"দাসত্বৰ সময়ছোৱাত স্বামী বিবেকানন্দই নতুন শক্তি আৰু উৎসাহেৰে দেশখন উদ্বেলিত কৰি তুলিছিল"
"ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিস্থাৰ পৱিত্ৰ উপলক্ষত দেশৰ সকলো মন্দিৰৰ চৌহদ পৰিষ্কাৰণৰ অভিযান চলাওক"
"দক্ষতাৰ এক নতুন শক্তিৰ ৰূপত ভাৰতলৈ দৃষ্টি নিক্ষেপ কৰিছে বিশ্বই"
"আজিৰ যুৱক-যুৱতীসকলৰ বাবে ইতিহাস ৰচাৰ, ইতিহাসত তেওঁলোকৰ নাম পঞ্জীয়ন কৰাৰ সুযোগ আহিছে"
"আজি দেশৰ মনোভাৱ আৰু শৈলী যৌৱনদীপ্ত হৈছে"
এই কাৰ্যক্ৰমত ‘ৰিদমিক জিমনাষ্টিক’, ‘মালখাম্ব’, ‘যোগসান’ আৰু ‘ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শীৰ্ষগীত অন্তৰ্ভুক্ত আছিল।
তেওঁ ভাৰতৰ নাৰী শক্তিৰ প্ৰতীক ‘ৰাজমাতা’ জিজাবাইৰ জন্ম জয়ন্তীৰ প্ৰসংগও উল্লেখ কৰে আৰু এই উপলক্ষে মহাৰাষ্ট্ৰত উপস্থিত থাকিবলৈ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ কয় যে ফ্ৰান্স, জাৰ্মানী, ইউকে, অষ্ট্ৰেলিয়া, ইটালী, অষ্ট্ৰিয়া আদি দেশৰ সৈতে চৰকাৰে স্থাপন কৰা গতিশীলতা চুক্তিয়ে দেশখনৰ যুৱপ্ৰজন্মক যথেষ্ট লাভান্বিত কৰিছে।
"অমৃত কালৰ আগমন ভাৰতৰ বাবে গৌৰৱেৰে পৰিপূৰ্ণ" বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ভাৰতক 'বিকশিত ভাৰত' হিচাপে গঢ়ি তুলিবলৈ এই ‘অমৃত কাল’ত দেশখনক আগুৱাই নিয়াৰ বাবে যুৱপ্ৰজন্মক আহ্বান জনায়।

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী একনাথ শ্বিন্দেজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী অনুৰাগ ঠাকুৰ, ভাৰতী পৱাৰ, নিশিথ প্ৰমাণিক, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশ, অজিত পৱাৰজী, চৰকাৰৰ অন্যান্য মন্ত্ৰী, গণ্যমান্য ব্যক্তি আৰু মোৰ যুৱ বন্ধুসকল,

 

আজি হৈছে ভাৰতৰ যুৱশক্তিৰ দিন। এই দিনটো সেইগৰাকী মহাপুৰুষৰ বাবে উৎসৰ্গিত যিয়ে দাসত্বৰ সময়ছোৱাত ভাৰতক নতুন শক্তিৰে উদ্বেলিত কৰি তুলিছিল। স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীত আপোনালোক সকলোৰে মাজত নাছিকত উপস্থিত হ’বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছো। মই আপোনালোক সকলোকে ‘ৰাষ্ট্ৰীয় যুৱ দিৱস’ৰ শুভেচ্ছা জনাইছো। আজি ভাৰতৰ নাৰী শক্তিৰ প্ৰতীক ‘ৰাজমাতা’ জিজাউ মা চাহেবৰো জন্ম জয়ন্তী। মই অত্যন্ত সুখী যে মই মহাৰাষ্ট্ৰৰ বীৰভূমিলৈ আহি ‘ৰাজমাতা’ জিজাউ মা চাহেবক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছোঁ। মই তেওঁলৈ কোটি কোটি প্ৰণিপাত জনাইছোঁ!

বন্ধুসকল,

এয়া কেতিয়াও কাকতালীয় ঘটনা নহয় যে ভাৰতৰ বহুতো মহান ব্যক্তিত্ব মহাৰাষ্ট্ৰৰ ভূমিৰ সৈতে জড়িত হৈ আছে। এয়া হৈছে এই পবিত্ৰ ভূমি, নায়কৰ এই দেশ আৰু এই তাপোভূমিৰ প্ৰভাৱ। এই ভূমিত ‘ৰাজমাতা’ জীজাউ মা চাহেবৰ দৰে এগৰাকী মাতৃশক্তিয়ে ‘ছত্ৰপতি’ শিৱাজী মহাৰাজৰ দৰে এজন মহান নায়কক গঢ় দিছিল। এই ভূমিয়ে আমাক দেৱী অহিল্যাবাই হোলকাৰ, ৰমাবাই আম্বেদকাৰৰ দৰে মহান মহিলানেত্ৰীক প্ৰদান কৰিছিল। এই ভূমিয়ে আমাক লোকমান্য তিলক, বীৰ সাভাৰকাৰ, আনন্দ কানহেৰে, দাদাচাহেব পটনিছ, চাপেকাৰ ভাতৃৰ দৰে বহুতো সুসন্তান দিছিল। ভগৱান শ্ৰী ৰামে নাছিকৰ পঞ্চৱতীৰ এই ভূমিত দীৰ্ঘ দিন অতিবাহিত কৰিছিল। আজি ময়ো এই ভূমিৰ প্ৰতি প্ৰণিপাত জনাইছোঁ আৰু শ্ৰদ্ধাৰে নমস্কাৰ কৰিছোঁ। মই আমাৰ সকলোকে ২২ জানুৱাৰীৰ ভিতৰত দেশৰ তীৰ্থকেন্দ্ৰ আৰু মন্দিৰসমূহ পৰিষ্কাৰ কৰিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান চলাবলৈ আহ্বান জনাইছিলো। আজি মই ‘কলাৰাম মন্দিৰ’ দৰ্শন কৰাৰ লগতে মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰাৰ সুযোগ পাইছো। ‘ৰাম মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠাৰ পৱিত্ৰ উপলক্ষ’ত দেশৰ সকলো মন্দিৰ আৰু তীৰ্থস্থানসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান আৰম্ভ কৰিবলৈ দেশবাসীক মই পুনৰ আহ্বান জনাইছোঁ।

 

মোৰ যুৱ বন্ধুসকল,

আমাৰ দেশৰ ঋষি-মুনিসকলৰ পৰা সাধাৰণ মানুহলৈকে, সকলোৱে সদায় যুৱশক্তিক সৰ্বোপৰি বুলি গণ্য কৰি আহিছে। শ্ৰী অৰবিন্দই কৈছিল যে যদি ভাৰতে ইয়াৰ লক্ষ্য পূৰণ কৰিব লগা হয় তেন্তে ভাৰতৰ যুৱপ্ৰজন্মই এটা স্বতন্ত্ৰ চিন্তাধাৰাৰে আগবাঢ়িব লাগিব। স্বামী বিবেকানন্দয়ো কৈছিল যে ভাৰতৰ আশা ভাৰতৰ যুৱপ্ৰজন্মৰ চৰিত্ৰ আৰু প্ৰতিশ্ৰুতিবদ্ধতাত নিৰ্ভৰশীল, তেওঁলোকৰ বৌদ্ধিকতাৰ ওপৰত নিৰ্ভৰশীল। শ্ৰী অৰবিন্দ, স্বামী বিবেকানন্দৰ এই মাৰ্গদৰ্শন আজি ২০২৪ চনত ভাৰতৰ যুৱসকলৰ বাবে এক মহান অনুপ্ৰেৰণা হৈ উঠিছে। আজি যে ভাৰত বিশ্বৰ শীৰ্ষ পাঁচটা অৰ্থনীতিৰ অন্তৰ্ভুক্ত হৈছে, তেন্তে ইয়াৰ আঁৰত আছে ভাৰতৰ যুৱশক্তি। আজি ভাৰত বিশ্বৰ শীৰ্ষ তিনিটা ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰলৈ আহিছে, ইয়াৰ আঁৰতো আছে ভাৰতৰ যুৱশক্তি। আজি ভাৰতে একাধিক উদ্ভাৱন কৰি আছে। আজি, ভাৰতে অভিলেখ সংখ্যক ‘পেটেন্ট’ দাখিল কৰিছে। আজি যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হৈ উঠিছে, তেন্তে ইয়াৰ আধাৰো হৈছে ভাৰতৰ যুৱপ্ৰজন্ম, ভাৰতৰ যুৱপ্ৰজন্মৰ সামৰ্থ্য।

বন্ধুসকল,

সময়ে নিশ্চিতভাৱেই সকলোকে তেওঁলোকৰ জীৱনকালত এটা সোণালী সুযোগ প্ৰদান কৰে। ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে সময়ৰ সেই সোণালী সুযোগ হৈছে এতিয়া, অমৃতকালৰ এইছোৱা সময়। আজি আপোনালোকৰ বাবে ইতিহাস ৰচনা কৰাৰ, ইতিহাসত আপোনালোকৰ নাম পঞ্জীয়ন কৰাৰ সুযোগ আহিছে। আপোনালোকে মনত পেলাওকচোন... আজিও আমি ছাৰ এম বিশ্বেশ্বৰায়ৰ স্মৃতিত ‘অভিযন্তা দিৱস’ উদযাপন কৰোঁ। উনবিংশ আৰু বিংশ শতিকাত তেওঁ দেখুওৱা অভিযান্ত্ৰিক দক্ষতাসমূহৰ এতিয়াও যোৰ বিচাৰি পাবলৈ টান। আজিও, আমি ‘মেজৰ’ ধ্যানচান্দক মনত পেলাওঁ। ‘হকী ষ্টিক’ৰ সৈতে তেওঁ দেখুওৱা যাদু মানুহে আজিলৈকে পাহৰিব পৰা নাই। আজিও আমি ভগত সিং, চন্দ্ৰশেখৰ আজাদ, বটুকেশ্বৰ দত্তৰ দৰে অগণন বিপ্লৱীক স্মৰণ কৰোঁ। তেওঁলোকে নিজৰ পৰাক্ৰমেৰে ব্ৰিটিছক বিতত কৰি ৰাখিছিল। আজি আমি মহাৰাষ্ট্ৰৰ বীৰভূমিত আছোঁ। আজিও আমি সকলোৱে মহাত্মা ফুলে, সাবিত্ৰীবাই ফুলেক স্মৰণ কৰোঁ কাৰণ তেওঁলোকে শিক্ষাক সামাজিক সৱলীকৰণৰ মাধ্যম কৰি তুলিছিল। স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱাত এই সকল মহান ব্যক্তিত্বই দেশৰ হকে কাম কৰিছিল, তেওঁলোক দেশৰ বাবে জীয়াই আছিল, তেওঁলোকে দেশৰ বাবে যুঁজিছিল, তেওঁলোকে দেশৰ বাবে সপোন দেখিছিল, তেওঁলোকে দেশৰ বাবে সংকল্প লৈছিল আৰু তেওঁলোকে দেশক এক নতুন দিশ দেখুৱাইছিল। এতিয়া ‘অমৃতকাল’ৰ এই সময়ছোৱাত, আজি সেই দায়িত্ব মোৰ সকলো যুৱ বন্ধুৰ কান্ধত পৰিছে। এতিয়া আপোনালোকে ভাৰতক এই ‘অমৃতকাল’ত এটা নতুন উচ্চতালৈ লৈ যাব লাগিব। আপোনালোকে এনে কাম কৰা উচিত যাতে পৰৱৰ্তী শতিকাত, সেই সময়ৰ প্ৰজন্মই আপোনালোকক মনত ৰাখিব পাৰে, আপোনালোকৰ বীৰত্বক মনত ৰাখিব পাৰে। আপোনালোকে ভাৰত আৰু সমগ্ৰ বিশ্বৰ ইতিহাসত সোণালী আখৰেৰে আপোনালোকৰ নাম লিপিবদ্ধ কৰিব পাৰে। সেইকাৰণে মই আপোনালোকক একবিংশ শতিকাৰ ভাৰতৰ ভাগ্যৱান প্ৰজন্ম বুলি বিবেচনা কৰোঁ। মই জানো আপোনালোকে এইটো কাম কৰিব পাৰিব, ভাৰতৰ যুৱপ্ৰজন্ম এই লক্ষ্যত উপনীত হব পাৰিব। মোৰ আটাইতকৈ ডাঙৰ ভৰষাৰ স্থলী হৈছে আপোনালোক, ভাৰতৰ যুৱপ্ৰজন্ম। দেশৰ প্ৰতিটো কোণৰ যুৱক-যুৱতীয়ে ‘মাই ভাৰত’ সংগঠনত যি দ্ৰুততাৰে যোগদান কৰিছে তাক লৈও মই অতি উৎসাহিত হৈছো। ‘মাই যুৱ ভাৰত’ স্থাপনৰ পিছত এয়া হৈছে ‘প্ৰথম যুৱ দিৱস’। আনকি এই সংগঠনটো গঠন হোৱাৰ ৭৫ দিনো হোৱা নাই আৰু প্ৰায় ১ কোটি ১০ লাখ যুৱক-যুৱতীয়ে ইয়াত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে। মই নিশ্চিত যে আপোনালোকৰ সামৰ্থ্য, আপোনালোকৰ সেৱাৰ মনোভাৱে দেশ আৰু সমাজক নতুন উচ্চতালৈ লৈ যাব। আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ কঠোৰ পৰিশ্ৰমে সমগ্ৰ বিশ্বতে যুৱ ভাৰতৰ শক্তিৰ পতাকা উত্তোলন কৰিব। মই ‘এমওৱাই ভাৰত’ সংগঠনত পঞ্জীয়ন কৰা সকলো যুৱক-যুৱতীক বিশেষভাৱে অভিনন্দন জনাইছোঁ। আৰু ‘এমওৱাই ভাৰত’ৰ পঞ্জীয়নত আমাৰ যুৱক আৰু আমাৰ যুৱতীসকলৰ কোনে অধিক পঞ্জীয়ণ কৰিব পাৰে তাৰ এক প্ৰতিযোগিতা চলি থকা মই দেখিবলৈ পাইছো। কেতিয়াবা যুৱক আগবাঢ়ি যায়, কেতিয়াবা যুৱতীসকল আগবাঢ়ি যায়। এটা ডাঙৰ প্ৰতিযোগিতা চলি আছে।

 

বন্ধুসকল,

আমাৰ চৰকাৰে এতিয়া ১০ বছৰ সম্পূৰ্ণ কৰিছে। এই ১০টা বছৰত  আমি যুৱসকলক এখন মুকলি আকাশ দিবলৈ আৰু যুৱপ্ৰজন্মই সন্মুখীন হোৱা প্ৰতিটো বাধা আঁতৰ কৰিবলৈ সকলো প্ৰচেষ্টা কৰিছো। আজি শিক্ষা, নিযুক্তি, উদ্যমশীলতা বা উদীয়মান খণ্ড, ষ্টাৰ্টআপ, দক্ষতা বা ক্ৰীড়াই হওক, দেশৰ যুৱপ্ৰজন্মক সমৰ্থন কৰাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে এক আধুনিক গতিশীল পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলা হৈছে। একবিংশ শতিকাৰ আধুনিক শিক্ষা প্ৰদান কৰিবলৈ নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ ৰূপায়ণ কৰা হৈছে। এতিয়া যুৱসকলৰ বাবে দেশত এখন আধুনিক দক্ষতা পৰিৱেশ তন্ত্ৰও প্ৰস্তুত কৰা হৈছে। হাতৰ দক্ষতাৰে আশ্চৰ্যকৰ কাম কৰা যুৱক-যুৱতীসকলক সহায় কৰিবলৈ ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা’ আৰম্ভ কৰা হৈছে। ‘প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ আঁচনি’ৰ সহায়ত কোটি কোটি যুৱক-যুৱতীক দক্ষতাৰ সৈতে সংযুক্ত কৰা হৈছে। দেশত ধাৰাবাহিকভাবে নতুন ‘আইআইটি’ আৰু ‘এনআইটি’ মুকলি কৰি থকা হৈছে। আজি সমগ্ৰ বিশ্বই ভাৰতক এক দক্ষ শক্তিধৰ দেশ হিচাপে চাবলৈ লৈছে। চৰকাৰে বিদেশলৈ যোৱা যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে, যাতে আমাৰ যুৱক-যুৱতীসকলে বিদেশত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিবগৈ পাৰে। ফ্ৰান্স, জাৰ্মানী, ইউকে, অষ্ট্ৰেলিয়া, ইটালী আৰু অষ্ট্ৰিয়াৰ দৰে বহুতো দেশৰ সৈতে চৰকাৰে স্বাক্ষৰ কৰা ‘গতিশীলতা চুক্তি’ৰ দ্বাৰা আমাৰ যুৱপ্ৰজন্ম যথেষ্ট লাভান্বিত হ'ব।

বন্ধুসকল,

চৰকাৰে যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগ মুকলি কৰিবলৈ প্ৰতিটো ক্ষেত্ৰতে সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে। দেশৰ ‘ড্ৰোন খণ্ড’ৰ বাবে নিয়মবোৰ সৰল কৰা হৈছে। চৰকাৰে আজি ‘এনিমেশ্যন’, ‘ভিজুৱেল এফেক্ট’, ‘গে’মিং’ আৰু ‘কমিক খণ্ড’ক উত্সাহিত কৰি আছে। পাৰমাণৱিক খণ্ড, মহাকাশ আৰু ‘মেপিং খণ্ড’ও মুকলি কৰা হৈছে। আজি, প্ৰতিটো ক্ষেত্ৰতে পূৰ্বৰ চৰকাৰসমূহৰ দুগুণ বা তিনিগুণ গতিত কাম কৰা হৈছে। এইযে ডাঙৰ ডাঙৰ ঘাইপথবোৰ কাৰ বাবে নিৰ্মাণ কৰা হৈছে? আপোনালোকৰ বাবে... ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে। এইযে নতুন ‘বন্দে ভাৰত ৰে’ল’সমূহ চলি আছে... সেইবোৰ কাৰ সুবিধাৰ বাবে? আপোনালোকৰ বাবে...ভাৰতৰ যুৱসকলৰ বাবে। আমাৰ মানুহবোৰ বিদেশলৈ গৈছিল, তাৰ বন্দৰবোৰ, বিমানবন্দৰবোৰ দেখি ভাবিছিল যে ভাৰতত কেতিয়া এনে হ'ব। আজি ভাৰতৰ বিমানবন্দৰসমূহে বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। ক’ৰোনাৰ সময়ত, আপোনালোকে দেখিছিল যে বিদেশত ‘ভেকছিন প্ৰমাণপত্ৰ’ৰ নামত কাগজপত্ৰ হাতত গুজি দিয়া হৈছিল। এয়া হৈছে ভাৰত যিয়ে টীকাকৰণৰ পিছত প্ৰতিগৰাকী ভাৰতীয়ক ‘ডিজিটেল প্ৰমাণপত্ৰ’ প্ৰদান কৰিছিল। আজি পৃথিৱীত বহুতো ডাঙৰ দেশ আছে য'ত মানুহে ‘মোবাইল ডাটা’ ব্যৱহাৰ কৰাৰ আগতে এশবাৰ চিন্তা কৰে। একে সময়তে, আপোনালোক ভাৰতৰ যুৱক-যুৱতী, যিয়ে ইমান সস্তীয়া ‘মোবাইল ডাটা’ ব্যৱহাৰ কৰি আছে যে ই বিশ্বৰ জনসাধাৰণৰ বাবে এক আশ্চৰ্যৰ বিষয়, ই কল্পনাৰো বাহিৰত।

 

বন্ধুসকল,

আজি দেশৰ মনোভাৱো যুৱ, আৰু দেশৰ শৈলীও যুৱ। আৰু যিসকল যুৱ তেওঁলোক পিছত থাকিব নোখোজে, তেওঁলোকে নিজেই নেতৃত্ব দিয়ে। সেয়েহে, আজি ভাৰত প্ৰযুক্তিৰ ক্ষেত্ৰতো সন্মুখৰ পৰা আগবাঢ়ি আছে। ‘চন্দ্ৰযান’ আৰু ‘আদিত্য এল-১’ৰ সফলতাৰ নিদৰ্শন আমাৰ চকুৰ সন্মুখত আছে। যেতিয়া ‘মে’ড ইন ইণ্ডিয়া’ ‘আইএনএছ বিক্ৰান্ত’-য়ে সাগৰৰ ঢৌ ফালি আগবাঢ়ি যায়  আমাৰ সকলোৰে বুকু বহল হৈ উঠে। যেতিয়া লালকিল্লাত ‘মে’ড ইন ইণ্ডিয়া’ কামানে গৰ্জন তোলে, তেতিয়া দেশখনত এক নতুন চেতনা জাগ্ৰত হয়। যেতিয়া ভাৰতত নিৰ্মিত যুঁজাৰু বিমান ‘তেজছে’ আকাশৰ উচ্চতাৰ মাপ লয়, তেতিয়া আমি গৌৰৱেৰে ভৰি উঠো। আজি, ডাঙৰ ডাঙৰ ‘মল’ৰ পৰা সৰু সৰু দোকানলৈকে, ভাৰতৰ সকলো ঠাইতে ‘ইউপিআই’ ব্যৱহাৰ কৰা হৈছে, আৰু আচৰিত হৈছে বিশ্ব। ‘অমৃতকা’লৰ আৰম্ভণি গৌৰৱেৰে ভৰি আছে। এতিয়া আপোনালোকে এই 'অমৃত কাল'ত যুৱসকলক আৰু ইয়াতকৈয়ো অধিক আগলৈ আগুৱাই নিব লাগিব, এখন উন্নত ৰাষ্ট্ৰ গঢ়ি তুলিব লাগিব।

বন্ধুসকল,

এয়া হৈছে আপোনালোকৰ সপোনবোৰ সম্প্ৰসাৰিত কৰাৰ সময়। এতিয়া আমি কেৱল সমস্যাৰ সমাধান বিচাৰিলেই নহ’ব। আমি কেৱল প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিলেই নহ’ব। আমি নিজৰ বাবে নতুন প্ৰত্যাহ্বান নিৰ্ধাৰণো কৰিব লাগিব। আমি ‘৫ ট্ৰিলিয়ন অৰ্থনীতি’ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। আমি বিশ্বৰ ‘তৃতীয় বৃহত্তম অৰ্থনীতি’ হ'ব লাগিব। আমি ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ সপোন পূৰ্ণ কৰিব লাগিব। আমি প্ৰতিৰক্ষা আৰু তথ্য প্ৰযুক্তি খণ্ডৰ দৰেই ভাৰতকো বিশ্বৰ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব। এই আকাংক্ষাসমূহৰ লগতে ভৱিষ্যতৰ প্ৰতিও আমাৰ দায়িত্ব আছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানেই হওক, প্ৰাকৃতিক কৃষিক উত্সাহিত কৰাই হওক, আমি নিৰ্ধাৰিত সময়ৰ ভিতৰত সেইবোৰ লক্ষ্য প্ৰাপ্ত কৰিব লাগিব।

বন্ধুসকল,

‘অমৃতকাল’ৰ আজিৰ যুৱ প্ৰজন্মৰ ওপৰত মোৰ বিশ্বাসৰ আন এটা বিশেষ কাৰণো আছে আৰু সেইটো এটা বিশেষ কাৰণ। এই সময়ছোৱাত দেশখনত সেই যুৱ প্ৰজন্মক গঢ়ি তোলা হৈছে  যি দাসত্বৰ চাপ আৰু প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। এই প্ৰজন্মৰ যুৱক-যুৱতীসকলে মুকলিকৈ ক’বলৈ লৈছে – ‘উন্নয়ন আৰু ঐতিহ্য’ দুয়োটাৰ প্ৰয়োজনীয়তাৰ কথা। আমাৰ দেশত ‘যোগ’য়েই হওক বা ‘আয়ুৰ্বেদ’য়েই হওক, আয়ুৰ্বেদ সদায়ে ভাৰতৰ বাবে এক পৰিচয় হৈ আহিছে। কিন্তু স্বাধীনতাৰ পিছত, তেওঁলোকক এনেদৰে পাহৰি যোৱা হৈছিল। আজি পৃথিৱীয়ে তেওঁলোকক গ্ৰহণ কৰিছে। আজি ভাৰতৰ যুৱসকল ‘যোগ আৰু আয়ুৰ্বেদ’ৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’ হৈ উঠিছে।

 

বন্ধুসকল,

আপোনালোকে আপোনালোকৰ ককাদেউতা-আইতাহঁতক সুধিবচোন  তেওঁলোকে আপোনালোকক ক'ব যে তেওঁলোকৰ সময়ত, বাজ্ৰাৰ পিঠা, কোডো-কুটকী, ৰাগি-জোৱাৰ পাকঘৰে পাকঘৰে  থাকিছিল। কিন্তু দাসত্বৰ মানসিকতাই এই খাদ্যসম্ভাৰক দাৰিদ্ৰৰ সৈতে সম্পৰ্কিত কৰি তুলিছিল। এই সামগ্ৰী পাকঘৰৰ পৰা উলিয়াই পঠোৱা হৈছিল। আজি, এই অন্ন ‘মিলেট’ৰ ৰূপত পাকঘৰলৈ ঘূৰি আহিছে, ছুপাৰফুড হিচাপে। চৰকাৰে এই বাজ্ৰাক, মোটা শস্যসমূহক ‘শ্ৰীঅন্ন’ৰ এক নতুন পৰিচিতি প্ৰদান কৰিছে। এতিয়া আপুনি এই ‘শ্ৰীঅন্ন’ৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’ হ'ব লাগিব। ‘শ্ৰীঅন্ন’ৰ সৈতে আপোনালোকৰ স্বাস্থ্যও উন্নত হ'ব আৰু দেশৰ ক্ষুদ্ৰ কৃষকসকলো লাভান্বিত হ'ব।

বন্ধুসকল,

শেষত, মই ৰাজনীতিৰ জৰিয়তে দেশৰ সেৱা কৰাৰ কথাও ক’ব খুজিম। যেতিয়াই মই বিশ্বৰ নেতা বা বিনিয়োগকাৰীসকলক লগ পাওঁ, মই তেওঁলোকৰ মাজত এক আশ্চৰ্যকৰ আশা দেখিবলৈ পাওঁ। এই আশা আৰু আকাংক্ষাৰ এটা কাৰণ আছে – ‘ডেমক্ৰেচী’ গণতন্ত্ৰ, ভাৰত হৈছে ‘গণতন্ত্ৰৰ মাতৃ’। গণতন্ত্ৰৰ জননী। গণতন্ত্ৰত যুৱপ্ৰজন্মৰ অংশগ্ৰহণ যিমানেই বেছি হ'ব, ৰাষ্ট্ৰৰ ভৱিষ্যতো সিমানেই সুন্দৰ হ’ব। এই অংশগ্ৰহণৰ বহুতো উপায় আছে। যদি আপোনালোক সক্ৰিয় ৰাজনীতিলৈ আহে, তেন্তে আপোনালোকে পাৰিবাৰিক ৰাজনীতিৰ প্ৰভাৱো সিমানেই হ্ৰাস কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানে যে পাৰিবাৰিক শাসনৰ ৰাজনীতিয়ে দেশৰ কিমান ক্ষতি কৰিছে। গণতন্ত্ৰত অংশগ্ৰহণ কৰাৰ আন এটা গুৰুত্বপূৰ্ণ উপায় হ'ল ভোটদানৰ জৰিয়তে আপোনালোকৰ মতামত প্ৰকাশ কৰা। আপোনালোকৰ মাজত বহুত থাকিব যিসকলে জীৱনত প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলাইছে। প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱা সকলে আমাৰ গণতন্ত্ৰলৈ নতুন উত্সাহ আৰু শক্তি আনিব পাৰে। গতিকে আপোনালোকৰ নাম ভোটাৰ তালিকাত আহিবলৈ, সমগ্ৰ প্ৰক্ৰিয়াটো যিমান সম্ভৱ সোনকালে সম্পূৰ্ণ কৰক। আপোনালোকৰ ৰাজনৈতিক দৃষ্টিভংগীতকৈ, আপোনালোকে দেশৰ ভৱিষ্যতৰ বাবে আপোনালোকৰ ভোট দিয়াটো, আপোনালোকৰ অংশগ্ৰহণ নিশ্চিত কৰাটো অধিক গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

 

পৰৱৰ্তী ২৫টা বছৰৰ এই ‘অমৃতকাল’টো আপোনালোকৰ বাবে এটা কৰ্তব্যৰ সময়। যেতিয়া আপোনালোকে আপোনালোকৰ কৰ্তব্যক সৰ্বোপৰি বুলি গ্ৰহণ কৰিব, তেতিয়াহে সমাজ আগবাঢ়িব, দেশো আগবাঢ়িব। গতিকে আপোনালোকে কিছুমান সূত্ৰ মনত ৰাখিব লাগিব। যত দূৰ সম্ভৱ  ‘লোকেল’-ৰ, স্থানীয় সামগ্ৰীসমূহক উত্সাহিত কৰক, ‘মে’ড ইন ইণ্ডিয়া’ সামগ্ৰী ব্যৱহাৰত মনোনিৱেশ কৰক। যিকোনো ধৰণৰ ‘ড্ৰাগ’ আৰু আসক্তিৰ পৰা আঁতৰি থাকক, সেইবোৰক আপোনালোকৰ জীৱনৰ পৰা আঁতৰাই ৰাখক। আৰু মাতৃ, ভগ্নী আৰু কন্যাৰ নামত আপত্তিজনক শব্দৰ প্ৰয়োগ কিম্বা উৎপীড়নৰ বিৰুদ্ধে আপোনালোকে মাত মাতক, ইয়াক বন্ধ কৰক। মই লালকিল্লাৰ পৰাও এই অনুৰোধ কৰিছিলো, মই আজি পুনৰাবৃত্তি কৰিছো।

 

বন্ধুসকল,

 

মই নিশ্চিত যে আমাৰ দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়ে সম্পূৰ্ণ নিষ্ঠা আৰু সামৰ্থ্যৰে তেওঁলোকৰ সকলো দায়িত্ব পালন কৰিব। এক সবল, সামৰ্থবান আৰু সক্ষম ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আমি জ্বলোৱা চাকিগছি এই অমৃতকালত এক অমৰ জ্যোতি হৈ উঠিব আৰু বিশ্বক আলোকিত কৰিব। এই সংকল্পৰ সৈতে, আপোনালোক সকলোকে বহুত বহুত  ধন্যবাদ!

 

ভাৰত মাতা কী জয়। দুয়োটা হাত মুঠি বন্ধ কৰি, আপোনালোকৰ কণ্ঠস্বৰ সেই সেই ৰাজ্যলৈকে শুনিব পৰা হ'ব লাগে য'ৰ পৰা আপোনালোক সম্পূৰ্ণ শক্তিৰে আহিছে।

 

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”