২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। উষ্ম আদৰণি আৰু সু-আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ছিক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

আজি উজবেকিস্তানৰ স্বাধীনতা দিৱস আৰু কালি কিৰ্গিস্তানৰ ৰাষ্ট্ৰীয় দিৱস আছিল। এই উপলক্ষে দুয়োগৰাকী নেতালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

মহামহিম,

যোৱা চৌবিশ বছৰত সমগ্ৰ ইউৰেছিয়ান অঞ্চলৰ বিস্তৃত পৰিয়ালটোক সংযোগকৰণৰ ক্ষেত্ৰত এছচিঅ’-ই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ সক্ৰিয় সদস্য দেশ হিচাপে ভাৰতে সদায় গঠনমূলক আৰু ইতিবাচকভাৱে অৱদান আগবঢ়াই আহিছে।

এছচিঅ’-ৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী আৰু নীতি তিনিটা মূল স্তম্ভ আধাৰিতঃ

 

এছ (S) – নিৰাপত্তা (Security)

চি (C) – যোগাযোগ (Connectivity)

অ’ (O) – সুযোগ (Opportunity)


প্ৰথম স্তম্ভ "এছ” - অৰ্থাৎ নিৰাপত্তা সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে নিৰাপত্তা, শান্তি আৰু সুস্থিৰতা হৈছে সকলো ৰাষ্ট্ৰৰে উন্নয়নৰ ভেটি। কিন্তু এই পথত সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ, উগ্ৰবাদ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈয়েই আছে।


সন্ত্ৰাসবাদ কেৱল ৰাষ্ট্ৰ এখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিয়েই নহয়, বৰঞ্চ সমগ্ৰ মানৱতাৰ ক্ষেত্ৰত এক উমৈহতীয়া প্ৰত্যাহ্বান। কোনো দেশ, কোনো সমাজ, কোনো নাগৰিকে নিজকে ইয়াৰ পৰা সম্পূৰ্ণ নিৰাপদ বুলি গণ্য কৰিব নোৱাৰে। সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ঐক্যৰ গুৰুত্বত ধাৰাবাহিকভাৱে জোৰ দি আহিছে।

এই ক্ষেত্ৰত এছচিঅ’-আৰএটিএছ (SCO-RATS)-ৰ ভূমিকা অতিশয় উল্লেখযোগ্য। এইবাৰ যুটীয়া তথ্য অভিযানৰ নেতৃত্ব প্ৰদানৰ সময়তে ভাৰতে "আল কায়দা" আৰু ইয়াৰে জড়িত সন্ত্ৰাসবাদী সংগঠনবোৰক প্ৰতিহতকৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে। আমি বৰ্ধিত সমন্বয় আৰু উগ্ৰবাদৰ বিৰুদ্ধে যৌথ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱো আগবঢ়াইছোঁ।

 

আমি সন্ত্ৰাসবাদক বিত্তীয় সাহায্য যোগানৰ বিৰুদ্ধে দৃঢ়ভাৱে মাত মাতিছোঁ আৰু এই প্ৰচেষ্টাত আগবঢ়োৱা সহায়ৰ বাবে আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।

মহামহিম,

বিগত চাৰিটা দশক ধৰি ভাৰতে নিৰ্দয় সন্ত্ৰাসবাদৰ বোজা বহন কৰি আহিছে। অগণন মাতৃয়ে সন্তানক হেৰুৱাবলগীয়া হৈছে আৰু অগণন সন্তান অনাথ হৈ পৰিছে।

শেহতীয়াকৈ আমি পেহেলগামত সন্ত্ৰাসবাদৰ আটাইতকৈ জঘন্য মুখখন প্ৰত্যক্ষ কৰিলোঁ। এই দুখৰ মুহূৰ্তত আমাৰ কাষত থিয় দিয়া সকলো বন্ধু ৰাষ্ট্ৰলৈ মই গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এই আক্ৰমণ কেৱল ভাৰতৰ বিবেকৰ ওপৰতে আক্ৰমণ নহয়, বৰঞ্চ প্ৰতিখন ৰাষ্ট্ৰৰ বাবে আৰু মানৱতাক বিশ্বাস কৰা প্ৰতিজন ব্যক্তিৰ বাবেও এক মুকলি প্ৰত্যাহ্বান আছিল।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে একাংশ দেশৰ সন্ত্ৰাসবাদৰ প্ৰতি মুকলি সমৰ্থন আমাৰ বাবে কেতিয়াবা গ্ৰহণযোগ্য হ’ব পাৰে নে?

মহামহিম,

আমি স্পষ্টকৈ আৰু সমস্বৰে ক’ব লাগিব যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত “ডাবল ষ্টেণ্ডাৰ্ড” কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি সকলোৱে মিলি সন্ত্ৰাসবাদৰ প্ৰতিটো ৰূপ আৰু প্ৰকাশ কাৰ্য্যৰ বিৰোধিতা কৰিব লাগিব। মানৱতাৰ প্ৰতি আমি এই দায়িত্ব পালন কৰিব লাগিব।

মহামহিম,

মই এতিয়া দ্বিতীয় স্তম্ভ "চি” – অৰ্থাৎ যোগাযোগ সন্দৰ্ভত মোৰ চিন্তাধাৰা ব্যক্ত কৰিব বিচাৰিছোঁ। ভাৰতে সদায় বিশ্বাস কৰি আহিছে যে বিস্তৃত যোগাযোগ ব্যৱস্থাই কেৱল বাণিজ্যৰ সুবিধা প্ৰদান কৰাই নহয়, বৰঞ্চ বিশ্বাস আৰু উন্নয়নৰ দুৱাৰ মুকলি কৰে।

এই দৃষ্টিভংগীৰে আমি চাবাহাৰ বন্দৰ আৰু আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছোঁ। এইসমূহৰ জৰিয়তে আমি আফগানিস্তান আৰু মধ্য এছিয়াৰ সৈতে আমাৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব পাৰোঁ।

 

আমি বিশ্বাস কৰোঁ যে যোগাযোগ ব্যৱস্থাৰ দিশত গ্ৰহণ কৰা প্ৰতিটো প্ৰচেষ্টাই সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ নীতিসমূহ অক্ষুণ্ণ ৰাখিব লাগিব। এই কথা এছচিঅ’ চনদৰ মূল নীতিসমূহতো সন্নিবিষ্ট কৰা হৈছে।

সাৰ্বভৌমত্বক একাষৰীয়া কৰা যোগাযোগে শেষত আস্থা আৰু অৰ্থ উভয়ে হেৰুৱাই পেলায়।

মহামহিম,

তৃতীয় স্তম্ভটো হ’লঃ "অ’” - অৰ্থাৎ সুযোগ। সহযোগিতা আৰু সংস্কাৰৰ সুযোগ।

২০২৩-ত ভাৰতৰ অধ্যক্ষতাৰ সময়ছোৱাত এছচিঅ’-ই নতুন শক্তি আৰু ধাৰণা প্ৰত্যক্ষ কৰিছিল। সহযোগিতাৰ নতুন ক্ষেত্ৰ প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ অন্তৰ্গত আছিল ষ্টাৰ্ট-আপ আৰু উদ্ভাৱন, পৰম্পৰাগত চিকিৎসা, যুৱ সবলীকৰণ, ডিজিটেল অন্তৰ্ভুক্তি আৰু আমাৰ উমৈহতীয়া বৌদ্ধ ঐতিহ্য।

আমি এছচিঅ’-ক চৰকাৰৰ বাহিৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ। জনতা, যুৱ বিজ্ঞানী, পণ্ডিত আৰু ষ্টাৰ্ট-আপসমূহক সংযোগৰ ব্যৱস্থা কৰা হৈছিল।

আজি মই আমাৰ জনসাধাৰণৰ সম্পৰ্কক গভীৰ কৰাৰ বাবে আন এক পদক্ষেপৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ - এছচিঅ’-ৰ অধীনত এখন সভ্যতাবাদী আলোচনা মঞ্চ সৃষ্টি। এনে মঞ্চই আমাৰ প্ৰাচীন সভ্যতা, শিল্প, সাহিত্য, পৰম্পৰাৰ সমৃদ্ধিক বিশ্ব মঞ্চত উপৱিষ্টকৰণৰ বাট প্ৰশস্ত কৰিব।

মহামহিম,

আজি ভাৰত সংস্কাৰ (Reform), পৰিবেশন (Perform) আৰু ৰূপান্তৰৰ (Transform) মূলমন্ত্ৰৰে আগবাঢ়িছে। ক’ভিড সংকটৰ পৰা আৰম্ভ কৰি বিশ্ব অৰ্থনৈতিক অনিশ্চয়তালৈকে আমি প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিতকৰণৰ প্ৰয়াস গ্ৰহণ কৰিছোঁ।

আমি ধাৰাবাহিকভাৱে ব্যাপক সংস্কাৰ সাধনৰ কাম অব্যাহত ৰাখিছোঁ, যিয়ে ৰাষ্ট্ৰীয় উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা উভয়ৰে বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে। ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশ হ’বলৈ আপোনালোক সকলোকে মই উষ্ম আমন্ত্ৰণ জনাইছোঁ।

মহামহিম,

সময়ৰ লগে-লগে এছচিঅ’-ৰ বিকাশ ঘটিছে, এয়া পৰম সন্তোষৰ কথা। সংগঠিত অপৰাধ, ড্ৰাগছ সৰবৰাহৰ, চাইবাৰ সুৰক্ষাৰ দৰে সমসাময়িক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চাৰিটা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে। আমি এই সংস্কাৰমুখী পন্থাক আদৰণি জনাইছোঁ।

এছচিঅ’-ৰ সদস্য দেশসমূহে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ সাধনৰ বাবে পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে আমি সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনৰ আহ্বান জনাব পাৰোঁ।

গ্ল’বেল চাউথৰ আকাংক্ষাৰাজিক পুৰণি কাঠামোৰ মাজতে সীমাবদ্ধ কৰি ৰখা কাৰ্য্যই হ’ল ভৱিষ্যৎ প্ৰজন্মক ন্যায়ৰ পৰা বঞ্চিত কৰা। নতুন প্ৰজন্মৰ ৰঙীন সপোনবোৰ ক’লা-বগা পৰ্দাত প্ৰদৰ্শন কৰিব নোৱাৰি। পৰ্দা সলনি কৰাৰ সময় আহি পৰিছে।

বহুপক্ষীয়তাবাদ আৰু সৰ্বাংগীন বিশ্বব্যৱস্থাৰ প্ৰসাৰৰ ক্ষেত্ৰত এছচিঅ’-ই পথ-প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব পাৰে। আজি এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কাৰ্য্যক আদৰণি জনাইছোঁ।

মহামহিম,

আমি সকলো অংশীদাৰৰ সৈতে ঘনিষ্ঠ সমন্বয় আৰু সহযোগিতাৰে আগবাঢ়িছোঁ। এছচিঅ’-ৰ পৰৱৰ্তী অধ্যক্ষ কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি আৰু মোৰ বন্ধু ৰাষ্ট্ৰপতি জাপাৰ’ভলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.