‘ইণ্টাৰনেচনেল বিগ কেটছ এলায়েন্স’ৰ শুভাৰম্ভ কৰে
বাঘৰ সংখ্যা ৩১৬৭ বুলি ঘোষণা কৰে
বাঘ সংৰক্ষণ সম্পৰ্কীয় স্মাৰক মুদ্ৰা আৰু কেইবাখনো পুস্তিকা মুকলি কৰে
"ব্যাঘ্ৰ প্ৰকল্পৰ সফলতা কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে গৌৰৱৰ মুহূৰ্ত"
"ভাৰতে পৰিস্থিতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজৰ সংঘাতত বিশ্বাস নকৰে, ই দুয়োৰে সহাবস্থানক সমানে গুৰুত্ব দিয়ে"
"ভাৰত হৈছে এনে এখন দেশ য'ত প্ৰকৃতিৰ সুৰক্ষা সংস্কৃতিৰ এটা অংশ"
"বিগ কেটৰ উপস্থিতিয়ে সকলো ঠাইতে স্থানীয় লোকসকলৰ জীৱন আৰু সেই ঠাইৰ পৰিস্থিতি বিজ্ঞানৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাইছে"
"বন্যপ্ৰাণী সুৰক্ষা এখন দেশৰেই সমস্যা নহয়, ই এক সাৰ্বজনীন সমস্যা"
"ইণ্টাৰনেচনেল বিগ কেট এলায়েন্সৰ গুৰুত্ব বিশ্বৰ ৭ টা প্ৰধান বিগ কেটৰ সংৰক্ষণৰ ওপৰত হ'ব "
"মানৱতাৰ বাবে উন্নত ভৱিষ্যত তেতিয়াহে সম্ভৱ যেতিয়া পৰিৱেশ সুৰক্ষিত থাকিব আৰু জৈৱ বৈচিত্ৰ্য বিস্তাৰিত হৈ থাকিব"

কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ভূপেন্দ্ৰ যাদৱ জী, শ্ৰী অশ্বিনী কুমাৰ চৌবে জী, আন দেশসমূহৰ মন্ত্ৰী, ৰাজ্যমন্ত্ৰী, অন্যান্য প্ৰতিনিধি, মহিলা আৰু  সন্মানীয় লোকসকল!

প্ৰথমতে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কাৰণ মই পুৱা ৬ বজাতে ওলাই গৈছিলো, মই ভাবিছিলো যে মই সময়মতেই অৰণ্য পৰিদৰ্শন কৰি ঘূৰি আহিব পাৰিম। পিচে, মই উভতি আহোতে ১ ঘণ্টা পলম কৰিলো। এইখিনি সময় অপেক্ষা কৰি থাকিবলগীয়া হোৱা বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। মোৰ কব খোজা কথাটো হ'ল, আমি আগতে বাঘৰ যি সংখ্যা স্পৰ্শ কৰিছিলো, আমি দেখিবলৈ পাইছো, আমাৰ বাঘৰ পৰিয়াল সম্প্ৰসাৰিত হৈছে, সেয়ে, ই আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মই আপোনালোক সকলোকে আমাৰ বাঘৰ এই পৰিয়ালকেইটাৰ সন্মানাৰ্থে সকলোকে নিজ নিজ স্থানতে থিয় হৈ অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ!

আজি আমি সকলোৱে এটা অতি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰমণৰ সাক্ষ্য বহণ কৰিছো। ‘প্ৰজেক্ট টাইগাৰ’- ‘ব্যঘ্ৰ-প্ৰকল্প’ই ৫০ বছৰ পূৰণ কৰিলে। ‘প্ৰজেক্ট টাইগাৰ’-ৰ সফলতা কেৱল ভাৰতৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ বাবেই গৌৰৱৰ বিষয়। ভাৰতে কেৱল বাঘক ৰক্ষা কৰাই নহয় বৰং ইহঁতক ফুলে-ফলে জাতিষ্কাৰ হোৱাৰ বাবে এক উপযুক্ত বাতাবৰণো প্ৰদান কৰিছে। এয়া আমাৰ বাবে আৰু অধিক আনন্দদায়ক কথা যে যি সময়ত আমি আমাৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছো, সেই সময়ত বিশ্বৰ বাঘৰ মুঠ সংখ্যাৰ প্ৰায় ৭৫ শতাংশ আমাৰ ভাৰততে আছে। কাকতালীয় হ’লেও ভাৰতত ব্যঘ্ৰ সংৰক্ষিত অঞ্চলৰ পৰিমাণো ৭৫ হাজাৰ বৰ্গ কিলোমিটাৰ জোৰা আৰু যোৱা ১০-১২ বছৰত বাঘৰ সংখ্যাৰ বৃদ্ধিৰ হাৰো হৈছে ৭৫ শতাংশ। এয়া সংশ্লিষ্ট সকলোৰে প্ৰচেষ্টাৰ বাবেই সম্ভৱ হৈছে, আৰু ইয়াৰ বাবে মই সমগ্ৰ দেশকে বহুত বহুত অভিনন্দন জনাইছো।

 

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বৰ বন্যপ্ৰাণী প্ৰেমীসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে যে যিটো সময়ত বাঘৰ বসতি থকা বহুবোৰ দেশত বাঘৰ সংখ্যা স্থিৰে আছে কিম্বা হ্ৰাস পাইছে, সেই সময়ত ভাৰতত ইয়াৰ সংখ্যা কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে? উত্তৰটো হ'ল, ভাৰতৰ পৰম্পৰা, ভাৰতৰ সংস্কৃতি আৰু ভাৰতীয় সমাজত জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি আমাৰ যি স্বাভাৱিক আগ্ৰহ প্ৰগাঢ় হৈ আহিছে সেয়াই এই সাফল্যৰ নেপথ্যত সংপৃক্ত হৈ আছে। আমি পৰিস্থিতি বিজ্ঞান আৰু অৰ্থনীতিৰ মাজৰ সংঘৰ্ষক বিশ্বাস নকৰোঁ, বৰঞ্চ দুয়োৰে মাজত সহাৱস্থানকহে গুৰুত্ব দিওঁ। বাঘৰ সৈতে আমাৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাস জড়িত আছে। মধ্য প্ৰদেশত পোৱা ১০,০০০ বছৰ পুৰণি শিলা-শিল্পত বাঘৰ চিত্ৰ উপলব্ধ হৈছে। দেশৰ বহুতো সম্প্ৰদায়ে মধ্য ভাৰতত বাস কৰা ভৰিয়া আৰু মহাৰাষ্ট্ৰত বাস কৰা ৱৰ্লিৰ দৰে বহুতো জনগগোষ্ঠীয়ে বাঘৰ পূজা কৰে। আমাৰ দেশৰ বহুতো জনজাতিয়ে বাঘক তেওঁলোকৰ বন্ধু হিচাপে গণ্য কৰে, ভাতৃ হিচাপে গণ্য কৰে। বাঘ হৈছে ‘মা দুৰ্গা’ আৰু ‘ভগৱান আয়াপ্পা’ৰ বাহন।

বন্ধুসকল,

ভাৰত এনে এখন দেশ য'ত প্ৰকৃতিৰ সুৰক্ষা হৈছে সংস্কৃতিৰ অভিন্ন অংগস্বৰূপ। এই কাৰণেই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ই বহুতো অনন্য সাফল্য অৰ্জন কৰিছে। পৃথিৱীৰ মাত্ৰ ২.৪ শতাংশ ভূমি এলেকাৰ সৈতে, ভাৰতে গোলকীয় জৈৱ বৈচিত্ৰ্যৰ প্ৰায় ৮ শতাংশ অৰিহণা আগবঢ়ায়। বিশ্বৰ বাঘৰ বৃহত্তম বসতিস্থল হৈছে ভাৰত। প্ৰায় ত্ৰিশ হাজাৰ হাতীৰ সৈতে আমি হৈছো এছিয়াটিক হাতীৰ বিশ্ব ভিতৰতে সৰ্ব বৃহত্ বসতিৰ দেশ! প্ৰায় তিনি হাজাৰ গঁড়ৰ বিচৰণৰে এশিঙীয়া গঁড়ৰ পৃথিৱীৰ সৰ্ববৃহৎ দেশ কৰি তুলিছে। আমি পৃথিৱীৰ একমাত্ৰ দেশ য'ত এছিয়াটিক সিংহ পোৱা যায়। সিংহৰ সংখ্যা ২০১৫ চনত প্ৰায় ৫২৫ৰ পৰা ২০২০ চনত প্ৰায় ৬৭৫ লৈ বৃদ্ধি পাইছে। আমাৰ নাহৰফুটুকী বাঘৰ সংখ্যা মাত্ৰ ৪ বছৰত ৬০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। গঙ্গাৰ দৰে নদীৰ পৰিষ্কৰণৰ বাবে কৰা কামে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণক সহযোগিতা আগবঢ়াইছে। কেতবোৰ বিপন্নপ্ৰায় জলজ প্ৰজাতিৰ পুনৰুজ্জীৱিতকৰণ ক্ষেত্ৰতো উন্নতি পৰিলক্ষিত হৈছে। এই সাফল্যসমূহ জনসাধাৰণৰ অংশগ্ৰহণ আৰু সংৰক্ষণৰ সংস্কৃতিৰ বাবেই সম্ভৱ হৈছে, সম্ভৱ হৈছে সকলোৰে প্ৰয়াসেৰে ।

 

বন্যপ্ৰাণীৰ বিকাশৰ বাবে পৰিৱেশ তন্ত্ৰৰ বিকাশ হোৱাটো নিতান্তই গুৰুত্বপূৰ্ণ। এয়া ভাৰতত সম্ভৱ হৈ আহিছে। স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰোঁতে ভাৰতে ইয়াৰ ‘ৰামচাৰ স্থান’ৰ তালিকাত এঘাৰটা আৰ্দ্ৰভূমি অঞ্চল সংযুক্ত কৰিছিল। এইটোৱে ‘ৰামচাৰ স্থান’ৰ মুঠ সংখ্যা ৭৫ লৈ বৃদ্ধি কৰিছিল। বন আৰু গছৰ আস্তৰণৰ পৰিসৰো বাঢ়ি আহিছে। ২০১৯ চনৰ তুলনাত ভাৰতে ২০২১ চনৰ ভিতৰত দুই হাজাৰ দুশ বৰ্গ কিলোমিটাৰ জোৰা বন আৰু গছৰ আস্তৰণ সংযোজিত কৰিছিল। যোৱাটো দশকত, সামূহিক সংৰক্ষণৰ সংখ্যা তিৰাল্লিশৰ পৰা এশতকৈ ওপৰলৈ বৃদ্ধি হৈছে। এটা দশকত পৰিৱেশ-সংবেদনশীল অঞ্চলসমূহক ‘ৰাষ্ট্ৰীয় উদ্যান’ আৰু ‘অভয়াৰণ্য’ হিচাপে অধিসূচিত কৰাৰ সংখ্যা ৯ৰ পৰা চাৰিশ আঠলৈ বৃদ্ধি পাইছে।

বন্ধুসকল,

বন্যপ্ৰাণী সংৰক্ষণৰ এই সকলো প্ৰচেষ্টা গ্ৰহণৰ ক্ষেত্ৰত মই গুজৰাটৰ মোৰ দীঘলীয়া অভিজ্ঞতাৰ পৰাও লাভান্বিত হৈছো। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ, আমি সিংহৰ ক্ষেত্ৰত কাম কৰিছিলো। একে সময়তে মই শিকিছিলো যে আমি এটা বনৰীয়া জন্তুক বচাবলৈ কেৱল এটা ভৌগোলিক পৰিসৰতে সীমাবদ্ধ থাকিব নোৱাৰো। আমি ইয়াৰ বাবে স্থানীয় লোক আৰু জন্তুৰ মাজত সম্পৰ্ক গঢ়ি তুলিব লাগিব। এই সম্পৰ্কটো আৱেগ আৰু অৰ্থনীতিৰো হ'ব লাগে। সেয়েহে গুজৰাটত আমি ‘বন্যপ্ৰাণী মিত্ৰ’ কাৰ্যসূচী আৰম্ভ কৰিছো। এই ব্যৱস্থাটো চিকাৰৰ দৰে কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰা হৈছিল, যাৰ বাবে নগদ পুৰস্কাৰৰো ব্যৱস্থা কৰা হৈছিল। আমি গীৰৰ সিংহখিনিৰ বাবে এটা পুনৰ্সংস্থাপন কেন্দ্ৰও খুলিছিলো। গীৰ এলেকাত আমি বন বিভাগত মহিলা বনৰক্ষী আৰু বনপালকসকলকো নিয়োগ কৰিছিলো। ই নিৰন্তৰভাৱে সিংহ থাকিলেহে আমি থাকিম, আমি থাকিলেহে সিংহ থাকিবৰ দৃষ্টিভংগীক শক্তিসমৃদ্ধ কৰিছিল। আজি আপোনালোকে দেখিবলৈ পাইছে যে গিৰত এতিয়া পৰ্যটন, পৰিৱেশ-পৰ্যটনৰ এক সুন্দৰ বাতাবৰণ গঢ়ি উঠিছে।

 

বন্ধুসকল,

গীৰ-ত লোৱা পদক্ষেপৰ দৰেই ‘প্ৰজেক্ট টাইগাৰ’-ৰ সফলতাৰো বহুতো মাত্ৰা আছে। ইয়াৰ ফলত পৰ্যটকজনিত কাৰ্যকলাপ বঢ়াৰ লগতে আমি যি সজাগতামূলক কাৰ্যসূচী চলাইছিলো তাৰ দ্বাৰা বাঘৰ বাবে সংৰক্ষিত এলেকাত  মানুহ-বন্যপ্ৰাণীৰ সংঘৰ্ষৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল। ডাঙৰ মেকুৰীৰ বাবে, বাঘৰ ভাণ্ডাৰত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু ই স্থানীয় অৰ্থনীতিশক্তিশালী কৰিছে। বাঘৰ উপস্থিতিয়ে সকলো ঠাইতে স্থানীয় লোকসকলৰ জীৱন আৰু পৰিস্থিতিবিজ্ঞানক ইতিবাচকভাৱে প্ৰভাৱিত কৰিছে।

বন্ধুসকল,

কেইমাহমানৰ আগতে আমি ভাৰতৰ জৈৱ-বৈচিত্ৰ্য সমৃদ্ধ কৰাৰ বাবে আন এক গুৰুত্বপূৰ্ণ কাম কৰিছো। কেবাদশকৰ আগতেই ভাৰতৰ পৰা চিতাবাঘ বিলুপ্ত হৈ গৈছিল। আমি নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা এই সুন্দৰ বাঘবিধ ভাৰতলৈ অনাৰ পদক্ষেপ গ্ৰহণ কৰিছিলো। এয়া আছিল বৃহত্-মেকুৰী প্ৰজাতি এটাৰ প্ৰথমটো সফল আন্তঃমহাদেশীয় স্থানান্তৰণ। ইয়াৰে এজনী বাঘে কেইদিনমান আগতে মাত্ৰ ‘কুনো ৰাষ্ট্ৰীয় উদ্যান’ত ৪টা ধুনীয়া পোৱালীৰ জন্ম দিছে। প্ৰায় ৭৫ বছৰ আগতে চিতাবাঘ ভাৰতৰ মাটিৰ পৰা নাইকিয়া হৈছিল। অৰ্থাৎ প্ৰায় ৭৫ বছৰৰ পিছত, ভাৰতৰ মাটিত পুনৰ চিতাবাঘে জন্ম লাভ কৰিছে। এয়া আক্ষৰিক অৰ্থতে এটা অতি ভাল আৰম্ভণি। জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে আন্তৰ্জাতিক সহযোগিতা কিমান গুৰুত্বপূৰ্ণ তাৰো ই হৈছে এক নিদৰ্শন।

 

বন্ধুসকল,

 

বন্যপ্ৰাণী সংৰক্ষণ কোনো এখন দেশৰ নহয়, বৰঞ্চ এক সাৰ্বজনীন সমস্যাহে। ইয়াৰ বাবে আন্তৰ্জাতিক মিত্ৰতা হৈছে সময়ৰ আহ্বান। ২০১৯ চনৰ ‘গোলকীয় বাঘ দিৱস’ত মই এছিয়াত চোৰাং চিকাৰ আৰু অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ বিৰুদ্ধে ‘মৈত্ৰী-মঞ্চ’ৰ আহ্বান জনাইছিলো। ‘ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স’ হৈছে এই দৃষ্টিভংগীৰে এক সম্প্ৰসাৰণ। এইটোৱে ‘বিগ কেট’ৰ সৈতে সম্পৰ্কিত সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ বাবে বিত্তীয় আৰু কাৰিকৰী সম্পদ বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া সহজ কৰি তুলিব। ইয়াৰ ফলত ভাৰতকে ধৰি সকলো দেশৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা সংৰক্ষণ আৰু সুৰক্ষা কাৰ্যসূচী ৰূপায়ণ কৰাটো সহজ হ'ব। ‘ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স’-য়ে পৃথিৱীৰ ৭ টা মুখ্য বিগ কেটৰ সংৰক্ষণত গুৰুত্ব দিব। অৰ্থাৎ, যিবোৰ দেশত বাঘ, সিংহ, লেপ'ৰ্ড, স্নো লেপ'ৰ্ড, পুমা, জাগুৱাৰ আৰু চিতা আছে সেইবোৰ দেশ এই মৈত্ৰীমঞ্চৰ অংশীদাৰ হ'ব। এই মিত্ৰতাৰ অধীনত, সদস্য দেশসমূহে তেওঁলোকৰ অভিজ্ঞতাসমূহৰ ভাগ বাটোৱাৰা কৰাৰ লগতে তেওঁলোকৰ অংশীদাৰ দেশবোৰক দ্ৰুতগতিত সহায় কৰিবলৈ সক্ষম হ'ব। ই মিত্ৰতা, গৱেষণা, প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্দ্ধনতো গুৰুত্ব আৰোপ কৰিব। আমি একেলগে এই প্ৰজাতিসমূহক বিলুপ্তিৰ পৰা ৰক্ষা কৰিম, এক সুৰক্ষিত আৰু উৎকৃষ্ট পৰিৱেশ-প্ৰণালী গঢ়ি তুলিম।

 

বন্ধুসকল,

 

মানৱতাৰ এক উন্নত ভৱিষ্যত তেতিয়াহে সম্ভৱ হব যেতিয়া আমাৰ পৰিৱেশ সুৰক্ষিত হব, আমাৰ জৈৱ-বৈচিত্ৰ্য বিস্তাৰিত হৈ থাকিব। এয়া আমাৰ সকলোৰে দায়িত্ব, সমগ্ৰ বিশ্বৰে দায়িত্ব। আমাৰ ‘জি-২০ সভাপতিত্ব’ৰ সময়ত এই ভাৱনাক নিৰন্তৰ উৎসাহিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ‘জি-২০’-ৰ মূলমন্ত্ৰ, ‘ৱান আৰ্থ, ৱান ফেমিলী, ৱান ফিউশ্যাৰ’য়ে একেই বাৰ্তাকে প্ৰদান কৰিছে। ‘চিঅপি২৬’-ত, আমি আমাৰ বাবে বৃহত্ আৰু উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছো। মই নিশ্চিত যে পাৰস্পৰিক সহযোগিতাৰে আমি পৰিৱেশ সুৰক্ষাৰ প্ৰতিটো লক্ষ্যত উপনীত হ’বগৈ পাৰিম।

 

বন্ধুসকল,

মই এই অনুষ্ঠানলৈ অহা বিদেশী অতিথিসকল, আৰু যিসকল আন ৰাজ্যৰ পৰা ইয়ালৈ আহিছে সেইসকলক এটা কথা ক'ব বিচাৰিছো। আপোনালোক সকলোৱে নিশ্চিত ভাৱে ইয়াত আন এটা সুবিধাও গ্ৰহণ কৰা উচিত। এই যে পশ্চিম ঘাটৰ এলেকাসমূহ, এই যে সহ্যাদ্ৰীৰ এলেকাসমূহ, এইসমূহ এলেকাত বহুতো জনজাতিয় লোকে বাস কৰে। তেওঁলোকে বহু শতাব্দী ধৰি বাঘকে ধৰি প্ৰতিটো জৈৱ-বৈচিত্ৰ্য সমৃদ্ধ কৰাত নিয়োজিত হৈ আহিছে। তেওঁলোকৰ জীৱন, তেওঁলোকৰ সংস্কৃতি সমগ্ৰ বিশ্বৰ বাবে এক উৎকৃষ্ট উদাহৰণ। আমি প্ৰকৃতিৰ পৰা যিমানখিনি গ্ৰহণ কৰো,  সিমানখনি প্ৰকৃতিক ঘূৰায়ো দিছো, এই ভাৰসাম্যই কেনেদৰে কাম কৰে, সেয়া আমি ইয়াত শিকিবলৈ পাওঁ, এই জনজাতীয় পৰম্পৰাত আমি সেয়া প্ৰত্যক্ষ কৰিব পাৰো। ইয়ালৈ অহাৰ আগতে, মই এনে বহু বন্ধুৰ সৈতে কথা পাতিছিলো আৰু সেইকাৰণে মই আহোতে কিছু পলম হৈছিলো। ‘অস্কাৰ’ লাভ কৰা ‘এলিফেণ্ট হুইস্পাৰ্ছ’ নামৰ তথ্যচিত্ৰখনে প্ৰকৃতি আৰু জীৱকূলৰ মাজৰ আশ্চৰ্যকৰ সম্পৰ্কৰ আমাৰ উত্তৰাধিকাৰিত্বকো প্ৰতিফলিত কৰিছে। জনজাতীয় সমাজৰ জীৱনশৈলীয়ে ‘মিছন লাইফ’ অৰ্থাৎ ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ৰ দৃষ্টিভংগী বুজাত যথেষ্ট সহায় কৰে। আমাৰ জনজাতীয় সমাজৰ জীৱন আৰু পৰম্পৰাৰ পৰা আপোনালোকৰ দেশ, আপোনালোকৰ সমাজলৈ কিবা এটা লৈ যোৱাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছো। আকৌ এবাৰ মই এই অনুষ্ঠানলৈ অহাৰ বাবে আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো, আৰু সমগ্ৰ বিশ্বক আশ্বস্ত কৰিব খুজিছো যে  আজিৰ তাৰিখত বাঘৰ নতুন পৰিসংখ্যা লাভ কৰাৰ দৰেই অনাগত দিনতো আমি অধিক নতুন পৰিসংখ্যা অতিক্ৰম কৰিম, আৰু নতুন সাফল্য অৰ্জন কৰিম।

   

বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India

Media Coverage

'Wed in India’ Initiative Fuels The Rise Of NRI And Expat Destination Weddings In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates Indian Squash Team on World Cup Victory
December 15, 2025

Prime Minister Shri Narendra Modi today congratulated the Indian Squash Team for creating history by winning their first‑ever World Cup title at the SDAT Squash World Cup 2025.

Shri Modi lauded the exceptional performance of Joshna Chinnappa, Abhay Singh, Velavan Senthil Kumar and Anahat Singh, noting that their dedication, discipline and determination have brought immense pride to the nation. He said that this landmark achievement reflects the growing strength of Indian sports on the global stage.

The Prime Minister added that this victory will inspire countless young athletes across the country and further boost the popularity of squash among India’s youth.

Shri Modi in a post on X said:

“Congratulations to the Indian Squash Team for creating history and winning their first-ever World Cup title at SDAT Squash World Cup 2025!

Joshna Chinnappa, Abhay Singh, Velavan Senthil Kumar and Anahat Singh have displayed tremendous dedication and determination. Their success has made the entire nation proud. This win will also boost the popularity of squash among our youth.

@joshnachinappa

@abhaysinghk98

@Anahat_Singh13”