QuoteOur Government is committed to ensuring progress and prosperity for the vibrant Bodo community:PM
QuoteA strong foundation has been laid for the bright future of the Bodo people: PM
QuoteThe entire North East is the Ashtalakshmi of India: PM

খুলুম্বাই!

অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়া, প্ৰযুক্তিৰ মাধ্যমেৰে এই কাৰ্য্যসূচীত যোগদান কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মঞ্চত উপৱিষ্ট আন সকলো বিশিষ্ট ব্যক্তি, ভ্ৰাতৃ-ভগ্নীসকল!

আজি কাতি পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষ। আজি দেৱ দীপাৱালীও উদযাপন কৰা হৈছে। এই উৎসৱত দেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গুৰু নানক দেৱ জীৰ ৫৫৫ সংখ্যক প্ৰকাশ পৰ্বও। এই উপলক্ষে সকলো দেশবাসীক, বিশেষকৈ সমগ্ৰ বিশ্বতে থকা শিখ ভাই-ভনীসকলক অভিনন্দন জনাইছোঁ। আজি সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱসো উদযাপন কৰা হৈছে। আজি পুৱা বিহাৰৰ জমুইত ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ অনুষ্ঠানত অংশ লৈ এতিয়া সন্ধিয়া ইয়াত প্ৰথম বড়ো মহোৎসৱ উদ্বোধন কৰিছোঁ। প্ৰথম বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন ৰাজ্যৰপৰা বড়ো সমাজৰ লোকসকল আহিছে। ইয়াত শান্তি, সংস্কৃতি আৰু সমৃদ্ধিৰ নতুন ভৱিষ্যৎ উদযাপন কৰিবলৈ সমবেত হোৱা সকলো বড়ো বন্ধুকে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

মোৰ বাবে এই অনুষ্ঠান কিমান আৱেগিক, সেয়া কল্পনাৰো অগোচৰ। ইয়াৰ মুহূৰ্তবোৰে মোক আৱেগিক কৰি তুলিছে। যিসকলে দিল্লীত বহি নিজৰ এয়াৰ কণ্ডিচনাৰ কোঠাৰপৰা এই বিষয়ে দেশবাসীক কয়, তেওঁলোকৰ এয়া কিমান গুৰুত্বপূৰ্ণ অনুষ্ঠান, সেই বিষয়ে কোনো ধাৰণা নাই। ৫০ বছৰৰ ৰক্তপাত, ৫০ বছৰৰ হিংসা, তিনি-চাৰি প্ৰজন্মৰ যুৱক-যুৱতী এই হিংসাত প্ৰভাৱিত হৈছিল। ইমান দশকৰ পাছত আজি বড়ো সমাজে এক মহোৎসৱ উদযাপন কৰিছে আৰু ৰণচণ্ডী নৃত্য, যিয়ে বড়ো সমাজখনৰ শক্তিৰ পৰিচয় বহন কৰে আৰু দিল্লীত বহি থকা মানুহে এনেবোৰ কথাৰ তাৎপৰ্য্য বুজিবনে নাই সেয়া মই নাজানো। অতিশয় ধৈৰ্য্য সহকাৰে আজি আপোনালোক সকলোৱে এক নতুন ইতিহাস ৰচনা কৰিছে।

মোৰ বড়ো ভাই-ভনীসকল,

২০২০ত বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত কোকৰাঝাৰ ভ্ৰমণৰ সুযোগ পাইছিলোঁ। তাত আপোনাসৱে মোক যি স্নেহ আৰু মৰম যাচিছিল, এনে লাগিছিল যেন আপোনালোকে মোক নিজৰ বুলি গণ্য কৰে। সেই মুহূৰ্তটো মোৰ সদায় মনত থাকিব, কিন্তু কেতিয়াবা, তাতোকৈ বেছি, এটা ডাঙৰ অনুষ্ঠান, এটা পৰিবেশে প্ৰভাৱ পেলায়। চাৰি বছৰৰ পাছতো সেই একেই মৰম, সেই একে উদ্যম, সেই একেই স্নেহ, ই মানুহৰ হৃদয়খন কিমান আৱেগিক কৰি তোলে, সেয়া কোনেও কল্পনা কৰিব নোৱাৰে। আৰু সেইদিনা মই মোৰ বড়ো ভাই-ভনীসকলক কৈছিলোঁ যে বড়োলেণ্ডত শান্তি আৰু সমৃদ্ধিৰ সূচনা হৈছে, সেয়া কেৱল মোৰ কথা নাছিল। সেইদিনা মই যি পৰিবেশ প্ৰত্যক্ষ কৰিছিলোঁ আৰু শান্তিৰ বাবে হিংসাৰ পথ পৰিত্যাগ কৰিছিল। অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিছিল, সেই মুহূৰ্তটো আছিল অতিশয় আৱেগিক আৰু একে সময়তে মোৰ মনে কৈছিল যে বড়োলেণ্ডত সমৃদ্ধিৰ সূচনা হৈছে। আজি আপোনালোক সকলোৰে উদ্যম আৰু মুখমণ্ডলত প্ৰকাশ পোৱা সন্তোষৰ ভাৱ প্ৰত্যক্ষ কৰি ক’ব পাৰোঁ যে বড়ো সমাজৰ এটি উজ্জ্বল ভৱিষ্যতৰ এক সুদৃঢ় ভেটি স্থাপন হৈছে।

 

|

যোৱা ৪ বছৰত বড়োলেণ্ডত অতিশয় উল্লেখযোগ্য অগ্ৰগতি সাধন হৈছে। শান্তি চুক্তিৰ পিছত বড়োলেণ্ডত উন্নয়নৰ নতুন জোৱাৰ দেখা গৈছে। আজি বড়ো শান্তি চুক্তিৰ উপযোগিতা, ইয়াৰ প্ৰভাৱ আপোনালোকৰ জীৱনত প্ৰত্যক্ষৰে মোৰ মনত ইমান সন্তুষ্টি, ইমান সুখ পাইছোঁ, সেয়া কল্পনাতীত। এটা মুহূৰ্তৰ বাবে কল্পনা কৰকচোন, এগৰাকী মাতৃ আৰু একমাত্ৰ পুত্ৰ, আৰু মাকে পুত্ৰক অতি যত্নৰে ডাঙৰ-দীঘল কৰিছে আৰু পুত্ৰই আন বন্ধু-বান্ধৱীৰ সৈতে হাতত অস্ত্ৰ লৈ হাবিত বিচৰণ কৰে, মাকক এৰি, কাকো হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। তেওঁ বাছি লোৱা পথত উপনীত হোৱাৰ পিছত মাতৃয়ে নিৰাশাত অসহায়ভাৱে দিন পাৰ কৰিছে আৰু এদিন তেওঁ মাতৃক চিনি পালে, ল’ৰাটোৱে সেই অস্ত্ৰ ত্যাগ কৰি পুনৰ মাতৃৰ ওচৰলৈ ঘূৰি আহিছে। কল্পনা কৰকচোন সেইদিনা মাতৃগৰাকী কিমান সুখী হৈছিল। আজি যোৱা চাৰি বছৰ ধৰি ময়ো সেই একেই আনন্দ অনুভৱ কৰি আহিছোঁ। মোৰ নিজৰ মানুহ, মোৰ ডেকা বন্ধুসকলে মোৰ অনুৰোধ ৰক্ষা কৰি উভতি আহিল আৰু এতিয়া মোৰ সৈতে কান্ধত কান্ধ মিলাই ভাৰতৰ ভৱিষ্যৎ গঢ়াত ব্যস্ত হৈ আছে। এয়া মোৰ জীৱনৰ অতিশয় বিশেষ অনুষ্ঠান বন্ধুসকল, মোক অপৰিসীম সন্তুষ্টি প্ৰদান কৰা অনুষ্ঠান আৰু সেয়েহে আপোনালোকক অভিনন্দন জনায়েই মই ক্ষান্ত থাকিব নোৱাৰোঁ। আৰু বন্ধুসকল, এনে নহয় যে বড়ো শান্তি চুক্তিৰ জৰিয়তে কেৱল আপোনালোকহে লাভান্বিত হৈছে। বড়ো শান্তি চুক্তিয়ে আন বহু চুক্তিৰ বাবে নতুন পথ মুকলি কৰিলে। সেয়া যদি কাগজতে থাকিলহেঁতেন তেন্তে হয়তো আপোনাসৱে মোৰ কথা নুশুনিলেহেঁতেন। কিন্তু, আজি কাগজত থকা কথাখিনি বাস্তৱায়িত হৈছে। সেয়েহে, এই পদক্ষেপেৰে আপোনালোকে বাকী সকলো চুক্তিৰ পথ মুকলি কৰিলে। দৰাচলতে আপোনালোকে সমগ্ৰ উত্তৰ-পূবতে শান্তিৰ শিখা প্ৰজ্জ্বলন কৰিলে।

বন্ধুসকল,

এই চুক্তিসমূহৰ কাৰণে অকল অসমতে ১০ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিছে, হিংসাৰ পথ পৰিহাৰেৰে উন্নয়নৰ মূলসুঁতিলৈ ঘূৰি আহিছে। কোনেও কল্পনা কৰা নাছিল যে কাৰ্বি আংলং চুক্তি, ব্ৰু-ৰিয়াং চুক্তি, এনএলএফটি-ত্ৰিপুৰা চুক্তি, এই সকলোবোৰ কথা এদিন বাস্তৱত পৰিণত হ’ব। আৰু এই সকলোবোৰ সম্ভৱ হৈছে আপোনালোক সকলোৰে সহযোগিতাৰ বাবেই। আজি সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হৈছে, আজি ভগৱান বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী। সেয়ে, আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। মই ইয়ালৈ আপোনালোকক ধন্যবাদ জনাবলৈ আহিছোঁ। আপোনালোকৰ পৰিয়াল-বৰ্গলৈ শ্ৰদ্ধা জনাবলৈ আহিছোঁ। যেতিয়া আমি চকুৰ সন্মুখত লালন-পালন কৰা সপোনবোৰ বাস্তৱায়িত হোৱা দেখিবলৈ পাওঁ, তেতিয়া আমাৰ হৃদয়খন... আমাৰ হৃদয়খন আৱেগেৰে ভৰি পৰে। আৰু সেইবাবেই মই আপোনালোকক ধন্যবাদ জনায়েই ক্ষান্ত হ’ব নোৱাৰোঁ আৰু দেশৰ যুৱক-যুৱতীসকলক ক’ব খুজিছোঁ, আজিও, যিসকল নক্সালবাদৰ পথত আছে, মই তেওঁলোকক কওঁ যে মোৰ বড়ো বন্ধুসকলৰ পন্থাক আয়ত্ত কৰক, বন্দুক পৰিহাৰ কৰক, বোমা-বন্দুক-পিষ্টলৰ পথে কেতিয়াও ফলাফল নিদিয়ে। কেৱল বড়ো সমাজে দেখুওৱা পথেহে ফলাফল কঢ়িয়াই আনিব।

বন্ধুসকল,

মই যি আস্থাৰ মূলধন লৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ, সেই আস্থাক আপোনালোক সকলোৱে সন্মান কৰিছে, মোৰ কথাক সন্মান কৰিছে আৰু মোৰ কথা কোৱাৰ শক্তি বৃদ্ধি কৰিছে। আমাৰ চৰকাৰ, অসম চৰকাৰে আপোনালোকৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই।

 

|

বন্ধুসকল,

কেন্দ্ৰীয় আৰু অসম চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত বড়ো সমাজৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰাজিত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ডৰ উন্নয়নৰ বাবে ১৫০০ কোটি টকাৰ বিশেষ পেকেজ প্ৰদান কৰিছে। অসম চৰকাৰেও বিশেষ উন্নয়নৰ পেকেজ আগবঢ়াইছে। বড়োলেণ্ডত শিক্ষা, স্বাস্থ্য আৰু সংস্কৃতিৰে জড়িত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৭০০ কোটিৰো অধিক ধন ব্যয় কৰা হৈছে। হিংসা ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহা লোকসকলৰ প্ৰতি আমি সম্পূৰ্ণ সংবেদনশীলতাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বড়োলেণ্ডৰ নেচনেল ডেমক্ৰেটিক ফ্ৰন্টৰ ৪ হাজাৰৰো অধিক প্ৰাক্তন কেডাৰক পুনৰ সংস্থাপন কৰা হৈছে। অসম আৰক্ষীত বহু যুৱকক চাকৰি দিয়া হৈছে। অসম চৰকাৰে বড়ো সংঘাতত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্যও আগবঢ়াইছে। আপোনালোকে জানি সুখী হ'ব যে অসম চৰকাৰে বড়োলেণ্ডৰ উন্নয়নৰ বাবে প্ৰতি বছৰে ৮০০ কোটিৰো অধিক টকা আগবঢ়াই আছে।

বন্ধুসকল,

যিকোনো এটা অঞ্চলৰ উন্নয়নৰ বাবে, নিৰ্দিষ্ট অঞ্চলটোৰ যুৱক-যুৱতীসকলে দক্ষতা বিকাশৰ সুযোগ লাভ কৰাটো গুৰুত্বপূৰ্ণ আৰু তেওঁলোকে নিজৰ কাম কৰাৰ সম্পূৰ্ণ সুযোগ পোৱাটোও গুৰুত্বপূৰ্ণ। হিংসাৰ অৱসানৰ লগে-লগে বড়োলেণ্ডত উন্নয়নৰ বট বৃক্ষৰ পুলি ৰোপণ কৰাটোও অতি প্ৰয়োজনীয় হৈ পৰিল। আৰু এই অনুভৱেই হৈ পৰিল চীড মিছনৰ (SEED Mission) ৰ ভিত্তি। চীড মিছন অৰ্থাৎ দক্ষতা (Skilling), উদ্যমিতা (Entrepreneurship) আৰু নিয়োগ উন্নয়নৰ (Employment Development) জৰিয়তে যুৱক-যুৱতীসকলৰ কল্যাণ সাধন কৰা। বড়ো যুৱক-যুৱতীসকলে ইয়াৰপৰা যথেষ্ট সুবিধা লাভ কৰিছে।

বন্ধুসকল,

মই সন্তোষ পাইছোঁ যে কেইবছৰমান আগতে বন্দুক লৈ থকা যুৱকসকলে এতিয়া ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়িছে। কোকৰাঝাৰত অনুষ্ঠিত ডুৰাণ্ড কাপৰ দুটা সংস্কৰণ আৰু ইয়ালৈ বাংলাদেশ, নেপাল আৰু ভূটানৰ দলৰ আগমন কাৰ্য্য এক ঐতিহাসিক ঘটনা। এই শান্তি চুক্তিৰ পিছত বিগত তিনি বছৰে কোকৰাঝাৰত অবিৰতভাৱে বড়োলেণ্ড সাহিত্য মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। আৰু ইয়াৰ বাবে মই সাহিত্য পৰিষদক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এয়া বড়ো সাহিত্যৰ বাবে এক পৰম সেৱা। আজি বড়ো সাহিত্য সভাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসো। এই দিনটো বড়ো সাহিত্য আৰু বড়ো ভাষাৰ উদযাপনৰ দিন। মই জানিব পাৰিছোঁ যে কাইলৈ ​​অৰ্থাৎ ১৬ নৱেম্বৰত এক সাংস্কৃতিক সমাৱেশ অনুষ্ঠিত হ’ব। ইয়াৰ বাবেও মই আপোনালোকক শুভকামনা জনাইছোঁ। আৰু বন্ধুসকল, দিল্লীয়ে এয়া প্ৰত্যক্ষ কৰা মাত্ৰেকে সমগ্ৰ দেশখনে চাবলৈ সুযোগ পাব। গতিকে আপোনালোকৰ দিল্লীলৈ আহি শান্তিৰ গীত গোৱাৰ সিদ্ধান্ত উত্তম হৈছে।

 

|

বন্ধুসকল,

ইয়াৰ পূৰ্বে মই প্ৰদৰ্শনীলৈ গৈছিলোঁ। এই প্ৰদৰ্শনীত আমি চহকী বড়ো কলা আৰু শিল্প প্ৰত্যক্ষ কৰোঁ। আ’ৰনাই, দখোনা, গামছা, কাৰাই-ডাখিনী, থৰখা, জাউ গিছি, খাম আদি একাধিক সম্ভাৰ ইয়াত উপলব্ধ আৰু এইসমূহ এনে সামগ্ৰী, যিয়ে জিআই টেগ লাভ কৰিছে। অৰ্থাৎ, এই সামগ্ৰীসমূহ বিশ্বৰ যি স্থানলৈকে নাযাওঁক কিয়, ইয়াৰ পৰিচয় বড়োলেণ্ড, বড়ো সংস্কৃতিৰ সৈতে জড়িত হৈ থাকিব। আৰু ছেৰিকালচাৰ সদায় বড়ো সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ আহিছে। সেইবাবেই আমাৰ চৰকাৰে বড়োলেণ্ড ছেৰিকালচাৰ মিছন অব্যাহত ৰাখিছে। প্ৰতিটো বড়ো পৰিয়ালতে বয়নৰ পৰম্পৰাও আছে। বড়োলেণ্ড হেণ্ডলুম মিছনৰ জৰিয়তে বড়ো সমাজৰ সাংস্কৃতিক ঐতিহ্যক প্ৰোৎসাহনৰ বাবেও এক প্ৰচেষ্টা হাতত লোৱা হৈছে।

বন্ধুসকল,

অসম ভাৰতৰ পৰ্যটন খণ্ডৰো এক বৃহৎ শক্তি। আৰু আমাৰ বড়োলেণ্ড, ঠিক অসমৰ দৰেই ভাৰত পৰ্যটনৰো শক্তি। অসম পৰ্যটনৰ শক্তিত বড়োলেণ্ডে অনন্য বৰঙণি আগবঢ়াইছে। মানস ৰাষ্ট্ৰীয় উদ্যান, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু শিখনা ঝলাও ৰাষ্ট্ৰীয় উদ্যানৰ ঘন বনাঞ্চল আন কাম-কাজৰ স্থান হৈ পৰিছিল। এসময়ত লুকাই থকা অৰণ্যবোৰ এতিয়া যুৱক-যুৱতীসকলৰ উচ্চাকাংক্ষা পূৰণৰ মাধ্যমত পৰিণত হোৱাত মই সন্তোষ পাইছোঁ। বড়োলেণ্ডৰ ক্ৰমবৰ্ধমান পৰ্যটনেও ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

বন্ধুসকল,

আজি আমি এই মহোৎসৱ পালনেৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম আৰু গুৰুদেৱ কালিচৰণ ব্ৰহ্মক স্মৰণ কৰিছোঁ। বডোফাই সদায় ভাৰতৰ অখণ্ডতা আৰু বড়ো জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ বাবে গণতান্ত্ৰিক পন্থাক আগবঢ়াই নিছিল। গুৰুদেৱ কালিচৰণ ব্ৰহ্মই অহিংসা আৰু আধ্যাত্মিকতাৰ পথ অনুসৰণেৰে সমাজখনক একত্ৰিত কৰিছিল। আজি মই সন্তোষ পাইছোঁ যে আজি বড়ো মাতৃ-ভগ্নীসকলৰ চকুত চকুলোৰ বিপৰীতে উজ্জ্বল ভৱিষ্যতৰ সপোন প্ৰতিফলিত হৈছে। প্ৰতিটো বড়ো পৰিয়ালে এতিয়া নিজৰ সন্তানৰ এটি উন্নত ভৱিষ্যতৰ আকাংক্ষা কৰিছে। তেওঁলোকৰ সন্মুখত সফল বড়ো লোকসকলে প্ৰেৰণা হিচাপে থিয় দি আছে। বড়ো সমাজৰ বহু লোকে বিশেষ পদত অধিষ্ঠিত হৈ দেশৰ সেৱা কৰিছে। আমাৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰা শ্ৰী হৰিশংকৰ ব্ৰহ্ম, মেঘালয়ৰ ৰাজ্যপাল শ্ৰী ৰঞ্জিত শেখৰ মুছাহাৰীৰ দৰে একাধিক ব্যক্তিয়ে বড়ো সমাজৰ প্ৰতিপত্তি বৃদ্ধি কৰিছে। মই সুখী যে বড়োলেণ্ডৰ যুৱক-যুৱতীসকলে এটা উন্নত কেৰিয়াৰ গঢ়ি তোলাৰ সপোন দেখিছে। আৰু, এই সকলোবোৰৰ মাজত আমাৰ চৰকাৰে, সেয়া কেন্দ্ৰয়েই হওঁক বা ৰাজ্যয়েই হওঁক, প্ৰতিটো বড়ো পৰিয়ালৰ সৈতে অংশীদাৰ হিচাপে থিয় দিছে।

বন্ধুসকল,

মোৰ বাবে অসমকে প্ৰমুখ্য কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল হৈছে ভাৰতৰ অষ্টলক্ষ্মী। এতিয়া উন্নয়নৰ সূৰ্য্য উদয় হ’ব পূবৰপৰা, পূব ভাৰতৰপৰা, যিয়ে এখনি উন্নত ভাৰতৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব। সেইবাবেই আমি উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তিৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সীমা বিবাদৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰিবলৈ আমি চেষ্টা কৰিছোঁ।

 

|

বন্ধুসকল,

যোৱা এটা দশকত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ সোণালী যুগ আৰম্ভ হৈছে। বিজেপি-এনডিএ চৰকাৰৰ নীতিৰ বাবে ১০ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত হৈছে। ইয়াৰ ভিতৰত অসমৰ লক্ষ-লক্ষ লোকেও দৰিদ্ৰতাৰ সৈতে যুঁজি দৰিদ্ৰতাক পৰাস্তৰে ইয়াৰপৰা মুক্তি পাবলৈ সক্ষম হৈছে। বিজেপি-এনডিএ চৰকাৰৰ দিনত অসমে গঢ়ি তুলিছে উন্নয়নৰ নতুন অভিলেখ। আমাৰ চৰকাৰে স্বাস্থ্যৰ আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। যোৱা ডেৰ বছৰত অসমে ৪ খন বৃহৎ চিকিৎসালয়ৰ উপহাৰ লাভ কৰিছে। এইমছ-গুৱাহাটী আৰু কোকৰাঝাৰ, নলবাৰী, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সা-সুবিধাসমূহে সকলোৰে জটিলতাসমূহ দূৰ কৰিছে। অসমত কেন্সাৰ হাস্পতাল মুকলিৰ লগে-লগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলে যথেষ্টখিনি সকাহ পাইছে। ২০১৪ৰ পূৰ্বে অসমত ছখন চিকিৎসা মহাবিদ্যালয় আছিল, আজি এই সংখ্যা ১২ খনলৈ বৃদ্ধি পাইছে। ইয়াৰ ওপৰিও আৰু ১২ খন নতুন চিকিৎসা মহাবিদ্যালয় খোলাৰ প্ৰস্তুতি অব্যাহত আছে। অসমৰ এই ক্ৰমাৎ বৃদ্ধি পোৱা চিকিৎসা মহাবিদ্যালয়সমূহে এতিয়া যুৱক-যুৱতীসকলৰ বাবে সুযোগৰ নতুন দুৱাৰ মুকলি কৰিছে।

 

|

বন্ধুসকল,

বড়ো শান্তি চুক্তিয়ে যি পথ প্ৰদৰ্শন কৰিছে, সেয়াই হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধিৰ পথ। বড়ো ভূমিক মই শতিকা পুৰণি সংস্কৃতিৰ চহকী স্থান বুলি গণ্য কৰোঁ। আমি এই সংস্কৃতি, বড়ো পৰম্পৰাক অহৰহভাৱে সুদৃঢ় কৰিব লাগিব। আৰু বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে বড়োলেণ্ড মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনালোক সকলো ইয়ালৈ আহিছে, ময়ো আপোনালোক সকলোকে দিল্লীত আদৰণি জনোৱাৰ সুযোগ পাইছোঁ, মই আপোনালোকক অন্তৰেৰে আদৰণি জনাইছোঁ। আৰু বন্ধুসকল, আপোনালোকে মোৰ প্ৰতি যি মৰম দেখুৱাইছে, আপোনালোকে মোক যি স্নেহ যাঁচিছে, আপোনালোকৰ চকুত দেখা সপোনে মোক পুলকিত কৰিছে। মোৰ সকলো বড়ো ভাই-ভনীকে ক’ব খুজিছোঁ, আপোনালোকৰ আশা-আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে প্ৰচেষ্টাত কোনো ক্ৰুটি কৰা নাই।

 

|

বন্ধুসকল,

আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল আপোনালোকে মোক জয়ী কৰিছে। আৰু সেইবাবেই মই সদায় আপোনালোকৰ, আপোনালোকৰ বাবে আৰু আপোনালোকৰ কাৰণে। মোৰ শুভেচ্ছা জনালোঁ! আপোনাসৱক অশেষ ধন্যবাদ!

সমস্বৰে কওঁ আহক-

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

অশেষ ধন্যবাদ জনালোঁ!

 

  • Jitendra Kumar April 28, 2025

    ❤️🇮🇳🙏🎉
  • pankaj sharma January 21, 2025

    Modi
  • Dheeraj Thakur January 18, 2025

    जय श्री राम।।
  • Dheeraj Thakur January 18, 2025

    जय श्री राम
  • Vivek Kumar Gupta January 04, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta January 04, 2025

    नमो .......................🙏🙏🙏🙏🙏
  • amar nath pandey January 02, 2025

    Jai ho
  • MAHESWARI K December 19, 2024

    Jai kishan
  • krishangopal sharma Bjp December 12, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • கார்த்திக் December 08, 2024

    🌺ஜெய் ஸ்ரீ ராம்🌺जय श्री राम🌺જય શ્રી રામ🌹 🌺ಜೈ ಶ್ರೀ ರಾಮ್🌺ଜୟ ଶ୍ରୀ ରାମ🌺Jai Shri Ram 🌹🌹 🌺জয় শ্ৰী ৰাম🌺ജയ് ശ്രീറാം 🌺 జై శ్రీ రామ్ 🌹🌸
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
11 years of Modi government: The transformation and the road ahead

Media Coverage

11 years of Modi government: The transformation and the road ahead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Bhagwan Birsa Munda
June 09, 2025

The Prime Minister, Shri Narendra Modi paid tributes to great hero of the freedom struggle, Bhagwan Birsa Munda on the occasion of his Martyr's Day today.

The Prime Minister stated that Bhagwan Birsa Munda dedicated his life to the welfare of tribal brothers and sisters and the protection of their rights. He added that his sacrifice and devotion will continue to inspire the people of the country.

The Prime Minister posted on X;

"स्वतंत्रता संग्राम के महानायक भगवान बिरसा मुंडा जी को उनके बलिदान दिवस पर आदरपूर्ण श्रद्धांजलि। आदिवासी भाई-बहनों के कल्याण और उनके अधिकारों की रक्षा के लिए उन्होंने अपना जीवन समर्पित कर दिया। उनका त्याग और समर्पण देशवासियों को सदैव प्रेरित करता रहेगा।"