ছুপাৰ স্পেচিয়েলিটি চেৰিটেবল গ্ল'বেল হস্পিতাল, শিৱমণি বৃদ্ধাশ্ৰমৰ দ্বিতীয় পৰ্যায় আৰু নাৰ্চিং কলেজৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন
“এই অমৃত কাল দেশৰ প্ৰতিজন নাগৰিকৰ বাবে কৰ্তব্য কাল”
“দেশত স্বাস্থ্য সুবিধাসমূহৰ ৰূপান্তৰ অব্যাহত আছে”
“যেতিয়া উদ্দেশ্য স্পষ্ট হয় আৰু সমাজসেৱাৰ ভাৱ থাকে, তেতিয়া সংকল্প লোৱা হয় আৰু লগতে সিদ্ধি হয়”
“অহা দশকত ভাৰতত যিমান চিকিৎস উত্তীৰ্ণ হ’ব, সেয়া স্বাধীনতাৰ পাছত বিগত ৭ দশকত উত্তীৰ্ণ হোৱা চিকিৎসকৰ সমান হ’ব”
“ব্ৰহ্ম কুমাৰী সংগঠনে সদায় আশা কৰাতকৈ অধিক কাম কৰি আহিছে”
“ব্ৰহ্ম কুমাৰীসকলে ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত নতুন বিষয়ক এক অভিনৱ পদ্ধতিৰে আগবঢ়াই নিব লাগে”

ওম শান্তি!

সন্মানীয় ‘ৰাজযোগিনী দাদী’ ৰতন মোহিনীজী, ব্ৰহ্মকুমাৰীৰ সকলো জ্যেষ্ঠ সদস্য, আৰু ভাৰতৰ প্ৰতিটো কোণৰ পৰা এই সদনলৈ অহা মোৰ প্ৰিয় ভাই-ভনীসকল!

এয়া মোৰ সৌভাগ্য যে মই বহুবাৰ আপোনালোকৰ মাজলৈ অহাৰ সুযোগ পাইছোঁ। যেতিয়াই মই ইয়ালৈ আহোঁ, যেতিয়াই মই আপোনালোকৰ মাজলৈ আহোঁ, মোৰ মন সদায় এক আধ্যাত্মিক অনুভৱৰে পৰিপূৰ্ণ হৈ উঠে। আৰু যোৱা কেইমাহমানৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে মই ব্ৰহ্মকুমাৰীৰ কাৰ্যসূচীৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰিছোঁ। ইয়াৰ আগতে, ফেব্ৰুৱাৰীমাহত, আপোনালোকে মোক 'জল জন অভিযান' আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মই তেতিয়া ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানৰ সৈতে মোৰ সম্পৰ্কৰ ধাৰাবাহিকতা কেনেকৈ অব্যাহত আছে সেই বিষয়ে বিতংভাৱে স্মৰণ কৰিছিলোঁ। ইয়াৰ আঁৰত পৰমপিতা পৰমেশ্বৰৰ আশীৰ্বাদ আৰু ‘ৰাজযোগিনী দাদীজী’ৰ পৰা পোৱা মৰমৰ শক্তি জড়িত হৈ আছে।

আজি ইয়াত ‘ছুপাৰ স্পেচিয়েলিটী চেৰিটেবল গ্লোবেল হস্পিটেল’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। আজি শিৱমণি গৃহ আৰু ‘নাৰ্ছিং মহাবিদ্যালয়’ৰ সম্প্ৰসাৰণৰ কামো আৰম্ভ কৰা হৈছে। এই সকলোবোৰ কামৰ বাবে মই ‘ব্ৰহ্মকুমাৰী’ আৰু ইয়াৰ সকলো সদস্যকে হৃদয়েৰে অভিনন্দন জনাইছোঁ।

সতীৰ্থবৃন্দ,

স্বাধীনতাৰ এই ‘অমৃত কাল’ত ভাৰতৰ সকলো সামাজিক আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ বৃহত্ ভূমিকা আছে। স্বাধীনতাৰ এই অমৃত কাল হৈছে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এক কৰ্তব্যৰ সময়। এই কৰ্তব্যৰ অৰ্থ হৈছে আমি যি ভূমিকাত আছোঁ তাকে ১০০% উজাৰি দিয়াটো! আৰু একে সময়তে, সমাজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত নিজৰ চিন্তা আৰু দায়বদ্ধতা সম্প্ৰসাৰিত কৰা! অৰ্থাৎ আমি সম্পূৰ্ণ ভক্তিৰে যি কৰি আছোঁ সেয়া কৰোঁতে, আমি আমাৰ দেশৰ বাবে আৰু কি কৰিব পাৰোঁ সেই বিষয়েও চিন্তা কৰিব লাগিব।

আপোনালোক সকলোৱেই এই ‘কৰ্তব্যকাল’ত অনুপ্ৰেৰণাৰ উত্সস্বৰূপ। আধ্যাত্মিক প্ৰতিষ্ঠান হিচাপে ‘ব্ৰহ্মকুমাৰী’সকলে সমাজত নৈতিক মূল্যবোধ শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। কিন্তু একে সময়তে, আপোনালোক সমাজ সেৱা, বিজ্ঞান, শিক্ষাৰ প্ৰচাৰ, সামাজিক সজাগতা বৃদ্ধিৰ প্ৰতিও সম্পূৰ্ণ ৰূপে সমৰ্পিত।

 

মাউণ্ট আবুত আপোনাৰ ‘গ্লোবেল হাস্পটাল গৱেষণা কেন্দ্ৰ’ সঁচাকৈয়ে ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। আৰু মোক কোৱা হৈছে যে এই প্ৰতিষ্ঠানটোৰ জৰিয়তে ওচৰ-পাজৰৰ গাঁওসমূহত স্বাস্থ্য শিবিৰৰ দিহা কৰি আহিছে, ৰক্তদান শিবিৰৰ ব্যৱস্থা কৰি আহিছে। এতিয়া আপোনালোকে স্থাপন কৰা ‘ছুপাৰ স্পেচিয়েলিটী চেৰিটেবল গ্লোবেল হস্পিটেলে’ও এই অঞ্চলৰ স্বাস্থ্যসেৱা উন্নত কৰাত সহায় কৰিব। এই মানৱীয় প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোৱে অভিনন্দনৰ পাত্ৰ।

 

সতীৰ্থবৃন্দ,

আজি আমাৰ সমগ্ৰ দেশ স্বাস্থ্য সুবিধাৰ ৰূপান্তৰণৰ মাজেৰে আগবাঢ়িছে। যোৱা ৯টা বছৰত প্ৰথমবাৰৰ বাবে দেশৰ দৰিদ্ৰতম লোকসকলেও উপলব্ধি কৰিছে যে দেশৰ চিকিৎসালয়সমূহ তেওঁলোকৰ বাবেও সহজে উপলব্ধ হবলৈ ধৰিছে আৰু আয়ুষ্মান ভাৰত আঁচনিয়ে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে। আয়ুষ্মান ভাৰত যোজনাই কেৱল চৰকাৰীয়েই নহয়, দৰিদ্ৰ লোকসকলৰ বাবে ব্যক্তিগত চিকিৎসালয়সমূহৰ দুৱাৰো মুকলি কৰিছে।

আপোনালোকেও এইটো কথা জানে যে এইখন আঁচনিৰ অধীনত চৰকাৰে ৫ লাখ টকালৈকে চিকিৎসাৰ ব্যয় বহন কৰে। দেশৰ ৪ কোটিতকৈয়ো অধিক দৰিদ্ৰ লোকে এই আঁচনিৰ সুবিধা লৈছে। যদি ‘আয়ুষ্মান ভাৰত আঁচনি’ নহ'লহেঁতেন, তেন্তে তেওঁলোকে একেখিনি চিকিৎসাৰ বাবে নিজৰ জেপৰ পৰা ৮০,০০০ কোটি টকা খৰচ কৰিব লগা হ'লহেঁতেন। একেদৰে, ‘জন ঔষধী কেন্দ্ৰ’সমূহত উপলব্ধ সুলভ মূল্যৰ ঔষধৰ বাবে, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ ২০ হাজাৰ কোটি টকা ৰাহি হৈছে।

আৰু মই আপোনালোকক, দেশৰ গাঁৱে গাঁৱে থকা আমাৰ ব্ৰহ্মকুমাৰী সংগঠনৰ সকলো গোটক কৈছোঁ,  আপোনালোকে যদি ৰাইজক এই ‘জনৌষধী কেন্দ্ৰ’সমূহযে চৰকাৰে চলায়, আৰু ইয়াতযে মানসম্পন্ন ঔষধ উপলব্ধ হয়, আৰু কোনো এবিধ ঔষধৰ বাবে আপোনালোকৰ যদি বাহিৰত ১০০ টকা খৰচ হয় তেন্তে সেই একেবিধ ঔষধ কিন্তু এই কেন্দ্ৰসমূহত ১০-১৫ টকাতে উপলব্ধ হয়। আপোনালোকে কল্পনা কৰকচোন দৰিদ্ৰলোকসকলৰ বাবে কিমান সেৱা কৰা হ'ব! গতিকে আমাৰ সকলো গোট, সেয়া লাগিলে ‘ব্ৰহ্মকুমাৰে’য়েই হওক বা ‘ব্ৰহ্মকুমাৰী’য়েই হওক, জনসাধাৰণৰ মাজত এই সজাগতা সৃষ্টিত অৰিহণা আগবঢ়াওকচোন। আপোনালোকৰ সংস্পৰ্শলৈ অহা লোকসকলে সদায় আপোনালোকক আশীৰ্বাদ দিব।

এতিয়া ধৰক পৰিয়াল এটাত ‘ডায়েবেটিচ’ থকা এজন বৃদ্ধ ব্যক্তি আছে, তেনেহ'লে তেওঁৰ ঔষধৰ বাবদ হোৱা  ব্যয় ১২০০, ১৫০০, ২০০০ টকালৈ বৃদ্ধি পায়। কিন্তু যদি তেওঁ এই জন ঔষধী কেন্দ্ৰসমূহৰ পৰা ঔষধ গ্ৰহণ কৰে, তেন্তে হয়তো সেই ব্যয় ১৫০০ টকা, ১০০০ টকাৰ পৰা ১০০ টকালৈ হ্ৰাস পাব। এয়া তেওঁৰ জীৱনৰ বাবে এটা ডাঙৰ সকাহ হ'ব। অৰ্থাৎ, আপুনি এই কথাটো সকলো ঠাইতে ক’ব পাৰিব।

সতীৰ্থবৃন্দ,

আপোনালোক সকলোৱে ইমান বছৰ ধৰি স্বাস্থ্য খণ্ডৰ সৈতে জড়িত হৈ আছে। আপোনালোকে ভালদৰেই জানে যে চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীৰ অভাৱ স্বাস্থ্য খণ্ডৰ বাবে এক প্ৰত্যাহ্বান হৈ আহিছে। যোৱা ৯টা বছৰত এই অভাৱ পূৰণ কৰাৰ বাবে দেশত অভূতপূৰ্ব ভাবে কাম কৰা হৈছে। গড় হিচাপত, যোৱা ৯টা বছৰত প্ৰতি মাহে ১ খন নতুন চিকিৎসা মহাবিদ্যালয় খোলা হৈছে। ২০১৪ চনৰ আগৰ ১০ বছৰত ১৫০ খনতকৈয়ো কম চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছিল।

যোৱা ৯টা বছৰত দেশত ৩০০ ৰো অধিক নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। ২০১৪ চনৰ আগতে আমাৰ সমগ্ৰ দেশত ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ বাবে প্ৰায় ৫০,০০০ আসন আছিল। ৫০,০০০ শিক্ষাৰ্থীৰ বাবে ঠাই আছিল। আজি দেশত ‘এমবিবিএছ’-ৰ এক লাখতকৈয়ো অধিক আসন আছে। ২০১৪ চনৰ আগতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰায় ৩০,০০০ আসন আছিল। এতিয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও ৬৫ হাজাৰতকৈয়ো অধিক হৈছেহি। যেতিয়া উদ্দেশ্য ভাল হয়, সমাজ সেৱাৰ আগ্ৰহ থাকে, তেতিয়া এনে সংকল্প লোৱা হয় আৰু সংকল্প পূৰণো কৰা হয়।

সতীৰ্থসকল,

সম্প্ৰতি ভাৰত চৰকাৰে স্বাস্থ্যখণ্ডত যি প্ৰচেষ্টা চলাই আছে তাৰ ফলত অনাগত দিনত আন এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰা দেখা যাব। স্বাধীনতাৰ পিছৰ সাতোটা দশকত দেশত যিমান সংখ্যক চিকিৎসকৰ জন্ম হৈছিল পৰৱৰ্তী দশকটোত হোৱা চিকিৎসকৰ সংখ্যাও সিমানেই হ'ব। আৰু আমি কেৱল চিকিৎসা মহাবিদ্যালয় বা চিকিৎসকৰ সংখ্যা বঢ়োৱাতে আমাৰ গুৰুত্ব সীমাবদ্ধ ৰখা নাই। আজি, ‘নাৰ্ছিং মহাবিদ্যায়’ৰ সম্প্ৰসাৰণৰ কামো আৰম্ভ হৈছে।

ভাৰত চৰকাৰেও নাৰ্ছিংৰ ক্ষেত্ৰত যুৱপ্ৰজন্মক নতুন সুযোগ প্ৰদান কৰি আহিছে। শেহতীয়াকৈ, চৰকাৰে দেশত ১৫০ খনতকৈও অধিক নতুন ‘নাৰ্ছিং মহাবিদ্যালয়’লৈ অনুমোদন জনাইছে। এই অভিযানৰ অধীনত ৰাজস্থানত ইয়াত ২০ খনতকৈয়ো অধিক নতুন ‘নাৰ্ছিং মহাবিদ্যালয়’ নিৰ্মাণ কৰা হ'ব। যিটোৱে নিশ্চিতভাৱে আপোনালোকৰ ‘ছুপাৰ স্পেচিয়েলিটী চেৰিটেবল গ্লোবেল হস্পিটেল’কো লাভান্বিত কৰিব।

 

সতীৰ্থবৃন্দ,

ভাৰতত হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ আধ্যাত্মিক আৰু ধৰ্মীয় প্ৰতিষ্ঠানসমূহে সমাজৰ দৰিদ্ৰ আৰু অসহায় লোকসকলৰ সেৱা কৰাৰ দায়িত্ব গ্ৰহণ কৰি আহিছে। গুজৰাটৰ ভূমিকম্পৰ পিছৰে পৰা আৰু তাৰ আগতেও মই আপোনালোকৰ আনুগত্য আৰু আমাৰ ভগ্নীসকলৰ কঠোৰ পৰিশ্ৰমৰ সাক্ষী হৈ আহিছোঁ। আপোনালোকে যিধৰণে কাম কৰে সেয়া অতি নিবিড়ভাৱে দেখি আহিছোঁ। মোৰ মনত আছে কচ্ছত হোৱা ভূমিকম্পৰ সংকটৰ সময়ত আপোনালোকে যি সেৱাৰ মনোভাৱৰে কাম কৰিছিল সেয়া আজিও অনুপ্ৰেৰণাদায়ক।

নিচামুক্তকৰণৰ বাবে আপোনালোকে গ্ৰহণ কৰা অভিযানেই হওক, পৰিৱেশ সুৰক্ষাৰ দিশত ব্ৰহ্মকুমাৰীসকলে গ্ৰহণ কৰা প্ৰচেষ্টাই হওক, জল-জন অভিযানৰ দৰে অভিযানেই হওক, কেনেদৰে এটা প্ৰতিষ্ঠানে প্ৰতিটো ক্ষেত্ৰতে এক গণ আন্দোলন সৃষ্টি কৰিব পাৰে সেয়া ব্ৰহ্মকুমাৰীয়ে কৰি দেখুৱাইছে। বিশেষকৈ, যেতিয়াই মই আপোনালোকৰ মাজলৈ আহিছোঁ, মই দেশৰ বাবে আপোনালোকৰ পৰা যি আশা কৰিছো সেয়া পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি কৰা নাই।

 

আপোনালোকে যিদৰে সমগ্ৰ দেশতে স্বাধীনতাৰ অমৃত মহোৎসৱ সম্পৰ্কীয় কাৰ্যসূচী আয়োজন কৰিছিল, যেতিয়া আপোনালোকে সমগ্ৰ বিশ্বতে যোগ শিবিৰৰ আয়োজন কৰিছিল, যেতিয়া ‘দিদি’ জানকীজীয়ে স্বচ্ছ ভাৰত অভিযানৰ ‘ব্ৰেণ্ড এম্বেচেডৰ’ হৈ কাম কৰিছিল, যেতিয়া সকলো ভগ্নীয়ে স্বচ্ছ ভাৰতৰ দায়িত্ব গ্ৰহণ কৰিছিল, ই বহুলোকক দেশৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

আপোনালোকৰ এনে কাৰ্য্যই ব্ৰহ্মকুমাৰীসকলৰ ওপৰত মোৰ বিশ্বাস আৰু অধিক বৃদ্ধি কৰিছে। কিন্তু, আপোনালোকে জানে যে যেতিয়া বিশ্বাস বৃদ্ধি পায়, প্ৰত্যাশাও বৃদ্ধি পায়। আৰু সেয়েহে, স্বাভাৱিকতেই আপোনালোকৰ পৰা মোৰ প্ৰত্যাশাও অলপ বৃদ্ধি পাইছে। আজি ভাৰতে শ্ৰীঅন্ন অৰ্থাত মিলেট সন্দৰ্ভত খাদ্যৰ  বিশ্বজোৰা আন্দোলন আগবঢ়াই আহিছে। আজি দেশত আমি প্ৰাকৃতিক কৃষিৰ দৰে অভিযান আগবঢ়াই আছোঁ। আমি আমাৰ নদীসমূহ পৰিষ্কাৰ কৰিব লাগিব। আমি ভূগৰ্ভস্থ পানী সংৰক্ষণ কৰিব লাগিব। এই সকলোবোৰ বিষয় এনেকুৱা যে কৰবাত সেইবোৰে আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপন কৰে। সেয়েহে, আপোনালোকে এই প্ৰচেষ্টাসমূহত যিমানে সহযোগিতা আগবঢ়াব, দেশৰ সেৱা সিমানেই বিস্তৃত হ'ব।

মই আশা কৰোঁ যে ব্ৰহ্মকুমাৰীসকলে এক অভিনৱ উপায়েৰে ৰাষ্ট্ৰ নিৰ্মাণ সম্পৰ্কীয় নতুন বিষয় আগবঢ়াব। উন্নত ভাৰত গঢ়ি তোলাৰ জৰিয়তে আমি বিশ্বৰ আগত 'সৰ্বে ভৱন্তু সুখীনা'ৰ মন্ত্ৰ সাকাৰ কৰিব পাৰিম। আৰু আপোনালোকে জানে, ‘জি-২০’ সন্মিলনৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছিল। যেতিয়া বিশ্বই মহিলাৰ বিকাশৰ কথা কয়, আমি ‘জি-২০’ত বিশ্বৰ সন্মুখত ‘মহিলানেতৃত্বাধীন বিকাশ’ৰ কথা উপস্থাপন কৰিছো। মহিলাৰ নেতৃত্বত বিকাশ, আমি সেই দিশত কাম কৰি আছো। মই নিশ্চিত যে আপোনালোক সকলোৰে এটা অতি ভাল সংগঠন, এক বহুল ভাৱে বিস্তাৰিত সংগঠন, নতুন শক্তি আৰু শক্তিৰে সম্প্ৰসাৰিত হ'ব আৰু লগতে দেশৰ প্ৰাথমিকতাসমূহৰ সৈতে সংযোগ স্থাপন কৰি ৰাষ্ট্ৰৰ বিকাশ কৰিব।

 

এই কামনাৰে, মই আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো। আৰু মোক ইয়ালৈ মাতিলে, নিমন্ত্ৰণ জনালে। মই সদায় আপোনালোকৰ মাজত যিমান পাৰি সিমান সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ যেতিয়া মই ইয়ালৈ আহো, মই কিবা এটা লৈহে যাওঁ। আশীৰ্বাদ, অনুপ্ৰেৰণা, শক্তিয়েই মোক দেশৰ বাবে কাম কৰিবলৈ, দেশৰ বাবে দৌৰিবলৈ নতুন শক্তি প্ৰদান কৰে। সেয়ে, মোক ইয়ালৈ অহাৰ সুযোগ দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ!

ওঁম শা্ন্তি!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."