মাননীয় মহামহিম,
সন্মানীয় অভ্যাগতসকল,

মই অতি আনন্দিত যে ব্ৰাজিলৰ অধ্যক্ষতাত ব্ৰিকছে পৰিৱেশ আৰু স্বাস্থ্য সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক গুৰুত্বসহকাৰে অগ্ৰাধিকাৰ দিছে। এই বিষয়সমূহ কেৱল আন্তঃসংলগ্নই নহয়, মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

এই বছৰ ব্ৰাজিলত COP-30 অনুষ্ঠিত হৈছে, যাৰ ফলত BRICS সন্মিলনত পৰিৱেশ বিষয়ক আলোচনা কেৱল প্ৰাসঙ্গিকেই নহয়, সময়োপযোগীও হৈছে। জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সুৰক্ষা ভাৰতৰ বাবে সদায় অন্যতম প্ৰধান অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আমাৰ বাবে ই কেৱল শক্তি বা ক্ষমতাৰ কথা নহয়, ই জীৱন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্য বজাই ৰখাৰ কথা। কিছুমানে ইয়াক কেৱল সংখ্যা বুলিয়েই ভাবে যদিও ভাৰতত ই আমাৰ দৈনন্দিন জীৱন আৰু পৰম্পৰাৰ অংশ হৈ আহিছে। আমাৰ সংস্কৃতিত পৃথিৱীক মাতৃ হিচাপে সন্মান কৰা হয়। সেইবাবেই, যেতিয়াই পৃথিৱী মাতৃক আমাৰ প্ৰয়োজন হয়, আমি সদায়েই তৎপৰতাৰে সঁহাৰি জনাওঁ। আমি আমাৰ মানসিকতা, আমাৰ আচৰণ, আৰু আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাইছো।

"মানুহ, গ্ৰহ, আৰু প্ৰগতি"ৰ মনোভাৱেৰে পৰিচালিত ভাৰতে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছে, সেইবোৰ ক্ৰমে মিছন লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী), 'এক পেড় মা কে নাম' (আইৰ নামত এজোপা গছ), আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মৈত্ৰী, গ্ৰীণ হাইড্ৰজেন মিছন, গ্ল'বেল বায়'ফুৱেলছ এলায়েন্স, আৰু বিগ কেটছ এলায়েন্স।

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত আমি বহনক্ষম উন্নয়ন আৰু গ্ল’বেল নৰ্থ আৰু চাউথৰ মাজৰ ব্যৱধান দূৰ কৰাত গুৰুত্ব আৰোপ কৰিছিলো। এই উদ্দেশ্যেৰে আমি সেউজ উন্নয়ন চুক্তিৰ ওপৰত সকলো দেশৰ মাজত একমতত উপনীত হৈছিলো৷ পৰিৱেশ অনুকূল কাৰ্য্যক উৎসাহিত কৰিবলৈ আমি গ্ৰীণ ক্ৰেডিট পদক্ষেপো আৰম্ভ কৰিছিলো।

বিশ্বৰ আটাইতকৈ ক্ষীপ্ৰতাৰে বিকশিত হোৱা অন্যতম প্ৰধান অৰ্থনীতিৰ দেশ হোৱাৰ পিছতো ভাৰত হৈছে পেৰিছ সন্মিলনৰ প্ৰতিশ্ৰুতি নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা প্ৰথমখন দেশ। ২০৭০ চনৰ ভিতৰত নেট জিৰ’ লাভ কৰাৰ লক্ষ্যৰ দিশতো আমি দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছো। বিগত দশকত ভাৰতে সৌৰশক্তি স্থাপন কৰা সামৰ্থ্যৰ দিশত লক্ষণীয়ভাৱে ৪০০০% বিকাশৰ সাক্ষী হৈছে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে আমি এক বহনক্ষম আৰু সেউজ ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছো।

বন্ধুসকল,

ভাৰতৰ বাবে জলবায়ু ন্যায় বা ক্লাইমেট জাষ্টিচ কেৱল এটা পছন্দ বা বিকল্প নহয়, ই এক নৈতিক বাধ্যবাধকতা। ভাৰতৰ দৃঢ় বিশ্বাস যে প্ৰযুক্তি হস্তান্তৰ আৰু সুলভ বিত্তীয় সাহায্য অবিহনে আৰ্ত দেশসমূহৰ বাবে জলবায়ু সম্পৰ্কীয় ব্যৱস্থা কেৱল জলবায়ু সম্পৰ্কীয় আলোচনাৰ মাজতে আবদ্ধ হৈ থাকিব। জলবায়ুৰ উচ্চাকাংক্ষা আৰু জলবায়ু বিত্তীয় সাহায্যৰ মাজৰ ব্যৱধান দূৰ কৰাটো উন্নত দেশসমূহৰ এক বিশেষ আৰু উল্লেখযোগ্য দায়িত্ব। আমি সকলো দেশৰ সৈতে একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, বিশেষকৈ চলি থকা বিশ্বজনীন প্ৰত্যাহ্বানৰ ফলত খাদ্য, ইন্ধন, সাৰ, আৰু বিত্ত সংক্ৰান্তীয় সংকটৰ সৈতে যুঁজি থকা দেশসমূহৰ সৈতে এই কাম কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।

উন্নত দেশসমূহে নিজৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত যি আস্থা ৰাখিছে, সেই আস্থা এইসমূহ  দেশৰো থাকিব লাগে। যেতিয়ালৈকে দুমুখীয়া চৰিত্ৰ ধাৰণ কৰি থাকিব তেতিয়ালৈকে মানৱতাৰ বহনক্ষম আৰু সৰ্বাংগীন বিকাশ সম্ভৱ নহয়। আজি প্ৰকাশ পোৱা "জলবায়ু বিত্তায়নৰ কাঠামো ঘোষণাপত্ৰ" (Framework Declaration on Climate Finance) এই দিশত এক প্ৰশংসনীয় পদক্ষেপ। ভাৰতে এই পদক্ষেপক সম্পূৰ্ণৰূপে সমৰ্থন কৰে।

বন্ধুসকল,

বিশ্বৰ স্বাস্থ্য আৰু মানৱতাৰ স্বাস্থ্যৰ সামজত গভীৰ সম্পৰ্ক আছে। ক’ভিড-১৯ মহামাৰীয়ে আমাক শিকাইছিল যে ভাইৰাছ বিয়পি যোৱাৰ বাবে ভিছাৰ প্ৰয়োজন নাই, আৰু পাছপ’ৰ্টৰ ওপৰত ভিত্তি কৰি ইয়াৰ সমাধান বিচাৰি উলিয়াব নোৱাৰি। দেশবোৰৰ উমৈহতীয়া প্ৰত্যাহ্বানসমূহ সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে মোকাবিলা কৰিব পৰা যাব।

‘এক বিশ্ব, এক স্বাস্থ্য’ মূলমন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈ ভাৰতে সকলো দেশৰ সৈতে সহযোগিতা বৃদ্ধি কৰিছে। আজি ভাৰতত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি “আয়ুষ্মান ভাৰত” আছে, যিয়ে ৫০ কোটিৰো অধিক লোকৰ বাবে জীৱনৰেখাত পৰিণত হৈছে। আয়ুৰ্বেদ, যোগ, ইউনানি, সিদ্ধ আদি পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ বাবে এক পৰিৱেশ তন্ত্ৰ স্থাপন কৰা হৈছে। ডিজিটেল স্বাস্থ্য পদক্ষেপৰ জৰিয়তে আমি দেশৰ দূৰৱৰ্তী স্থানবোৰলৈও ক্ৰমান্বয়ে অজস্ৰ জনসাদাৰণক স্বাস্থ্যসেৱা সেৱা আগবঢ়াবলৈ সক্ষম হৈছো। এই সকলোবোৰ ক্ষেত্ৰতে ভাৰতে লাভ কৰা সফলতাৰ গাঁথাবোৰ জনাবলৈ পালে আমি আনন্দিত হ’ম।

মই আনন্দিত যে ব্ৰিকছে স্বাস্থ্যৰ ক্ষেত্ৰতো সহযোগিতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ২০২২ চনত আৰম্ভ হোৱা ব্ৰিকছ ভেকচিন আৰ এণ্ড ডি চেণ্টাৰ এই দিশত এক উল্লেখযোগ্য পদক্ষেপ। আজি জাৰি কৰা "সামাজিকভাৱে নিৰ্ধাৰিত ৰোগ নিৰ্মূলৰ বাবে ব্ৰিকছ অংশীদাৰিত্ব" ("BRICS Partnership for Elimination of Socially Determined Diseases”) সম্পৰ্কে জাৰি কৰা বিবৃতিটোৱে আমাৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে নতুন প্ৰেৰণা হিচাপে কাম কৰিব।

বন্ধুসকল,

আজিৰ সমালোচনাত্মক আৰু গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অহা বছৰ আমি ব্ৰিকছ সন্মিলনৰ ভাৰতৰ অধ্যক্ষতাত সকলো মূল বিষয়ৰ ওপৰত ঘনিষ্ঠভাৱে কাম কৰি যাম। আমাৰ লক্ষ্য হ’ব ব্ৰিকছক সহযোগিতা আৰু বহনক্ষমতাৰ বাবে স্থিতিস্থাপকতা আৰু উদ্ভাৱনৰ আকৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা। আমি যেনেকৈ আমাৰ জি-২০ অধ্যক্ষতালৈ পূৰ্ণাঙ্গতা আনিছিলো, সৰ্বাত্মক অন্তৰ্ভুক্তি আনিছিলোঁ আৰু গ্ল’বেল চাউথৰ উদ্বেগক সমগ্ৰ কাৰ্যসূচীতেই অগ্ৰাধিকাৰ দিছিলো, ঠিক তেনেদৰেই ব্ৰিকছৰ অধ্যক্ষতাৰ সময়তো আমি এই মঞ্চক জনকেন্দ্ৰিক দৃষ্টিভংগী আৰু ‘মানৱতা প্ৰথম’ৰ মনোভাৱেৰে আগুৱাই নিম।
 

পুনৰ এবাৰ ৰাষ্ট্ৰপতি লুলালৈ এই সফল ব্ৰিকছ সন্মিলনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikram-1 launch fills every citizen with pride; young innovators have accomplished something unimaginable: PM Modi

Media Coverage

Vikram-1 launch fills every citizen with pride; young innovators have accomplished something unimaginable: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets all CRPF personnel on their Raising Day
July 27, 2026

Prime Minister Shri Narendra Modi today extended his greetings to all CRPF personnel on their Raising Day. He stated that the CRPF has distinguished itself through its unwavering courage and commitment to duty.

Shri Modi noted that from safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. He highlighted that their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

In a post on X, the Prime Minister shared:

"Greetings to all CRPF personnel on their Raising Day. The CRPF has distinguished itself through its unwavering courage and commitment to duty. From safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. Their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

@crpfindia"