গান্ধী আশ্ৰম স্মাৰকৰ মাষ্টাৰ প্লেন মুকলি কৰে
"সবৰমতী আশ্ৰমে বাপুৰ সত্য, অহিংসা, ৰাষ্ট্ৰ সেৱা আৰু বঞ্চিতসকলৰ সেৱাত ঈশ্বৰৰ সেৱা জীয়াই ৰাখিছে"
"অমৃত মহোৎসৱে ভাৰতৰ বাবে অমৃত কালত প্ৰৱেশৰ এটা প্ৰৱেশদ্বাৰ সৃষ্টি কৰিছে"
"যিখন ৰাষ্ট্ৰই নিজৰ ঐতিহ্য সংৰক্ষণ কৰিবলৈ সক্ষম নহয়, তেওঁলোকে ভৱিষ্যতো হেৰুৱায়। বাপুৰ সবৰমতী আশ্ৰম কেৱল দেশতেই মানৱতাৰ ঐতিহ্য নহয়"
"গুজৰাটে সমগ্ৰ দেশক ঐতিহ্য সংৰক্ষণৰ পথ দেখুৱাইছে"
"আজি যেতিয়া ভাৰতে বিকাশৰ সংকল্পলৈ আগবাঢ়িছে, মহাত্মা গান্ধীৰ এই মন্দিৰটো আমাৰ সকলোৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা"

গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, মুলুভাই বেৰা, নৰহৰি আমিন, চি.আৰ. পাটিল, কিৰিতভাই সোলাংকী, মেয়ৰ শ্ৰীমতী প্ৰতিভা জৈন জী, ভাই কাৰ্তিকেয়া জী, আন সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল!

পূজ্য বাপুৰ এই সাবৰমতী আশ্ৰম সদায় অতুলনীয় শক্তিৰ এক সজীৱ কেন্দ্ৰ হৈ আহিছে। আৰু,মই ইয়ালৈ অহাৰ সুযোগ লাভ কৰা মাত্ৰেকে, আমাৰ মাজত বাপুৰ প্ৰেৰণা স্পষ্টকৈ অনুভৱ কৰিব পাৰোঁ। সত্য আৰু অহিংসাৰ আদৰ্শ থাকিব লাগে, ৰাষ্ট্ৰক পূজাৰ সংকল্প, দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ জৰিয়তে নাৰায়ণক সেৱাৰ অনুভূতি, সাবৰমতী আশ্ৰমে আজিও বাপুৰ এই প্ৰমূল্যবোধবোৰ জীয়াই ৰাখিছে। মোৰ সৌভাগ্য যে আজি মই ইয়াত সাবৰমতী আশ্ৰমৰ পুনৰ-উন্নয়ন আৰু সম্প্ৰসাৰণ কৰ্মৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰথমতে,কোচৰব আশ্ৰমৰো বিকাশ সাধন কৰা হৈছেআৰু মই সুখী যে আজি ইয়াৰ উদ্বোধন কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰপৰা উভতি অহাৰ পিছত গান্ধীজীয়ে কোচৰব আশ্ৰমত প্ৰথম আশ্ৰম স্থাপন কৰে। গান্ধীজীয়ে ইয়াত যঁতৰত সূতা কাটিছিল। দুবছৰ কোচৰব আশ্ৰমত থকাৰ পিছত গান্ধীজীয়ে সাবৰমতী আশ্ৰমলৈ আহে। পুনৰ-নিৰ্মাণৰ পিছত এতিয়া গান্ধীজীৰ সেই দিনৰ স্মৃতিবোৰ কোচৰব আশ্ৰমত উন্নত ৰূপত সংৰক্ষিত হৈ থাকিব। শ্ৰদ্ধাৰ বাপুৰ চৰণত প্ৰণাম কৰি তেওঁক শ্ৰদ্ধা জনাইছোঁ। লগতে, এই গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক স্থানসমূহৰ উন্নয়নৰ বাবে সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আজি ১২ মাৰ্চ এক ঐতিহাসিক দিন। আজিৰ দিনটোতে বাপুৱে স্বাধীনতা আন্দোলনৰ গতিপথ সলনিৰে দাণ্ডীযাত্ৰাৰ সূচনাৰে স্বাধীনতা আন্দোলনৰ ইতিহাসত এই তাৰিখটোক সোণালী আখৰেৰে লিপিবদ্ধ কৰিছিল। স্বাধীন ভাৰততো এই তাৰিখটো একেধৰণৰ ঐতিহাসিক উপলক্ষ হৈ আহিছে, যিয়ে এক নতুন যুগৰ সূচনা কৰিছিল। ২০২২ৰ ১২ মাৰ্চত এই সাবৰমতী আশ্ৰমৰপৰাই দেশে স্বাধীনতাৰ অমৃত মহোৎসৱৰপাতনি মেলিছিল। স্বাধীন ভাৰতৰ পবিত্ৰ ভূমি নিৰ্ণয়, ইয়াৰ পটভূমি সৃষ্টি কৰা, এই পবিত্ৰ ভূমিক স্মৰণেৰে আগুৱাই যোৱাত দাণ্ডীযাত্ৰাইএক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু, অমৃত মহোৎসৱৰ আৰম্ভণিয়ে ভাৰতৰ অমৃত কালত প্ৰৱেশৰ আগজাননী দিলে। অমৃত মহোৎসৱে দেশত জনসাধাৰণৰ অংশগ্ৰহণৰ যি পৰিবেশ স্বাধীনতাৰ পূৰ্বে দেখা গৈছিল, সেই পৰিবেশৰ সৃষ্টি কৰে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিষয়ে জানিলে প্ৰতিজন ভাৰতীয় আনন্দিত হ’ব, এয়া কিমান ব্যাপক আছিল আৰু ইয়াত গান্ধীৰ চিন্তাধাৰা কেনেদৰে প্ৰতিফলিত হৈছিল! দেশবাসীয়ে জানে যে স্বাধীনতাৰ সোণালী যুগৰ এই কাৰ্য্যসূচীত ৩ কোটিৰো অধিক লোকে পঞ্চ পণ গ্ৰহণ কৰিছিল। দেশত ২ লাখৰো অধিক অমৃত বাটিকা স্থাপন কৰা হয়। ২ কোটিৰো অধিক গছপুলি ৰোপণেৰেএইসমূহৰ সম্পূৰ্ণ যত্ন লোৱা হয়। কেৱল এয়াই নহয়, জল সংৰক্ষণৰ দিশত এক বিশাল বৈপ্লৱিক কাম কৰা হ’ল, ৭০ হাজাৰৰো অধিক অমৃত সৰোৱৰ খন্দা হ’ল। আৰু আমাৰ মনত আছে, হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশতে দেশপ্ৰেম প্ৰকাশৰ এক অতি শক্তিশালী মাধ্যম হৈ পৰিছিল। ‘মেৰী মাটি, মেৰা দেশ অভিযান’ৰ অধীনত কোটি-কোটি দেশবাসীয়ে দেশৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অমৃত মহোৎসৱৰ সময়ত ২ লাখৰো অধিক শিলৰ ফলকো স্থাপন কৰা হৈছে। সেয়েহে, সাবৰমতী আশ্ৰম স্বাধীনতাৰ যুঁজৰ লগতে এখনি উন্নত ভাৰতৰ সংকল্প গ্ৰহণৰ তীৰ্থস্থানত পৰিণত হৈছে।

 

বন্ধুসকল,

যিখন দেশে নিজৰ ঐতিহ্যক লালন-পালন নকৰে, সেইখন দেশে নিজৰ ভৱিষ্যতো হেৰুৱাই পেলায়। বাপুৰ এই সাবৰমতী আশ্ৰম কেৱল দেশৰে নহয়, বৰঞ্চ মানৱ জাতিৰ এক ঐতিহাসিক ঐতিহ্য। কিন্তু, স্বাধীনতাৰ পিছত এনে ঐতিহ্যকো সংৰক্ষণকৰা নহৈছিল। বাপুৰ এই আশ্ৰম এসময়ত ১২০ একৰ মাটিত বিস্তৃত আছিল। সময়ৰ লগে-লগে, ভিন্ন কাৰণত ইয়াক মাত্ৰ ৫ একৰ ভূমিলৈ হ্ৰাস কৰা হ’ল। এসময়ত ইয়াত ৬৩টা সৰু-সৰু কুটীৰ আছিলআৰু তাৰ ভিতৰত এতিয়া মাত্ৰ ৩৬টা কুটীৰহে বাকী আছে। আৰু এই ৩৬টা কুটীৰৰ ভিতৰত পৰ্যটকে মাত্ৰ ৩টা কুটীৰহে চাব পাৰে। যিখন আশ্ৰমে ইতিহাসৰ সৃষ্টি কৰিছিল, যিখন আশ্ৰমে দেশৰ স্বাধীনতাত ইমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিখন আশ্ৰমক বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা লোকে চাবলৈ, চিনিবলৈ আৰু অনুভৱ কৰিবলৈ আহিছে, সেইখন আশ্ৰমক আমি সংৰক্ষণ কৰা উচিত। ইয়াৰ দায়িত্ব ১৪০ কোটি ভাৰতীয় আটাইৰে।

আৰু বন্ধুসকল,

ইয়াত বসবাস কৰা পৰিয়ালসমূহে আজি সাবৰমতী আশ্ৰমৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁলোকৰ সহযোগিতাৰ বাবেই আশ্ৰমখনৰ ৫৫ একৰ মাটি উদ্ধাৰ কৰা হয়। এই ক্ষেত্ৰত যিসকল পৰিয়ালে ইতিবাচক ভূমিকা পালন কৰিছে, তেওঁলোকক মই শলাগ লৈছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ প্ৰয়াস হৈছে আশ্ৰমৰ সকলো পুৰণি কুটীৰক সংৰক্ষণ কৰা। মই সদায় এনে কুটীৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰোঁ, যিসমূহৰ পুনৰ-নিৰ্মাণ কৰিব লাগে। দেশখনে অনুভৱ কৰা উচিত যে নিৰ্মাণৰ পৰম্পৰাগত শৈলী অক্ষুণ্ণথাকিব লাগে। আগন্তুক সময়ত এই পুনৰ-নিৰ্মাণে দেশ-বিদেশৰ জনসাধাৰণৰ মাজত এক নতুন আকৰ্ষণৰ সৃষ্টি কৰিব।

 

বন্ধুসকল,

স্বাধীনতাৰ পিছত যিসমূহ চৰকাৰ আছিল, সেইসমূহৰ দেশৰ এনে ঐতিহ্য ৰক্ষাৰ চিন্তা বা ৰাজনৈতিক ইচ্ছাশক্তিও নাছিল। প্ৰথমতে ভাৰতক বিদেশী দৃষ্টিকোণৰপৰা চোৱাৰ অভ্যাস আছিল আৰু দ্বিতীয়তে তুষ্টিকৰণৰ বাধ্যবাধকতা আছিল, যাৰ বাবে ভাৰতৰ ঐতিহ্য, আমাৰ মহান ঐতিহ্যৰাজি ধ্বংসৰ গৰাহত পৰিছিল। বেদখল, অপৰিষ্কাৰ, বিশৃংখলতাএই সকলোবোৰে আমাৰ ঐতিহ্যক আগুৰি ধৰিছিল। মই কাশীৰ সাংসদ, সেয়ে কাশীৰ এটা উদাহৰণ দিব খুজিছোঁ। ১০ বছৰ আগতে কেনে পৰিস্থিতি আছিল সেয়া সমগ্ৰ দেশেই জানে। কিন্তু, চৰকাৰে ইচ্ছা দেখুৱালে,জনতায়ো সহযোগ কৰি কাশী বিশ্বনাথ ধাম পুনৰ-নিৰ্মাণৰ বাবে ১২ একৰ মাটি এৰিদিয়ে। আজি একেখিনি মাটিতে মিউজিয়াম, ফুড ক’ৰ্ট, অতিথিশালা, মন্দিৰ চ’ক, এম্পেৰিয়াম, যাত্ৰী সুবিধা কেন্দ্ৰ ইত্যাদি বহু ধৰণৰ সা-সুবিধা গঢ়ি তোলা হৈছে। এনে পুনৰ-নিৰ্মাণৰ পিছত এতিয়া আপোনাসৱে দেখিছে যে ২ বছৰত ১২ কোটিৰো অধিক ভক্তই বিশ্বনাথ জীক চাবলৈ আহিছে। একেদৰে, আমি অযোধ্যাত শ্ৰী ৰাম জন্মভূমিৰ সম্প্ৰসাৰণৰ বাবে ২০০ একৰ মাটি মুক্ত কৰিলোঁ। আগতে এই মাটিতো অতি ঘন নিৰ্মাণ আছিল। আজি তাত ৰাম পথ, ভক্তি পথ, জন্মভূমি পথআৰু অন্যান্য সা-সুবিধাসমূহৰ বিকাশ ঘটিছে। অযোধ্যাতো যোৱা ৫০ দিনত এক কোটিৰো অধিক ভক্তই ভগৱান শ্ৰীৰামৰ দৰ্শন লাভ কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে দ্বাৰকা জীতো বহু উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিছোঁ।

বাৰু বন্ধুসকল,

গুজৰাটৰ ভূমিয়ে দেশখনক নিজৰ ঐতিহ্য ৰক্ষাৰ পথ দেখুৱাইছিল। মনত ৰাখিব যে চৰ্দাৰ চাহেবৰ নেতৃত্বত সোমনাথ মন্দিৰৰ সংস্কাৰ আছিল এক অতি ঐতিহাসিক ঘটনা। গুজৰাটে এনে বহু ঐতিহ্য সংৰক্ষণ কৰিছে। এই আহমেদাবাদ চহৰখন বিশ্ব ঐতিহ্য নগৰ। ৰাণী কী বাভ, চম্পানেৰ আৰু ধোলাবীৰাকো বিশ্ব ঐতিহ্যৰ ভিতৰত গণ্য কৰা হয়। হাজাৰ-হাজাৰ বছৰ পুৰণি বন্দৰ চহৰ লোথালৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা হয়। গিৰ্নাৰ, পাৱগধ, মধেৰা, অম্বাজীৰ উন্নয়নেই হওঁক, এনে আটাইকেইটা গুৰুত্বপূৰ্ণ স্থানতে নিজৰ ঐতিহ্যক সমৃদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে।

 

বন্ধুসকল,

স্বাধীনতা সংগ্ৰামৰ ঐতিহ্যৰ সৈতে জড়িত আমাৰ স্থানসমূহৰ বাবে আৰু আমাৰ ৰাষ্ট্ৰীয় প্ৰেৰণাৰ বাবেও আমি এক উন্নয়নমূলক অভিযান আৰম্ভ কৰিছোঁ। আপোনাসৱে নিশ্চয় দেখিছে যে আগতে দিল্লীত ৰাজপথ আছিল। আমি ৰাজপথক কৰ্তব্য পথ হিচাপে গঢ়ি তুলিবলৈ কাম কৰিলোঁ। আমি কৰ্তব্য পথত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপন কৰিলোঁ। আমি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত স্বাধীনতা সংগ্ৰাম আৰু নেতাজীৰে জড়িত ঠাইবোৰ গঢ়ি তুলিলোঁ, লগতে সেইসমূহক সঠিক পৰিচয় প্ৰদান কৰিলোঁ। বাবা চাহেব আম্বেদকাৰৰে জড়িত ঠাইসমূহো আমি পঞ্চ তীৰ্থ হিচাপে বিকশিত কৰিলোঁ। ইয়াত একতা নগৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্যৰ মূৰ্তি আজি সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আজি লাখ-লাখ দৰ্শনাৰ্থী তালৈ যায় চৰ্দাৰ পেটেল জীক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আপোনাসৱে দেখিব দাণ্ডী, কিমান সলনি হৈছে, হাজাৰ-হাজাৰ লোক আজি দাণ্ডীলৈ যায়। এতিয়া সাবৰমতী আশ্ৰমৰ উন্নয়ন আৰু সম্প্ৰসাৰণ এই দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

 

বন্ধুসকল,

এই আশ্ৰমলৈ অহা ৰাইজে বুজিব পাৰিব যে কেনেকৈ যঁতৰৰ শক্তিৰে দেশবাসীৰ মন আলোড়িত কৰিছিল সাবৰমতীৰ সাধুজনে। দেশবাসীৰ মন সচেতন কৰি তুলিছিল। আৰু স্বাধীনতাৰ বহু প্ৰবাহক তেওঁ গতি দিছিল। শতিকাজুৰি দাসত্বৰ বাবে হতাশাত ভুগি থকা দেশখনত বাপুৱে গণ আন্দোলন সৃষ্টিৰে এক নতুন আশা আৰু নতুন বিশ্বাস পূৰণ কৰিছিল। আজিও তেওঁৰ দৃষ্টিভংগীয়ে আমাৰ দেশৰ উজ্জ্বল ভৱিষ্যতৰ এক স্পষ্ট দিশ দেখুৱাইছে। বাপুৱে গাঁৱৰ স্বৰাজ আৰু স্বাৱলম্বী ভাৰতৰ সপোন দেখিছিল। এতিয়া আপোনাসৱে দেখিছে আমি ভকেলফৰলোকেলৰ বিষয়ে আলোচনা কৰিছোঁ। যি হওঁক শব্দৰ ব্যৱহাৰ যাতে আধুনিক মানুহে বুজিব পাৰে। কিন্তু মূলতঃ সেয়াই গান্ধীজীৰ দেশপ্ৰেমৰ অনুভূতি। মহাত্মা গান্ধীৰ আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণা ইয়াত স্পষ্ট হৈছে। আজি আমাৰ আচাৰ্য্য জীয়ে মোক সেই কথা কৈ আছিল কাৰণ তেওঁ প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বাবে এটা মিছন লৈ কাম কৰি আছে। তেওঁ মোক ক’লে যে গুজৰাটত ৯ লাখ কৃষক পৰিয়াল আছে, এয়া এক বৃহৎ পৰিসংখ্যা। ৯ লাখ কৃষক পৰিয়ালে এতিয়া প্ৰাকৃতিক খেতিৰ ফালে মুখ কৰিছে, যি গান্ধীজীৰ সপোন আছিল, ৰাসায়নিক সাৰ মুক্ত খেতি আৰু তেওঁ মোক ক’লে যে এইবাৰ গুজৰাটত ৩ লাখ মেট্ৰিক টন ইউৰিয়া কম ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ পৃথিৱী মাতৃক ৰক্ষাৰ কামো অব্যাহত আছে। যদি এয়া মহাত্মা গান্ধীৰ চিন্তা নহয় তেন্তে কি? আৰু আচাৰ্য্য জীৰ নিৰ্দেশনাতে গুজৰাট বিদ্যাপীঠেও নতুন জীৱন লাভ কৰিছে। আমাৰ এই মহাপুৰুষসকলে আমাৰ বাবে বহুখিনি থৈ গৈছে। আমি ইয়াক আধুনিক ৰূপত জীয়াই ৰাখিবলৈ শিকিব লাগিব। আৰু, এয়া মোৰ প্ৰয়াস খাদী, আজি খাদীৰ শক্তি ইমান বাঢ়িছে। কেতিয়াও ভবা নাছিলোঁএনে হ’ব বুলি। এয়াই আমাৰ গান্ধীৰ প্ৰতি সমৰ্পণৰ ধৰণ। আৰু আমাৰ চৰকাৰে গান্ধীজীৰ এই আদৰ্শ অনুসৰণেৰে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকৰ কল্যাণক অগ্ৰাধিকাৰ দি আত্মনিৰ্ভৰ ভাৰতৰ অভিযান চলাই আছে। আজি গাঁওসমূহ শক্তিশালী হৈ পৰিছে, বাপুৰ গ্ৰাম স্বৰাজৰ দৃষ্টিভংগী সঁচা হৈছে। আমাৰ গ্ৰাম্য অৰ্থনীতিত পুনৰবাৰ নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আত্মসহায়ক গোট, তাত আমাৰ মাতৃ-ভগ্নীসকলেকাম কৰি আছে। মই সুখী যে আজি দেশৰ গাঁৱে-ভূঞে আত্মসহায়ক গোটত কৰ্মৰত ১ কোটিৰো অধিক ভগ্নী লাখপতি দিদি হৈ পৰিছেআৰু মোৰ সপোন তৃতীয় কাৰ্য্যকালত ৩ কোটি লাখপতি দিদিগঢ়ি তোলা। আজি আমাৰ গাঁৱৰ আত্মসহায়ক গোটৰ ভগ্নীসকল ড্ৰোন পাইলট হৈ পৰিছে। খেতিৰ ক্ষেত্ৰত আধুনিকতাৰ দিশত আগবাঢ়িছে তেওঁলোক। এই সকলোবোৰ কথাই শক্তিশালী ভাৰতৰ উদাহৰণ। এখন সৰ্বাংগীন ভাৰতৰো ছবি। আমাৰ এই প্ৰচেষ্টাৰ বাবে দুখীয়া লোকসকলে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ আত্মবিশ্বাস লাভ কৰিছে। ১০ বছৰত আমাৰ চৰকাৰৰ নীতিৰ বাবেই ২৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা ওলাই আহিছে। আৰু মোৰ দৃঢ় বিশ্বাস যে পূজ্য বাপুৰ আত্মা য’তেই নাথাকক কিয়, তেওঁ আমাক আশীৰ্বাদ দি থাকিব। আজি যেতিয়া ভাৰতে স্বাধীনতাৰ সোণালী যুগত নতুন অভিলেখ সৃষ্টি কৰিছে, আজি যেতিয়া ভাৰতে ভূমিৰপৰা মহাকাশলৈকে নতুন উচ্চতা স্পৰ্শ কৰিছে, আজি যেতিয়া ভাৰতে বিকাশৰ সংকল্প লৈ আগবাঢ়িছে, তেতিয়া মহাত্মা গান্ধীৰ পবিত্ৰ স্থান আমাৰ সকলোৰে বাবে এক বৃহৎ প্ৰেৰণা। ইয়াৰ উপৰিও,এখনি উন্নত ভাৰতৰ সংকল্প আৰু প্ৰেৰণাৰ প্ৰতি আমাৰ বিশ্বাস দৃঢ় কৰে। আৰু মোৰ এটা দৃঢ় বিশ্বাস যে যেতিয়াই মোৰ সন্মুখত মই দেখা সাবৰমতী আশ্ৰমৰ ছবিখন সঁচা হৈ উঠিব, তেতিয়াই হাজাৰ-হাজাৰ লোক ইয়ালৈ আহিব। ইতিহাস জানিবলৈ চেষ্টা কৰিব, বাপুক চিনিবলৈ চেষ্টা কৰিব। আৰু সেইবাবেই গুজৰাট চৰকাৰ আৰু আহমেদাবাদ পৌৰ নিগমকো এটা কাম কৰিবলৈ ক’ম। আমাৰ মাজলৈ বিপুল সংখ্যক লোক আহিছে। আমাৰ বিপুল সংখ্যক লোকে গাইড হিচাপে আগবাঢ়ি আহেযেন। যিহেতু এইখন এখন ঐতিহ্যমণ্ডিত চহৰ, গতিকে কোনে শ্ৰেষ্ঠ গাইড হিচাপে কাম কৰে সেই লৈ ল’ৰা-ছোৱালীসকলৰ মাজত প্ৰতিযোগিতা হ’ব লাগে। সাবৰমতী আশ্ৰমত শ্ৰেষ্ঠ পথ-প্ৰদৰ্শক হিচাপে কাম কৰিব পৰা লোক কোন? এবাৰ ল’ৰা-ছোৱালীহঁতৰ মাজত এখনি প্ৰতিযোগিতা হয় যেন, প্ৰতিখন বিদ্যালয়তে প্ৰতিযোগিতা হয় যেন, তেতিয়া ইয়াৰ প্ৰতিটো শিশুৱে গম পাব যে কেতিয়া সাবৰমতী আশ্ৰম নিৰ্মাণ কৰা হৈছিল। আৰু দ্বিতীয়তে, ৩৬৫ দিনৰ বাবে আমি সিদ্ধান্ত লোৱা উচিত যে প্ৰতিদিনে আহমেদাবাদৰ ভিন্ন বিদ্যালয়ৰপৰা কমেও এহাজাৰ ল’ৰা-ছোৱালী আহি কমেও এঘন্টা সাবৰমতী আশ্ৰমত কটাব। আৰু যি ল’ৰা-ছোৱালী তেওঁৰ স্কুলখনত গাইড হৈ পৰিল, তেওঁলোকে বাকীসকলক ক’ব যে গান্ধীজীয়ে আগতে ইয়াত বহিছিল, ইয়াত খাদ্য খাইছিল, ইয়াতে খাদ্য ৰান্ধিছিল আদি সকলো কথা ক’ব। আমি ইতিহাসক জীয়াই ৰাখিব পাৰোঁ। কোনো অতিৰিক্ত বাজেটৰ প্ৰয়োজন নাই, কোনো অতিৰিক্ত প্ৰচেষ্টাৰ প্ৰয়োজন নাই, মাত্ৰ এটা নতুন দৃষ্টিভংগীৰ প্ৰয়োজন। আৰু মই বিশ্বাস কৰোঁ যে বাপুৰ আদৰ্শ আৰু তেওঁৰ লগত জড়িত এই প্ৰেৰণা স্থানসমূহে আমাক ৰাষ্ট্ৰ গঠনৰ যাত্ৰাত আৰু অধিক পথ প্ৰদৰ্শন কৰি যাব আৰু আমাক নতুন শক্তি প্ৰদান কৰি যাব।

 

দেশবাসীলৈ আজি এই নতুন প্ৰকল্পটো আপোনালোকৰ চৰণত উৎসৰ্গা কৰিছোঁ। আৰু এই বিশ্বাসেৰেই মই আজি ইয়ালৈ আহিছোঁ আৰু মনত পৰিছে, এয়া মোৰ আজিৰ সপোন নহয়, মই মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়াৰপৰাই মই এই কামত নিয়োজিত হৈ আছিলোঁ। ময়ো আদালতত বহু সময় কটাইছিলোঁ, কাৰণ ভিন্ন ধৰণৰ মানুহে নতুন সমস্যাৰ সৃষ্টি কৰিছিল। ভাৰত চৰকাৰেও সেই সময়ত ইয়াত বাধাৰ সৃষ্টি কৰিছিল। কিন্তু, হয়তো ভগৱানৰ আশীৰ্বাদ আৰু জনসাধাৰণৰ আশীৰ্বাদতেই সকলো সমস্যাৰপৰা মুক্তি পোৱাৰ পিছত এতিয়া তেওঁলোকে সেই সপোন বাস্তৱায়িত কৰিছে। আকৌ এবাৰ আপোনালোক সকলোকে অলেখ ধন্যবাদ জনালোঁ। আৰু, ৰাজ্য চৰকাৰলৈ মোৰ একমাত্ৰ অনুৰোধ যে ইয়াৰ কাম যিমান পাৰি সোনকালে আৰম্ভ হওঁক আৰু যিমান পাৰি সোনকালে সম্পূৰ্ণ হওঁক।

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a fire mishap in Delhi’s Shahdara district
May 03, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives due to a fire mishap in Delhi’s Shahdara district.

The Prime Minister extended his condolences to those who have lost their loved ones in this tragic mishap and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each of those who lost their lives, and the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"The loss of lives due to a fire mishap in Delhi’s Shahdara district is extremely distressing. Condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM"