What is ‘Zen’ in Japan is ‘Dhyan’ in India: PM
Inner peace along with outer progress and growth is hallmark of the two cultures: PM
Kaizen is being used in many departments, institutions and schemes of the Central Government: PM
PM elaborates on his vision of creating a Mini-Japan in Gujarat
More than 135 companies, ranging from automobile, banking to construction and pharma, have made Gujarat their base: PM
We have the confidence of centuries old cultural relations and also a common vision for the future: PM
We have made a special arrangement of Japan Plus in PMO: PM
During pandemic India-Japan friendship has become even more important for global stability and prosperity: PM
PM conveys his wishes to Japan and people of Japan for Tokyo Olympic

নমস্কাৰ!

‘কোন্নীচীৱা’।

‘কেম ছো’

‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ লোকাৰ্পণৰ এই সুযোগ ভাৰত-জাপানৰ মাজৰ সম্পৰ্কৰ সহজতা আৰু আধুনিকতাৰ প্ৰতীক হিচাপেই পৰিগণিত হৈছে। মোৰ বিশ্বাস যে জাপানৰ ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ এই প্ৰতিস্থাই, ভাৰত আৰ জাপানৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিব, আমাৰ নাগৰিকসকলক আৰু কাষ চপাই আনিব। বিশেষ ভাবে, মই ‘হ্যোগো’ আৰু ‘প্ৰী-ফেক্সাৰ’ৰ নেতৃবৃন্দৰ, মোৰ অভিন্ন মিত্ৰ গৱৰ্ণৰ শ্ৰীমান ইদো তোশীজোক বিশেষ ভাবে এই মুহূৰ্তত অভিনন্দন জ্ঞাপন কৰিছো। গৱৰ্ণৰ ইদো ২০১৭চনত নিজেই আহমেদাবাদলৈ আহিছিল। আহমেদাবাদত ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁৰ লগতে ‘হ্যোগো ইণ্টাৰনেশ্যনেল এছোচিয়েশ্যন’ৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছিল। মই ‘গুজৰাটৰ ভাৰত-জাপান মৈত্ৰী সংস্থা’ৰ সতীৰ্থসকলকো ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিব খুজিছো। তেওঁলোকে ভাৰত-জাপানৰ মাজৰ সম্বন্ধ মজবুট কৰাৰ বাবে নিৰন্তৰ ভাবে উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। ‘জাপান ইনফৰ্মেশ্যন এণ্ড ষ্টাডী চেণ্টাৰ’-ও ইয়াৰ এক সুন্দৰ উদাহৰণ।

বন্ধুসকল,

ভাৰত আৰু জাপান যিমানেই বহিঃ প্ৰগতি আৰু উন্নতিৰ বাবে সমৰ্পিত হৈ আহিছে, সিমানেই আভ্যন্তৰীণ শান্তি আৰু প্ৰগতিকো আমি গুৰুত্ব প্ৰদান কৰি আহিছো। জাপানৰ ‘জেন গাৰ্ডেন’, শান্তিৰ এই অন্বেষণৰ, এই আকাংক্ষাৰ এক সুন্দৰ অভিব্যক্তি। ভাৰতৰ জনতাই তাহানিৰে পৰা যি শান্তি, সহজতা আৰু সৰলতাক যোগ আৰু আধ্যাত্মৰ জৰিয়তে শিকিছিল, বুজিছিল, তাৰে এটি চমক তেওঁলোকে ইয়াত দেখিবলৈ পাব। আৰু, এনেয়ো, জাপানৰ ‘জেন’-য়েইতো ভাৰতত ‘ধ্যান’ হয়। বুদ্ধই এই ‘ধ্যান’, এই ‘বুদ্ধত্ব’কে পৃথিৱীক দিছিল। আৰু ‘কাইজেন’-ৰ সংকল্পনাই হ’ল, বৰ্তমানত আমাৰ ইচ্ছাৰ শক্তি, নিৰন্তৰ আগবাঢ়ি যোৱাৰ বাবে থকা আমাৰ ইচ্ছাশক্তিৰ জীৱন্ত প্ৰমাণ।

আপোনালোকৰ বহুতেই চাগৈ জানে যে ‘কাইজেন’-ৰ সাহিত্যিক অৰ্থ হৈছে ‘উত্তৰণ’, কিন্তু ইয়াৰ অন্তৰ্নিহিত অৰ্থ আৰু অধিক ব্যাপক হয়। এয়া কেৱল উত্তৰণেই নহয়, ই ‘নিৰন্তৰ উত্তৰণ’ত গুৰুত্ব দিয়ে।

বন্ধুসকল,

মই মুখ্যমন্ত্ৰী হোৱাৰ কিছুদিন পিচতে ‘কাইজেন’-ক লৈ গুজৰাটত প্ৰথমবাৰৰ বাবে গুৰুত্ব সহকাৰে প্ৰয়াস আৰম্ভ হৈছিল। আমি ‘কাইজেন’ সন্দৰ্ভত আক্ষৰিক অৰ্থতে অধ্যয়ন কৰাইছিলো, ইয়াক বলবত্ কৰাইছিলো আৰু ২০০৪চনত প্ৰশাসনীয় প্ৰশিক্ষণত ‘কাইজেন’ সম্পৰ্কত বিশেষ গুৰুত্ব অৰ্পণ কৰা হৈছিল। পুনৰ ইয়াৰ পিচৰ বছৰ ২০০৫ চনত গুজৰাটৰ শীৰ্ষ অসামৰিক পদাধিকাৰীসকলৰ সৈতে চিন্তন শিবিৰ অনুষ্ঠিত কৰা হৈছিল। তেতিয়া সকলোকে আমি ‘কাইজেন’ৰ প্ৰশিক্ষণ দিছিলো। পিচত ইয়াক গুজৰাটৰ শিক্ষা-ব্যৱস্থাৰ লগতে আন আন চৰকাৰী কাৰ্যালয়লৈ লৈ গৈছিলো যি নিৰন্তৰ উত্তৰণৰ কথা মই ইয়াত উল্লেখ কৰিছিলো, সেয়াও নিৰন্তৰ অব্যাহত আছে। আমি চৰকাৰী কাৰ্যালয়ৰ পৰা ট্ৰাকে ট্ৰাকে অলাগতীয়া সা-সামগ্ৰী উলিয়াই নিছিলো, প্ৰক্ৰিয়াসমূহৰ সংস্কাৰ সাধন কৰিছিলো, সেইবোৰক আৰু অধিক সৰল কৰি তুলিছিলো।

এনেকৈয়ে স্বাস্থ্য বিভাগতো ‘কাইজেন’ৰ প্ৰেৰণাৰে বৃহত্ বৃহত্ সংস্কাৰৰ ব্যৱস্থা কৰা হৈছিল। হাজাৰ হাজাৰ চিকিত্সক, নাৰ্ছ, চিকিত্সা-কৰ্মীক ‘কাইজেন’ৰ আদৰ্শ প্ৰশিক্ষণ দিয়া হৈছিল। আমি বেলেগ বেলেগ বিভাগত শাৰিৰীক কৰ্মশালা, প্ৰক্ৰিয়া সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিছিলো, ৰাইজক জড়িত কৰিছিলো, তেওঁলোকক ইয়াৰ সৈতে জড়িত কৰিছিলো। এই সকলোবোৰৰ বহুত ডাঙৰ ইতিবাচক প্ৰভাৱ ‘গৱৰ্নেন্স’ত পৰিবলৈ ধৰিছিল।

বন্ধুসকল,

আমি জানো যে প্ৰগতিৰ ক্ষেত্ৰত ‘গৱৰ্নেন্স’ৰ বহুত মহত্বপূৰ্ণ ভূমিকা থাকে। সেয়া লাগিলে ব্যক্তিৰ বিকাশৰ কথাই হওক, সমাজ বা দেশৰ বিকাশৰ কথাই হওক, ‘গৱৰ্নেন্স’ বহুত গুৰুত্বপূৰ্ণ উত্পাদক হিচাপে পৰিগণিত হৈ আহিছে। সেয়ে, মই গুজৰাট এৰি যেতিয়া ইয়ালৈ আহিলো, তেতিয়া ‘কাইজেন’ৰ পৰা লাভ কৰা অভিজ্ঞতাকো নিজৰ লগত লৈ আহিছিলো। আমি ‘পিএমঅ’’ আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্য বিভাগসমূহত ইয়াক প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিলো। ইয়াৰ ফলতে কিমানযে প্ৰক্ৰিয়া অধিক সৰল হৈ উঠিল, কাৰ্যালয়সমূহত বহু ঠাই আমি ‘অপ্টিমাইজ’ কৰিছিলো। আজিও কেন্দ্ৰীয় চৰকাৰৰ বহু নতুন বিভাগত, সংস্থাসমূহত, যোজনাত ‘কাইজেন’ৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

বন্দুসকল,

মোৰ ব্যক্তিগত ভাবে জাপানৰ সৈতে কিমান আত্মীয়তা আছে সেই কথা এই কাৰ্যক্ৰমৰে জড়িত জাপানৰ অতিথিসকলে নিশ্চয় জানে। জাপানৰ জনতাৰ স্নেহ, জাপানৰ জনতাৰ কাৰ্যশৈলী, তেওঁলোকৰ কৌশল, তেওঁলোকৰ অনুশাসন, সদায়ে প্ৰভাৱিত কৰিব পৰা বিধৰ হয়। আৰু সেয়ে মই যেতিয়াই কও- ‘আই ৱাণ্টেড টু ক্ৰিয়েট মিনি-জাপান ইন গুজৰাট’ বুলি, তেতিয়াই জানিব যে জাপানৰ মানুহ যেতিয়া গুজৰাটলৈ আহে, তেতিয়া তেওঁলোকেও যাতে উষ্ণ আদৰণি লাভ কৰিব পাৰে, তেওঁলোকেও যাতে একেই আত্মীয়তা অনুভৱ কৰিব পাৰে সেই কথাটো নিশ্চিত কৰাৰ কথাকেহে মই দৰাচলতে ক’ব খোজো।

জাপানৰ এটাৰ পিচত এটা বৃহত্ প্ৰতিষ্ঠানে আজি গুজৰাটত কাম কৰি আছে। মই জানিব পৰা মতে ইয়াৰ সংখ্যা এতিয়া ১৩৫টাতকৈয়ো অধিক হৈছেগৈ। অটোমোবাইলৰ পৰা নিৰ্মাণ, ফাৰ্মা-কে ধৰি প্ৰায় সকলো খণ্ডৰ জাপানী প্ৰতিষ্ঠানে গুজৰাটক নিজৰ ঘাটী হিচাপে গ্ৰহণ কৰিছে। ‘ছুজুকী ‘ হওক, ‘হোণ্ডা মটৰচাইকেলে’ই হওক, ‘মিত্শুবিশি’য়েই হওক, ‘টয়োটা’, ‘হিটাছী’ৰ দৰে অনেক প্ৰতিষ্ঠানে এতিয়া গুজৰাটত সামগ্ৰী উত্পাদন কৰি আছে। আৰু এটা ভাল কথা হ’ল এই প্ৰতিষ্ঠানসমূহে গুৰাটৰ যুৱ-প্ৰজন্মৰ দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো বহুত সহযোগিতা আগবঢ়াই আহিছে। গুজৰাটত তিনিটা ‘জাপান-ইণ্ডিয়া ইনষ্টিটিউট ফৰ মেনুফেক্সাৰিং’-য়ে প্ৰতিবছৰে বহু শতাধিক যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দি আহিছে।  গুজৰাটত বহু প্ৰতিষ্ঠানে কাৰিকৰী বিশ্ববিদ্যালয় আৰু আইটিআই-ৰ সৈতে জোঁট-বন্ধনো আৰম্ভ কৰিছে।

বন্ধুসকল,

জাপান আৰু গুজৰাটৰ সম্পৰ্কক লৈ ক’বলৈ ইমানবোৰ প্ৰসংগই আছে যে কৈ থাকিলেও শেষ নহ’বগৈ। এই সম্বন্ধ আত্মীয়তা, স্নেহ আৰু পৰস্পৰৰ ভাৱনাক, পৰস্পৰৰ প্ৰয়জনীয়তাসমূহক হৃদয়ংগম কৰাৰ জৰিয়তে শক্তিশালী হৈ উঠিছে। গুজৰাটে সদায়ে জাপানক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। এতিয়া যেনেকৈ ‘জেইটিআৰঅ’-ই ‘আহমেদাবাদ বিজনেছ ছাপ’ৰ্ট চেণ্টাৰ’ মুকলি কৰিছে, ইয়াত একেলগে পাঁচোটা প্ৰতিষ্ঠানক ‘প্লাগ এণ্ড প্লে ওৱৰ্ক ফেচিলিটী’ দিয়াৰ ব্যৱস্থা আগবঢ়োৱা হৈছে। জাপানৰ বহু সংখ্যক প্ৰতিষ্ঠানে ইয়াৰ পৰা লাভ আদায় কৰিছে। মই যেতিয়া পুৰণি দিনৰ কথা ভাবো, তেতিয়া গুজৰাটৰ ৰাইজে যে কিমানবোৰ সৰু সৰু কিটিপৰ প্ৰতি নজৰ দিছিল সেই কথা ভাবি আচৰিত লাগে। মোৰ মনত আছে, মুখ্যমন্ত্ৰী হিচাপে মই এবাৰ জাপানৰ প্ৰতিনিধিবৰ্গৰ সৈতে কথা-বতৰা পাতি থাকোতে অনানুষ্ঠানিক ভাবে এটা প্ৰসংগৰ কথা উথ্থাপিত হৈছিল। বিষয়টো সঁচাকৈয়ে চিত্ত-উদ্দীপক আছিল। জাপানৰ জনতাই ‘গ’ল্ফ’ খেলি বৰ ভাল পায়, কিন্তু গুজৰাটত ‘গ’ল্ফ-ক’ৰ্ছ’ৰ বৰ বিশেষ প্ৰচলন নাছিল। এই বৈঠকৰ পিছতে গুজৰাটত ‘গ’ল্ফ-ক’ৰ্ছ’ৰ প্ৰসাৰ কৰাৰ বাবে বিশেষ প্ৰয়াস কৰা হ’ল। মোৰ ভাল লাগিছে যে আজি গুজৰাটত বহু সংখ্যক ‘গ’ল্ফ-ক’ৰ্ছ’ আছে। বহু সংখ্যক ৰেস্তোৰাঁত জাপানী খাদ্য-সম্ভাৰক বিশেষ ভাবে পৰিৱেশন কৰাৰ দিহা আছে। অৰ্থাত্, জাপানৰ লোকসকলক গুজৰাটত ‘ফীল এট হম’ যাতে কৰাব পৰা যায় তাৰ বাবে প্ৰয়াস কৰা হৈছে। গুজৰাটত জাপানী ভাষা ক’ব পৰা লোকৰ সংখ্যা বঢ়োৱাৰ বাবেও আমি বহুত প্ৰয়াস কৰিছো। আজি গুজৰাটৰ পেছাদাৰী পৃথিৱীখনত এনে বহুত লোক আছে যিসকলে সহজে জাপানী ভাষা ক’ব পাৰে। মই জানিব পৰা মতে ৰাজ্যখনৰ এখন বিশ্ববিদ্যালয়ে, জাপানী ভাষা শিকোৱাৰ বাবে এক পাঠ্যক্ৰমৰো শুভাৰম্ভ কৰিছে। এয়া নিশ্চয় এক ভাল আৰম্ভণী হ’ব।

মইতো বিচাৰিম যে গুজৰাটত, জাপানৰ স্কুলীয়া শিক্ষাৰো এক আৰ্হি তৈয়াৰ হওক।

আধুনিকতা আৰু নৈতিক প্ৰমূল্যক একেলগে সংযোজিত কৰি প্ৰস্তুত কৰা জাপানৰ স্কুল প্ৰদ্ধতিৰ মই এজন উচ্চ প্ৰশংসক। জাপানৰ ‘তাইমেই স্কুল’লৈ যোৱাৰ মই সুযোগ পাইছিলো আৰু তাত অতিবাহিত কৰা মুহূৰ্তকেইটা মোৰ বাবে স্মৰণীয় হৈ পৰিল। সেই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰে কথা-বতৰা পতাতো মোৰ বাবে সদা স্মৰণীয় এক ঘটনা হৈয়ে ৰ’ব।

বন্ধুসকল,

আমাৰ হাতত শতিকা পুৰণা সাংস্কৃতিক সম্বন্ধৰ শক্তিশালী বিশ্বাসো আছে, ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীও আছে! এইবোৰৰ আধাৰতে, বিগত বছৰদিয়েকত আমি আমাৰ ‘বিশেষ ৰণকৌশল আৰু গোলকীয় অংশীদাৰিত্ব’ক নিৰন্তৰ ৰূপত শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰি আহিছো। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আমি ‘জাপান-প্লাছ’-ৰ এক বিশেষ ব্যৱস্থাও কৰিছো। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু মোৰ বন্ধু শ্ৰীমান চিঞ্জো আবে যেতিয়া গুজৰাটলৈ আহিছিল, তেতিয়া ভাৰত-জাপান সম্পৰ্কই এক নতুন গতি লাভ কৰিছিল। ‘বুলেট ট্ৰেইন’ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ কথাত তেওঁ বাৰুকৈয়ে উত্সাহিত আছিল। আজিও তেওঁৰ সৈতে কথা-বতৰা পাতো, তেওঁ গুজৰাটলৈ অহাৰ স্মৃতি প্ৰায়েই উল্লেখ কৰে। জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰীমান য়োছিহিদে সুগাও বহুত অভিজ্ঞ ব্যক্তি। প্ৰধানমন্ত্ৰী সুগা আৰু মই বিশ্বাস কৰো যে ক’ভিড মহামাৰীৰ এই সংকটত ভাৰত আৰু জাপানৰ বন্ধুত্ব, আমাৰ সহযোগিতা, গোলকীয় সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে আৰু অধিক প্ৰাসংগিক হৈ উঠিছে। আজি যেতিয়া কোনো বিশ্ব-সংকটে আমাৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছেহি, তেতিয়া আমাৰ এই মিত্ৰতা, আমাৰ এই সম্পৰ্ক, দিনকদিনে আৰু অধিক শক্তিশালী হোৱাতো সাম্প্ৰতিক সময়ৰে আহ্বান বুলি চিহ্নিত হৈছে। আৰু এই ক্ষেত্ৰত ‘কাইজেন অকাডেমী’ৰ দৰে প্ৰয়াস, নিশ্চিত ৰূপতে ইয়াৰ এক সুন্দৰ প্ৰতিবিম্ব বুলি চিহ্নিত হ’ব।

মই বিচাৰো ‘কাইজেন অকাডেমী’য়ে জাপানৰ কৰ্ম-সংস্কৃতিক ভাৰতত প্ৰচাৰ-প্ৰসাৰ কৰক, জাপান আৰু ভাৰতৰ মাজত বাণিজ্যিক মত-বিনিময়ৰ পৰিসৰ বৃদ্ধি কৰক। এই দিশত আৰম্ভণীৰ পৰাই যি প্ৰয়াস চলি আহিছে, আমি তাতো নতুনকৈ ইন্ধন যোগাব লাগিব। উদাহৰণ স্বৰূপে, গুজৰাট বিশ্ববিদ্যালয় আৰু ওছাকাৰ ‘ওতেমোন গাকুইন বিশ্ববিদ্যালয়’ৰ মাজত চলি থকা ‘ইণ্ডো-জাপান ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰেম’ৰ দৰে কাৰ্যসূচীবোৰ। বিগত পাঁচদশক ধৰি এইবোৰ কাৰ্যসূচীয়ে আমাৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰি আহিছে। এই সম্পৰ্কক আৰু অধিক বিস্তাৰিত কৰিব পৰা যাব। দুয়োখন দেশৰ অন্যান্য সংস্থানসমূহৰ মাজতো এই ধৰণৰ সহযোগিতা স্থাপিত কৰিব পৰা যায়।

আমাৰ এই প্ৰয়াস এনেকৈয়ে নিৰন্তৰ গতিৰে আগবাঢ়ি থাকিব বুলি মই বিশ্বাস কৰো, আৰু ভাৰত-জাপানে মিলি বিকাশৰ নতুন উচ্চতাত আৰোহণো কৰিবগৈ পাৰিব। মই আজি এই কাৰ্যক্ৰমৰ মাধ্যমৰে, জাপানক, জাপানৰ জনসাধাৰণক, ‘টকিঅ’ অলিম্পিক’ৰ আয়োজনৰ বাবে বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো।

আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”