Inaugurates Pune Metro section of District Court to Swargate
Dedicates to nation Bidkin Industrial Area
Inaugurates Solapur Airport
Lays foundation stone for Memorial for Krantijyoti Savitribai Phule’s First Girls’ School at Bhidewada
“Launch of various projects in Maharashtra will give boost to urban development and significantly add to ‘Ease of Living’ for people”
“We are moving at a fast pace in the direction of our dream of increasing Ease of Living in Pune city”
“Work of upgrading the airport has been completed to provide direct air-connectivity to Solapur”
“India should be modern, India should be modernized but it should be based on our fundamental values”
“Great personalities like Savitribai Phule opened the doors of education that were closed for daughters”

নমস্কাৰ!

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ জী, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত একনাথ শিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীস জী, অজীত পাৱাৰ জী, পুণেৰ সাংসদ আৰু মন্ত্ৰী পৰিষদৰ মোৰ যুৱ সতীৰ্থ ভাই মুৰলিধৰ, কেন্দ্ৰৰ আন মন্ত্ৰীসকল যি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত সংযুক্ত হৈ আছে, মহাৰাষ্ট্ৰৰ সকলো জ্যেষ্ঠ মন্ত্ৰীগণো মোৰ সন্মুখত মই দেখা পাই আছোঁ, সাংসদগণ, বিধায়কগণ, আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত সকলো ভাতৃ আৰু ভগ্নীসকল!

পুণেৰ মোৰ সকলো ভগ্নী আৰু ভাতৃসকলক মোৰ নমস্কাৰ।

দুদিন আগতে মই কেইবাটাও ডাঙৰ প্ৰজেক্টৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপনৰ বাবে পুণেলৈ আহিবলগা আছিল। কিন্তু, প্ৰচণ্ড বৰষুণৰ বাবে সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া হৈছিল। তাত মোৰ তো ক্ষতি হৈছেই, কাৰণ পুণেৰ প্ৰতিটো কণিকাতে দেশভক্তি আছে, পুণেৰ প্ৰতিটো কণিকাতে সমাজভক্তি আছে, পুণেলৈ এনেকৈ আহিলে নিজৰ মাজতে এজনক শক্তিশালী কৰি তোলে। সেয়ে মোৰ ডাঙৰ ক্ষতি হ’ল যে মই আজি পুণেলৈ আহিব পৰা নাই। কিন্তু এতিয়া প্ৰযুক্তিৰ জৰিয়তে আপোনালোক সকলোকে দেখাৰ সৌভাগ্য হৈছে। আজি এই পুণেৰ ভূমি...ভাৰতৰ মহান বিভূতিসকলৰ প্ৰেৰণাৰ ভূমি, মহাৰাষ্ট্ৰৰ উন্নয়নৰ এক নতুন অধ্যায়ৰ সাক্ষী হৈ আছে। এতিয়া জিলা আদালতৰ পৰাই স্বাৰগেট ছেকচন ৰুটৰ লোকাৰ্পণ কৰা হৈছে। এতিয়া এই পথতো মেট্ৰ’ চলিবলৈ আৰম্ভ কৰিব। আজি স্বাৰগেট-কাট্ৰজ খণ্ডৰ আধাৰশিলাও স্থাপন কৰা হৈছে। আজিয়েই আমাৰ সকলোৰে শ্ৰদ্ধাৰ ক্ৰান্তিজ্যোতি সাবিত্ৰীবাই ফুলে স্মৃতিসৌধৰ আধাৰশিলাও স্থাপন কৰা হৈছে। পুণে চহৰত ইজ অৱ লিভিং বৃদ্ধি কৰাৰ আমাৰ যি সপোন আছে, মই সুখী যে আমি সেই দিশত দ্ৰুত গতিত আগবাঢ়িছোঁ।

 

ভাতৃ-ভগ্নীসকল,

আজি ভগৱান বিত্থলৰ আশীৰ্বাদত তেওঁৰ ভক্তসকলেও লাভ কৰিছে মৰমৰ উপহাৰ। সোলাপুৰলৈ প্ৰত্যক্ষ বিমান সংযোগৰ সুবিধা প্ৰদানৰ বাবে বিমানবন্দৰটো উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰা হৈছে। ইয়াত টাৰ্মিনেল বিল্ডিঙৰ ক্ষমতা বৃদ্ধি কৰা হৈছে। যাত্ৰীসকলৰ বাবে নতুন সা-সুবিধা প্ৰস্তুত কৰা হৈছে। ইয়াৰ দ্বাৰা দেশ-বিদেশৰ প্ৰতিটো স্তৰৰ বিথোবাৰ ভক্তসকলক যথেষ্ট সুবিধা প্ৰদান কৰা হ’ব। মানুহে এতিয়া পোনপটীয়াকৈ সোলাপুৰত উপস্থিত হৈ ভগৱান বিত্থলৰ দৰ্শন কৰিব পাৰিব। বাণিজ্য, ব্যৱসায় আৰু পৰ্যটনেও ইয়াত উত্থান পাব। এই সকলোবোৰ উন্নয়নমূলক কামৰ বাবে মহাৰাষ্ট্ৰবাসী আৰু আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু শুভকামনা জনাইছোঁ।

বন্ধুসকল,

আজি মহাৰাষ্ট্ৰক নতুন সংকল্পৰে ডাঙৰ ডাঙৰ লক্ষ্যৰ প্ৰয়োজন। ইয়াৰ বাবে আমাৰ পুণেৰ দৰে চহৰক প্ৰগতি আৰু নগৰ উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো প্ৰয়োজনীয়। আজি পুণে যি গতিৰে আগবাঢ়িছে, ইয়াত জনসংখ্যাৰ চাপো সমানে দ্ৰুত গতিত বাঢ়িছে। আমি এতিয়াই এনে পদক্ষেপ লোৱাটো প্ৰয়োজন যাতে পুণেৰ বৰ্ধিত জনসংখ্যাই চহৰখনৰ গতি হ্ৰাস নকৰে, বৰঞ্চ ইয়াৰ সম্ভাৱনা বৃদ্ধি কৰে। এইটো তেতিয়া হ’ব, যেতিয়া পুণেৰ ৰাজহুৱা পৰিবহণ আধুনিক হ’ব, এইটো তেতিয়া হ’ব, যেতিয়া চহৰখন সম্প্ৰসাৰিত হ’ব, লগতে এটা অঞ্চলৰ সৈতে আন এটা অঞ্চলৰ সংযোগ উৎকৃষ্ট হৈ থাকিব। আজি মহাযুতি চৰকাৰে এই চিন্তা আৰু পন্থা লৈ দিনে নিশাই কাম কৰি আছে।

 

বন্ধুসকল,

পুণেৰ আধুনিক প্ৰয়োজনীয়তাক মনত ৰাখি বহু আগতেই কাম কৰাৰ প্ৰয়োজন আছিল। বহু আগতেই পুণেত মেট্ৰ’ৰ দৰে উন্নত পৰিবহণ ব্যৱস্থা আহিব লাগিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত দশকবোৰত আমাৰ দেশৰ নগৰ উন্নয়নত পৰিকল্পনা আৰু দৃষ্টিভংগী দুয়োটাৰে অভাৱ আছিল। কোনো আঁচনি আলোচনাৰ বাবে আহিলেও বহু বছৰ ধৰি তাৰ ফাইলটো আবদ্ধ হৈ থাকিল। পৰিকল্পনা কৰিলেও প্ৰতিটো প্ৰকল্প কেইবাটাও দশক ধৰি বাকী আছিল। সেই পুৰণি কৰ্ম সংস্কৃতিয়ে আমাৰ দেশৰ, মহাৰাষ্ট্ৰৰ আৰু লগতে পুণেৰ বাবেও এক বৃহৎ লোকচানৰ সৃষ্টি কৰিছিল। মনত পেলাওক, পুণেত মেট্ৰ’ নিৰ্মাণৰ কথা প্ৰথম আৰম্ভ হৈছিল ২০০৮ চনত। কিন্তু, ইয়াৰ আধাৰশিলা স্থাপন হৈছিল ২০১৬ চনত যেতিয়া আমাৰ চৰকাৰে বাধাবোৰ আঁতৰাই ক্ষিপ্ৰতাৰে সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰিছিল। আৰু চাওক আজি...আজি পুণে মেট্ৰ’ই গতি লাভ কৰিছে আৰু সম্প্ৰসাৰণো হৈছে।

আজিও, আমি এফালে পুৰণি কামৰ লোকাৰ্পণ কৰিছোঁ, আনফালে স্বাৰগেটৰ পৰা কাট্ৰজ লাইনৰ আধাৰশিলাও স্থাপন কৰিছোঁ। চলিত বৰ্ষৰ মাৰ্চ মাহত মই ৰুবী হল ক্লিনিকৰ পৰা ৰামৱাড়ীলৈ মেট্ৰ’ সেৱাও উদ্বোধন কৰিছিলোঁ। ২০১৬ চনৰ পৰা এতিয়ালৈকে, এই ৭-৮ বছৰত পুণে মেট্ৰ’ৰ এই সম্প্ৰসাৰণ...ইমানবোৰ পথত কামৰ এই অগ্ৰগতি আৰু নতুন আধাৰশিলা স্থাপন...যদি পুৰণি চিন্তা আৰু কাৰ্যপদ্ধতি হ’লহেঁতেন, তেন্তে এইবোৰৰ এটাও কাম সম্পূৰ্ণ হ’বলৈ নাপালে হেঁতেন...পূৰ্বৰ চৰকাৰে তো ৮ বছৰত মেট্ৰ'ৰ এটা খুঁটাও থিয় কৰিব পৰা নাছিল। আনহাতে আমাৰ চৰকাৰে পুণেত আধুনিক মেট্ৰ’ নেটৱৰ্ক সাজু কৰি দিলে।

 

বন্ধুসকল,

ৰাজ্যখনৰ প্ৰগতিৰ বাবে উন্নয়নক অগ্ৰাধিকাৰ দিয়া চৰকাৰ এখনৰ ধাৰাবাহিকতা প্ৰয়োজনীয়। এই ক্ষেত্ৰত যেতিয়াই বিঘিনি ঘটে, তেতিয়াই মহাৰাষ্ট্ৰই বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। আপোনালোকে চাওক, মেট্ৰ’ৰে জড়িত প্ৰকল্প হওক, মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন হওক, বা কৃষকৰ বাবে জলসিঞ্চনৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ কামেই হওক, ডাবল ইঞ্জিন চৰকাৰৰ আগতে মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ এনে বহু প্ৰকল্প বিপথে গ’ল। ইয়াৰ আন এটা উদাহৰণ হ’ল- বিডকিন ঔদ্যোগিক এলেকা! আমাৰ চৰকাৰৰ দিনত মোৰ বন্ধু দেৱেন্দ্ৰ জীয়ে অৰিক চিটিৰ ধাৰণাটো আগবঢ়াই দিছিল। তেওঁ দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰত শিন্দ্ৰ-বিডকিন ঔদ্যোগিক এলেকাৰ ভেটি স্থাপন কৰিছিল। ইয়াৰ কাম ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত হ’ব লাগিছিল। কিন্তু, এই কামটোও মাজতে স্তব্ধ হৈ পৰিল। এতিয়া শিন্দে জীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে সেই বাধাবোৰো আঁতৰাবলৈ কাম কৰিছে। আজি ইয়াত বিডকিন ঔদ্যোগিক ন’ডো ৰাষ্ট্ৰক উৎসৰ্গা কৰা হৈছে। ছত্ৰপতি সম্ভাজী নগৰত প্ৰায় ৮ হাজাৰ একৰত বিডকিন ঔদ্যোগিক এলেকা সম্প্ৰসাৰণ কৰা হ’ব। ইয়াত বহু বৃহৎ উদ্যোগৰ বাবে মাটি আবণ্টন দিয়া হৈছে। ইয়াৰ দ্বাৰা ইয়াত হাজাৰ কোটি টকাৰ বিনিয়োগ আহিব। ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব। বিনিয়োগৰ জৰিয়তে চাকৰি সৃষ্টিৰ এই মন্ত্ৰ, আজি মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ এক প্ৰধান শক্তি হৈ পৰিছে।

উন্নত ভাৰতৰ শিখৰত উপনীত হ’বলৈ হ’লে আমি বহু মাইলৰ খুঁটি অতিক্ৰম কৰিব লাগিব। ভাৰত আধুনিক হ’ব লাগে… ভাৰতৰ আধুনিকীকৰণো হ’ব লাগে… কিন্তু আমাৰ মৌলিক মূল্যবোধৰ ভিত্তিত হ’ব লাগে। ভাৰত বিকশিতও হওক… বিকাশো কৰক আৰু ঐতিহ্যকো গৌৰৱেৰে লৈ আগবাঢ়ি যোৱা উচিত। ভাৰতৰ আন্তঃগাঁথনি আধুনিক হ’ব লাগে… আৰু এয়া ভাৰতৰ প্ৰয়োজন আৰু ভাৰতৰ অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি হ’ব লাগে। ভাৰতীয় সমাজখন এক মন আৰু এটা লক্ষ্যৰে দ্ৰুত গতিত আগবাঢ়িব লাগে। এই সকলোবোৰ কথা মনত ৰাখি আমি আগবাঢ়িব লাগিব।

মহাৰাষ্ট্ৰৰ বাবেও ভৱিষ্যতৰ বাবে প্ৰস্তুত আন্তঃগাঁথনি যিমানেই গুৰুত্বপূৰ্ণ, উন্নয়নৰ সুফল প্ৰতিটো শিতানত উপনীত হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ। এইটো তেতিয়াহে হ’ব, যেতিয়া প্ৰতিটো শ্ৰেণী আৰু প্ৰতিখন সমাজে দেশৰ উন্নয়নত অংশগ্ৰহণ কৰিব। এয়া তেতিয়া হ’ব, যেতিয়া বিকশিত ভাৰতৰ সংকল্পৰ নেতৃত্ব দেশৰ মহিলাসকলে দিব। যেতিয়া মহিলাসকলে সমাজত পৰিৱৰ্তন অনাৰ দায়িত্ব লয়, তেতিয়া কি কি যে হ’ব পাৰে, মহাৰাষ্ট্ৰৰ ভূমি ইয়াৰ সাক্ষী হৈ আহিছে। এই ভূমিতে আৰু এই ভূমিৰ পৰাই সাবিত্ৰীবাই ফুলেই নাৰীৰ শিক্ষাৰ বাবে ইমান বৃহৎ আন্দোলন আৰম্ভ কৰিছিল। ইয়াতেই ভগ্নী-কন্যাৰ বাবে প্ৰথমখন বিদ্যালয় মুকলি কৰা হৈছিল। ইয়াৰ স্মৃতি, এই ঐতিহ্য সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। আজি মই দেশৰ সেই প্ৰথম বালিকা বিদ্যালয়তে সাবিত্ৰী বাই ফুলে স্মৃতিসৌধৰ আধাৰশিলা স্থাপন কৰিছোঁ। মই সুখী যে এই স্মৃতিসৌধত দক্ষতা বিকাশ কেন্দ্ৰ, পুথিভঁৰাল আৰু অন্যান্য প্ৰয়োজনীয় সা-সুবিধাও নিৰ্মাণ কৰা হৈছে। এই স্মৃতিচাৰণে সমাজ চেতনাৰ সেই গণ আন্দোলনৰ স্মৃতি সজীৱ কৰি তুলিব। এই স্মৃতিসৌধে আমাৰ সমাজ আৰু আমাৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব।

 

ভাই-ভনীসকল,

স্বাধীনতাৰ পূৰ্বে দেশত যি সামাজিক পৰিস্থিতি, দৰিদ্ৰতা আৰু বৈষম্যই আমাৰ কন্যাসকলৰ বাবে শিক্ষাৰ অতি কঠিন কৰি তুলিছিল। সাবিত্ৰীবাই ফুলেৰ দৰে চেলিব্ৰিটিয়ে কন্যা সন্তানৰ শিক্ষাৰ বন্ধ দুৱাৰ মুকলি কৰি দিলে। কিন্তু, স্বাধীনতাৰ পাছতো দেশ সেই পুৰণি মানসিকতাৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা নাছিল। বহু ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহে মহিলাৰ প্ৰৱেশ বন্ধ কৰি দিছিল। বিদ্যালয়ত শৌচাগাৰৰ দৰে মৌলিক সা-সুবিধাৰ অভাৱ হৈছিল। ইয়াৰ বাবে বিদ্যালয় থকা সত্ত্বেও ছোৱালীৰ বাবে বিদ্যালয়ৰ দুৱাৰ বন্ধ হৈ পৰিছিল। ছোৱালীবোৰ ডাঙৰ হোৱাৰ লগে লগে স্কুল এৰিব লগা হ’ল। সৈনিক বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি নিষিদ্ধ কৰা হৈছিল। সেনাবাহিনীৰ প্ৰায়বোৰ কৰ্মক্ষেত্ৰতে মহিলাৰ নিযুক্তিত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। একেদৰে বহু মহিলাই গৰ্ভাৱস্থাত চাকৰি এৰিবলগীয়া হৈছিল। আমি পুৰণি চৰকাৰবোৰৰ সেই পুৰণি মানসিকতাবোৰ সলনি কৰিলোঁ, পুৰণি ব্যৱস্থাবোৰ সলনি কৰিলোঁ। আমি মুকলি কৰিলোঁ স্বচ্ছ ভাৰত অভিযান। ইয়াৰ আটাইতকৈ ডাঙৰ লাভ আছিল দেশৰ কন্যা, আমাৰ আই আৰু ভগ্নীসকলৰ। মুকলিত শৌচ কৰাৰ পৰা সকাহ পাইছিল। বিদ্যালয়ত নিৰ্মাণ কৰা শৌচাগাৰ আৰু ছোৱালীৰ বাবে পৃথক শৌচাগাৰৰ বাবে ছোৱালীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস পায়। আমি সেনাবাহিনীৰ বিদ্যালয়ৰ লগতে সেনাবাহিনীৰ সকলো পদ মহিলাৰ বাবে মুকলি কৰি দিলোঁ। আমি মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰিলোঁ। আৰু এই সকলোবোৰৰ সৈতে দেশে গণতন্ত্ৰত মহিলাৰ নেতৃত্বৰ নিশ্চয়তাও নাৰীশক্তি বন্দন আইনৰ জৰিয়তে দিছে।

 

বন্ধুসকল,

“আমাৰ কন্যা সন্তানৰ বাবে যেতিয়া প্ৰতিখন ক্ষেত্ৰৰ দুৱাৰ মুকলি হ’ব, তেতিয়াহে আমাৰ দেশৰ উন্নয়নৰ প্ৰকৃত দুৱাৰ মুকলি হ’ব পাৰে।” মোৰ বিশ্বাস যে সাবিত্ৰীবাই ফুলে স্মাৰকে আমাৰ এই সংকল্পসমূহক আৰু মহিলা সবলীকৰণৰ আমাৰ এই অভিযানক অধিক শক্তি প্ৰদান কৰিব।

বন্ধুসকল,

মোৰ বিশ্বাস যে মহাৰাষ্ট্ৰৰ প্ৰেৰণা, মহাৰাষ্ট্ৰৰ এই ভূমিয়ে চিৰকালৰ দৰে দেশক পথ প্ৰদৰ্শন কৰি যাব। আমি সকলোৱে মিলি ‘বিকশিত মহাৰাষ্ট্ৰ, বিকশিত ভাৰত’ৰ এই লক্ষ্যত উপনীত হ’ম। এই আত্মবিশ্বাসেৰে, আপোনালোক সকলোকে পুনৰবাৰ এই গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Shared commitment to eradicate terrorism': PM Modi as India, Belgium sign key MoUs

Media Coverage

'Shared commitment to eradicate terrorism': PM Modi as India, Belgium sign key MoUs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"