মহামান্য,

 

ভাৰতে জি-২০ সভাপতিত্বৰ সময়ত বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তন দুয়োটাকে যথেষ্ট অগ্ৰাধিকাৰ দিছে।

 

আমি এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতক আমাৰ সভাপতিত্বৰ আধাৰ কৰি তুলিছিলো।

 

আৰু যুটীয়া প্ৰচেষ্টাৰে আমি বহুতো বিষয়ত সহমত গঢ়ি তোলাত সফল হৈছিলো।

 

বন্ধুসকল,

 

আমি সকলোৱে জানো যে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতকে ধৰি গ্লোবেল ছাউথৰ সকলো দেশৰ ভূমিকা যথেষ্ট কম।

 

কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত বহুত বেছি।

 

সম্পদৰ অভাৱ সত্বেও, এই দেশবোৰ জলবায়ু পদক্ষেপৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

 

গ্লোবেল ছাউথৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ ক্লাইমেট ফাইনেন্স আৰু প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ।

 

গ্লোবেল ছাউথৰ দেশসমূহে আশা কৰে যে উন্নত দেশসমূহে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকক অধিক সহায় কৰিব।

 

ই স্বাভাৱিক আৰু ন্যায়সংগত।

 

বন্ধুসকল,

জি-২০ত ইয়াক লৈ সহমত পোষণ কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত, জলবায়ু পদক্ষেপৰ বাবে কেইবা ট্ৰিলিয়ন ডলাৰ ক্লাইমেট ফাইনেন্সৰ প্ৰয়োজন।

 

এনে ক্লাইমেট ফাইনেন্স যি উপলব্ধ, সুলভ আৰু সহজলভ্য।

 

মই আশাবাদী যে ইউএইৰ জলবায়ু বিত্তীয় পৰিকাঠামো উদ্যোগে এই দিশটো শক্তিশালী কৰিব।

 

কালি হোৱা লোকচান আৰু ক্ষতি পুঁজি কাৰ্যকৰী কৰাৰ ঐতিহাসিক সিদ্ধান্তক ভাৰতে আদৰণি জনাইছে।

 

ইয়াৰ ফলত চিঅ'পি ২৮ সন্মিলনত নতুন আশা সঞ্চাৰ হৈছে।

 

আমি আশা কৰোঁ যে চিঅ'পি সন্মিলনে জলবায়ু বিত্ত সম্পৰ্কীয় অন্যান্য বিষয়তো দৃঢ় ফলাফল লাভ কৰিব।

 

প্ৰথমতে, চিঅ'পি ২৮ত ক্লাইমেট ফাইনেন্স সম্পৰ্কিত নতুন সমষ্টিগত পৰিমাপৰ লক্ষ্যত প্ৰকৃত অগ্ৰগতি হ'ব।

 

দ্বিতীয়তে, সেউজ জলবায়ু পুঁজি আৰু অভিযোজন পুঁজিত কোনো অভাৱ নহ'ব, এই পুঁজি তৎক্ষণাৎ পূৰণ কৰা হ'ব।

 

তৃতীয়তে, বহুপাক্ষিক উন্নয়ন বেংকে উন্নয়নৰ লগতে জলবায়ু ব্যৱস্থাৰ বাবে সুলভ বিত্ত প্ৰদান কৰিব।

 

আৰু চতুৰ্থতে, উন্নত দেশবোৰে ২০৫০ চনৰ আগতে তেওঁলোকৰ কাৰ্বন ফুটপ্ৰিণ্ট আঁতৰাব লাগিব।

 

জলবায়ু বিনিয়োগ পুঁজি স্থাপনৰ বাবে ইউএইৰ ঘোষণাক মই আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, মই তেওঁলোকক অভিনন্দন জনাইছোঁ।

 

বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”