দেশৰ সকলো নাগৰিকে উন্নত স্বাস্থ্য সুবিধা লাভ কৰাটো হৈছে আমাৰ প্ৰাথমিকতা: প্ৰধানমন্ত্ৰী
আনকি আটাইতকৈ কঠিন সময়তো চেতনা জাগ্ৰত কৰি ৰাখিবলৈ ভাৰতত নতুন সামাজিক আন্দোলন চলি আছিল: প্ৰধানমন্ত্ৰী
‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ হৈছে ভাৰতৰ অমৰ সংস্কৃতিৰ আধুনিক অক্ষয় বট, এই অক্ষয় বটে নিৰন্তৰভাৱে ভাৰতীয় সংস্কৃতি আৰু আমাৰ ৰাষ্ট্ৰৰ চেতনাক শক্তি প্ৰদান কৰি আহিছে: প্ৰধানমন্ত্ৰী
প্ৰচেষ্টাৰ সময়ত যেতিয়া গুৰুত্ব ‘আমি’ত হয় আৰু ‘মই’ত নহয়, যেতিয়া ‘ৰাষ্ট্ৰ প্ৰথম’ৰ ভাৱনা সৰ্বোপৰি হয়, যেতিয়া দেশৰ জনসাধাৰণৰ স্বাৰ্থ নীতি আৰু সিদ্ধান্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হয়, তেতিয়াহে ইয়াৰ প্ৰভাৱ সকলোতে দৃশ্যমান হয়: প্ৰধানমন্ত্ৰী
পৃথিৱীৰ য'তেই প্ৰাকৃতিক দুৰ্যোগ নহওক কিয় ভাৰতে আন্তৰিকতাৰে সেৱা আগবঢ়াবলৈ থিয় দি আহিছে: প্ৰধানমন্ত্ৰী
তেওঁ ‘নৱৰাত্ৰি’ আৰু আন সকলো উৎসৱ উদযাপনৰ বাবে নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

মই গুড়ি-পড়ৱা আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ! শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত ডাঙৰীয়া, স্বামী গোবিন্দ গিৰি জী মহাৰাজ, স্বামী অবধেশানন্দ গিৰি জী মহাৰাজ, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নীতিন গাডকাৰী জী, ডঃ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী জী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ সতীৰ্থ, আজি ৰাষ্ট্ৰযজ্ঞৰ এই পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। আজি চৈত্ৰ শুক্ল প্ৰতিপদৰ এই দিনটো অতিশয় বিশেষ। আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ। আজি দেশৰ ভিন্ন প্ৰান্তত গুড়ি-পড়ৱা, উগাড়ী আৰু নভৰেহ উৎসৱো উদযাপন কৰা হৈছে। আজি ভগৱান ঝুলেলাল জী আৰু গুৰু অংগদ দেৱ জীৰ জন্ম বাৰ্ষিকীও। আমাৰ প্ৰেৰণা, অতি শ্ৰদ্ধাৰ ডাঃ চাহেবৰ জন্ম বাৰ্ষিকীও। আৰু এই বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰো পূৰ্ণ হৈছে। আজি এই উপলক্ষে স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাৰ ডাঃ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ।

বন্ধুসকল,

এই সময়ছোৱাত আমি আমাৰ সংবিধানৰ ৭৫ বছৰো উদযাপন কৰিছোঁ। অহা মাহত সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰৰ জন্ম বাৰ্ষিকী আছে। আজি দীক্ষাভূমিত বাবা চাহেবক প্ৰণাম জনাই তেওঁৰ আশীৰ্বাদ লওঁ। এই মহান ব্যক্তিসকলৰ ওচৰত প্ৰণাম জনাই নৱৰাত্ৰি আৰু সকলো উৎসৱ উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আজি নাগপুৰত সংঘ সেৱাৰ এই পবিত্ৰ যাত্ৰাত আমি এক পূণ্য সংকল্পৰ সম্প্ৰসাৰণৰ সাক্ষী হৈছোঁ। এইমাত্ৰ আমি মাধৱ নেত্ৰালয়ৰ কুলগীত শুনিলোঁ, এয়া আধ্যাত্মিকতা, জ্ঞান, গৌৰৱ আৰু গুৰুতাৰ এক আশ্চৰ্য্যকৰ বিদ্যালয়, মানৱতাৰ প্ৰতি নিবেদিত এই সেৱা মন্দিৰ প্ৰতি ক্ষেত্ৰতে এটি মন্দিৰ। মাধৱ নেত্ৰালয় এনে এক অনুষ্ঠান, যিয়ে বহু দশক ধৰি পূজ্য (শ্ৰদ্ধাৰ) গুৰুজীৰ আদৰ্শেৰে লাখ-লাখ লোকক সেৱা আগবঢ়াই আহিছে। মানুহৰ জীৱনলৈ পোহৰ ঘূৰি আহিছে, আজি ইয়াৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰা হৈছে। এতিয়া এই নতুন চৌহদৰ পিছত উক্ত সেৱাই অধিক গতি লাভ কৰিব। ইয়াৰ দ্বাৰা হাজাৰ-হাজাৰ নতুন লোকৰ জীৱনত পোহৰ বিয়পিব, তেওঁলোকৰ জীৱনৰ অন্ধকাৰো আঁতৰি যাব। মাধৱ নেত্ৰালয়ৰ সৈতে জড়িত সকলো লোককে তেওঁলোকৰ কাম, সেৱাৰ মনোভাৱৰ বাবে শলাগ লৈ তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

মই লালকিল্লাৰ পৰা সকলোৰে প্ৰচেষ্টাৰ কথা কৈছিলোঁ। আজি দেশে স্বাস্থ্যৰ ক্ষেত্ৰত যিদৰে কাম কৰি আছে, মাধৱ নেত্ৰালয়ে সেই প্ৰচেষ্টাসমূহৰ বৰ্ধন ঘটাইছে। দেশৰ সকলো নাগৰিকে উন্নত স্বাস্থ্য সুবিধা লাভ কৰাটো আমাৰ অগ্ৰাধিকাৰৰ বিষয়। দৰিদ্ৰৰ ভিতৰত দৰিদ্ৰ লোকসকলেও দেশৰ সৰ্বোত্তম চিকিৎসা লাভ কৰিব লাগে, দেশৰ কোনো নাগৰিকে জীয়াই থকাৰ মৰ্য্যাদাৰ পৰা বঞ্চিত হ’ব নালাগে, দেশৰ বাবে জীৱন উৎসৰ্গা কৰা বৃদ্ধসকলে চিকিৎসাৰ বাবে চিন্তা কৰিব নালাগে, তেনে পৰিস্থিতিত জীয়াই থাকিব নালাগে আৰু এয়া চৰকাৰৰ নীতি। আৰু সেইবাবেই আজি আয়ুষ্মান ভাৰতৰ বাবে কোটি-কোটি লোকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক সাশ্ৰয়ী মূল্যত ঔষধ যোগান ধৰিছে হাজাৰ-হাজাৰ জন ঔষধি কেন্দ্ৰই। আজিকালি দেশত প্ৰায় এহাজাৰ ডায়েলাইছিছ চেন্টাৰ আছে, যিয়ে বিনামূলীয়া ডায়েলাইছিছ সেৱা প্ৰদান কৰি আছে, যাৰ ফলত দেশবাসীৰ হাজাৰ-হাজাৰ কোটি টকা ৰাহি হৈছে আৰু তেওঁলোকে স্বাস্থ্য সুবিধা লাভ কৰিছে। যোৱা ১০ বছৰত গাঁৱে-ভূঞে লাখ-লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে, য’ত জনতাই দেশৰ শ্ৰেষ্ঠ চিকিৎসকসকলৰ পৰা টেলিমেডিচিনৰ পৰামৰ্শ লাভ কৰে, প্ৰাথমিক চিকিৎসা আৰু অধিক সহায় লাভ কৰে। ৰোগ পৰীক্ষাৰ বাবে শ-শ কিলোমিটাৰ যাত্ৰা কৰিব নালাগে।

 

বন্ধুসকল,

আমি কেৱল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণ কৰাই নহয়, বৰঞ্চ দেশৰ কাৰ্য্যক্ষম এইমছৰ সংখ্যাও তিনিগুণ বৃদ্ধি কৰিছোঁ। দেশত চিকিৎসা পাঠ্যক্ৰমৰ আসনো দুগুণ বৃদ্ধি পাইছে। আগন্তুক সময়ত ৰাইজৰ সেৱাৰ বাবে অধিক সংখ্যক দক্ষ চিকিৎসক উপলব্ধ কৰাৰ অৰ্থে প্ৰচেষ্টা প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। আমি এটা অতিশয় সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, স্বাধীনতাৰ পিছত পোন-প্ৰথমবাৰৰ বাবে এয়া সম্ভৱ হৈছে। যাতে এই দেশৰ দৰিদ্ৰ পৰিয়ালৰ এটি সন্তানেও ডাক্তৰ হ’ব পাৰে আৰু তেওঁৰ সপোন পূৰণ হ’ব পাৰে, তাৰ অৰ্থে আমি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মাতৃভাষাত অধ্যয়নেৰে ডাক্তৰ হোৱাৰ সুবিধা প্ৰদান কৰিছোঁ। আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত এই প্ৰচেষ্টাসমূহৰ সমান্তৰালকৈ দেশখনে নিজৰ পৰম্পৰাগত জ্ঞানকো আগুৱাই লৈ গৈছে। আমাৰ যোগ আৰু আয়ুৰ্বেদেও আজি সমগ্ৰ বিশ্বতে এক নতুন পৰিচয় লাভ কৰিছে, ভাৰতৰ সন্মান বাঢ়িছে।

বন্ধুসকল,

এখন ৰাষ্ট্ৰৰ অস্তিত্ব নিৰ্ভৰ কৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ইয়াৰ সংস্কৃতিৰ সম্প্ৰসাৰণ, সেই ৰাষ্ট্ৰৰ চেতনাৰ সম্প্ৰসাৰণৰ ওপৰত। আমাৰ দেশৰ বুৰঞ্জীলৈ চালে শ-শ বছৰৰ দাসত্ব, ইমানবোৰ আগ্ৰাসন, ভাৰতৰ সামাজিক গাঁথনি মচি পেলোৱাৰ ইমান নিষ্ঠুৰ অপচেষ্টা চলোৱা হৈছিল যদিও ভাৰতৰ চেতনা কেতিয়াও শেষ নহ’ল, ইয়াৰ শিখা জ্বলি থাকিছিল। এয়া কেনেকৈ সম্ভৱ হ’ল? কাৰণ অতি কঠিন সময়তো এই চেতনাক জীয়াই ৰাখিবলৈ ভাৰতত নতুন-নতুন সামাজিক আন্দোলন অব্যাহত থাকিল। ভক্তি আন্দোলন ইয়াৰ উদাহৰণ, যাৰ বিষয়ে আমি সকলোৱেই ভালদৰে জানোঁ। মধ্যযুগৰ সেই কঠিন সময়ছোৱাত আমাৰ সন্তসকলে ভক্তিৰ ধাৰণাৰে আমাৰ ৰাষ্ট্ৰীয় চেতনাক নতুন শক্তি প্ৰদান কৰিছিল। গুৰু নানক দেৱজী, কবীৰদাস, তুলসীদাস, সুৰদাস, সন্ত টুকাৰাম, আমাৰ মহাৰাষ্ট্ৰত সন্ত একনাথ, সন্ত নামদেৱ, সন্ত জ্ঞানেশ্বৰ, ইমানখিনি সাধুয়ে নিজৰ মৌলিক ধাৰণাৰে আমাৰ ৰাষ্ট্ৰীয় চেতনাত প্ৰাণ উশাহ প্ৰদান কৰিছিল। এই আন্দোলনসমূহে বৈষম্যৰ বাধা ভাঙি সমাজখনক ঐক্যৰ দোলেৰে বান্ধি ৰাখিছিল।

একেদৰে স্বামী বিবেকানন্দৰ দৰে মহান লোকো আছিল। তেওঁ সমাজখনক ভবাই তুলিছিল, হতাশাত মজি থকা সমাজখনক ইয়াৰ প্ৰকৃত স্বৰূপৰ কথা সোঁৱৰাই দিছিল, আত্মবিশ্বাস জগাই তুলিছিল আৰু আমাৰ ৰাষ্ট্ৰীয় চেতনাৰ বিলোপ হ’বলৈ নিদিছিল। দাসত্বৰ শেষ দশক কেইটাত ডাক্তৰ চাহেব আৰু গুৰুজীৰ দৰে মহান ব্যক্তিয়ে ইয়াক নতুন শক্তি প্ৰদানৰ বাবে কাম কৰিছিল। আজি আমি দেখিবলৈ পাইছোঁ যে ১০০ বছৰ আগতে ৰাষ্ট্ৰীয় চেতনাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে যি চিন্তাৰ বীজ সিঁচা হৈছিল, সেই বীজে আজি বিশ্বৰ সন্মুখত এজোপা বটবৃক্ষৰ ৰূপ ধাৰণ কৰিছে। নীতি আৰু আদৰ্শই এই বটবৃক্ষক উচ্চতা প্ৰদান কৰিলে, লাখ-লাখ স্বেচ্ছাসেৱক (স্বয়ংসেৱক) ইয়াৰ ডাল, এয়া সাধাৰণ বট গছ নহয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ভাৰতৰ অমৰ সংস্কৃতিৰ আধুনিক অক্ষয় বট। এই অক্ষয় বটে ভাৰতীয় সংস্কৃতি, আমাৰ ৰাষ্ট্ৰৰ চেতনাক অহৰহভাৱে শক্তিশালী কৰি তুলিছে।

বন্ধুসকল,

আজি আমি মাধৱ নেত্ৰালয়ৰ নতুন চৌহদৰ কাম আৰম্ভ কৰোঁতে দৃষ্টিৰ কথা কোৱাটো স্বাভাৱিক। দৃষ্টিশক্তিয়ে আমাক জীৱনৰ দিশ প্ৰদান কৰে। সেইবাবেই, বেদেও কামনা কৰে - পশ্যেম শাৰদঃ শতম! (पश्येम शरदः शतम्!) অৰ্থাৎ আমি এশ বছৰ ধৰি চোৱা উচিত। এই দৃষ্টি চকুৰ অৰ্থাৎ বাহ্যিক দৃষ্টিৰ হ’ব লাগে আৰু অভ্যন্তৰীণ দৃষ্টিও থাকিব লাগে। অভ্যন্তৰীণ দৃষ্টিৰ কথা কওঁতে বিদৰ্ভৰ মহান সাধু শ্ৰী গুলাবৰাও মহাৰাজ জীক স্মৰণ কৰাটো স্বাভাৱিক। তেওঁক প্ৰজ্ঞাচক্ষু বুলি কোৱা হৈছিল। তেওঁ অতি কম বয়সতে দৃষ্টিশক্তি হেৰুৱাইছিল যদিও তেওঁ বহু কিতাপ লিখিছিল। আৰু এতিয়া এই প্ৰশ্নৰ উদয় হ’ব পাৰে যে চকুৰে দেখা নোপোৱাকৈয়ে ইমানখিনি কিতাপ কেনেকৈ লিখিব পাৰিলে? ইয়াৰ উত্তৰ হ’ল তেওঁৰ চকু নাছিল যদিও তেওঁৰ দৃষ্টিশক্তি আছিল। এই দৰ্শন জ্ঞানৰ পৰাই আহে, প্ৰজ্ঞাৰ পৰাই আবিৰ্ভাৱ হয়। এই দৃষ্টিভংগীয়ে ব্যক্তিৰ লগতে সমাজখনকো অপৰিসীম শক্তি প্ৰদান কৰে। আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘও এনে সংস্কাৰ যজ্ঞ, যিয়ে অন্তৰ্দৃষ্টি আৰু বাহ্যিক দৃষ্টি উভয়ৰে বাবে কাম কৰি আছে। বাহ্যিক দৃষ্টি হিচাপে আমি মাধৱ নেত্ৰালয়ক দেখিবলৈ পাওঁ আৰু অন্তৰ্দৃষ্টিয়ে সংঘৰ সেৱাক প্ৰতিফলিত কৰিছে।

 

বন্ধুসকল,

কোৱা হয় - পৰোপকাৰায় ফলন্তি বৃক্ষ, পৰোপকাৰায় বহন্তি নাদ্যা। পৰোপকাৰায় দুহন্তী গাৱহ, পৰোপকাৰাৰ্থ-মিদম শৰীৰম। (परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः। परोपकाराय दुहन्ति गावः, परोपकारार्थ-मिदं शरीरम्।।) আমাৰ শৰীৰ কেৱল দান-বৰঙণিৰ বাবে, সেৱাৰ বাবে। আৰু যেতিয়া এই সেৱা আমাৰ সংস্কাৰৰ অংশ হৈ পৰে, তেতিয়া সেৱা নিজেই সাধনা হৈ পৰে। এই সাধনা প্ৰতিজন স্বেচ্ছাসেৱকৰ (স্বয়ংসেৱকৰ) জীৱনৰ উশাহ। এই সেৱা সংস্কাৰ, এই সাধনা, এই গুৰুত্বপূৰ্ণ বায়ু, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰতিজন স্বেচ্ছাসেৱকক তপস্যাৰ বাবে অনুপ্ৰাণিত কৰি আছে। এই সেৱাই প্ৰতিজন স্বেচ্ছাসেৱকক অহৰহ গতিশীল কৰি ৰাখে, কেতিয়াও ভাগৰিবলৈ নিদিয়ে, কেতিয়াও ক্ষান্ত হ’বলৈ নিদিয়ে। পূজ্য গুৰু জীয়ে প্ৰায়ে কৈছিল, জীৱনৰ সময়সীমা নহয়, ইয়াৰ উপযোগিতাহে গুৰুত্বপূৰ্ণ। আমি দেৱৰ পৰা দেশ আৰু ৰামৰ পৰা ৰাষ্ট্ৰৰ জীৱন মন্ত্ৰ লৈ, নিজৰ কৰ্তব্য পালন কৰি যাওঁ। আৰু সেইবাবেই আমি দেখিবলৈ পাওঁ, কাম যিমানেই ডাঙৰ বা সৰু নহওঁক কিয়, পথাৰ, সীমান্তৰ গাওঁ, পাহাৰীয়া অঞ্চল, বনাঞ্চল সংঘৰ স্বেচ্ছাসেৱকসকলে সকলো স্থানতে নিস্বাৰ্থভাৱে কাম কৰি থাকে। ক’ৰবাত কোনোবাই বনবাসী কল্যাণ আশ্ৰমৰ কামত নিয়োজিত হৈ আছে, ক’ৰবাত কোনোবাই একলব্য বিদ্যালয়ৰ জৰিয়তে জনজাতীয় শিশুক পঢ়ুৱাইছে, ক’ৰবাত কোনোবাই সাংস্কৃতিক জাগৰণৰ অভিযানত নিয়োজিত হৈ আছে। ক’ৰবাত কোনোবাই সেৱা ভাৰতীত যোগদান কৰি দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক সেৱা আগবঢ়াই আছে।

শেহতীয়াকৈ আমি দেখিলোঁ প্ৰয়াগৰ নেত্ৰ কুম্ভত স্বেচ্ছাসেৱকসকলে লাখ-লাখ লোকক সহায় কৰিছিল। অৰ্থাৎ য'ত সেৱা আছে তাতেই স্বয়ংসেৱক আছে। যেতিয়াই কোনো দুৰ্য্যোগ হয়, সেয়া বানপানীৰ ধ্বংসলীলাই হওঁক বা ভূমিকম্পৰ ভয়াবহতাই হওঁক, অনুশাসিত সৈনিকৰ দৰে স্বেচ্ছাসেৱকসকলে সেই স্থানত উপস্থিত হয়। কোনেও তেওঁলোকৰ সমস্যালৈ নাচায়, কোনেও তেওঁলোকৰ বেদনালৈ নাচায়; আমি কেৱল সেৱাৰ ভাৱনাৰে কামত ব্যস্ত হৈ পৰোঁ। সেৱাৰ মনোভাৱ আমাৰ অন্তৰত আছে, ই যজ্ঞ কুণ্ড, অগ্নিৰ দৰে জ্বলি যাওঁ আৰু নদীৰ ৰূপত সাগৰত বিলীন হওঁ আহক।

বন্ধুসকল,

এবাৰ সাক্ষাৎকাৰত পৰম পূজনীয় গুৰুজীক সোধা হৈছিল, সংঘক সৰ্বব্যাপী বুলি কিয় কয়? গুৰু জীৰ উত্তৰটো বৰ প্ৰেৰণাদায়ক আছিল। তেওঁ সংঘক পোহৰৰ লগত তুলনা কৰিছিল। তেওঁ কয় যে পোহৰ সৰ্বব্যাপী, আন্ধাৰ আঁতৰাই আনক কাম কৰাৰ পথ দেখুৱায়। গুৰুজীৰ এই শিক্ষা আমাৰ বাবে এক জীৱন মন্ত্ৰ। আমি পোহৰ হৈ আন্ধাৰ আঁতৰাব লাগিব, বাধা আঁতৰাব লাগিব, বাট এটা বান্ধিব লাগিব। আমি ওৰেটো জীৱন এই অনুভৱ শুনিছোঁ, সকলোৱে কম-বেছি পৰিমাণে এই মনোভাৱেৰে জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ। “জাতিৰ বাবে, মোৰ বাবে নহয়”।

 

বন্ধুসকল,

প্ৰচেষ্টাৰ সময়ত, যেতিয়া মোতকৈ আমাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়, যেতিয়া প্ৰথমে ৰাষ্ট্ৰৰ আত্মা সৰ্বোচ্চ হয়, যেতিয়া নীতি, সিদ্ধান্তত দেশৰ জনসাধাৰণৰ স্বাৰ্থ সৰ্বোচ্চ হয়, তেতিয়া সকলোতে ইয়াৰ প্ৰভাৱ আৰু পোহৰ দেখা যায়। এখন উন্নত ভাৰতৰ বাবে দেশখন পূৰ্বে যি শিকলিৰ বান্ধত আবদ্ধ হৈ আছিল, সেই শিকলি আমি ছিঙি পেলোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। আজি আমি দেখিবলৈ পাইছোঁ ভাৰতে কেনেকৈ দাসত্বৰ মানসিকতাৰ পৰা মুক্ত হৈ আগবাঢ়িছে। ৭০ বছৰ ধৰি যি দাসত্বৰ দাগ কঢ়িয়াই লৈ ফুৰিছিল, তাৰ ঠাইত এতিয়া ৰাষ্ট্ৰীয় গৌৰৱৰ নতুন অধ্যায় আহি পৰিছে। ভাৰতৰ জনসাধাৰণক হেয়জ্ঞান কৰিবলৈ যি বৃটিছ আইন প্ৰৱৰ্তন কৰা হৈছিল, সেইসমূহক দেশে সলনি কৰিছে। দাসত্বৰ ধাৰণাৰে যুগুত কৰা দণ্ডবিধিৰ ঠাইত এতিয়া ভাৰতীয় ন্যায় সংহিতা প্ৰণয়ন কৰা হৈছে। আমাৰ এতিয়া ৰাজপথ নহয়, কৰ্তব্যপথ আছে। আমাৰ নৌসেনাৰ পতাকাতো দাসত্বৰ প্ৰতীক ছপা হৈছিল, তাৰ ঠাইত এতিয়া নৌসেনাৰ পতাকাত উৰি আছে ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতীক। বীৰ সাৱৰকাৰে ৰাষ্ট্ৰখনৰ বাবে অত্যাচাৰ ভোগ কৰা আন্দামান দ্বীপ, য’ত নেতাজী সুভাষ বাবুৱে স্বাধীনতাৰ শিঙা বজাইছিল, সেই দ্বীপসমূহৰ নামো স্বাধীনতাৰ বীৰসকলৰ স্মৃতিত নামকৰণ কৰা হৈছে।

 

বন্ধুসকল,

আমাৰ বসুধৈৱ কুটুম্বকম মন্ত্ৰ আজি বিশ্বৰ প্ৰতিটো কোণত বিয়পি পৰিছে। আৰু বিশ্বখনে আমাৰ কৰ্মতো এই মনোভাৱ দেখিছে আৰু অনুভৱ কৰিছে। ক’ভিডৰ দৰে মহামাৰীৰ সময়ত ভাৰতে বিশ্বক পৰিয়াল হিচাপে গণ্যৰে ভেকচিন যোগান ধৰিছিল। বিশ্বৰ য’তেই প্ৰাকৃতিক দুৰ্য্যোগ হয়, ভাৰতে সম্পূৰ্ণ নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ থিয় দিয়ে। আপোনাসৱৰ জ্ঞাত যে কালি ম্যানমাৰত ইমান ডাঙৰ ভূমিকম্প হৈছে, ভাৰত প্ৰথমে তাত উপস্থিত হৈ অপাৰেচন ব্ৰহ্মৰ অধীনত জনসাধাৰণক সহায় কৰিছে। যেতিয়া তুৰস্কত ভূমিকম্প হৈছিল, যেতিয়া নেপালত ভূমিকম্প হৈছিল, যেতিয়া মালদ্বীপত জল সংকট হৈছিল, তেতিয়া ভাৰতে সহায় কৰিবলৈ এক মুহূৰ্তও অবাবত খৰচ কৰা নাছিল। যুদ্ধৰ দৰে পৰিস্থিতিত আমি আন দেশৰ নাগৰিকক নিৰাপদে উদ্ধাৰ কৰোঁ। বিশ্বই চকু ৰাখিছে যে আজি ভাৰতে অগ্ৰগতি লাভৰ সমান্তৰালকৈ দেশখন সমগ্ৰ গ্ল’বেল চাউথৰ কণ্ঠও হৈ পৰিছে। বিশ্ব ভ্ৰাতৃত্ববোধৰ এই মনোভাৱ আমাৰ নিজৰ প্ৰমূল্যবোধৰেই পৰিচয়।

বন্ধুসকল,

আজি ভাৰতৰ আটাইতকৈ পৰম সম্পদ হৈছে আমাৰ যুৱক-যুৱতীসকল। আৰু আমি দেখিবলৈ পাইছোঁ, ভাৰতৰ যুৱক-যুৱতীসকল আজি কিমান আত্মবিশ্বাসী হৈ উঠিছে। পূৰ্বৰ তুলনাত তেওঁলোকৰ ৰিস্ক লোৱা ক্ষমতা বহুগুণ বৃদ্ধি পাইছে। তেওঁলোকে নতুন-নতুন উদ্ভাৱন কৰিছে, ষ্টাৰ্ট-আপৰ জগতখনত নিজৰ ধ্বজা উৰুৱাইছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আজি ভাৰতৰ যুৱক-যুৱতীসকল নিজৰ ঐতিহ্যক লৈ গৌৰৱান্বিত, নিজৰ সংস্কৃতিৰ বাবে গৌৰৱান্বিত। শেহতীয়াকৈ আমি প্ৰয়াগৰাজৰ মহাকুম্ভত দেখিলোঁ, আজিৰ যুৱ প্ৰজন্ম মহাকুম্ভলৈ গৈছে আৰু এই সনাতন (চিৰন্তন) পৰম্পৰাৰ সৈতে সংযোগ স্থাপনেৰে গৌৰৱেৰে ভৰি পৰিছে। আজি ভাৰতৰ যুৱক-যুৱতীসকলে দেশৰ প্ৰয়োজনীয়তাক মনত ৰাখি কাম কৰি আছে। ভাৰতৰ যুৱক-যুৱতীসকলে মেক ইন ইণ্ডিয়াক সফল কৰি তুলিছে, ভাৰতৰ যুৱক-যুৱতীসকল ভকেল ফৰ লোকেল হৈ পৰিছে। এটা আবেগ গঢ় লৈ উঠিছে, আমি দেশৰ বাবে জীয়াই থাকিব লাগিব, আমি দেশৰ বাবে কিবা এটা কৰিব লাগিব, খেলপথাৰৰ পৰা মহাকাশৰ উচ্চতালৈকে, ৰাষ্ট্ৰ নিৰ্মাণৰ মনোভাৱেৰে ভৰা আমাৰ যুৱক-যুৱতীসকল আগবাঢ়িছে, আগবাঢ়িছে। এই একেখিনি যুৱক-যুৱতীয়ে ২০৪৭ত উন্নত ভাৰতৰ লক্ষ্যৰ পতাকা হাতত লৈছে, যেতিয়া স্বাধীনতাৰ ১০০ বছৰ হ’ব আৰু মই নিশ্চিত যে সংগঠন, নিষ্ঠা আৰু সেৱাৰ এই মনোভাৱে উন্নত ভাৰতৰ যাত্ৰাক শক্তি আৰু দিশ প্ৰদান কৰি যাব। সংঘই ইমান বছৰে কৰা কষ্টৰ ফল দেখা গৈছে, সংঘৰ ইমান বছৰৰ তপস্যাই উন্নত ভাৰতৰ এক নতুন অধ্যায় লিখিছে।

 

বন্ধুসকল,

আমাৰ বসুধৈৱ কুটুম্বকম মন্ত্ৰ আজি বিশ্বৰ প্ৰতিটো কোণত বিয়পি পৰিছে। আৰু বিশ্বখনে আমাৰ কৰ্মতো এই মনোভাৱ দেখিছে আৰু অনুভৱ কৰিছে। ক’ভিডৰ দৰে মহামাৰীৰ সময়ত ভাৰতে বিশ্বক পৰিয়াল হিচাপে গণ্যৰে ভেকচিন যোগান ধৰিছিল। বিশ্বৰ য’তেই প্ৰাকৃতিক দুৰ্য্যোগ হয়, ভাৰতে সম্পূৰ্ণ নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ থিয় দিয়ে। আপোনাসৱৰ জ্ঞাত যে কালি ম্যানমাৰত ইমান ডাঙৰ ভূমিকম্প হৈছে, ভাৰত প্ৰথমে তাত উপস্থিত হৈ অপাৰেচন ব্ৰহ্মৰ অধীনত জনসাধাৰণক সহায় কৰিছে। যেতিয়া তুৰস্কত ভূমিকম্প হৈছিল, যেতিয়া নেপালত ভূমিকম্প হৈছিল, যেতিয়া মালদ্বীপত জল সংকট হৈছিল, তেতিয়া ভাৰতে সহায় কৰিবলৈ এক মুহূৰ্তও অবাবত খৰচ কৰা নাছিল। যুদ্ধৰ দৰে পৰিস্থিতিত আমি আন দেশৰ নাগৰিকক নিৰাপদে উদ্ধাৰ কৰোঁ। বিশ্বই চকু ৰাখিছে যে আজি ভাৰতে অগ্ৰগতি লাভৰ সমান্তৰালকৈ দেশখন সমগ্ৰ গ্ল’বেল চাউথৰ কণ্ঠও হৈ পৰিছে। বিশ্ব ভ্ৰাতৃত্ববোধৰ এই মনোভাৱ আমাৰ নিজৰ প্ৰমূল্যবোধৰেই পৰিচয়।

বন্ধুসকল,

আজি ভাৰতৰ আটাইতকৈ পৰম সম্পদ হৈছে আমাৰ যুৱক-যুৱতীসকল। আৰু আমি দেখিবলৈ পাইছোঁ, ভাৰতৰ যুৱক-যুৱতীসকল আজি কিমান আত্মবিশ্বাসী হৈ উঠিছে। পূৰ্বৰ তুলনাত তেওঁলোকৰ ৰিস্ক লোৱা ক্ষমতা বহুগুণ বৃদ্ধি পাইছে। তেওঁলোকে নতুন-নতুন উদ্ভাৱন কৰিছে, ষ্টাৰ্ট-আপৰ জগতখনত নিজৰ ধ্বজা উৰুৱাইছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আজি ভাৰতৰ যুৱক-যুৱতীসকল নিজৰ ঐতিহ্যক লৈ গৌৰৱান্বিত, নিজৰ সংস্কৃতিৰ বাবে গৌৰৱান্বিত। শেহতীয়াকৈ আমি প্ৰয়াগৰাজৰ মহাকুম্ভত দেখিলোঁ, আজিৰ যুৱ প্ৰজন্ম মহাকুম্ভলৈ গৈছে আৰু এই সনাতন (চিৰন্তন) পৰম্পৰাৰ সৈতে সংযোগ স্থাপনেৰে গৌৰৱেৰে ভৰি পৰিছে। আজি ভাৰতৰ যুৱক-যুৱতীসকলে দেশৰ প্ৰয়োজনীয়তাক মনত ৰাখি কাম কৰি আছে। ভাৰতৰ যুৱক-যুৱতীসকলে মেক ইন ইণ্ডিয়াক সফল কৰি তুলিছে, ভাৰতৰ যুৱক-যুৱতীসকল ভকেল ফৰ লোকেল হৈ পৰিছে। এটা আবেগ গঢ় লৈ উঠিছে, আমি দেশৰ বাবে জীয়াই থাকিব লাগিব, আমি দেশৰ বাবে কিবা এটা কৰিব লাগিব, খেলপথাৰৰ পৰা মহাকাশৰ উচ্চতালৈকে, ৰাষ্ট্ৰ নিৰ্মাণৰ মনোভাৱেৰে ভৰা আমাৰ যুৱক-যুৱতীসকল আগবাঢ়িছে, আগবাঢ়িছে। এই একেখিনি যুৱক-যুৱতীয়ে ২০৪৭ত উন্নত ভাৰতৰ লক্ষ্যৰ পতাকা হাতত লৈছে, যেতিয়া স্বাধীনতাৰ ১০০ বছৰ হ’ব আৰু মই নিশ্চিত যে সংগঠন, নিষ্ঠা আৰু সেৱাৰ এই মনোভাৱে উন্নত ভাৰতৰ যাত্ৰাক শক্তি আৰু দিশ প্ৰদান কৰি যাব। সংঘই ইমান বছৰে কৰা কষ্টৰ ফল দেখা গৈছে, সংঘৰ ইমান বছৰৰ তপস্যাই উন্নত ভাৰতৰ এক নতুন অধ্যায় লিখিছে।

 

বন্ধুসকল,

সংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত ভাৰতৰ অৱস্থা বেলেগ আছিল আৰু পৰিস্থিতিও বেলেগ আছিল। ১৯২৫ৰ পৰা ১৯৪৭লৈকে সেই সময় আছিল সংগ্ৰামৰ। দেশৰ স্বাধীনতাৰ ডাঙৰ লক্ষ্য আছিল। আজি সংঘৰ ১০০ বছৰীয়া যাত্ৰাৰ অন্তত দেশখন পুনৰ এক গুৰুত্বপূৰ্ণ পৰ্য্যায়ত উপনীত হৈছে। ২০২৫ৰ পৰা ২০৪৭লৈকে গুৰুত্বপূৰ্ণ সময়ছোৱা, আকৌ এবাৰ আমাৰ সন্মুখত এই সময়ছোৱাৰ গুৰুত্বপূৰ্ণ লক্ষ্য আছে। এবাৰ শ্ৰদ্ধাৰ গুৰুজীয়ে এখন চিঠিত লিখিছিল, মই আমাৰ ভৱিষ্যৎ ৰাষ্ট্ৰৰ ভেটিত সৰু শিল হ’ব বিচাৰোঁ, আমি আমাৰ সেৱাৰ সংকল্প সদায় অক্ষুণ্ণ ৰাখিব লাগিব। আমি আমাৰ কঠোৰ পৰিশ্ৰম অক্ষুণ্ণ ৰাখিব লাগিব। আমি এখন উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰিব লাগিব আৰু অযোধ্যাত ভগৱান শ্ৰীৰামৰ নতুন মন্দিৰ নিৰ্মাণ সন্দৰ্ভত মই কোৱাৰ দৰে আমিও আগন্তুক এহেজাৰ বছৰৰ বাবে এখন শক্তিশালী ভাৰতৰ ভেটি স্থাপন কৰিব লাগিব। শ্ৰদ্ধাৰ ডাক্তৰ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীৰ দৰে মহান ব্যক্তিৰ পথ প্ৰদৰ্শনে আমাক শক্তি প্ৰদান কৰি যাব বুলি মোৰ বিশ্বাস। এখনি উন্নত ভাৰতৰ সংকল্প আমি পূৰণ কৰিম। আমি আমাৰ প্ৰজন্মৰ ত্যাগক মূল্য প্ৰদান কৰিম। এই সংকল্পৰে পুনৰবাৰ আপোনালোক সকলোলৈকে এই শুভ নৱবৰ্ষৰ অলেখ শুভেচ্ছা জনালোঁ। আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
You have not just increased the number of medals, you have prepared an entire generation: PM Modi to CWG Champions
August 10, 2026

प्रधानमंत्री – मेरे यहां, मुझे यहां लगभग 12-13 साल हो गए इसी मकान में, अगर मैंने regularly और हर बार किसी को रिसिव किया है, किसी को मैं मिला हूं, तो खिलाड़ी हैं। पिछले 10-12 साल हो गए, आप लोगों के पुरुषार्थ के कारण, भारत को लगातार विजय दिलाने के आपके प्रयासों के कारण और उत्तरोत्तर सफलता में नई ऊंचाईयां पार करने की परंपरा के कारण, जो काम शायद हम स्कूलों में जाकर कहें कि नहीं नहीं भई खेलना चाहिए, ये करना चाहिए, वो काम स्कूलों में जाकर के हम कर सकते थे, उससे ज्यादा आपका मेडल उनको inspire करता है।

प्रधानमंत्री – तुमने मुझे वादा किया था पिछली बार कि तुम्हारी दोनों बेटियां खिलाड़ी बन जाएंगी?

खिलाड़ी - हाँ जी अभी वे उमर की छोटी हैं, अगले कॉमनवेल्थ में एक घर में तीन मेडल लाकर दिखाएंगी।

प्रधानमंत्री – पक्का।

खिलाड़ी – हाँ जी।

खिलाड़ी – जब मैं दौड़ रहा था, जब मेरा इवेंट था 29 को, तो उस दिन गुरुपूर्णिमा थी, तो उस दिन मेरे गुरू को मैंने एक गिफ्ट दे दिया।

प्रधानमंत्री – बड़ी शान बढ़ाई आपने। इतनी आंसू टपक रहे थे, मुझे लगता है कि आंसू के हर बूंद से जैसे गोल्ड मेडल टपक रहा है।

खिलाड़ी – मैं बहुत ज्यादा खुशी थी, इमोशनल भी थे उसी दिन, खुशी ज्यादा था और मैं इसलिए रोई थी कि मेरा पेरिस आलंपिक में मेरा 1 Kg में मेडल रह गई थी और एक प्लेयर्स की लाइफ में क्या क्या हमको फेस करना पड़ता है। तो ये 4 साल के अंदर में कितना क्या क्या कुछ मैंने फेस किया था, हर टाइम injury ही चल रहे थे और family problem, वो सब हो रहा था। तो बहुत मुश्किल से मैं ये 4 साल फेस किया था। तो वो सब जब पोडियम में जब मैं खड़ी थी सर और हमारी जो फ्लैग ऊपर जाते हैं और हमारे नेशनल एंथम जब बजते हैं तो सर हम रुक नहीं सकते सर, अपना आप आंसू निकलते हैं।

प्रधानमंत्री – बहुत बहुत बढ़िया

प्रधानमंत्री – आपके इस अचीवमेंट को सिर्फ आपका अचीवमेंट मानता हूं, ऐसा नहीं है, ये आपका विजय आने वाली पीढ़ियों के लिए बहुत बड़ी प्रेरणा बन जाता है।

खिलाड़ी – सब डर रहे थे हमसे कि इंडिया के साथ फाइट आ गई, अब तो हम पहली फाइट ही हार जायेंगे, हमारा मेडल भी नहीं आयेगा।

प्रधानमंत्री – यानी मान के चलते हैं।

खिलाड़ी – हाँ सर।

प्रधानमंत्री – क्या हुआ, वो restaurant वालों से झगड़ा कर रही थी?

खिलाड़ी – हम लोगों का जो इतना अच्छा परफॉर्मेंस था, लास्ट डे था और सब जीत के गए थे और पूरा इंडिया के लोग थे। तो थोड़ा सा मुझे बुरा लग रहा। तो मैंने उनको अच्छे से बोला रिक्वेस्ट किया था सर, फिर उन्होंने मान भी लिया, अभी चेंज भी हो गया सर।

प्रधानमंत्री – इस विजय की परिस्थिति खुशी, आनंद, अपने साथियों के साथ और गेम पूरे हो चुके हैं। तो हसी मजाक मस्ती का मूड ऐसे समय उस मैप पर नजर जाना और उसको रजिस्टर करना और तुरंत सिर्फ मेडल लेते समय देश खड़ा हो जाता है ऐसा नहीं, भीतर से देश का भाव मैं सच बताता हूँ ये वीडियो सामान्य नहीं है आपका, लंबे समय तक लोगों को याद रहेगा। ये बॉक्सिंग वालों से भी दुनिया के खिलाड़ी अब डरने लगे हैं।

खिलाड़ी – जरूर सर, पुरे सभी डरे हुए थे। एक के बाद एक गोल्ड मेडल गोल्ड मेडल आ रहे थे और मतलब पूरा लास्ट में ऐसे धमाका जैसा हो गया बिल्कुल। जिस तरीके से हम लोगों को सपोर्ट मिल रहा है, हमें बैक टू बैक कंपटीशन मिल रहा है वो एक बहुत बड़ी बात है और हमारे जितने भी यंग एथलीट है वो लोग सभी जैसे खेलो इंडिया स्कीम से आए हुए हैं और ये एक बहुत बड़ा changes ला रहा है पूरे स्पोर्ट्स में ही।

प्रधानमंत्री – अगर आप लोग खेलो इंडिया की प्रतिष्ठा बढ़ाते हैं और प्रतिष्ठा सिर्फ वहां जाकर के रिबिन काटने से नहीं होगी। आप वैसे ही खेलेंगे जैसे एक छोटा विद्यार्थी, एक छोटा नौजवान, छोटा खिलाड़ी खेलता है। यह बहुत बड़ा कंट्रीब्यूशन करेगा। क्योंकि अभी तो हमें बहुत आगे जाना है, बहुत मेडल लाना है। कारगिल विजय दिवस पर किसकी विजय हुई थी?

खिलाड़ी – उस दिन कारगिल डे था वैसे और जिस दिन मैंने पाकिस्तान के साथ फाइट किया था सर, वो उसी दिन का था। तो मैं एक इंडियन आर्मी से हूं, तो मैंने उस दिन मैं पहले से बहुत वो था कि सर पाकिस्तान को हराना है। तो मैंने वो पाकिस्तान एक तरफ मैंने 5-0 से हराया, तो मैंने हमारा इंडियन आर्मी का कारगिल हीरोज़ को मैंने डेडिकेट किया किया था सर।

प्रधानमंत्री – आपको यह याद रहना और आप स्वयं फौज से हैं तो, मैं जरूर मानता हूं कि देश के वीर जवानों को आपने जो भाव प्रकट किया ना कि, मैं कारगिल के विजेताओं को मेरा मेडल समर्पित करता हूं। उसने उस विजय पर चार चांद लगा दिए और जिसको पराजित करना था उसी को किया आपने।

खिलाड़ी – वो पाकिस्तान की बात चल रही है, मुझे किस्सा याद आ गया सर। 2015 वर्ल्ड मिलिट्री गेम थे और मेरी पाकिस्तान के साथ पहली फाइट आ गई थी और वर्ल्ड मिलिट्री गेम थे तो मिलिट्री वाले के फोन आए कि भई पाकिस्तान से नहीं हारना है। तो फिर मैं फर्स्ट राउंड 4-1 से जीत गया। सेकंड राउंड 3-2 से जीत गया, पर दोनों के सर लग गए आपस में, तो दोनों के लग गए कट और फाइट तो मैं जीत गया।

प्रधानमंत्री – हाँ

खिलाड़ी – उसके बाद फिर दोनों चले गए हॉस्पिटल में टांके लगवाने के लिए। फिर 2014 में आप फर्स्ट टाइम प्रधानमंत्री जी बने थे और जो हमारे साथ आर्मी का कोच गया हुआ था उसका नाम नरेंद्र राणा था और फिर वो कई देर तक सोच के मेरे को बोला कि भाईजान एक बात बोलूं, मैं हां बोलो, बोला भाईजान आपका नाम नरेंद्र है। आपके कोच का नाम नरेंद्र है, आपके प्रधानमंत्री का नाम नरेंद्र है, तो मुझे नरेंद्र नाम से नफरत हो गई है।

प्रधानमंत्री – सिर्फ आपने मेडल की संख्या बढ़ाई ऐसा नहीं है। आपने एक पीढ़ी को तैयार किया।

खिलाड़ी – मेरे मन में भी धक-धक धक-धक हो रहा है सर।

प्रधानमंत्री – आप चिंता मत कीजिए।

खिलाड़ी – पर..

प्रधानमंत्री – आप चाहें तो आपको बोलने में भी मेडल मिलने वाला है।

खिलाड़ी – मेरे फ्रेंड सर्कल में किसी ने बोला था कि मैं उनको कुछ बोलती थी भई तुम्हारे अच्छे के लिए तुम करो। तो अक्सर मुझे वो बोलते थे कि तू के मोदी ते मिल रही है?

प्रधानमंत्री – हाँ

खिलाड़ी – हरियाणवी में बोल देते हैं सर कि क्या तू मोदी से मिली हुई है, कि तेरी बात माने। तो आज मैं आपसे मिली हूं सर। मैं उनको बोल पाऊंगी कि हां मैं मोदी जी से मिली हूं।

खिलाड़ी – कॉमनवेंल्थ गेम्स में मैंने सिल्वर मेडल जीता, फिर मैंने क्रेडिट साहब को दिया, सपना तो था एक बार मेडल जीत के लेके आने के लिए, बट ट्रेनिंग का सेंटर नहीं था, मैंने SAI आने के बाद मैं बहुत ट्रेनिंग करके मेडल जीत पा रहा, इसलिए बहुत खुशी से मैंने सर को क्रेडिट दिया था क्योंकि बहुत इंप्रूव हुआ।

प्रधानमंत्री – मेरे लिए बहुत बड़ा सम्मान का विषय है, मेहनत आपने की और मुझे याद किया, मैं आपका बहुत आभारी हूं दोस्त।

प्रधानमंत्री – वाराणसी में खेल तुम प्रैक्टिस कर रही थी ना?

खिलाड़ी – जी सर।

प्रधानमंत्री – कैसा बना है स्टेडियम?

खिलाड़ी – सर अच्छा बना है, वहां पर मैं 10-12 दिन के लिए ट्रेनिंग करने गई थी, क्योंकि मैं मंदिर गई थी तो वहां पर ही ट्रेनिंग करके आई थी। और मैं वहां पे मतलब सेटल भी होना चाहती हूं क्योंकि मुझे काशी विश्वनाथ बहुत अच्छा लगता है सर।

प्रधानमंत्री – भोपाल में ट्रेनिंग कर रही थी ना?

खिलाड़ी – जी सर।

प्रधानमंत्री – तो उज्जैन जाते थे कि नहीं?

खिलाड़ी – जी सर उज्जैन भी गई थी सर।

प्रधानमंत्री – अच्छा महाकाल के पास भी गई।

खिलाड़ी – जी सर।

प्रधानमंत्री – काशी विश्वनाथ के पास हो आई एक बार।

खिलाड़ी – जी सर।

प्रधानमंत्री – सावन महीना तो अभी है।

खिलाड़ी – वहां घर जाके फिर उसके बाद जाऊंगी सर।

प्रधानमंत्री – ठीक है।

खिलाड़ी – साई ने भी सर बहुत सपोर्ट किया है मुझे। इसके कारण ही मैं यहां तक पहुंची हूं सर। और मैं खेलो इंडिया स्कीम में भी थी 2018 में जो फर्स्ट खेलो इंडिया हुआ था, उसमें मेरा सिल्वर मेडल था, वहां पे भी मैंने आपको देखा था ओपनिंग सेरेमनी में, तो उसमें मेरा मेडल था, तो मेरे को स्कीम भी मिल गया और मैं यहां तक पहुंची हूं सर।

प्रधानमंत्री – स्पोर्ट्स व्यवस्था एक बात है, लेकिन देश मेडल तब प्राप्त करता है जब देश में स्पोर्ट्स कल्चर बनता है। दोस्तों आपने बहुत बड़ा काम किया है। देश का नाम रोशन किया है। आपको मैं बहुत बधाई देता हूं और आप विश्वास कीजिए आगे भी आप विजयी होंगे और फिर से एक बार यहीं पर हम मिलेंगे। बहुत-बहुत धन्यवाद। बहुत-बहुत शुभकामनाएं।

प्रधानमंत्री – ये लगातार तीसरी बार देश को मेडल दिलवाया है।

खिलाड़ी – थैंक यू सर।

प्रधानमंत्री – बहुत आशीर्वाद बेटा।

खिलाड़ी – और थैंक यू सो मच मैं सर के हाथ से लड्डू खा रही मेरा कल बर्थडे था तो आज सर के हाथ से…

प्रधानमंत्री – बहुत बधाई वाह।

प्रधानमंत्री – मुस्कुराओ यार ।

प्रधानमंत्री – जो खेलेगा वो खिलेगा।