বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰতৰ দৰে ৰেলে ভাৰতীয় ৰেলৱেৰ পৰৱৰ্তী প্ৰজন্মৰ ভেটি স্থাপন কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে এখনি উন্নত ভাৰতৰ বাবে নিজৰ সম্পদ বৃদ্ধিৰ অভিযান আৰম্ভ কৰিছে আৰু এই ৰেলসমূহ সেই যাত্ৰাৰ মাইলৰ খুঁটি হ’বলৈ সাজু হৈছেঃ প্ৰধানমন্ত্ৰী
পবিত্ৰ তীৰ্থস্থানসমূহক এতিয়া বন্দে ভাৰত নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰা হৈছে, যিয়ে ভাৰতৰ সংস্কৃতি, বিশ্বাস আৰু উন্নয়ন যাত্ৰাৰ অভিসৰণক সূচিত কৰিছে; এয়া ঐতিহ্যমণ্ডিত চহৰসমূহক ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতীকলৈ ৰূপান্তৰিতকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপঃ প্ৰধানমন্ত্ৰী

হৰ হৰ মহাদেৱ!

নমঃ পার্বতী পতয়ে!

হৰ হৰ মহাদেৱ!

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী শ্ৰী আদিত্যনাথ জী; কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ আৰু বিকশিত ভাৰতৰ শক্তিশালী ভেটি স্থাপন কৰা উল্লেখযোগ্য প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্ব প্ৰদানকাৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী; এৰ্নাকুলামৰ পৰা প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী; কেন্দ্ৰত মোৰ সতীৰ্থ শ্ৰী সুৰেশ গোপী জী আৰু শ্ৰী জৰ্জ কুৰিয়ান জী; কেৰালাত এই কাৰ্য্যসূচীত উপস্থিত থকা আন সকলো মন্ত্ৰী আৰু জনপ্ৰতিনিধি; কেন্দ্ৰত মোৰ সতীৰ্থ আৰু পঞ্জাৱৰ নেতা তথা ফিৰোজপুৰৰ পৰা সংযুক্ত শ্ৰী ৰৱনীত সিং বিট্টু জী; তাত থকা সকলো জনপ্ৰতিনিধি; লক্ষ্ণৌৰ পৰা সংযুক্ত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক জী; আন-আন বিশিষ্ট অতিথি আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল!

মই বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনাইছোঁ। মই দেৱ দীপাৱলীৰ সময়ত অসাধাৰণ উদযাপন কাৰ্য্য প্ৰত্যক্ষ কৰিছিলোঁ। আজিও এক শুভ অনুষ্ঠান। উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

শক্তিশালী আন্তঃগাঁথনি হৈছে সমগ্ৰ বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিকাশক চালিত কৰা এটা প্ৰধান কাৰক। ই প্ৰতিখন দেশতে উল্লেখযোগ্য অগ্ৰগতি আৰু উন্নয়ন সাধন কৰিছে, আন্তঃগাঁথনিৰ অগ্ৰগতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতেও এই পথত দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশৰ ভিন্ন অঞ্চলত নতুনকৈ বন্দে ভাৰত ৰেল আৰম্ভ কৰা হৈছে। বেনাৰস–খাজুৰাহো বন্দে ভাৰতৰ উপৰিও মই ফিৰোজপুৰ–দিল্লী বন্দে ভাৰত, লক্ষ্ণৌ–চাহাৰানপুৰ বন্দে ভাৰত আৰু এৰ্নাকুলাম–বেংগালুৰু বন্দে ভাৰতৰ ফ্লেগ-অফ কৰিছোঁ। এই চাৰিখন নতুন ৰেলৰ জৰিয়তে এতিয়া দেশত মুঠ কাৰ্য্যক্ষম বন্দে ভাৰত ৰেলৰ সংখ্যাই ১৬০ খন অতিক্ৰম কৰিছে। মই বাৰাণসীবাসী আৰু ভাৰতৰ সকলো নাগৰিকলৈ এই ৰেলসমূহ মুকলিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰতৰ দৰে ৰেলে ভাৰতীয় ৰেলৱেৰ পৰৱৰ্তী প্ৰজন্মৰ ভেটি স্থাপন কৰিছে। ভাৰতীয় ৰেলৱেৰ ৰূপান্তৰৰ বাবে এয়া এক ব্যাপক অভিযান। বন্দে ভাৰত হৈছে ভাৰতীয়ৰ বাবে, ভাৰতীয়ৰ দ্বাৰা আৰু ভাৰতীয়ৰ এখন ৰেল। যিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই তোলে। বন্দে ভাৰতক দেখি বিদেশী যাত্ৰীসকলো আচৰিত হৈ পৰে। ভাৰতে এখনি উন্নত ভাৰতৰ বাবে নিজৰ সম্পদ বৃদ্ধিৰ অভিযান আৰম্ভ কৰিছে আৰু এই ৰেলসমূহ সেই যাত্ৰাৰ মাইলৰ খুঁটি হ’বলৈ সাজু হৈছে।

বন্ধুসকল,

ভাৰতত যুগ-যুগ ধৰি তীৰ্থযাত্ৰাক ৰাষ্ট্ৰীয় চেতনাৰ মাধ্যম হিচাপে গণ্য কৰা হৈছে। এই যাত্ৰাসমূহ কেৱল ঐশ্বৰিক দৰ্শনৰ পথ নহয়, বৰঞ্চ ভাৰতৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰা পবিত্ৰ পৰম্পৰা। প্ৰয়াগৰাজ, অযোধ্যা, হৰিদ্বাৰ, চিত্ৰকূট, কুৰুক্ষেত্ৰ হৈছে ৰাষ্ট্ৰৰ ঐতিহ্যৰ আধ্যাত্মিক কেন্দ্ৰ। পবিত্ৰ তীৰ্থস্থানসমূহক এতিয়া বন্দে ভাৰত নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰা হৈছে, যিয়ে ভাৰতৰ সংস্কৃতি, বিশ্বাস আৰু উন্নয়ন যাত্ৰাৰ অভিসৰণক সূচিত কৰিছে; এয়া ঐতিহ্যমণ্ডিত চহৰসমূহক ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতীকলৈ ৰূপান্তৰিতকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।

 

বন্ধুসকল,

বিগত ১১ বছৰত উত্তৰ প্ৰদেশৰ উন্নয়নমূলক পদক্ষেপে তীৰ্থযাত্ৰাক এক নতুন স্তৰলৈ উন্নীত কৰিছে। কেৱল যোৱা বছৰ বাবা বিশ্বনাথৰ দৰ্শনৰ বাবে ১১ কোটি ভক্তই বাৰাণসী ভ্ৰমণ কৰিছিল। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পিছৰে পৰা ৬ কোটিৰো অধিক লোক ৰাম ললাৰ মন্দিৰত উপস্থিত হৈছে। এই তীৰ্থযাত্ৰীসকলে উত্তৰ প্ৰদেশৰ অৰ্থনীতিত হাজাৰ-হাজাৰ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। এই প্ৰবাহে ৰাজ্যজুৰি হোটেল, ব্যৱসায়ী, পৰিবহণ কোম্পানী, স্থানীয় শিল্পী আৰু নাও পৰিচালকসকলক স্থায়ী উপাৰ্জনৰ সুযোগ প্ৰদান কৰিছে। ফলত বাৰাণসীৰ শ-শ যুৱকে এতিয়া নতুন উদ্যোগ আৰম্ভ কৰিছে— পৰিবহণ সেৱাৰ পৰা আৰম্ভ কৰি বেনাৰসী শাৰীৰ ব্যৱসায়লৈকে। এই উন্নয়নসমূহে উত্তৰ প্ৰদেশ আৰু বাৰাণসীত সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিছে।

বন্ধুসকল,

উন্নত বাৰাণসীৰ জৰিয়তে উন্নত ভাৰতৰ মন্ত্ৰ বাস্তৱায়িত কৰিবলৈ মহানগৰীত নিৰন্তৰ আন্তঃগাঁথনি উন্নয়নৰ কাম অব্যাহত আছে। বাৰাণসী গুণগত চিকিৎসালয়, উন্নত পথ, গেছ পাইপলাইন নেটৱৰ্ক আৰু ইন্টাৰনেট সংযোগ স্থাপন, সম্প্ৰসাৰণ আৰু গুণগত অগ্ৰগতিৰ সাক্ষী হৈছে। ৰ’পৱে’ প্ৰকল্পত দ্ৰুত অগ্ৰগতি লাভ কৰা হৈছে। গঞ্জাৰি আৰু চিগ্ৰা ষ্টেডিয়ামৰ দৰে ক্ৰীড়া আন্তঃগাঁথনিও স্থাপন কৰা হৈছে। বেনাৰস ভ্ৰমণ, বাস কৰা, অভিজ্ঞতা লাভ কৰাটো সকলোৰে বাবে এক বিশেষ অভিজ্ঞতা হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

 

বন্ধুসকল,

বাৰাণসীত স্বাস্থ্যসেৱাৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। ১০–১১ বছৰৰ আগৰ পৰিস্থিতি প্ৰত্যাহ্বানপূৰ্ণ আছিল। গুৰুতৰ ৰোগৰ ক্ষেত্ৰত বিকল্প নাছিল আৰু ৰোগীৰ সংখ্যা অতি বেছি হোৱাৰ বাবে বহুতে ৰাতিটো অপেক্ষা কৰিও চিকিৎসা লাভ কৰিব পৰা নাছিল। কেন্সাৰৰ দৰে ৰোগৰ বাবে জনসাধাৰণে মাটি-বাৰী বিক্ৰী কৰি মুম্বাইত চিকিৎসা বিচাৰিবলগীয়া হৈছিল। আমাৰ চৰকাৰে এই উদ্বেগসমূহ হ্ৰাস কৰাৰ বাবে কাম কৰিছে। কেন্সাৰৰ চিকিৎসাৰ বাবে মহামনা কেন্সাৰ হাস্পতাল, চকুৰ যত্নৰ বাবে শংকৰ নেত্ৰালয়, বিএইচইউ-ৰ এডভান্স ট্ৰমা চেন্টাৰ আৰু চেন্টেনাৰী হাস্পতাল, পাণ্ডেপুৰৰ ডিভিজনেল হাস্পতাল হৈছে বাৰাণসী, পূৰ্বাঞ্চল আৰু চুবুৰীয়া ৰাজ্যৰ বাবে আশীৰ্বাদস্বৰূপ। এই চিকিৎসালয়সমূহত আয়ুষ্মান ভাৰত আৰু জন ঔষধি কেন্দ্ৰৰ বাবে লাখ-লাখ দৰিদ্ৰ ৰোগীয়ে কোটি-কোটি টকা সঞ্চয় কৰি আছে। ইয়াৰ ফলত জনসাধাৰণৰ উদ্বিগ্নতা দূৰ হোৱাই নহয়, সমগ্ৰ অঞ্চলটোৰ স্বাস্থ্যৰ ৰাজধানী হিচাপেও বাৰাণসীয়ে স্বীকৃতি লাভ কৰিছে।

 

বন্ধুসকল,

মই ক্ষন্তেক পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলিত হওঁ। বন্দে ভাৰত ৰেল মুকলিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ ব্যৱস্থা কৰাটো এক পৰম্পৰা কৰি তোলাৰ বাবে শ্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনাইছোঁ। বিকশিত ভাৰত, বিকশিত কাশী, সুৰক্ষিত ভাৰত আদি বিভিন্ন বিষয়বস্তুৰ আধাৰত প্রতিযোগিতাত উপস্থাপন কৰা চিত্ৰ আৰু কবিতাৰ বাবে মই ছাত্ৰ-ছাত্ৰীসকলকো অভিনন্দন জনাইছোঁ। লগতে আপোনালোকৰ অভিভাৱক আৰু শিক্ষকসকলক আগবঢ়োৱা সহায়, পথ প্ৰদৰ্শন আৰু উৎসাহৰ বাবে কৃতজ্ঞতা জনাইছোঁ।

বন্ধুসকল,

মই আজি কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ। সেয়ে ইয়াত মাত্ৰ এটা চমু অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু আপোনাসৱে ৰাতিপুৱাই ইয়াত গোট খোৱা দেখি মোৰ মনটো আনন্দেৰে ভৰি পৰিছে। আজিৰ অনুষ্ঠানৰ বাবে আৰু নতুন বন্দে ভাৰত ৰেলৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

হৰ হৰ মহাদেৱ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikram-1 launch fills every citizen with pride; young innovators have accomplished something unimaginable: PM Modi

Media Coverage

Vikram-1 launch fills every citizen with pride; young innovators have accomplished something unimaginable: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets all CRPF personnel on their Raising Day
July 27, 2026

Prime Minister Shri Narendra Modi today extended his greetings to all CRPF personnel on their Raising Day. He stated that the CRPF has distinguished itself through its unwavering courage and commitment to duty.

Shri Modi noted that from safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. He highlighted that their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

In a post on X, the Prime Minister shared:

"Greetings to all CRPF personnel on their Raising Day. The CRPF has distinguished itself through its unwavering courage and commitment to duty. From safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. Their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

@crpfindia"