নমস্কাৰ বন্ধুসকল,

এয়া শীতকালীন অধিৱেশন আৰু পৰিবেশটোও ঠাণ্ডা হৈ থাকিব। আমি ২০২৪ৰ অন্তিম ক্ষণত উপনীত হৈছোঁহি আৰু দেশে পৰম আগ্ৰহ আৰু উৎসাহেৰে ২০২৫ক আদৰিবলৈ প্ৰস্তুতি চলাইছে।

বন্ধুসকল,

সংসদৰ এই অধিৱেশন বহু দিশত বিশেষ, ইয়াৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল আমাৰ সংবিধানৰ ৭৫ বছৰীয়া যাত্ৰা, যিহেতু ই ৭৫ বছৰত ভৰি দিছে। গণতন্ত্ৰৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ উপলক্ষ। কাইলৈ ​​আমি সামূহিকভাৱে সংবিধান হলত আমাৰ সংবিধানৰ ৭৫ বছৰ উদযাপনৰ কাৰ্য্যসূচী আৰম্ভ কৰিম। সংবিধান প্ৰণয়নকাৰীসকলে সংবিধানৰ খচৰা প্ৰস্তুতৰ সময়ত প্ৰতিটো কথাতে অতি বিশদভাৱে বিতৰ্ক কৰিছিল, যাৰ ফলশ্ৰুতিত এই উৎকৃষ্ট নথিখন পোৱা গৈছিল। ইয়াৰ এটা উল্লেখযোগ্য স্তম্ভ হৈছে আমাৰ সংসদ আৰু ইয়াৰ সদস্যসকল। সংসদে সুস্থ আলোচনাত লিপ্ত হোৱাটো অতিশয় প্ৰয়োজনীয় য’ত যিমান পাৰি সিমান সাংসদে অৰিহণা যোগায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাইজে প্ৰত্যাখ্যান কৰা একাংশ ব্যক্তিয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে বিঘ্নিতকাৰী কৌশলৰ জৰিয়তে সংসদক নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে। সংসদীয় কাৰ্য্যবিধি স্তব্ধকৰণৰ তেওঁলোকৰ প্ৰধান লক্ষ্য খুব কমেইহে সফল হয় আৰু জনসাধাৰণে তেওঁলোকৰ কাৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখে, প্ৰায়ে সময় আহিলে শাস্তি দিয়ে।

কিন্তু আটাইতকৈ আমনিদায়ক দিশটো হ’ল এনে আচৰণে নতুন সাংসদসকলৰ অধিকাৰ খৰ্ব কৰে— যিসকলে সকলো দলৰপৰা সতেজ ধাৰণা আৰু শক্তি কঢ়িয়াই আনে। এই নতুন সদস্যসকলক সদনত ভাষণ প্ৰদানৰ সুযোগৰপৰা প্ৰায়ে বঞ্চিত কৰা হয়। গণতান্ত্ৰিক পৰম্পৰাত পৰৱৰ্তী প্ৰজন্মক সাজু কৰাৰ দায়িত্ব প্ৰতিটো প্ৰজন্মৰ ওপৰত ন্যস্ত হৈছে। কিন্তু যিসকলক ৰাইজে বাৰে-বাৰে নাকচ কৰিছে— ৮০, ৯০ বাৰ— তেওঁলোকে সংসদত আলোচনা নিবিচাৰে, গণতান্ত্ৰিক নীতি বা জনসাধাৰণৰ আকাংক্ষাকো সন্মান নকৰে। জনসাধাৰণৰ প্ৰতি নিজৰ দায়িত্ব উপলব্ধি নকৰে। ফলত তেওঁলোকে জনসাধাৰণৰ আশা পূৰণ কৰাত ধাৰাবাহিকভাৱে ব্যৰ্থ হয়, যাৰ ফলত ভোটাৰসকলে বাৰে-বাৰে প্ৰত্যাখ্যান কৰে।

 

বন্ধুসকল,

এই সদন গণতন্ত্ৰৰ সাক্ষ্য। ২০২৪ৰ সংসদীয় নিৰ্বাচনৰ পিছত দেশৰ জনসাধাৰণে নিজ-নিজ ৰাজ্যত নিজৰ চিন্তা, মতামত, আশা প্ৰকাশৰ সুযোগ লাভ কৰিছে। ৰাজ্যসমূহৰ এই নিৰ্বাচনৰ ফলাফলে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফলক অধিক সুদৃঢ় কৰি তুলিছে, সমৰ্থনৰ ভিত্তি বহল কৰিছে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আস্থা বৃদ্ধি কৰিছে। গণতন্ত্ৰত জনসাধাৰণৰ আৱেগক সন্মান জনাই তেওঁলোকৰ আশা আৰু আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে অক্লান্তভাৱে কাম কৰাটো আমাৰ বাবে অতিশয় প্ৰয়োজনীয়। মই বাৰে-বাৰে বিৰোধী পক্ষক আহ্বান জনাইছোঁ আৰু বিৰোধীৰো একাংশ সদস্যই অতিশয় দায়িত্বশীলভাৱে কাম কৰে। সদনৰ মসৃণ কাম-কাজো কামনা কৰে। কিন্তু ৰাইজে প্ৰত্যাখ্যান কৰাসকলে আনকি সতীৰ্থসকলৰ মাতকো দমন কৰে, তেওঁলোকৰ অনুভৱক অসন্মান কৰে, গণতন্ত্ৰৰ মনোভাৱক ভেঙুচালি কৰে।

 

আশাকৰোঁ সকলো দলৰে আমাৰ নতুন সদস্যসকলে সুযোগ লাভ কৰিব। তেওঁলোকে ভাৰতক আগুৱাই নিয়াৰ বাবে সতেজ ধাৰণা আৰু উদ্ভাৱনী দৃষ্টিভংগী বেকত কৰিব। আজি বিশ্বই বৰ আশাৰে চাইছে ভাৰতলৈ। সাংসদ হিচাপে আমি আমাৰ সময়খিনি ভাৰতৰ বৈশ্বিক সন্মান আৰু আকৰ্ষণ অধিক বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব লাগিব। আজি ভাৰতত যি সুযোগ আছে তাৰ দৰে সুযোগ বিশ্ব মঞ্চত বিৰল। ভাৰতৰ সংসদৰপৰা যোৱা বাৰ্তাই গণতন্ত্ৰৰ প্ৰতি ভোটাৰৰ সমৰ্পণ, সংবিধানৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা, সংসদীয় প্ৰথাৰ প্ৰতি তেওঁলোকৰ আস্থা প্ৰতিফলিত কৰিব লাগে। আমি তেওঁলোকৰ প্ৰতিনিধি হিচাপে এই আৱেগসমূহৰ সৈতে খাপ খাব লাগিব। আমি এতিয়ালৈকে হেৰুৱা সময়খিনিৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ সময় আৰু সদনত ভিন্ন বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে বিতৰ্ক কৰি ক্ষতিপূৰণৰ সংকল্প গ্ৰহণৰ সময় আহি পৰিছে। ভৱিষ্যৎ প্ৰজন্মই এই আলোচনাবোৰ পঢ়ি প্ৰেৰণা ল’ব। আশাকৰোঁ এই অধিৱেশন অধিক ফলপ্ৰসূ হ’ব, সংবিধানৰ ৭৫ সংখ্যক বৰ্ষৰ প্ৰতিপত্তি বৃদ্ধি কৰিব, ভাৰতৰ বৈশ্বিক গৰিমা বৃদ্ধি কৰিব, নতুন সাংসদসকলক সুযোগ প্ৰদান কৰিব আৰু নতুন ধাৰণাক আদৰি ল’ব। এই মনোভাৱেৰে মই পুনৰবাৰ সকলো সন্মানীয় সাংসদক এই অধিৱেশনলৈ উৎসাহেৰে আমন্ত্ৰণ আৰু আদৰণি জনাইছোঁ। সকলোকে অশেষ ধন্যবাদ জনালোঁ।

নমস্কাৰ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India expands LNG sourcing network from 6 to 15 countries, crude oil from 27 to 41 amid geopolitical risks

Media Coverage

India expands LNG sourcing network from 6 to 15 countries, crude oil from 27 to 41 amid geopolitical risks
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to release the Autobiography of Former President Shri Ram Nath Kovind on 12 August
August 11, 2026
Title of the Autobiography: “Triumph of the Indian Republic: My Life, My Struggles”

Prime Minister Shri Narendra Modi will release the autobiography of former President of India, Shri Ram Nath Kovind, titled “Triumph of the Indian Republic: My Life, My Struggles”, on 12 August, 2026, at 9:30 AM at Vigyan Bhavan, New Delhi. Prime Minister will also address the gathering on the occasion.

The release of the autobiography by the Prime Minister will mark a significant occasion celebrating the life and contributions of one of India’s most distinguished public figures. The autobiography offers a deeply personal account of Shri Ram Nath Kovind’s remarkable life journey, tracing his experiences, struggles and achievements from his early years to his distinguished public life and eventual service as the 14th President of India. The book provides insights into the values, experiences and circumstances that shaped his journey and public service.