মহামহিম

মান্যবৰ
নমস্কাৰ!

সপ্তদশ ব্ৰিকছ সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্ৰাজিলৰ গতিশীল অধ্যক্ষতাৰ অধীনত আমাৰ ব্ৰিকছৰ সহযোগিতাই সতেজ গতি আৰু সজীৱতা লাভ কৰিছে৷ আৰু কওঁ—আমি যি শক্তি পাইছো সেয়া কেৱল এস্প্ৰেছ’ নহয়; ই এটা ডাবল এস্প্ৰেছ’ শ্বট! ইয়াৰ বাবে মই ৰাষ্ট্ৰপতি লুলাৰ দৃষ্টিভংগী আৰু তেওঁৰ অটল দায়বদ্ধতাক শলাগ লৈছো। ভাৰতৰ হৈ মোৰ বন্ধু ৰাষ্ট্ৰপতি প্ৰব’ৱ’লৈ ইণ্ডোনেছিয়া ব্ৰিকছ পৰিয়ালত অন্তৰ্ভুক্ত হোৱাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।

বন্ধুসকল,

গ্ল’বেল ছাউথে প্ৰায়ে দুটা মানদণ্ডৰ সন্মুখীন হৈছে। উন্নয়নৰ কথাই হওক, সম্পদ বিতৰণৰ কথাই হওক, নিৰাপত্তা সম্পৰ্কীয় কথাই হওক, গ্ল’বেল ছাউথৰ স্বাৰ্থক উপযুক্ত গুৰুত্ব দিয়া হোৱা নাই। গ্ল’বেল ছাউথে প্ৰায়ে জলবায়ু বিত্ত, বহনক্ষম উন্নয়ন, প্ৰযুক্তিৰ প্ৰৱেশৰ দৰে বিষয়ত ইংগিতৰ বাহিৰে আন একো লাভ কৰা নাছিল।

বন্ধুসকল,

বিংশ শতিকাত নিৰ্মিত বৈশ্বিক প্ৰতিষ্ঠানসমূহত এতিয়াও মানৱতাৰ দুই তৃতীয়াংশৰ উপযুক্ত প্ৰতিনিধিত্বৰ অভাৱ। আজিৰ বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বহু দেশক এতিয়াও সিদ্ধান্ত গ্ৰহণৰ সুবিধা দিয়া হোৱা নাই। এইটো কেৱল প্ৰতিনিধিত্বৰ কথা নহয়, ই বিশ্বাসযোগ্যতা আৰু ফলপ্ৰসূতাৰো কথা। গ্ল’বেল ছাউথৰ অবিহনে এই প্ৰতিষ্ঠানসমূহ চিম কাৰ্ড থকা কিন্তু নেটৱৰ্ক নথকা মোবাইল ফোনৰ দৰে। তেওঁলোকে সঠিকভাৱে কাম কৰিবলৈ বা একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰা নাই৷ সমগ্ৰ বিশ্বতে চলি থকা সংঘাতেই হওক, মহামাৰীয়েই হওক, অৰ্থনৈতিক সংকটেই হওক, চাইবাৰ বা মহাকাশত দেখা দিয়া প্ৰত্যাহ্বানেই হওক, এই প্ৰতিষ্ঠানসমূহে সমাধান আগবঢ়াবলৈ ব্যৰ্থ হৈছে।

 

বন্ধুসকল,

আজি বিশ্বক এক নতুন বহুমেৰু আৰু সৰ্বাংগীন বিশ্ব ব্যৱস্থাৰ প্ৰয়োজন। ইয়াৰ আৰম্ভণি হ’ব বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ ব্যাপক সংস্কাৰৰ পৰা। এই সংস্কাৰসমূহ কেৱল প্ৰতীকী হ’ব নালাগে, বৰঞ্চ ইয়াৰ প্ৰকৃত প্ৰভাৱো দৃশ্যমান হ’ব লাগে। শাসনৰ গাঁথনি, ভোটাধিকাৰ, নেতৃত্বৰ পদৰ পৰিৱৰ্তন হ’ব লাগিব। গ্ল’বেল ছাউথৰ দেশসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগিব।

বন্ধুসকল,

ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰৰ অন্তৰ্ভুক্তিয়ে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতাক প্ৰতিফলিত কৰে। এতিয়া আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব ব্যৱসায় সংস্থা, বহুপক্ষীয় উন্নয়ন বেংকৰ দৰে প্ৰতিষ্ঠানৰ সংস্কাৰৰ বাবে একে দৃঢ়তা প্ৰদৰ্শন কৰিব লাগিব। প্ৰতি সপ্তাহত প্ৰযুক্তিৰ বিকাশ ঘটা এআইৰ যুগত বিশ্বৰ প্ৰতিষ্ঠানসমূহে সংস্কাৰ অবিহনে আশী বছৰ ধৰি চলি থকাটো গ্ৰহণযোগ্য নহয়। বিংশ শতিকাৰ টাইপৰাইটাৰত আপুনি একবিংশ শতিকাৰ ছফটৱেৰ চলাব নোৱাৰে!

 

বন্ধুসকল,

স্বাৰ্থৰ ঊৰ্ধ্বত মানৱতাৰ স্বাৰ্থৰ দিশত কাম কৰাটো ভাৰতে সদায় কৰ্তব্য বুলি গণ্য কৰি আহিছে। আমি সকলো বিষয়তে ব্ৰিকছ দেশসমূহৰ সৈতে কাম কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ আৰু আমাৰ গঠনমূলক অৱদান আগবঢ়াবলৈ। আপোনালোক সকলোকে অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Modi’s Gen Z compact: Listen, respond, reform

Media Coverage

Modi’s Gen Z compact: Listen, respond, reform
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Shilpa Kanchugarakoppalu Shyla on winning Bronze in Women’s Shot Put F57 at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Shilpa Kanchugarakoppalu Shyla on winning the Bronze medal in the Women’s Shot Put F57 Final at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Shilpa’s personal best throw made the achievement even more remarkable.

Shri Modi congratulated her on the accomplishment.

The Prime Minister wrote on X;

“A brilliant performance by Shilpa Kanchugarakoppalu Shyla at the Commonwealth Games 2026!

Congratulations to Shilpa for having won the Bronze Medal in the Women's Shot Put F57 Final and that too with a personal best throw. This is indeed a remarkable accomplishment.

#CWG2026”