ইউপিএছআইডিএ এগ্ৰো পাৰ্ক কাৰ্খিয়াওঁত বানাছ কাশী সংকুল দুগ্ধ প্ৰক্ৰিয়াকৰণ ইউনিট উদ্বোধন
এইচপিচিএলৰ এলপিজি বটলিং প্লান্ট, ইউপিএছআইডিএ এগ্ৰো পাৰ্কত ভিন্ন আন্তঃগাঁথনিগত কামআৰু ছিল্ক ফেব্ৰিক প্ৰিন্টিং কমন ফেচেলিটি উদ্বোধন
একাধিক পথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
বাৰাণসীত একাধিক নগৰ উন্নয়ন, পৰ্যটন আৰু আধ্যাত্মিক পৰ্যটন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজি (NIFT), বাৰাণসীৰ আধাৰশিলা স্থাপন
বিএইচইউত নতুন মেডিকেল কলেজ আৰু নেচনেল চেন্টাৰ অৱ এজিঙৰ আধাৰশিলা স্থাপন
আজিৰ উন্নয়ন প্ৰকল্পসমূহে পথ, ৰেল, বিমান পৰিবহণ, পৰ্যটন, শিক্ষা, স্বাস্থ্য, খোৱাপানী, নগৰ উন্নয়নআৰু অনাময় ব্যৱস্থা আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত ৰবিদাস জীৰ সৈতে জড়িত প্ৰকল্পসমূহৰ কথাও উল্লেখেৰে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।
বিগত ১০ বছৰৰ উন্নয়নৰ গতিৰ কথা ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছিগ্ৰা স্পৰ্টছ ষ্টেডিয়াম পৰ্য্যায়-১ আৰু জিলা ৰাইফল শ্বুটিং ৰেঞ্জে অঞ্চলটোৰ যুৱ খেলুৱৈসকলক যথেষ্ট উপকৃত কৰিব।
গংগা নদীৰ পাৰত প্ৰাকৃতিক কৃষিৰ ক্ৰমবৰ্ধমান ধাৰাটো লক্ষ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গোবৰ ধন আঁচনিৰ অধীনত জৈৱিক গোবৰৰ উপযোগিতাক স্বীকাৰ কৰে।
তেখেতে কয় যে কেৱল কৃষকসকলক বকেয়া মুক্ত কৰাই নহয়, শস্যৰ দামো বৃদ্ধি কৰা হৈছে।
ভাৰতীয় অভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই(IWAI) বাৰাণসী আৰু অযোধ্যাৰ বাবে প্ৰদান কৰা বৈদ্যুতিক কেটামাৰান জাহাজৰ আৰম্ভণিৰ কথা উল্লেখেৰেপ্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ব্যৱস্থাই ভ্ৰমণকাৰীসকলক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব।
“মোদীৰ নিশ্চয়তাৰ ওপৰত যদি দেশ আৰু বিশ্বৰ ইমান বিশ্বাস আছে, তেন্তে সেয়া আপোনালোকৰ মৰম আৰু বাবাৰ আশীৰ্বাদৰ বাবেহে সম্ভৱ হৈছে”, এইবুলি কৈ তেখেতে ভাষণৰ সামৰণি মাৰে।

হৰ হৰ মহাদেৱ!

মঞ্চত উপৱিষ্ট উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী মহেন্দ্ৰ নাথ পাণ্ডেজী, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকজী, ‘বনাছ ডেইৰী’ৰ অধ্যক্ষ শংকৰভাই চৌধুৰী, ‘ভাৰতীয় জনতা পাৰ্টী’ৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰীজী, ৰাজ্যখনৰ অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ কাশী পৰিয়ালৰ ভাই-ভনীসকল।

আজি আকৌ এবাৰ কাশীৰ ভূমিত আপোনালোকৰ মাজলৈ অহাৰ সুযোগ পাইছোঁ। যেতিয়ালৈকে আমি বেনাৰসলৈ নাহো, তেতিয়ালৈকে আমাৰ মনে নামানে। দহ বছৰ আগতে আপোনালোকে বেনাৰসৰ পৰা আমাক সাংসদ কৰিছিল। এতিয়া দহ বছৰত বেনাৰসে আমাক ‘বেনাৰসী’ কৰি তুলিছে।

ভাই-ভনীসকল,

আপোনালোক সকলো ইমান বিশাল সংখ্যাত আহিছে, আমাক আশীৰ্বাদ দিছেহি। এই দৃশ্যটোৱে আমাক গদগদ কৰি তোলে। আজি আপোনালোক সকলোৰে কঠোৰ পৰিশ্ৰমৰ সহায়ত কাশীক নিত্য নতুন কৰাৰ অভিযান নিৰন্তৰ গতিৰে চলি আছে। আজি ইয়াত ১৩ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি এলানি প্ৰকল্প উৎসৰ্গা কৰা হৈছে। এই প্ৰকল্পসমূহে কাশীৰ উপৰি পূৰ্বাঞ্চলৰ লগতে পূৱ ভাৰতৰ বিকাশৰ গতি ত্বৰান্বিত কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত ৰে'ল, পথ, বিমানবন্দৰ, পশুপালন, উদ্যোগ, ক্ৰীড়া, দক্ষতা বিকাশ, স্বাস্থ্য, পৰিচ্ছন্নতা, আধ্যাত্মিকতা, পৰ্যটন, ‘এলপিজি গেছ’ আৰু আন বহুতো খণ্ডৰ সৈতে সম্পৰ্কিত বহুতো প্ৰকল্প আছে। এই পদক্ষেপে বেনাৰসকে ধৰি সমগ্ৰ পূৰ্বাঞ্চলৰ বাবে বহুতো নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিব। আজি সন্ত ৰবিদাসজীৰ জন্মস্থান সম্পৰ্কীয় বহুতো প্ৰকল্পও ইয়াৰ পৰা উদ্বোধন কৰা হৈছে। এই সকলোবোৰ প্ৰকল্পৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

কাশী আৰু পূৰ্বাঞ্চলৰ যদি কিবা ভাল হয় মই সুখী হোৱাটো নিতান্তই স্বাভাৱিক। আজি, মোৰ যুৱ বন্ধুসকলো ইয়ালৈ বৃহৎ সংখ্যাত আহিছে। যোৱানিশা মই বাবতপুৰৰ পৰা স্থলপথেৰে ‘বিএলডব্লিউ’ অতিথিশালালৈ আহিছিলো। কেইমাহমান আগতে যেতিয়া মই বাৰাণসীলৈ আহিছিলো, মই ফুলৱাৰিয়া ‘ফ্লাইঅভাৰ’ উদ্বোধন কৰিছিলো। বেনাৰসত এই উৰণীয়া সেঁতুখন কিমান ডাঙৰ আশীৰ্বাদ হৈ উঠিছে সেয়া স্পষ্টভাবে দেখিবলৈ পোৱা গৈছে। আগতে, যদি কোনোবাই ‘বিএলডব্লিউ’-ৰ পৰা বাবতপুৰলৈ যাব লগা হয়, মানুহে প্ৰায় ২-৩ ঘণ্টা আগতে ঘৰ এৰিবলগীয়া হৈছিল। প্ৰথমে মাণ্ডুয়াদিহত ভিৰ লাগে, তাৰ পিছত মাহমূৰগঞ্জত ভিৰ লাগে, সেনানিবাসৰ ওচৰত ভিৰ, চৌকাঘাটত ভিৰ, নাদেচাৰৰ ভিৰ, অৰ্থাৎ বিমানখন ধৰিবলৈ লোৱা সময় বিমানেৰে দিল্লীলৈ যোৱাৰ সময়তকৈ বেছি আছিল। কিন্তু এখন মাত্ৰ উৰণসেতুৱে এই সময় আধা কৰি পেলালে। আৰু যোৱা নিশা মই এই সকলোবোৰ দেখি, ইয়াৰ প্ৰণালীটো বুজিবলৈকে বিশেষভাৱে তালৈ আহিছোঁ। মই ৰাতি পলমকৈ খোজ কাঢ়িছিলো। একেদৰে, যোৱা ১০টা বছৰত বাৰাণসীৰ উন্নয়নৰ গতিও বহুগুণে বৃদ্ধি পাইছে। অলপ আগতে, ‘চিগ্ৰা ষ্টেডিয়াম’ৰ প্ৰথম পৰ্যায়ৰ কাম-কাজো ইয়াত উদ্বোধন কৰা হৈছে। বেনাৰসৰ যুৱ খেলুৱৈসকলৰ বাবে এটা আধুনিক ‘শ্বুটিং’ চৌহদো উদ্বোধন কৰা হৈছে। এইবোৰ বেনাৰস আৰু অঞ্চলটোৰ যুৱ খেলুৱৈসকলৰ বাবে যথেষ্ট সহায়ক হ'ব।

 

বন্ধুসকল,

 

ইয়ালৈ অহাৰ আগতে, মই ‘বনাছ ডেইৰী প্ৰকল্প’লৈ গৈছিলো। তাত মই বহুতো পশুপালিকা ভগ্নীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো। আমি ২-৩ বছৰ আগতে কৃষক পৰিয়ালৰ এই ভগ্নীসকলক থলুৱা প্ৰজাতিৰ গিৰ গৰু দিছিলো। ইয়াৰ উদ্দেশ্য আছিল পূৰ্বাঞ্চলত উন্নত প্ৰজাতিৰ থলুৱা গৰুৰ বিষয়ে জ্ঞান বৃদ্ধি কৰা, কৃষক আৰু গোপালকসকলক লাভান্বিত কৰা। মোক কোৱা হৈছে যে আজি গিৰ গৰুৰ সংখ্যা প্ৰায় চাৰে তিনিশত উপনীত হৈছে। বাৰ্তালাপৰ সময়ত আমাৰ ভগ্নীসকলে মোক এইটোও কৈছিল যে আগতে য'ত সাধাৰণ গৰুৰ পৰা ৫ লিটাৰ গাখীৰ পাইছিল, এতিয়া গিৰ গৰুৱে ১৫ লিটাৰলৈকে গাখীৰ দিয়ে। মোক এইটোও কোৱা হৈছে যে এটা পৰিয়ালত এজনী গৰুৱে ২০ লিটাৰলৈকে গাখীৰ দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত এই ভগ্নীসকলে প্ৰতি মাহে হাজাৰ হাজাৰ টকা অতিৰিক্ত উপাৰ্জন কৰিব পাৰিছে। এনেদৰেই আমাৰ এই ভগ্নীসকলো লাখপতি দিদি হৈ উঠিছে। আৰু আত্ম-সহায়ক গোটৰ সৈতে জড়িত দেশৰ ১০ কোটি ভগ্নীৰ বাবে ই এক মহান অনুপ্ৰেৰণা হৈ উঠিছে।

 

বন্ধুসকল,

 

মই দুবছৰ আগতে ‘বনাস দুগ্ধ প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিছিলো। সেই সময়ত মই বাৰাণসীকে ধৰি পূৰ্বাঞ্চলৰ সকলো গোপালক আৰু পশুপালকক অতি সোনকালে এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ নিশ্চয়তা প্ৰদান কৰিছিলো। আজি ‘মোদীৰ গেৰাণ্টী’ আপোনালোকৰ সন্মুখত আছে। আৰু সেয়েহে মানুহে কয় – ‘মোদীৰ গেৰাণ্টী’ৰ অৰ্থই হৈছে পূৰণৰ গেৰাণ্টী। সঠিক বিনিয়োগে কেনেদৰে নিযুক্তিৰ সুযোগ সৃষ্টি কৰে তাৰ এটা সঠিক উদাহৰণ হৈছে বনাছ ডেইৰী। বৰ্তমান, ‘বনাছ ডেইৰী’য়ে এই জিলাসমূহত বাৰাণসী, মিৰ্জাপুৰ, গাজীপুৰ, ৰায়বৰেলীৰ গোপালকসকলৰ পৰা প্ৰায় ২ লাখ লিটাৰ গাখীৰ সংগ্ৰহ কৰি আছে। এই প্ৰকল্পটো আৰম্ভ হোৱাৰ লগে লগে এতিয়া বালিয়া, চান্দৌলি, প্ৰয়াগৰাজ, জৌনপুৰ আৰু অন্যান্য জিলাৰ লাখ লাখ গোপালকো লাভান্বিত হ'ব। এই প্ৰকল্পৰ অধীনত বাৰাণসী, জৌনপুৰ, চান্দৌলি, গাজীপুৰ আৰু আজমগড় জিলাৰ ১০০০ৰো অধিক গাঁৱত গাখীৰৰ বজাৰ স্থাপন কৰা হ'ব। যদি গোলপালকসকলৰ গাখীৰ অধিক মূল্যত বিক্ৰী কৰা হয়, তেনেহ'লে প্ৰতিটো কৃষক-গোপালক পৰিয়ালে অধিক উপাৰ্জন কৰাটো নিশ্চিত হ’ব। এই প্ৰকল্পটোৱে কৃষক আৰু পশুধন খেতিয়কসকলক উন্নত পশু প্ৰজাতি আৰু উন্নত পশুখাদ্যৰ বিষয়ে সজাগ কৰিব।

 

বন্ধুসকল,

 

কেৱল এয়াই নহয়, এই ‘বনাস কাশী চৌহদ’-য়েও হাজাৰ হাজাৰ নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। আপোনালোকৰ বিভিন্ন কামত নিযুক্তি সৃষ্টি কৰিব। অনুমান কৰা হৈছে যে এই ‘পেকেজ’য়ে সমগ্ৰ অঞ্চলটোৰ ৩ লাখতকৈয়ো অধিক কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিব। গাখীৰ, বাটাৰমিল্ক, দৈ, লাচি, আইচক্ৰীম, পনীৰ আৰু আন বহুতো স্থানীয় মিঠাই ইয়াত প্ৰস্তুত কৰা হ'ব। যদি ইমানখিনি খাদ্যসম্ভাৰ তৈয়াৰ কৰা হয় তেন্তে যিসকলে সেইবোৰ বিক্ৰী কৰে তেওঁলোকেও নিযুক্তি লাভ কৰিব। এই প্ৰকল্পই বেনাৰসৰ বিখ্যাত মিঠাইবোৰ দেশৰ প্ৰতিটো কোণলৈ পৰিবহন কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব। গাখীৰ পৰিবহন সম্পৰ্কীয় ব্যৱসায়তো বহুলোকে নিযুক্তি লাভ কৰিব।

 

বন্ধুসকল,

 

এই প্ৰচেষ্টাবোৰৰ মাজত ‘বনাছ ডেইৰী’ৰ কাম-কাজৰ সৈতে জড়িত জ্যেষ্ঠ সহকৰ্মীসকলৰ প্ৰতিও মোৰ এটা অনুৰোধ আছে। মই বিচাৰো যে আপোনালোকে ভগ্নীসকলৰ ‘একাউণ্ট’লৈ পোনপটীয়াকৈ গাখীৰৰ টকা ‘ডিজিটেল’ভাৱে প্ৰেৰণ কৰক, কোনো পুৰুষৰ হাতত টকাবোৰ নিদিব। মোৰ অভিজ্ঞতা হৈছে, ইয়াৰ জৰিয়তে অতি আকৰ্ষণীয় ফল লাভ কৰিব পৰা যাব। পশুপালন হৈছে এনে এটা খণ্ড য'ত আমাৰ ভগ্নীসকল আটাইতকৈ বেছি জড়িত হৈ থাকে। ভগ্নীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ এইটো হৈছে এটা উৎকৃষ্ট মাধ্যম। পশুপালন ক্ষুদ্ৰ কৃষক আৰু ভূমিহীন পৰিয়ালৰ বাবেও এক ডাঙৰ সমৰ্থন। সেইকাৰণে ‘দ্বৈত ইঞ্জিন’ চৰকাৰে পশুপালন আৰু দুগ্ধ উত্পাদন খণ্ডৰ বাবে ইমান প্ৰয়াস কৰি আহিছে।

 

বন্ধুসকল,

 

আন্নাদাতাসকলক এক শক্তি প্ৰদানকাৰী কৰি তোলাৰ উপৰিও আমাৰ চৰকাৰে এতিয়া ‘অন্নদাতা’সকলক সাৰ দাতা কৰি তোলাৰ ক্ষেত্ৰতো কাম কৰি আছে। সাৰদাতা হওঁক, আমি পশুধন খেতিয়কসকলক গাখীৰৰ উপৰিও গোবৰৰ পৰা উপাৰ্জন কৰাৰ সুযোগ দিছোঁ। আমাৰ দুগ্ধ প্ৰকল্পত, ‘জৈৱ-চিএনজি’ গোবৰৰ পৰা তৈয়াৰ কৰা হয় আৰু এই প্ৰক্ৰিয়াত কৃষকসকলৰ বাবে কম দামত জৈৱিক সাৰ উপলব্ধ কৰাৰ কামো কৰা হৈছে। ই প্ৰাকৃতিক কৃষিক অধিক শক্তিশালী কৰি তুলিব। গঙ্গাৰ পাৰত প্ৰাকৃতিক কৃষি কৰাৰ প্ৰৱণতা এতিয়া বাঢ়ি আহিছে। আজি ‘গোবৰ্ধন যোজনা’ৰ অধীনত গোবৰ আৰু অন্যান্য আৱৰ্জনাৰ পৰা গোবৰ আৰু ‘জৈৱ-চিএনজি’ প্ৰস্তুত কৰা হৈছে। ই পৰিষ্কাৰ পৰিচ্ছন্নতাও বজাই ৰাখে আৰু আৱৰ্জনাৰ বাবেও টকা পোৱা যায়।

 

বন্ধুসকল,

 

আৱৰ্জনাৰ পৰা ‘কাঞ্চন’ তৈয়াৰ কৰাৰ ক্ষেত্ৰতো ই দেশত এক আৰ্হি হিচাপে থন্ ধৰি উঠিছে। আজি ইয়াত এনে ধৰণৰ আন এটা প্ৰকল্প উদ্বোধন কৰা হৈছে। এই প্ৰকল্পটোৱে চহৰখনৰ পৰা ৬০০ টন আৱৰ্জনা প্ৰতিদিনে ২০০ টন কাঠকয়লালৈ ৰূপান্তৰিত কৰিব। কল্পনা কৰকচোন, যদি এই আৱৰ্জনাবোৰ কৰবাত পথাৰত পেলাই দিয়া হ'লহেঁতেন, ই আৱৰ্জনাৰ এক বিশাল পাহাৰ হৈ উঠিলহেঁতেন। কাশীত নৰ্দমা প্ৰণালী উন্নত কৰাৰ বাবে বহুতো কাম কৰি থকা হৈছে।

 

বন্ধুসকল,

 

কৃষক আৰু গোপালকসকল সদায় বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰাথমিকতা হৈ আহিছে। দুদিন আগতে, চৰকাৰে কুঁহিয়াৰৰ ন্যূনতম মূল্য প্ৰতি কুইন্টলত ৩৪০ টকালৈ বৃদ্ধি কৰিছিল। পশুধন খেতিয়কসকলৰ স্বাৰ্থৰ কথা মনত ৰাখি, পশুধন বীমা কাৰ্যসূচীও অধিক সৰল কৰা হৈছে। পূৰ্বৰ চৰকাৰক কুঁহিয়াৰ পৰিশোধৰ বাবে কিমান অনুৰোধ কৰিবলগীয়া হৈছিল আপোনালোক পূৰ্বাঞ্চলৰ খেতিয়কসকলৰ চাগৈ সেই সময়ৰ কথা মনত আছে। কিন্তু এতিয়া এইখন হৈছে বিজেপি চৰকাৰ। কেৱল কৃষকৰ প্ৰাপ্য পৰিশোধ কৰাই নহয়, শস্যৰ মূল্যও বৃদ্ধি কৰা হৈছে।

 

ভাই-ভনীসকল,

 

এখন ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ বলত এখন বিকশিত ভাৰত গঢ়ি তোলা হ'ব। বাহিৰৰ পৰা আমাক প্ৰয়োজন হোৱা সকলোবোৰ আমদানি কৰি এখন উন্নত ভাৰত গঢ়ি তুলিব নোৱাৰি। এয়াই হৈছে পূৰ্বৰ চৰকাৰ আৰু আমাৰ চৰকাৰৰ চিন্তাধাৰাৰ মাজত থকা আটাইতকৈ ডাঙৰ পাৰ্থক্য। ‘স্বাৱলম্বী ভাৰত’ তেতিয়াহে সম্ভৱ হ’ব যেতিয়া দেশৰ প্ৰতিটো ক্ষুদ্ৰ শক্তি জাগ্ৰত হ'ব, যেতিয়া ক্ষুদ্ৰ কৃষক, গোপালক, শিল্পী, কাৰিকৰ, ক্ষুদ্ৰ উদ্যোগীসকলক সহায় কৰা হ’ব। গতিকে, মই ‘ভোকেল ফৰ লোকেল’ৰ বাবে সৰৱ হৈ আছোঁ। আৰু যেতিয়া মই 'ভোকেল ফৰ লোকেল' বুলি কওঁ, এয়া সেই শিপিনীসকলৰ প্ৰচাৰ, সেই ক্ষুদ্ৰ উদ্যোগীসকলৰ প্ৰচাৰ যিয়ে লাখ লাখ টকা খৰচ কৰি বাতৰি কাকত আৰু টিভিত বিজ্ঞাপন দিব নোৱাৰে। মোদীয়ে নিজেই এনে প্ৰতিগৰাকী অংশীদাৰৰ হৈ প্ৰচাৰ কৰে যিয়ে স্থানীয় সামগ্ৰী তৈয়াৰ কৰে। মোদী আজি দেশৰ প্ৰতিগৰাকী ক্ষুদ্ৰ কৃষক আৰু প্ৰতিগৰাকী ক্ষুদ্ৰ উদ্যোগীৰ ‘ৰাষ্ট্ৰদূত’। যেতিয়া মই ৰাইজক খাদী কিনিবলৈ, খাদী পিন্ধিবলৈ অনুৰোধ কৰোঁ, মই খাদী ভগ্নী, দলিত, পিছপৰা শ্ৰেণী, তেওঁলোকৰ শ্ৰম প্ৰতিখন গাঁৱৰ বজাৰৰ সৈতে সংযুক্ত কৰোঁ। যেতিয়া মই ভাৰতত তৈয়াৰ কৰা পুতলা ক্ৰয় কৰাৰ কথা কওঁ, ই প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি পুতলা তৈয়াৰ কৰি অহা পৰিয়ালবোৰৰ জীৱন উন্নত কৰে। যেতিয়া মই ‘মে’ক ইন ইণ্ডিয়া’ বুলি কওঁ, মই এই ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ, আমাৰ ‘এমএছএমই’সমূহৰ সামৰ্থ্যক নতুন উচ্চতা প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ। যেতিয়া মই 'মোৰ দেশ চাওক' বুলি আহ্বান জনাওঁ, মই মোৰ নিজৰ দেশৰ পৰ্যটনৰ প্ৰচাৰ কৰো।

 

ই কেনেদৰে স্থানীয় লোকসকলৰ নিযুক্তি আৰু স্ব-নিয়োজন বৃদ্ধি কৰিছে সেই কথা আমি কাশীত অনুভৱ কৰি আহিছোঁ। বিশ্বনাথ ধামৰ পুনৰ্নিৰ্মাণ হোৱাৰ পিছৰে পৰা ১২ কোটিৰো অধিক লোক কাশীলৈ আহিছে। ইয়াৰ ফলত দোকানী, ধাবা বিক্ৰেতা, পথৰ দাঁতিত বেহা কৰা বেপাৰী, ৰিক্সা চালক, ফুল বিক্ৰেতা, নাঁৱৰ মালিক, সকলোৰে নিযুক্তি ইয়াত বৃদ্ধি পাইছে।

 

আজি আন এটা নতুন আৰম্ভণি হৈছে। আজি কাশী আৰু অযোধ্যাৰ বাবে সৰু বৈদ্যুতিক জাহাজৰ আঁচনিখনৰ শুভাৰম্ভ হৈছে। এই পদক্ষেপে কাশী আৰু অযোধ্যালৈ অহা ভক্তসকলৰ অভিজ্ঞতা আৰু উন্নত কৰিব।

 

ভাই-ভনীসকল,

 

কেবা দশক ধৰি পৰিয়ালবাদ, দুৰ্নীতি আৰু তোষণে উত্তৰ প্ৰদেশক উন্নয়ন ক্ষেত্ৰত পিছ পেলাই ৰাখিছিল। ইয়াৰ পূৰ্বৰ চৰকাৰসমূহে উত্তৰ প্ৰদেশক ৰুগীয়া ৰাজ্য হিচাপে গঢ়ি তুলিছিল, ইয়াৰ যুৱক-যুৱতীসকলৰ পৰা তেওঁলোকৰ ভৱিষ্যত কাঢ়ি লৈছিল। কিন্তু আজি যেতিয়া উত্তৰ প্ৰদেশ সলনি হৈছে। আজি যেতিয়া উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ নতুন ভৱিষ্যত লিখি আছে, তেতিয়া এই পৰিয়ালবাদীসকলে কি কৰি আছে জানেনে? মই সেইবোৰ শুনি আচৰিত হৈছোঁ। কংগ্ৰেছৰ ‘ৰাজপৰিয়ালৰ যুৱৰাজ’য়ে কয় আৰু আপোনালোকে শুনি হতবাক হ'ব, কংগ্ৰেছৰ ‘যুৱৰাজ’ৰ পৰিয়ালে কি কৈছে– তেওঁলোকে কৈছে, আৰু, কাশীৰ ভূমিলৈ আহি কৈছে– কাশীৰ যুৱকসকল, উত্তৰ প্ৰদেশৰ যুৱকসকল বোলে নিচাসক্ত। ভাই, এয়া কেনে ধৰণৰ ভাষা?

 

তেওঁলোকে মোদীক গালি-গালাজ কৰি দুটা দশক অতিবাহিত কৰিলে। কিন্তু এতিয়া এই লোকসকলে উত্তৰ প্ৰদেশৰ যুৱক, ঈশ্বৰৰূপী জনতা-জনৰ্দ্দনৰ ওপৰত তেওঁলোকৰ হতাশা বাকিবলৈ ধৰিছে। যিসকলৰ নিজৰে চেতনা নাই তেওঁলোকে উত্তৰ প্ৰদেশৰ সন্তান, মোৰ কাশীক নিচাসক্ত বুলি ক’বলৈ আহিছে। কাশী আৰু উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকল এখন উন্নত উত্তৰ প্ৰদেশ গঢ়ি তোলাত নিয়োজিত হৈ আছে আৰু তেওঁলোকৰ সমৃদ্ধ ভৱিষ্যত লিখিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। ‘ইণ্ডি মিত্ৰজোঁটে’ উত্তৰ প্ৰদেশৰ যুৱকসকলক কৰা এই অপমান কোনেও পাহৰিব নোৱাৰে।

 

বন্ধুসকল,

 

এয়া হৈছে ‘ৰাজবংশ’ৰ আচল চৰিত্ৰ। পৰিয়ালবাদীসকলে সদায় যুৱ শক্তিক ভয় কৰে, যুৱসকলৰ প্ৰতিভাক ভয় কৰে। তেওঁলোকে অনুভৱ কৰে যে যদি সাধাৰণ যুৱক-যুৱতীয়ে সুযোগ পায়, তেওঁলোকে তেওঁলোকক সকলো ঠাইতে প্ৰত্যাহ্বান জনাব। তেওঁলোকে একেজন লোককে ভাল পায়, যি তেওঁলোকক দিন-ৰাতিয়ে উচতাই থাকে। আজিকালি, তেওঁলোকৰ খঙৰ, তেওঁলোকৰ হতাশাৰ বাবে আন এটা কাৰণ আছে। তেওঁলোকে কাশী আৰু অযোধ্যাৰ নতুন ৰূপটো একেবাৰে ভাল নাপায়। আপোনালোকে দেখিছেনে বাৰু, তেওঁলোকৰ ভাষণত তেওঁলোকে ৰাম মন্দিৰৰ বিষয়ে কেনেধৰণৰ কথাবোৰ কয়। তেওঁলোকে কেনে ধৰণৰ কথাৰে আক্ৰমণ কৰে। মই নাজানিছিলো যে কংগ্ৰেছে প্ৰভু শ্ৰী ৰামক ইমানকৈ বেয়া পায়।

 

ভাই-ভনীসকল,

 

তেওঁলোকে তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ ‘ভোট বেংক’ৰ বাহিৰে আন একোৱেই চাব নোৱাৰে, তেওঁলোকে ভাবিবও নোৱাৰে। সেয়েহে তেওঁলোক প্ৰতিটো নিৰ্বাচনৰ সময়ত একেলগে আহে আৰু যেতিয়া ফলাফল 'শূন্য হয়', তেওঁলোকে ইজনে সিজনক গালি-গালাজ কৰে আৰু পৰস্পৰৰ কাষৰ পৰা আঁতৰি যায়। অৱশ্যে, এই লোকসকলে নাজানে যে এয়া বেনাৰস আৰু সকলোৱেই ইয়াত গুৰু। ইয়াত ‘ইণ্ডি মিত্ৰতাৰ পাইতাৰা’ আগবাঢ়ি যোৱা নাছিল। বেনাৰসেই নহয়..... সমগ্ৰ উত্তৰ প্ৰদেশেই জানে। ‘সামগ্ৰী সেই একেটাই, কেৱল পেকিংটোহে নতুন’। এইবাৰ, তেওঁলোকে আমানত বচাবলৈকো যথেষ্ট সংগ্ৰাম কৰিব লাগিব।

 

বন্ধুসকল,

 

আজি সমগ্ৰ দেশতে মনোভাৱ একেটাই- ‘আবকি বাৰ, এন ডি এ ৪০০ পাৰ’। মোদীয়ে প্ৰতিগৰাকী হিতাধিকাৰীক ১০০ শতাংশ লাভৰ ‘গেৰাণ্টী’ দি আছে। মোদীয়ে হিতাধিকাৰীসকলৰ ১০০শতাংশ সংপৃক্ততাৰ নিশ্চয়তা দিছে, সেয়েহে উত্তৰ প্ৰদেশেও মোদীক সকলো আসন দিয়াৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ এইবাৰ উত্তৰ প্ৰদেশই ‘এন ডি এ’ক ১০০ শতাংশ আসন দিবলৈ সাজু হৈছে।

 

ভাই-ভনীসকল,

 

মোদীৰ তৃতীয়টো কাৰ্যকাল সমগ্ৰ বিশ্বত ভাৰতৰ শক্তিৰ আটাইতকৈ প্ৰখৰ কাল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। ইয়াত ভাৰতৰ অৰ্থনৈতিক, সামাজিক, কৌশলগত, সাংস্কৃতিক প্ৰতিটো ক্ষেত্ৰই নতুন উচ্চতাত উপনীত হ'ব। যোৱা ১০টা বছৰত ভাৰত বিশ্বৰ ১১ নম্বৰৰ পৰা ৫ নম্বৰ অৰ্থনৈতিক শক্তিলৈ উন্নীত হৈছে। অহা ৫ বছৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক মহাশক্তি হ'ব।

 

যোৱা ১০টা বছৰত আপোনালোকে দেশত দেখিছে যে সকলোবোৰ ‘ডিজিটেল’ হৈ উঠিছে। আজি, আপোনালোকে বহল চাৰি লেন, ছয় লেন, আঠ লেনৰ পথ, ৰে'ল ষ্টেশ্যনবোৰৰ আধুনিকীকৰণ হোৱা দেখিছে। আপোনালোকে ‘বন্দে ভাৰত’, ‘অমৃত ভাৰত’, ‘নমো ভাৰত’ৰ দৰে দ্ৰুত আৰু আধুনিক ৰে'ল দেখিছে আৰু এয়া হৈছে নতুন ভাৰত। অহা ৫ বছৰত, এনে উন্নয়নমূলক কামবোৰ অধিক গতিৰে ত্বৰান্বিত হ'ব, দেশখন পৰিৱৰ্তন হ'বলৈ গৈ আছে। মোদীয়ে ‘গেৰাণ্টী’ দিছে যে উন্নয়নৰ পৰা বঞ্চিত হোৱা পূৱ ভাৰতক উন্নত ভাৰতৰ ‘বিকাশ ইঞ্জিন’ হিচাপে গঢ়ি তোলা হ'ব। বাৰাণসীৰ পৰা ঔৰঙ্গাবাদলৈ ছয় লেনৰ ঘাইপথৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈছে। যদি এইটো অহা ৫ বছৰত সম্পূৰ্ণ হয়, উত্তৰ প্ৰদেশ আৰু বিহাৰ যথেষ্ট ৰূপে লাভান্বিত হ'ব। ‘বাৰাণসী-ৰাঁচী-কলকাতা এক্সপ্ৰেছৱে’’ই বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ মাজৰ দূৰত্ব আৰু হ্ৰাস কৰিব। ভৱিষ্যতে, বেনাৰসৰ পৰা কলকাতালৈ ভ্ৰমণৰ সময় প্ৰায় আধা হ'ব।

 

বন্ধুসকল,

অহা ৫ বছৰত উত্তৰ প্ৰদেশ আৰু কাশীৰ বিকাশত নতুন মাত্ৰা যোগ কৰা হ'ব। তেতিয়া কাশীয়ে আধুনিক ট্ৰেফিক, যেনে- ৰ'পৱে’ৰে ভ্ৰমণ কৰিব। বিমানবন্দৰৰ ক্ষমতা বহুগুণে বেছি হ'ব। কাশী কেৱল উত্তৰ প্ৰদেশৰে নহয়, দেশৰে এখন গুৰুত্বপূৰ্ণ ক্ৰীড়া চহৰ হৈ উঠিব। অহা ৫ বছৰত মোৰ কাশীয়ে ‘মে’ড ইন ইণ্ডিয়া’, ‘আত্মনিৰ্ভৰ ভাৰতৰ অভিযান’ক অধিক গতি প্ৰদান কৰিব। অহা ৫ বছৰত বিনিয়োগ আৰু চাকৰি, দক্ষতা আৰু নিযুক্তিৰ কেন্দ্ৰ হিচাপে কাশীৰ ভূমিকা অধিক শক্তিশালী হ'ব।

 

অহা 5 বছৰত, কাশীৰ ‘ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান’ৰ চৌহদ সাজু হৈ উঠিব। ই উত্তৰ প্ৰদেশৰ যুৱপ্ৰজন্মৰ বাবে বহুতো দক্ষতা আৰু নিযুক্তিৰ সুযোগ প্ৰদান কৰিব। এইটোৱে আমাৰ শিপিনী আৰু শিল্পীসকলক নতুন প্ৰযুক্তি আৰু নতুন দক্ষতা প্ৰদান কৰাটো সহজ কৰি তুলিব।

 

বন্ধুসকল,

 

যোৱা দশকত আমি কাশীক স্বাস্থ্য আৰু শিক্ষাৰ কেন্দ্ৰ হিচাপে এক নতুন পৰিচয় প্ৰদান কৰিছোঁ। এতিয়া ইয়াত এখন নতুন চিকিৎসা মহাবিদ্যালয়ো যোগ হ'বলৈ গৈ আছে। ‘বিএইচইউ’-ৰ ‘নেশ্যনেল চেণ্টাৰ অব এজিং’-ৰ লগতে আজি ৩৫ কোটি টকা ব্যয়ৰে বহুতো ‘ডায়গনষ্টিক মেচিন’ আৰু সঁজুলিও উৎসৰ্গা কৰা হৈছে। এইটোৱে ‘ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়’লৈ অহা ৰোগীসকলৰ ৰোগ চৌহদতে ধৰা পেলোৱাটো সহজ কৰি তুলিব। কাশীত চিকিৎসালয়ৰ পৰা’ জৈৱ-আৱৰ্জনা নিষ্কাশন’ কৰাৰ এক নতুন সুবিধাও সোনকালেই সাজু হ'ব।

 

বন্ধুসকল,

 

কাশী, উত্তৰ প্ৰদেশ আৰু দেশৰ দ্ৰুত বিকাশ এতিয়া বন্ধ হ'বলৈ দিয়া উচিত নহ’ব। কাশীৰ প্ৰতিগৰাকী বাসিন্দাই এতিয়া জড়িত হ'ব লাগিব। যদি মোদীৰ ‘গেৰাণ্টী’ৰ ওপৰত দেশ আৰু বিশ্বৰ ইমান বিশ্বাস থাকে, তেন্তে ইয়াৰ কাৰণ হৈছে আপোনালোকৰ সম্পৰ্ক আৰু বাবাৰ আশীৰ্বাদ। আকৌ এবাৰ নতুন প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। মোৰ সৈতে কওক –

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

হৰ-হৰ মহাদেৱ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of protecting nature
July 28, 2026

The Prime Minister, Shri Narendra Modi, said that the welfare of humanity lies in the protection and respect of nature. He noted that India’s timeless traditions also inspire us to uphold this righteous way of life and live in harmony with the natural world.

The Prime Minister shared a Sanskrit Subhashitam-

“लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा। ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥

दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥”

The Subhashitam conveys that alife lived in harmony with nature and righteousness is the foundation of happiness, security, and well-being. Therefore, may the guardians of the directions, the principal deities led by Indra, the six seasons, all months, years, nights, days, and auspicious moments always bring blessings and prosperity. May the Vedas, sacred traditions, and righteousness also protect everyone in every way and at all times.

The Prime Minister wrote on X;

“प्रकृति के संरक्षण और सम्मान में ही मानवता का कल्याण निहित है। हमारी परंपरा भी हमें इसी धर्मसम्मत आचरण की प्रेरणा देती है।

लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा। ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥

दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥”