মোৰ মৰমৰ বন্ধু, সন্মানীয় ৰাষ্ট্ৰপতি মেক্ৰ’, দুয়োখন দেশৰ উদ্ভাৱকসকল, নমস্কাৰ! বনজৌৰ!

আজি বিশ্বৰ দুটা আগশাৰীৰ উদ্ভাৱন কেন্দ্ৰ একত্ৰিত হৈছে। ভাৰত আৰু ফ্ৰান্সৰ প্ৰসংগ উত্থাপন হ’লে আমাৰ সম্পৰ্ক কেৱল উদ্ভাৱন কেন্দ্ৰিকেই নহয়, বৰং এই সম্পৰ্ক হৈছে বিশ্বাস আৰু উমৈহতীয়া মূল্যবোধৰ। এই দৃষ্টিভংগীৰে ৰাষ্ট্ৰপতি মেক্ৰ’ আৰু মই ২০২৬ বৰ্ষটোক ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছো। এয়া কেৱল উদযাপনেই নহয়, ই আমাৰ যৌথ প্ৰতিশ্ৰুতিও। উদ্ভাৱনৰ প্ৰতিশ্ৰুতি, নেতৃত্বৰ প্ৰতিশ্ৰুতি।

মিত্ৰসকল,

ভাৰত আৰু ফ্ৰান্সে কেইবাটাও কৌশলগত প্ৰযুক্তি খণ্ডত একেলগে কাম কৰিছে, আৰু ইয়াৰ জৰিয়তে গঢ়ি উঠা পাৰস্পৰিক বিশ্বাসে আমাৰ সম্পৰ্কক এক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বৰ গুৰুত্বপূৰ্ণ স্তৰলৈ উন্নীত কৰিছে। ভৱিষ্যতে প্ৰতিটো খণ্ডত আমাৰ সামূহিক সৃষ্টিশীলতাই সমগ্ৰ বিশ্বৰ বাবে এক উন্নত ভৱিষ্যত নিশ্চিত কৰিব।

মিত্ৰসকল,

হাজাৰ বছৰ ধৰি ভাৰতে গণিত, চিকিৎসা, ধাতুবিদ্যা আৰু স্থাপত্যৰ দৰে অসংখ্য ক্ষেত্ৰত মানৱ কল্যাণৰ হকে উদ্ভাৱন কৰিছে। এতিয়া একবিংশ শতিকাত ভাৰতৰ যুৱক-যুৱতীসকলে ‘বিশ্বৰ কল্যাণৰ হকে উদ্ভাৱন’ কৰাৰ বাবে একেই যাত্ৰাত দ্ৰুতগতিৰে অগ্ৰসৰ হৈছে। ভাৰতৰ প্ৰাণৱন্ত ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰৰ পৰা বিশ্বমানৰ গৱেষণা পৰীক্ষাগাৰলৈকে, এক নতুন ইতিবাচক আশাবাদৰ উদ্ভৱ হৈছে। এটা দশকৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰত পৰিণত হোৱাৰ বাবে ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীক ধন্যবাদ। ২০১৪ চনত মাত্ৰ চাৰিটা বৃহৎ উদ্যোগৰ বিপৰীতে ভাৰতত এতিয়া ১২০ টাতকৈও অধিক বৃহৎ উদ্যোগ আছে, যাৰ মুঠ মূল্য ৩৫০ বিলিয়ন ডলাৰ অথবা প্ৰায় ৩০০ বিলিয়ন ইউৰোতকৈ অধিক। আজি বিশ্বৰ প্ৰায় প্ৰতিটো প্ৰধান প্ৰযুক্তি প্ৰতিষ্ঠান কোনো নহয় কোনোধৰণে ভাৰতীয় ষ্টাৰ্টআপ আৰু উদ্ভাৱনৰ সৈতে জড়িত।

মিত্ৰসকল,

যোৱা দশকত, আমি বিদ্যালয়ৰ পৰা উদ্যোগলৈকে উদ্ভাৱনৰ হকে এক অনুকূল পৰিবেশতন্ত্ৰ সৃষ্টি কৰিছো। বিদ্যালয়সমূহত অটল টিংকাৰিং লেবৰ পৰা আৰম্ভ কৰি পৰামৰ্শদাতা, বৃত্তি আৰু ষ্টাৰ্টআপ মূলধনলৈকে আজি এক শক্তিশালী নেটৱৰ্ক বিদ্যমান। ভাৰত বিশ্বৰ অন্যতম বৃহৎ হেকাথন পৰিবেশতন্ত্ৰৰ বাবে গৌৰৱান্বিত। ব্যক্তিগত খণ্ডৰ গৱেষণা উদ্ভাৱন আঁচনিৰ জৰিয়তে প্ৰত্যক্ষ সমৰ্থন উপলব্ধ। ষ্টাৰ্টআপ ইণ্ডিয়া ২.০ৰ জৰিয়তে গভীৰ প্ৰযুক্তিৰ উদ্ভাৱনৰ বাবে মূলধন সংগ্ৰহ ত্বৰান্বিত হৈছে।

মিত্ৰসকল,

আমাৰ অটল উদ্ভাৱন অভিযানে ২৪ ফেব্ৰুৱাৰীত এটা দশক সম্পূৰ্ণ কৰিব আৰু ইয়াৰ লগে লগে ই বিশ্বৰ অন্যতম বৃহৎ তৃণমূল উদ্ভাৱন অভিযানত পৰিণত হৈছে। আমাৰ ১০,০০০তকৈও অধিক টিংকাৰিং পৰীক্ষাগাৰত ১ কোটিতকৈও অধিক শিক্ষাৰ্থী আৰু উদ্ভাৱকে কাম কৰি আছে। ১০০ৰো অধিক ইনকিউবেটৰ আৰু অসংখ্য গভীৰ প্ৰযুক্তিৰ ষ্টাৰ্টআপ এই অভিযানৰ সৈতে জড়িত হৈ আছে। মই আজি ইয়াত উপস্থিত থকা উদ্যোগৰ মুৰব্বীসকলক অটল উদ্ভাৱন অভিযানত নিশ্চিতভাৱে যোগদান কৰিবলৈ এক বিশেষ অনুৰোধ কৰিব বিচাৰো।

মিত্ৰসকল,

উন্নত ভাৰতৰ দিশত যাত্ৰাৰ বাবে উদ্ভাৱনৰ ইঞ্জিনৰ প্ৰয়োজন, সেয়েহে এই বছৰৰ বাজেটত আমি উদ্ভাৱন পৰিবেশতন্ত্ৰ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। বিষয়বস্তু সৃষ্টি শক্তিশালী কৰিবলৈ ১৫,০০০ বিদ্যালয় আৰু ৫০০ খন মহাবিদ্যালয়ত বিষয়বস্তু সৃষ্টি কৰাসকলৰ পৰীক্ষাগাৰ স্থাপন কৰা হ’ব। আমি কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম, জৈৱ প্ৰযুক্তি, ছেমিকণ্ডাক্টৰ আৰু পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত কাম কৰি আছো। ইয়াৰ লগতে আমি বস্ত্ৰ, ৰাসায়নিক পদাৰ্থ, ক্ৰীড়া সামগ্ৰী, নিখুঁত সঁজুলি, ইলেক্ট্ৰনিকছ আৰু আন্তঃগাঁথনিকে ধৰি প্ৰতিটো খণ্ডত উদ্ভাৱনৰ সংবৰ্ধন কৰিম।

মিত্ৰসকল,

আমি অতি গৌৰৱান্বিত যে ভাৰত মহিলা নেতৃত্বাধীন গৱেষণা আৰু উদ্ভাৱনৰ এক উজ্জ্বল উদাহৰণ হৈ উঠিছে। আজি প্ৰায় ৫০ শতাংশ ষ্টাৰ্টআপত কমেও এগৰাকী মহিলা সঞ্চালক আছে। যথেষ্টসংখ্যক মহিলা শিক্ষাৰ্থী এছ টি ই এম স্নাতক হৈ উঠিছে। কৃষি, স্বাস্থ্য বা মহাকাশ অভিযান যিয়েই নহওক, মহিলাসকলে সকলো ঠাইতে নেতৃত্ব দি আছে।

মিত্ৰসকল,

ভাৰতৰ গতি আৰু পৰিসৰ ফ্ৰান্সৰ শক্তিৰ সৈতে সংযুক্ত হোৱাৰ লগে লগে বিশ্বৰ বাবে নতুন পথ মুকলি হৈছে। আজিও দুয়োখন দেশৰ শ্ৰেষ্ঠ লোকসকল ইয়াত একত্ৰিত হৈছে। আজি দুয়োখন দেশে ইজনে সিজনৰ প্ৰতিভাধৰসকলক উষ্ম আদৰণি জনাইছে। ফ্ৰান্সে ২০৩০ চনৰ ভিতৰত ৩০,০০০ ভাৰতীয় শিক্ষাৰ্থীক স্বাগতম জনোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যুৱ শক্তি আৰু যুৱ মনসমূহক একত্ৰিত কৰাৰ এয়া এক উল্লেখযোগ্য প্ৰচেষ্টা।

মিত্ৰসকল,

২০২৬ বৰ্ষটো ভাৰত-ফ্ৰান্সৰ সম্পৰ্কৰ বাবে এক অতি বিশেষ বছৰ। জনসাধাৰণৰ মাজত আদান-প্ৰদান গভীৰ হ’ব আৰু উদ্যোগসমূহৰ মাজত অংশীদাৰিত্ব সম্প্ৰসাৰিত হ’ব। আমি আজি ভাৰতত ব্যস্ত হৈ থকাৰ দৰে ২০২৬ চনৰ জুন মাহত ফ্ৰান্সত ‘ইণ্ডিয়া ইনোভেটছ ২০২৬’ৰ অধীনত আমি স্বাস্থ্য, জলবায়ু আৰু নিৰাপত্তাৰ দৰে আন্তৰ্জাতিক প্ৰত্যাহ্বানৰ সমাধান বিকশিত কৰি থকা ভাৰতৰ শ্ৰেষ্ঠ প্ৰযুক্তিগত ষ্টাৰ্টআপসমূহ বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰিম।

মিত্ৰসকল,

মই ফ্ৰান্স আৰু সমগ্ৰ বিশ্বৰ নেতা, মুখ্য কাৰ্যবাহী বিষয়া, বিনিয়োগকাৰী আৰু বিশ্ববিদ্যালয়সমূহক আমন্ত্ৰণ জনাইছো। সৰ্বাত্মক প্ৰগতি আৰু মানৱতামুখী প্ৰযুক্তিৰে ভৰা ভৱিষ্যত নিৰ্মাণত আহক আমি ভাৰতক সহযোগ কৰো। সেই মনোভাৱেৰে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। আৰু মই মোৰ বন্ধুৰ ওচৰত, এজন ভাল বন্ধু হিচাপে, তেওঁৰ সময়ৰ বাবে, তেওঁৰ সহৃদয় কথাৰ বাবে তথা ভাৰত-ফ্ৰান্সৰ মাজৰ সম্পৰ্ক আৰু ভাল বন্ধুত্বৰ ওপৰত তেওঁ দেখুওৱা বিশ্বাসৰ বাবে গভীৰভাৱে কৃতজ্ঞ। বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future