নমো ড্ৰোন দিদিসকলৰ কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰিলে প্ৰধানমন্ত্ৰীয়ে
১০০০ নমো ড্ৰোন দিদিক ড্ৰোন অৰ্পণ
প্ৰায় ৮ হাজাৰ কোটি টকা বেংক ঋণ আৰু ২০০০ কোটি টকাৰ মূলধনীকৰণ সহায়ক পুঁজি আত্মসহায়ক গোটসমূহক প্ৰদান
লাখপতি দিদিসকলক সম্বৰ্ধনা জ্ঞাপন
“ড্ৰোন দিদিসকল আৰু লাখপতি দিদিসকলে সফলতাৰ নতুন অধ্যায়ৰ চিত্ৰনাট্য ৰচনা কৰিছে”
“যিকোনো সমাজে সুযোগ সৃষ্টি কৰি আৰু নাৰী শক্তিৰ মৰ্যাদা সুনিশ্চিত কৰিহে আগবাঢ়িব পাৰে”
“ময়েই প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা শৌচাগাৰ, চেনিটেৰী পেড, ধোঁৱাৰে ভৰা পাকঘৰ, পাইপযোগে পানী যোগানৰ দৰে বিষয় উত্থাপন কৰিছিল”
“দৈনন্দিন জীৱনত শিপাই থকা অভিজ্ঞতাৰ পৰাই মোদীৰ সংবেদনশীলতা আৰু মোদীৰ আঁচনিৰ উন্মেষ ঘটিছে”
“কৃষি ক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ পৰিৱৰ্তনশীল প্ৰভাৱ দেশৰ মহিলাসকলে পৰিচালিত কৰিছে”
“নাৰী শক্তিয়ে দেশৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে”
সেইবাবেই, এই আঁচনিসমূহে দেশৰ মাতৃ-কন্যাসকলৰ জীৱনত সহজতা কঢ়িয়াই আনে।

কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী গিৰিৰাজ সিংজী, শ্ৰী অৰ্জুন মুণ্ডাজী, শ্ৰী মনসুখ মাণ্ডৱিয়াজী, আৰু সমগ্ৰ দেশৰ কেবা লক্ষ ‘লাখপতি দিদি’, যিসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিপুল সংখ্যাত ইয়ালৈ আহিছে আৰু আপোনালোকৰ সৈতে ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰে আজি আমাৰ সৈতে সংযুক্ত হৈছে। মই আপোনালোক সকলোকে স্বাগত জনাইছোঁ, আপোনালোকক শুভেচ্ছা জনাইছোঁ। আৰু এই প্ৰেক্ষাগৃহটোত মই দেখিছোঁ, এয়া যেন এখন ক্ষুদ্ৰ ভাৰতহে। ভাৰতৰ প্ৰতিটো ভাষা-ভাষী আৰু প্ৰতিটো প্ৰান্তৰ মানুহকে ইয়াত দেখা পাইছোঁ। যিকি নহওঁক, আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ।    

মহিলা সৱলীকৰণৰ দৃষ্টিৰে আজিৰ কাৰ্যসূচীটো হৈছে নিতা্ন্তই ঐতিহাসিক। আজি মই ‘নমো ড্ৰোন দিদি অভিযান’ৰ অধীনত ‘’মহিলা আত্ম-সহায়ক গোট’সমূহক ১০০০টা আধুনিক ‘ড্ৰোন’ হস্তান্তৰ কৰাৰ সুযোগ পাইছোঁ। শেহতীয়াকৈ, বিভিন্ন আঁচনি আৰু লাখ লাখ প্ৰচেষ্টাৰ বাবে, দেশৰ ১ কোটিতকৈয়ো অধিক ভগ্নী ‘লাখপতি দিদি’ হৈ উঠিছে। এই সংখ্যাটো সৰু নহয়। আৰু এতিয়া যেতিয়া মই কথা পাতি আছিলো, সেই কিশোৰী ভনীজনীয়ে মোক কৈছিল যে তেওঁৰ উপাৰ্জন বোলে প্ৰতি মাহে ৬০-৭০ হাজাৰ, ৮০ হাজাৰ পৰ্যন্ত হয়গৈ। এই কথাৰে আমি দেশৰ যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰিব পাৰোঁ, গাঁৱৰ এগৰাকী ভগ্নীয়ে তেওঁৰ উদ্যোগৰ জৰিয়তে প্ৰতি মাহে ৬০ হাজাৰ ৭০ হাজাৰ টকা উপাৰ্জন কৰে। তেওঁৰ আত্মবিশ্বাসলৈ চাওক, হয় হয় সেইগৰাকী কিশোৰী তাত বহি আছে, তেওঁ হাত দাঙি আছে। আৰু যেতিয়া মই এনে কথা শুনো, দেখিবলৈ পাওঁ, মোৰ বিশ্বাস যথেষ্ট বাঢ়ি যায়। আপোনালোক আচৰিত হ'ব যে যেতিয়া মই আপোনালোকৰ দৰে লোকৰ পৰা সৰু-সুৰা কথাবোৰ শুনিবলৈ পাওঁ, তেতিয়া মোৰ বিশ্বাস বাঢ়ি যায়। এৰা, আমি সঠিক দিশেৰে আগবাঢ়িছোঁ, দেশৰ নিশ্চয় কিবা ভালেই হ'ব। কিয়নো আমি যোজনা নিশ্চয় কৰোঁ, কিন্তু এই যোজনাক সাৰোগত কৰি আপোনালোকে কাম কৰিবলৈ লাগি যায় নহয়..., আৰু আপোনালোকে পৰিণাম দেখুৱায়। আৰু সেই পৰিণাম দেখি  চৰকাৰী বাবুসকলেও অনুভৱ কৰে... এৰা কিবা ভালেই হৈ আছে দেখোন, তেতিয়া কামবোৰ দ্ৰুতগতিৰে আগবাঢ়িবলৈ লয়। আৰু ইয়াৰ বাবে, যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই এতিয়া ৩ কোটি ‘লাখপতি দিদি’ৰ সংখ্যা অতিক্ৰম কৰিব লাগিব। আৰু এই উদ্দেশ্যৰ বাবেই আজি এই ভগ্নীসকলৰ একাউণ্টলৈ ১০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে। আৰু মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ।

 

মাতৃ-ভগ্নীসকল,

যিকোনো দেশেই, যিকোনো সমাজেই কেৱল নাৰী শক্তিৰ মৰ্যাদা বৃদ্ধি কৰি আৰু তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিহে আগবাঢ়িব পাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ দেশৰ পূৰ্বৱৰ্তী চৰকাৰসমূহৰ বাবে আপোনালোকৰ জীৱন, আপোনালোকৰ সমস্যবোৰ কেতিয়াও প্ৰাথমিকতা নাছিল, আৰু আপোনালোকক আপোনালোকৰ ভাগ্যক ধিঁয়াই চলিবলৈ এৰি দিছিল। মোৰ অভিজ্ঞতাই কৈছে যে যদি আমাৰ মাতৃ-ভগ্নীসকলে অকণমান সুযোগ পায়, যদি তেওঁলোকে অকণমান সহযোগিতা পায়, তেন্তে তেওঁলোকক আৰু সমৰ্থনৰ প্ৰয়োজনেই নাথাকে, তেওঁলোক নিজেই আনৰ বাবে ভৰসা হৈ উঠে। আৰু মই এই কথা বেছিকৈ অনুভৱ কৰিছিলো যেতিয়া মই লালকিল্লাৰ পৰা মহিলা সৱলীকৰণৰ কথা ক’বলৈ আৰম্ভ কৰিছিলোঁ। ময়েই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে শৌচালয়ৰ অভাৱত তেওঁলোকে সন্মুখীন হোৱা অসুবিধাৰ কথা, গাঁৱৰ ভগ্নীসকলে কেনেদৰে জীৱন যাপন কৰিবলগীয়া হয় সেই বেদনাৰ কথা লালকিল্লাৰ পৰা ব্যক্ত কৰিছিলোঁ।

ময়েই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে লালকিল্লাৰ পৰা ‘ছেনিটাৰী পেড’ৰ প্ৰসংগটো উত্থাপন কৰিছিলোঁ। মই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে লালকিল্লাৰ পৰা কৈছিলো যে পাকঘৰত খৰিৰে ভাত ৰন্ধা আমাৰ মাতৃ আৰু ভগ্নীসকলে ৪০০ চিগাৰেটৰ সমান ধোঁৱা... তেওঁলোকে প্ৰতিদিনে এয়া সহ্য কৰিবলগীয়া হয়, তেওঁলোকৰ দেহলৈ নিবলগীয়া হয়। ময়েই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে ঘৰত নলৰ পানী নাথাকিলে সকলো মহিলাই সন্মুখীন হোৱা সমস্যাৰ কথা উল্লেখ কৰিছিলোঁ, ইয়াৰ বাবে মই ‘জল জীৱন মিছন’ ঘোষণা কৰিছিলোঁ। মই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে লালকিল্লাৰ পৰা প্ৰতিগৰাকী মহিলাৰ ‘বেংক একাউণ্ট থকাৰ প্ৰয়োজনীয়তা’ৰ বিষয়ে কৈছিলোঁ। মই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে মহিলাসকলৰ বিৰুদ্ধে কোৱা অপমানজনক শব্দবোৰৰ বিষয়টো লালকিল্লাৰ পৰা উত্থাপন কৰিছিলোঁ।

মই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে কৈছিলো যে যদি এজনী ছোৱালী সন্ধিয়া পলমকৈ ঘৰলৈ আহে, তেতিয়াতো মাক, দেউতাক, ভাতৃ সকলোৱে সোধে যে তেওঁ কিয় পলমকৈ আহিছে। কিন্তু এয়া দুৰ্ভাগ্যজনক যে কোনো পিতৃ-মাতৃয়ে তেওঁৰ পুত্ৰনো কিয় পলমকৈ ঘৰ সোমাইছেহি সেই কথা নোসোধে, কিয় সুধিব নোৱাৰে? আপোনালোকৰ পুত্ৰহঁতকো সোধক। আৰু মই এই বিষয়টো লালকিল্লাৰ পৰা উত্থাপন কৰিছিলোঁ। আৰু আজি মই এই কথা প্ৰতিগৰাকী মহিলা, প্ৰতিগৰাকী ভগ্নী আৰু দেশৰ প্ৰতিগৰাকী কন্যাক ক'ব বিচাৰো। যেতিয়াই মই লালকিল্লাৰ পৰা আপোনালোকৰ সৱলীকৰণৰ কথা কৈছিলো, দুৰ্ভাগ্যবশতঃ কংগ্ৰেছৰ দৰে দেশৰ ৰাজনৈতিক দলবোৰে মোক উপহাস কৰিছিল, মোক অপমান কৰিছিল।

 

বন্ধুসকল,

মোদীৰ সংবেদনশীলতা আৰু মোদীৰ আঁচনিসমূহ মাটিৰ সৈতে সংযুক্ত জীৱনৰ অভিজ্ঞতাৰ পৰা উদ্ভৱ হৈছে। মই মোৰ শৈশৱত, আমাৰ চাৰিওফালে, আমাৰ চুবুৰীয়া অঞ্চলত, তাৰ পিছত দেশৰ গাঁৱে গাঁৱে অনেক পৰিয়ালৰ সৈতে বাস কৰি যি অনুভৱ কৰিছিলোঁ, সেয়াই আজি মোদীৰ অনুভূতিত আৰু আঁচনিসমূহত প্ৰতিফলিত হৈছে। সেয়েহে, এই আঁচনিবোৰে মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকলৰ জীৱন সহজ সাধ্য কৰি তুলিছে, তেওঁলোকৰ অসুবিধাবোৰ হ্ৰাস কৰিছে। কেৱল নিজৰ পৰিয়ালৰ বাবে চিন্তা কৰা ‘পৰিয়ালবাদী নেতা’সকলে এই কথা কেতিয়াও বুজিব নোৱাৰে। সমস্যাৰ গ্ৰাসৰ পৰা দেশৰ কোটি কোটি লোকক, মাতৃ-ভগ্নীসকলক মুক্তি দিয়াৰ আগ্ৰহ আমাৰ চৰকাৰৰ অনেক আঁচনিৰ আধাৰ হৈ আহিছে।

মোৰ মাতৃ-ভগ্নীসকল,

আগৰ চৰকাৰসমূহে এখন বা দুখন আঁচনি আৰম্ভ কৰিয়েই ‘মহিলা সৱলীকৰণ’ৰ নাম দিছিল। মোদীয়ে এই ৰাজনৈতিক চিন্তাধাৰা সলনি কৰিছিল। ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত মই আপোনালোক মহিলাসকলৰ জীৱনচক্ৰৰ প্ৰতিটো পৰ্যায়ৰ বাবে আঁচনি কৰিছিলোঁ আৰু সেইবোৰ সফলতাৰে ৰূপায়ণ কৰিছিলোঁ। আজি, প্ৰথম উশাহৰ পৰা শেষ উশাহলৈকে মোদীয়ে কিবা নহয় কিবা একোখন আঁচনি গ্ৰহণ কৰি ভাৰতৰ ভগ্নী আৰু কন্যাসকলৰ সেৱাত উপস্থিত থাকে। গৰ্ভতে ছোৱালীক হত্যা নকৰাটো নিশ্চিত কৰিবলৈ আমি ‘বেটী বচাও-বেটী পঢ়াও অভিযান’ আৰম্ভ কৰিছিলোঁ। গৰ্ভৱতী অৱস্থাত সঠিক পুষ্টি প্ৰদান কৰাৰ বাবে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিলোঁ। যাতে জন্মৰ পিছত তেওঁলোকৰ বাবে অধ্যয়ন কৰাটো কঠিন নহয় সেয়া নিশ্চিত কৰিবলৈ কন্যাক সৰ্বাধিক সূত প্ৰদান কৰা ‘সুকন্যা সমৃদ্ধি যোজনা’ আৰম্ভ কৰা হৈছিল। ডাঙৰ হৈ যদি এজনী ছোৱালীয়ে কাম কৰিব বিচাৰে, তেন্তে আজি তেওঁৰ ওচৰত ‘মুদ্ৰা যোজনা’ৰ ইমান ডাঙৰ সাধন আছে। জীয়েকৰ কেৰিয়াৰ যাতে প্ৰভাৱিত নহয় সেয়া নিশ্চিত কৰিবলৈ আমি ‘গৰ্ভধাৰণকালীন ছুটি’ ২৬ সপ্তাহলৈ বৃদ্ধি কৰিছোঁ। ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা ‘আয়ুষ্মান আঁচনি’য়েই হওক, বা ৮০% ৰেহাইত সস্তীয়া ঔষধ প্ৰদান কৰা ‘জন ঔষধী কেন্দ্ৰ’ই হওক, এই সকলোবোৰৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে আপোনালোক মাতৃ, ভগ্নী আৰু কন্যাসকল।

মাতৃ-ভগ্নীসকল,

মোদীয়ে সমস্যা পৰিহাৰ নকৰে, সেই সমস্যাৰ সন্মুখীনহে হয়, স্থায়ী সমাধানৰ বাবে কামহে কৰে। মই জানো যে ভাৰতত মহিলাসকলক শক্তিসমৃদ্ধ কৰিবলৈ হ’লে আমি তেওঁলোকৰ অৰ্থনৈতিক অংশগ্ৰহণ বৃদ্ধি কৰিব লাগিব। সেইকাৰণে আমি আমাৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত আৰু আঁচনিত এই দিশটোৰ প্ৰতি বিশেষ যত্ন লৈছোঁ। মই আপোনালোক মাতৃ আৰু ভগ্নীসকলক এটা উদাহৰণ দিব খুজিছোঁ। আপোনালোকে এই কথা জানে যে আমাৰ দেশত যদি সম্পত্তি থাকে তেন্তে সেয়া এগৰাকী পুৰুষৰ নামত আছিল। কোনোবাই যদি মাটি কিনিছিল... সেয়া মানুহজনৰ নামত কিনা হৈছিল... এখন দোকান কিনিছিল যদি... মানুহজনৰ নামত... ঘৰৰ মহিলাগৰাকীৰ নামত একোৱেই নাছিল, নহয়নে? গতিকে আমি ‘প্ৰধানমন্ত্ৰী আৱাস’ৰ অধীনত প্ৰদান কৰা ঘৰবোৰ মহিলাসকলৰ নামত পঞ্জীয়ন কৰিছিলোঁ। আপোনালোকে নিজেই দেখিছে যে আগতে যদি এখন নতুন বাহন আহিছিল, যদি ট্ৰেক্টৰ এখন আহিছিল সেয়া বেছিভাগেই পুৰুষসকলে চলাইছিল। মানুহে ভাবিছিল যে এজনী ছোৱালীয়েনো এইবোৰ কেনেকৈ চলাব পাৰিব? যদি ঘৰলৈ এটা নতুন ডিভাইচ, এটা নতুন টিভি, এখন নতুন ফোন অনা হৈছিল, তেন্তে এইবোৰৰ বিষয়ে স্বাভাৱিক ভাবেই জানোতা বুলি পুৰুষসকলে নিজকে গণ্য কৰিছিল। সেই পৰিস্থিতিবোৰৰ পৰা, সেই পুৰণি চিন্তাধাৰাৰ পৰা মুক্ত হৈ আমাৰ সমাজ এতিয়া আগবাঢ়ি গৈছে। আৰু আজিৰ কাৰ্যসূচী ইয়াৰ আন এক উদাহৰণ হৈ উঠিছে যে ভাৰতৰ কৃষিক এক নতুন দিশ প্ৰদান কৰা ‘ড্ৰোন প্ৰযুক্তি’ৰ প্ৰথম ‘পাইলট’ হৈছে এইসকল মোৰ ছোৱালী, এইসকল মোৰ ভগ্নী।

 

আমাৰ ভগ্নীসকলে দেশক শিকাব আধুনিক কৃষিৰ বাবে ‘ড্ৰোন’ কেনেদৰে ব্যৱহাৰ কৰা হয়। মই এইমাত্ৰ পথাৰত ‘ড্ৰোন পাইলট’ আৰু ‘নামো ড্ৰোন ভগ্নী’সকলৰ দক্ষতা দেখি আহিছোঁ। মই বিশ্বাস কৰোঁ, আৰু মই কেইদিনমান আগতে 'মন কী বাত'ত এনেকুৱা এগৰাকী ‘ড্ৰোন দিদি’ৰ সৈতে কথা পাতিবলৈ সুযোগ পাইছিলোঁ। তেওঁ কৈছিল যে মই এদিনত ইমানখন পথাৰত কাম কৰোঁ, এদিনত ইমানখন পথাৰত, মই ইমানখিনি টকা উপাৰ্জন কৰোঁ। আৰু কৈছিল যে মোৰ বিশ্বাস ইমান বাঢ়িছে আৰু গাঁওখনত মোৰ সন্মান ইমান বাঢ়িছে যে এতিয়া গাঁৱত মোৰ পৰিচয়েই সলনি হৈছে। যি চাইকেলখনেই চলাব নাজানিছিল তেওঁক আজি গাঁওবাসীয়ে ‘পাইলট’ বুলিহে কয়। মই বিশ্বাস কৰোঁ যে দেশৰ নাৰীশক্তিয়ে একবিংশ শতিকাৰ ভাৰতৰ প্ৰযুক্তিগত বিপ্লৱৰ নেতৃত্ব দিব পাৰে। আজি আমি মহাকাশ খণ্ড, তথ্য প্ৰযুক্তি খণ্ড, বিজ্ঞান খণ্ডত ভাৰতৰ মহিলাসকলে কেনেদৰে তেওঁলোকৰ পতাকাৰ লহৰ তুলি আহিছে সেয়া দেখিবলৈ পাইছোঁ। আৰু মহিলা ‘বাণিজ্যিক পাইলট’ৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ এক নম্বৰ দেশ। আমাৰ ওচৰত সৰ্বাধিক সংখ্যক ছোৱালী আছে যিয়ে বিমান উৰুৱাই আছে। আকাশত ‘বাণিজ্যিক বিমান’য়েই হওক বা খেতি পথাৰৰ ‘ড্ৰোন’য়েই হওক, ভাৰতৰ ছোৱালীহঁত ক'তো দ্বিতীয় স্থানত নাই। আৰু এইবাৰ আপোনালোকে নিশ্চয় ২৬ জানুৱাৰীত ‘টিভি’ত দেখিছে, ২৬ জানুৱাৰীৰ কাৰ্যসূচীত ‘কৰ্তব্য পথ’ত সমগ্ৰ ভাৰতে প্ৰত্যক্ষ কৰিছিল, মহিলা-মহিলা-মহিলা শক্তিৰ সামৰ্থ্য দেখিবলৈ পাইছিল তাত।

বন্ধুসকল,

আগন্তুক বছৰবোৰত দেশখনত ‘ড্ৰোন প্ৰযুক্তি’য়ে যথেষ্ট বিস্তাৰ লাভ কৰিব। ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিসৰত গাখীৰ, শাক-পাচলি আৰু অন্যান্য সামগ্ৰী নিকটতম বজাৰলৈ বিতৰণ কৰিব লগা হয়, তেনেহ'লে ‘ড্ৰোন’ এক শক্তিশালী মাধ্যম হ'ব। ঔষধ প্ৰদান, চিকিৎসা পৰীক্ষাৰ নমুনা প্ৰদানেই হওক, ‘ড্ৰোন’য়ে ইয়াতো এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে। অৰ্থাৎ, ‘নমো ড্ৰোন দিদি আঁচনি’ৰ জৰিয়তে ‘ড্ৰোন পাইলট’ হৈ উঠা ভগ্নীসকলৰ বাবে অগণন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে।

 

মাতৃ আৰু ভগ্নী,

যোৱা ১০টা বছৰত ভাৰতত ‘মহিলা আত্ম-সহায়ক গোট’সমূহ যিদৰে সম্প্ৰসাৰিত হৈছে সেয়া নিজেই এক অধ্যয়নৰ বিষয় হিচাপে পৰিগণিত হৈছে। এই ‘মহিলা আত্ম-সহায়ক গোট’সমূহে ভাৰতত মহিলা সৱলীকৰণৰ এক নতুন ইতিহাস সৃষ্টি কৰিছে। আজি, এই কাৰ্যসূচীৰ জৰিয়তে মই আত্ম-সহায়ক গোটসমূহৰ প্ৰতিগৰাকী ভগ্নীক প্ৰশংসা কৰিছোঁ আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে মহিলাসকলৰ আত্ম-সহায়ক গোটসমূহক ৰাষ্ট্ৰ নিৰ্মাণৰ এক মুখ্য গোট কৰি তুলিছে। আজি, আত্ম-সহায়ক গোটসমূহৰ মহিলাসকলৰ সংখ্যা ১০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। যোৱা ১০টা বছৰত আমাৰ চৰকাৰে কেৱল আত্ম-সহায়ক গোটসমূহ সম্প্ৰসাৰিত কৰাই নহয়, লগতে ৯৮ শতাংশ, অৰ্থাৎ প্ৰায় ১০০ শতাংশ গোটৰ ‘বেংক একাউণ্ট’ খুলিছে। আমাৰ চৰকাৰেও গোটসমূহলৈ আগবঢ়োৱা সাহায্যৰ পৰিমাণ ২০ লাখ টকালৈ বৃদ্ধি কৰিছে। এই পৰ্যন্ত ৮ লাখ কোটিতকৈ, এতিয়া পিচে সংখ্যাটো কম নহয়। আপোনালোকৰ হাতলৈ ৮ লাখ কোটি টকাৰো অধিক সহায় ইতিমধ্যে বেংকৰ জৰিয়তে মোৰ এই ভগ্নীসকলৰ ওচৰলৈ গৈছে। ইমান টকা পোনপটীয়াকৈ গাঁৱলৈ গৈছে, ভগ্নীসকলৰ হাতলৈ গৈছে। আৰু ভগ্নীসকলৰ এটা স্বভাৱ আছে, আটাইতকৈ ডাঙৰ গুণ হৈছে 'সঞ্চয়', তেওঁলোকে অপচয় নকৰে, তেওঁলোকে সঞ্চয় কৰে। আৰু সঞ্চয়ৰ শক্তি যে... এয়া এক উজ্জ্বল ভৱিষ্যতৰ লক্ষণ। আৰু যেতিয়াই মই এই দিদিসকলৰ সৈতে কথা পাতো, তেতিয়া তেওঁলোকে এনে নতুন নতুন কথা কয়, তেওঁলোকৰ আত্মবিশ্বাস কথা কয়। অৰ্থাৎ, সাধাৰণ মানুহে কল্পনা কৰিবই নোৱাৰে। আৰু ইমান বিশাল পৰিমাণে গাঁৱে গাঁৱে নিৰ্মাণ কৰা ৰাস্তাবোৰ, ঘাইপথবোৰৰ পৰাও এই গোটসমূহ লাভান্বিত হৈছে। এতিয়া লাখপতি ভগ্নীসকলে তেওঁলোকৰ সামগ্ৰীসমূহ চহৰসমূহত সহজে বিক্ৰী কৰিবলৈ সক্ষম হৈছে। উন্নত সংযোগৰ বাবে, চহৰসমূহৰ লোকসকলেও গাঁওবোৰলৈ যোৱা আৰু এই গোটবোৰৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাৰ পৰম্পৰা আৰম্ভ কৰিছে। এনে ধৰণৰ কাৰণতে যোৱা ৫টা বছৰত আত্ম-সহায়ক গোটৰ সদস্যসকলৰ উপাৰ্জন ৩ গুণ বৃদ্ধি হৈছে।

বন্ধুসকল,

যিসকল ভগ্নীক, তেওলোকৰ সপোন আৰু আকাংক্ষাবোৰক সীমিত কৰি দিয়া হৈছিল, তেওঁলোকে আজি ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ ভূমিকা সম্প্ৰসাৰিত কৰিবলৈ লৈছে। আজি গাঁও আৰু গ্ৰাম্যাঞ্চলসমূহত নতুন নতুন সুযোগ সৃষ্টি কৰা হৈছে, নতুন নতুন পদ সৃষ্টি কৰা হৈছে। আজি সেৱাখণ্ডৰ সৈতে জড়িত লাখ লাখ বেংক সখী, কৃষি সখী, পশু সখী, মৎস্য সখী আৰু দিদিসকলে গাঁওসমূহত সেৱা আগবঢ়াই আছে। এই ভগ্নীসকলে স্বাস্থ্যৰ পৰা ‘ডিজিটেল ইণ্ডিয়া’লৈকে দেশৰ ৰাষ্ট্ৰীয় অভিযানত নতুন গতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী গ্ৰাম্য ডিজিটেল সাক্ষৰতা অভিযান চলাই থকা লোকৰ ৫০%ৰো অধিক হৈছে মহিলা আৰু ৫০%ৰো অধিক হিতাধিকাৰীও হৈছে মহিলা। সফলতাৰ এই শৃংখলাটোৱে কেৱল নাৰী শক্তিৰ ওপৰত মোৰ ভৰসাকো শক্তিসমৃদ্ধ কৰিছে। মই দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী আৰু কন্যাক আশ্বাস দিওঁ যে আমাৰ তৃতীয়টো কাৰ্যকালে নাৰীশক্তিৰ বিকাশৰ এক নতুন অধ্যায় লিখিব।

 

আৰু মই দেখিছোঁ যে বহুতো ভগ্নীয়ে তেওঁলোকৰ গোটসমূহক কেৱল আজৰি পৰত গোট খোৱাৰ, মেল পতাৰ মাজতে সীমাবদ্ধ কৰি ৰখা নাই, বৰঞ্চ নিজৰ বিত্তীয় ব্যৱসায়ৰ অংশ হিচাপে গাঁওসমূহত বহুতো কামো কৰি আহিছে। ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে, আত্ম-সহায়ক গোটসমূহে ভগ্নীসকলক উৎসাহিত কৰি আহিছে। পঢ়া-শুনা কৰি থকা ছোৱালীবোৰক মাতি আনি তেওঁলোকৰ সৈতে কথা-বতৰা পাতে। ক্ৰীড়াত ভাল কাম কৰা ছোৱালীহঁতক আত্ম-সহায়ক গোটৰ ভগ্নীসকলে আদৰণি জনায়, সন্মান জনায়। অৰ্থাৎ, মই দেখিছোঁ যে কিছুমান বিদ্যালয়লৈ এই আত্ম-সহায়ক গোটৰ ভগ্নীসকলক ভাষণ দিয়াৰ বাবে মাতি অনা হয় আৰু তেওঁলোকৰ সফলতাৰ কাহিনীবোৰ কবলৈ দিয়া হয়। আৰু বিদ্যালয়ৰ লোকসকলে, শিক্ষাৰ্থী আৰু শিক্ষকসকলেও তেওঁলোকৰ কথাবোৰ আগ্ৰহেৰে শুনে। এক প্ৰকাৰে, এটা ডাঙৰ বিপ্লৱ আহিছে। আৰু মই আত্ম-সহায়ক গোটৰ দিদিহঁতক ক'ম যে মই এইবাৰ এখন আঁচনি আনিছো, ‘ড্ৰ'নৰ দিদি’ৰ দৰে এখন আঁচনি, সেইখন আঁচনিকো মই আপোনালোকৰ চৰণতে অৰ্পিত কৰিছোঁ, আৰু মই বিশ্বাস কৰোঁ যে যিসকল মাতৃ আৰু ভগ্নীৰ চৰণত মই ‘ড্ৰোন’ অৰ্পিত কৰিছো, সেইসকল মাতৃ আৰু ভগ্নীয়ে ড্ৰোনখনকতো আকাশলৈ লৈ যাবই, লগতে দেশৰ সংকল্পকো সিমান উচ্চতালৈকে লৈ যাব।

 

কিন্তু এখন এনে আঁচনি আছে যাৰ বাবে আমাৰ আত্ম-সহায়ক গোটৰ ভগ্নীসকল আগবাঢ়ি আহিব লাগিব। মই আঁচনি এখন যুগুতাই আছো আৰু সেইখন হৈছে 'প্ৰধানমন্ত্ৰী সূৰ্যঘৰ' আঁচনি। এই 'প্ৰধানমন্ত্ৰী সূৰ্যঘৰ'ৰ বিশেষত্ব হৈছে, এক প্ৰকাৰে এই আঁচনিখন বিনামূলীয়া বিদ্যুতৰ আঁচনি। ‘বিদ্যুতৰ শূন্য বিল’ৰ আঁচনি। এতিয়া কওক এই কামটো আপোনালোকে কৰিব পাৰিবনে নাই? আপোনালোকে এই কামটো কৰিব পাৰিবনে? সকলোৱে কওক, মোৰ লগত কওক...কৰিব পাৰিবনে...নিশ্চিতভাবে পাৰিবনে.. নিশ্চিতভাবে পাৰিব। আমি ঘৰৰ মুধচ থকা প্ৰতিটো পৰিয়ালত সৌৰপাত স্থাপন কৰাৰ সিদ্ধান্ত লৈছো, সূৰ্যৰ ৰশ্মিৰ পৰা বিদ্যুৎ উৎপাদন কৰিম, আৰু ঘৰত সেই বিদ্যুৎ ব্যৱহাৰ কৰিম। ৩০০ ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়ালৰ সংখ্যা খুবেই কম। যদি ঘৰত ফেন, এয়াৰ কণ্ডিশ্যন, ফ্ৰিজ, ৱাছিং মেশ্বিন থাকে, তেনেহ'লে ৩০০ ইউনিটত কাম চলি যায়। অৰ্থাৎ আপোনালোকৰ বিল শূন্য আহিব, শূন্য বিল। কেৱল এয়াই নহয়, যদি আপোনালোকে অধিক বিদ্যুৎ উৎপাদন কৰে, আপোনালোকে ক'ব পাৰে যে ডাঙৰ কাৰখানাবোৰতহে বিদ্যুৎ উৎপাদন হয়, ডাঙৰ ধনী লোকসকলেহে বিদ্যুৎ উৎপাদন কৰিব পাৰে, আমি দৰিদ্ৰসকলেনো কি কৰিব পাৰিম? এই কামটোৱেইতো মোদীয়ে কৰে, এতিয়া দৰিদ্ৰ সকলেও বিদ্যুৎ উৎপাদন কৰিব, তেওঁলোকৰ ঘৰতে একোটা বিদ্যুৎ কাৰখানা স্থাপন কৰা হ'ব। আৰু উৎপাদিত অতিৰিক্ত বিদ্যুৎ চৰকাৰে ক্ৰয় কৰিব। আমাৰ ভগ্নী আৰু পৰিয়ালবোৰৰো ইয়াৰ পৰা উপাৰ্জন হব।

 

তেন্তে আপোনালোকে এই ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ’, আপোনালোকৰ অঞ্চলৰ ‘উমৈহতীয়া কেন্দ্ৰ’সমূহলৈ যদি যায়, তেন্তে আপোনালোকে তাৰ পৰাই আবেদন কৰিব পাৰিব। মই আত্ম-সহায়ক গোটসমূহৰ সকলো ভগ্নীকে ক'ম যে আপোনালোক হাতে-কামে লাগি যাওক আৰু এই আঁচনিখনক প্ৰতিখন ঘৰলৈ লৈ যাওক। আপোনালোকে এই কামটো হাত পাতি লওক। আপোনালোকে দেখিব কিমান ডাঙৰ বিদ্যুতৰ কাম এতিয়া মোৰ ভগ্নীসকলে কৰিব পাৰে আৰু মই নিশ্চিত যে যেতিয়া প্ৰতিখন ঘৰলৈ বিদ্যুতৰ বিল শূন্য এককত আহিবলৈ লব তেতিয়া তেওঁলোকে আপোনালোকক আশীৰ্বাদ দিব নে নিদিব? আৰু তেওঁলোকে সঞ্চয় কৰা ধন তেওঁলোকৰ পৰিয়ালৰ বাবে ব্যৱহাৰ হ'ব নে নহয়। গতিকে আমাৰ আত্ম-সহায়ক গোটৰ ভগ্নীসকলে নেতৃত্ব দি এই আঁচনিখনৰ সৰ্বাধিক লাভ তেওঁলোকৰ গাঁৱসমূহত কৰিব পাৰে। আৰু মই চৰকাৰক এইটোও কৈছো যে য'তেই আত্ম-সহায়ক গোটৰ ভগ্নীসকল এই কামৰ বাবে আগবাঢ়ি আহিব, আমি তেওঁলোকক প্ৰাথমিকতা দিম আৰু মই শূন্য বিল বিদ্যুতৰ এই অভিযান সফলতাৰে আগবঢ়াব বিচাৰিছোঁ। মই আকৌ এবাৰ আপোনালোকক                     মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order

Media Coverage

Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates India’s U-19 Cricket Team on World Cup Victory
February 06, 2026

The Prime Minister, Shri Narendra Modi, has lauded the outstanding performance of India’s Under-19 cricket team for clinching the World Cup title.

Prime Minister commended the team for playing very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too, he added.

In a message on X, Shri Modi said:

“India’s cricketing talent shines!

Proud of our U-19 team for bringing home the World Cup. The team has played very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too. Best wishes to the players for their upcoming endeavours.”