মা কামাখ্যা দিব্য লোক পৰিযোজনাৰ আধাৰশিলা স্থাপন
৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন
ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন
“মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হিচাপে পৰিগণিত হ’ব অসম”
“আমাৰ তীৰ্থযাত্ৰা, মন্দিৰ আৰু বিশ্বাসৰ স্থানসমূহ আমাৰ সভ্যতাৰ হাজাৰ হাজাৰ বছৰৰ যাত্ৰাৰ অবিস্মৰণীয়প্ৰতীক”
“বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে জীৱন-যাপনৰ সহজকৰিতোলা”
“ঐতিহাসিক গুৰুত্বথকা স্থানসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিব”
“মোদীৰ গেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী”
“চৰকাৰে এইবাৰ আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে”
“মোদীৰ সংকল্প এই যে দিনে নিশাই কাম কৰি তেওঁ দিয়া নিশ্চয়তা পূৰণ কৰিব”
গুৱাহাটীৰ মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰকল্পউল্লেখযোগ্য।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া জী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাজী, মন্ত্ৰীসভাত থকা মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী, ৰামেশ্বৰ তেলী জী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, বিভিন্ন পৰিষদৰ মুৰব্বী আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি মা কামাখ্যাৰ আশীৰ্বাদত মই আকৌ এবাৰ অসমৰ উন্নয়ন সম্পৰ্কীয় এলানি প্ৰকল্প আপোনালোকক হস্তান্তৰ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। অলপ আগতে ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু একাংশ প্ৰকল্প উদ্বোধন কৰা হৈছে। এই সকলোবোৰ প্ৰকল্পই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দক্ষিণ এছিয়াৰ অন্যান্য দেশৰ সৈতে এই অঞ্চলৰ যোগাযোগ অধিক শক্তিশালী কৰিব। এই প্ৰকল্পসমূহে অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰিব আৰু ক্ৰীড়া প্ৰতিভাসমূহকো নতুন সুযোগ প্ৰদান কৰিব। প্ৰকল্পসমূহে চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে অসমৰ ভূমিকাও সম্প্ৰসাৰিত কৰিব। এই প্ৰকল্পসমূহৰ বাবে মই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মোৰ পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জনাইছোঁ। মই কালি সন্ধিয়া ইয়ালৈ আহিছিলো, যিদৰে গুৱাহাটীৰ মানুহে পথলৈ ওলাই আহি আমাক আদৰণি জনাইছিল আৰু ডেকা-বৃদ্ধ সকলোৱে আমাক আশীৰ্বাদ দিছিল। মই আপোনালোক সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই টিভিত দেখিছিলো যে আপোনালোকে লাখ লাখ বন্তি জ্বলাইছিল। আপোনালোকৰ এই মৰম, আপোনালোকৰ আত্মীয়তা, এয়া হৈছে মোৰ বাবে বৃহত্ প্ৰাপ্তি। আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদেই মোক নিৰন্তৰ শক্তি প্ৰদান কৰি আহিছে। মই আপোনালোক সকলোৰে প্ৰতি যিমানেই কৃতজ্ঞতা জ্ঞাপন নকৰো কিয়, সেয়া কমেই হ’ব।

 

ভাই-ভনীসকল,

যোৱা কেইদিনমানত, মই দেশৰ বহুতো তীৰ্থভ্ৰমণ কৰাৰ সুযোগ পাইছো। অযোধ্যাৰ বিশাল অনুষ্ঠানৰ পিছত, মই এতিয়া মা কামাখ্যাৰ দ্বাৰত উপস্থিত হৈছোহি। আজি মই ইয়াত মা ‘কামাখ্যা দিব্যলোক প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছোঁ। এই দিব্যলোকৰ যি পৰিকল্পনা কৰা হৈছে সেই বিষয়ে মোক বিতংকৈ কোৱা হৈছে। যেতিয়া ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব, ই সমগ্ৰ দেশ আৰু বিশ্বৰ পৰা অহা ‘মা’ৰ ভক্তসকলক অপৰিসীম আনন্দেৰে ভৰাই তুলিব। ‘মা কামাখ্যা দিব্যলোক প্ৰকল্প’ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি বছৰে অধিক ভক্তই ইয়ালৈ আহিব পাৰিব। আৰু মই দেখিবলৈ পাইছোঁ যে ‘মা কামাখ্যা’ৰ দৰ্শনাৰ্থীৰ সংখ্যা যিমানে বাঢ়িব সিমানে ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ প্ৰৱেশদ্বাৰ হৈ উঠিব। যিসকল ইয়ালৈ আহিব তেওঁলোক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দিশে আগবাঢ়িব। এক প্ৰকাৰে, ই ইয়াৰ প্ৰৱেশদ্বাৰ হৈ উঠিব। এনে এক মহান কাৰ্য এই দিব্যলোকৰ সৈতে জড়িত হৈ আছে। এই সুন্দৰ প্ৰকল্পটোৰ বাবে মই হিমন্তজী আৰু তেওঁৰ চৰকাৰক প্ৰশংসা কৰিছো।

বন্ধুসকল,

আমাৰ তীৰ্থ, আমাৰ মন্দিৰ, আমাৰ বিশ্বাসৰ স্থান, এইবোৰ কেৱল ভ্ৰমণৰেই স্থান নহয়। এইবোৰ হৈছে আমাৰ হাজাৰ হাজাৰ বছৰ জুৰি চলি থকা সভ্যতাৰ যাত্ৰাৰ অমলিন চিহ্নও। ভাৰতে কেনেকৈ প্ৰতিটো সংকটৰ সন্মুখীন হৈ নিজকে স্থিৰ কৰি ৰাখিছিল ই তাৰেই প্ৰমাণ। আমি দেখিছোঁ যে যিবোৰ সভ্যতা এসময়ত অতি সমৃদ্ধ আছিল তেওঁলোকৰ ধ্বংসাৱশেষহে আজি কেৱল আছেগৈ। দুৰ্ভাগ্যবশতঃ, স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি দেশত চৰকাৰ চলোৱা সকলেও এই পবিত্ৰ আস্থাৰ স্থানসমূহৰ গুৰুত্ব বুজিব নোৱাৰিলে। তেওঁলোকে ৰাজনৈতিক লাভৰ বাবেই তেওঁলোকৰ নিজৰ অতীত, তেওঁলোকৰ নিজৰ সংস্কৃতিৰ বাবে লজ্জিত হোৱাৰ এক প্ৰৱণতা গঢ়ি তুলিছিল। কোনো দেশেই কেতিয়াও নিজৰ অতীত মচি, এনেদৰে পাহৰি, ইয়াৰ শিপা কাটি বিকাশিত হ’ব নোৱাৰে। মই সন্তুষ্ট যে যোৱা ১০টা বছৰত ভাৰতৰ পৰিস্থিতি সলনি হৈছে। বিজেপিৰ ‘দ্বৈত ইঞ্জিন’ চৰকাৰে উন্নয়ন আৰু ঐতিহ্যক নিজৰ নীতিৰ অংশ কৰি তুলিছে। আজি আমি ইয়াৰ ফলাফল অসমৰ বিভিন্ন কোণত দেখিছোঁ। অসমত বিশ্বাস, আধ্যাত্মিকতা আৰু ইতিহাসৰ সৈতে সম্পৰ্কিত সকলো ঠাই আধুনিক সা-সুবিধাৰে সংযুক্ত কৰা হৈছে। ঐতিহ্য সংৰক্ষণৰ এই অভিযানৰ লগতে উন্নয়নৰ অভিযানো সমান গতিত চলি আছে। যোৱা ১০টা বছৰলৈ লক্ষ্য কৰিলে, আমি দেশত অভিলেখ সংখ্যক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো। আগতে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ কেৱল ডাঙৰ চহৰতসমূহতহে স্থাপন কৰা হৈছিল। আমি সমগ্ৰ দেশতে ‘আইআইটি’, ‘এইমছ’, ‘আইআইএম’-ৰ দৰে প্ৰতিষ্ঠানৰ ‘নেটৱৰ্ক’ বিয়পাই দিছো। যোৱা ১০টা বছৰত দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা প্ৰায় দুগুণ হৈছে। আনকি অসমতো, বিজেপি চৰকাৰৰ আগতে ৬ খন চিকিৎসা মহাবিদ্যালয়হে আছিল, আজি ১২ খন চিকিৎসা মহাবিদ্যালয় আছে। অসম আজি উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ চিকিৎসাৰ এক মুখ্য কেন্দ্ৰ হৈ উঠিছে।

 

বন্ধুসকল,

দেশবাসীৰ জীৱন সহজ সাধ্য কৰি তোলাটো হৈছে আমাৰ চৰকাৰৰ প্ৰথমিকতা। আমি ৪ কোটিতকৈয়ো অধিক দৰিদ্ৰ পৰিয়ালৰ বাবে পকী ঘৰ নিৰ্মাণ কৰিছোঁ। আমি প্ৰতিটো ঘৰত পানী আৰু বিদ্যুৎ যোগান ধৰিবলৈ এক অভিযানো চলাইছো। ‘উজ্জ্বলা আঁচনি’য়ে আজি অসমৰ লাখ লাখ ভগ্নী আৰু কন্যাক ধোঁৱাৰ পৰা মুক্তি দিছে। ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত নিৰ্মাণ কৰা শৌচালয়সমূহে অসমৰ লাখ লাখ ভগ্নী আৰু কন্যাৰ মৰ্যাদা সুৰক্ষিত কৰিছে।

 

বন্ধুসকল,

উন্নয়ন আৰু ঐতিহ্যৰ ক্ষেত্ৰত আমি প্ৰদান কৰা গুৰুত্বই দেশৰ যুৱপ্ৰজন্মক পোনপটীয়াকৈ লাভান্বিত কৰিছে। আজি দেশত পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ বাবে উৎসাহ বৃদ্ধি পাইছে। ‘কাশী কৰিডৰ’ নিৰ্মাণৰ পিছত অভিলেখ সংখ্যক ভক্ত তাত উপস্থিত হৈছেগৈ। যোৱা এবছৰত ৮.৫ কোটি লোকে কাশী ভ্ৰমণ কৰিছে। ৫ কোটিতকৈয়ো অধিক লোকে উজ্জয়িনীৰ ‘মহাকাল মহালোক’ ভ্ৰমণ কৰিছে। ১৯ লাখতকৈয়ো অধিক লোকে ‘কেদাৰনাথ ধাম’ ভ্ৰমণ কৰিছে। অযোধ্যা ধামত ‘প্ৰাণ প্ৰতিষ্ঠা’ হোৱাৰ মাত্ৰ কেইদিনমান হৈছে। এই ১২টা দিনতে ২৪ লাখতকৈয়ো অধিক লোকে অযোধ্যা ভ্ৰমণ কৰিছে। ‘মা কামাখ্যা দিব্যলোক’ নিৰ্মাণ হোৱাৰ পিছত আমি ইয়াতো একে ধৰণৰ দৃশ্য দেখিবলৈ পাম।

 

বন্ধুসকল,

 

যেতিয়া তীৰ্থযাত্ৰীসকল আহে, যেতিয়া ভক্তসকল আহে, আনকি দৰিদ্ৰতম লোকসকলেও উপাৰ্জন কৰিব পাৰে। ৰিক্সা চালক, টেক্সি, হোটেল ব্যৱসায়ী, পথৰ দাঁতিৰ বিক্ৰেতাই হওক, সকলোৰে উপাৰ্জন বৃদ্ধি পায়। সেইকাৰণে এই বছৰৰ বাজেটতো আমি পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছো। কেন্দ্ৰৰ বিজেপি চৰকাৰে পৰ্যটন সম্পৰ্কীয় ঐতিহাসিক স্থানসমূহৰ বিকাশৰ বাবে এটা নতুন অভিযান আৰম্ভ কৰিবলৈ আগবাঢ়িছে। অসমত, উত্তৰ-পূৰ্বাঞ্চলত এই ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে। সেইকাৰণে বিজেপি চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

 

বন্ধুসকল,

যোৱা ১০ বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চললৈ অভিলেখ সংখ্যক পৰ্যটক আহিছে। এয়া কেনেকৈ সম্ভৱ হ'ল? এই পৰ্যটন কেন্দ্ৰসমূহ, উত্তৰ-পূৰ্বাঞ্চলৰ সুন্দৰ অঞ্চলবোৰ ইয়াত আগতেও আছিল। কিন্তু তেতিয়া ইয়ালৈ ইমানকৈ পৰ্যটক অহা নাছিল। হিংসা, সম্পদৰ অভাৱ, সা-সুবিধাৰ অভাৱৰ মাজত কোনেনো বাৰু ইয়ালৈ আহিবলৈ ভাল পালেহেঁতেন? ১০ বছৰ আগতে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কি পৰিস্থিতিয়ে বিৰাজ কৰিছিল সেই কথা আপোনালোকেও জানে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ৰে’ল ভ্ৰমণ আৰু বিমান যাত্ৰা অতি সীমিত আছিল। ৰাস্তাবোৰ ঠেক আছিল, বেয়াও আছিল। এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ভ্ৰমণ কৰাৰ কথা বাদেই দিয়ক, এখন জিলাৰ পৰা আন এখনলৈ যাত্ৰা কৰিবলৈকো কেবা ঘণ্টা লাগিছিল। এই সকলোবোৰ পৰিস্থিতি আজি বিজেপি আৰু এন ডি এ চৰকাৰৰ ‘দ্বৈত ইঞ্জিন’ চৰকাৰৰে সলনি কৰিছে।

 

বন্ধুসকল,

 

যোৱা ১০ বছৰত আমাৰ চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত হ’বলগা ব্যয় ৪ গুণে বৃদ্ধি কৰিছে। ২০১৪ চনৰ পিছত ইয়াত ৰে'লপথৰ দৈৰ্ঘ্য ১৯০০ কিলোমিটাৰতকৈয়ো অধিক বৃদ্ধি কৰা হৈছে। ২০১৪ চনৰ তুলনাত ৰে'ল বাজেট প্ৰায় ৪০০ শতাংশ বৃদ্ধি কৰা হৈছে। আৰু তেতিয়াতো প্ৰধানমন্ত্ৰী আপোনালোকৰ অসমৰ পৰা নিৰ্বাচিত হৈছিল, তেওঁতকৈ অধিক কাম আপোনালোকৰ এইগৰাকী বন্ধুয়ে কৰি আছে। ২০১৪ চন পৰ্যন্ত ইয়াত মাত্ৰ ১০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিল। যোৱা ১০টা বছৰত আমি ৬০০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছো। আজি আৰু দুটা নতুন পথ প্ৰকল্প উদ্বোধন কৰা হৈছে। ইয়াৰ ফলত এতিয়া ইটানগৰ পৰ্যন্ত যোগাযোগ আৰু অধিক উন্নত হ'ব, আপোনালোক সকলোৰে অসুবিধা আৰু হ্ৰাস পাব।

 

বন্ধুসকল,

 

আজি সমগ্ৰ দেশে কৈছে যে মোদীৰ ‘গেৰাণ্টী’ৰ অৰ্থ হৈছে ‘গেৰাণ্টী’ সম্পূৰ্ণ হোৱাৰ ‘গেৰাণ্টী’। মই দৰিদ্ৰ, মহিলা, যুৱ আৰু কৃষকসকলক মৌলিক সুবিধাৰ নিশ্চয়তা প্ৰদন কৰিছো। আজি, এই ‘গেৰাণ্টী’সমূহৰ বেছিভাগেই পূৰণ কৰা হৈছে। ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ৰ সময়তো আমি এয়া দেখিবলৈ পাইছো। চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকসকলৰ ওচৰলৈ যাবলৈ মোদীৰ ‘গেৰাণ্টী’যুক্ত বাহন আহি পাইছে। ‘বিকাশিত ভাৰত সংকল্প যাত্ৰা’ত সমগ্ৰ দেশৰ প্ৰায় ২০ কোটি লোকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে। এই যাত্ৰাৰ দ্বাৰা অসমৰ বহু সংখ্যক লোক উপকৃত হৈছে।

 

বন্ধুসকল,

বিজেপিৰ ‘দ্বৈত ইঞ্জিন’ চৰকাৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী নাগৰিকৰ জীৱন সহজ-সাধ্য কৰি তোলা। তিনিদিন আগতে উথ্থাপিত বাজেটত একেই মনোযোগ প্ৰতিফলিত হৈছে। বাজেটত চৰকাৰে আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ সংকল্প গ্ৰহণ কৰিছে। এই পৰিমাণটো কিমান ডাঙৰ সেয়া আন এটা তথ্যৰ পৰা অনুমান কৰিব পাৰি। ২০১৪ চনৰ আগৰ ১০ বছৰত, এই পৰিসংখ্যাবোৰ মনত ৰাখিবচোন মোৰ ভাই-ভনীসকল, ২০১৪ চনৰ আগৰ ১০টা বছৰত মুঠ আন্তঃগাঁথনি বাজেট আছিল ১২ লাখ কোটি টকা, ১০ বছৰত ১২ লাখ কোটি টকা। অৰ্থাৎ আগৰ কেন্দ্ৰীয় চৰকাৰখনে ১০টা বছৰত যিমান ব্যয় কৰিছিল, আমাৰ চৰকাৰে অহা এবছৰত প্ৰায় একে পৰিমাণৰ ধন ব্যয় কৰিবলৈ সাজু হৈছে। দেশখনত কিমান বৃহৎ পৰিমাণৰ নিৰ্মাণ কাৰ্য চলিব আপোনালোকে কল্পনা কৰকচোন। আৰু যেতিয়া নিৰ্মাণ কাৰ্যত ইমান বৃহৎ পৰিমাণৰ পুঁজি ব্যৱহাৰ কৰা হয়, নতুন নিয়োগৰ সম্ভাৱনা সৃষ্টি হয় আৰু উদ্যোগবোৰে এক নতুন গতি লাভ কৰে।

 

বন্ধুসকল,

 

এইখন বাজেটত আন এখন ডাঙৰ আঁচনি ঘোষণা কৰা হৈছে। যোৱা ১০টা বছৰত আমি প্ৰতিটো পৰিয়ালক বিদ্যুৎ যোগান ধৰিবলৈ এক অভিযান চলাইছিলো। এতিয়া আমি, অসমৰ ভাই-ভনীসকল আৰু দেশবাসী, মই আপোনালোকৰ সন্মুখত এটা অতি গুৰুত্বপূৰ্ণ কামৰ কথা উথ্থাপন কৰিব খুজিছো, আৰু সেয়া হৈছে, এতিয়া আমি বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰিবলৈ আগবাঢ়িছো। বাজেটত, চৰকাৰে ‘ঘৰৰ মুধৰ সৌৰশক্তি’(ৰূফটপ ছ’লাৰ)ৰ এক বৃহত্ পৰিকল্পনা ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত, আৰম্ভণিতে চৰকাৰে এক কোটি পৰিয়ালক ‘ৰূফটপ ছ’লাৰ’ স্থাপনত সহায় কৰিব। ইয়াৰ ফলত তেওঁলোকৰ বিদ্যুতৰ বিলো শূন্য হ'ব আৰু একে সময়তে সাধাৰণ পৰিয়ালেও তেওঁলোকৰ ঘৰত বিদ্যুৎ উৎপাদন কৰি, বিদ্যুৎ বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰিব।

 

বন্ধুসকল,

মই দেশৰ ২ কোটি ভগ্নীক ‘লাখপতি’ কৰি তোলা নিশ্চয়তা প্ৰদান কৰিছিলো। যোৱা বছৰবোৰত, যেতিয়া মই গণনা আৰম্ভ কৰিছিলো, মই প্ৰাথমিক তথ্য পাইছো যে এতিয়ালৈকে আমাৰ ১ কোটি ভগ্নী ‘লাখপতি দিদি’ হৈ উঠিছে। যেতিয়া আমাৰ দেশত আত্ম-সহায়ক গোটত কাম কৰা ১ কোটি ভগ্নী ‘লাখপতি দিদি’ হয়, তেতিয়া তলৰ পৃথিৱীখনৰ কিমান পৰিৱৰ্তন হ’ব ভাবকচোন বন্ধুসকল। এতিয়া এই বাজেটত আমি ‘লাখপতি দিদি’ কৰি তোলাৰৰ লক্ষ্য বৃদ্ধি কৰিছো। এতিয়া ২ কোটিৰ পৰিৱৰ্তে ৩ কোটি ভগ্নীক ‘লাখপতি দিদি’ কৰি তোলা হ'ব। ইয়াৰ পৰা মোৰ অসমৰ হাজাৰ হাজাৰ ভগ্নীও নিশ্চিত ভাবেই লাভান্বিত হ'ব। ইয়াত আত্ম-সহায়ক গোটসমূহৰ সৈতে জড়িত সকলো ভগ্নীৰ বাবে সুযোগ আহিব আৰু ইমান বৃহত্ সংখ্যক মাতৃ আৰু ভগ্নী ইয়ালৈ আহিছে, নিশ্চয় তেওঁলোকৰ মাজত মোৰ ‘লাখপতি দিদি’হঁতো ইয়ালৈ আহিছে। আমাৰ চৰকাৰে এতিয়া এই বাজেটত ‘অংগনৱাড়ী আৰু আশা ভগ্নী’সকলক আয়ুষ্মান যোজনাৰ আওতালৈ আনিছে। ইয়াৰ জৰিয়তে তেওঁলোকেও ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। যেতিয়া ভগ্নী আৰু কন্যাসকলৰ জীৱন সহজ কৰি তোলা চৰকাৰ থাকে তেতিয়া সংবেদনশীলতাৰে কামবোৰ হবলৈ ধৰে।

 

ভাই-ভনীসকল,

মোদীয়ে যিবোৰ ‘গেৰাণ্টী’ দিয়ে, সেয়া পূৰণ কৰিবলৈ দিন-ৰাতিয়ে কাম কৰাৰো সাহস ৰাখে। সেইকাৰণেই আজি উত্তৰ-পূৰ্বাঞ্চলে মোদীৰ ‘গেৰাণ্টী’ৰ ওপৰত বিশ্বাস ৰাখিছে। আজি অসমলৈ চাওকচোন, বছৰ বছৰ ধৰি যিবোৰ অঞ্চল অশান্ত হৈ আছিল, সেইবোৰ অঞ্চলত এতিয়া স্থায়ী শান্তি স্থাপিত হৈছে। ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদৰ সমাধান কৰা হৈছে। বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত ১০ খনকৈয়ো অধিক গুৰুত্বপূৰ্ণ শান্তি চুক্তি সম্পাদিত হৈছে। যোৱা কেইবছৰমানত উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে হিংসাৰ পথ ত্যাগ কৰি উন্নয়নৰ পথ বাছি লৈছে। মই বহু বছৰ ধৰি অসমত মোৰ দলৰ সংগঠনত কাম কৰিছিলো। মই ইয়াৰ প্ৰতিটো অঞ্চললৈ যোৱা এজন ভ্ৰমণকাৰী আৰু মোৰ মনত আছে যে সেই সময়ত অহা-যোৱা কৰাত অন্যতম বাধা আছিল ‘পথ অৱৰোধ’, ‘বন্ধ কাৰ্যসূচী’ আৰু গুৱাহাটীৰ ভিতৰতো বোমা বিস্ফোৰণৰ কাৰ্যসূচী মই নিজ চকুৰে দেখিবলৈ পাইছিলো। আজি সেই অতীত অতীত হৈ পৰিছে, বন্ধুসকল, মানুহে শান্তিৰে বাস কৰি আছে। অসমৰ ৭০০০ তকৈয়ো অধিক যুৱক-যুৱতীয়েও অস্ত্ৰ ত্যাগ কৰিছে আৰু দেশৰ উন্নয়নত কান্ধত কান্ধ মিলাই খোজ কাঢ়িবলৈ সংকল্প গ্ৰহণ কৰিছে। বহুতো জিলাৰ পৰা ‘এএফএছপিএ’ আঁতৰোৱা হৈছে। হিংসাৰ দ্বাৰা প্ৰভাৱিত হোৱা অঞ্চলবোৰে আজি তেওঁলোকৰ আকাংক্ষা অনুসৰি নিজকে বিকশিত কৰাৰ প্ৰয়াস কৰিছে আৰু চৰকাৰে তেওঁলোকলৈ সম্পূৰ্ণ সহায় আগবঢ়াই আছে।

 

বন্ধুসকল,

কোনো দেশেই, কোনো ৰাজ্যই সৰু লক্ষ্য নিৰ্ধাৰণ কৰি দ্ৰুত বিকাশ সম্ভৱ কৰিব নোৱাৰে। আগৰ চৰকাৰসমূহে ডাঙৰ লক্ষ্যতো নিৰ্ধাৰণ কৰা নাছিলেই, তেওঁলোকে নিজে স্থিৰ কৰা লক্ষ্য পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰমো কৰা নাছিল। আমি পূৰ্বৰ চৰকাৰসমূহৰ এই চিন্তাধাৰাও সলনি কৰিছো। মই উত্তৰ-পূৰ্বাঞ্চলক বিশ্বই পূব এছিয়াক যিধৰণে চায় সেইধৰণে বিকাশ হোৱা দেখিছোঁ। আজি দক্ষিণ এছিয়া আৰু পূব এছিয়াৰ সংযোগ উত্তৰ-পূৰ্বাঞ্চলৰ মাজেৰে সম্প্ৰসাৰিত হৈছে। আজি দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতা আৰু ইয়াৰ সহযোগিতাৰ অধীনতো বহুতো পথ উন্নীতকৰণৰ কাম আৰম্ভ হৈছে। কল্পনা কৰকচোন, যেতিয়া এনে সকলো সংযোগ প্ৰকল্প সম্পূৰ্ণ হ'ব, তেতিয়া এই অঞ্চলটো ব্যৱসায়ৰ এক ডাঙৰ কেন্দ্ৰ হৈ উঠিব। মই জানো যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী যুৱক-যুৱতীৰো একেই সপোন আছে যে তেওঁলোকেও পূব এছিয়াৰ দৰে উন্নয়ন ইয়াতো দেখা উচিত। মই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী যুৱক-যুৱতীক ক'ব বিচাৰো- মোৰ যুৱ বন্ধুসকল, আপোনালোকৰ সপোন, আপোনালোকৰ সপোন হৈছে মোদীৰ সংকল্প। আৰু মোদীয়ে আপোনালোকৰ সপোনবোৰ পূৰণ হোৱাটো নিশ্চিত কৰিবলৈ কোনো ধৰণৰ চেষ্টাৰ ত্ৰুতি নকৰিব। আৰু এয়া হৈছে মোদীৰ গেৰাণ্টী।

 

ভাই-ভনীসকল,

আজি যি কামেই কৰা হৈছে, এইবোৰৰ মাত্ৰ এটাই লক্ষ্য। লক্ষ্যটো হৈছে ভাৰত আৰু ভাৰতীয়সকলৰ বাবে এক সুখী আৰু সমৃদ্ধ জীৱন সম্ভৱ কৰা। লক্ষ্য হৈছে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলা। লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। ইয়াত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এক ডাঙৰ ভূমিকা আছে। আকৌ এবাৰ এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ। আৰু এতিয়া ‘মা কামাখ্যা’ৰ আশীৰ্বাদ বহুত বাঢ়িব, সেইবোৰ যথেষ্ট বৃদ্ধি হ'ব। আৰু সেইকাৰণে মই এক ভব্য, দিব্য অসমৰ ছবি বাস্তৱ হোৱা দেখিবলৈ পাইছোঁ, বন্ধুসকল। আপোনালোকৰ সপোনবোৰ পূৰণ হ'ব, আমি ইয়াক নিজৰ চকুৰে চাম, মই আপোনাক বিশ্বাস প্ৰদান কৰিছো। আকৌ এবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। দুয়োখন হাত দাঙি মোৰ সৈতে কওঁক-

 

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A big deal: The India-EU partnership will open up new opportunities

Media Coverage

A big deal: The India-EU partnership will open up new opportunities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi interacts with Energy Sector CEOs
January 28, 2026
CEOs express strong confidence in India’s growth trajectory
CEOs express keen interest in expanding their business presence in India
PM says India will play decisive role in the global energy demand-supply balance
PM highlights investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government
PM calls for innovation, collaboration, and deeper partnerships, across the entire energy value chain

Prime Minister Shri Narendra Modi interacted with CEOs of the global energy sector as part of the ongoing India Energy Week (IEW) 2026, at his residence at Lok Kalyan Marg earlier today.

During the interaction, the CEOs expressed strong confidence in India’s growth trajectory. They conveyed their keen interest in expanding and deepening their business presence in India, citing policy stability, reform momentum, and long-term demand visibility.

Welcoming the CEOs, Prime Minister said that these roundtables have emerged as a key platform for industry-government alignment. He emphasized that direct feedback from global industry leaders helps refine policy frameworks, address sectoral challenges more effectively, and strengthen India’s position as an attractive investment destination.

Highlighting India’s robust economic momentum, Prime Minister stated that India is advancing rapidly towards becoming the world’s third-largest economy and will play a decisive role in the global energy demand-supply balance.

Prime Minister drew attention to significant investment opportunities in India’s energy sector. He highlighted an investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government. He also underscored the USD 30 billion opportunity in Compressed Bio-Gas (CBG). In addition, he outlined large-scale opportunities across the broader energy value chain, including gas-based economy, refinery–petrochemical integration, and maritime and shipbuilding.

Prime Minister observed that while the global energy landscape is marked by uncertainty, it also presents immense opportunity. He called for innovation, collaboration, and deeper partnerships, reiterating that India stands ready as a reliable and trusted partner across the entire energy value chain.

The high-level roundtable saw participation from 27 CEOs and senior corporate dignitaries representing leading global and Indian energy companies and institutions, including TotalEnergies, BP, Vitol, HD Hyundai, HD KSOE, Aker, LanzaTech, Vedanta, International Energy Forum (IEF), Excelerate, Wood Mackenzie, Trafigura, Staatsolie, Praj, ReNew, and MOL, among others. The interaction was also attended by Union Minister for Petroleum and Natural Gas, Shri Hardeep Singh Puri and the Minister of State for Petroleum and Natural Gas, Shri Suresh Gopi and senior officials of the Ministry.