উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে স্বাস্থ্য, ৰে’ল, পথ, তেল আৰু গেছৰ দৰে খণ্ড
‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ত নতুন দৰ্শন শাৰী চৌহদ উদ্বোধন কৰে
নীলৱান্দে বান্ধৰ বাওঁ কাষৰ নলা-প্ৰণালী উৎসৰ্গা কৰে
'নমো শেতকাৰী মহাসন্মান নিধি যোজনা'ৰ শুভাৰম্ভ কৰে
হিতাধিকাৰীসকলক ‘আয়ুষ্মান কাৰ্ড’ আৰু ‘স্বামিত্ব পত্ৰ’ বিতৰণ কৰে
"সামাজিক ন্যায়ৰ প্ৰকৃত অৰ্থ হৈছে দাৰিদ্ৰৰ পৰা ৰাষ্ট্ৰৰ মুক্তি আৰু দৰিদ্ৰসকলৰ বাবে পৰ্যাপ্ত সুযোগৰ নিশ্চয়তা"
শ্ৰী মোদীয়ে হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড আৰু স্বামিত্ব কাৰ্ডো বিতৰণ কৰে।
দিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে শিৰডীৰ ‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ত পূজা আৰু দৰ্শন কৰে আৰু ‘নীলৱান্দে বান্ধ’ৰ ‘জল পুজন’ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে।
‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ৰ ‘দৰ্শন শাৰী চৌহদ’ৰ বিষয়ে ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ২০১৮ চনৰ অক্টোবৰ মাহত ইয়াৰ আধাৰশিলা স্থাপনৰ কৰাৰ বিষয়ে অৱগত কৰে আৰু কয় যে এই পদক্ষেপে ভাৰত আৰু বিদেশৰ তীৰ্থযাত্ৰীসকলৰ সুবিধা আৰু বৃদ্ধি কৰিব।
প্ৰধানমন্ত্ৰীয়ে আজি পুৱা ‘ৱাৰকাৰী সম্প্ৰদায়’ৰ বাবা মহাৰাজ সাতাৰকাৰৰ দুখজনক মৃত্যুৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বাবা মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কীৰ্তন আৰু প্ৰবচনৰ দ্বাৰা তেওঁ অব্যাহত ৰখা সামাজিক সজাগতামূলক কৰ্মৰাজীৰ কথা স্মৰণ কৰে, যিয়ে অনাগত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব।
শ্ৰী মোদীয়ে নতুনকৈ আৰম্ভ কৰা ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি’ৰ কথাও উল্লেখ কৰে যিয়ে ১৩,০০০ কোটি টকাৰো অধিক চৰকাৰী পুঁজিৰে লাখ লাখ কাঠমিস্ত্ৰী, সোণোৱাল, কুমাৰ আৰু ভাস্কৰ্যশিল্পীৰ পৰিয়ালক সহায় কৰিবলৈ আৰম্ভ কৰিছে।

নমস্কাৰ ছত্ৰপতি পৰিয়াল!


ইয়াত সমবেত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ জী, মহাৰাষ্ট্ৰৰ কঠোৰ-পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ জী, অজিত জী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক আৰু মোৰ পৰিয়ালৰ সদস্যসকল।

এই পবিত্ৰ শিৰদী ভূমিলৈ মোৰ বিনম্ৰ নমস্কাৰ! পাঁচ বছৰ পূৰ্বে এই পবিত্ৰ মন্দিৰৰ ১০০ বছৰ সম্পূৰ্ণ হওঁতে মই সাইদৰ্শনৰ সুযোগ পাইছিলোঁ। (মাৰাঠী ভাষাতে কয়) আজি সাই বাবাৰ আশীৰ্বাদত ৭,৫০০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন বা আধাৰশিলা স্থাপন কৰা হৈছে। যোৱা পাঁচ দশক ধৰি মহাৰাষ্ট্ৰই অপেক্ষা কৰি থকা নীলৱাণ্ডে বান্ধটোও সম্পূৰ্ণ হৈছে আৰু মোৰ সৌভাগ্য যে তাত 'জল পূজন' কৰাৰ সৌভাগ্য লাভ কৰোঁ। ‘দৰ্শন কিউ’ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে-লগে দেশৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাষ্ট্ৰৰ ভক্তসকলো উপকৃত হ’ব।

 

বন্ধুসকল,

আজি পুৱা হৰিৰ ভক্ত বাবা মহাৰাজ সতৰ্কৰৰ গৌৰৱ ভাৰকাৰী পন্থাৰ অৱসানৰ দুৰ্ভাগ্যজনক খবৰ পাইছোঁ। কীৰ্ত্তন আৰু ধৰ্মধ্বনিৰ জৰিয়তে তেওঁ যি সামাজিক জাগৰণৰ কাম কৰিছিল, সেই কামে আগন্তুক প্ৰজন্মক যুগে-যুগে অনুপ্ৰাণিত কৰিব। তেওঁৰ কথা কোৱাৰ সহজ ধৰণ, তেওঁৰ মৰমলগা কথা, তেওঁৰ শৈলীয়ে মানুহক মোহিত কৰিছিল। তেওঁৰ কণ্ঠত ‘জয়-জয় ৰামকৃষ্ণ হৰি’ গীতটিৰ বিস্ময়কৰ প্ৰভাৱ আমি দেখিছোঁ। বাবা মহাৰাজ সতৰ্কৰ জীলৈ মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি।


মোৰ পৰিয়ালৰ সদস্যসকল,


প্ৰকৃত সামাজিক ন্যায়ৰ অৰ্থ হ’ল দেশখন দৰিদ্ৰতাৰপৰা মুক্ত হ’ব লাগে আৰু দৰিদ্ৰতম পৰিয়ালসমূহেও আগবাঢ়ি যোৱাৰ সুযোগ পাব লাগে। আমাৰ চৰকাৰে 'সবকা সাথ, সবকা বিকাশ' মন্ত্ৰেৰে কাম কৰিছে। আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে দৰিদ্ৰৰ কল্যাণ। আজি দেশৰ অৰ্থনীতি বৃদ্ধি পোৱাৰ লগে-লগে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে চৰকাৰৰ বাজেটো বাঢ়িছে।

 

আজি মহাৰাষ্ট্ৰত ১ কোটি ১০ লাখ আয়ুষ্মান কাৰ্ড দিয়া হৈছে। এনে সকলো কাৰ্ডধাৰীক ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা দিয়া হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে দেশে ৭০ হাজাৰ কোটি টকা ব্যয় কৰিছে। দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচনৰ আঁচনিতো ৪ লাখ কোটিৰো অধিক ধন ব্যয় কৰিছে। দৰিদ্ৰ লোকৰ বাবে গৃহ নিৰ্মাণৰ বাবেও চৰকাৰে ৪ লাখ কোটি টকা ব্যয় কৰিছে। ২০১৪ৰ আগৰ ১০ বছৰত ব্যয় কৰাতকৈ এই পৰিমাণ প্ৰায় ৬ গুণ বেছি। প্ৰতিঘৰ গৃহস্থীলৈ পাইপেৰে পানী যোগানৰ বাবে এতিয়ালৈকে প্ৰায় ২ লাখ কোটি টকা ব্যয় কৰা হৈছে। পিএম স্বনিধি যোজনাৰ অধীনত পথৰ কাষৰ ব্যৱসায়ীসকলে লাভ কৰিছে হাজাৰ-হাজাৰ টকাৰ সাহায্য।

 

এতিয়া চৰকাৰে আৰম্ভ কৰিছে আন এক নতুন আঁচনি – পিএম বিশ্বকৰ্মা। ইয়াৰ অধীনত কাঠমিস্ত্ৰী, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য্য শিল্পীৰ দৰে লাখ-লাখ পৰিয়াললৈ প্ৰথমবাৰৰ বাবে চৰকাৰৰপৰা সমৰ্থন নিশ্চিত কৰা হৈছে। এই আঁচনিৰ বাবে ১৩ হাজাৰ কোটি টকাৰো অধিক ধন আবন্টন দিয়া হৈছে। ২০১৪ৰ আগতেও এনেকুৱা পৰিসংখ্যাৰ কথা শুনা গৈছিল যদিও সেই সংখ্যাবোৰৰ সৈতে দুৰ্নীতি আৰু কেলেংকাৰি জড়িত হৈ পৰিছিল। কিন্তু এতিয়া কি হৈছে? কোনোবা নহয় কোনোবা প্ৰকল্প আৰু আঁচনিৰ বাবে কেইবালাখ কোটি টকা ব্যয় কৰা হৈছে।


মোৰ পৰিয়ালৰ সদস্যসকল,


আজিৰ কাৰ্য্যসূচীত আমাৰ কৃষক বন্ধুসকলো উপস্থিত আছে। প্ৰথমে সেই কন্যা কেইগৰাকীক অভিনন্দন জনাইছো, যিসকলে মাত্ৰ আমাৰ সন্মুখত এখন প্ৰশংসনীয় নাটক 'ধৰ্তি কহে পুকাৰ' উপস্থাপনেৰে আমাৰ কৃষি সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিছে। এই বাৰ্তাটো লৈ আপোনাসৱ নিশ্চয় উভতি যাব। সেই সকলো কন্যাকে অন্তৰৰপৰা অভিনন্দন জনাইছো।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

ইয়াৰ পূৰ্বে কোনেও কৃষকক লৈ চিন্তিত নাছিল। আমি মোৰ খেতিয়ক ভাই-ভনীসকলৰ বাবে পিএম কিষাণ সন্মান নিধি আৰম্ভ কৰিলোঁ। ইয়াৰ অধীনত সমগ্ৰ দেশৰ কোটি-কোটি ক্ষুদ্ৰ কৃষকক ২ লাখ ৬০ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছে। মহাৰাষ্ট্ৰৰ ক্ষুদ্ৰ কৃষকৰ বেংক একাউন্টলৈয়ো পোনপটীয়াকৈ ২৬ হাজাৰ কোটি টকা হস্তান্তৰ কৰা হৈছে। মই আনন্দিত যে মহাৰাষ্ট্ৰ চৰকাৰে নমো শেটকাৰী মহাসন্মান নিধি যোজনা আৰম্ভ কৰিছে। ইয়াৰ অধীনত মহাৰাষ্ট্ৰৰ কৃষক পৰিয়ালসমূহক আৰু ৬ হাজাৰ টকাকৈ দিয়া হ’ব। অৰ্থাৎ এতিয়া ইয়াৰ ক্ষুদ্ৰ কৃষকসকলে সন্মান নিধিৰ অধীনত ১২ হাজাৰ টকাকৈ পাব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

কৃষকৰ নামত ভোট-বেংকৰ ৰাজনীতিত নিয়োজিত সকলে পানীৰ প্ৰতিটো টোপালৰ বাবে আপোনালোকক কষ্ট দিছিল। আজি নীলৱাণ্ডে প্ৰকল্পত 'জল পূজন' কৰা হয়। ১৯৭০তে অনুমোদিত হৈছিল। কল্পনা কৰকচোন, এই প্ৰকল্পটো পাঁচ দশক ধৰি অসম্পূৰ্ণ হৈ আছিল! আমাৰ চৰকাৰ যেতিয়া ক্ষমতালৈ আহিছিল, তেতিয়া এই প্ৰকল্পৰ কাম দ্ৰুতগতিত হৈছিল। এতিয়া বাওঁপাৰৰ খালৰপৰা জনসাধাৰণে পানী লাভ কৰিবলৈ আৰম্ভ কৰিছে আৰু অতি সোনকালে ৰাইট বেংক খালটোও কাৰ্য্যক্ষম হ’ব। বালিৰাজা জল সঞ্জীৱনী যোজনাই ৰাজ্যৰ খৰাং প্ৰভাৱিত অঞ্চলসমূহৰ বাবেও এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে। দশক-দশক ধৰি বাকী থকা মহাৰাষ্ট্ৰৰ আৰু ২৬টা জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণ কৰাত ব্যস্ত হৈ আছে কেন্দ্ৰীয় চৰকাৰখন। ইয়াৰদ্বাৰা আমাৰ কৃষক আৰু খৰাং প্ৰভাৱিত অঞ্চলৰ যথেষ্ট উপকাৰ হ’ব। আজি আমি এই বান্ধৰপৰা পানী লাভ কৰিবলৈ আৰম্ভ কৰোতে, মোৰ সকলো খেতিয়ক ভাই-ভনীলৈ এটাই অনুৰোধ। এই পানী ঈশ্বৰৰ দান। গতিকে, এটোপাল পানীও অপচয় কৰিব নালাগে। আমি আমাৰ হাতত উপলব্ধ প্ৰতিটো আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আমি সঠিক উদ্দেশ্যৰে কৃষকৰ সবলীকৰণৰ কামত নিয়োজিত হৈ আছো। কিন্তু, মহাৰাষ্ট্ৰৰ কৃষকৰ নামত একাংশ লোকে ৰাজনীতি কৰিছে। মহাৰাষ্ট্ৰৰ এগৰাকী জ্যেষ্ঠ নেতাই বহু বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। যদিও মই ব্যক্তিগতভাৱে তেওঁক সন্মান কৰো, কিন্তু তেওঁ কৃষকৰ বাবে কি কৰিলে? ৭ বছৰীয়া কাৰ্য্যকালত তেওঁ সমগ্ৰ দেশৰ কৃষকৰপৰা এমএছপিত ৩.৫ লাখ কোটি টকাৰহে শস্য ক্ৰয় কৰিছিল। এই সংখ্যাটো মনত ৰাখিব! আনহাতে আমাৰ চৰকাৰে একেই ৭ বছৰৰ সময়সীমাতে কৃষকসকলক এমএছপিৰ ৰূপত ১৩.৫ লাখ কোটি টকা প্ৰদান কৰিছে। ২০১৪ৰ আগতে এমএছপিত কৃষকৰপৰা মাত্ৰ ৫০০-৬০০ কোটি টকাৰ দালি আৰু তৈলবীজ ক্ৰয় কৰা হৈছিল, আনহাতে আমাৰ চৰকাৰে কৃষকক দালি আৰু তৈলবীজৰ বাবে ১ লাখ ১৫ হাজাৰ কোটিৰো অধিক টকা দিছে। তেওঁ কৃষি মন্ত্ৰী হৈ থাকোঁতে কৃষকসকলে তেওঁলোকৰ উচিত ধনৰ বাবেও মধ্যভোগীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। মাহৰ পিছত মাহ ধৰি কৃষকক ধন দিয়া নহ’ল। আমাৰ চৰকাৰে এমএছপিৰ ধন পোনপটীয়াকৈ কৃষকৰ বেংক একাউন্টলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

 

বন্ধুসকল,

শেহতীয়াকৈ ৰবি শস্যৰ বাবে এমএছপি ঘোষণা কৰা হৈছে। ইয়াৰদ্বাৰা মহাৰাষ্ট্ৰৰ আমাৰ কৃষক বন্ধুসকল যথেষ্ট উপকৃত হ’ব। আমিও কুঁহিয়াৰ খেতিয়কৰ স্বাৰ্থত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিগত ৯ বছৰত প্ৰায় ৭০ হাজাৰ কোটি টকাৰ ইথানল ক্ৰয় কৰা হৈছে। এই ধন কুঁহিয়াৰ খেতিয়কসকলৰ ওচৰলৈয়ো গৈছে। কুঁহিয়াৰ খেতিয়কসকলক সময়মতে ধন পৰিশোধ কৰাটো নিশ্চিতকৰণৰ অৰ্থে চেনি কল আৰু সমবায় সমিতিসমূহক হাজাৰ-হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

আমাৰ চৰকাৰেও সমবায় আন্দোলন সুদৃঢ়কৰণৰ বাবে কাম কৰি আছে। সমগ্ৰ দেশতে ২ লাখৰো অধিক সমবায় সমিতি গঠন কৰা হৈছে। দেশৰ কৃষকসকলে যাতে অধিক মজুত আৰু শীতল মজুতকৰণৰ সুবিধা লাভ কৰে, তাৰ বাবে সমবায় সমিতি আৰু পিএচিএছক সহায় আগবঢ়োৱা হৈছে। ক্ষুদ্ৰ কৃষকক এফপিঅ’ অৰ্থাৎ কৃষক উৎপাদক সংগঠনৰ জৰিয়তে সংগঠিত কৰা হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ বাবে এতিয়ালৈকে সমগ্ৰ দেশতে ৭,৫০০ ৰোধিক এফপিঅ’ গঠন হৈছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

মহাৰাষ্ট্ৰ অপৰিসীম সম্ভাৱনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মহাৰাষ্ট্ৰৰ যিমানেই দ্ৰুত বিকাশ হ’ব, সিমানেই দ্ৰুতগতিত ভাৰতৰ বিকাশ হ’ব। কেইমাহমানৰ আগতে মুম্বাই আৰু শিৰদী সংযোগী বন্দে ভাৰত ৰেলখনৰ ফ্লেগ অফৰ সুযোগ পাইছিলোঁ। মহাৰাষ্ট্ৰতো ৰেলপথ সম্প্ৰসাৰণৰ এই প্ৰক্ৰিয়া অব্যাহত আছে। জলগাঁও আৰু ভূছাৱলৰ মাজত তৃতীয় আৰু চতুৰ্থ ৰেলপথ মুকলিৰ লগে-লগে মুম্বাই-হাওৰা ৰেলপথত চলাচল সহজ হৈ পৰিব। একেদৰে, সোলাপুৰৰপৰা বৰগাঁওলৈ চাৰি লেনযুক্ত পথ নিৰ্মাণে সমগ্ৰ কংকন অঞ্চলৰ সংযোগ ক্ষমতা উন্নত কৰিব। ইয়াৰদ্বাৰা কেৱল উদ্যোগসমূহ লাভৱান হোৱাই নহয়, বৰঞ্চ কুঁহিয়াৰ, আঙুৰ আৰু হালধি খেতিয়কসকলো লাভৱান হ’ব। এই সংযোগে কেৱল পৰিবহণৰ বাবেই নহয়, সামগ্ৰিক প্ৰগতি আৰু সামাজিক উন্নয়নৰ বাবেও এক নতুন পথ প্ৰশস্ত কৰিব।

আকৌ এবাৰ আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আহক, আমি ২০৪৭ত, স্বাধীনতাৰ ১০০ বছৰ পূৰ্তিত ভাৰতক ‘উন্নত ভাৰত’ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰোঁ।

 

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government's foodgrain stocks hit 604 lakh tonnes, nearly three times buffer requirement

Media Coverage

Government's foodgrain stocks hit 604 lakh tonnes, nearly three times buffer requirement
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates newly sworn-in Ministers in Bihar Government
May 07, 2026
Prime Minister expresses gratitude for warm welcome and support from people of Bihar

The Prime Minister, Shri Narendra Modi, congratulated all those who took oath as Ministers in the Government of Bihar and conveyed his best wishes to them.

The Prime Minister said that he was confident that their commitment towards the all-round development of the state would take Bihar to new heights of prosperity. He also called upon everyone to work together to realise the resolve of building a strong Bihar and a developed India.

The Prime Minister also expressed gratitude for the affection and blessings received from the people of Bihar during his visit to Patna.

He said that he was overwhelmed by the warm welcome extended to him and thanked the people for their support and enthusiasm. The Prime Minister noted that the unprecedented enthusiasm among the people reflected strong public support for the Government’s commitment towards development and public service.

The Prime Minister wrote on X;

“बिहार की एनडीए सरकार में मंत्री के रूप में शपथ लेने वाले सभी साथियों को हार्दिक बधाई एवं ढेरों शुभकामनाएं! मुझे पूर्ण विश्वास है कि राज्य के चौतरफा विकास के लिए आपकी प्रतिबद्धता हमारे इस प्रदेश को समृद्धि की नई ऊंचाइयों पर ले जाएगी। आइए, हम सब मिलकर एक सशक्त बिहार और विकसित भारत के निर्माण के संकल्प को साकार करें।”

“पटना में बिहार के अपने परिवारजनों का स्नेह और आशीर्वाद पाकर अभिभूत हूं! इस स्वागत के लिए आप सभी का हृदय से आभार। आपके अभूतपूर्व उत्साह से साफ है कि विकास और जनसेवा के हमारे संकल्प को जनता-जनार्दन का भरपूर समर्थन मिल रहा है।”