কোচি ৱাটাৰ মেট্ৰ' উৎসৰ্গা কৰে
তিৰুৱন্তপুৰমত বিভিন্ন ৰেল প্ৰকল্প আৰু ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা স্থাপন কৰে
"কেৰালাৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ, কোচিত ৱাটাৰ মেট্ৰ' আৰু আজি আৰম্ভ কৰা অন্যান্য পদক্ষেপে ৰাজ্যখনৰ উন্নয়নমূলক যাত্ৰাক আগবঢ়াই নিব"
"ভাৰত হৈছে বিশ্ব মানচিত্ৰৰ এক উজ্জ্বল স্থান"
"চৰকাৰে সহযোগিতামূলক ফেডাৰেলিজমৰ ওপৰত গুৰুত্ব দিয়ে আৰু ৰাজ্যসমূহৰ বিকাশক দেশৰ উন্নয়নৰ উৎস হিচাপে বিবেচনা কৰে"
"কেৰালাৰ লোকসকলৰ কঠোৰ পৰিশ্ৰম আৰু নম্ৰতাই তেওঁলোকক এক অনন্য পৰিচয় প্ৰদান কৰে"
"ভাৰতে এটা গতি আৰু স্কেলত আগবাঢ়িছে যিটো অভূতপূৰ্ব"
"সংযোগৰ দিশত কৰা বিনিয়োগে কেৱল সেৱাৰ পৰিসৰ সম্প্ৰসাৰিত কৰাই নহয়, লগতে দূৰত্ব হ্ৰাস কৰে আৰু জাতি আৰু ধৰ্ম আৰু ধনী আৰু দৰিদ্ৰৰ মাজত বৈষম্য নকৰাকৈ বিভিন্ন সংস্কৃতিক সংযোগ কৰে"
"জি-২০ বৈঠক আৰু অনুষ্ঠানসমূহে কেৰালাক অধিক বিশ্বব্যাপী উন্মোচন প্ৰদান কৰিছে"
"কেৰালাত সংস্কৃতি, ৰন্ধনপ্ৰণালী আৰু জলবায়ু আছে যাৰ মাজত সমৃদ্ধি অন্তৰ্নিহিত আছে"
"মন কী বা

নল্লৱৰায় মলয়ালী স্নেহিতৰে,

নমস্কাৰম্।

কেৰালাৰ ৰাজ্যপাল শ্ৰীমান আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰীমান পিনাৰাই বিজয়ন জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, কেৰালা চৰকাৰৰ মন্ত্ৰীগণ, স্থানীয় সাংসদ ভাই শশী থাৰুৰ জী, ইয়াত উপস্থিত অন্য মহানুভৱ, আৰু কেৰালাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল। কেইদিনমানৰ আগতেহে মালয়ালী নৱবৰ্ষ আৰম্ভ হৈছে। আপোনালোকে বহুত উৎসাহ আৰু উদ্যমেৰে বিষু উৎসৱ পালন কৰিছে। মই এবাৰ আকৌ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো। মোৰ বহুত আনন্দ লাগিছে যে উল্লাসৰ এই পৰিৱেশত মোৰ কেৰালাৰ বিকাশৰ উৎসৱৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ হৈছে। আজি কেৰালাই নিজৰ প্ৰথম বন্দে ভাৰত ট্ৰেইন পাইছে। আজি কোচিয়ে পাৱাৰ মেট্ৰোৰ নতুন উপহাৰ পাইছে, ৰে'লৱেৰ সৈতে জড়িত একাধিক প্ৰজেক্ট পাইছে। কানেক্টিভিটীৰ লগতে আজি কেৰালাৰ বিকাশৰ সৈতে জড়িত আৰু প্ৰজেক্টৰ লোকাৰ্পণ আৰু শিলান্যাস হৈছে। বিকাশৰ এই সকলো প্ৰজেক্টৰ বাবে কেৰালাৰ জনসাধাৰণক বহুত বহুত অভিনন্দন।

 

ভাতৃ আৰু ভগ্নীসকল,

কেৰালা অত্যন্ত সজাগ, অনুভূতিশীল আৰু শিক্ষিত মানুহৰ প্ৰদেশ। ইয়াৰ মানুহৰ সামৰ্থ্য, ইয়াৰ মানুহৰ বিনম্ৰতা, তেওঁলোকৰ পৰিশ্ৰমে, তেওঁলোকৰ এক বিশেষ পৰিচয় সৃষ্টি কৰে। আপোনালোক সকলো দেশ-বিদেশৰ পৰিস্থিতিৰ সৈতেও ভালদৰে পৰিচিত। সেয়ে আপোনালোকে আজি এই কথাও ভালদৰেই জানে যে পৃথিৱীৰ দেশসমূহত কি অৱস্থা, তেওঁলোকৰ অৰ্থব্যৱস্থা কি স্থিতিৰে পাৰ হৈছে। এই বিশ্বজনীন পৰিস্থিতিৰ মাজতো পৃথিৱীয়ে ভাৰতক বিকাশৰ ব্ৰাইট স্পট বুলি গণ্য কৰিছে, ভাৰতৰ বিকাশৰ সম্ভাৱনাক স্বীকাৰ কৰিছে।

ভাৰতৰ ওপৰত পৃথিৱীৰ এই মজবুত ভৰষাৰ অন্তৰালত বহু কাৰণ আছে। প্ৰথম, কেন্দ্ৰত এখন নিৰ্ণায়ক চৰকাৰ, ভাৰতৰ হিতাৰ্থে ডাঙৰ সিদ্ধান্ত লোৱা চৰকাৰ, দ্বিতীয়- কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আধুনিক আন্তঃগাঁথনিৰ ওপৰত অভূতপূৰ্ব বিনিয়োগ, তৃতীয়- নিজৰ ডেমগ্ৰাফী অৰ্থাৎ যুৱক-যুৱতীৰ দক্ষতাৰ ওপৰত বিনিয়োগ। আৰু চতুৰ্থ- ease of living আৰু ease of doing businessক লৈ কেন্দ্ৰীয় চৰকাৰৰ সংকল্প। আজি ভাৰতৰ বিশ্বত যি বিশ্বাস বাঢ়িছে তাত এটা ডাঙৰ ভূমিকা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা Global Outreachৰ প্ৰয়াসো আছে। ভাৰতৰ বৰ্ধিত শক্তি, ভাৰতৰ বৰ্ধিত বলৰ বহুত ডাঙৰ লাভ বিদেশত থকা ভাৰতীয় প্ৰবাসীয়েও পাই আছে।

 

ভাতৃ আৰু ভগ্নীসকল,

যোৱা ৯ বছৰত ভাৰতত কানেক্টিভিটীৰ আন্তঃগাঁথনিৰ বাবে অভূতপূৰ্ব গতি আৰু অভূতপূৰ্ব মাত্ৰাত কাম কৰি থকা হৈছে। এই বছৰৰ বাজেটতো আমি ১০ লাখ কোটি টকাৰ অধিক আন্তঃগাঁথনিৰ ওপৰত খৰচ কৰিবলৈ সিদ্ধান্ত লৈছো। ২০১৪ৰ আগতে কেৰালাৰ বাবে যি গড় ৰে'ল বাজেট আছিল এতিয়া তাত ৫গুণৰো অধিক বৃদ্ধিৰ ইতিমধ্যেই আমি ব্যৱস্থা কৰিলো। যোৱা ৯ বছৰত কেৰালাত গজ পৰিৱৰ্তন, ডবলিকৰণ আৰু বৈদ্যুতিকৰণৰ অনেক প্ৰজেক্ট সম্পূৰ্ণ হৈছে। আজিও তিৰুৱনন্তপুৰম সহ কেৰালাৰ তিনিটা ষ্টেচনক আধুনিক বনোৱাৰ কাম আৰম্ভ হৈছে। বন্দে ভাৰত এক্সপ্রেছৰ দৰে আধুনিক ট্ৰেইনো Aspirational Indiaৰ পৰিচয়। আজি আমি এই ছেমি-হাই স্পীড ট্ৰেইন এইকাৰণেই চলাব পাৰিছো কিয়নো ভাৰতৰ ৰে'ল নেটৱৰ্ক দ্ৰুতগতিত সলনি হৈ আছে, অধিক স্পীডৰ বাবে সাজু হৈ আছে।

 

ভাতৃ আৰু ভগ্নীসকল,

এতিয়ালৈকে যিমান বন্দে ভাৰত এক্সপ্রেছ ট্ৰেইন চলিছে তাৰ এটা বিশেষত্ব এইটোও যে সেয়া আমাৰ সাংস্কৃতিক, আধ্যাত্মিক আৰু পৰ্যটন স্থলকো সংযুক্ত কৰি আছে। এই ট্ৰেইনৰ সহায়ত কোল্লম, কোট্টায়াম, এৰ্ণাকুলাম, ত্ৰিশূৰ, কোড়িকোড আৰু কন্নুৰৰ দৰে তীৰ্থ স্থললৈ অহাযোৱা সহজ হৈ পৰিব। আজি তিৰুৱনন্তপুৰম-শোৰানুৰ খণ্ডকো ছেমি-হাই স্পীড ট্ৰেইনৰ বাবে প্ৰস্তুত কৰাৰ প্ৰজেক্টৰ ওপৰত কাম আৰম্ভ হৈছে। যেতিয়া এই কাম সম্পূৰ্ণ হ'ব তেতিয়া তিৰুৱনন্তপুৰমৰ পৰা মাংগালোৰলৈকে আমি ছেমি-হাই স্পীড ট্ৰেইন চলাব পাৰিম।

 

ভাতৃ আৰু ভগ্নীসকল,

দেশৰ ৰাজহুৱা পৰিবহনক, নগৰীয়া পৰিবহনক আধুনিক বনাবলৈ আমি আন এটা দিশতো কাম কৰিছো। ছেমি-হাইস্পীড ট্ৰেইন হওক, ৰিজনেল ৰেপিড ট্ৰেন্সপোৰ্ট ছিষ্টেম হওক, ৰো-ৰো ফেৰী হওক, ৰোপৱে হওক, য'ত যি প্ৰয়োজন তাত তেনে ছিষ্টেম প্ৰস্তুত কৰি থকা হৈছে। আজি দেশৰ অনেক চহৰত যি মেট্ৰোৰ বিস্তাৰ হৈ আছে সেয়া মেক ইন ইণ্ডিয়াৰ জৰিয়তে হৈছে। সৰু চহৰত মেট্ৰো লাইট আৰু আৰ্বান ৰোপৱেৰ দৰে প্ৰজেক্টো বনাই থকা হৈছে।

 

ভাতৃ আৰু ভগ্নীসকল,

কোচ্চি ৱাটাৰ মেট্ৰোৰ যি প্ৰজেক্ট আছে সেয়াও মেড ইন ইণ্ডিয়া, ইউনিক। ইয়াৰ বাবে যি জৰুৰী Boats বনোৱা হৈছে, তাৰ বাবে মই কোচ্চি শিপয়াৰ্ডক অভিনন্দন জনাইছো। ই জেটি বাছ টাৰ্মিনেল আৰু মেট্ৰো নেটৱৰ্কৰ মাজত ইণ্টাৰ মডেল কানেক্টিভিটীও প্ৰদান কৰিব। ইয়াৰ জৰিয়তে কোচ্চিৰ যানবাহন সমস্যাও কম হ'ব আৰু বেক ৱাটাৰ টুৰিজিমৰো নতুন আকৰ্ষণ হ'ব। মোৰ বিশ্বাস আছে যে কেৰালাত হৈ থকা এই প্ৰয়োগ দেশৰ অন্য ৰাজ্যৰ বাবেও মডেল হ'ব।

 

বন্ধুসকল,

ফিজিকেল কানেক্টিভিটীৰ লগতে ডিজিটেল কানেক্টিভিটীও আজি দেশৰ প্ৰাথমিকতা। যোৱা কেইটামান বছৰতে ভাৰতে যি ডিজিটেল ছিষ্টেম বনালে তাৰ সমগ্ৰ পৃথিৱীত চৰ্চা হৈছে। যি ডিজিটেল ব্যৱস্থা ভাৰতে বিকশিত কৰিছে সেয়া দেখি পৃথিৱীৰ বিকশিত দেশো হায়ৰাণ। ভাৰতে 5G প্ৰযুক্তিতো নিজেই বিকশিত কৰিছে আৰু ইয়াৰ জৰিয়তে এই ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ বিস্তাৰ হৈছে। নতুন ডিজিটেল প্ৰজেক্টৰ বাবে পথ মুকলি হৈছে।

 

ভাতৃ আৰু ভগ্নীসকল,

Connectivityৰ ওপৰত কৰা বিনিয়োগে কেৱল সুবিধাই নবঢ়ায় বৰং দূৰত্বও কম কৰে, বেলেগ বেলেগ সংস্কৃতিকো সংযুক্ত কৰে। পথ হওক, ৰে'ল হওক, বা ধনী-দুখীয়া, জাতি-মত-পন্থ তাৰ ভেদো নকৰে। এই এক ভাৰত শ্ৰেষ্ঠ ভাৰত ভাবনাক শক্তিশালী কৰে। এয়াই আমি আজি ভাৰতত হোৱা দেখি আছো।

কেৰালাৰ ওচৰত দেশ আৰু দুনিয়াক দিবলৈ বহুত কিবা আছে। ইয়াত সংস্কৃতি আছে, Cuisine আছে আৰু ভাল জলবায়ু আছে আৰু ইয়াতে সমৃদ্ধিৰ সূত্ৰ সংযুক্ত হৈ আছে। আপোনালোকে হয়তো দেখিছে যে কেইদিনমানৰ আগতে কুমাৰাকমত G-20 সম্পৰ্কীয় বৈঠক হৈছিল। G-20ৰ আৰু কেইবাখনো বৈঠক কেৰালাত হ'ব। কেৰালাৰ মাট্টা চাউল আৰু নাৰিকলৰ উপৰিও ৰাগী পুট্টুৰ দৰে শ্ৰী অন্নও প্ৰসিদ্ধ। যেতিয়া আমি ভোকেল ফৰ লোকেল হ'ম তেতিয়াই পৃথিৱীয়ে আমাৰ সামগ্ৰীক লৈ ভোকেল হ'ব। যেতিয়া আমাৰ সামগ্ৰী পৃথিৱীৰ ওচৰ পাবগৈ তেতিয়াই বিকশিত ভাৰতৰ নিৰ্মাণৰ পথ আৰু শক্তিশালী হ'ব।

 

আপোনালোকে দেখিছে যে মই প্ৰায়েই মন কী বাততো কেৰালাৰ মানুহৰ দ্বাৰা, ইয়াৰ আত্ম সহায়ক গোটৰ দ্বাৰা বনোৱা সামগ্ৰীৰ চৰ্চা কৰি থাকো। চেষ্টা এইটোৱেই যে আমি লোকেলৰ বাবে ভোকেল হ'ব লাগিব। এই দেওবাৰে মন কী বাতৰ এশতম খণ্ড সম্প্ৰচাৰ হ'বলৈ গৈ আছে। মন কী বাতৰ এই চেঞ্চুৰী, ৰাষ্ট্ৰ নিৰ্মাণত প্ৰতিজন দেশবাসীৰ প্ৰয়াসৰ প্ৰতি সমৰ্পিত, এক ভাৰত-শ্ৰেষ্ঠ ভাৰত ভাবনাৰ প্ৰতিও সমৰ্পিত। বিকশিত ভাৰতৰ নিৰ্মাণৰ বাবে আমি সকলো একত্ৰিত হ'ব লাগিব। বন্দে ভাৰত এক্সপ্রেছ আৰু কোচ্চি ৱাটাৰ মেট্ৰোৰ দৰে প্ৰজেক্টৰ জৰিয়তে ইয়াত বহুত সহায় হ'ব। আপোনালোক সকলোকে বিকাশৰ সকলো প্ৰজেক্টৰ বাবে আকৌ এবাৰ বহুত বহুত অভিনন্দন জনাইছো। বহুত বহুত ধন্যবাদ।

 

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”