"ভূমিকম্পৰ ফলত হোৱা ধ্বংসযজ্ঞক পিছ পেলাই থৈ ভুজ আৰু কচ্ছৰ লোকসকলে এতিয়া তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেৰে অঞ্চলটোৰ এক নতুন ৰূপ প্ৰদান কৰিছে"
"উন্নত স্বাস্থ্য সুবিধা কেৱল ৰোগৰ চিকিৎসাতে সীমাবদ্ধ নহয়, ই সামাজিক ন্যায় বিচাৰৰ পথো প্ৰশস্ত কৰে"
দৰিদ্ৰ লোকসকলৰ বাবে যেতিয়া সস্তীয়া আৰু সৰ্বোত্তম চিকিৎসা উপলব্ধ হয়, তেতিয়া সামগ্ৰিক ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ বিশ্বাস সুদৃঢ় হয়। চিকিৎসা ব্যয়ৰ চিন্তাৰ পৰা মুক্তি পালে তেওঁলোকে দৰিদ্ৰতাৰ পৰা মুক্ত হবলৈ অধিক দৃঢ় সংকল্প লৈ কঠোৰ পৰিশ্ৰম কৰে"

নমস্কাৰ

আপোনালোক সকলোকে মোৰ ফালৰ পৰা জয় স্বামী নাৰায়ণ! মোৰ প্ৰিয় ভাই-ভনীসকল কেনে আছে? আপোনালোক কুশলে আছে নহয়? আজি ‘কে কে ছুপাৰ স্পেচিয়েলিটী হাস্পটাল’ আমাৰ সেৱাৰ বাবে উচৰ্গিত হ’ব। এই উপলক্ষে মই আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছো।

গুজৰাটৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, মহন্ত স্বামী পূজ্য ধৰ্মানন্দ দাস জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডবীয়া জী, গুজৰাট বিধানসভাৰ অধ্যক্ষ নীমাবেন আচাৰ্য, গুজৰাট চৰকাৰৰ অন্য মন্ত্ৰীসকল, সংসদত মোৰ সতীৰ্থ শ্ৰী বিনোদ ছাৱড়া, অন্য জন প্ৰতিনিধিসকল, ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় সন্তসকল, ‘কচ্চীয় লেৱা পেটেল শিক্ষা আৰু চিকিত্সা ন্যাস’ৰ অধ্যক্ষ গোপালভাই গোৰছিয়া জী আৰু আন্যান্য ন্যাসৰক্ষীসকল, সমাজৰ নেতৃবৃন্দ, দেশ আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সজ্জনসকল, চিকিত্সকমণ্ডলী আৰু সেৱাৰত আৰু কৰ্মচাৰীসকল আৰু কচ্চৰ মোৰ প্ৰিয় ভাই-ভনীসকল,

আৰোগ্যৰে জড়িত এনে এক বৃহত্ কাৰ্যক্ৰমৰ বাবে কচ্চবাসীক অনেক অভিনন্দন জনাইছো। বৰভূইকঁপে সৃষ্টি কৰা প্ৰলয়ক পিচত এৰি থৈ ভূজ আৰু কচ্চবাসী ৰাইজে এতিয়া নিজৰ পৰিশ্ৰমৰে এইটো অঞ্চলৰ নতুন ভাগ্যলিপি লিখিবলৈ লৈছে। আজিৰ তাৰিখত এইটো অঞ্চলত বহুবোৰ আধুনিক চিকিত্সা সেৱাৰ সাধন উপলব্ধ হ’বলৈ ধৰিছে। এনে এক সময়তে আজি ভূজে এক আধুনিক ‘ছুপাৰ স্পেচিয়েলিটী হাস্পটাল’ লাভ কৰিছে। এইখন কচ্চৰ প্ৰথমখন ‘দাতব্য ছুপাৰ স্পেচিয়েলিটী হাস্পটাল’। এই আধুনিক স্বাস্থ্য সুবিধাৰ বাবে কচ্ছক বহুত বহুত অভিনন্দন জনাইছো। ২০০ খন বিচনাযুক্ত ‘ছুপাৰ স্পেচিয়েলিটী হাস্পটালে’ কচ্চৰ লাখ লাখ লোকক সুলভ আৰু উন্নত মানৰ চিকিত্সা সেৱা আগবঢ়াব। এই সেৱা আমাৰ সৈনিক আৰু অৰ্দ্ধ সৈনিক বাহিনীৰ পৰিয়াল আৰু বাণিজ্য জগতৰ অনেক লোকৰ বাবেও উত্তম চিকিত্সা- নিশ্চয়তা হৈ উঠিব।

বন্ধুসকল,

উন্নত স্বাস্থ্য সুবিধা কেৱল ৰুগীয়াসকলৰ আৰোগ্য পৰ্যন্তই সীমিত হৈ নাথাকে। ই সামাজিক ন্যায়কো উত্সাহিত কৰে, প্ৰতিস্থিত কৰে। যেতিয়া কোনো দুখীয়াই কম খৰছী আৰু উত্তম চিকিত্সা সোৱা লাভ কৰে তেতিয়া তেওঁৰ ব্যৱস্থাৱলীৰ প্ৰতি ভৰসা বৃদ্ধি পায়। চিকিত্সাৰ খৰছৰ চিন্তাৰ পৰা দৰিদ্ৰ জনে মুক্তি লাভ কৰিলে তেওঁ নিশ্চিন্ত হৈ দাৰিদ্ৰৰ পৰা মুক্তি লাভৰ বাবে পৰিশ্ৰম কৰিব পৰা হয়। বিগত বছৰ চেৰেকত স্বাস্থ্য খণ্ডৰ যিমানবোৰ যোজনা ৰূপায়ণৰ দিহা কৰা হৈছে সেই আটাইবোৰ এই মনোভাৱৰেই কৰা হৈছে। ‘আয়ুষ্মান ভাৰত যোজনা’ আৰু ‘জন ঔষধী যোজনা’ৰ দ্বাৰা প্ৰতি বছৰে দুখীয়া আৰু মধ্য বিত্তীয় পৰিয়ালসমূহৰ লাখ লাখ কোটি টকা চিকিত্সাত খৰছ হোৱাৰ পৰা ৰাহি হৈছে। ‘স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ’, ‘আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি যোজনা’ৰ দৰে আভিযানে চিকিত্সা ব্যৱস্থাক সকলোৰে বাবে সুলভ কৰি তোলাত সহায়ক হৈ উঠিছে।

‘আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য মিছন’ৰ জৰিয়তে ৰোগীৰ বাবে সা-সুবিধা আৰু অধিক বাঢ়িব। ‘আয়ুষ্মানস্বাস্থ্য আন্তঃগাঁথনি মিছন’ৰ মাধ্যমেৰে ‘আধুনিক আৰু জটিল স্বাস্থ্যসেৱা আন্তঃগাঁথনি’ক জিলা আৰু উন্নয়ণ খণ্ড পৰ্যায় পৰ্যন্ত উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। দেশত আজি বহু ডজন ‘এইমছ’ৰ লগতে অনেক ‘ছুপাৰ স্পেচিয়েলিটী হাস্পটালো’ নিৰ্মাণ কৰা হৈছে। দেশৰ প্ৰতিখন জিলাত চিকিত্সা মহাবিদ্যালয় নিৰ্মাণৰ লক্ষ্যই হওক অথবা চিকিত্সা শাস্ত্ৰৰ শিক্ষাক সকলোৰে বাবে সম্ভৱ কৰি তোলাৰ প্ৰয়াসেই হওক, ইয়াৰ জৰিয়তে আগন্তুক দহোটা বছৰত দেশে অভিলেখ সংখ্যক নতুন চিকিত্সক লাভ কৰিবলৈ সক্ষম হ’ব।

আৰু ইয়াৰ লাভ আমাৰ কচ্চয়ো পাব। ইয়াত গোপালভায়ে মোক জানিবলৈ দিছে যে, মই লালকিল্লাত কৈছিলো যে ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত প্ৰতি গৰাকী ব্যক্তিয়ে কিবা নহয় কিবা অৰিহণা আগবঢ়োৱা উচিত আৰু আজি সেই সংকল্প বাস্তৱায়িত হ’বলৈ ধৰিছে। তাৰ বাবে সঁচায়ে কৰ্তব্য ভাৱনা, সমাজৰ প্ৰতি নিষ্ঠাৰ ভাৱ, সমাজৰ প্ৰতি সদ্ভাৱনা-সংবেদনা, সেয়া নিজৰ বাবে সকলোতকৈ ডাঙৰ পুঁজি আৰু কচ্চৰ এক বিশষত্বও হয়। আপোনালোক য’লৈকে নাযাওক কিয়, য’তেই লগ নাপাওক কিয়, কচ্চী ভাষাত কথা কওক, তাৰ পিচত আৰু কোনেও নোসোধে আপুনি কোনখন গাঁৱৰ, কোন জাতিৰ লোক, ইয়াৰ প্ৰয়োজনেই নোহোৱা হয়। আপোনালোক তত্ মুহূৰ্ততে তেওঁলোকৰ হৈ যায়। এয়াই কচ্চৰ বিশেষত্ব, আৰু কচ্চৰ কৰ্তব্যপৰায়ণতাই এই পৰিচিতি গঢ়ি তুলিছে। এনেদৰেই আপোনালোকে পদক্ষেপ আগবঢ়াই গৈছে। আৰু সেয়ে আপোনালোকে আৰু ইয়াত ইমানেই নহয়, আমাৰ ভূপেন্দ্ৰ ভায়ে কোৱাৰ দৰে ‘প্ৰধানমন্ত্ৰীৰ আটাইতকৈ প্ৰিয় জিলা’, বাস্তৱিকতে, সংকটৰ সময়ত কাৰোবাক যদি ভাল পোৱা যায়, তেন্তে সেই সম্পৰ্ক অধিক গাঢ় হৈ উঠে, কচ্চৰ ক্ষেত্ৰতো সেয়ে হৈছে। ময়ো কচ্চক এৰিব নোৱাৰো আৰু মোকো কচ্চই এৰিব নোৱাৰে। আৰু সাৰ্বজনিক জীৱনত এনে সৌভাগ্য বহুত কম লোকেহে লাভ কৰিবলৈ সক্ষম হয়। সেয়ে মোৰ বাবে এয়া গৌৰৱৰে বিষয়। গুজৰাটে আজি চাৰিওফালৰ পৰা প্ৰগতি কৰিবলৈ সক্ষম হৈছে। গুজৰাটৰ বিকাশৰ কথা এতিয়া কেৱল গুজৰাটতে সীমাবদ্ধ থকা নাই বৰঞ্চ সমগ্ৰ দেশতে ইয়াৰ আলোচনা কৰা হয়। আপোনালোকে ভাবকচোন, দুটা দশক আগতে গুজৰাটত মাত্ৰ ৯খন চিকিত্সা মহাবিদ্যালয়হে আছিল, আৰু গুজৰাটৰ যুৱক-যুৱতীক যদি চিকিত্সক কৰিব খোজা হয় তেন্তে তাৰ বাবে মাত্ৰ এঘাৰশ খনহে আসন আছিল। কিন্তু আজি এখন ‘এইমছ’, আৰু তিনি ডজনৰো অধিক চিকিত্সা মহাবিদাযালয় আছে। দুটা দশকৰ আগতে হাজাৰগৰাকী যুৱক-যুৱতীক চিকিত্সা বিজ্ঞান পঢ়াৰ সুযোগ দিব পৰা গুজৰাটে এতিয়া ৬হাজাৰ যুৱক-যুৱতীক সেই সুযোগ প্ৰদান কৰিব পাৰে। ২০২১ চনত ৫০খন আসনৰ সৈতে ৰাজকোটত ‘এইমছ’ৰ শুভাৰম্ভ কৰা হৈছে। আহমেদাবাদ আৰু ৰাজকোটত চিকিত্সা মহাবিদ্যালয়ৰ ‘আপগ্ৰেডেশ্যন’ৰ কামো অব্যাহত আছে। ভাৱনগৰ চিকিত্সা মবাবিদ্যালয়ৰ ‘আপগ্ৰেডেশ্যন’ৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আহমেদাবাদৰ ‘চিভিল হাস্পটাল’খন ১৫০০খন বিচনাযুক্ত, আৰু মোৰ দৃষ্টিত এয়া এক বৃহত্ কামেই হয়। মাতৃ আৰু শিশু, মাক আৰু সন্তানৰ বাবে এক উন্নত মানসম্পন্ন এক ব্যৱস্থা থকা পৰিগাঁথনি আপোনালোকৰ ইয়াতো গঢ়ি উঠিছে। ‘কাৰ্ডিঅ’লজী’য়েই হওক কিম্বা গৱেষণাই হওক তাৰ বাবেও ৮০০খন বিচনাৰ এখন পৃথক হাস্পটাল আছে য’ত গৱেষণাৰ কামো কৰা হয়। গুজৰাটত কেন্সৰ গৱেষণাৰ কামো বৃহত্ পৰিসৰত চলি আছে। ইমানেই নহয়, আমাৰ দেশত বৃক্কৰ ৰোগত আক্ৰান্ত ৰোগী আৰু ‘ডায়েলিছিচ’ৰ সমস্যা বৃহত্ সংকট হিচাপেই পৰিগণিত হৈ আহিছিল। য’ত ডায়েলিছিছ সপ্তাহত দুবাৰ কৰোৱাব লাগিছিল, তাত মাহেকতো দুবাৰৰ সুযোগ পোৱা নগৈছিল, তেনে ৰোগীৰ অৱস্থা কি হ’ব বাৰু? আজিৰ তাৰিখত প্ৰতিখন জিলাত বিনামূলীয়া ‘ডায়েলিছিছ’ৰ সেৱা আমি আৰম্ভ কৰিছো। এক প্ৰকাৰে বহুত বৃহত্ পৰিসৰত কামবোৰ চলি আছে। পিচে, আপোনালোক ভাই-ভনীসকলৰে এটা কথা পাতিবলগীয়া আছে। এয়া ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’, আমি যিমানেই হাস্পটাল নবনাও, যিমানেই বিচনা নবনাও, লাখ লাখ বিচনাই নবনাও কিয় তাৰ দ্বাৰা সমস্যাৰ কেতিয়াও সমাধান কৰিব পৰা নাযাব। 

কিন্তু আমি যদি সমাজত এনে এক জাগৰণ আনো, আমি যদি সকলোৱে নিজৰ নিজৰ কৰ্তব্যবোৰ ভালকৈ পালন কৰো, আৰু এনে এক বাতাৰণ, এনে এক পৰিস্থিতিৰ সৃষ্টি কৰো যে হাস্পটাল যোৱাৰ প্ৰয়োজনীয়তাই নাইকীয়া হৈ যায়। এই সকলো সমস্যাৰ সমাধান এয়েই যে হাস্পটাল যোৱাৰ প্ৰয়জনেই নোহোৱা হয় আৰু আজি এখন খুবেই সুন্দৰ হাস্পটালৰ উদ্বোধন কৰা হৈছে। কিন্তু মই যদি শুভকামনা জনাবলগীয়া হয়, তেন্তে কি জনাম! মই শুভকামনা জনাম যে আপোনালোকে ‘কে কে পেটেল দাতব্য ন্যাস’ত ইমান কোটি কোটি টকা খটুৱাই ইমান সুন্দৰ হাস্পটাল নিৰ্মাণ কৰিছে, কিন্তু ভগৱানে কৰক কোনো লোকেই যাতে এই হাস্পটাললৈ আহিবলগীয়া নহয় আৰু হাস্পটালখন খালী হৈ পৰি থাকক। আমিতো তেনে এটা দিন দেখাৰে সপোন দেখিব লাগে। আৰু হাস্পটাল কেতিয়া খালী হৈ থাকিব, যেতিয়া আমি স্বচ্ছতাৰ প্ৰতি সচেষ্ট হ’ম। স্বচ্চতাৰ বাবে মানুহৰ মনত দুৰন্ত আগ্ৰহ বাঢ়ক, ঘৰৰ বাহিৰত আৱৰ্জনাৰ চিন-মোকামেই নথকা হওক, লেতেৰাৰ প্ৰতি বিদ্বেষ হওক, এনেকৈ যি বাতাবৰণ তৈয়াৰ হ’ব, তেতিয়া বেমাৰে পীড়া কৰাৰ বাট উলিয়াব পাৰিবনে বাৰু? সেইদৰে পানী, বিশুদ্ধ পানী, আমাৰ দেশত স্বচ্ছতাৰ অভিযান চলোৱা হ’ল, শৌচালয় নিৰ্মাণৰ অভিযান চলোৱা হ’ল, মুকলিত শৌচ কৰাৰ পৰা মুক্তিৰ অভযান চলোৱা হ’ল আৰু সামাজেও সম্পূৰ্ণ ৰূপে দেশত সহযোগিতা আগবঢ়ালে। আৰু সকলোৱে জানে যে এই ক’ৰোনাৰে যুঁজতো আমি জিকিবলৈ ধৰিলো, কিয়নো আচল শৰীৰটোৱেই যদি শক্তিশালী হৈ থাকে তেন্তে যুঁজত বিজয় সাব্যস্ত কৰিব পৰা যায়েই। ইমান ডাঙৰ ধুমুহা আহিল তথাপি আমি যুঁজি আছো, কিয়নো এতিয়াও ক’ৰোনা আঁতৰি যোৱা নাই, আমি ভুল কৰিলে নহ’ব, বৰঞ্চ অন্যান্য কথাবোৰৰ প্ৰতিও দৃষ্টি দিব লাগিব আৰু ‘জল জীৱন মিছন’ৰ দ্বাৰা নলৰে জলৰ যোগানৰ কামো দেশ পূৰ্ণোদ্যমে চলি আছে। যাতে খোৱাৰ বাবে বিশুদ্ধ পানীৰ যোগান নিশ্চিত হয়, সেইদৰে পুষ্টি, সেই ক্ষেত্ৰতো যদি ‘জাংকফুড’ খাই থকা হয়, ডাকঘৰত যেনেকৈ সকলো ভৰাই দিয়া হয়, তেনেকৈয়ে যদি ভৰাই দিয়া হয় তেতিয়া শৰীৰৰে লাভ হ’বনে, স্বাস্থ্যৰে লাভ হ’ব বাৰু? আৰু ইয়াৰ বাবে যিসকল চিকিত্সক বহি আছে, তেওঁলোকে মোৰ কথা শুনি মিচিকীয়াই আছে, কাৰণ আহাৰৰ ক্ষেত্ৰত আপোনালোকে, আমাৰ শাস্ত্ৰতো কৈছে, আহাৰৰ ক্ষেত্ৰত যিমানেই নিয়মানুৱৰ্তীতা পালন কৰা হ’ব, যিমানেই সংযমিত ৰক্ষা কৰা হ’ব, এইবোৰৰ বিশেষ গুৰুত্ব থাকে। আৰু আচাৰ্য বিনোৱা জীয়ে, যিবোৰ কথা সকলোৱে চাগৈ পঢ়িছেই, তেওঁ বহুত ভাল কথা কৈছিল, আচাৰ্য বিনোৱা জীয়ে কৈছিল যে ব্ৰত কৰিবলৈ সহজ, আপুনি সহজেই ব্ৰত কৰিব পাৰিব, কিন্তু সংযমপূৰ্ণ ভোজন কৰা খুবেই জটিল কাম। খোৱাৰ টেবুলত বহি আছে আৰু চাৰিবিধ ব্যঞ্জন পৰিৱেশিত হৈছে, তেতিয়াতো মনে লকলকাবই।

আজিকালি এটা ডাঙৰ চিন্তাৰ কাৰণ হৈছে দেহৰ ওজন বঢ়াটো। ইয়াত উপৱিষ্ট ওজন বঢ়া ব্যক্তিসকলে লাজ পাব নালাগে, ওজন বাঢ়িয়েই আছে, ‘ডায়েবিটিছ’ৰ দৰে ৰোগ ঘৰে ঘৰে ভৰি পৰিছে। এইবোৰ এনেকুৱা বস্তু আৰু ‘ডায়েবিটিছ’ নিজেই এনকুৱা ৰোগ, যিয়ে পৃথিৱীৰ বেমাৰক নিমন্ত্ৰণ জনাই আনে। এতিয়া আমি আমাৰ দেহৰ ওজন কমোৱাৰ বাবে ‘কে কে হাস্পটাল’লৈ বাট বুলিবলগীয়া হয়, আমি ‘ডায়েবিটিছ’ৰ পৰা বাচিব লাগে যদি ৰাতিপুৱা অলপ খোজ কঢ়াৰ বাবে ওলাই যাওক, অলপ-অচৰপ চলা-ফিৰা কৰিব লাগিব নে নালাগিব? যিসকলে এইবোৰ কৰে, স্বাস্থ্যৰ বাবে পালনীয় বুনিয়াদী কথাবোৰে আমাক হাস্পটাললৈ যাবলৈকে নিদিব। সেইদৰে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ দ্বাৰা আমি সমগ্ৰ বিশ্বতে যোগৰ বাবে অভিযান চলাই আছো। সমগ্ৰ পৃথিৱীয়েই যোগক আন্তৰিকতাৰে গ্ৰহণ কৰিছে। এই বেলি আপোনালোকে চাগৈ দেখিছে, ক’ৰোনাৰ সময়ত আমাৰ যোগ আৰু আয়ুৰ্বেদৰ প্ৰতি প্ৰায় সমগ্ৰ পৃথিৱীয়েই দৃষ্টি দিয়া দেখিবলৈ পোৱা গৈছে। পৃথিৱীৰ প্ৰতিখন দেশলৈ কিবা নহয় কিবা বস্তু আপুনি দেখিব, আমাৰ হালধি সকলোতকৈ অধিক ৰপ্টানী হৈছে। ক’ৰোনাৰ সময়ত কিয়নো মানুহে জানিছে যে ভাৰতৰ যিবোৰ গছ-লতিকা আছে, সেইবোৰ স্বাস্থ্যৰ বাবে নিতান্তই উপকাৰী। কিন্তু আমিবোৰেই যদি সেই বোৰ এৰি দিও হ’বনে? মই মোৰ কচ্চৰ ৰাইজক ক’ব খোজো, এইবাৰ জুন মাহত হ’বলগীয়া ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত আমি বাৰু বিশ্ব ৰেকৰ্ড কৰিব পাৰিমনেকি? কচ্চত যোগৰ বিশাল কাৰ্যক্ৰম অনুষ্ঠিত কৰিব পাৰিনে বাৰু? কচ্চৰ এনে এখন গাঁও নাথাকিব, এতিয়াও ডেৰ-দুইমাহ বাকী আছেই অলপ কষ্ট কৰকচোন যাতে সকলোতকৈ বৃহত যোগ কাৰ্যক্ৰম আমি কচ্চত অনুষ্ঠিত কৰিব পাৰো। আপোনালোকে চাবচোন হাস্পটাললৈ যোৱাৰ প্ৰয়োজনেই নোহোৱা হ’বগৈ। আৰু মইতো ইচ্ছাই কৰিম যাতে ‘কে কে হাস্পটাল’লৈ আহিবলগীয়া পৰিস্থিতিয়েই উদ্ভৱ নহওক। সুস্থ হৈ থাকি আপোনালোকে মোৰ এই ইচ্ছা পূৰণ কৰকচোন। অৱশ্যে দুৰ্ঘটনাত পতিত হৈ যাবলগীয়া হ’লে, সেয়া বাৰু আমাৰ হাতত নাথাকে, কিন্তু এইখিনি কথা আগ্ৰহপূৰ্বক ভাবে কৰাটো মই বিচাৰিম।

এতিয়া যিহেতু কচ্চৰ ভাই-ভনীৰে মিলিত হৈছো, এতিয়াতো মই আপোনালোকৰ পৰা কিবা নহয় কিবা এটা বিচাৰিব পাৰিমেই, আৰু আপোনালোকেও সেয়া দিবই লাগিব! সেয়া মোৰ অধিকাৰেই বুলি ভাবিছো। সেই অধিকাৰৰেই ক’ব খুজিছো, এতিয়া চাওক পৃথিৱীৰ ইমানবোৰ দেশত আমাৰ কচ্চী ভাইসকলে বাস কৰে। আমাৰ কচ্চৰ ‘ৰণোত্সৱ’ চোৱাৰ বাবে সমগ্ৰ দেশৰ ৰাইজ নিজে নিজেই আহিবলৈ লৈছে। কচ্চৰ সমৃদ্ধি বাঢ়িবলৈ লৈছে। কচ্চৰ আৰ্থিক ব্যৱস্থা বাঢ়িবলৈ ধৰিছে। ইয়াতকৈয়ো ডাঙৰ কথাটো হৈছে, কচ্চৰ অতিথি পৰায়ণতাই গোটেই দেশতে প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছে। কচ্চৰ কথা এতিয়া জনতাৰ মুখে মুখে। পিচে, কওকচোন কচ্চৰ ৰণোত্সৱৰ বাবে চৰকাৰে ইমানকৈ কষ্ট কৰে, কচ্চবাসীয়ে অতিথিৰ সত্কাৰ কৰে, সেই কথাৰ মুখে মখে প্ৰশংসাও হ’ব অথচ কচ্চৰ ৰণত বিদেশী অতিথি দেখিবলৈকে পোৱা নাযাব, এয়া কেনেকৈ হ’ব। আমি স্বাস্থ্য পৰ্যটনৰ বাবে যাতে মানুহৰ আগমন ঘটে সেই উদ্দেশ্য আগত ৰাখি হাস্পটাল বাৰু নিৰ্মাণ কৰিম, কিন্তু তাৰ আগতেতো পৰ্যটনৰ বাবে অহাৰ শুভাৰম্ভতো কৰক। মোৰ কচ্চৰ ভাইসকলৰ প্ৰতি আহ্বান আৰু বিশেষকৈ ‘লেউআ পেটেল সমাজ’ৰ যিসকল ভাই ইয়াত বহি আছে, তেওঁলোক হিন্দুস্তান আৰু বিশ্বৰ প্ৰান্তে প্ৰান্তে বিস্তাৰিত হৈ আছে। প্ৰতি বছৰে আৰু মই বিচাৰিম, আপোনালোকে হিচাপ ৰাখিব আৰু আমাৰ গোপালভাইতো হিচাপ-কিতাপ কৰা ব্যক্তি। তেওঁতো নিশ্চয় কৰিব, মই আপোনালোকক আহ্বান জনাইছো প্ৰতি বছৰে বিদেশত থকা কচ্চী পৰিয়ালবোৰে কমেও পাঁচগৰাকী বিদেশী নাগৰিকক আমাৰ ‘কচ্চৰ ৰণ’ দেখুৱাবলৈ ইয়ালৈ পঠোৱাৰ দিহা কৰিব। আপোনালোকে কওকচোন আমাৰ ‘কচ্চৰ ৰণ’ কেনে পৰিপূৰ্ণ হৈ উঠিব আৰু সমগ্ৰ পৃথিৱীতে প্ৰকৃতাৰ্থতেই কচ্চৰ পৰিচিতি গঢ়ি উঠিবনে নুঠিব! এয়াতো বৰ এটা ডাঙৰ কথা নহয়। আপোনালোকৰ বাবে, আপোনালোকেতো সাধাৰণ কথা এটাৰ বাবেই ভূজলৈ ঢপলিয়াই অহা লোক। বিদেশত অসুখত পৰিলে, কোৱা হয় কচ্চত ভূজলৈ গৈ এসপ্তাহ কটাই হাৱা-পানী সলাই আহিলেই সুস্থ হৈ যাব। এয়াই আমাৰ কচ্চৰ প্ৰতি থকা প্ৰেমৰ নমুনা। আৰু যেতিয়া এনে প্ৰেম থাকে তেতিয়াতো আমি কমেও ৫গৰাকী বিদেশী লোকক, ভাৰতীয় নহয়, তেওঁলোকক ‘কচ্চৰ ৰণ’লৈ আনক আৰু এইবছৰ, এই ডিচেম্বৰ মাহত তেওঁলোকক পঠাওক। দ্বিতীয়তে, চৰ্দাৰ পেটেল চাহাবক ইমান বৃহত্ শ্ৰদ্ধাঞ্জলি স্বাধীনতাৰ পিচত। চৰ্দাৰ চাহাবৰ ইমান বিশাল স্মাৰক নিৰ্মাণ কৰা হ’ল, তাক লৈ আপোনালোকৰ গৰ্ব অনুভৱ হয়নে নহয়! আপোনালোকেতো মোৰ প্ৰশংসা কৰিয়েই থাকে, মোকতো ভাল ভাল বুলি কৈয়েই থাকে, মোদী চাহাব আপুনিতো খুব ভাল কাম কৰিলে। গুজৰাট চৰকাৰকো অভিনন্দন জনাই থাকে, ভাল কাম কৰিলে বুলি ক’লেই কিন্তু কথা শেষ নহ’ব।

ভাইসকল, যেনেকৈ ‘কচ্চৰ ৰণ’ চাবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ৫গৰাকীকৈ লোক আহিব, ঠিক তেনেকৈ সেই ৫গৰাকী লোকে ‘ষ্টেছ্যু অব ইউনিটী’ চাবলৈকো যাওক। আপোনালোকে চাবচোন, গুজৰাট পৰ্যটনৰ বহুত উন্নতি হ’ব আৰু পৰ্যটন এনে এটা বাণিজ্য যে ই দুখীয়া মানুহক জীৱিকাৰ সম্বল দিয়ে। কমৰো কম পুঁজি খটুৱাই বেছিৰো বেছি লাভ আদায় কৰিব পাৰি।  আপোনালোকে চাবচোন ‘কচ্চৰ ৰণ’ত আপোনালোকে ক্ষুদ্ৰৰো ক্ষুদ্ৰ বস্তু তৈয়াৰ কৰি বেছিও বাৰ মাহৰ কাম দুমাহতে কৰিব পৰা যায়। পৰ্যটক আহে যেতিয়া ৰিক্সা চালকৰ আয় হয়, টেক্সি চালকৰ আয় হয় আৰু চাহদোকানীজনেও আয় কৰিব পাৰে। সেয়ে মই আপোনালোকক আহ্বান জনাও যে আমি কচ্চক পৰ্যটনৰ বৃহত্ কেন্দ্ৰ কৰি তুলিব লাগিব। আৰু তাৰ বাবে মই বিচাৰিম বিদেশত বসবাস কৰি থকা মোৰ কচ্চী ভাই আৰু ভনীসকলে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰক য়ে প্ৰতিটো পৰিয়ালে, প্ৰতিবাৰতে ৫গৰাকী ব্যক্তিক ভালকৈ বুজাওক আৰু ভাৰতলৈ পঠোৱাৰ আগ্ৰহ কৰক আৰু তেওঁলোকক ক’লৈ ক’লৈ যাব লাগিব, কেনেকৈ যাব লাগিব, তেওঁলোকে তাত কেনে আদৰ-সাদৰ লাভ কৰিব সেই কথা বুজাওক। আৰু মই ১০০শতাংশই কওঁ যে এতিয়া ভাৰতত পৰ্যটনৰ বাবে মানুহৰ মাজত আগ্ৰহ বাঢ়িছে। ক’ৰোনাৰ আগতে ইয়ালৈ বহুত পৰ্যটক আহিবলৈ লৈছিল। কিন্তু ক’ৰোনাৰ কাৰণে সেয়া বাধাগ্ৰস্থ হ’ল। এতয়া আকৌ আৰম্ভ হৈছে আৰু আপোনালোকে যদি মোক সহায় কৰে তেন্তে চাৰিওফালে জয় জয় ময় ময় হৈ যাব। আৰু এইখিনি কৰাটো মই বিচাৰিছো। দ্বিতীয়তে আৰু এটা কাম কৰিব লাগিব, কচ্চৰ ভাইসকলৰ প্ৰতি মোৰ অনুৰোধ, এতিয়া চাওকচোন, আমাৰ ‘মালধাৰী ভাই’সকল কচ্চত দুই-চাৰি মাহৰ বাবে থাকে আৰু ছয়-আঠমাহৰ বাবে তেওঁলোকৰ পশুধনখিনি লৈ যাত্ৰা আৰম্ভ কৰে। মাইলৰ পিচত মাইল ধৰি যাত্ৰা কৰে, এয়া কি আমাৰ কচ্চৰ বাবে শোভাদায়ক কথানে বাৰু? যিসময়ত কচ্চক আপোনালোকে এৰিবলগীয়া হৈছিল, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে যাবলগীয়া হৈছিল, সেয়া আছিল পানীৰ অভাৱৰ তাড়নাত কচ্চত থকাতো সমস্যা হৈ পৰিছিল। ল’ৰা-ছোৱালীবোৰ দুখত পৰাৰ পৰিস্থিতি উদ্ভৱ হৈছিল। সেয়ে অন্য ঠাইলৈ গৈ পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰিবলগীয়াত পৰিছিল। তেওঁলোকে কাৰো ওচৰত হাত পতা নাছিল আৰু তাত নিজৰ ভৰিত নিজে থিয়ও দিছিল। আৰু য’লৈকে গৈছিল নিজৰ সমাজখনৰ ভাল কৰিছিল। কোনোবাই স্কুল চলাইছিল, কোনোবাই হয়তো গো-শালা চলাইছিল, য’লৈকে গৈছিল কচ্চ-সন্তানে কিবা নহয় কিবা প্ৰকাৰৰ কামেই কৰিছিল। এতিয়া যেতিয়া ইমান বোৰ কাম কাম কৰেই সেয়ে মই আপোনালোকক আহ্বান জনাম, মই বিশেষকৈ মালধাৰীসকলক আহ্বান জনাম যে আগৰ কালত বাৰু ঠিক আছিল আপোনালোকে পশুধন লৈ ওলাই গৈছিল, কিন্তু এতিয়া কচ্চত পানীয়েই পানী। এতিয়া কচ্চত সেউজীয়াই সেউজীয়া। এতিায় কচ্চত জিৰাৰ খেতি হয়। শুনিয়েই ভাল লাগি যায় যে কচ্চত জিৰাৰ খেতি হয়। কচ্চৰ আম এতিয়া বিদেশলৈ যায়, কিমান যে ভাল লাগে। আমাৰ কচ্চইতো কমলমৰ পৰিচিতি প্ৰদান কৰিছে। আমাৰ খেজুৰৰে কি কৰিব পৰা নাযায়। ইমানৰ পিচতো আমাৰ কচ্চত মালধাৰী ভাইসকলে আফচোচ কৰিবলগীয়া হ’লে চলিব জানো! এতিয়া তাতো ঘাহ-বন আছে আমি তাত স্থায়ী ভাবে থিতাপি ল’ব লাগিব। এতিয়া তাততো দুগ্ধপামও স্থাপিত হৈছে আৰু আপোনালোকৰ বাবে পাঁচোটা আঙুলিয়েই ঘিউ সুমুৱাই ৰাখিব পৰা দিন আহি আছে। সেয়ে আপোনালোকে ‘মালধাৰী ভাই’সকলৰে মিলিত হওক, তেওঁলোকক বুজাওক। এতিয়া পশুৰ বাবে জন্মভূমি এৰি আন কৰবালৈ যোৱাটো বন্ধ কৰক আৰু ইয়াতে থকাৰ দিহা কৰক। আপোনালোকৰ ইয়াত আৰু কোনো অসুবিধা নহয়। আপোনালোক ইয়াতে থাকক আৰু আপোনালোকৰ সন্তানসকলক পঢ়োৱাৰ ব্যৱস্থা কৰক, কিয়নো জন্মভূমি এৰি যাবলগীয়া হোৱা মানুহখিনিয়ে ল’ৰা-ছোৱালীক পঢ়াব নোৱাৰে। আৰু এই কথাই মোক পীড়া দিয়ে।

ইয়াৰ বাবে মোক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আৰু এটা মহত্বপূৰ্ণ কাম আপোনালোকে কৰিব লাগিব। আমি ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত ৭৫টাকৈ পুখুৰী প্ৰতিখন জিলাতে খন্দোৱাৰ আহ্বান জনাইছো। আমাৰ কচ্চত এতিয়া দুই তিনি বছৰৰ ভিতৰতে পুখুৰী পূৰাব পৰাকৈ পানী আহে। আগতেতো পাঁচবছৰতো এয়া সম্ভৱ হোৱা নাছিল। বহু বাৰ আমি দেখিছিলো ল’ৰা-ছোৱালীৰ জন্মৰ চাৰি বছৰৰ পিচতো বৰষুণ দেখিবলৈ নাপায়েই। এনে দিনো আমাৰ কচ্চৰ মানুহে দেখিছিল। এই সময়ত মই আপোনালোকক গোঁহাৰি জনাব খুজিছো যে ৭৫টা বিশাল পুখুৰী, ঐতিহাসিক পুখুৰী বাৰু আমি খন্দাব পাৰিনে? আৰু ইয়াৰ বাবে হিন্দুস্থানৰ ভিন্ন প্ৰান্ত থকা কচ্চীসকল, মুম্বাইততো আপোনালোক বহু সংখ্যকেই আছে, কেৰালাত, অসমত আপোনালোক বহু সংখ্যক আছে। আপোনালোক ক’তো কম নহয়। হিন্দুস্থানৰ আধাতকৈয়ো বেছি জিলাত কচ্চীভাইসকলে বসতি কৰিছেগৈ। ৭৫টা পুখুৰী, ধৰি লওক চত্তীশগড়ত থকা ক্চ্চীভাইসকলে এটা পুখুৰীৰ দায়িত্ব গ্ৰহণ কৰক, পুখুৰীৰ আকাৰ কিন্তু সৰু হ’ব নোৱাৰিব। আমাৰ নীমাবেনৰ ৫০খন ট্ৰাক ভিতৰত সোমালেও যাতে চকুত নপৰে সিমান দ হ’ব লাগিব। আপোনালোকে চাবচোন, পানী জমা হ’বলৈ দুটাবছৰ, তিনিটাছৰ লাগিলেও যেতিয়া পুখুৰীটো ভৰি যাব সি কচ্চৰ বাবে বৃহত্ শক্তি হিচাপে পৰিগণিত হ’ব। আৰু কচ্চৰ বাবে মই যি কৰিছো, তাতোকৈয়ো অধিক কচ্চই মোৰ কথা মানি বহুত বেছি কৰিছে। আৰু আপোনালোকে যেতিয়া অধিক কাম কৰিব, চাবচোন তেতিয়া আৰু অধিক কাম কৰিবলৈ মন যাব। আপোনালোকে যদি একোৱেই নকৰিলেহেতেন, তেন্তে মইতো নমস্কাৰ জনায়েই গুছি গ’লোহেতেন, কিন্তু আপোনালোকে কৰিছে কাৰণেই আৰু কৰাৰ বাবে আহ্বান জনোৱাৰ মন গৈছে। আৰু সেয়ে মই আপোনালোকক গোঁহাৰি জনাও যে আমাৰ কচ্চক কৰ্তব্যভাৱ সম্পন্ন কচ্চই ইয়াৰ উচ্চতাক নতুন মাত্ৰাৰ কথা কওক আৰু পৰ্যটনেই হওক কিম্বা জল-সংগ্ৰহেই হওক দুয়োটা ক্ষেত্ৰতে অভিলেখ ৰচনা কৰক। কচ্চবাসীয়েই হওক অথবা হিন্দুস্থানৰ প্ৰান্তে প্ৰান্তে থকা কচ্চীয়েই হওক আহক আমি সকলোৱে মিলি ভূপেন্দ্ৰভাইৰ নেতৃত্বত গুজৰাতক যি দ্ৰুত গতিৰে আগবঢ়াই আছে সেই কামত আমিও নিজৰ কৰ্তব্য পালন কৰো।

এই কামনাৰেই সকলোকে জয় স্বামীনাৰায়ণ, বহুত বহুত শুভকামনাৰে ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi