প্ৰধানমন্ত্ৰীয়ে প্ৰবাসী ভাৰতীয়সকলৰ বাবে বিশেষ পৰ্যটন ৰেল প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছৰ আৰম্ভণি যাত্ৰাৰ ফ্লেগ-অফ কৰে
ভাৰত আৰু ইয়াৰ প্ৰবাসীসকলৰ মাজত বন্ধনৰ সুদৃঢ়কৰণৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয় দিৱস এক অনুষ্ঠানত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
ভৱিষ্যৎ যুদ্ধত নহয়, বুদ্ধত নিহিত হৈ আছেঃ প্ৰধানমন্ত্ৰী
আমি কেৱল গণতন্ত্ৰৰ মাতৃয়েই নহয়; বৰঞ্চ গণতন্ত্ৰ আমাৰ জীৱনৰো এক অবিচ্ছেদ্য অংগঃ প্ৰধানমন্ত্ৰী
একবিংশ শতিকাৰ ভাৰত অবিশ্বাস্য গতি আৰু মাত্ৰাৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে দৃঢ়তাৰে কেৱল নিজৰ বক্তব্যকে প্ৰদানেই নহয়, বৰঞ্চ গ্ল’বেল চাউথৰ কণ্ঠকো সুদৃঢ় কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতত বিশ্বৰ দক্ষ প্ৰতিভাৰ চাহিদা পূৰণৰ সম্ভাৱনা আছেঃ প্ৰধানমন্ত্ৰী
আমি সংকটৰ সময়ত প্ৰবাসীসকলক স্থান নিৰ্বিশেষে সহায় কৰাটো আমাৰ দায়িত্ব বুলি ভাবোঁঃ প্ৰধানমন্ত্ৰী

ওড়িশাৰ ৰাজ্যপাল ড০ হৰি বাবুজী, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন চৰণ মাঁঝি জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী সদস্য এছ জয়শংকৰ জী, জুৱেল ওৰাম জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, অশ্বিনী বৈষ্ণৱ জী, শোভা কৰন্দলাজে জী, কীৰ্তি বৰ্ধন সিং জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কনক বৰ্ধন সিংদেও জী পাৰ্ৱতী পৰিদা জী,  অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা আই ভাৰতীৰ পুত্ৰ আৰু কন্যাসকল!

ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

‘প্ৰৱাসী ভাৰতীয় দিৱস’ৰ মুখ্য অতিথিৰ পৰা আমি এইমাত্ৰ এই শুনিলোঁ। ত্ৰিনিদাদ আৰু টোবাগোৰ ৰাষ্ট্ৰপতি মহামান্য ক্ৰিষ্টিন কাংগালুৰ ভিডিঅ' বাৰ্তাই আমাৰ সকলোকে প্ৰভাৱিত কৰিছে। তেঁৱো ভাৰতৰ প্ৰগতিৰ বিষয়ে কৈছে। মই তেওঁক আন্তৰিকতাৰে আৰু চেনেহৰে ধন্যবাদ জনাইছোঁ।

 

বন্ধুসকল,

এয়া হৈছে ভাৰতত উৎসৱ আৰু সমাৱেশৰে উদুলি-মুদুলি হৈ থকা সময়। মাত্ৰ কেইদিনমানৰ ভিতৰতে প্ৰয়াগৰাজত ‘মহাকুম্ভ’ আৰম্ভ হ'ব। ‘মকৰ সংক্ৰান্তি’, ‘লোহৰি’, ‘পোংগল’ আৰু ‘মাঘবিহু’ উৎসৱো আহি আছে। সকলোতে এক আনন্দময় পৰিৱেশ চলি আছে। তদুপৰি, ১৯১৫ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীজী বিদেশত দীৰ্ঘদিন থকাৰ পিছত ভাৰতলৈ উভতি আহিছিল। এনে এক সুন্দৰ সময়ত ভাৰতত আপোনালোকৰ উপস্থিতিয়ে উৎসৱৰ আনন্দক আৰু অধিক কৰি তুলিছে। ‘প্ৰৱাসী ভাৰতীয় দিৱস’ৰ এই সংস্কৰণটো এটা অতিৰিক্ত কাৰণৰ বাবেও বিশেষ হৈছে। অটল বিহাৰী বাজপেয়ীজীৰ জন্ম শতবাৰ্ষিকীৰ কেইদিনমান পিছত আমি ইয়াত একত্ৰিত হৈছোঁ। তেওঁৰ দৃষ্টিভংগীয়ে এই কাৰ্যসূচীক উদ্বুদ্ধ কৰিছিল। ই ভাৰত আৰু ইয়াৰ প্ৰবাসীসকলৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক প্ৰতিষ্ঠানিক ৰূপ ধাৰণ কৰিছে। আমি একেলগে ভাৰত, ভাৰতীয়ত্ব, আমাৰ সংস্কৃতি, আমাৰ প্ৰগতি আৰু আমাৰ শিপাৰ সৈতে থকা সংযোগক উদযাপন কৰিছোঁ।

 

বন্ধুসকল,

ওড়িশাৰ ভূমি, য'ত আপোনালোক আজি একত্ৰিত হৈছেহি সেয়া হৈছে ভাৰতৰ সমৃদ্ধ ঐতিহ্যৰ প্ৰতিফলন। ওড়িশাত, প্ৰতিটো পদক্ষেপতে, আমি আমাৰ ঐতিহ্যৰ সন্মুখীন হওঁ। ‘উদয়গিৰি-খণ্ডগিৰিৰ ঐতিহাসিক গুহা’ই হওঁক, কোণাৰ্কৰ ‘সূৰ্য মন্দিৰে’ই হওঁক, তাম্ৰলিপ্তি, মাণিকপাটনা আৰু পালুৰৰ প্ৰাচীন বন্দৰ, এইবোৰ দেখি সকলোৱে গৌৰৱেৰে উথলি উঠে। বহু শতিকাৰ আগতে, ওড়িশাৰ পৰা আমাৰ বেপাৰী আৰু ব্যৱসায়ীসকলে বালি, সুমাত্ৰা আৰু জাভাৰ দৰে ঠাইলৈ দীঘলীয়া সাগৰীয় যাত্ৰা আৰম্ভ কৰিছিল। সেই স্মৃতিত আজিও ওড়িশাত ‘বালি যাত্ৰা’ উদযাপন কৰা হয়। ইয়াতে, ওড়িশাত ধৌলী নামৰ ঠাইখনে মূৰ দাঙি আছে, যি হৈছে শান্তিৰ এক মহান প্ৰতীক। যেতিয়া পৃথিৱীখন তৰোৱালৰে সাম্ৰাজ্য বিস্তাৰৰ যুগত আছিল, আমাৰ সম্ৰাট অশোকে ইয়াত শান্তিৰ পথ বাছি লৈছিল। আমাৰ ঐতিহ্যৰ এই শক্তিয়েই আজি ভাৰতক বিশ্বক ক'বলৈ অনুপ্ৰাণিত কৰে যে ভৱিষ্যত যুদ্ধত নহয়, বুদ্ধতহে (ভৱিষ্য যুদ্ধ মে’ নেহী, বুদ্ধ মে’ হে’) আছে। সেয়েহে, ওড়িশাৰ এই ভূমিলৈ আপোনালোক সকলোকে স্বাগত জনোৱাটো মোৰ বাবে অতিকে বিশেষ হৈ উঠিছে।

বন্ধুসকল,

মই সদায় প্ৰবাসী ভাৰতীয়সকলক ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে গণ্য কৰি আহিছোঁ। যেতিয়া মই সমগ্ৰ বিশ্বৰ পৰা অহা আপোনালোক সকলোকে লগ পাওঁ, যেতিয়া মই আপোনালোকৰ সৈতে কথা পাতো তেতিয়া মই অপৰিসীম আনন্দ অনুভৱ কৰোঁ। আপোনালোকৰ পৰা পোৱা মৰমবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো। আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ সৈতে থাকে।

বন্ধুসকল,

আজি, মই ব্যক্তিগতভাৱে আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ, আৰু মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ। আপোনালোকলৈ ধন্যবাদ, পৃথিৱীত মই গৌৰৱেৰে মূৰ দাঙি থকাৰ সুযোগ পাইছোঁ। যোৱা ১০ বছৰত, মই সমগ্ৰ বিশ্বৰ বহুতো নেতাক লগ পাইছোঁ। বিশ্বৰ প্ৰতিগৰাকী নেতাই প্ৰবাসী ভাৰতীয়সকলক, আপোনালোক সকলোকে প্ৰশংসা কৰে। ইয়াৰ এটা ডাঙৰ কাৰণ হ'ল সামাজিক মূল্যবোধ, যিটো আপোনালোক সকলোৱে সেই সেই দেশৰ সমাজত সংযুক্ত কৰি আহিছে। আমি কেৱল "গণতন্ত্ৰৰ মাতৃ"য়েই নহয়, গণতন্ত্ৰ আমাৰ জীৱনৰো এক অংশ, ই হৈছে আমাৰ জীৱন ধাৰণৰ পদ্ধতি। আমাক বৈচিত্ৰ্য শিকোৱাৰ দৰকাৰ নাই; আমাৰ জীৱন নিজেই বৈচিত্ৰ্যক সাৰোগত কৰি চলে। সেয়েহে ভাৰতীয়সকল য'লৈকে যায়, তেওঁলোকে সেই দেশৰ সমাজৰ সৈতে একত্ৰিত হয়। আমি য'লৈকে যাওঁ, আমি সেই ঠাইৰ নিয়ম আৰু পৰম্পৰাক সন্মান কৰোঁ। আমি সেই দেশক, সেই সমাজখনক অতি আন্তৰিকতাৰে সেৱা কৰো। আমি তেওঁলোকৰ বিকাশ আৰু সমৃদ্ধিত অৰিহণা যোগাওঁ। আৰু এই সকলোবোৰৰ লগতে ভাৰতেও আমাৰ হৃদয় স্পন্দিত কৰি ৰাখে। আমি ভাৰতৰ প্ৰতিটো সুখত আনন্দিত আৰু ভাৰতৰ প্ৰতিটো সাফল্য উদযাপন কৰি আহিছোঁ।

 

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতে আজি যি গতিত আগবাঢ়িছে, আৰু ভাৰতত যি পৰিমাণে উন্নয়ন সম্পাদিত হৈছে সেয়া নিতান্তই অভূতপূৰ্ব। মাত্ৰ ১০টা বছৰত ভাৰতে ২৫০ নিযুত লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে। মাত্ৰ ১০টা বছৰত ভাৰত বিশ্বৰ দশম সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিলৈ স্থানান্তৰিত হৈছে। সেই দিন আৰু বেছি দূৰৈত নাই যেতিয়া ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হৈ উঠিব। বিশ্ব আজি ভাৰতৰ সফলতাৰ সাক্ষী হৈ আহিছে। যেতিয়া ভাৰতৰ ‘চন্দ্ৰযান’ ‘শিৱ-শক্তি বিন্দু’ত উপনীত হৈছিল, আমি সকলোৱে গৌৰৱান্বিত অনুভৱ কৰিছিলোঁ। আজি যেতিয়া ‘ডিজিটেল ইণ্ডিয়া’-ৰ শক্তিৰ দ্বাৰা বিশ্ব বিস্মিত হৈছে, আমি সকলোৱে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আজি ভাৰতৰ প্ৰতিটো খণ্ডই আকাশ স্পৰ্শ কৰিবলৈ আগবাঢ়িছে। নৱীকৰণযোগ্য শক্তি, বিমান পৰিস্থিতিতন্ত্ৰ, বৈদ্যুতিক গতিশীলতা, বিশাল ‘মেট্ৰ' নেটৱৰ্ক’ বা ‘বুলেট ট্ৰেইন’ প্ৰকল্পই হওঁক, ভাৰতৰ প্ৰগতিৰ গতিয়ে সকলো অভিলেখ ভংগ কৰিছে। আজি ভাৰতে "মে’ড ইন ইণ্ডিয়া" যুঁজাৰু বিমান, যাত্ৰীবাহী বিমান নিৰ্মাণ কৰি আছে, আৰু সেই দিনটো আৰু বেছি দূৰৈত নাই যেতিয়া আপোনালোক "মে’ড ইন ইণ্ডিয়া" বিমানত উঠি ‘প্ৰৱাসী ভাৰতীয় দিৱস’ৰ বাবে ভাৰতলৈ আহিব।

বন্ধুসকল,

ভাৰতৰ এই সাফল্যসমূহে, আজি ভাৰতত উদ্ভৱ হোৱা সম্ভাৱনাবোৰে ভাৰতৰ বৰ্ধিত গোলকীয় ভূমিকাত অৰিহণা যোগাইছে। আজি বিশ্বই ভাৰতৰ কথা মনোযোগেৰে শুনিছে। আজিৰ ভাৰতে কেৱল শক্তিশালীভাৱে নিজৰ কথা কোৱাই নহয়, লগতে সম্পূৰ্ণ শক্তিৰে গোলকীয় দক্ষিণৰ কণ্ঠস্বৰকো উত্থাপন কৰি আহিছে। যেতিয়া ভাৰতে ‘আফ্ৰিকান ইউনিয়ন’ক ‘জি-২০’ৰ স্থায়ী সদস্য কৰাৰ প্ৰস্তাৱ দিছিল সকলো সদস্যই এই প্ৰস্তাৱটো সমৰ্থন কৰিছিল। "হিউমেনিটী ফাৰ্ষ্ট"ৰ চেতনাৰে ভাৰতে ইয়াৰ গোলকীয় ভূমিকা সম্প্ৰসাৰিত কৰি আছে।

 

বন্ধুসকল,

ভাৰতৰ প্ৰতিভা আজি বিশ্বজুৰি উদযাপন কৰা হৈছে। আমাৰ পেছাদাৰীসকলে বিশ্বৰ মুখ্য কোম্পানীসমূহৰ জৰিয়তে গোলকীয় বিকাশত অৰিহণা যোগাই আহিছে। কাইলৈ আমাৰ বহু সহকৰ্মীক ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুজীয়ে প্ৰৱাসী ভাৰতীয় সন্মানেৰে সন্মানিত কৰিব। এই সন্মান লাভ কৰা সকলো বিশিষ্ট ব্যক্তিলৈ মই শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

আপোনালোকে জানেনে, আগন্তুক বহু দশকধৰি ভাৰত বিশ্বৰ আটাইতকৈ কম বয়সীয়া আৰু আটাইতকৈ দক্ষ জনসংখ্যাৰ দেশ হৈ থাকিব। এয়াই হৈছে ভাৰত যিয়ে দক্ষতাৰ গোলকীয় চাহিদাৰ এক গুৰুত্বপূৰ্ণ অংশ পূৰণ কৰিব। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে বিশ্বৰ বহুতো দেশে এতিয়া ভাৰতৰ দক্ষতাসম্পন্ন যুৱক-যুৱতীসকলক মুকলি বাহুৰে আদৰণি জনাইছে। এনে পৰিস্থিতিত, ভাৰত চৰকাৰেও নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে যে যেতিয়াই কোনো ভাৰতীয় বিদেশলৈ যায় তেওঁলোকে যাতে উৎকৃষ্ট দক্ষতাৰে কামবোৰ সম্পন্ন কৰিব পাৰে। সেয়েহে আমি নিৰন্তৰভাৱে আমাৰ যুৱক-যুৱতীসকলক দক্ষ, পুনৰ দক্ষ আৰু উন্নত দক্ষতাসম্পন্ন কৰি তোলাত গুৰুত্ব দি আহিছো। আমি আপোনালোকৰ সুবিধা আৰু আৰামক যথেষ্ট গুৰুত্ব দিওঁ। আপোনালোকৰ সুৰক্ষা আৰু কল্যাণ হৈছে এক শীৰ্ষ প্ৰাথমিকতা। আমি সংকটৰ পৰিস্থিতিত আমাৰ প্ৰবাসীসকলক, তেওঁলোক য'তেই নাথাকক কিয় সহায় কৰাটো আমাৰ দায়িত্ব বুলি বিবেচনা কৰোঁ। এয়া আজি ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম পথপ্ৰদৰ্শক নীতি হিচাপে পৰিগমিত হৈছে। যোৱা এটা দশকত, বিশ্বজুৰি থকা আমাৰ দূতাবাস আৰু কাৰ্যালয়সমূহ সংবেদনশীল আৰু সক্ৰিয় হৈ আছে।

 

বন্ধুসকল,

ইয়াৰ আগতে, বহুতো দেশত মানুহে কনচুলাৰ সুবিধা প্ৰাপ্ত কৰিবলৈ দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিব লগা হৈছিল। তেওঁলোকে সহায়ৰ বাবে কেবাদিনো অপেক্ষা কৰিব লগা হৈছিল। এতিয়া এই সমস্যাবোৰ সমাধান কৰা হৈছে। মাত্ৰ যোৱা দুটাবছৰতে চৈধ্যটা ‘দূতাবাস’ আৰু ‘কনচুলেট’ খোলা হৈছে। ‘অ’চিআই কাৰ্ড’ৰ পৰিসৰো সম্প্ৰসাৰিত কৰা হৈছে। ইয়াক মৰিচাছৰ ‘সপ্তম প্ৰজন্ম’ৰ ‘পিআইঅ' আৰু চুৰিনাম ‘মাৰ্টিনিক’ আৰু ‘গুৱাডেলুপৰ’ ষষ্ঠ প্ৰজন্মলৈ সম্প্ৰসাৰিত কৰা হৈছে।

বন্ধুসকল,

প্ৰবাসী ভাৰতীয়সকলৰ ইতিহাস সমগ্ৰ বিশ্বতে বিয়পি পৰিছে, বিভিন্ন দেশলৈ কৰা তেওঁলোকৰ যাত্ৰা আৰু সেই সেই দেশসমূহত ভাৰতৰ ধ্বজা উত্তোলনৰ কাহিনী হৈছে ভাৰতৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। আপোনালোকৰ ওচৰত এনে বহুতো আকৰ্ষণীয় আৰু অনুপ্ৰেৰণাদায়ক কাহিনী আছে, যাক সহভাগ কৰা, প্ৰদৰ্শন আৰু সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। এইবোৰ হৈছে আমাৰ অংশীদাৰী উত্তৰাধিকাৰিত্ব, আমাৰ অংশীদাৰী ঐতিহ্য। মাত্ৰ কেইদিনমান আগতে মই মোৰ "মন কী বাত"ৰ ভাষণত ইয়াৰ সৈতে সম্পৰ্কিত এটা পদক্ষেপৰ বিষয়ে বিতংভাৱে কৈছিলোঁ। কেবা শতিকাৰ আগতে গুজৰাটৰ বহুতো পৰিয়ালে গৈ ওমানত বসতি স্থাপন কৰিছিলগৈ। তেওঁলোকৰ ২৫০ বছৰীয়া যাত্ৰা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। ইয়াৰ সৈতে সম্পৰ্কিত এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হৈছে, য'ত ডিজিটাইজ কৰা এই সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত হাজাৰ হাজাৰ নথিপত্ৰ প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰিও, সমাজৰ জ্যেষ্ঠ সদস্যসকলৰ, যিসকলৰ বহুতেই এতিয়া যথেষ্ট বৃদ্ধ, তেওঁলোকৰ অভিজ্ঞতা সহভাগ কৰি এক 'মৌখিক ইতিহাস প্ৰকল্প'ও হাতত লোৱা হৈছে। মই সুখী যে এই পৰিয়ালসমূহৰ বহুতো আজি আমাৰ সৈতে ইয়াত উপস্থিত আছে।

বন্ধুসকল,

বিভিন্ন দেশৰ প্ৰবাসীসকলৰ সম্পৰ্কেও এনে ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। উদাহৰণ স্বৰূপে, আমাৰ "গিৰমিত্য" ভাই-ভনী আছে। আমাৰ গিৰমিত্য সম্প্ৰদায়ৰ ‘ডাটাবেছ’কেনো সৃষ্টি নকৰে কিয়? আমি ভাৰতৰ কোনবোৰ গাঁও আৰু চহৰৰ পৰানো তেওঁলোক আহিছিল, ক'লৈ গৈ বসতি স্থাপন কৰিছিলগৈ, আৰু সেই ঠাইবোৰ চিনাক্ত কৰা উচিত। তেওঁলোকে কেনে ধৰণৰ জীৱন যাপন কৰিছিল, তেওঁলোকে কেনেদৰে প্ৰত্যাহ্বানবোৰক সুযোগলৈ পৰিৱৰ্তন কৰিছিল- ইয়াক চলচ্চিত্ৰ বা তথ্যচিত্ৰৰ জৰিয়তে চিত্ৰিত কৰিব পাৰি। গিৰমিত্য উত্তৰাধিকাৰিত্ব সন্দৰ্ভত এক অধ্যয়ন কৰিব তথা গৱেষণা কৰিব পাৰি। বিশ্ববিদ্যালয়সমূহে ইয়াৰ বাবে আসন স্থাপন কৰিব পাৰে, আৰু আমি নিয়মীয়া ব্যৱধানত ‘বিশ্ব গিৰমিত্য সন্মিলন’ৰ আয়োজন কৰিব পাৰোঁ। মই মোৰ দলটোক ইয়াৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আৰু ইয়াক আগুৱাই নিয়াৰ দিশত কাম কৰিবলৈ কম।

 

বন্ধুসকল,

আজিৰ ভাৰতে এই মন্ত্ৰৰ অধীনত উন্নয়ন আৰু ঐতিহ্য দুয়োটাৰে সৈতে আগবাঢ়ি আছে। জি-২০ৰ সময়ত আমি সমগ্ৰ দেশতে বৈঠক অনুষ্ঠিত কৰিছিলো যাতে বিশ্বই ভাৰতৰ বৈচিত্ৰ্যৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিব পাৰে। আমি গৌৰৱেৰে ‘কাশী-তামিল সঙ্গমম’, ‘কাশী-তেলেগু সঙ্গমম’, ‘সৌৰাষ্ট্ৰ-তামিল সঙ্গমম’ আদি অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এতিয়াৰ পৰা মাত্ৰ কেইদিনমানৰ পিছত আমি ‘সন্ত থিৰুভাল্লুভাৰ দিৱস’ উদযাপন কৰিম। আমাৰ চৰকাৰে সন্ত থিৰুভাল্লুভাৰৰ শিকনীসমূহ বিস্তাৰৰ বাবে ‘থিৰুভাল্লুভাৰ সংস্কৃতি কেন্দ্ৰ’ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। ছিংগাপুৰৰ প্ৰথম কেন্দ্ৰৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘হিউষ্টন বিশ্ববিদ্যালয়’ত থিৰুভাল্লুভাৰৰ নামত এখন আসনো স্থাপন কৰা হৈছে। এই সকলোবোৰ প্ৰচেষ্টাই তামিল ভাষা, তামিল ঐতিহ্য আৰু ভাৰতৰ ঐতিহ্যক বিশ্বৰ প্ৰতিটো কোণলৈ লৈ গৈছে।

বন্ধুসকল,

আমি ভাৰতত আমাৰ ঐতিহ্যবাহী স্থানসমূহক সংযোগ কৰিবলৈ বহুতো পদক্ষেপ গ্ৰহণ কৰিছোঁ। উদাহৰণ স্বৰূপে, ভগৱান ৰাম আৰু আই সীতাৰ সৈতে সম্পৰ্কিত স্থানসমূহ ভ্ৰমণ কৰাৰ বাবে এখন বিশেষ ‘ৰামায়ণ এক্সপ্ৰেছ ৰে’ল’ আছে। ‘ভাৰত গৌৰৱ ৰে’ল’সমূহে সমগ্ৰ দেশৰ গুৰুত্বপূৰ্ণ ঐতিহ্যবাহী স্থানসমূহকো সংযোগ কৰে। আমাৰ অৰ্ধ-উচ্চ গতিৰ বন্দে ভাৰত ৰে'লৰ সৈতে আমি দেশৰ মুখ্য ঐতিহ্য কেন্দ্ৰসমূহক সংযোগ কৰিছো। অলপ আগতে, মই এখন বিশেষ প্ৰৱাসী ভাৰতীয় এক্সপ্ৰেছ ৰেল উদ্বোধন কৰাৰ সুযোগ পাইছোঁ। প্ৰায় ১৫০ গৰাকী লোকে এই ৰে’লখনত সোতৰটা পৰ্যটন আৰু আস্থা সম্পৰ্কীয় গন্তব্যস্থান পৰিদৰ্শন কৰিবলৈ ভ্ৰমণ কৰিব। ওড়িশাত বহুতো ঠাই আছে যিবোৰ আপোনালোকে নিশ্চিতভাৱে ভ্ৰমণ কৰা উচিত। প্ৰয়াগৰাজৰ ‘মহাকুম্ভ’ অচিৰেই আৰম্ভ হব, আৰু এনে সুযোগ জীৱনত সঘনাই নাহে। আপোনালোকো তালৈ যোৱা উচিত।

 

বন্ধুসকল,

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে আৰু আমাৰ প্ৰবাসীসকলে এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকে বিদেশত বাস কৰাৰ সময়ত ভাৰতৰ স্বাধীনতাত অৰিহণা যোগাইছিল। এতিয়া, আমাৰ লক্ষ্য হৈছে ২০৪৭। আমি ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব লাগিব। আপোনালোকে এতিয়াও ভাৰতৰ বিকাশত এক অসামান্য অৱদান আগবঢ়াই আছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে, প্ৰেৰণৰ বাবে ভাৰত বিশ্বৰ এক নম্বৰ দেশ হৈ উঠিছে। এতিয়া, আমি ইয়াৰো বাহিৰলৈ গৈ চিন্তা কৰিব লাগিব। আপোনালোকে কেৱল ভাৰততে নহয় আন দেশতো বিনিয়োগ কৰে। আমাৰ ‘গিফ্ট চিটী’ পৰিস্থিতিতন্ত্ৰই আপোনালোকৰ বিত্তীয় সেৱা আৰু বিনিয়োগৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব পাৰে। আপোনালোক সকলোৱেই ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে আৰু উন্নয়নৰ দিশত ভাৰতৰ যাত্ৰাক অধিক শক্তিশালী কৰিব পাৰে। আপোনালোকে কৰা প্ৰতিটো প্ৰচেষ্টাই ভাৰতক শক্তিশালী কৰিব আৰু ইয়াৰ বিকাশত সহায় কৰিব। তেনে এটা খণ্ড হৈছে ঐতিহ্য পৰ্যটন। বৰ্তমান, ভাৰত মুখ্যতঃ ইয়াৰ বৃহৎ মেট্ৰ' চহৰসমূহৰ জৰিয়তে বিশ্বজুৰি জনাজাত। ভাৰত কিন্তু এই ডাঙৰ চহৰবোৰতে সীমাবদ্ধ নহয়। ভাৰতৰ এক বৃহৎ অংশ ‘স্তৰ-২’, ‘স্তৰ-৩’ চহৰ আৰু গাঁৱত আছে, য'ত আপোনালোকে ভাৰতৰ ঐতিহ্য প্ৰত্যক্ষ কৰিব পাৰে। আমি বিশ্বক এই ঐতিহ্যৰ সৈতে সংযুক্ত কৰিব লাগিব। মই আপোনালোকক আপোনালোকৰ সন্তানসকলক ভাৰতৰ এই সৰু চহৰ আৰু গাঁওসমূহলৈ লৈ যাবলৈ অনুৰোধ জনাইছোঁ। তাৰ পিছত, আপোনালোক ঘূৰি অহাৰ পিছত আপোনালোকৰ অভিজ্ঞতাসমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে সহভাগ কৰক। মই লগতে পৰামৰ্শ দিব বিচাৰো যে পৰৱৰ্তী বাৰ আপোনালোক ভাৰতলৈ আহিলে, অ-ভাৰতীয় মূলৰ অতি কমেও পাঁচগৰাকী বন্ধু লগত লৈ আনিব। ভাৰত ভ্ৰমণ কৰিবলৈ আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গক অনুপ্ৰাণিত কৰক।  

বন্ধুসকল,

মোৰ এটা আবেদন আছে, বিশেষকৈ প্ৰবাসী সকলো যুৱবন্ধুৰ প্ৰতি। ভাৰতৰ বিষয়ে অধিক জানিবলৈ কুইজত অংশগ্ৰহণ কৰক। ই আপোনালোকক ভাৰতক ভালদৰে বুজাত সহায় কৰিব। আপোনালোকে 'ভাৰতত অধ্যয়ন' কাৰ্যসূচীৰ পৰা লাভান্বিত হোৱাটো নিশ্চিত কৰা উচিত। ‘আইচিচিআৰ বৃত্তি আঁচনি’ হৈছে আন এটা ডাঙৰ সুযোগ যাৰ সুবিধা প্ৰবাসীসকলৰ যুৱসকলে ল'ব লাগে।

 

বন্ধুসকল,

আপোনালোকে বাস কৰা দেশবোৰত, আপোনালোকে ভাৰতৰ প্ৰকৃত ইতিহাস বিস্তাৰ কৰাতো আগভাগ ল'ব লাগিব। বহুতো দেশৰ বৰ্তমান প্ৰজন্মই আমাৰ সমৃদ্ধি, দাসত্বৰ দীঘলীয়া সময় আৰু আমাৰ সংগ্ৰামৰ বিষয়ে নাজানে। আপোনালোকে ভাৰতৰ প্ৰকৃত ইতিহাস বিশ্বৰ সৈতে সহভাগ কৰাত সহায় কৰিব পাৰে।

বন্ধুসকল,

আজি ভাৰতক 'বিশ্ব বন্ধু' বুলি জনা যায়। এই গোলকীয় সংযোগ অধিক শক্তিশালী কৰিবলৈ, আপোনালোকে আপোনালোকৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব। উদাহৰণ স্বৰূপে, আপোনালোকে বসবাস কৰা দেশত, আপোনালোকে পুৰস্কাৰ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। এই বঁটাবোৰ আপোনালোকে বাস কৰা দেশৰ স্থানীয় বাসিন্দাসকলৰ বাবে হ'ব পাৰে। আপোনালোকে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সন্মান জনাব পাৰে, সেয়া সাহিত্য, কলা আৰু কাৰুশিল্প, চলচ্চিত্ৰ, থিয়েটাৰ বা আন যিকোনো খণ্ডৰে হ’ব পাৰে। এই সফল ব্যক্তিসকলক আমন্ত্ৰণ জনাওক আৰু তেওঁলোকক ভাৰতৰ প্ৰবাসীসকলৰ হৈ পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰক। সেই দেশৰ ভাৰতীয় দূতাবাস আৰু কনচুলেটসমূহে আপোনালোকক সহায় কৰি অধিক সুখী হ'ব। ই সেই দেশৰ জনসাধাৰণৰ সৈতে আপোনালোকৰ ব্যক্তিগত সম্পৰ্ককো শক্তিশালী কৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ আৱেগিক সম্পৰ্ককো গভীৰ কৰিব।

 

বন্ধুসকল,

আপোনালোকে স্থানীয় সামগ্ৰীবোৰ গোলকীয় কৰাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। "মে’ড ইন ইণ্ডিয়া" খাদ্যৰ পেকেট, কাপোৰ বা আন যিকোনো সামগ্ৰী ক্ৰয় কৰাটো নিশ্চিত কৰিব। যদি আপোনালোকৰ দেশত কিছুমান সামগ্ৰী উপলব্ধ নহয়, সেইবোৰ অনলাইনত অৰ্ডাৰ দিয়ক। আপোনালোকৰ পাকঘৰত, আপোনালোকৰ ড্ৰয়িং ৰুমত আৰু উপহাৰ হিচাপে ‘মে’ড ইন ইণ্ডিয়া’ সামগ্ৰী অন্তৰ্ভুক্ত কৰক। উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত এইটো আপোনালোক সকলোৰে পৰা এক ডাঙৰ অৱদান হ'ব।

বন্ধুসকল,

মা আৰু পৃথিৱী মাতৃৰ সৈতে সম্পৰ্কিত মোৰ আৰু এটা আবেদন আছে। কেইদিনমান আগতে, মই গায়ানা ভ্ৰমণ কৰিছিলোঁ, য'ত মই ৰাষ্ট্ৰপতিৰ সৈতে আমাৰ মাতৃৰ নামত গছপুলি ৰোপণ কৰাৰ এক প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছিলোঁ। ভাৰতৰ লাখ লাখ মানুহে ইতিমধ্যে এই কামটো কৰি আছে। আপোনালোক য'তেই থাকক, মই আপোনালোকক আপোনালোকৰ মাতৃৰ নামত গছ বা গছপুলি ৰোপণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই বিশ্বাস কৰোঁ যে যেতিয়া আপোনালোকে ভাৰতৰ পৰা উভতি যাব, তেতিয়া এক উন্নত ভাৰত গঢ়াৰ সংকল্প আপোনালোকৰ সৈতে লৈ যাব। আমি একেলগে এখন উন্নত ভাৰত গঢ়ি তুলিম।

সেয়া লাগিলে স্বাস্থ্য বা সম্পদ যিয়েই নহওক কিয় আশাকৰো ২০২৫য়ে আপোনালোক সকলোৰে বাবে সমৃদ্ধি কঢ়িয়াই আনিব। মই আপোনালোক সকলোকে আগন্তুক এক সমৃদ্ধ আৰু পৰিপূৰ্ণ বছৰৰ শুভেচ্ছা জনাইছোঁ। আকৌ এবাৰ মই আপোনালোক সকলোকে ভাৰতলৈ আন্তৰিকতাৰে স্বাগত জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

শুভকামনা, আৰু আপোনালোকক বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.