শিৱমোগ্গা বিমান বন্দৰো উদ্বোধন কৰে
দুটা ৰেল প্ৰকল্প আৰু একাধিক পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
বহু-গাওঁ আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
৪৪ টা স্মাৰ্ট চিটি প্ৰকল্প উদ্বোধন কৰে
"ই কেৱল বিমান বন্দৰেই নহয়, এনে এক অভিযান য'ত যুৱ প্ৰজন্মৰ সপোনবোৰ সাকাৰ হ'ব পাৰে"
"কৰ্ণাটকৰ প্ৰগতিৰ পথ ৰে'লৱে, পথ, বায়ুপথ আৰু আইৱেৰ অগ্ৰগতিৰ জৰিয়তে প্ৰশস্ত হৈছে"
"শিৱমোগ্গাত বিমান বন্দৰ এনে এক সময়ত উদ্বোধন কৰা হৈছে যি সময়ত ভাৰতত বিমান যাত্ৰাৰ প্ৰতি উৎসাহ সৰ্বকালৰ সৰ্বোচ্চ স্তৰত আছে"
"আজি এয়াৰ ইণ্ডিয়াক নতুন ভাৰতৰ সম্ভাৱনা হিচাপে স্বীকৃতি দিয়া হৈছে য'ত ই সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰিছে"
"ভাল যাতায়াত ব্যৱস্থাৰ সৈতে আন্তঃগাঁথনিয়ে সমগ্ৰ অঞ্চলটোত নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবলৈ গৈ আছে"
"ডাবল ইঞ্জিনৰ এইখন চৰকাৰ গাঁৱৰ চৰকাৰ, দৰিদ্ৰৰ চৰকাৰ, আমাৰ মাতৃ আৰু ভগ্নীৰ চৰকাৰ"

কৰ্ণাটকা দা,

এল্লা সহোদৰা সহোদৰীয়াৰিগা, নন্না নমস্কাৰাগলু!

সিৰিগন্নডম গল্গে, সিৰিগন্নডম্ বাল্গে

জয় ভাৰত জননীয় তনুজাতে!

জয়া হে কৰ্ণাটকা মাতে!

‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰতি এনে সমৰ্পণ থকা ৰাষ্ট্ৰকবি কুভেম্পুৰ দেশলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছো। আজি মই পুনৰ এবাৰ কৰ্ণাটকৰ উন্নয়নৰ সৈতে সম্পৰ্কিত কেবা হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য লাভ কৰিছো।

মই এই মুহূৰ্তত শিৱামোগাত আছোঁ আৰু ইয়াৰ পৰা মই বেলাগাৱিলৈ যাব লাগিব। আজি শিমোগাই নিজা বিমানবন্দৰ লাভ কৰিছে। দীৰ্ঘদিন ধৰি কৰি অহা দাবীটো আজি পূৰণ হৈছে। শিমোগা বিমানবন্দৰটো বিশাল পৰিসৰত আৰু অতি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰটোৰ নিৰ্মাণত কৰ্ণাটকৰ পৰম্পৰাগত শৈলী  আৰু প্ৰযুক্তিৰ এক আশ্চৰ্যকৰ সঙ্গমো দেখিবলৈ পোৱা গৈছে। আৰু এয়া কেৱল বিমানবন্দৰেই নহয়, ই হৈছে এই অঞ্চলৰ যুৱপ্ৰজন্মই সপোনবোৰক ডেউকা মেলি উৰিবলৈ দিয়াৰ এক নতুন অভিযান। আজি পথ আৰু ৰে'ল সম্পৰ্কীয় বহুকেইটা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। প্ৰতিটো ঘৰলৈ নলৰ পানী প্ৰদান প্ৰকল্পৰ কামো আৰম্ভ কৰা হৈছে। এনে প্ৰতিটো উন্নয়নমূলক প্ৰকল্পৰ বাবে মই শিমোগা আৰু ইয়াৰ চৌদিশৰ সকলো জিলাৰ নাগৰিকসকলক অভিনন্দন জনাইছো।

বন্ধুসকল,

আজিৰ দিনটো আন এটা কাৰণৰ বাবেও এটা বিশেষ দিন। আজি কৰ্ণাটকৰ জনপ্ৰিয় গণনেতা বি.এছ. য়েদিয়ুৰাপ্পাজীৰ জন্মদিন। মই তেওঁৰ দীৰ্ঘজীৱনৰ বাবে প্ৰাৰ্থনা জনাইছো। তেওঁ দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে, কৃষকসকলৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। যোৱা সপ্তাহত কৰ্ণাটক বিধানসভাত য়েদিয়ুৰাপ্পাজীয়ে যিটো ভাষণ প্ৰদান কৰিছিল সেয়া হৈছে ৰাজহুৱা জীৱনত কৰ্মৰত প্ৰতিগৰাকী ব্যক্তিৰ বাবেই অনুপ্ৰেৰণাস্বৰূপ। সফলতাৰ এই উচ্চতাত উপনীত হোৱাৰ পিছতো কেনেদৰে আচৰণত নম্ৰ হৈ থকা উচিত সেয়া আমাৰ দৰে সকলোকে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও য়েদিয়ুৰাপ্পাজীৰ এই ভাষণে, তেওঁৰ জীৱনে সদায় অনুপ্ৰাণিত কৰি থাকিব।

বন্ধুসকল,

আপোনালোক সকলোকে মই এটা অনুৰোধ জনাব খুজিছো, আপোনালোকে ৰাখিব নে? যদি আপোনালোকৰ ওচৰত মোবাইল ফোন আছে, তেন্তে ম'বাইল ফোনবোৰ উলিয়াওক আৰু ইয়াৰ ফ্লেছ লাইটবোৰ জ্বলাই লওক আৰু য়েদিয়ুৰাপ্পাজীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। য়েদিয়ুৰাপ্পাজীক সন্মান জনাই সকলোৱে মোবাইলৰ ফ্লেছ লাইট জ্বলোৱা উচিত। আমি য়েদিয়ুৰাপ্পাজীৰ বাবে ফ্লেছ জ্বলোৱা উচিত। ৫০-৬০ বছৰজোৰা ৰাজহুৱা জীৱন, তেওঁৰ সম্পূৰ্ণ যৌৱন এটা বিচাৰধাৰাৰ বাবে সমৰ্পিত কৰিছিল। সকলোৱে তেওঁলোকৰ মোবাইল ফোনবোৰৰ ফ্লেছ লাইট অন কৰি সন্মানীয় য়েদিয়ুৰাপ্পাজীক সন্মান কৰা উচিত নহয়নে। সুন্দৰ, সন্দৰ। ‘ভাৰত মাতা কী জয়’। যেতিয়া মই বিজেপি চৰকাৰৰ সময়ত হোৱা কৰ্ণাটকৰ উন্নয়নী যাত্ৰালৈ চাওঁ, মই বিচাৰি পাওঁ: কৰ্ণাটক, অভিবৃদ্ধিয়া ৰথাদা, মেলে! ই ৰাথাৱু, প্ৰগতিয়া পথাদা মেলে!

যোৱা কেইবছৰমানত কৰ্ণাটকৰ বিকাশ, বিকাশৰ ৰথত উঠি ত্বৰান্বিত হৈছে। এইখন বিকাশৰ ৰথ প্ৰগতিৰ পথত চেঁকুৰিবলৈ লৈছে। এয়া হৈছে প্ৰগতি পথ, ৰে’লপথ, পথ, বায়ুপথ আৰু ‘আইৱে’ অৰ্থাৎ ডিজিটেল সংযোগৰ।

বন্ধুসকল,

আমি সকলোৱে জানো যে গাড়ীয়েই হওঁক বা চৰকাৰেই হওঁক, যেতিয়া ‘ডাবল ইঞ্জিন’ সংযোজিত কৰা হয়, ইয়াৰ গতি বহুগুণে বৃদ্ধি হয়। কৰ্ণাটকৰ ‘অভিবৃদ্ধিৰ ৰথ’ এনেকৈয়ে ‘ডাবল ইঞ্জিন’ত চলি আছে, আৰু দ্ৰুতগতিৰে চলি আছে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে আন এটা ডাঙৰ পৰিৱৰ্তনো আনিছে। ইয়াৰ আগতে, যেতিয়া কৰ্ণাটকৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা হৈছিল, ই কেৱল ডাঙৰ চহৰসমূহতে সীমাবদ্ধ আছিল। কিন্তু ‘ডাবল ইঞ্জিন’ চৰকাৰে এই উন্নয়ন কৰ্ণাটকৰ গাওঁসমূহলৈ, ‘পৰ্যায়-২ চহৰ’, ‘পৰ্যায়-৩ চহৰ’লৈ লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছে। শিমোগাৰ বিকাশ এই চিন্তাধাৰাৰে ফল।

ভাই-ভনীসকল,

শিমোগাৰ এই বিমানবন্দৰটো এনে এটা সময়ত আৰম্ভ কৰা হৈছে যি সময়ত ভাৰতত বিমান ভ্ৰমণক লৈ যথেষ্ট উৎসাহজনক পৰিৱেশ এটাৰ সৃষ্টি হৈছে। আপোনালোকে নিশ্চয় শেহতীয়াকৈ দেখিছে যে ‘এয়াৰ ইণ্ডিয়া’ই বিমান ক্ৰয় সন্দৰ্ভত বিশ্বৰ সৰ্ববৃহৎ চুক্তি সম্পাদন কৰিছে। ২০১৪ চনৰ আগতে যেতিয়াই ‘এয়াৰ ইণ্ডিয়া’ৰ বিষয়ে আলোচনা কৰা হৈছিল, সেই আলোচনা প্ৰায়েই নেতিবাচক বাতৰিৰহে আছিল। কংগ্ৰেছৰ শাসনকালত, এয়াৰ ইণ্ডিয়াই কেলেংকাৰীৰ উত্স হিচাপেহে পৰিচিতি লাভ কৰিছিল, ব্যৱসায়িক লোকচানৰ নিদৰ্শন হৈ উঠিছিল। আজি ‘এয়াৰ ইণ্ডিয়া’ই ভাৰতৰ নতুন সামৰ্থ্য হিচাপে, বিশ্বত নতুন উচ্চতাৰে নতুন ডেউকা মেলি উৰা মাৰিবলৈ ধৰিছে।

আজি সমগ্ৰ বিশ্বতে ভাৰতৰ বিমান-বজাৰৰ ডংকা বাজিবলৈ  ধৰিছে। আগন্তুক সময়ত ভাৰতত হাজাৰ হাজাৰ বিমানৰ প্ৰয়োজন হ'ব। এই বিমানসমূহত কাম কৰিবলৈ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ প্ৰয়োজন হ'ব। এই মুহূৰ্তত, যদিও আমি এই বিমানবোৰ বিদেশৰ পৰা আমদানি কৰি আছো, পিচে, ভাৰতৰ নাগৰিকসকলে ‘মে’ড ইন ইণ্ডিয়া’ বিমানৰ যাত্ৰী হৈ ভ্ৰমণ কৰিব পৰা দিনটো আহিবলৈ আৰু হয়তো বেছি পৰ নাই। বিমান পৰিবহণ খণ্ডত নিযুক্তিৰ বিশাল সম্ভাৱনাৰ সৃষ্টি হ’ব।

বন্ধুসকল,

আজি ভাৰতত বিমান ভ্ৰমণৰ পৰিসৰ বিস্তৃত হোৱাৰ আঁৰত বিজেপি চৰকাৰৰ নীতি আৰু সিদ্ধান্তসমূহ আছে। ২০১৪ চনৰ আগতে, দেশৰ কেৱল ডাঙৰ চহৰসমূহতহে বিমানবন্দৰ নিৰ্মাণত গুৰুত্ব দিয়া হৈছিল। সৰু চহৰবোৰো বিমানপথেৰে সংযুক্ত হ'ব লাগে তেনে চিন্তা কংগ্ৰেছে কৰা নাছিল। আমি এই পৰিস্থিতিটো সলনি কৰাৰ সিদ্ধান্ত লৈছিলো। ২০১৪ চনত দেশত ৭৪টা বিমানবন্দৰ আছিল। অৰ্থাৎ, স্বাধীনতাৰ সাত দশকৰ পাছতো দেশখনত মাত্ৰ ৭৪টাহে বিমানবন্দৰ আছিল। আনহাতে, বিজেপি চৰকাৰে ইয়াৰ ৯বছৰীয়া কাৰ্যালত আৰু ৭৪টা নতুন বিমানবন্দৰ নিৰ্মাণ কৰিছে। দেশৰ বহুতো সৰু চহৰৰো এতিয়া নিজা আধুনিক বিমানবন্দৰ আছে। বিজেপি চৰকাৰৰ কাম কৰাৰ গতিবেগ আপোনালোকে কল্পনা কৰকচোন। দৰিদ্ৰলোকসকলৰ বাবে কাম কৰা বিজেপি চৰকাৰে আৰু এটা ডাঙৰ কাম কৰিছে। আমি আনকি ‘হাৱাই চেণ্ডেল’ পিন্ধা সকলেও বিমানেৰে ভ্ৰমণ কৰিব পৰাকৈ এক ব্যৱস্থা গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো। সেইকাৰণেই আমি অতি কম মূল্যতে বিমান টিকট দিবলৈ ‘উড়ান আঁচনি’খন আৰম্ভ কৰিছিলো। আজি, যেতিয়া মই বহুতো দৰিদ্ৰ ভাই-ভনীক প্ৰথমবাৰৰ বাবে বিমানত উঠি ভ্ৰমণ কৰা দেখো তেতিয়া সিয়ে মোক সন্তুষ্টি প্ৰদান কৰে। শিমোগাৰ এই বিমানবন্দৰটোও ইয়াৰ সাক্ষী হৈ উঠিব।

বন্ধুসকল,

এই নতুন বিমানবন্দটোৱে প্ৰকৃতি, সংস্কৃতি আৰু কৃষিৰ ভূমি শিমোগাৰ বাবে উন্নয়নৰ এক নতুন দুৱাৰ মুকলি কৰিবলৈ গৈ আছে। শিমোগা হৈছে ‘পশ্চিমঘাট’ৰ বাবে বিখ্যাত ‘মলে-নাডু’ৰ প্ৰৱেশদ্বাৰ। যেতিয়া প্ৰকৃতিৰ কথা আহে তেতিয়া ইয়াৰ সেউজ বনানী, বন্যপ্ৰাণী অভয়াৰণ্য, নদী আৰু পৰ্বতবোৰ আক্ষৰিক অৰ্থতে আশ্চৰ্যজনক। আপোনালোকৰ কাষত বিখ্যাত যোগ জলপ্ৰপাতো আছে। বিখ্যাত ‘এলিফেণ্ট কেম্প’ আছে, সিংহধামৰ দৰে ‘লায়ন চাফাৰী’ আছে। কোনেনো বাৰু আগুম্বে পৰ্বতৰ সূৰ্যাস্ত উপভোগ কৰিবলৈ নিবিচাৰে? ইয়াততো এটা প্ৰবাদেই আছে, 'গংগা স্নানা, তুঙ্গ পানা'। যিসকলে গঙ্গাস্নান কৰা নাই আৰু তুঙ্গা নদীৰ পানী খোৱা নাই তেনে ব্যক্তিৰ জীৱন কিবা নহয় কিবা প্ৰকাৰে অসম্পূৰ্ণ হৈ ৰয়।

বন্ধুসকল,

যেতিয়া আমি সংস্কৃতিৰ কথা কওঁ, শিমোগাৰ মিঠা পানীয়ে ৰাষ্ট্ৰকবি কুভেম্পুৰ কথামৃতৰ সোৱাদ প্ৰৱাহিত কৰিছে। পৃথিৱীৰ একমাত্ৰ সংস্কৃত গাওঁ- মত্তৰু এইখন জিলাতে আছে। আৰু তালৈতো ইয়াৰ বেছি দূৰ নহয়। দেৱী সিংধুৰু চাদেশ্বৰী, শ্ৰীকোট অঞ্জনেয়া, শ্ৰী শ্ৰীধৰ স্বামীজীৰ আশ্ৰম, বিশ্বাস আৰু আধ্যাত্মিকতাৰ সৈতে সম্পৰ্কিত এনে ঠাইবোৰো শিমোগাতে আছে। শিমোগাৰ ইচুৰু গাওঁ, য'ত ব্ৰিটিছৰ বিৰুদ্ধে "য়েচুৰু বিট্টুৰু-ইচুৰু বিদেৱু" শ্লোগান প্ৰতিধ্বনিত হৈছিল, আমাৰ সকলোৰে বাবে এয়া এক অনুপ্ৰেৰণা আছিল।

ভাই-ভনীসকল,

প্ৰকৃতি আৰু সংস্কৃতিৰ লগতে, শিমোগাৰ কৃষিও বৈচিত্ৰ্যপূৰ্ণ। য়েৰিজান হৈছে দেশৰ আটাইতকৈ উৰ্বৰ অঞ্চলসমূহৰ ভিতৰৰ এটা। ইয়াত উপলব্ধ শস্য-বৈচিত্ৰতাই এই অঞ্চলটোক কৃষি-প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰে। চাহ, তামোল, মচলাৰ পৰা বিভিন্ন ফল আৰু পাচলিলৈকে আমাৰ শিমোগাত বাহুল্যকৈ হয়। শিমোগাৰ প্ৰকৃতি, সংস্কৃতি আৰু কৃষিৰ প্ৰচাৰৰ যথেষ্ট প্ৰয়োজন আছিল। এয়া হৈছে সংযোগ, ভাল সংযোগৰ প্ৰয়োজনীয়তা। দ্বৈত ইঞ্জিন চৰকাৰে এই প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। বিমানবন্দৰ নিৰ্মাণৰ লগে লগে স্থানীয় লোকসকলে সুবিধা লাভ কৰিব, ভাৰত আৰু বিদেশৰ পৰ্যটকসকলৰ বাবে ইয়ালৈ অহাটো সহজ হ'ব। যেতিয়া পৰ্যটকসকল আহে, তেওঁলোকে তেওঁলোকৰ সৈতে ডলাৰ আৰু পাউণ্ড লৈ আহে, আৰু এক প্ৰকাৰে নিযুক্তিৰ সুযোগো তাতেই নিহিত হৈ থাকে। যেতিয়া ৰে'ল সংযোগ উন্নত হয়, সুবিধা আৰু পৰ্যটনৰ লগতে, কৃষকসকলেও নতুন বজাৰ লাভ কৰিব পৰা হয়। কৃষকসকলে তেওঁলোকৰ ফচলসমূহ কম দামতে সমগ্ৰ দেশৰ বজাৰসমূলৈ প্ৰেৰণ কৰিব পাৰে।

বন্ধুসকল,

শিমোগা-শিকাৰীপুৰা-ৰাণীবেন্নুৰ নতুন লাইন সম্পূৰ্ণ হৈ উঠিলে শিমোগা, হাৱেৰী আৰু দাৱন গেৰে জিলাও লাভান্বিত হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই পথত কোনো ‘লেভেল ক্ৰছিং’ নাথাকিব। ইয়াৰ অৰ্থ হৈছে যে ই এক সুৰক্ষিত ৰেলপথ হ'ব আৰু উচ্চ গতিবেগ সম্পন্ন ৰে'লসমূহ ইয়াৰে চলাচল কৰিব। কোটেগাংগুৰ এতিয়ালৈকে এটা সৰু ষ্টেচন আছিল। এতিয়া এটা নতুন ‘কোচিং টাৰ্মিনেল’ নিৰ্মাণৰ লগে লগে ইয়াৰ গুৰুত্ব বঢ়াৰ লগতে ইয়াৰ সামৰ্থ্যও বৃদ্ধি পাব। ইয়াক এতিয়া ৪টা ৰে'লপথ, ৩টা ‘প্লেটফৰ্ম’ আৰু এটা ‘ৰে'লৱে কোচিং ডিপো’ৰে নতুনকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে ইয়াৰ পৰা দেশৰ আন প্ৰান্তলৈ নতুন ৰে'ল চলাচল কৰিবলৈ সক্ষম হ'ব। বিমান আৰু ৰে'ল পৰিবহণৰ লগতে, এতিয়া স্থলপথটো ভাল হৈ উঠাত যুৱক-যুৱতীসকল যথেষ্ট লাভান্বিত হ'ব। শিমোগাতো হৈছে এটা শৈক্ষিক কেন্দ্ৰ। ভাল যোগাযোগৰ ব্যৱস্থা হোৱাত সমীপবৰ্তি জিলাসমূহৰ যুৱ সতীৰ্থসকলৰ ইয়ালৈ অহাটো সহজ সাধ্য হ'ব। ই নতুন ব্যৱসায়, নতুন উদ্যোগৰ বাবেও পথ মুকলি কৰিব। অৰ্থাৎ, ভাল সংযোগৰ সৈতে সম্পৰ্কিত আন্তঃগাঁথনিয়ে এই সমগ্ৰ অঞ্চলটোত নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

ভাই-ভনীসকল,

আজিৰ তাৰিখত শিমোগা আৰু এই অঞ্চলৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱন সহজ কৰি তুলিবলৈ এটা ডাঙৰ অভিযান চলি আছে। এইটো প্ৰতিটো পৰিয়ালক নলযোগে পানী যোগান ধৰাৰ এক অভিযান। শিমোগা জিলাত ৩ লাখতকৈয়ো অধিক পৰিয়াল আছে। জল জীৱন অভিযান আৰম্ভ হোৱাৰ আগতে ইয়াত প্ৰায় ৯০হাজাৰ পৰিয়ালৰ ঘৰত টেপৰ সংযোগ আছিল। দ্বৈত ইঞ্জিন চৰকাৰে এতিয়ালৈকে প্ৰায় ১.৫ লাখ নতুন পৰিয়ালক নলৰে পানী যোগানৰ সুবিধা প্ৰদান কৰিছে। বাকী পৰিয়ালবোৰকো নলৰে পানীৰ যোগান ধৰিবলৈ বহুতো প্ৰকল্পৰ কাম চলি আছে। যোৱা চাৰে তিনিটা বছৰত কৰ্ণাটকৰ ৪০ লাখ গ্ৰামীণ পৰিয়ালক নলযোগে পানী প্ৰদান কৰা হৈছে।

বন্ধুসকল

বিজেপি চৰকাৰ হৈছে গাওঁ, দৰিদ্ৰ আৰু কৃষকৰ চৰকাৰ, বিজেপি চৰকাৰ হৈছে দৰিদ্ৰলোকৰ কল্যাণৰ বাবে কাম কৰা চৰকাৰ, বিজেপি চৰকাৰ হৈছে মাতৃ আৰু ভগ্নীহঁতৰ কল্যাণৰ বাবে কাম কৰা চৰকাৰ, মাতৃ আৰু ভগ্নীৰ বাবে সুযোগ, মাতৃ আৰু ভগ্নীৰ সৱলীকৰণৰ বাবে পথ অনুসৰণ কৰা চৰকাৰ। সেয়েহে, আমি ভগ্নীসকলৰ জীৱনৰে সম্পৰ্কিত প্ৰতিটো সমস্যাকে আঁতৰাবলৈ প্ৰচেষ্টা চলাই আহিছো। শৌচালয়, পকীঘৰ, পাকঘৰৰ গেছ বা টেপৰ পানী, এই সমূহ সুবিধাৰ অনুপস্থিতিয়ে আমাৰ ভগ্নী আৰু ছোৱালীহঁতক আটাইতকৈ অধিক পৰিমাণে আমনি কৰি আহিছিল। আজি আমি এইবোৰ দূৰ কৰি আহিছো। জল জীৱন মিছনৰে ডাবল ইঞ্জিন চৰকাৰে প্ৰতিখন ঘৰলৈ পানীৰ যোগান দিয়াৰ বাবে সততাৰে প্ৰয়াস কৰি আহিছে।

বন্ধুসকল,

কৰ্ণাটকৰ মানুহে ভালদৰেই জানে যে ভাৰতৰ এই অমৃত কাল হৈছে এক উন্নত ভাৰত গঢ়ি তোলাৰ সময়। স্বাধীনতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে সুযোগ আহিছে। প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ কথা গুঞ্জৰিত হ’বলৈ ধৰিছে। সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলে ভাৰতলৈ আহিব বিচাৰিছে। আৰু যেতিয়া বিনিয়োগ আহে, ই কৰ্ণাটকৰ বাবে আৰু ইয়াৰ যুৱ প্ৰজন্মও যথেষ্ট পৰিমাণে লাভান্বিত হয়। সেয়েহে, কৰ্ণাটকে বাৰে বাৰে ‘ডাবল ইঞ্জিন’ চৰকাৰক সুযোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মই আপোনালোকক আশ্বাস দিছো যে কৰ্ণাটকৰ উন্নয়নৰ বাবে এই অভিযান এতিয়া তীব্ৰতৰ হ'বলৈ গৈ আছে। আমি একেলগে আগবাঢ়িব লাগিব, আমি একেলগে আগবাঢ়িব লাগিব। কৰ্ণাটকৰ জনসাধাৰণ, আমাৰ শিমোগাৰ লোকসকলৰ সপোন পূৰণ কৰিবলৈ আমি একেলগে কাম কৰিব লাগিব। আকৌ এবাৰ এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। মই আপোনালোকক শুভকামনা জনাইছো। মোৰ সৈতে কওক- ‘ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়’।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.