"যুৱ শক্তি বিকশিত ভাৰতৰ আধাৰ"
"মহাদেৱৰ আশীৰ্বাদত যোৱা ১০ বছৰ ধৰি কাশীত 'বিকাশ কা দামৰু' প্ৰতিধ্বনিত হৈ আহিছে"
"কাশী কেৱল আমাৰ বিশ্বাসৰ তীৰ্থযাত্ৰা নহয়, ই হৈছে ভাৰতৰ চিৰন্তন চেতনাৰ জীৱন্ত কেন্দ্ৰ"।
"বিশ্বনাথ ধামে এক নিৰ্ণায়ক দিশ প্ৰদান কৰিব আৰু ভাৰতক এক উজ্জ্বল ভৱিষ্যতলৈ লৈ যাব"
"নতুন কাশী নতুন ভাৰতৰ বাবে এক অনুপ্ৰেৰণা হিচাপে আত্মপ্ৰকাশ কৰিছে"
"ভাৰত এক ধাৰণা, আৰু সংস্কৃত হৈছে ইয়াৰ মুখ্য অভিব্যক্তি। ভাৰত হৈছে এক যাত্ৰা, সংস্কৃত হৈছে ইয়াৰ ইতিহাসৰ মুখ্য অধ্যায়। ভাৰত হৈছে বৈচিত্ৰ্যৰ মাজত একতাৰ ভূমি, সংস্কৃত ইয়াৰ মূল"
"আজি কাশীক ঐতিহ্য আৰু উন্নয়নৰ এক আৰ্হি হিচাপে প্ৰত্যক্ষ হৈছে। পৰম্পৰা আৰু আধ্যাত্মিকতাৰ চাৰিওফালে আধুনিকতা কেনেদৰে বিস্তাৰিত হয়আজি পৃথিৱীয়ে প্ৰত্যক্ষ কৰিছে"
তেওঁ এইটোও উল্লেখ কৰে যে আজি মুকলি কৰা কফি টেবুল কিতাপবোৰে যোৱা ১০ বছৰত কাশীৰ পুনৰুজ্জীৱিতকৰণৰ কাহিনী বহন কৰিছে।

নমো পাৰ্বতী পতয়ে.., হৰ হৰ মহাদেৱ!

 

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কাশী বিদ্বত পৰিষদৰ অধ্যক্ষ অধ্যাপক বশিষ্ঠ ত্ৰিপাঠী জী, কাশী বিশ্বনাথ ন্যাস পৰিষদৰ অধ্যক্ষ অধ্যাপক নগেন্দ্ৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু অন্যান্য জনপ্ৰতিনিধি, সন্মানীয় পণ্ডিত, অংশগ্ৰহণকাৰী বন্ধু-বান্ধৱী, ভদ্ৰ পুৰুষ-মহিলাসকল।

 

মোৰ পৰিয়ালৰ সকলো সদস্যকে শুভেচ্ছা জনাইছো! মহামনাৰ এই চোতালত সকলো পণ্ডিত আৰু বিশেষকৈ ডেকা পণ্ডিতৰ মাজত আহি জ্ঞানৰ গংগাত ডুব যোৱাৰ দৰে অনুভৱ হয়। যি কাশী যি কালজয়ী, যিটো সময়তকৈ পুৰণি বুলি কোৱা হয়, যাৰ পৰিচয় আমাৰ আধুনিক যুৱ প্ৰজন্মই এনে দায়িত্ব লৈ শক্তিশালী হৈ উঠিছে। এই দৃশ্যই হৃদয়ত সন্তুষ্টি দিয়ে, গৌৰৱ অনুভৱ হোৱাৰ লগতে আত্মবিশ্বাস জগাই তোলে যে অমৃতকালত আপোনালোক সকলোৱে দেশক নতুন উচ্চতালৈ লৈ যাব। আৰু কাশী সকলো জ্ঞানৰ ৰাজধানী। আজি সেই শক্তি আৰু কাশীৰ সেই ৰূপটো পুনৰ উত্থান ঘটিছে। এয়া সমগ্ৰ ভাৰতৰ বাবে গৌৰৱৰ বিষয়। আৰু এতিয়া কাশী সাংসদ সংস্কৃত প্ৰতিযোগিতা, কাশী সাংসদ জ্ঞান প্ৰতিযোগিতা আৰু কাশী সাংসদ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা দিয়াৰ সুযোগ পাইছো। সকলো বিজয়ীকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভাৰ বাবে অভিনন্দন জনাইছো, তেওঁলোকৰ পৰিয়াল আৰু শিক্ষাগুৰুসকলকো অভিনন্দন জনাইছো। সফলতাৰ পৰা কেইখোজমান দূৰত থকা একাংশ যুৱক-যুৱতীও থাকিব পাৰে, কোনোবাই ৪ বছৰত আবদ্ধ হৈ থাকিব পাৰে। মই তেওঁকো অভিনন্দন জনাইছো। আপোনালোক কাশীৰ জ্ঞান পৰম্পৰাৰ অংশ হৈ পৰিল আৰু ইয়াৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিলে। এয়া সঁচাকৈয়ে এক বৃহৎ গৌৰৱ। আপোনালোকৰ কোনোৱেই পৰাজিত নাই বা পিছ পৰি ৰোৱা নাই। এই অংশগ্ৰহণৰ জৰিয়তে আপোনালোকে বহু নতুন কথা শিকি বহু দূৰ আগুৱাই গৈছে। গতিকে এই প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তি অভিনন্দনৰ পাত্ৰ। লগতে এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে শ্ৰী কাশী বিশ্বনাথ মন্দিৰ ন্যাস, কাশী বিদ্বত পৰিষদ আৰু সকলো পণ্ডিতক শ্ৰদ্ধাৰে ধন্যবাদ জনাইছো। কাশীৰ সাংসদ হিচাপে মোৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত আপোনালোকে বৃহৎ ভূমিকা পালন কৰি অভূতপূৰ্ব সহযোগিতা আগবঢ়াইছে। যোৱা ১০ বছৰত কাশীত যি উন্নয়নমূলক কাম হৈছে আৰু কাশী সম্পৰ্কীয় সম্পূৰ্ণ তথ্যৰ ওপৰত আজি ইয়াত দুখন গ্ৰন্থ উন্মোচন কৰা হৈছে। যোৱা ১০ বছৰত কাশীয়ে যি উন্নয়নৰ যাত্ৰা হাতত লৈছে, তাৰ প্ৰতিটো পৰ্যায় আৰু ইয়াৰ সংস্কৃতিৰ বিষয়েও এই কফি টেবুলৰ কিতাপবোৰত বৰ্ণনা কৰা হৈছে। তদুপৰি, কাশীত অনুষ্ঠিত সকলো সাংসদ প্ৰতিযোগিতাৰ ওপৰতো সৰু সৰু গ্ৰন্থ উন্মোচন কৰা হৈছে। ইয়াৰ বাবে সমগ্ৰ কাশীবাসীক অভিনন্দন জনাইছো।

 

কিন্তু বন্ধুসকল,

 

আপোনালোকেও জানে যে আমি সকলোৱে নিমিত্ৰ মাত্ৰ। কাশীত যি কৰে কেৱল মহাদেৱ আৰু তেওঁৰ অনুগামীসকলহে কৰে। মহাদেৱে য'তেই আশীৰ্বাদ দিয়ে, জগত সমৃদ্ধিশালী হয়, এই সময়ত মহাদেৱ অতি আনন্দত, মহাদেৱ অতি সুখী। সেইবাবেই মহাদেৱৰ আশীৰ্বাদত বিগত ১০ বছৰত কাশীৰ সকলোতে উন্নয়নৰ জোৱাৰ উঠিছে। আজি আকৌ এবাৰ... আমাৰ কাশী পৰিয়ালৰ ৰাইজৰ বাবে কোটি কোটি টকাৰ এখন আঁচনি উদ্বোধন কৰা হৈছে। শিৱৰাত্ৰি আৰু ৰংগভৰি একাদশীৰ পূৰ্বে আজি কাশীত উদযাপন কৰা হৈছে উন্নয়নৰ উৎসৱ। মঞ্চলৈ উপৱিষ্ট হোৱাৰ ঠিক আগতে কাশী সাংসদ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ গেলেৰীখন চাই আছিলো। যোৱা ১০ বছৰত উন্নয়নৰ গংগাই কাশীক মহীয়ান কৰিছে, আপোনালোক সকলোৱে প্ৰত্যক্ষভাৱে দেখিছে যে কাশীৰ কিমান দ্ৰুত পৰিৱৰ্তন হৈছে। মই ঠিকেই কৈছো, গতিকে যদি আপোনালোকে মোক কয় তেতিয়া আপোনালোকে গম পাব, মই আচলতে যি কৈছো সেয়া শুদ্ধ, পৰিৱৰ্তন হৈছে, মই সন্তুষ্ট। কিন্তু সৰু ল’ৰা-ছোৱালীবোৰে হয়তো আগৰ কাশীখন দেখা নাই;সিহঁতে হয়তো এটা স্বাভাৱিক, ভব্য কাশী দেখিছে। এইটোৱেই মোৰ কাশীৰ শক্তি আৰু এইটোৱেই কাশীবাসীৰ সন্মান, এইটোৱেই মহাদেৱৰ কৃপাৰ শক্তি। বাবা জৌন চাহ গ’ল, তেওঁক জানো ৰাখিব পাৰিলে? সেইবাবেই যেতিয়াই বেনাৰসত কিবা শুভ ঘটনা ঘটে! মানুহে হাত দাঙি ক’লে – নমো পাৰ্বতী পতয়ে, হৰ-হৰ মহাদেৱ!

 

বন্ধুসকল,

কাশী কেৱল আমাৰ বিশ্বাসৰ তীৰ্থস্থান নহয়, ই ভাৰতৰ চিৰন্তন চেতনাৰ জাগৰণ কেন্দ্ৰ। ভাৰতৰ সমৃদ্ধিৰ কাহিনী সমগ্ৰ বিশ্বতে শুনা গৈছিল। ইয়াৰ আঁৰত কেৱল ভাৰতৰ অৰ্থনৈতিক শক্তি নাছিল। ইয়াৰ আঁৰত আছিল আমাৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক আৰু আধ্যাত্মিক সমৃদ্ধিও। আমাৰ কাশীৰ দৰে তীৰ্থস্থান আৰু বিশ্বনাথ ধামৰ দৰে আমাৰ মন্দিৰবোৰ আগতে দেশৰ প্ৰগতিৰ বলিদানৰ স্থান আছিল। ইয়াত সাধনাও কৰা হৈছিল আৰু শাস্ত্ৰৰো ব্যৱহাৰ কৰা হৈছিল। ইয়াত আলোচনা আৰু গৱেষণা হৈছিল। ইয়াত সংস্কৃতিৰ উৎস আছিল, সাহিত্য আৰু সংগীতৰ ধাৰাও আছিল। সেইবাবেই আপোনালোকে দেখিছে, ভাৰতে যিমানবোৰ নতুন ধাৰণা আৰু নতুন বিজ্ঞান দিছে, সেইবোৰ কোনোবা নহয় কোনোবা সাংস্কৃতিক কেন্দ্ৰৰ লগত জড়িত। কাশীৰ আদৰ্শ আমাৰ সন্মুখত। কাশীও শিৱৰ নগৰ, ই বুদ্ধৰ শিক্ষাৰো ভূমি। কাশী জৈন তীৰ্থংকৰৰো জন্মস্থান, আদি শংকৰাচাৰ্যেও ইয়াৰ পৰাই জ্ঞান লাভ কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আনকি বিশ্বৰ প্ৰতিটো কোণৰ পৰাও মানুহে জ্ঞান, গৱেষণা আৰু শান্তিৰ সন্ধানত কাশীলৈ আহে। প্ৰতিখন প্ৰদেশ, প্ৰতিটো ভাষা, প্ৰতিটো উপভাষা, প্ৰতিটো প্ৰথাৰ পৰা ইয়াৰ মানুহ আহি কাশীত বসতি স্থাপন কৰিছে। এনে বৈচিত্ৰ্য থকা ঠাইত নতুন নতুন ধাৰণাৰ জন্ম হয়। য’ত নতুন ধাৰণা ফুলি উঠে, তাতেই প্ৰগতিৰ সম্ভাৱনাও ফুলি উঠে।

 

সেইবাবেই ভাই-ভনীসকল,

বিশ্বনাথ ধাম উদ্বোধন উপলক্ষে মই কৈছিলোঁ, সেই সময়ত মই কোৱা কথাখিনি মনত ৰাখিব, সেই সময়ত মই কৈছিলোঁ– “বিশ্বনাথ ধাম ভাৰতক এক নিৰ্ণায়ক দিশ দিব, ভাৰতক উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ যাব”। আজি দেখিবলৈ পাইছে নে নাই, ঘটিছেনে ঘটা নাই। বিশ্বনাথ ধামে নিজৰ ভৱিষ্যৎ ৰূপত পুনৰ জাতীয় ভূমিকালৈ ঘূৰি আহি ভাৰতক এক নিৰ্ণায়ক ভৱিষ্যতৰ দিশে আগুৱাই লৈ গৈছে। আজি বিশ্বনাথ ধাম কমপ্লেক্সত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পণ্ডিতসকলৰ ‘বিদ্বান আলোচনা চক্ৰ’ অনুষ্ঠিত কৰা হৈছে। বিশ্বনাথ মন্দিৰ ন্যাসেও শাস্ত্ৰৰ পৰম্পৰা পুনৰুজ্জীৱিত কৰি তুলিছে। ধ্ৰুপদী কণ্ঠৰ সমান্তৰালকৈ কাশীত শাস্ত্ৰ আধাৰিত সংলাপো অনুৰণন ঘটিছে। ইয়াৰ ফলত সমগ্ৰ দেশৰ পণ্ডিতসকলৰ মাজত মত বিনিময় বৃদ্ধি পাব। ইয়াৰ দ্বাৰা প্ৰাচীন জ্ঞান সংৰক্ষণৰ লগতে নতুন ধাৰণাৰো সৃষ্টি হ’ব। কাশী সাংসদ সংস্কৃত প্ৰতিযোগিতা আৰু কাশী সাংসদ জ্ঞান প্ৰতিযোগিতাও এই প্ৰচেষ্টাৰ এক অংশ। সংস্কৃত অধ্যয়ন কৰা হাজাৰ হাজাৰ যুৱক-যুৱতীক কিতাপ, কাপোৰ-কানি আৰু অন্যান্য প্ৰয়োজনীয় সম্পদৰ লগতে বৃত্তি প্ৰদান কৰা হৈছে। শিক্ষকসকলকো সাহায্য প্ৰদান কৰা হৈছে। কেৱল ইমানেই নহয় বিশ্বনাথ ধাম কাশী তামিল সংগমম আৰু গংগা পুষ্কৰুলু মহোৎসৱৰ দৰে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ অভিযানৰ অংশ হৈ পৰিছে। জনজাতীয় সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে এই বিশ্বাসৰ কেন্দ্ৰই সামাজিক অন্তৰ্ভুক্তিৰ সংকল্প শক্তিশালী কৰি তুলিছে। কাশীৰ পণ্ডিতসকলে আৰু আধুনিক বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰাচীন জ্ঞানৰ ওপৰত বিদ্বত পৰিষদে নতুন গৱেষণাও কৰি আছে। মোক কোৱা হৈছে যে অতি সোনকালে মন্দিৰ ট্ৰাষ্টে মহানগৰীৰ বহু ঠাইত বিনামূলীয়া খাদ্যৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ ওলাইছে। মাতৃ অন্নপূৰ্ণা চহৰত যাতে কোনো লোক ভোকত নাথাকে তাৰ বাবে এই মন্দিৰটোৱে নিশ্চিত কৰিব। অৰ্থাৎ বিশ্বাসৰ কেন্দ্ৰটো কেনেকৈ সামাজিক আৰু জাতীয় সংকল্পৰ শক্তিৰ কেন্দ্ৰ হ’ব পাৰে, নৈ কাশী নতুন ভাৰতৰ বাবে প্ৰেৰণা হিচাপে আত্মপ্ৰকাশ কৰিছে। আশা কৰোঁ ইয়াৰ পৰা ওলাই অহা যুৱক-যুৱতীসকলে সমগ্ৰ বিশ্বতে ভাৰতীয় জ্ঞান, পৰম্পৰা আৰু সংস্কৃতিৰ পতাকাবাহী হৈ উঠিব। বাবা বিশ্বনাথৰ এই ভূমি তেওঁৰ বিশ্ব কল্যাণৰ সংকল্পৰ সাক্ষী হৈ পৰিছে্।

 

বন্ধুসকল,

 

আমাৰ জ্ঞান, বিজ্ঞান আৰু আধ্যাত্মিকতাৰ বিকাশত যিবোৰ ভাষাই সৰ্বাধিক অৱদান আগবঢ়াইছে, তাৰ ভিতৰত সংস্কৃত ভাষাই আটাইতকৈ প্ৰধান। ভাৰত এক ধাৰণা, সংস্কৃত ইয়াৰ মূল প্ৰকাশ। ভাৰত এক যাত্ৰা, সংস্কৃত ইয়াৰ ইতিহাসৰ মূল অধ্যায়। ভাৰত বৈচিত্ৰ্যৰ ঐক্যৰ দেশ, সংস্কৃত ইয়াৰ উৎপত্তি। সেইবাবেই ইয়াত কোৱা হৈছে - “ভাৰতস্য প্ৰতিষ্ঠে দ্বে সংস্কৃত সাংস্কৃতিক-স্থিতি”। অৰ্থাৎ ভাৰতৰ প্ৰতিপত্তিত সংস্কৃতৰ ডাঙৰ ভূমিকা আছে। আমাৰ দেশত সংস্কৃত বৈজ্ঞানিক গৱেষণাৰ ভাষা আছিল, সংস্কৃত ধ্ৰুপদী বুজাবুজিৰ ভাষাও আছিল। জ্যোতিৰ্বিজ্ঞানৰ সূৰ্য্য সিদ্ধান্তৰ দৰে গ্ৰন্থই হওক, গণিতত আৰ্যভটিয়া আৰু লীলাৱতী, চিকিৎসা বিজ্ঞানৰ চৰক আৰু সুশ্ৰুত সংহিতা হওক, বা বৃহৎ সংহিতাৰ দৰে গ্ৰন্থই হওক, এই সকলোবোৰ সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। ইয়াৰ সমান্তৰালকৈ সংস্কৃত ভাষাৰ পৰা সাহিত্য, সংগীত আৰু কলাৰ বহু ধাৰাও উৎপত্তি হৈছে। এই ধাৰাসমূহৰ জৰিয়তে ভাৰতে স্বীকৃতি লাভ কৰিছে। কাশীত যিবোৰ বেদ পাঠ কৰা হয়, সেইবোৰ আমি একেটা সংস্কৃততে কাশীত শুনিব লাগিব। এইবোৰেই হৈছে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চিৰন্তন কণ্ঠ, যিয়ে ভাৰতক এক দেশ হিচাপে হাজাৰ হাজাৰ বছৰ ধৰি একত্ৰিত কৰি ৰাখিছে।

 

বন্ধুসকল,

আজি কাশীক ঐতিহ্য আৰু উন্নয়নৰ আৰ্হি হিচাপে দেখা গৈছে। আজি বিশ্বই দেখিছে যে পৰম্পৰা আৰু আধ্যাত্মিকতাক কেন্দ্ৰ কৰি আধুনিকতা কেনেকৈ বিস্তাৰিত হয়। ৰামলালাই নিজৰ নতুন ভব্য মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত এতিয়া অযোধ্যাও একেদৰেই উজ্বলি উঠিছে। দেশৰ ভগৱান বুদ্ধৰ সৈতে জড়িত স্থানসমূহত আধুনিক আন্তঃগাঁথনি আৰু সা-সুবিধাসমূহো নিৰ্মাণ কৰি থকা হৈছে। কুশীনগৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সুবিধা পাইছে উত্তৰপ্ৰদেশে। এনে বহু কাম আজি দেশত চলি আছে। অহা ৫ বছৰত এই আত্মবিশ্বাসেৰে দেশে উন্নয়নক এক নতুন গতি প্ৰদান কৰিব আৰু দেশে সফলতাৰ নতুন আৰ্হিৰ সৃষ্টি কৰিব। আৰু এয়া মোদীৰ গেৰাণ্টি। আৰু আপোনালোকে এইটোও জানে যে মোদীৰ গেৰাণ্টি মানে পূৰণৰ গেৰাণ্টি। এতিয়া মই এজন সাংসদ কিন্তু প্ৰতিবাৰেই মই কিছু কাম আনিম, মোৰ বাবে আৰু আপোনালোকৰ বাবে...আপোনালোকে কৰিবনে? চাওক, মই কোৱা সকলো কথাই ইমান সুন্দৰভাৱে ইয়াৰ মানুহে গ্ৰহণ কৰিছিল, সকলোৱে ইয়াৰ সৈতে সংযোগ স্থাপন কৰিছিল আৰু নতুন প্ৰজন্মলৈ আহিছিল এক নতুন চেতনা। এই প্ৰতিযোগিতাবোৰ স্বাভাৱিক নহয়। যিটো মোৰ সকলো প্ৰচেষ্টাৰে লক্ষ্য, সকলো প্ৰচেষ্টাৰে এইটো এটা সফল পৰীক্ষা। আগন্তুক দিনত চাব বিচাৰিম প্ৰতিটো পৰ্যটনস্থলীত কি হয়, মানুহে পোষ্ট কাৰ্ড ছপা কৰে, সন্মুখত সেই ঠাইখনৰ বিশেষ ছবি আৰু পিছফালে ২ শাৰী লিখিবলৈ ঠাই আছে। মই বিচাৰো যে কাশীৰ ফটো প্ৰতিযোগিতাত শীৰ্ষ শ্ৰেষ্ঠ ছবিৰ বাবে ভোটিং হ’ব লাগে, মানুহে ভোট দিব লাগে আৰু পোষ্ট কাৰ্ড ছপা কৰি ১০ খন শ্ৰেষ্ঠ ছবি পৰ্যটকক বিক্ৰী কৰাৰ কাৰ্যসূচী হাতত ল’ব লাগে। আৰু প্ৰতি বছৰে এই ফটো প্ৰতিযোগিতা হ'ব, প্ৰতি বছৰে ১০ খন নতুন ফটো আহিব। কিন্তু ভোটদানৰ জৰিয়তে কৰিব লাগে, কাশীবাসীয়ে ভোট দি এই ফটোখন আগুৱাই নিব লাগে। সকলো ফটো ওলাই গ’লে আমি অনলাইন প্ৰতিযোগিতা কৰিব নোৱাৰোনে? ঠিক আছে।

 

দ্বিতীয় কামটো হৈছে– ফটোগ্ৰাফী কিছুমান মানুহে হয়তো মোবাইলত কৰিছিল আৰু হয়তো প্ৰতিযোগিতাত অংশ লৈছিল। এতিয়া আহক আমি এটা অনুষ্ঠানৰ আয়োজন কৰোঁ য’ত মানুহে নিজৰ ইচ্ছামতে বিভিন্ন ঠাইত বহি কাগজৰ আকাৰ নিৰ্ধাৰণ কৰি তাৰ ওপৰত আঁকি স্কেচ কৰে। আৰু ইয়াত থকা শ্ৰেষ্ঠ স্কেচিং সকলকো পুৰস্কাৰ দিব লাগে আৰু পিছত, যিসকলে ড্ৰ’ হ’ব তেওঁলোকৰ শ্ৰেষ্ঠ ১০ খন পোষ্ট কাৰ্ডো আঁকিব লাগে নহয়নে? মাতবোল নাইকিয়া হ’ল যে?

 

তৃতীয় কামটো হৈছে – চাওক, এতিয়া কোটি কোটি মানুহ কাশীলৈ আহে, গাইডৰ বৰ প্ৰয়োজন, মানুহে বিচাৰে কোনোবাই বুজাই ক’ব। বহু কষ্ট কৰি অহা যাত্ৰীজন কাশীৰ প্ৰভাৱত প্ৰভাৱিত হ’ব লাগে;কাশী তেওঁৰ হৃদয় আৰু মনৰ পৰা নোহোৱা হ’ব নালাগে। ইয়াৰ বাবে এটা ভাল গাইডৰ প্ৰয়োজন। আৰু সেইবাবেই মই কৈছো যে শ্ৰেষ্ঠ গাইডৰ মাজত প্ৰতিযোগিতা হব লাগে, সকলোৱে আহি গাইড হিচাপে পৰিবেশন কৰিব লাগে আৰু শ্ৰেষ্ঠ গাইডক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ দিব লাগে। ভৱিষ্যতে তেওঁ গাইড হিচাপেও জীৱিকা উপাৰ্জন কৰিব পাৰিব, নতুন এলেকাৰ বিকাশ হ’লে কৰিবনে? আপোনালোকে নাকচ কৰা নাই বন্ধু, গতিকে পৰীক্ষা দিব লাগে নে নাই?তেতিয়া আপোনাৰ শিক্ষকসকলে ক'ব যে সাংসদজনে এনেকুৱা যে আমাৰ ল'ৰা-ছোৱালীক পঢ়াবলৈ দিয়াৰ সলনি তেওঁলোকে আন কামবোৰ কৰি দিয়ে। চাওক, আমাৰ ভিতৰত যিমান দক্ষতা বিকাশ কৰিব পাৰো সিমান দক্ষতা থাকিব লাগে। প্ৰতিভাক বিকাশৰ প্ৰতিটো সুযোগ দিব লাগে। ভগৱানে সকলোকে প্ৰতিটো ধৰণৰ শক্তি দিছে, কোনোবাই আহৰণ কৰে, কোনোবাই সামৰি সুতৰি তাতেই পৰি থাকিবলৈ দিয়ে।

 

 

দ্বিতীয় কামটো হৈছে– ফটোগ্ৰাফী কিছুমান মানুহে হয়তো মোবাইলত কৰিছিল আৰু হয়তো প্ৰতিযোগিতাত অংশ লৈছিল। এতিয়া আহক আমি এটা অনুষ্ঠানৰ আয়োজন কৰোঁ য’ত মানুহে নিজৰ ইচ্ছামতে বিভিন্ন ঠাইত বহি কাগজৰ আকাৰ নিৰ্ধাৰণ কৰি তাৰ ওপৰত আঁকি স্কেচ কৰে। আৰু ইয়াত থকা শ্ৰেষ্ঠ স্কেচিং সকলকো পুৰস্কাৰ দিব লাগে আৰু পিছত, যিসকলে ড্ৰ’ হ’ব তেওঁলোকৰ শ্ৰেষ্ঠ ১০ খন পোষ্ট কাৰ্ডো আঁকিব লাগে নহয়নে? মাতবোল নাইকিয়া হ’ল যে?

 

তৃতীয় কামটো হৈছে – চাওক, এতিয়া কোটি কোটি মানুহ কাশীলৈ আহে, গাইডৰ বৰ প্ৰয়োজন, মানুহে বিচাৰে কোনোবাই বুজাই ক’ব। বহু কষ্ট কৰি অহা যাত্ৰীজন কাশীৰ প্ৰভাৱত প্ৰভাৱিত হ’ব লাগে;কাশী তেওঁৰ হৃদয় আৰু মনৰ পৰা নোহোৱা হ’ব নালাগে। ইয়াৰ বাবে এটা ভাল গাইডৰ প্ৰয়োজন। আৰু সেইবাবেই মই কৈছো যে শ্ৰেষ্ঠ গাইডৰ মাজত প্ৰতিযোগিতা হব লাগে, সকলোৱে আহি গাইড হিচাপে পৰিবেশন কৰিব লাগে আৰু শ্ৰেষ্ঠ গাইডক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ দিব লাগে। ভৱিষ্যতে তেওঁ গাইড হিচাপেও জীৱিকা উপাৰ্জন কৰিব পাৰিব, নতুন এলেকাৰ বিকাশ হ’লে কৰিবনে? আপোনালোকে নাকচ কৰা নাই বন্ধু, গতিকে পৰীক্ষা দিব লাগে নে নাই?তেতিয়া আপোনাৰ শিক্ষকসকলে ক'ব যে সাংসদজনে এনেকুৱা যে আমাৰ ল'ৰা-ছোৱালীক পঢ়াবলৈ দিয়াৰ সলনি তেওঁলোকে আন কামবোৰ কৰি দিয়ে। চাওক, আমাৰ ভিতৰত যিমান দক্ষতা বিকাশ কৰিব পাৰো সিমান দক্ষতা থাকিব লাগে। প্ৰতিভাক বিকাশৰ প্ৰতিটো সুযোগ দিব লাগে। ভগৱানে সকলোকে প্ৰতিটো ধৰণৰ শক্তি দিছে, কোনোবাই আহৰণ কৰে, কোনোবাই সামৰি সুতৰি তাতেই পৰি থাকিবলৈ দিয়ে।

 

কাশীক সৌন্দৰ্য্যবৰ্ধন কৰা হ’ব। ইয়াত দলং নিৰ্মাণ হ’ব, ৰাস্তা-ঘাট নিৰ্মাণ হ’ব, অট্টালিকাও নিৰ্মাণ হ’ব, কিন্তু মই ইয়াত প্ৰতিজন ব্যক্তিক সৌন্দৰ্য্যবৰ্ধন কৰিব লাগিব, প্ৰতিটো হৃদয়ক সৌন্দৰ্য্যবৰ্ধন কৰিব লাগিব আৰু সেৱক হৈ সুন্দৰ কৰিব লাগিব, সংগী হৈ সৌন্দৰ্য্যবৰ্ধন কৰিব লাগিব, আমি আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'ব লাগিব। আৰু সেইবাবে সকলো বিজয়ীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। যদিও অনুষ্ঠানৰ কিছু বিলম্ব হৈছে, তথাপি আপোনালোকৰ মাজত অধিক সময় কটাব বিচাৰিছো। মই দেখিছোঁ যে বহুতে ফটো এখন তুলিবলৈ ইচ্ছা কৰে বন্ধু, কিন্তু মই আপোনালোকৰ লগত ফটো এখন তুলিবলৈ ইচ্ছা কৰিছো। গতিকে আপোনালোকে মোক সহায় কৰিবনে?...চাওক, মই কোৱা কথা অনুসৰণ কৰিলেহে সহায় হ’ব। ইয়াৰ পৰা নোযোৱালৈকে কোনো থিয় হ'ব নালাগে...ঠিক আছে। মই ইয়াৰ পৰা ঘুৰি গৈ প্ৰতিটো ব্লকত থিয় দিম আৰু সকলো কেমেৰামেন মঞ্চত আহিব, ইয়াৰ পৰা ফটো উঠাব... ঠিক আছে। কিন্তু এই ফটোখন মই লগত লৈ যাম, তোমালোকৰ কি হ’ব...কি হ’ব তোমালোকৰ? ইয়াৰ সমাধান আছে, আমি আপোনালোকক ক'ম। আপোনালোকে আপোনালোকৰ মোবাইলত নমো এপ ডাউনলোড কৰিব, তাত এটা ফটো ছেকচন আছে, আপোনাৰ চেলফিটো লৈ তাত থৈ দিব। তেতিয়া সেই সকলোবোৰ ফটো যিবোৰৰ সৈতে তোলা হৈছে মই, যিকোনো ঠাইতে চাব পাৰিম।সকলোবোৰ এআইৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আহিব। গতিকে আমাৰ কাশীত সংস্কৃত আৰু বিজ্ঞান থাকিব। গতিকে আপোনালোকে মোক নিশ্চয় সহায় কৰিব...আপোনালোকে বহি থাকিব, নহয়নে? কোনেও থিয় হ’ব নালাগে, বহি থাকোঁতে মূৰটো ওপৰলৈ তুলিব পাৰে যাতে সকলোৰে ফটো দেখা যায়। আৰু মোৰ হাতত এনেকুৱা কেমেৰা আছে যে হাঁহি থকা মানুহজনৰ ফটোখন ওলাই আহে।

 

হৰ হৰ মহাদেৱ!

 

গতিকে মই নামি আহিছো, এওঁলোক ইয়াত বহিব, আপোনালোক তাত বহিব। কেমেৰামেন সকল ওপৰলৈ উঠক।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple exports record $2 billion worth of iPhones from India in November

Media Coverage

Apple exports record $2 billion worth of iPhones from India in November
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the power of collective effort
December 17, 2025

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam-

“अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।

तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः॥”

The Sanskrit Subhashitam conveys that even small things, when brought together in a well-planned manner, can accomplish great tasks, and that a rope made of hay sticks can even entangle powerful elephants.

The Prime Minister wrote on X;

“अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।

तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः॥”