ভাৰতৰ যুৱক-যুৱতীসকলে প্ৰকৃত সমস্যা সমাধানত মনোনিৱেশ কৰিছেঃ প্ৰধানমন্ত্ৰী
মাত্ৰ ১০ বছৰৰ ভিতৰতে ষ্টাৰ্টআপ ইণ্ডিয়া মিছন এক বিপ্লৱত পৰিণত হৈছে; আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম: প্ৰধানমন্ত্ৰী
আজি ৰিস্ক লোৱাটো মূল বিষয়ত পৰিণত হৈছে: প্ৰধানমন্ত্ৰী
ষ্টাৰ্টআপ ইণ্ডিয়া কেৱল এক আঁচনি নহয়, ই হৈছে বিভিন্ন খণ্ডক নতুন সুযোগৰ সৈতে সংযোগ কৰা এক ৰামধেনু :প্ৰধানমন্ত্ৰী
এতিয়া আমাৰ ষ্টাৰ্টআপসমূহে উৎপাদনত অধিক গুৰুত্ব দিয়াৰ সময় আহি পৰিছে: প্ৰধানমন্ত্ৰী
ষ্টাৰ্টআপৰ সাহস, আত্মবিশ্বাস আৰু উদ্ভাৱনে ভাৰতৰ ভৱিষ্যত গঢ় দিছেঃ প্ৰধানমন্ত্ৰী

মোৰ কেবিনেটৰ সহকৰ্মী শ্ৰীযুত পীযুষ গোৱেল জী, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ষ্টাৰ্টআপ ইক'চিষ্টেমৰ বন্ধুসকল, অন্যান্য বিশিষ্ট অতিথিসকল, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল!

আজি আমি সকলোৱে ইয়াত এক এক বিশেষ অনুষ্ঠানত একত্ৰিত হৈছো। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস  উপলক্ষে আয়োজিত এই অনুষ্ঠানত  ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা উদ্ভাৱকৰ এই সমাৱেশৰ জৰিয়তে মই মোৰ সন্মুখত দেখিছোঁ এখন নতুন আৰু বিকশিত ভাৰতৰ ভৱিষ্যতৰ ছবি।

মাত্ৰ কিছুসময় পূৰ্বে  ষ্টাৰ্টআপৰ জগতখনৰ সৈতে জৰিত কিছুসংখ্যক  ব্যক্তিক  লগ পোৱাৰ সুযোগ পাইছিলোঁ।  তেওঁলোকৰ কৃতিত্ব আৰু পৰীক্ষা-নিৰীক্ষা চাবলৈ আৰু কিছুমানৰ কথা শুনাৰ সুবিধা পাইছিলোঁ। কৃষি, ফিনটেক, গতিশীলতা, স্বাস্থ্য, আৰু বহনক্ষমতাৰ ক্ষেত্ৰত কাম কৰা ষ্টাৰ্টআপসমূহ—তেওঁলোকৰ ধাৰণাসমূহ কেৱল মোৰ বাবেই নহয়, সকলোৰে বাবে আকৰ্ষণীয়। তথাপিও মোক আটাইতকৈ বেছি আপ্লুত কৰা কথাটো আছিল আপোনালোকৰ আত্মবিশ্বাস আৰু আপোনালোকৰ উচ্চাকাংক্ষা।

দহ বছৰ আগতে বিজ্ঞান ভৱনত ৫০০–৭০০ যুৱকৰ মাজত এই কাৰ্যসূচী আৰম্ভ হৈছিল। ৰিতেশ আজি ইয়াত বহি আছে—তেওঁৰ যাত্ৰা তেতিয়াই আৰম্ভ হৈছিল। সেই সময়ত মই মাত্ৰ ষ্টাৰ্টআপ জগতত প্ৰৱেশ কৰাসকলৰ অভিজ্ঞতাৰ বিষয়ে  শুনিছিলো। মোৰ মনত আছে এগৰাকী যুৱতীয়ে কৰ্পৰেট চাকৰি এৰি ষ্টাৰ্টআপৰ দিশত আগবাঢ়িছিল। মাকক লগ কৰিবলৈ কলকাতালৈ গৈ তেওঁক কৈছিল, “মই মোৰ চাকৰি এৰিলোঁ।” মাকে সুধিছিল, “কিয়?” এই কথা তেওঁ  সেইদিনা বিজ্ঞান ভৱনত বর্ণনা কৰিছিল। তেওঁ কৈছিল , “মই এতিয়া মাত্ৰ এটা ষ্টাৰ্টআপ কৰিব বিচাৰো।” আৰু মাকে উত্তৰ দিছিল, “এয়া ধ্বংস—তুমি  কিয় ধ্বংসৰ পথত নামিছা?”

তেতিয়া আমাৰ দেশত ষ্টাৰ্টআপৰ ক্ষেত্ৰত এনে মানসিকতাই আছিল। আৰু আজি চাওক আমি কিমান দূৰ আহিছো— বিজ্ঞান ভৱনৰ পৰা ভাৰত মণ্ডপমলৈকে, য’ত কোনো ঠাই বাকী নাই! মোৰ সৌভাগ্য যে মাত্ৰ এসপ্তাহৰ ভিতৰতে দুবাৰকৈ দেশৰ  যুৱক-যুৱতীসকলক লগ পোৱাৰ সুযোগ পাইছো। ১২ জানুৱাৰী অৰ্থাৎ ৰাষ্ট্ৰীয় যুৱ দিৱসত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০০০ যুৱক-যুৱতীৰ কথা শুনি তেওঁলোকৰ লগত  আঢ়ৈ ঘণ্টা সময় কটাইছো। আৰু আজি আপোনালোক সকলোৰে কথা শুনি মোৰ দেশৰ যৌৱনৰ শক্তিৰ সাক্ষী হোৱাৰ সৌভাগ্য হৈছে৷

 

বন্ধুসকল,

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতৰ যুৱক-যুৱতীসকলে  এতিয়া প্ৰকৃত সমস্যা সমাধানৰ বিষয়তহে গুৰুত্ব দিছে। আমাৰ যুৱ উদ্ভাৱকসকল, যিসকলে নতুন সপোন দেখাৰ সাহস কৰিছে—মই তেওঁলোকৰ প্ৰতিগৰাকীৰে  গভীৰভাৱে শলাগ লৈছো।

 

বন্ধুসকল,

 

আজি আমি ষ্টাৰ্টআপ ইণ্ডিয়াৰ দহ বছৰৰ মাইলৰ খুঁটি উদযাপন কৰিছো। এই দহ বছৰীয়া যাত্ৰা কেৱল চৰকাৰী আঁচনিৰ সফলতাৰ কাহিনী নহয়। আপোনালোকৰ দৰে হাজাৰ, লাখজনৰ সপোনৰ যাত্ৰা। এয়া অগণন কল্পনা বাস্তৱত পৰিণত হোৱাৰ কাহিনী। দহ বছৰৰ আগৰ পৰিস্থিতি কেনে আছিল মনত পেলাওকচোন—ব্যক্তিগত প্ৰচেষ্টা আৰু উদ্ভাৱনৰ কোনো সুবিধা আছিল বুলি ক’বই নোৱাৰি। আমি সেই পৰিস্থিতিবোৰক প্ৰত্যাহ্বান জনাইছিলো, আমি ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচী আৰম্ভ কৰিছিলো। আমি আমাৰ যুৱক-যুৱতীসকলক এখন মুকলি আকাশ দিলোঁ আৰু আজি তাৰ ফলাফল আমাৰ সন্মুখত উদ্ভাসিত হৈছে। মাত্ৰ দহ বছৰৰ ভিতৰতে ষ্টাৰ্টআপ ইণ্ডিয়া মিছন এক বিপ্লৱত পৰিণত হৈছে। ভাৰত আজি বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম। দহ বছৰৰ আগতে দেশত ৫০০ তকৈও কম ষ্টাৰ্টআপ আছিল; আজি এই সংখ্যা ২ লাখতকৈও অধিক হৈছে। ২০১৪ চনত ভাৰতত মাত্ৰ চাৰিটা ইউনিকৰ্ণ আছিল; আজি ভাৰতত প্ৰায় ১২৫ টা সক্ৰিয় ইউনিকৰ্ণ আছে। এই সফলতাৰ কাহিনীলৈ বিশ্বই আচৰিত হৈ চাই আছে । আগন্তুক সময়ত যেতিয়া ভাৰতৰ ষ্টাৰ্টআপৰ যাত্ৰাৰ বিষয়ে আলোচনা কৰা হ’ব, তেতিয়া এই প্ৰেক্ষাগৃহত বহি থকা বহু যুৱক নিজেই হৈ পৰিব উজ্জ্বল কেছ ষ্টাডিৰ বিষয়।

বন্ধুসকল,

মই আৰু অধিক আনন্দিত হৈছো যে ষ্টাৰ্টআপ ইণ্ডিয়াৰ গতি অহৰহ ত্বৰান্বিত হৈ আছে। আজিৰ ষ্টাৰ্টআপবোৰ ইউনিকৰ্ণ হৈ পৰিছে, ইউনিকৰ্ণে আই পি অ’ আৰম্ভ কৰিছে আৰু অধিক চাকৰিৰ সৃষ্টি হৈছে। মাত্ৰ যোৱা বছৰ ২০২৫ চনত প্ৰায় ৪৪ হাজাৰ নতুন ষ্টাৰ্টআপ পঞ্জীয়ন কৰা হৈছিল। ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হোৱাৰ পিছত যিকোনো এটা বছৰৰ এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰাপ্তি । এই পৰিসংখ্যাই আমাৰ ষ্টাৰ্টআপ ইক’চিষ্টেমে উদ্ভাৱন আৰু বৃদ্ধিক কেনেদৰে আগুৱাই লৈ গৈছে তাৰ সাক্ষ্য বহন কৰিছে।

 

বন্ধুসকল,

মই আনন্দিত যে ষ্টাৰ্টআপ ইণ্ডিয়াই দেশত এক নতুন সংস্কৃতিৰ জন্ম দিছে। ইয়াৰ আগতে নতুন ব্যৱসায় আৰু উদ্যোগ বেছিভাগেই বৃহৎ ঔদ্যোগিক পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে আৰম্ভ কৰিছিল, কাৰণ কেৱল তেওঁলোকেহে ধন আৰু সহায় লাভৰ সহজ সুবিধা লাভ কৰিছিল। মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ বেছিভাগ সন্তানে চাকৰিৰ সপোনহে দেখিব পাৰিছিল। কিন্তু ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীয়ে এই মানসিকতা সলনি কৰি দিছে। এতিয়া টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ যুৱক-যুৱতীসকলে, আনকি গাঁৱৰ পৰাও বহুতে নিজাকৈ ষ্টাৰ্টআপ খুলিছে। আৰু এই যুৱক-যুৱতীসকলে তৃণমূল পৰ্যায়ৰ আটাইতকৈ জৰুৰী সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা চলাইছে। সমাজ আৰু দেশৰ বাবে কিবা এটা কৰাৰ এই মনোভাৱে মোৰ বাবে অপৰিসীম গুৰুত্ব বহন কৰিছে।

 

বন্ধুসকল,

এই ৰূপান্তৰত দেশৰ কন্যা সন্তানসকলে মুখ্য ভূমিকা পালন কৰিছে। আজি ৪৫ শতাংশতকৈ অধিক স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপত কমেও এগৰাকী মহিলা পৰিচালক বা অংশীদাৰ আছে। মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপ পূঁজি যোগানৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম পৰিৱেশতন্ত্ৰত পৰিণত হৈছে। ষ্টাৰ্টআপৰ এই অন্তৰ্ভুক্ত গতিয়ে ভাৰতৰ সামৰ্থ্যক আৰু অধিক শক্তিশালী কৰি তুলিছে।

বন্ধুসকল,

আজি দেশখনে ষ্টাৰ্টআপ বিপ্লৱত নিজৰ ভৱিষ্যতৰ ছবি  দেখিছে। যদি মই আপোনালোকক সুধিলোহেঁতেন যে ষ্টাৰ্টআপবোৰ কিয় ইমান গুৰুত্বপূৰ্ণ, তেন্তে হয়তো আপোনালোক সকলোৰে উত্তৰ বেলেগ বেলেগ হ’লহেঁতেন। কিছুমানে ক’ব যে ভাৰত বিশ্বৰ আটাইতকৈ কম বয়সীয়া লোকেৰে ভৰা দেশ,সেয়েহে ষ্টাৰ্টআপৰ বাবে সুযোগ আছে। আন কিছুমানে ক’ব যে ভাৰত হৈছে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি, আৰু সেয়েহে ষ্টাৰ্টআপৰ বাবে নতুন সুযোগ আহিছে। কিছুমানে ক’ব যে ভাৰতে বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তুলিছে, নতুন খণ্ডৰ উত্থান ঘটিছে, আৰু সেয়েহে ষ্টাৰ্টআপ ব্যৱস্থাটো আগবাঢ়িছে। এই সকলোবোৰে একোটা উত্তৰ, এই সকলোবোৰেই   শুদ্ধ। কিন্তু মোৰ হৃদয়খন চুই যোৱা কথাটো হ’ল ষ্টাৰ্টআপৰ আত্মা। আজি মোৰ দেশৰ যুৱক-যুৱতীসকলে আৰামৰ পৰিসৰত  জীৱন কটাবলৈ সাজু হোৱা নাই। জীৰ্ণ বাটত খোজ কঢ়াটো তেওঁলোকে মানি নলয়। তেওঁলোকে নিজৰ বাবে নতুন পথ খোদিত কৰিব বিচাৰে, কাৰণ তেওঁলোকে নতুন গন্তব্যস্থান, নতুন মাইলৰ খুঁটি বিচাৰে।

 

বন্ধুসকল,

কিন্তু  নতুন গন্তব্যস্থান কেনেকৈ লাভ কৰা যায়? তাৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। সেইবাবেই কোৱা হৈছে- उद्यमेन हि सिद्ध्यन्ति, कार्याणि न मनोरथैः। কাম কেৱল ইচ্ছাকৃতভাৱে নহয়, উদ্যোগৰ জৰিয়তে সম্পন্ন হয়। আৰু উদ্যোগৰ প্ৰথম চৰ্ত হ’ল সাহস। আজি য'ত আছে তাত উপনীত হ'বলৈ আপোনালোকে  নিশ্চয় অপৰিসীম সাহস দেখুৱাইছে, আপোনালোকে  নিশ্চয় বহুত প্ৰত্যাহ্বান মূৰ পাতি লৈছে। আগতে দেশত ৰিস্ক লোৱা কথাক  নিৰুৎসাহিত কৰা হৈছিল যদিও আজি ৰিস্ক লোৱাটো মূল বিষয়ত  পৰিণত হৈছে। এসময়ত অসাৰ  বুলি গণ্য কৰা ধাৰণাবোৰ এতিয়া প্ৰাসংগিক  হৈ পৰিছে।

বন্ধুসকল,

মই সদায় ৰিস্ক লোৱাৰ বিষয়ত  বিশেষ গুৰুত্ব দি আহিছো, কাৰণ ই বহুদিনৰ পৰা মোৰ নিজৰ ক্ষেত্ৰতো অভ্যাস হৈ পৰিছে। যিবোৰ কাম কোনেও ল’বলৈ সাজু নহয়, যিবোৰ কাম চৰকাৰে নিৰ্বাচন বা ক্ষমতা হেৰুৱাৰ ভয়ত দশক দশক ধৰি এৰাই চলিছিল— সেই কামবোৰেই, যিবোৰক মানুহে “অত্যধিক ৰাজনৈতিকভাবে বিপজ্জনক” বুলি ক’ব, মই সদায় মোৰ দায়িত্ব বুলি বিবেচনা কৰি সেইবোৰ কাম কৰি আহিছো। ঠিক আপোনালোকৰ দৰেই ময়ো  বিশ্বাস কৰোঁ যে দেশৰ  বাবে যি কাম প্ৰয়োজনীয় সেয়া কোনোবাই কৰিব লাগিব, আৰু কোনোবাই ৰিস্ক ল’বই লাগিব। ক্ষতি হ’লে মোৰ হ’ব; কিন্তু যদি লাভ হয়, তেন্তে মোৰ দেশৰ লাখ লাখ পৰিয়াল উপকৃত হ’ব।

বন্ধুসকল,

বিগত দহ বছৰত দেশখনে উদ্ভাৱনক প্ৰসাৰিত কৰা এক পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। আমি বিদ্যালয়ত অটল টিংকাৰিং লেব স্থাপন কৰিলোঁ,  যাতে শিশুৱে উদ্ভাৱনৰ মনোভাৱ গঢ়ি তুলিব পাৰে। আমি হেকাথন আৰম্ভ কৰিলোঁ যাতে আমাৰ যুৱক-যুৱতীসকলে দেশক  সমস্যাৰ সমাধান দিব পাৰে। আমি ইনকিউবেচন চেণ্টাৰ সৃষ্টি কৰিলোঁ,  যাতে সম্পদৰ অভাৱত ধাৰণাবোৰ মৰহি নাযায়।

বন্ধুসকল,

এটা সময়ত জটিল অনুসৰণ, দীঘলীয়া অনুমোদনৰ চক্ৰ, পৰিদৰ্শক ৰাজৰ ভয় আদিয়েই আছিল উদ্ভাৱনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা। সেইবাবেই আমি বিশ্বাস আৰু স্বচ্ছতাৰ পৰিৱেশ সৃষ্টি কৰিলোঁ। জন বিশ্বাস আইনৰ অধীনত ১৮০খনতকৈও অধিক আইন  অপৰাধমুক্ত কৰা হৈছে। আমি আপোনালোকৰ সময় ৰাহি কৰিলোঁ,  যাতে আপোনালোকে উদ্ভাৱনত মনোনিৱেশ কৰিব পাৰে আৰু  গোচৰত সময়  নষ্ট কৰিবলগীয়া নহয়। বিশেষকৈ ষ্টাৰ্টআপৰ বাবে আমি বহু আইনত আত্মপ্ৰমাণীকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিলোঁ। আমি প্ৰৱেশ  আৰু প্ৰস্থান সহজ কৰি দিলোঁ।

 

বন্ধুসকল,

ষ্টাৰ্টআপ ইণ্ডিয়া কেৱল এটা আঁচনি নহয়, বৰঞ্চ এয়া “ৰামধেনুৰ দৃষ্টি”। ই হৈছে বিভিন্ন খণ্ডক নতুন সুযোগৰ সৈতে সংযোগ কৰাৰ এক মাধ্যম। ডিফেন্স মেনুফেকচাৰিঙলৈ চাওক—আগতে ষ্টাৰ্টআপে আনকি প্ৰতিষ্ঠিত গোষ্ঠীৰ  সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ কথা কল্পনা কৰিব পাৰিছিলনে? আইডেক্সৰ জৰিয়তে আমি কৌশলগত খণ্ডৰ ষ্টাৰ্টআপৰ বাবে ক্ৰয়ৰ নতুন পথ মুকলি কৰিলোঁ। পূৰ্বে ব্যক্তিগত অংশগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ থকা মহাকাশ খণ্ড এতিয়া ব্যক্তিগত খণ্ডৰ বাবেও  মুকলি কৰা হৈছে। আজি প্ৰায় ২০০ টা ষ্টাৰ্টআপে মহাকাশ খণ্ডত কাম কৰি আছে আৰু তেওঁলোকে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। একেদৰে ড্ৰ’ন খণ্ডলৈও চাওক—ভাৰত এইক্ষেত্ৰত বছৰ বছৰ ধৰি পিছ পৰি ৰৈছিল এটা সঠিক কাঠামোৰ অভাৱৰ বাবে। আমি পুৰণি নিয়ম আঁতৰাই উদ্ভাৱকসকলৰ মনত  আস্থাৰ ভাব জগাই তুলিলো।

বন্ধুসকল,

ৰাজহুৱা ক্ৰয়ৰ ক্ষেত্ৰত আমি চৰকাৰী ই-মাৰ্কেটপ্লেচ জিএমৰ জৰিয়তে বজাৰত প্ৰৱেশ সম্প্ৰসাৰণ কৰিছো। আজি জিএমত প্ৰায় ৩৫ হাজাৰ ষ্টাৰ্টআপ আৰু ক্ষুদ্ৰ ব্যৱসায় অনব’ৰ্ড কৰা হৈছে। প্ৰায় ৫ লাখ কোটি টকাৰ প্ৰায় ৫ লাখ অৰ্ডাৰ লাভ কৰিছে। এক প্ৰকাৰে ষ্টাৰ্টআপসমূহে তেওঁলোকৰ সফলতাৰ জৰিয়তে প্ৰতিটো খণ্ডৰ বাবে বৃদ্ধিৰ নতুন পথ মুকলি কৰিছে।

বন্ধুসকল,

আমি সকলোৱে জানো যে মূলধন অবিহনে শ্ৰেষ্ঠ ধাৰণাও বজাৰত উপনীত হ’ব নোৱাৰে। সেইবাবেই আমি উদ্ভাৱকসকলৰ বাবে বিত্তীয় সুবিধা নিশ্চিত কৰাত গুৰুত্ব দিছো। ফাণ্ড অৱ ফাণ্ডছ ফৰ ষ্টাৰ্টআপৰ জৰিয়তে ২৫,০০০  কোটি টকাতকৈ অধিক  বিনিয়োগ কৰা হৈছে। ষ্টাৰ্টআপ ইণ্ডিয়া চিড  পুঁজি, ইন-স্পেচ চিড  পুঁজি, আৰু নিধি চিড  সহায়ক কাৰ্যসূচীৰ দৰে আঁচনিসমূহে ষ্টাৰ্টআপসমূহক চিড  পুঁজি প্ৰদান কৰি আছে। ঋণৰ সুবিধাৰ উন্নতিৰ বাবে আমি ঋণ নিশ্চয়তা আঁচনিও আৰম্ভ কৰিলোঁ, যাতে জামিনৰ অভাৱ সৃষ্টিশীলতাৰ পথত বাধা হৈ নাথাকে।

বন্ধুসকল,

আজিৰ গৱেষণা কাইলৈৰ বৌদ্ধিক সম্পত্তি হৈ পৰে। ইয়াৰ প্ৰচাৰৰ বাবে আমি ১ লাখ কোটি টকা ব্যয়ৰে গৱেষণা, উন্নয়ন আৰু উদ্ভাৱনৰ আঁচনি আৰম্ভ কৰিছো। উদিত খণ্ডত দীৰ্ঘম্যাদী বিনিয়োগক সহায় কৰিবলৈ আমি ডিপ টেক ফাণ্ড অৱ ফাণ্ডো গঠন কৰিছো।

 

বন্ধুসকল,

এতিয়া আমি ভৱিষ্যতৰ বাবে প্ৰস্তুতি চলাব লাগিব। আমি নতুন ধাৰণাৰে কাম কৰিব লাগিব। আজি বহু ক্ষেত্ৰৰ উন্মেষ ঘটিছে ,যিবোৰে কাইলৈ ​​দেশৰ অৰ্থনৈতিক সুৰক্ষা আৰু কৌশলগত স্বায়ত্তশাসনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আমাৰ সন্মুখত এআই এটা স্পষ্ট উদাহৰণ। এআই বিপ্লৱত যি দেশে আটাইতকৈ বেছি আগবাঢ়িব, সেই দেশেই সৰ্বাধিক সুবিধা লাভ কৰিব। ভাৰতৰ বাবে এই কাম আমাৰ ষ্টাৰ্টআপে আগবঢ়াই নিব লাগিব।  আপোনালোকে সকলোৱে জানে, ফেব্ৰুৱাৰী মাহত ইয়াত বিশ্বজোৰা এআই সন্মিলন—এআই ইমপেক্ট ছামিট—আয়োজন কৰা হৈছে। এই সুযোগ আপোনালোক সকলোৰে বাবে। এই ক্ষেত্ৰত কম্পিউটিং খৰচ বেছি হোৱাৰ দৰে প্ৰত্যাহ্বানৰ বিষয়ে মই সচেতন। ইণ্ডিয়া এ আই মিছনৰ জৰিয়তে আমি সমাধান আগবঢ়াইছো। আমি ৩৮,০০০ তকৈ অধিক জিপিইউ অনবৰ্ড কৰিছো। আমাৰ প্ৰচেষ্টা হৈছে সৰু সৰু ষ্টাৰ্টআপৰ বাবেও ডাঙৰ প্ৰযুক্তি সহজে উপলব্ধ কৰা। আমি এয়াও  নিশ্চিত কৰিছো যে থলুৱা এআই ভাৰতীয় প্ৰতিভাৰ দ্বাৰা বিকশিত হওক, ভাৰতীয় চাৰ্ভাৰত। অৰ্ধপৰিবাহী, ডাটা চেণ্টাৰ, সেউজ হাইড্ৰজেন, আৰু বহু খণ্ডতো একেধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে।

বন্ধুসকল,

আমি আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ উচ্চাকাংক্ষা কেৱল অংশীদাৰিত্বতে সীমাবদ্ধ হৈ  থাকিব নালাগে। আমি বিশ্বব্যাপী নেতৃত্ব গ্ৰহণৰ  লক্ষ্য স্থিৰ কৰিব  লাগিব। নতুন ধাৰণাৰে কাম কৰিব লাগিব , সমস্যা সমাধান কৰিব লাগিব । বিগত দশকবোৰত আমি ডিজিটেল ষ্টাৰ্টআপ আৰু সেৱা খণ্ডত উল্লেখযোগ্য সফলতা লাভ কৰিছো। এতিয়া আমাৰ ষ্টাৰ্টআপসমূহে উৎপাদনত অধিক গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। আমি নতুন নতুন সামগ্ৰী সৃষ্টি কৰিব লাগিব। আমি বিশ্বৰ উন্নতমানৰ সামগ্ৰী উৎপাদন কৰিব লাগিব। আমি অনন্য ধাৰণাসমূহক লৈ  কাম কৰি প্ৰযুক্তিৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব। ভৱিষ্যত ইয়াতেই আছে । মই আপোনালোকক আশ্বস্ত কৰিছো, চৰকাৰে সকলো প্ৰচেষ্টাতে আপোনালোকৰ লগত থিয় দিছে। আপোনালোকৰ সামৰ্থ্যৰ ওপৰত মোৰ গভীৰ বিশ্বাস আছে। ভাৰতৰ ভৱিষ্যত গঢ় লৈ উঠিছে আপোনালোকৰ সাহস, আত্মবিশ্বাস আৰু উদ্ভাৱনেৰে৷ যোৱা দহ বছৰে দেশে ইয়াৰ সামৰ্থ্য প্ৰমাণ কৰিছে। আমাৰ লক্ষ্য হ’ব লাগিব যে অনাগত দহ বছৰত ভাৰতে নতুন ষ্টাৰ্টআপ ট্ৰেণ্ড আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাবে স্থান লাভ কৰাটো।

 

আকৌ এবাৰ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi urges people to take 9 pledges on health, saving water, others

Media Coverage

PM Modi urges people to take 9 pledges on health, saving water, others
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister receives phone call from President Emmanuel Macron, discusses situation in West Asia and maritime security
April 16, 2026

The Prime Minister, Shri Narendra Modi, received a phone call from the President of France, Emmanuel Macron.

During the conversation, the two leaders discussed the prevailing situation in West Asia. They agreed on the urgent need to restore safety and ensure freedom of navigation in the Strait of Hormuz.

Both leaders reiterated their commitment to continue close cooperation in advancing peace and stability in the region and beyond.

The Prime Minister wrote on X;

“Received a phone call from my dear friend President Emmanuel Macron. We discussed the situation in West Asia and agreed on the need to urgently restore safety and freedom of navigation in the Strait of Hormuz.

We will continue our close cooperation to advance peace and stability in the region and beyond.

@EmmanuelMacron”