"দেশত ‘বন্দে ভাৰত ৰে'ল’ৰ আধুনিকীকৰণ আৰু সেৱা সম্প্ৰসাৰণৰ সৈতে ‘বিকশিত ভাৰত’ৰ লক্ষ্যৰ দিশে আগবাঢ়িছে ৰাষ্ট্ৰ"।
"বিকাশিত ভাৰত’ৰ লক্ষ্য পূৰণৰ বাবে দক্ষিণৰ ৰাজ্যসমূহৰ দ্ৰুত বিকাশ হৈছে অপৰিহাৰ্য"
"আধুনিক ৰে'ল, ‘এক্সপ্ৰেছৱে’ নেটৱৰ্ক’ আৰু বিমান সেৱাৰ সম্প্ৰসাৰণেৰে দেশৰ আন্তঃগাঁথনি সলনি কৰাৰ বাবে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গীতিশক্তি দৃষ্টিভংগীৰ এক নিদৰ্শন হৈ উঠিছে ‘ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল’ (এনচিআৰ)"।
"বন্দে ভাৰত’ হৈছে ভাৰতীয় ৰে'লৰ আধুনিকীকৰণৰ নতুন মুখ"

কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল জী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ আন সহযোগীসকল, ৰাজ্যসমূহৰ উপ-মুখ্যমন্ত্ৰীসকল, মন্ত্ৰীগণ, সাংসদগণ... দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অন্যান্য জনপ্ৰতিনিধিসকল... ভদ্ৰমহিলা আৰু সজ্জনসকল,

আজি উত্তৰৰ পৰা দক্ষিণলৈ, দেশৰ বিকাশ যাত্ৰাত আৰু এটা অধ্যায় সংযোজন কৰা হৈছে। মাদুৰাই-বেংগালুৰু, চেন্নাই-নাগৰকোভিল, আৰু মেৰঠ-লক্ষ্ণৌৰ মাজত আজিৰ পৰা আৰম্ভ হৈছে বন্দে ভাৰত ৰে'ল সেৱা। বন্দে ভাৰত ৰে'ল গাড়ীৰ এই সম্প্ৰসাৰণ, এই আধুনিকতা, এই গতি… আমাৰ দেশে 'বিকশিত ভাৰত'ৰ লক্ষ্যৰ দিশে এখোজ এখোজকৈ আগবাঢ়ি আছে। আজি যি তিনিখন বন্দে ভাৰত ৰে’ল আৰম্ভ হৈছে, ইয়াৰ জৰিয়তে দেশৰ গুৰুত্বপূৰ্ণ চহৰ আৰু ঐতিহাসিক স্থানসমূহৰ সৈতে সংযোগ স্থাপন হৈছে। মন্দিৰ চহৰ মাদুৰাই এতিয়া আইটি চিটী বেংগালুৰুৰ সৈতে বন্দে ভাৰতৰ জৰিয়তে পোনপটীয়াকৈ সংযুক্ত হৈছে। উৎসৱ বা ছুটিৰ দিনত মাদুৰাই আৰু বেংগালুৰুৰ মাজত চলাচলৰ বাবে বন্দে ভাৰত ৰে’ল অতি সুবিধাজনক হ’ব। তদুপৰি, এই বন্দে ভাৰত ৰে’ল তীৰ্থযাত্ৰীসকলৰ বাবেও অতি উপযোগী বুলি প্ৰমাণিত হ’ব। চেন্নাইৰ পৰা নাগৰকোভিল ৰুটৰ বন্দে ভাৰতৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰী, কৃষক আৰু তথ্য-প্ৰযুক্তিৰ পেছাদাৰীসকল যথেষ্ট উপকৃত হ’ব। বন্দে ভাৰত এক্সপ্ৰেছৰ সুবিধা পোৱা ঠাইবোৰত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ অৰ্থ হ’ল তাত ব্যৱসায়ী আৰু দোকানীৰ আয় বৃদ্ধি হৈছে। আমাৰ ইয়াত নতুন নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হৈছে। এই ৰে’লসমূহৰ বাবে দেশবাসীক মই বহুত বহুত অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ দক্ষিণৰ ৰাজ্যসমূহৰ দ্ৰুত বিকাশ অতি গুৰুত্বপূৰ্ণ। দক্ষিণ ভাৰতত অপৰিসীম প্ৰতিভা আছে, অপৰিসীম সম্পদ আৰু অপৰিসীম সুযোগৰ ভূমি। সেয়ে তামিলনাডু, কৰ্ণাটককে ধৰি সমগ্ৰ দক্ষিণৰ বিকাশ আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ। বিগত ১০ বছৰত এই ৰাজ্যসমূহত ৰে’লৱেৰ উন্নয়নমূলক যাত্ৰা ইয়াৰ উদাহৰণ। এইবাৰৰ বাজেটত আমি তামিলনাডুক ৬ হাজাৰ কোটিতকৈও অধিক ৰে’ল বাজেট দিছোঁ। এই বাজেট ২০১৪ৰ তুলনাত ৭ গুণতকৈ অধিক। ইতিমধ্যে তামিলনাডুত ৬ খন বন্দে ভাৰত ৰে'ল চলি আছে। এই দুখন ৰে’লৰ সৈতে এই সংখ্যা এতিয়া ৮ হ’ব। একেদৰে এইবাৰ কৰ্ণাটকৰ বাবেও সাত হাজাৰ কোটিতকৈ অধিক বাজেট আবণ্টন দিয়া হৈছে। এই বাজেটখনো ২০১৪ চনৰ তুলনাত ৯গুণ বেছি। আজি বন্দে ভাৰত ৰে'লৰ ৮ যোৰে সমগ্ৰ কৰ্ণাটকক সংযোগ কৰিছে।

বন্ধুসকল,

পূৰ্বতকৈ বহুগুণ বেছি বাজেটেৰে তামিলনাডু, কৰ্ণাটককে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত ৰে’ল যাতায়ত আৰু অধিক শক্তিশালী কৰি তুলিছে। এই ৰাজ্যসমূহত ৰে’লপথ ভাল হৈছে, ৰে’লপথত বিদ্যুৎ সংযোগ কৰা হৈছে...বহু ৰে’ল ষ্টেচন আধুনিকীকৰণ কৰা হৈছে। ইয়াৰ ফলত মানুহৰ জীৱন-যাপনৰ সহজতা বৃদ্ধি পোৱাৰ লগতে ব্যৱসায় কৰাত সহজ হোৱাতো সহায় কৰিছে।

বন্ধুসকল,

আজি ইউপি আৰু বিশেষকৈ পশ্চিম ইউপিৰ ৰাইজেও মেৰঠ-লক্ষ্ণৌ পথত বন্দে ভাৰত ৰে’লৰ জৰিয়তে ভাল খবৰ পাইছে। মেৰঠ আৰু পশ্চিম ইউপি বিপ্লৱৰ ভূমি। আজি এই অঞ্চলত উন্নয়নৰ এক নতুন বিপ্লৱৰ সাক্ষী হৈ আছে। এফালে মেৰঠক আৰআৰটিএছৰ জৰিয়তে ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰা হৈছে, আনফালে এই বন্দে ভাৰতৰ পৰা ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌলৈকে দূৰত্বও হ্ৰাস পাইছে। আধুনিক ৰে'ল, এক্সপ্ৰেছৱেৰ নেটৱৰ্ক, বিমান সেৱাৰ সম্প্ৰসাৰণ... পিএম গতিশক্তিৰ দৃষ্টিভংগীয়ে দেশৰ আন্তঃগাঁথনি কেনেদৰে সলনি কৰিব, তাৰ নিদৰ্শন হৈ পৰিছে এনচিআৰ।

বন্ধুসকল,

বন্দে ভাৰত আধুনিক হোৱা ভাৰতীয় ৰে’লৱেৰ নতুন চেহেৰা। আজি প্ৰতিখন চহৰত আৰু প্ৰতিটো পথতে বন্দে ভাৰতৰ চাহিদা আছে। তীব্ৰবেগী ৰে’লৰ আগমনে মানুহক নিজৰ ব্যৱসায়, কৰ্মসংস্থাপন আৰু নিজৰ সপোনক সম্প্ৰসাৰণৰ বাবে আত্মবিশ্বাস প্ৰদান কৰে। আজি সমগ্ৰ দেশতে ১০২খন বন্দে ভাৰত ৰে'ল সেৱা চলি আছে। এতিয়ালৈকে ৩ কোটিতকৈ অধিক লোকে এই ৰে’লসমূহেৰে যাত্ৰা কৰিছে। এই সংখ্যাবোৰ নিশ্চয় বন্দে ভাৰত ৰে’লৰ সফলতাৰ প্ৰমাণ! ইয়াৰ উপৰিও ই আকাংক্ষী ভাৰতৰ আকাংক্ষা আৰু সপোনৰ প্ৰতীক।

 

বন্ধুসকল,

আধুনিক ৰে'ল আন্তঃগাঁথনি এখন বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ এক শক্তিশালী স্তম্ভ। ৰে’লপথ দুগুণ কৰাই হওক, ৰে’লপথৰ বৈদ্যুতিকীকৰণ হওক, নতুন ৰে'ল চলাচল হওক, নতুন পথ নিৰ্মাণ হওক, এই সকলোবোৰৰ কাম দ্ৰুত গতিত চলি আছে। এইবাৰৰ বাজেটত ২.৫ লাখ কোটিতকৈ অধিক টকা ৰে’লৱেক দিয়া হৈছে। আমি ভাৰতীয় ৰে’লৱেক ইয়াৰ পুৰণি ভাবমূর্তিৰ পৰা মুক্ত কৰিবলৈ হাই-টেক সেৱাৰ সৈতে সংযোগ কৰিছোঁ৷ আজি বন্দে ভাৰতৰ সমান্তৰালকৈ অমৃত ভাৰত ৰে’লৰো সম্প্ৰসাৰণ ঘটিছে। বন্দে ভাৰতৰ শ্লিপাৰ সংস্কৰণো আহিব অতি সোনকালে। ৰাইজৰ সুবিধাৰ্থে মেট্ৰ’ত নমো ভাৰত ৰে’ল চলোৱা হৈছে। আৰু চহৰসমূহৰ ভিতৰত যাতায়তৰ সমস্যাৰ পৰা মুক্তি পাবলৈ বন্দে মেট্ৰ’ও অতি সোনকালে আৰম্ভ হ’ব।

বন্ধুসকল,

আমাৰ চহৰবোৰক সিবিলাকৰ ৰে’লৱে ষ্টেচনৰ দ্বাৰা চিনাক্ত কৰা হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে ষ্টেচনসমূহো সজাই তোলা হৈছে আৰু চহৰসমূহেও নতুন পৰিচয় লাভ কৰিছে। আজি দেশৰ ১৩০০ৰো অধিক ৰে'ল ষ্টেচন সংস্কাৰ কৰা হৈছে। আজি বিমানবন্দৰৰ দৰে দেশৰ বিভিন্ন স্থানত ৰে'ল ষ্টেচনো নিৰ্মাণ কৰা হৈছে। আনকি সৰু সৰু ষ্টেচনবোৰকো আধুনিক সা-সুবিধাৰে সংযোগ কৰা হৈছে। ইয়াৰ বাবেই যাতায়তৰ সহজতাও বাঢ়িছে।

বন্ধুসকল,

যেতিয়া ৰে’লৱে, পথ, জলপথৰ দৰে সংযোগৰ আন্তঃগাঁথনি শক্তিশালী হয়, তেতিয়া দেশ শক্তিশালী হয়। ইয়াৰ দ্বাৰা দেশৰ সাধাৰণ নাগৰিক উপকৃত হয় আৰু দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকো লাভৱান হয়। আজি দেশখনে দেখিবলৈ পাইছে যে ভাৰতত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লগে লগে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী সবল হৈ উঠিছে। তেওঁলোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ উপলব্ধ হৈ আহিছে। আন্তঃগাঁথনি সম্প্ৰসাৰণৰ লগে লগে গাঁৱতো নতুন সুযোগ আহিবলৈ আৰম্ভ কৰিছে। সস্তীয়া ডাটা আৰু ডিজিটেল আন্তঃগাঁথনিৰ বাবেই গাঁৱত নতুন নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। যেতিয়া চিকিৎসালয়, শৌচাগাৰ, অভিলেখ সংখ্যক পকা ঘৰ নিৰ্মাণ কৰা হয়, তেতিয়া দেশৰ উন্নয়নৰ পৰা আটাইতকৈ দৰিদ্ৰ লোকসকলেও লাভৱান হয়। মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু উদ্যোগৰ দৰে আন্তঃগাঁথনি বৃদ্ধি হ’লে যুৱক-যুৱতীসকলৰ উন্নতিৰ সম্ভাৱনাও বৃদ্ধি পায়। এনে বহু প্ৰচেষ্টাৰ বাবেই যোৱা ১০ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে।

 

বন্ধুসকল,

বিগত বছৰবোৰত ৰে’লৱেই কঠোৰ পৰিশ্ৰমৰ জৰিয়তে দশক দশক পুৰণি সমস্যা সমাধানৰ আশা জগাই তুলিছে। কিন্তু, এই দিশত আমাৰ এতিয়াও বহু দূৰ বাকী আছে। আমি তেতিয়ালৈকে থমকি নৰওঁ, যেতিয়ালৈকে ভাৰতীয় ৰে’লৱে দুখীয়া, মধ্যবিত্ত আৰু সকলোৰে বাবে সুখদায়ক যাতায়তৰ নিশ্চয়তা হৈ নপৰে। দেশৰ আন্তঃগাঁথনিৰ এই উন্নয়নে দৰিদ্ৰতা দূৰ কৰাত ডাঙৰ ভূমিকা ল’ব বুলি মোৰ বিশ্বাস৷ মই আকৌ এবাৰ তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ ৰাইজক তিনিখন নতুন বন্দে ভাৰতৰ বাবে অভিনন্দন জনাইছোঁ। আপোনালোক সকলোলৈ বহুত বহুত শুভকামনা, বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to the capsizing of a boat in Jabalpur, Madhya Pradesh
May 01, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in Jabalpur, Madhya Pradesh.

The Prime Minister extended his condolences to those who have lost their loved ones in this tragic mishap and prayed for the speedy recovery of the injured. He also noted that the local administration is assisting those affected.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each of those who lost their lives, and the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"The loss of lives due to the capsizing of a boat in Jabalpur, Madhya Pradesh, is extremely painful. I extend my condolences to those who have lost their loved ones in this tragic mishap. Praying for the speedy recovery of the injured. The local administration is assisting those affected.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM"