“Now is the time to leave the old challenges behind, and take full advantage of the new possibilities”
“For a fast pace of development, we have to work with a new approach, with new thinking”
“Tourism sector in the state received a boost due to the infrastructural developments and increased connectivity”
“We are committed to taking benefits of development equally to all sections and citizens”
“People of J&K hate corruption, I always felt their pain”
“Jammu & Kashmir is the pride of every Indian. Together we have to take Jammu & Kashmir to new heights”

আজি জম্মু-কাশ্মীৰৰ উদ্যমী নজোৱানসকলৰ বাবে, আমাৰ পুত্ৰ কন্যাসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ দিন। আজি জম্মু-কাশ্মীৰত ২০খন বেলেগ বেলেগ ঠাইত ৩ হাজাৰ যুৱক-যুৱতীক চৰকাৰত কাম কৰিবলৈ নিযুক্তি পত্ৰ অৰ্পণ কৰা হৈছে। এই নজোৱানসকলে পিডব্লিউডি, স্বাস্থ্য বিভাগ, খাদ্য আৰু নাগৰিক যোগান বিভাগ, পশুপালন, জলশক্তি, শিক্ষা-সংস্কৃতিৰ দৰে বিভিন্ন বিভাগত সেৱাৰ সুযোগ পাবলৈ গৈ আছে। আজি নিযুক্তি পত্ৰ পোৱা সকলো যুৱক-যুৱতীক মই বহুত বহুত অভিনন্দন জনাইছো। আৰু ৰোজগাৰ মেলাৰ এই আয়োজনৰ বাবে মই শ্ৰীমান মনোজ সিনহা জীক আৰু তেওঁৰ গোটেই টীমকো অভিনন্দন জনাইছো। মোক কোৱা হৈছে যে অনাগত দিনবোৰত অন্য বিভাগসমূহতো ৭০০ৰো অধিক নিযুক্তি পত্ৰ দিয়াৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ দ্বাৰা যিসকল লোক লাভৱান হ'ব আৰু সেয়াও কেইদিনমানতে হ'ব তেওঁলোককো মই শুভকামনা জনাইছো।

 

বন্ধুসকল,

২১শ শতিকাৰ এই দশক, জম্মু-কাশ্মীৰৰ ইতিহাসৰ সবাতোকৈ বিশেষ দশক। এতিয়া সময় পুৰণি প্ৰত্যাহ্বান পিছত এৰিথৈ নতুন সম্ভাৱনাৰ সম্পূৰ্ণ লাভ আদায় কৰাৰ। মই আনন্দিত যে জম্মু-কাশ্মীৰৰ নজোৱান নিজৰ প্ৰদেশৰ বিকাশৰ বাবে, জম্মু-কাশ্মীৰৰ মানুহৰ বিকাশৰ বাবে ব্যাপক সংখ্যাত আগুৱাই আহিছে। এয়া আমাৰ যুৱক-যুৱতীয়েই যি জম্মু-কাশ্মীৰত বিকাশৰ নতুন গাঁথা লিখিব। সেয়ে, আজি এই প্ৰদেশত ৰোজগাৰ মেলাৰ আয়োজন, বহুত বিশেষ হৈ পৰিছে।

 

বন্ধুসকল,

বিকাশৰ দ্ৰুত গতিৰ বাবে আমি নতুন এপ্ৰোচৰ সৈতে, নতুন চিন্তাৰে কাম কৰিব লাগে। জম্মু-কাশ্মীৰে এতিয়া নতুন ব্যৱস্থাত, পাৰদৰ্শী আৰুসংবেদনশীল ব্যৱস্থাত নিৰন্তৰ বিকাশক আগবঢ়াই আছে। মোক কোৱা হৈছে যে প্ৰদেশত ২০১৯ৰ পৰা এতিয়ালৈকে প্ৰায় ৩০ হাজাৰ চৰকাৰী পদত ভৰ্তি হৈছে। ইয়াৰে প্ৰায় ২০ হাজাৰ চাকৰি তো যোৱা এক-ডেৰ বছৰত দিয়া হৈছে। এয়া আদৰণি যোগ্য, অভিনন্দন যোগ্য। মই বিশেষভাৱে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্নৰ ভাই মনোজ সিনহা জী আৰু তেওঁৰ গোটেই টীমক প্ৰদেশ প্ৰশাসনৰ সমগ্ৰ টীমক হৃদয়ৰ পৰা সাধুবাদ জ্ঞাপন কৰিছো। 'যোগ্যতাৰ পৰা ৰোজগাৰ'ৰ যি মন্ত্ৰক লৈ তেওঁলোক আগবাঢ়িছে, সি প্ৰদেশৰ যুৱক-যুৱতীসকলৰ মাজত নতুন বিশ্বাস সৃষ্টি কৰি আছে।

 

বন্ধুসকল,

যোৱা ৮ বছৰত ৰোজগাৰ আৰু স্বৰোজগাৰক উদগণি যোগাবলৈ কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ লৈছে। ২২ অক্টোবৰৰ পৰা দেশৰ বেলেগ বেলেগ ঠাইত আয়োজন হৈ থকা 'ৰোজগাৰ মেলা' ইয়াৰ এটা অংশ। এই অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰথম চৰণত অহা কেইটামান মাহত ১০ লাখতকৈ অধিক নিযুক্তি পত্ৰ দিয়া হ'ব। যেনেকৈ জম্মু-কাশ্মীৰৰ দৰে বিভিন্ন ৰাজ্যও এই অভিযানৰ সৈতে সংযুক্ত, এই সংখ্যা আৰু অধিক বৃদ্ধি কৰা হ'ব। জম্মু-কাশ্মীৰত ৰোজগাৰ বঢ়াবলৈ আমি ইয়াত business environmentৰো বিস্তাৰ কৰিছো। আমাৰ নতুন ঔদ্যোগিক নীতি আৰু Business Reforms Action Plan য়ে Ease of Doing Businessৰ পথ পৰিষ্কাৰ কৰিছে। ইয়াৰ ফলত ইয়াত বিনিয়োগ শক্তিশালী ৰূপত উৎসাহিত হৈছে। জম্মু-কাশ্মীৰত বিনিয়োগ বৃদ্ধি পোৱাতো যুৱক-যুৱতীৰ বাবে ৰোজগাৰৰ নতুন সুযোগ সৃষ্টি হৈ আছে। ইয়াত বিকাশৰ সৈতে জড়িত প্ৰকল্পক লৈ যি গতিত কাম হৈ আছে, তাৰ ফলত ইয়াৰ সমগ্ৰ অৰ্থনীতি সলনি হৈ যাব। যেনেদৰে, আমি কাশ্মীৰলৈ ট্ৰেইন কানেক্টিভিটীৰ দিশত দ্ৰুতগতিত কাম কৰি আছো। শ্ৰীনগৰৰ পৰা শাৰজাহৰ বাবে ইণ্টাৰনেচনেল ফ্লাইট ইতিমধ্যেই আৰম্ভ হৈছে। জম্মু-কাশ্মীৰৰ পৰা ৰাতিও বিমান উৰিবলৈ লৈছে। কানেক্টিভিটী বঢ়াৰ ডাঙৰ লাভ ইয়াত কৃষকৰো হৈছে। জম্মু-কাশ্মীৰৰ আপেল খেতিয়কৰ বাবে এতিয়া নিজৰ ফচল বাহিৰলৈ পঠিওৱা অধিক সহজ হৈছে। চৰকাৰে যেনেকৈ ড্ৰোণৰ মাধ্যমত ট্ৰেন্সপোৰ্টক উদগণি দিবলৈ কাম কৰি আছে, তাৰ জৰিয়তেও ইয়াৰ ফল উৎপাদক খেতিয়কে বিশেষ সহায় পাব।

 

বন্ধুসকল,

জম্মু-কাশ্মীৰত যেনেকৈ আন্তঃগাঁথনিৰ বিকাশ হৈ আছে, কানেক্টিভিটী বাঢ়ি আছে, সি টুৰিজিম ছেক্টৰকো শক্তিশালী কৰিছে। আমি দেখিছো যে কেনেকৈ এইবাৰ জম্মু-কাশ্মীৰলৈ অহা পৰ্যটকৰ সংখ্যা অভিলেখ বৃদ্ধি হৈছে। ৰাজ্যখনত আজি যেনেকৈ ৰোজগাৰ-স্বৰোজগাৰৰ সুযোগ মুকলি হৈছে, সেই কথা কেইবছৰমানৰ আগলৈকে কোনেও ভাবিবই পৰা নাছিল। আমাৰ প্ৰয়াস আছে যে চৰকাৰৰ যোজনাসমূহৰ লাভ সমাজৰ প্ৰতিটো শ্ৰেণীলৈকে কোনো ভেদভাব নোহোৱাকৈ গৈ পাওক। আমি বিকাশৰ সমান লাভ সকলো শ্ৰেণীলৈকে, সকলো মানুহলৈকে পোৱাবলৈ সংকল্পবদ্ধ। Holistic developmentৰ এই মডেলৰ জৰিয়তে চৰকাৰী চাকৰিৰ সমান্তৰালকৈ ৰোজগাৰৰ অন্য বিকল্পও সাজু হৈ আছে। জম্মু-কাশ্মীৰত স্বাস্থ্য আৰু শিক্ষাৰে জড়িত আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰয়াসো নিৰন্তৰ চলি আছে। ২খন নতুন এইমছ, ৭খন নতুন মেডিকেল কলেজ, ২খন ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আৰু ১৫খন নাৰ্ছিং কলেজ খুলিলে ইয়াৰ প্ৰতিভাৰ বাবে আৰু অধিক নতুন সুযোগ হ'ব।

 

বন্ধুসকল,

জম্মু-কাশ্মীৰৰ মানুহে সদায়েই Transparencyৰ ওপৰত জোৰ দিছে, Transparencyক সঁহাৰি জনাইছে। আজি পুত্ৰ কন্যা আমাৰ নজোৱান চৰকাৰী সেৱালৈ আহিছে, তেওঁলোকে Transparencyক নিজৰ প্ৰাথমিকতা কৰিব লাগিব। মই আগতে যেতিয়াই জম্মু-কাশ্মীৰৰ মানুহৰ সৈতে লগ হৈছো, তেওঁলোকৰ এটা দুখ সদায়েই অনুভৱ কৰিছিলো। এই দুখ আছিল- ব্যৱস্থাত ভ্ৰষ্টাচাৰ। জম্মু-কাশ্মীৰৰ মানুহে ভ্ৰষ্টাচাৰক ঘিণ কৰে। বিৰক্ত হৈছে। মই মনোজ সিনহা জী আৰু তেওঁৰ টীমক এই কথাৰ বাবেও প্ৰশংসা কৰিম যে তেওঁলোকে ভ্ৰষ্টাচাৰ ৰূপী ৰোগটো সমাপ্ত কৰিবলৈও মনে-প্ৰাণে লাগি আছে। যিসকল নজোৱান এতিয়া প্ৰদেশ শাসনৰ অংশ হৈ আছে, তেওঁলোকৰ এইটো দায়িত্ব যে তেওঁলোকে পাৰদৰ্শিতাৰ প্ৰয়াসক, সৎ শাসনৰ প্ৰয়াসক মনোজ সিনহা জীৰ প্ৰকৃত সংগী হৈ নতুন শক্তি দিয়ক। মোৰ বিশ্বাস আছে যে যিসকল যুৱক-যুৱতীয়ে আজি নিযুক্তি পত্ৰ পাই আছে, তেওঁলোকে নতুন দায়বদ্ধতাক সম্পূৰ্ণ নিষ্ঠা আৰু মনোযোগেৰে পালন কৰিব। জম্মু-কাশ্মীৰ প্ৰতিজন হিন্দুস্তানীৰ গৌৰৱ। আমি লগ লাগি জম্মু-কাশ্মীৰক নতুন উচ্চতালৈ লৈ যাব লাগিব। আমাৰ সন্মুখত ২০৪৭ৰ বিকশিত ভাৰতৰ বিৰাট লক্ষ্যও আছে, যাক সম্পূৰ্ণ কৰিবলৈ আমি শক্তিশালী সংকল্পৰে ৰাষ্ট্ৰ নিৰ্মাণত লাগি যাব লাগিব। আকৌ এবাৰ জম্মু-কাশ্মীৰৰ পুত্ৰ কন্যাসকলক তেওঁলোকৰ জীৱনৰ এই নতুন শুভাৰম্ভৰ বাবে, নতুন আৰম্ভণিৰ বাবে বহুত বহুত শুভকামনা জনাইছো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কামনা কৰিছো। বহুত-বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.