ক’ভিডে আমাক শিকালে আমি যেতিয়া সংঘবদ্ধ হওঁ তেতিয়া আমি শক্তিশালী আৰু উন্নত হওঁ : প্ৰধানমন্ত্ৰী
সকলোৰে ওপৰত মানৱীয় প্ৰতিৰোধ কেনকৈ সাব্যস্ত হ’ল সেই কথা বহু প্ৰজন্মই মনত ৰাখিব : প্ৰধানমন্ত্ৰী
“দুখীয়াসকলক চৰকাৰৰ ওপৰত আৰু অধিক নিৰ্ভৰশীল কৰি দাৰিদ্ৰৰ বিৰুদ্ধে যুঁজা সম্ভৱ নহয়। চৰকাৰক বিশ্বাসযোগ্য সহযোগী বুলি গ্ৰহণ কৰিব পৰা পৰিৱেশতহে দাৰিদ্ৰৰ বিৰুদ্ধে যুঁজিব পৰা যাব”
“শক্তিৰ ব্যৱহাৰৰে দুখীয়াৰ সবলীকৰণৰ দিহা কৰিলে তেওঁলোকে দাৰিদ্ৰৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ্য লাভ কৰে”
“প্ৰকৃতিৰে সামঞ্জস্য ৰাখি জীৱন অতিবাহিত কৰাটোৱেই হৈছে জলবায়ু পৰিৱৰ্তন প্ৰশমণৰ আটাতকৈ সৰল আৰু সফল পন্থা”
“পৃথিৱীৰ মহান পৰ্যাৱৰণবিদসকলৰ অন্যতম আছিল মহাত্মা গান্ধী। তেওঁ ‘কাৰ্বন-শূণ্য’ জীৱনশৈলী অতিবাহিত কৰিছিল। তেওঁ যি কামেয়েই কৰিছিল, আন সকলোৰে ওপৰত আমাৰ গ্ৰহটোৰ কল্যাণৰ নিমিত্তেই কৰিছিল”
“তেওঁ ‘ট্ৰাষ্টীছীপ’ৰ মন্ত্ৰ আওৰাইছিল, যি মন্ত্ৰত কোৱা হৈছিল আমি সকলোৱেই এই গ্ৰহৰ ন্যাসৰক্ষী, সেয়ে গ্ৰহটোৰ প্ৰতিপালন আমাৰ দায়িত্ব”
“ভাৰত হৈছে পেৰিছ প্ৰতিশ্ৰুতিবদ্ধতাক সাৰোগত কৰি আগবঢ়া একমাত্ৰ ‘জি-২০’ ৰাষ্ট্ৰ”

নমস্কাৰ!

 

এই যুৱ আৰু শক্তিশালী সভাক সম্বোধন কৰাটো মোৰ বাবে প্ৰসন্নতাৰ কথা। মোৰ সন্মুখত এক বৈশ্বিক পৰিয়াল, যি আমাৰ পৃথিৱীৰ সকলো সুন্দৰ বিবিধতাৰে ভৰা।

 

বৈশ্বিক নাগৰিক অভিযান, পৃথিৱীক একত্ৰিত কৰিবৰ বাবে সংগীত আৰু ৰচনাত্মকতাৰ ব্যৱহাৰ কৰে। খেলৰ দৰে সংগীততো মানুহক একতাৰ সূত্ৰত আৱদ্ধ কৰাৰ অন্তৰ্নিহিত ক্ষমতা আছে।  মহান হিন্দী ডেভিড থোৰোৱে এবাৰ কৈছিল আৰু মই সেয়া উদ্ধৃত কৰিছোঃ "যেতিয়া মই সংগীত শুনো, তেতিয়া মই কোনো বিপদলৈ ভয় নকৰো। মোৰ মাজত অসুৰক্ষাৰ ভাবনা নাথাকে। মোক কোনো শত্ৰুৱে নেদেখে। মই সময়ৰ সবাতোকৈ পুৰণি কালখণ্ড তথা সময়ৰ নবীনতম অৱধিৰে নিজকে সংযুক্ত যেন অনুভৱ কৰো।"

 

সংগীতৰ আমাৰ জীৱনৰ ওপৰত শান্তিপূৰ্ণ প্ৰভাৱ পৰে। ই মন আৰু সমগ্ৰ শৰীৰক শীতলতা প্ৰদান কৰে। ভাৰতত বিভিন্ন সংগীত পৰম্পৰা আছে। প্ৰত্যেক ৰাজ্যত, প্ৰত্যেক ক্ষেত্ৰত, সংগীতৰ বিভিন্ন শৈলী আছে। মই আপোনালোক সকলোকে ভাৰতলৈ আহিবলৈ তথা আমাৰ সংগীতৰ জীৱন্ততা আৰু বিবিধতা বিচাৰিবলৈ আমন্ত্ৰণ কৰিছো।

 

বন্ধুসকল,

 

প্ৰায় দুবছৰ ধৰি, মানৱতাই সমগ্ৰ জীৱনত এবাৰ অহা বৈশ্বিক মহামাৰীৰে যুঁজি আছে। মহামাৰীৰে যুঁজ দিয়া আমাৰ পাৰস্পৰিক অনুভৱে আমাক শিকাইছে যে যেতিয়া আমি একেলগে থাকো, তেতিয়া আমি অধিক শক্তিশালী আৰু উন্নত হওঁ। আমি এই সামূহিক ভাবনাৰ ৰশ্মি তেতিয়া দখা পাওঁ, যেতিয়া আমাৰ কোভিড-১৯ৰ যোদ্ধাসকল, ডাক্তৰ, নাৰ্ছ, চিকিৎসা কৰ্মীয়ে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত নিজৰ সৰ্বশ্ৰেষ্ঠ যোগদান দিলে। আমি এই ভাবনা নিজৰ বৈজ্ঞানিক আৰু নৱোন্মেষকসকলৰ মাজত দেখিবলৈ পালো, যেতিয়া তেওঁলোকে ৰেকৰ্ড সময়ত নতুন ভেকচিন প্ৰস্তুত কৰিলে। প্ৰজন্মই সেই প্ৰক্ৰিয়াক মনত ৰাখিব, য'ত মানুহৰ সহনশীলতা অন্তিম সকলো বস্তুতকৈ ওপৰত আছিল।

 

বন্ধুসকল,

 

কোভিডৰ উপৰিও, অন্য প্ৰত্যাহ্বানো আছে। দৰিদ্ৰতা সেই প্ৰত্যাহ্বানৰ অন্যতম, যি নিৰন্তৰ আছে। দৰিদ্ৰ সমুদায়ক চৰকাৰৰ ওপৰত অধিক নিৰ্ভৰশীল কৰি দৰিদ্ৰতাৰে যুঁজিব নোৱাৰি। দৰিদ্ৰতাৰে তেতিয়াহে যুঁজিব পাৰি, যেতিয়া দৰিদ্ৰ সমুদায়ে চৰকাৰক এক বিশ্বাসযোগ্য বন্ধুৰ ৰূপত চাবলৈ আৰম্ভ কৰিব। এনে এক বিশ্বাসযোগ্য বন্ধুৰ ৰূপত, যি তেওঁলোকক দৰিদ্ৰতাৰ কৰাল গ্ৰাসক চিৰদিনৰ বাবে আঁতৰ কৰিবলৈ সক্ষম বুনিয়াদী আন্তঃগাঁথনি প্ৰদান কৰিব।

 

বন্ধুসকল,

 

যেতিয়া ক্ষমতাৰ ব্যৱহাৰ দুখীয়াক শক্তিশালী কৰি তুলিবলৈ কৰা হয়, তেতিয়া তেওঁলোকে দৰিদ্ৰতাৰে যুঁজ দিবলৈ শক্তি পায়। আৰু সেয়ে, আমাৰ প্ৰয়াসত বেংকিং সেৱাৰ লাভ লোৱাত বঞ্চিত হৈ থকা লোকক বেংকিং সেৱাৰ সুবিধা প্ৰদান কৰা, লাখ লাখ লোকক সামাজিক সুৰক্ষা কভাৰেজ প্ৰদান কৰা, ৫০ কোটি (৫০০ মিলিয়ন) ভাৰতীয়ক বিনামূলীয়া আৰু মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান কৰা অন্তৰ্ভুক্ত। আপোনালোকে এই কথা জানি আনন্দিত হ'ব যে আমাৰ চহৰ আৰু গাঁৱত গৃহহীনৰ বাবে প্ৰায় তিনি কোটি (৩০ মিলিয়ন) গৃহ নিৰ্মাণ কৰা হৈছে। এটা গৃহ কেৱল এটা আশ্ৰয় স্থলেই নহয়, মূৰৰ ওপৰত ছাদে মানুহক সন্মানৰ উপলব্ধি দিয়ে। ভাৰতত প্ৰতিঘৰত খোৱাপানীৰ কানেকচন উপলব্ধ কৰাবৰ বাবে এটা আৰু জন আন্দোলন হৈ আছে। চৰকাৰে অত্যাধুনিক বুনিয়াদী আন্তঃগাঁথনিৰ বাবে এক ট্ৰিলিয়ন ডলাৰতকৈও অধিক ধনৰাশি ব্যয় কৰি আছে। যোৱা বছৰ কেইবামাহ ধৰি আৰু এতিয়াও আমাৰ ৮০ কোটি (৮০০ মিলিয়ন) নাগৰিকক বিনামূলীয়া শস্যৰ ব্যৱস্থা কৰা হৈছে। এই সকলো পদক্ষেপে আৰু বহুতো অন্য প্ৰয়াসে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজক শক্তি প্ৰদান কৰিব।

 

বন্ধুসকল, 

 

আমাৰ সন্মুখত জলবায়ু পৰিবৰ্তনৰ বিপদে দেখা দিছে। পৃথিৱীয়ে এই কথা স্বীকাৰ কৰিব লাগিব যে বৈশ্বিক বাতাবৰণত যিকোনো ধৰণৰ পৰিৱৰ্তনৰ আৰম্ভণি সৰ্বপ্ৰথমে নিজৰ পৰা হয়। জলবায়ু পৰিবৰ্তনক কম কৰাৰ সবাতোকৈ সৰল আৰু সবাতোকৈ সফল উপায় হৈছে প্ৰকৃতিৰ অনুৰূপ জীৱন শৈলী নিজৰ কৰি লোৱা।

 

মহান মহাত্মা গান্ধীক শান্তি আৰু অহিংসাৰ বিষয়ে নিজৰ বিচাৰৰ বাবে ব্যাপকভাৱে জনা যায়। কিন্তু, আপুনি জানেনে যে তেওঁ পৃথিৱীৰ মহানতম পৰিবেশবিদসকলৰ মাজতো প্ৰসিদ্ধ। তেওঁ শূন্য কাৰ্বন উৎসৰ্জনযুক্ত জীৱন শৈলী প্ৰয়োগ কৰিছিল। তেওঁ যি কৰিছিল, তাত আমাৰ গ্ৰহটোৰ কল্যাণক সকলো বস্তুতকৈ ওপৰত ৰাখিছিল। তেওঁ ট্ৰাষ্টীশ্বিপৰ সিদ্ধান্তৰ ওপৰত আলোকপাত কৰিছিল, যাৰ অনুসৰি আমি সকলো এই গ্ৰহৰ ট্ৰাষ্টী আৰু ইয়াৰ চোৱাচিতা কৰাটো আমাৰ কৰ্তব্য।

 

আজি ভাৰতে জি-২০ৰে সংযুক্ত একমাত্ৰ এনেকুৱা ৰাষ্ট্ৰ, যি পেৰিছ চুক্তিৰে জড়িত নিজৰ সংকল্পবদ্ধতাৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত। ভাৰতক আন্তঃৰাষ্ট্ৰীয় অধিক চুক্তি অধিক সংকট প্ৰতিৰোধী বুনিয়াদী আন্তঃগাঁথনিৰ বাবে বুজাপৰাৰ বেনাৰৰ তললৈ সমগ্ৰ বিশ্বক একেলগ কৰাৰো গৌৰৱ আছে।

 

বন্ধুসকল,

 

আমি সমস্ত মানৱ জাতিৰ বিকাশৰ বাবে ভাৰতৰ বিকাশত বিশ্বাস কৰো। মই ঋগ্বেদৰ উদ্ধৃতি কৰি নিজৰ বক্তব্য সমাপ্ত কৰিব বিচাৰিছো, যি সম্ভৱতঃ পৃথিৱীৰ সবাতোকৈ পুৰণি শাস্ত্ৰৰ এখন। ইয়াৰ ছন্দ এতিয়াও বৈশ্বিক নাগৰিকৰ বিকাশত স্বৰ্নিল মাপকাঠি।

 

ঋগ্বেদত কোৱা হৈছেঃ

 

संगच्छध्वंसंवदध्वंसंवोमनांसिजानताम्

 

देवाभागंयथापूर्वेसञ्जानानाउपासते||

 

समानोमन्त्रःसमितिःसमानीसमानंमनःसहचित्तमेषाम्।

 

समानंमन्त्रम्अभिमन्त्रयेवःसमानेनवोहविषाजुहोमि।।

 

समानीवआकूति: समानाहृदयानिव: |

 

समानमस्तुवोमनोयथाव: सुसहासति||

 

ইয়াৰ অৰ্থ হৈছেঃ

 

আহাঁ আমি সকলোৱে মিলি এটা স্বৰত কওঁ, আগবাঢ়ি যাওঁ;

 

আমি সকলোৱে একমত হওঁ আৰু যি আমাৰ লগত আছে, সেয়া আমি ঠিক সেইদৰে ভগাই লওঁ যেনেকৈ ভগৱানে আনৰ লগত কৰে।

 

আহক আমি এটা সামূহিক উদ্দেশ্য আৰু সামূহিক বিচাৰ ৰাখো। আহক আমি এনেকুৱা একতাৰ বাবে প্ৰাৰ্থনা কৰোঁ।

 

আহক সেই উদ্দেশ্য আৰু আকাংক্ষাসমূহ ভগাই লওঁ, যি আমাক সকলোকে একত্ৰিত কৰে।

 

বন্ধুসকল,

 

এক বৈশ্বিক নাগৰিকৰ বাবে ইয়াতকৈ ভাল ঘোষণা পত্ৰ আৰু কি হ'ব পাৰে? আমি সকলোৱে এখন দয়ালু, ন্যায়পূৰ্ণ আৰু সমাৱেশী পৃথিৱীৰ বাবে লগ হৈ কাম কৰি থাকো।

 

ধন্যবাদ।

 

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

 

নমস্কাৰ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts

Media Coverage

Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ফেব্ৰুৱাৰী 2026
February 10, 2026

Stable Banks, Soaring Growth, Sectoral Wins: Celebrating India's Unstoppable Rise in 2026 Under PM Modi