স্মাৰক ডাক টিকট উন্মোচন
“বাংগালুৰুৰ আকাশে নতুন ভাৰতৰ সামৰ্থ্যৰ সাক্ষ্য বহণ কৰিছে। এই নতুন উচ্চতা হৈছে নতুন ভাৰতৰ বাস্তৱতা”
“কৰ্ণাকটৰ যুৱ-প্ৰজন্মই তেওঁলোকৰ প্ৰযুক্তি সম্পৰ্কীয় দক্ষতা দেশক শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিত”
“দেশখনে যেতিয়া নতুন চিন্তাৰে, নতুন দৃষ্টিভংগীৰে আগবঢ়ে তেতিয়া ইয়াৰ ব্যৱস্থাৱলীয়ো নতুন চিন্তাধাৰাৰে সলনি হ’বলৈ আৰম্ভ কৰে”
“আজি, এৰ’ ইণ্ডিয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, ই কেৱল প্ৰতিৰক্ষা উদ্যোগৰ পৰিসৰকে প্ৰদৰ্শিত নকৰে, বৰঞ্চ ই ভাৰতৰ আত্মবিশ্বাসকো প্ৰদৰ্শিত কৰে”
“একবিংশ শতিকাৰ নতুন ভাৰতে কোনো সুযোগকে হাতচাৰা কৰিব নোৱাৰে, নাইবা ইয়াত প্ৰয়াসৰ অভাৱ হয়”
“ভাৰতে প্ৰতিৰক্ষা সামগ্ৰীৰ সৰ্ববৃহত্ নিৰ্মাণকাৰী দেশসমূহৰ তালিকাত অনুৰ্ভুক্ত হোৱাৰ বাবে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি যাব আৰু এই ক্ষেত্ৰত আমাৰ ব্যক্তিগত খণ্ড আৰু বিনিয়োগকাৰীসকলে এক ডাঙৰ ভূমিকা পালন কৰিব”
“আজিৰ ভাৰতে দ্ৰুত গতিৰে চিন্তা কৰে, দূৰলৈকে চিন্তা কৰে আৰু সিদ্ধান্ত লয়”
“এৰ’ ইণ্ডিয়া’ৰ গম্ভীৰ গৰ্জনে ভাৰতৰ সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ বাৰ্তাকে প্ৰতিধ্বনিত কৰে”

আজিৰ এই গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত উপস্থিত আছে কৰ্ণাটকৰ ৰাজ্যপাল, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী, মোৰ আন-আন কেবিনেট সতীৰ্থসকল, বহিঃৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, উদ্যোগৰ সন্মানীয় প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!

এৰ’ ইণ্ডিয়াৰ ৰোমাঞ্চকৰ মুহূৰ্তসমূহ প্ৰত্যক্ষ কৰি থকা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। বেংগালুৰুৰ আকাশে আজি নৱ্য ভাৰতৰ সম্ভাৱনাৰ সাক্ষী হৈছে। নতুন শিখৰ যে নৱ্য ভাৰতৰ বাস্তৱতা, আজি বেংগালুৰুৰ আকাশে তাৰেই সাক্ষ্য বহন কৰিছে। আজি দেশখনে নতুন শিখৰ স্পৰ্শকৰণৰ লগতে এইসমূহ স্কেলিঙো কৰিছে।

বন্ধুসকল,

এৰ’ ইণ্ডিয়াৰ এই অনুষ্ঠান হৈছে ভাৰতৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ নিদৰ্শন। এৰ’ ইণ্ডিয়াত বিশ্বৰ প্ৰায় ১০০ খন দেশৰ উপস্থিতিয়ে ভাৰতৰ প্ৰতি বিশ্বৰ ক্ৰমবৰ্ধমান বিশ্বাসকে প্ৰমাণ কৰে। ইয়াত ভাৰত আৰু বিদেশৰ ৭০০ ৰোধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিছে। এই পৰিসংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। ভাৰতীয় এমএছএমই, থলুৱা ষ্টাৰ্ট-আপ আৰু সুপৰিচিত বৈশ্বিক কোম্পানীসমূহে এৰ’ ইণ্ডিয়াত অংশগ্ৰহণ কৰিছে। এক প্ৰকাৰে এৰ’ ইণ্ডিয়াৰ থিম ‘দ্য ৰাণৱে’ টু এ বিলিয়ন অপৰচুনিটিজ’ ভূমিৰপৰা আকাশলৈকে সকলোতে দৃশ্যমান হৈছে। 'আত্মনিৰ্ভৰ ভাৰত'ৰ এই সম্ভাৱনা এনেদৰে বাঢ়ি যোৱাৰ কামনা কৰিলো।

বন্ধুসকল,

এৰ’ ইণ্ডিয়াৰ লগতে ইয়াত ‘প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ কনক্লেভ’ আৰু ‘চিইঅ’সকলৰ ৰাউণ্ডটেবুল’ৰো আয়োজন কৰা হৈছে। বিশ্বৰ ভিন্ন দেশৰ চিইঅ’সকলৰ সক্ৰিয় অংশগ্ৰহণে এৰ’ ইণ্ডিয়াৰ বৈশ্বিক সম্ভাৱনা বৃদ্ধিত সহায় কৰিব। লগতে বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে ভাৰতৰ বিশ্বাসযোগ্য অংশীদাৰিত্বক আগুৱাই নিয়াৰ মাধ্যমত পৰিণত হ’ব। এই সকলোবোৰ পদক্ষেপৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু উদ্যোগৰ সহযোগীসকলক অভিনন্দন জনাইছো।

বন্ধুসকল,

এৰ’ ইণ্ডিয়াৰ গুৰুত্ব আন এক দৃষ্টিকোণৰেও অতিশয় গুৰুত্বপূৰ্ণ হৈ উঠিছে। প্ৰযুক্তিৰ জগতখনত বিশেষজ্ঞতা থকা ৰাজ্য কৰ্ণাটকত এয়া অনুষ্ঠিত হৈছে। ইয়াৰদ্বাৰা মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডত নতুন সুযোগৰ সৃষ্টি হ’ব। ইয়াৰদ্বাৰা কৰ্ণাটকৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সম্ভাৱনা মুকলি হ’ব। লগতে কৰ্ণাটকৰ যুৱক-যুৱতীসকলক প্ৰযুক্তিৰ ক্ষেত্ৰত থকা তেওঁলোকৰ বিশেষজ্ঞতাক প্ৰতিৰক্ষা খণ্ডটোত দেশৰ শক্তি হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছো। এই সুযোগসমূহৰ সুবিধা গ্ৰহণ কৰিলে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নতুন উদ্ভাৱনৰ পথ অধিক মুকলি হ’ব।

বন্ধুসকল,

এখন দেশে নতুন চিন্তা আৰু নতুন দৃষ্টিভংগীৰে আগবাঢ়ি যোৱা মাত্ৰেকে ইয়াৰ ব্যৱস্থাসমূহো সেই অনুসৰি সলনি হ’বলৈ আৰম্ভ কৰে। এৰ’ ইণ্ডিয়াৰ এই কাৰ্য্যসূচীয়ে আজি নৱ্য ভাৰতৰ নতুন দৃষ্টিভংগীকো প্ৰতিফলিত কৰিছে। এটা সময়ত ইয়াক কেৱল এটা শ্ব’ বুলি গণ্য কৰা হৈছিল। যোৱা কেইবছৰমানৰপৰা দেশখনত এই ধাৰণাৰো সলনি হৈছে। আজি এৰ’ ইণ্ডিয়া কেৱল এটা শ্ব’য়েই নহয়; ই ভাৰতৰ শক্তিও। আজি ই কেৱল ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰতেই নহয়, আত্মবিশ্বাসৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কাৰণ আজি ভাৰত কেৱল বিশ্বৰ প্ৰতিৰক্ষা কোম্পানীসমূহৰ বজাৰেই নহয়। ভাৰত আজি এক সম্ভাৱ্য প্ৰতিৰক্ষা অংশীদাৰো। এই অংশীদাৰিত্ব প্ৰতিৰক্ষা খণ্ডত বহু আগবাঢ়ি থকা দেশসমূহৰ সৈতেও। নিজৰ প্ৰতিৰক্ষা প্ৰয়োজনীয়তাৰ বাবে নিৰ্ভৰযোগ্য অংশীদাৰ বিচৰা দেশসমূহৰ বাবে ভাৰতে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমাৰ প্ৰযুক্তি ব্যয়সাশ্ৰয়ী হোৱাৰ লগতে এই দেশসমূহৰ বাবে বিশ্বাসযোগ্য হৈ উঠিছে। ভাৰতত আপোনালোকে ‘শ্ৰেষ্ঠ উদ্ভাৱন’ বিচাৰি পাব আৰু আপোনালোকৰ সন্মুখত ‘সৎ অভিপ্ৰায়’ য়ে দেখা দিছে।

বন্ধুসকল,

আমাৰ দেশত এষাৰ কথা প্ৰচলিত- “প্ৰত্যক্ষম কিম প্ৰমাণম”। অৰ্থাৎ স্বতঃস্ফূৰ্ত হ’লে কোনো প্ৰমাণৰ প্ৰয়োজন নাই। আজি আমাৰ সফলতা ভাৰতৰ সম্ভাৱনা আৰু সামৰ্থ্যৰ প্ৰমাণ। আজি আকাশত গৰ্জন কৰা তেজচ যুদ্ধ বিমান ‘মেক ইন ইণ্ডিয়া’ৰ শক্তিৰ প্ৰমাণ। আজি ভাৰত মহাসাগৰত থকা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্ত ‘মেক ইন ইণ্ডিয়া’ৰ সম্প্ৰসাৰণৰ সাক্ষ্য। গুজৰাটৰ বড়োদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ সুবিধাই হওঁক বা টুমাকুৰুৰ এইচএএলৰ হেলিকপ্টাৰ ইউনিটেই হওঁক, এই সকলোবোৰ হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ সূচক য’ত ভাৰতৰ লগতে বিশ্বৰ বাবেও নতুন বিকল্প আৰু উন্নত সুযোগ আছে।

বন্ধুসকল,

একবিংশ শতিকাৰ নৱ্য ভাৰতে কোনো সুযোগ হেৰুৱাব নোৱাৰিব আৰু কোনো প্ৰচেষ্টাৰ অভাৱো নাথাকিব। আমি সাজু হৈ আছো। সংস্কাৰৰ পথত আমি প্ৰতিটো খণ্ডতে বিপ্লৱৰ সূচনা কৰিছো। দশক-দশক ধৰি সৰ্বাধিক প্ৰতিৰক্ষা আমদানিকাৰী হিচাপে পৰিগণিত হোৱা দেশখনে এতিয়া বিশ্বৰ ৭৫ খন দেশলৈ প্ৰতিৰক্ষা আহিলা ৰপ্তানি কৰিছে। বিগত পাঁচ বছৰত দেশখনৰ প্ৰতিৰক্ষা ৰপ্তানি ৬ গুণ বৃদ্ধি পাইছে। ২০২১-২২ ত আমি ১.৫ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ প্ৰতিৰক্ষা আহিলা ৰপ্তানি কৰিছো।

বন্ধুসকল,

আপোনাসৱৰ জ্ঞাত যে প্ৰতিৰক্ষা এনে এক ক্ষেত্ৰ যাৰ প্ৰযুক্তি, বজাৰ আৰু ব্যৱসায় অতিশয় জটিল বুলি গণ্য কৰা হয়। ইয়াৰ পিছতো ভাৰতে বিগত ৮-৯ বছৰৰ ভিতৰত নিজৰ প্ৰতিৰক্ষা খণ্ডৰ পৰিৱৰ্তন ঘটাইছে। অৱশ্যে আমি ইয়াক আৰম্ভণিহে বুলি গণ্য কৰো। আমি ২০২৪-২৫ ৰ ভিতৰত এই ৰপ্তানিৰ পৰিসংখ্যা ১.৫ বিলিয়ন ডলাৰৰপৰা ৫ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। এই সময়ছোৱাত গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিয়ে ভাৰতৰ বাবে লঞ্চ পেড হিচাপে কাম কৰিব। ভাৰতে এতিয়া বিশ্বৰ সৰ্বাধিক প্ৰতিৰক্ষা উৎপাদনকাৰী দেশসমূহৰ সৈতে যোগদান কৰিবলৈ ক্ষীপ্ৰতাৰে আগবাঢ়িব। এই ক্ষেত্ৰত আমাৰ ব্যক্তিগত খণ্ড আৰু বিনিয়োগকাৰী উভয়েই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আজি মই ভাৰতৰ ব্যক্তিগত খণ্ডটোক ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত যিমান পাৰি বিনিয়োগ কৰিবলৈ আহ্বান জনাইছো। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আপোনালোকৰ প্ৰতিটো বিনিয়োগে ভাৰতৰ বাহিৰেও বিশ্বৰ বহু দেশত আপোনালোকৰ ব্যৱসায়ৰ বাবে নতুন পথ প্ৰশস্ত কৰিব। আপোনাসৱৰ সন্মুখত নতুন সম্ভাৱনা আৰু সুযোগ আছে। ভাৰতৰ ব্যক্তিগত খণ্ডই এই সুযোগ এৰি নিদিব।

বন্ধুসকল,

‘অমৃত কাল’ৰ ভাৰতখনি যুদ্ধ বিমানৰ পাইলটৰ দৰে আগবাঢ়িছে। নতুন শিখৰত আৰোহন কৰিবলৈ ভয় নকৰা দেশ, অধিক উচ্চতাত উৰিবলৈ ব্যাকুল দেশ। আজিৰ ভাৰতে আকাশত উৰি থকা যুঁজাৰু পাইলটৰ দৰে ক্ষীপ্ৰতাৰে চিন্তা কৰে, বহু আগুৱাই চিন্তা কৰে আৰু ক্ষীপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতৰ গতি যিমানেই দ্ৰুত নহওঁক কিয়, ই সদায়েই নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকে, স্থলৰ পৰিস্থিতিৰ প্ৰতি সদা সচেতন। আমাৰ পাইলটসকলেও সেইটোৱেই কৰে।

এৰ’ ইণ্ডিয়াৰ কাণ বন্ধ কৰিবলগীয়া গৰ্জনতো ভাৰতৰ ‘ৰিফৰ্ম, পাৰফৰ্ম এণ্ড ট্ৰেন্সফৰ্ম’ৰ প্ৰতিধ্বনি অনুৰণিত হৈছে। আজি যি ধৰণৰ নিৰ্ণায়ক চৰকাৰ, যি ধৰণৰ সুস্থিৰ নীতি, যি ধৰণৰ নীতিৰ স্পষ্ট উদ্দেশ্য ভাৰতৰ আছে, সেয়া অভূতপূৰ্ব। ভাৰতৰ এই সহায়ক পৰিবেশৰ সম্পূৰ্ণ সুবিধা প্ৰতিজন বিনিয়োগকাৰীয়ে গ্ৰহণ কৰা উচিত। আপোনাসৱে এইটোও দেখিছে যে ভাৰতত ইজ অৱ ডুয়িং বিজনেছৰ অৰ্থে সংস্কাৰ সম্পৰ্কে আজি সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। বিশ্ব বিনিয়োগ আৰু ভাৰতীয় উদ্ভাৱনৰ বাবে অনুকূল পৰিবেশ সৃষ্টিৰ বাবে আমি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছো। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ অনুমোদনৰ নিয়মসমূহ সৰল কৰা হৈছে। এতিয়া স্বয়ংক্ৰিয় পথৰ জৰিয়তে বহু খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ অনুমোদন লাভ কৰা গৈছে। আমি উদ্যোগসমূহক অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটো সৰল কৰি দিছো, ইয়াৰ বৈধতা বৃদ্ধি কৰিছো যাতে বাৰে-বাৰে একে প্ৰক্ৰিয়া সম্পন্ন কৰিবলগীয়া নহয়। ১০-১২ দিন পূৰ্বে দাখিল কৰা ভাৰতৰ বাজেটতো উৎপাদন কোম্পানীসমূহে লাভ কৰা কৰৰ সুবিধাৰ বৰ্ধন ঘটোৱা হৈছে। প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত কোম্পানীসমূহেও এই পদক্ষেপৰ জৰিয়তে লাভান্বিত হ’বলৈ আগবাঢ়িছে।

বন্ধুসকল,

স্বাভাৱিক নীতি অনুসৰি চাহিদা, সামৰ্থ্য আৰু অভিজ্ঞতা সম্পন্ন এখন দেশৰ উদ্যোগৰ অধিক বৰ্ধন ঘটে। মই আপোনালোকক ভাৰতত প্ৰতিৰক্ষা খণ্ডটোক সুদৃঢ়কৰণৰ প্ৰক্ৰিয়াই অধিক গতি লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰিছো। আমি একেলগে এই দিশত আগবাঢ়িব লাগিব। মই নিশ্চিত যে ভৱিষ্যতে আমি এৰ’ ইণ্ডিয়াৰ অধিক ভৱিষ্যদ্বাণীমূলক অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ পাম। ইয়াৰ লগে-লগে আকৌ এবাৰ আপোনালোক সকলোকে অশেষ ধন্যবাদ আৰু শুভেচ্ছা জনালো! ভাৰত মাতা কী – জয়!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India

Media Coverage

One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India