"ভাৰতত, আমি এআই উদ্ভাৱনী চেতনা প্ৰত্যক্ষ কৰিছোঁ"
"চৰকাৰৰ নীতি আৰু কাৰ্যসূচীও 'সকলোৰে বাবে এআই'ৰ দ্বাৰা পৰিচালিত হয়"
"ভাৰত এআইৰ দায়িত্বশীল আৰু নৈতিক ব্যৱহাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ"
"ইয়াত কোনো সন্দেহ নাই যে এআই ৰূপান্তৰকাৰী, সেয়ে ইয়াক আৰু অধিক স্বচ্ছ কৰাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে"
"এআইৰ ওপৰত আস্থা তেতিয়াহে বৃদ্ধি পাব যেতিয়া সম্পৰ্কিত নৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশবোৰ সমাধান হব "
"আপস্কিলিং আৰু ৰিস্কিলিঙক এআই বিকাশ বক্ৰৰ অংশ কৰক"
"এআইৰ নৈতিক ব্যৱহাৰৰ বাবে এক বৈশ্বিক পৰিকাঠামো প্ৰস্তুত কৰিবলৈ আমি একেলগে কাম কৰিব লাগিব"
"যিকোনো তথ্য বা সামগ্ৰী এআই উৎপন্ন হোৱা বুলি চিহ্নিত কৰিবলৈ এটা ছফ্টৱেৰ ৱাটাৰমাৰ্ক প্ৰৱৰ্তন কৰিব পাৰি"
"এক অডিট প্ৰক্ৰিয়া অন্বেষণ কৰক যিয়ে এআই সঁজুলিবোৰক সেইবোৰৰ সামৰ্থ্য অনুসৰি ৰঙা, হালধীয়া বা সেউজীয়ালৈ শ্ৰেণীবদ্ধ কৰিব পাৰে"

কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী অশ্বিনী বৈষ্ণৱ জী, ৰাজীৱ চন্দ্ৰশেখৰ জী, ‘জিপিএআই’-ৰ বিদায়ী অধ্যক্ষ, জাপানৰ মন্ত্ৰী হিৰোচি য়োশ্বিদা জী, সদস্য দেশসমূহৰ অন্যান্য মন্ত্ৰীসকল,  গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল।

‘গ্লোবেল পাৰ্টানাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’- ‘কৃত্ৰিম বুদ্ধিমত্তা প্ৰসংগত গোলকীয় অংশীদাৰিত্ব সম্পৰ্কীয় শীৰ্ষ সন্মিলন’লৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো। মই সুখী যে অহা বছৰ ভাৰতে এই সন্মিলনৰ সভাপতিত্ব কৰিবলৈ আগবাঢ়িছে। এই সন্মিলনখন এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া ‘এআই’-ক লৈ সমগ্ৰ বিশ্বতে এক বৃহৎ বিতৰ্ক চলি আছে। এই বিতৰ্কৰ জৰিয়তে ইতিবাচক আৰু নেতিবাচক সকলো ধৰণৰ দিশ  উন্মোচিত হৈছে। সেয়েহে, এই সন্মিলনৰ সৈতে জড়িত প্ৰতিখন দেশৰ ওপৰত এক বৃহৎ দায়িত্ব আছে। শেহতীয়াকৈ, মই বহুতো ৰাজনৈতিক আৰু উদ্যোগক্ষেত্ৰৰ নেতাক লগ কৰাৰ সুযোগ পাইছো। মই তেওঁলোকৰ সৈতে হোৱা বৈঠকত এই সন্মিলনৰ বিষয়েও আলোচনা কৰিছো। ‘এআই’-ৰ প্ৰভাৱৰ পৰা বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্ম  কোনোৱেই বাদ বাদ পৰি নাথাকিব। আমি অতি সতৰ্কতাৰে, অতি সাৱধানে আগবাঢ়িব লাগিব। আৰু সেয়েহে মই বিশ্বাস কৰোঁ যে এই সন্মিলনৰ পৰা উদ্ভৱ হোৱা ধাৰণা আৰু পৰামৰ্শসমূহে সমগ্ৰ মানৱতাৰ মৌলিক মূল্যবোধক সুৰক্ষা আৰু দিশ প্ৰদানৰ বাবে কাম কৰিব।

বন্ধুসকল,

আজি ভাৰত হৈছে ‘এআই প্ৰতিভা’ আৰু ‘এআই সম্পৰ্কীয় নতুন ধাৰণা’ৰ আটাইতকৈ বিশিষ্ট খেলুৱৈ। ভাৰতৰ যুৱ প্ৰযুক্তি বিশেষজ্ঞ, গৱেষকসকলে ‘এআই’-ৰ সীমা অন্বেষণ কৰি আছে। ভাৰতত আমি এক অতি উৎসাহী ‘এআই উদ্ভাৱন মনোভাৱ’ প্ৰত্যক্ষ কৰিছো। ইয়ালৈ অহাৰ আগতে মই ‘এআই এক্সপো’লৈ যোৱাৰ সুযোগ পাইছিলো। ‘কৃত্ৰিম বুদ্ধিমত্তা’ই কেনেদৰে জীৱন সলনি কৰিব পাৰে, আমি এই ‘এক্সপো’ত সেয়া চাব পাৰোঁ। ‘যুৱ এআই পদক্ষেপ’-ৰ অধীনত নিৰ্বাচিত যুৱসকলৰ ধাৰণাবোৰ দেখি মই খুবেই সুখী হোৱাটোও স্বাভাৱিক আছিল। এই যুৱক-যুৱতীসকলে প্ৰযুক্তিৰ জৰিয়তে সামাজিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰি আছে। ভাৰতত ‘এআই’-ৰ সৈতে সম্পৰ্কিত সমাধানসমূহৰ চৰ্চা এতিয়া প্ৰতিখন গাঁৱতে হ’বলৈ লৈছে। শেহতীয়াকৈ আমি কৃষিক্ষেত্ৰত ‘এআই চেট-বট’ মুকলি কৰিছো। ই কৃষকসকলক তেওঁলোকৰ আবেদনৰ স্থিতি, পৰিশোধৰ বিৱৰণ আৰু চৰকাৰী আঁচনিসমূহৰ সৈতে সম্পৰ্কিত শেহতীয়া তথ্যবোৰ অৱগত হোৱাত সহায় কৰিব। আমি ‘এআই’-ৰ সহায়ত ভাৰতত আমাৰ স্বাস্থ্য খণ্ডক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ দিশতো কাম কৰি আছো। বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাতো ‘এআই’-য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

 

বন্ধুসকল,

ভাৰতত আমাৰ উন্নয়নৰ মন্ত্ৰ হৈছে ‘সবকা সাথ, সবকা বিকাশ’। আমি 'সকলোৰে বাবে ‘এআই’-ৰ চেতনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ চৰকাৰী নীতি আৰু কাৰ্যসূচী প্ৰস্তুত কৰিছো। আমাৰ প্ৰয়াস হৈছে সামাজিক বিকাশ আৰু সামগ্ৰিক বিকাশৰ বাবে ‘এআই’-ৰ সম্ভাৱনাৰ সম্পূৰ্ণ সুবিধা লোৱা। ভাৰত ‘এআই’-ৰ দায়িত্বশীল আৰু নৈতিক ব্যৱহাৰৰ বাবেও সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। আমি "কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত ৰাষ্ট্ৰীয় কাৰ্যসূচী" আৰম্ভ কৰিছো। আমি ভাৰতত ‘এআই অভিযানো’ আৰম্ভ কৰিবলৈ আগবাঢ়িছো। এই অভিযানৰ লক্ষ্য হৈছে ভাৰতত ‘এআই কম্পিউটিং’ শক্তিৰ পৰ্যাপ্ত সামৰ্থ্য গঢ়ি তোলা। ই ভাৰতৰ ‘ষ্টাৰ্ট-আপ’ আৰু উদ্ভাৱকসকলক উন্নত সুবিধা প্ৰদান কৰিব। এই অভিযানৰ অধীনত, কৃষি, স্বাস্থ্য-যত্ন, শিক্ষাৰ দৰে ক্ষেত্ৰত ‘এআই’-ৰ ব্যৱহাৰক উত্সাহিত কৰিব। আমি আমাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ‘পৰ্যায়-২’ আৰু ‘পৰ্যায়-৩’ চহৰসমূহলৈ ‘এআই দক্ষতা’ উপলব্ধ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছো। আমাৰ এটা "ৰাষ্ট্ৰীয় এআই পৰ্টেল" আছে, যি দেশত কৃত্ৰিম বুদ্ধিমত্তাৰ পদক্ষেপসমূহক উত্সাহিত কৰি আহিছে। আপোনালোকে 'এৰাৱট' পদক্ষেপৰ বিষয়ে নিশ্চয় শুনিছে। এই উমৈহতীয়া ‘প্লেটফৰ্ম’খন সকলো গৱেষণা পৰীক্ষাগাৰ আৰু ‘ষ্টাৰ্ট-আপ’ উদ্যোগে অচিৰেই ব্যৱহাৰ কৰিব পাৰিব।

বন্ধুসকল,

‘এআই’-ৰ সৈতে আমি এক নতুন যুগত প্ৰৱেশ কৰিছো। কৃত্ৰিম বুদ্ধিমত্তাৰ সম্প্ৰসাৰণ কেৱল প্ৰযুক্তিৰ এটা সঁজুলিতকৈ বহু পৰিমানে অধিক। ‘এআই’ আমাৰ নতুন ভৱিষ্যত গঢ়াৰ বাবে আটাইতকৈ ডাঙৰ ভেটি হৈ উঠিছে। ‘এআই’-ৰ এটা ডাঙৰ শক্তি হ'ল মানুহক সংযোগ কৰাৰ সামৰ্থ্য। ‘এআই’-ৰ সঠিক ব্যৱহাৰে কেৱল দেশৰ অৰ্থনৈতিক প্ৰগতিকে নিশ্চিত নকৰে, বৰঞ্চ সমতা আৰু সামাজিক ন্যায়ো নিশ্চিত কৰে। সেয়েহে, ‘এআই’-ক ইয়াৰ ভৱিষ্যতৰ বাবে এক পৃথক প্ৰকাৰৰ ‘এআই’-ৰ প্ৰয়োজন হ'ব। অৰ্থাৎ, ‘এআই’ সকলোকে অন্তৰ্ভুক্ত কৰিব পৰা হ’ব লাগিব, সকলো ধাৰণাকে গ্ৰহণ কৰিব পৰা হ’ব লাগিব। ‘এআই’-ৰ উন্নয়নী যাত্ৰা যিমানে অন্তৰ্ভুক্তিমূলক হ'ব, সিমানেই ইয়াৰ ফলাফলো অন্তৰ্ভুক্তিমূলক হ'ব।

যোৱাটো শতিকাত প্ৰযুক্তিৰ অসম ‘প্ৰৱেশ অনুকূলতা’ৰ বাবে সমাজত বিদ্যমান অসমতাসমূহ বৃদ্ধি পোৱাটো আমি দেখিবলৈ পাইছিলো। এতিয়া এনে ভুলৰ পৰা আমি সমগ্ৰ মানৱতাক বচাব লাগিব। আমি জানো যে যেতিয়া গণতান্ত্ৰিক মূল্যবোধক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰা হয়, ই অন্তৰ্ভুক্তিৰ দিশত গুণক হিচাপে কাম কৰে। সেয়েহে, কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যতৰ দিশেও সম্পূৰ্ণৰূপে মানৱীয় মূল্যবোধ আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰিব। কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ দক্ষতা বৃদ্ধিত সহায় কৰিব পাৰে। কিন্তু আৱেগৰ স্থান বৰ্তাই ৰখাটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। ‘কৃত্ৰিম বুদ্ধিমত্তা’ই আমাৰ কাৰ্যকাৰিতা বৃদ্ধি কৰিব পাৰে, কিন্তু আমাৰ নৈতিকতা বৰ্তাই ৰখাটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। এই দিশত, এই মঞ্চই বিভিন্ন দেশৰ মাজত সহযোগিতা বৃদ্ধিত সহায় কৰিব পাৰে।

 

বন্ধুসকল,

যিকোনো প্ৰণালী বহনক্ষম হ'বলৈ, ই পৰিৱৰ্তনশীল, স্বচ্ছ আৰু বিশ্বাসযোগ্য হ'ব লাগিব। ‘এআই’তো পৰিৱৰ্তনশীল হয়েই এই কথাত কোনো সন্দেহ নাই। কিন্তু ইয়াক যিমান সম্ভৱ স্বচ্ছ কৰাটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আমি ব্যৱহাৰ কৰা ‘ডাটা’ আৰু ‘এলগৰিথম’বোৰ স্বচ্ছ আৰু পক্ষপাতিত্বৰ পৰা মুক্ত কৰিব পাৰোঁ, তেনেহ'লে ই এক ভাল আৰম্ভণি হ'ব। আমি সমগ্ৰ বিশ্বৰ লোকসকলক বুজাব লাগিব যে এআই হৈছে তেওঁলোকৰ লাভৰ বাবে, তেওঁলোকৰ ভালৰ বাবে। আমি বিশ্বৰ বিভিন্ন দেশক আশ্বাস দিব লাগিব যে এই প্ৰযুক্তিৰ উন্নয়নী যাত্ৰাত কাকো পিছ পেলাই থৈ যোৱা নহ'ব। ‘এআই’-ৰ সৈতে সম্পৰ্কিত নৈতিক, অৰ্থনৈতিক আৰু সামাজিক উদ্বেগসমূহৰ প্ৰতি ধ্যান দিলে ‘এআই’-ৰ ওপৰত বিশ্বাস বৃদ্ধি হ'ব। উদাহৰণ স্বৰূপে, যদি ‘আপ-স্কিলিং’ আৰু ‘ৰি-স্কিলিং’ ‘এআই’-ৰ ‘বিকাশ-বক্ৰ’ৰ অংশ হয়, যুৱক-যুৱতীসকলে বিশ্বাস কৰিব পাৰিব যে ‘এআই’ তেওঁলোকৰ ভৱিষ্যতৰ উন্নতিৰ বাবে। যদি ‘ডাটা সুৰক্ষা’ৰ যত্ন লোৱা হয়, ৰাইজে বিশ্বাস কৰিব পাৰিব যে ‘এআই’-য়ে তেওঁলোকৰ গোপনীয়তাত হস্তক্ষেপ নকৰাকৈ বিকাশক আগুৱাই নিব। যদি ‘গ্লোবেল ছাউথ’-য়ে জানে যে ‘এআই’-ৰ বিকাশত তেওঁলোকৰ এক ডাঙৰ ভূমিকা থাকিব, তেন্তে তেওঁলোকে ইয়াক ভৱিষ্যতৰ পথ হিচাপে গ্ৰহণ কৰিবলৈ সক্ষম হ'ব।

বন্ধুসকল,

‘এআই’-ৰ বহুতো ইতিবাচক দিশ আছে, কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত নেতিবাচক কথা-বতৰাবোৰো সমানেই চিন্তাৰ বিষয়। এআই একবিংশ শতিকাত বিকাশৰ আটাইতকৈ ডাঙৰ সঁজুলি হৈ উঠিব পাৰে আৰু একবিংশ শতিকাক ধ্বংস কৰাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিবও পাৰে। ‘ডীপ ফে’ক’-ৰ প্ৰত্যাহ্বান আজি সমগ্ৰ বিশ্বৰ সন্মুখত আছে। ইয়াৰ উপৰিও, সন্ত্ৰাসবাদীৰ হাতত ‘চাইবাৰ নিৰাপত্তা’, তথ্য চুৰি আৰু ‘এআই সঁজুলি’ অহাৰ এক ডাঙৰ আশংকা আছে। যদি সন্ত্ৰাসবাদী সংগঠনবোৰে ‘এআই-সজ্জিত’ অস্ত্ৰ-শস্ত্ৰৰ প্ৰৱেশ-অনুকূলতা লাভ কৰে, ই বিশ্বৰ নিৰাপত্তাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব। ‘এআই’-ৰ অপব্যৱহাৰ কেনেদৰে প্ৰতিহত কৰিব পাৰি আমি এই বিষয়টো আলোচনা কৰি এক দৃঢ় পৰিকল্পনাত উপনীত হ'ব লাগিব। সেয়েহে, জি-২০ৰ সভাপতিত্বকালত আমি ‘দায়িত্বশীল মানৱ-কেন্দ্ৰিক এআই শাসন’ৰ বাবে এক পৰিকাঠামো প্ৰস্তুত কৰাৰ প্ৰস্তাৱ দিছিলো। ‘জি-২০ নতুন দিল্লী ঘোষণাপত্ৰ’ই সকলো সদস্য দেশৰ 'এআই নীতি'ৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰিছে। ‘এআই’-ৰ ব্যৱহাৰৰ সৈতে সম্পৰ্কিত বিপদবোৰৰ বিষয়ে সকলো সদস্যৰ বুজাবুজি আছিল। যিদৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ বাবে আমাৰ ‘চুক্তি আৰু প্ৰটোকল’ আছে, আমি ‘এআই-ৰ নৈতিক ব্যৱহাৰৰ বাবে এক গোলকীয় ফ্ৰেমৱৰ্ক’ যুগুতোৱাৰ বাবে একেলগে কাম কৰিব লাগিব। ইয়াত ‘উচ্চ-বিপদাশংকা’ বা ‘ফ্ৰণ্টিয়াৰ এআই সঁজুলি’ৰ পৰীক্ষা আৰু প্ৰয়োগৰ বাবে ‘প্ৰটোকল’ও অন্তৰ্ভুক্ত থাকিব। ইয়াৰ বাবে, দৃঢ়বিশ্বাস, প্ৰতিশ্ৰুতি, সমন্বয় আৰু সহযোগিতাৰ আটাইতকৈ প্ৰয়োজন। ‘এআই’-ৰ দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰিবলৈ আমি একেলগে এনে পদক্ষেপ ল'ব লাগিব। আজি এই সন্মিলনৰ জৰিয়তে ভাৰতে সমগ্ৰ বিশ্বক আহ্বান জনাইছে যে আমি এই দিশত এক মুহূৰ্তও হেৰুৱাব নালাগে। এই বছৰৰ মাত্ৰ কেইটামান দিনহে বাকী আছে, নতুন বছৰ সমাগত হৈছে। আমি এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত গোলকীয় পৰিকাঠামো সম্পূৰ্ণ কৰিব লাগিব। মানৱতাৰ সুৰক্ষাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

‘এআই’ কেৱল এক নতুন প্ৰযুক্তিয়েই নহয়, ই বিশ্বজোৰা এক আন্দোলনত পৰিণত হৈছে। সেয়েহে, আমি সকলোৱে একেলগে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। পৰৱৰ্তী দুদিনত, আপোনালোকে বহুতো কথা আলোচনা কৰিব। মই যেতিয়াই কোনোবা এআই বিশেষজ্ঞ এজনক লগ পাওঁ মই প্ৰশ্ন কৰিবলৈ বা পৰামৰ্শ নিদিয়াকৈ থাকিব নোৱাৰো। আজি আপোনালোক বিশেষজ্ঞৰ সৈতে কথা পাতি থাকোতেও মোৰ মনলৈ বহুতো কথাই আহি আছে। ‘এআই’ উৎপাদিত তথ্যৰ বিশ্বাসযোগ্যতা কেনেদৰে বৃদ্ধি কৰিব পাৰি সেই কথা আমি ভাবিব লাগিব? এনেয়ে কিবা ‘ডাটা ছেট’ হ’ব পাৰেনে, যাৰ ব্যৱহাৰেৰে আমি এআই সঁজুলিবোৰক প্ৰশিক্ষণ আৰু পৰীক্ষণ কৰিব পাৰো? বজাৰত এআই সঁজুলি এটা মুকলি কৰাৰ আগতে কিমানবাৰ পৰীক্ষা কৰা উচিত সেই বিষয়েও চিন্তা কৰিব লাগিব। আমি বাৰু এটা ‘ছফ্টৱেৰ ৱাটাৰমাৰ্ক’ প্ৰৱৰ্তন কৰিব পাৰোঁ নেকি, যিয়ে, এই তথ্য বা সামগ্ৰী ‘এআই উৎপাদিত’ বুলি সূচিত কৰিব পাৰিব। ইয়াৰ জৰিয়তে যিগৰাকী ব্যক্তিয়ে  ‘এআই’-য়ে যুগুতোৱা তথ্য ব্যৱহাৰ কৰিব তেওঁ ইয়াৰ সীমাবদ্ধতাৰ বিষয়ে অৱগত হ'ব পাৰিব।

এটা কথা মই কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ ৰাজ্য চৰকাসমূহৰৰ বিশিষ্ট ব্যক্তিসকলকো ক'ম। চৰকাৰৰ আঁচনিসমূহৰ সৈতে সম্পৰ্কিত বিভিন্ন প্ৰকাৰৰ তথ্য আছে। ‘প্ৰমাণ-আধাৰিত সিদ্ধান্ত লোৱা’ত ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি? আমি এআই সঁজুলিবোৰ প্ৰশিক্ষণ দিবলৈ এনে তথ্য ব্যৱহাৰ কৰিব পাৰোঁনে? আমি এটা ‘অডিট মেকানিজম’ স্থাপন কৰিব পাৰোঁ নেকি, য'ত ‘এআই সঁজুলি’বোৰৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ‘ৰঙা’, ‘হালধীয়া’ বা ‘সেউজীয়া’ বুলি শ্ৰেণীবদ্ধ কৰিব পাৰি? আমি এক প্ৰতিষ্ঠানগত প্ৰণালী স্থাপন কৰিব পাৰোঁ নেকি, যিয়ে স্থিতিস্থাপক নিযুক্তি নিশ্চিত কৰিব? আমি ‘গোলকীয় এআই মানক শিক্ষা পাঠ্যক্ৰম’ প্ৰৱৰ্তন কৰিব পাৰিমনেকি? ‘এআই-চালিত ভৱিষ্যত’ৰ বাবে আমি বাৰু ৰাইজক প্ৰস্তুত কৰাৰ বাবে মান নিৰ্ধাৰণ কৰিব পাৰোঁনে? এনে বহুতো প্ৰশ্ন সন্দৰ্ভত চৰকাৰৰ বিষয়ববীয়া আৰু আপোনালোক সকলো বিশেষজ্ঞই আলোচনা কৰিব লাগিব।

 

বন্ধুসকল,

আপোনালোকে জানে যে ভাৰতত শ শ ভাষা কোৱা হয়, হাজাৰ হাজাৰ উপভাষা কোৱা হয়।  ডিজিটেল অন্তৰ্ভুক্তি বৃদ্ধি কৰিবলৈ, ‘এআই’ৰ সহায়ত স্থানীয় ভাষাত ‘ডিজিটেল সেৱা’ কেনেদৰে উপলব্ধ কৰিব পাৰি সেই বিষয়েও চিন্তা কৰিব। ‘এআই’-ৰ সহায়ত কেনেকৈ যিবোৰ ভাষা এতিয়া কোৱা নহয়, সেইবোৰ ভাষাক কেনেকৈ ‘এআই’-ৰ দ্বাৰা পুনৰুদ্ধাৰ কৰিব পাৰি সন্দৰ্ভতো কাম কৰক। সংস্কৃত ভাষাৰ জ্ঞানৰ আধাৰ আৰু সাহিত্য অতিকে সমৃদ্ধ। ‘এআই’-ৰ সহায়ত ইয়াক কেনেদৰে আগুৱাই নিব পাৰি সেই বিষয়েও চিন্তা কৰক। ‘এআই’-ৰ সহায়ত ‘বৈদিক গণিত’ৰ হেৰুওৱা খণ্ডবোৰ পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়াস কৰা উচিত হ’ব।

 

বন্ধুসকল,

মই নিশ্চিত যে এই সন্মিলনে ধাৰণা বিনিময়ৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিব। মই বিচাৰো যে এই সন্মিলনত উপস্থিত থকা প্ৰতিগৰাকী প্ৰতিনিধিৰ বাবে এইটো এটা শিকাৰ সুন্দৰ অভিজ্ঞতা হ'ব। পৰৱৰ্তী দুদিনত আপোনালোকে ‘এআই’-ৰ বিভিন্ন দিশ সন্দৰ্ভত গভীৰ আলোচনা কৰিব। মই আশা কৰোঁ আমি নিৰ্দিষ্ট ফল লাভ কৰিম। এইসমূহ কাৰ্যকৰী কৰি আমি নিশ্চিতভাৱে এক দায়িত্বশীল আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ পথ শক্তিশালী কৰিব পাৰিম। আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা জনালোঁ।

বহুত ধন্যবাদ।

নমস্কাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat

Media Coverage

7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Rastriya Swatantra Party leaders on electoral success in Nepal
March 09, 2026

The Prime Minister, Shri Narendra Modi, had warm telephone conversations with Mr. Rabi Lamichhane, Chairman of the Rastriya Swatantra Party (RSP), and Mr. Balendra Shah, Senior Leader of the RSP.

Shri Modi congratulated both leaders on their electoral victories and the RSP’s resounding success in the Nepal elections. He conveyed his best wishes for the forthcoming new Government and reaffirmed India’s commitment to work with them for mutual prosperity, progress and well-being of the people of both countries.

Expressing confidence in the future of India-Nepal relations, the Prime Minister said that with joint endeavours, the partnership between the two nations will scale new heights in the years ahead.

In a X post, the Prime Minister said;

“Had warm telephone conversations with Mr. Rabi Lamichhane, Chairman of the Rastriya Swatantra Party (RSP) and Mr. Balendra Shah, Senior Leader of the RSP.

Congratulated both leaders on their electoral victories and RSP’s resounding success in the Nepal elections. Conveyed my best wishes for their forthcoming new Government and India's commitment to work with them for mutual prosperity, progress and well-being of our two countries.

I am confident that with our joint endeavours, India and Nepal relations will scale new heights in the years ahead.

@hamrorabi

@ShahBalen

@party_swatantra”