয়া লাগিলে দৰিদ্ৰই হওক বা মধ্যবিত্তই হওক, সুলভ ঔষধ প্ৰদান কৰাৰ বাবে ডাঙৰ কেন্দ্ৰ হৈ উঠিছে। আৰু দেশবাসীয়েতো চেনেহৰে এইসমূহক, মই দেখিছোঁ, গাওঁবাসীয়ে এই নাম-চাম একো মনত নাৰাখে। তেওঁলোকে দোকানীসকলক কয়, এয়াতো ‘মোদীৰ ঔষধৰ দোকান’। তেওঁলোক ‘মোদীৰ ঔষধৰ দোকান’লৈ যাব। আপোনালোকে যি নামেই দিব বিচাৰে দিয়ক, পিচে, মোৰ ইচ্ছা এই যে আপোনালোক ধন ৰাহি হ’ব লাগে, অৰ্থাৎ, আপোনালোক ৰোগৰ পৰাও বাচিব লাগে আৰু আপোনালোকৰ জেপৰ ধনো বাচিব লাগে, মই দুয়োটা কামেই কৰিব লাগিব। আপোনালোকক ৰোগৰ পৰা ৰক্ষা কৰা আৰু আপোনালোকৰ জেপৰ ধনো বচোৱা, ইয়াৰ অৰ্থই হৈছে ‘মোদীৰ ঔষধৰ দোকান’।

 

এই ‘জনৌষধী কেন্দ্ৰ’সমূহত প্ৰায় ২০০০ প্ৰকাৰৰ ঔষধ ৮০ৰ পৰা ৯০শতাংশলৈকে ৰেহাই দৰত উপলব্ধ হয়। এতিয়া মোক কওঁকচোন, যদি আপোনালোকে ১০, ১৫, ২০ পইচাত এক টকা দামৰ কিবা এটা বস্তু পায়, তেন্তে কিমান লাভ হ'ব? আৰু যি ধন বাচিব সেয়া আপোনালোকৰ সন্তানৰ কামত আহিব। ১৫ আগষ্টতে মই সমগ্ৰ দেশতে ২৫,০০০ ‘জন ঔষধী কেন্দ্ৰ’, যাক মানুহে ‘মোদীৰ ঔষধৰ দোকান’ বুলি কয়, খোলাৰ সিদ্ধান্ত ঘোষণা কৰিছিলো। ইয়াৰ সংখ্যা ২৫ হাজাৰ হ'বগৈ লাগিব। এতিয়া আৰু অধিক দ্ৰুত গতিৰে এই দিশত কাম আৰম্ভ হৈছে। এই দুটা আঁচনিৰ বাবে মই সমগ্ৰ দেশক, বিশেষকৈ মোৰ মাতৃ-ভগ্নী, কৃষক, পৰিয়ালবৰ্গ আৰু সকলোকে অভিনন্দন জনাইছো।

 

মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে ‘গৰীব কল্যাণ অন্ন যোজনা’, আপোনালোকে জানেই ক’ভিডৰ সময়ত আৰম্ভ কৰা হৈছিল, আৰু দৰিদ্ৰলোকসকলে তেওঁলোকৰ ভাতৰ কাঁহী, তেওঁলোকৰ জুহাল,  তেওঁলোকৰ চিন্তা, দুখীয়াৰ ঘৰৰ জুহালৰ জুই যাতে নুমুৱাব লগা নহয়, দুখীয়াৰ লৰা-ছোৱালী যাতে ভোকত শুবলগীয়া নহয়। ইমান ডাঙৰ ক’ভিড মহামাৰী আহিছিল, আমি সেৱাৰ কাম আৰম্ভ কৰিছিলো। আৰু তাৰ বাবে মই পৰিয়ালবোৰৰ যথেষ্ট ধন ৰাহি হোৱা দেখিছোঁ। ভাল কাম খৰচ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, আমাৰ কেবিনেটে কালি সিদ্ধান্ত লৈছে যে এতিয়া এই ‘বিনামূলীয়া ৰেচন আঁচনি’খন আগন্তুক ৫ বছৰৰ বাবে সম্প্ৰসাৰিত কৰা হ'ব। যাতে আগন্তুক ৫টা বছৰৰ বাবে আপোনালোকে খাদ্যৰ বাবে খৰচ কৰিবলগীয়া নহয় আৰু আপোনালোকৰ যি ধন বাচিব, সেয়া ধন ‘জন ধন একাউণ্ট’ত জমা কৰি থ’ব। আৰু ইয়াৰ পৰা আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে খৰছ কৰিব। পৰিকল্পনা কৰক, ধনৰ অপচয় হ’ব নালাগে। মোদীয়ে বিনামূলীয়াকৈ পঠিয়ায়, কিন্তু এই কাৰণেই পঠিয়াই যাতে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি হয়। ৮০ কোটিতকৈয়ো অধিক দেশবাসীয়ে এতিয়া ৫ বছৰৰ বাবে বিনামূলীয়া ৰেচন লাভ কৰি থাকিব। দৰিদ্ৰ লোকসকলৰ সঞ্চয়ে সেই ধন তেওঁলোকৰ সন্তানৰ উন্নত যত্নত ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। আৰু এয়াও হৈছে ‘মোদীৰ গেৰাণ্টী’, যিটো আমি পূৰণ কৰিছো। সেয়েহে মই কওঁ, ‘মোদীৰ গেৰাণ্টী’ৰ অৰ্থ হৈছে ‘পূৰণৰ গেৰাণ্টী’।

 

বন্ধুসকল,

 

এই সমগ্ৰ অভিযানত সমগ্ৰ চৰকাৰী যন্ত্ৰ, চৰকাৰী কৰ্মচাৰীৰ এক ডাঙৰ ভূমিকা আছে। মোৰ মনত আছে, কেইবছৰমান আগতে গ্ৰাম স্বৰাজ অভিযানৰ দৰে এনে ধৰণৰ এক সফল প্ৰচেষ্টা কৰা হৈছিল। আমি দেশৰ প্ৰায় ৬০ হাজাৰ গাঁও সামৰি লবলৈ দুটা পৰ্যায়ত সেই অভিযান আৰম্ভ কৰিছিলো। চৰকাৰে ইয়াৰ সাতখন আঁচনি লৈ গাঁৱে গাঁৱে গৈছিল আৰু হিতাধিকাৰীসকলৰ কাষ পাইছিলগৈ। ইয়াত ‘উচ্চাকাংক্ষী’ জিলাৰ হাজাৰ হাজাৰ গাঁৱো অন্তৰ্ভুক্ত আছিল। এতিয়া চৰকাৰে এই সফলতাক ‘’বিকাশিত ভাৰত সংকল্প যাত্ৰা’ৰ আধাৰ কৰি লৈছে। এই অভিযানৰ সৈতে জড়িত চৰকাৰৰ সকলো প্ৰতিনিধিয়ে দেশৰ সেৱা আৰু সমাজ সেৱাৰ এক মহান কাম কৰি আছে। আমি সম্পূৰ্ণ সততাৰে দৃঢ় হৈ প্ৰতিখন গাঁৱত উপস্থিত হওকগৈ। সকলোৰে প্ৰচেষ্টাৰে ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ সম্পূৰ্ণ হ'ব। আৰু মই নিশ্চিত যে যেতিয়া আমি বিকশিত ভাৰতৰ কথা কওঁ, অনাগত বছৰবোৰত মোৰ গাওঁখনৰ কিমান পৰিৱৰ্তন হ'ব, সেয়াও আপোনালোকে নিৰ্ণয় কৰিব লাগিব। আমাৰ গাঁৱত ইমান প্ৰগতি হ'ব লাগিব, নিৰ্ণয় কৰিব লাগিব। আমি সকলোৱে একেলগে মিলি কৰিলে হিন্দুস্থান বিকশিত হবই, আমাৰ দেশৰ মান বিশ্বত বহুত উচ্চ হ'ব। আকৌ এবাৰ মই আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো, যদি মাজতে কেতিয়াবা সুযোগ পাওঁ মই আপোনালোকৰ সৈতে পুনৰ সংযুক্ত হ’বলৈ চেষ্টা কৰিম।

আপোনালোক সকলোকে মোৰ বহুত বহুত শুভকামনা জনাইছোঁ। বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”