ভাৰতৰ স্বাধীনতাৰ ৭৫তম বর্ষত নতুন দেশৰ প্রয়োজন আৰু চাহিদা অনুযায়ী ৰাজধানীক গঢ়ি তোলাৰ আন এটা পদক্ষেপ লোৱা হ’ল : প্রধানমন্ত্রী
ৰাজধানীত আধুনিক প্রতিৰক্ষা কনক্লেভ নির্মাণৰ এটা ডাঙৰ পদক্ষেপ : প্রধানমন্ত্রী
যিকোনো দেশৰ ৰাজধানী সেই দেশৰ ভাবনা, সংকল্প, ক্ষমতা আৰু সংস্কৃতিৰ প্রতীক : প্রধানমন্ত্রী
ভাৰত হ’ল গণতন্ত্রৰ জননী, ভাৰতৰ ৰাজধানীৰ কেন্দ্রত নাগৰিকসকল অর্থাৎ জনসাধাৰণ থকা উচিত : প্রধানমন্ত্রী
সহজ জীৱনযাত্রা আৰু সহজে ব্যৱসায় কৰাৰ চৰকাৰৰ নীতিত আধুনিক পৰিকাঠামোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে : প্রধানমন্ত্রী
যেতিয়া নীতি আৰু উদ্দেশ্য স্বচ্ছ থাকে, ইচ্ছাশক্তি দৃঢ় হয়, উদ্দেশ্যসমূহ সৎ হয় – তেতিয়া সকলো সম্ভৱ : প্রধানমন্ত্রী
নির্ধাৰিত সময়ৰ আগতে প্রকল্পৰ কাম শেষ কৰাটো ভাবনাচিন্তা আৰু পন্থা-পদ্ধতিৰ পৰিৱর্তন ঘটোৱাৰ উদাহৰণ : প্রধানমন্ত্রী

কাৰ্যক্ৰমত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ জ্যেষ্ঠ সহযোগী শ্ৰীমান ৰাজনাথ সিং জী, হৰদীপ সিং পুৰী জী, অজয় ভট্ট জী, কৌশল কিশোৰ জী, ‘চীফ অব ডিফেন্স ষ্টাফ’ জেনেৰেল বিপিন ৰাৱট জী, তিনওটা সেনা বাহিনীৰ মুৰব্বীসকল, জ্যেষ্ঠ বিষয়াবৰ্গ, উপস্থিত মহানুভৱ আৰু মহিলা তথা সজ্জনসকল।

স্বাধীনতাৰ ৭৫সংখ্যক বছৰটোত আজি আমি দেশৰ ৰাজধানীক নতুন ভাৰতৰ অৱশ্যকীয়তা আৰু আকাংক্ষা অনুসাৰে বিকশিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছো। প্ৰতিৰক্ষা কাৰ্যালয়ৰ এই নতুন চৌহদে আমাৰ সেনাবাহিনীৰ কাম-কাজসমূহক অধিক সুবিধাজনক, অধিক প্ৰভাৱশালী কৰি তোলাৰ প্ৰয়াসক আৰু সাৰ্থক কৰি তুলিব। এই নতুন সা-সুবিধাৰ বাবে প্ৰতিৰক্ষাৰে জড়িতসকলো মিত্ৰক মই বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

আপোনালোকে চাগৈ জানেই যে এই পৰ্যন্ত প্ৰতিৰক্ষাৰে জড়িত আমাৰ কাম-কাজসমূহ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে নিৰ্মাণ কৰা ‘হটমেণ্টছ’(অস্থায়ীভাবে নিৰ্মিত গৃহ)-ৰ পৰাই চলাই থকা হৈছিল। এই ‘হটমেণ্ট’সমূহ সেই সময়ত ‘অস্তাবল’ আৰু ‘বেৰেক’ সম্পৰ্কীয় প্ৰয়োজনীয়তা অনুসৰি নিৰ্মাণ কৰা হৈছিল। স্বাধীনতাৰ পিচৰ দশকসমূহত ইয়াক ‘প্ৰতিৰক্ষা মন্ত্ৰালয়’, ‘স্থলসেনা’, ‘নৌ-সেনা’ আৰু ‘বায়ুসেনা’ৰ কাৰ্যালয় হিচাপে বিকশিত কৰাৰ বাবে সময়ে সময়ে সামান্য পৰিসৰৰ মেৰামতি আদি কৰি থকা হৈছিল, কোনো উচ্চ পদস্থ বিষয়া আহিব লগা হয় যদি অলপমান ৰং-বিৰং সনাৰ দৰে কাম-কাজ কৰা হয়, আৰু এনেকৈয়ে চলি আছিল। ইয়াক ভালকৈ যেতিয়া মই মন কৰিছিলো, মোৰ মনলৈ অহা প্ৰথম কথাটো আছিল- ইমান বেয়া অৱস্থাত থকা কাৰ্যালয়ত বহি আমাৰ ইমান প্ৰসিদ্ধ সেনাবাহিনীৰ লোকসকলে কাম কৰি আহিছেনে! ইয়াৰ এই অৱস্থাৰ কথা দিল্লীৰ সংবাদ মাধ্যমে কেতিয়াও লিখা নাই কিয়! এই প্ৰশ্নই মোৰ মনলৈ আহিছিল, নহ’লে, এয়াতো এনেকুৱা ঠাই আছিল যে জৰুৰ কোনোবাই নহয় কোনোবাই আলোচনা কৰিবই যে ভাৰত চৰকাৰে কি কৰি আছে? কিন্তু, কি কাৰণে নাজানো, কোনেও এই কথালৈ নজৰ দিয়া নাছিল। এই ‘হটমেণ্ট’সমূহত উদ্ভৱ হ’ব পৰা অসুবিধাসমূহৰ কথা আপোনালোকে চাগৈ ভালকৈয়ে জানে।

আজি যেতিয়া একৈশ শতিকাৰ সৈনিক পৰাক্ৰমক আমি সকলো দিশেৰে আধুনিক কৰি তুলিবলৈ প্ৰয়াস কৰি আছো, এটাৰ পিচত এটা আধুনিক অস্ত্ৰৰে সজ্জিত কৰিব খুজিছো, সীমান্ত আন্তঃগাঁথনিসমূহ আধুনিক কৰি তুলিব বিচৰা হৈছে, ‘চীফ অব ডিফেন্স ষ্টাফ’-ৰ মাধ্যমৰে সেনাৰ সমন্বয় সাধন প্ৰক্ৰিয়া অধিক উন্নত হৈ উঠিছে, সেনাৰ ‘প্ৰ’কিঅ’ৰমেণ্ট’ যি বছৰ বছৰ ধৰি চলি আহিছিল সেয়া আজি তড়িত গতিৰে সম্পাদিত হ’বলৈ লৈছে, তেন্তে দেশৰ প্ৰতিৰক্ষা-সুৰক্ষাৰে জড়িত কাম-কাজসমূহ বহু দশক পুৰণা ‘হটমেণ্টছ’ৰ পৰা চলিব, এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে, সেয়ে এই স্থিতি সলনি কৰাতো বহুত জৰুৰী আছিল। আৰু মই এই কথাও ক’ব খোজো যে যিসকল লোকে ‘চেণ্ট্ৰেল ভিষ্টা’ প্ৰকল্পক লৈ ৰটনা ৰটিবলৈ লাগিছে, তেওঁলোকে বহুত চতুৰালিৰে, বহুত চলাকীৰে.. ‘চেণ্ট্ৰেল ভিষ্টা’ প্ৰকল্পৰ এয়াও এক অংশ হয়। সাতহাজৰৰো অধিক সেনা বিষয়াই য’ত কাম কৰে সেই ব্যৱস্থা বিকশিত হৈয়ে আছিল, এই সন্দৰ্ভত তেনেই মৌন হৈ আছিল, কিয়নো তেওঁলোকে জানিছিল যি ধোঁৱা উৰুৱাৰ ইচ্ছা আছিল, মিছা কথা প্ৰচাৰ কৰাৰ ইচ্ছা আছিল, যেতিয়া এই কথা সন্মুখলৈ আহিব, তেতিয়াই তেওঁলোকৰ সকলো ‘ধাপ্পাবাজী’ আৰু চলিব নোৱাৰা হ’ব, কিন্তু আজি সমগ্ৰ দেশে দেখি আছে যে ‘চেণ্ট্ৰেল ভিষ্টা’ক লৈ আমি কি কৰি আছো! এতিয়া ‘কে জি মাৰ্গ’ আৰু ‘আফ্ৰিকা এভিনিউ’ত নিৰ্মিত এই আধুনিক কাৰ্যালয়ে ৰাষ্ট্ৰৰ সুৰক্ষাৰে জড়িত প্ৰতিটো কাম প্ৰভাৱশালী ৰূপত চলোৱাৰ ক্ষেত্ৰত বহুত সহায়ক হ’ব। ৰাজধানীত আধুনিক ‘ডিফেন্স এনক্লেভ’ নিৰ্মাণৰ দিশত এয়া বৃহত্ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। দুয়োটা চৌহদতে আমাৰ জোৱান আৰু কৰ্মচাৰীসকলৰ বাবে প্ৰতিটো আৱশ্যকীয় সুবিধা প্ৰদানৰ দিহা কৰা হৈছে। আৰু মই আজি দেশবাসীৰ সন্মুখত মোৰ মনত চলি থকা চিন্তাৰ কথাও ক’ব বিচাৰিছো।

২০১৪ত আপোনালোকে মোক সেৱা কৰাৰ সৌভাগ্য প্ৰদান কৰিছিল আৰু তেতিয়াও মোৰ এনে লাগিছিল যে চৰকাৰী কাৰ্যালয়সমূহৰ অৱস্থা বৰ এটা ঠিক নহয়। সংসদ ভৱনৰ অৱস্থা ঠিক নহয়, আৰু ২০১৪ত আহিয়েই মই প্ৰথমতেই এই কামটো কৰিব পাৰিলোহেতেন, কিন্তু মই সেই কথা কৰা নাছিলো। মই সৰ্ব প্ৰথমে ভাৰতৰ মান-সন্মান আৰু অভিমান, ভাৰতৰ বাবে জীয়াই থাকিব খোজা, ভাৰতৰ বাবে যুজিব খোজা আমাৰ দেশৰ বীৰ জোৱান, যিসকল মাতৃভূমিৰ বাবে শ্বহীদ হৈছিল, তেওঁলোকৰ স্মাৰক নিৰ্মাণ কৰাৰ সিদ্ধান্ত প্ৰথমতে গ্ৰহণ কৰিছিলো আৰু আজি, যি কাম স্বাধীনতাৰ পিচতে হ’ব লাগিছিল সেই কাম ২০১৪ৰ পিচত আৰম্ভ কৰি সম্পূৰ্ণ কৰাৰ পিচত আমি আমাৰ কাৰ্যালয়সমূহ ঠিক কৰাৰ বাবে ‘চেণ্ট্ৰেল ভিষ্টা’ৰ কাম হাতত লৈছিলো। সকলৰে আগতে আমি মনত পেলাইছিলো মোৰ দেশৰ বীৰ শ্বহীদসকলক, বীৰ জোৱানসকলক।

বন্ধুসকল,

এই যি নিৰ্মাণ কাৰ্য হৈছে, কাম-কাজৰ লগতে ইয়াত আৱাসিক এলেকাও নিৰ্মাণ কৰা হৈছে। যিসকল জোৱানে ২৪x৭ অতিকে মহত্বপূৰ্ণ সুৰক্ষা-কাৰ্যত লাগি থাকে, তেওঁলোকৰ বাবে জৰুৰী আৱাস, ৰান্ধনশালা, মেছ, চিকিত্সাৰে জড়িত আধুনিক সা-সুবিধা এই সকলোবোৰৰে নিৰ্মাণ কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ অৱসৰী সৈনিকে নিজৰ পুৰণা চৰকাৰী কাম-কাজৰ বাবে ইয়ালৈ আহে, তেওঁলোকৰ প্ৰতিও বিশেষ দৃষ্টি ৰখা হৈছে, তেওঁলোকে যাতে অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়, তাৰ বাবে উচিত ‘কানেক্টিভিটী’ৰ ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু এটা ভাল কথা হৈছে যে, যিবোৰ ভৱন নিৰ্মাণ কৰা হৈছে, সেইবোৰ ‘ইক’-ফ্ৰেইণ্ডলী’ হোৱাৰ লগতে ৰাজধানীৰ ভৱনৰ যি পুৰাতন ৰং-ৰূপ, যিটোৱে ইয়াৰ এক পৰিচিতি বহণ কৰি আহিছে, সেয়া বৰ্তাই ৰখাৰো প্ৰয়াস কৰা কৰা হৈছে। ভাৰতৰ শিল্পীসকলৰ আকৰ্ষণীয় কলা-কৃৰ্তিসমূহক, ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতীকক ইয়াৰ এক চৌহদত স্থান দিয়া হৈছে। অৰ্থা্ত্, দিল্লীৰ জীৱন্ততা আৰু ইয়াৰ পৰ্যাৱৰণক সুৰক্ষিত ৰাখি, আমাৰ সাংস্কৃতিক বৈচিত্ৰ্যতাৰ আধুনিক স্বৰূপ ইয়াত সকলোৱেই অনুভৱ কৰিব পাৰিব।

বন্ধুসকল,

দিল্লী ভাৰতৰ ৰাজধানী হোৱা ১০০বছৰৰো অধিক সময় হৈ গৈছে। ১০০বছৰৰো অধিক এই কালখণ্ডত ইয়াৰ জনসংখ্যা আৰু অন্য পৰিস্থিতিসমূহৰো বহুত পৰিৱৰ্তন সাধিত হৈছে। আমি যেতিয়া ৰাজধানীৰ কথা পাতো, তেতিয়া এয়া আৰু এক চহৰ হৈ নাথাকে। যিকোনো দেশৰে ৰাজধানী সেই দেশৰ চিন্তা, সেই দেশৰ সংকল্প, সেই দেশৰ সামৰ্থ্য আৰু সেই দেশৰ সংস্কৃতিৰ প্ৰতীক হয়। ভাৰততো গণতন্ত্ৰৰ জননীস্বৰূপ। সেয়ে ভাৰতৰ ৰাজধানী এনেকুৱা হোৱা উচিত, যাৰ কেন্দ্ৰত ৰাইজ থাকিব, জনতা জনাৰ্দ্দন থাকিব। আজি যেতিয়া আমি ‘ইজ অব লিভিং’ আৰু ‘ইজ অব ডুয়িং বিজনেছ’ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছো, তেতিয়া ইয়াত আধুনিক আন্তঃগাঁথনিৰো সিমানেই ডাঙৰ ভূমিকা থাকে। ‘চেণ্ট্ৰেল ভিষ্টা’-ৰে বিজড়িত যিবোৰ কাম এতিয়া চলি আছে, তাৰ মূলতো এই ভাৱনা বিজড়িত হৈ আছে। ইয়াৰ বিস্তাৰ আজি আৰম্ভ হোৱা ‘চেণ্ট্ৰেল ভিষ্টা’ সম্পৰ্কীয় ‘ৱে’বছাইট’ত দেখিবলৈ পোৱা যাব।

বন্ধুসকল,

ৰাজধানীৰ আকাংক্ষাৰ অনুৰূপ দিল্লীত নতুন নিৰ্মাণ কাৰ্যসমূহত বিগত বছৰবোৰত বহুত জোৰ দিয়া হৈছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধিসকৰ বাবে নতুন আবাসগৃহ নিৰ্মাণেই হওক, আম্বেডকাৰ জীৰ স্মাৰকসমূহ সজোৱাৰ প্ৰয়াসেই হওক, অনেক নতুন ভৱনৰ নিৰ্মাণেই হওক, যাৰ কাম নিৰন্তৰ কৰি থকা হৈছে। আমাৰ সেনা, আমাৰ শ্বহীদ, আমাৰ বলীদান দিওতাসকলৰ সন্মান আৰু সা-সুবিধাৰে বিজড়িত ৰাষ্ট্ৰীয় স্মাৰকো ইয়াৰ সৈতে সংযোজিত হৈ আছে। ইমান দশকৰ পিচত সেনা, অৰ্ধ সৈনিক বাহিনী আৰু আৰক্ষী বাহিনীৰ শ্বহীদসকলৰ বাবে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় স্মাৰকে আজি দিল্লীৰ গৌৰৱ বৃদ্ধি কৰি আছে। আৰু ইয়াৰ এক বহুত ডাঙৰ বিশেষত্ব হ’ল যে ইয়াৰ ভিতৰৰ সৰহ সংখ্যক প্ৰকল্পই নিৰ্দ্ধাৰিত সময়তকৈ আগতেই সম্পূৰ্ণ কৰি তোলা হৈছে, নহ’লেতো চৰকাৰ পৰিচিতিয়েই এনে আছিল যে- ‘হৈ যাব’, ‘চলি যাব’, ‘কোনো কথা নাই’, ‘৪-৬মাহৰ বিলম্বতো তেনেই স্বাভাৱিক’! আমি চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত নতুন ‘ৱৰ্ক কালচাৰ’ অনাৰ বাবে সততাৰে প্ৰয়াস কৰি আছো, যাতে দেশৰ সম্পত্তি নষ্ট নহওক, সময় সীমাৰ ভিতৰত কাম সম্পন্ন হওক, নিৰ্দ্ধাৰিত খৰছতকৈ কিছু কমতে কামবোৰ কিয়নো নহ’ব আৰু ‘প্ৰফেশ্যনেলিজম’, ‘এফিচিয়েন্সী’ আহক, এই সকলো কথাত আমি জোৰ দি আছো, এই ভাৱনা আৰু প্ৰয়াসৰ ফলত অহা পাৰদৰ্শিতাৰ এক বহুত ডাঙৰ উদাহৰণ আজি ইয়াত প্ৰদৰ্শিত হৈছে।

‘প্ৰতিৰক্ষা কাৰ্যালয় চৌহদ’ৰো কাম ২৪ মাহত সম্পূৰ্ণ কৰাৰ কথা আছিল, সেয়া কেৱল ১২ মাহৰ অভিলেখ সময়ত সম্পূৰ্ণ কৰি উলিওৱা হ’ল, অৰ্থাত্ ৫০শতাংশ সময় বচোৱা হ’ল। সেয়াও এনে এক সময়ত যি সময়ত ক’ৰোনা-সৃষ্ট পৰিস্থিতিত শ্ৰমিকৰ পৰা অন্যান্য সকলো প্ৰকাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ক’ৰোনা কালত কেবাশ শ্ৰমিকে এই প্ৰকল্পৰ সুবাদত কৰ্ম সংস্থাপন লাভ কৰিছিল। এই নিৰ্মাণকাৰ্যৰে জড়িত সকলো শ্ৰমিক বন্ধু,  সকলো অভিযন্তা, সকলো কৰ্মচাৰী, সকলো বিষয়া, এই সকলোৱেই সময় সীমাৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দনৰ অধিকাৰীতো হয়েই, কিন্তু ক’ৰোনাৰ ইমান ভয়ানক শংকাৰ মাজত, জীৱন আৰু মৃত্যুৰ মাজত অনিশ্চয়তাই বিৰাজ কৰিছিল, তেনে এক সময়তো ৰাষ্ট্ৰ নিৰ্মাণৰ এই পবিত্ৰ কাৰ্যত যিসকল লোকে যোগদান দিলে, সমগ্ৰ দেশেই তেওঁলোক আটাইকে অভিনন্দন জ্ঞাপন কৰিছে। সমগ্ৰ দেশে তেওঁলোকক প্ৰশংসা কৰিছে। এনে কাৰ্যই স্পষ্ট কৰি দিয়ে যে যেতিয়া নীতি আৰু আচৰণ পৰিস্কাৰ হয়, ইচ্ছাশক্তি প্ৰবল হয়, প্ৰয়াস আন্তৰিক হয়, তেতিয়া একোৱেই অসম্ভৱ হৈ নাথাকে, সকলো সম্ভৱ হৈ উঠে। মোৰ বিশ্বাস নতুন সংসদ ভৱনৰ নিৰ্মাণো, হৰদীপ সিং জীয়ে যেনেদৰে বহুত বিশ্বাসৰে কৈছে, নিৰ্দ্ধাৰিত সময় সীমাৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিবগৈ।

বন্ধুসকল,

আজি-কালি নিৰ্মাণৰ ক্ষেত্ৰত যেনে গতি দেখিবলৈ পোৱা যায়, সেই ক্ষেত্ৰত নতুন নিৰ্মাণ প্ৰযুক্তিৰো বহুত ডাঙৰ ভূমিকা থাকে। প্ৰতিৰক্ষা কাৰ্যালয় চৌহদতো পাৰম্পৰিক ‘আৰচিচি’ নিৰ্মাণৰ পৰিৱৰ্তে ‘লাইট গেজ ষ্টীল ফ্ৰেম টেকনিক’ৰ প্ৰয়োগ কৰা হৈছে। নতুন ‘টেকনিকৰ’ সুবাদত এই ভৱন জুই আৰু আন প্ৰকৃতিক দুৰ্যোগৰ পৰাও অধিক সুৰক্ষিত হৈ ৰ’ব। এই নতুন চৌহদ নিৰ্মাণৰ ফলত বহু একৰ মাটিত বিস্তাৰিত হৈ থকা পুৰণি ‘হটমেণ্ট’সমূহৰ ৰক্ষণাবেক্ষণৰ বাবে যি খৰছ কৰি থাকিবলগীয়া হৈছিল, সেয়াও ৰাহি হ’ব। মোৰ ভাল লাগিছে যে আজি দিল্লীয়েই নহয়, বৰং দেশৰ অন্য চহৰসমূতো ‘স্মাৰ্ট’ সুবিধা বিকশিত কৰাৰ বাবে, দুখীয়াসকলক পকাঘৰ দিয়াৰ বাবে আধুনিক নিৰ্মাণ প্ৰযুক্তিত গুৰুত্ব প্ৰদান কৰা হৈছে। দেশৰ ৬খন চহৰত চলি থকা ‘লাইট হাউছ প্ৰকল্প’ এই দিশত বহুত এক ডাঙৰ প্ৰয়োগ হিচাপে পৰিগণিত হৈছে। এই খণ্ডত নতুন ‘ষ্টাৰ্টআপ’-ক উত্সাহিত কৰি থকা হৈছে। যিধৰণৰ গতিবেগ আৰু পৰিসৰত আমি আমাৰ ‘আৰ্বান ছেক্টৰ’সমূহৰ ৰূপান্তৰ কৰিব লাগিব, সেয়া নতুন প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰেহে সম্ভৱ হ’ব।

বন্ধুসকল,

যিটো ‘প্ৰতিৰক্ষা কাৰ্যালয় চৌহদ’ নিৰ্মাণ কৰা হৈছে, ই ‘ৱৰ্ক কালচাৰ’লৈ অহা এক পৰিৱৰ্তন আৰু চৰকাৰৰ প্ৰাথমিকতাৰ প্ৰতিবিম্বস্বৰূপ। এয়াই প্ৰথমিকতা, উপলব্ধ মাটিৰ সদপ্ৰয়োগ। আৰু কেৱল মাটিয়েই নহয়, আমাৰ বিশ্বাস আৰু আমাৰ প্ৰয়াস এয়ে যে আমাৰ যিমানবোৰ সমল আছে, আমাৰ যিমানবোৰ প্ৰাকৃতিক সম্পদ আছে সেইবোৰৰ সৰ্বাধিক সদ্ব্যৱহাৰ হোৱা উচিত। বিনা কাৰণত এই সম্পদৰ ক্ষতি এতিয়া দেশৰ বাবে উচিত নহয় আৰু এই চিন্তাৰ পৰিণাম হিচাপেই চৰকাৰৰ বেলেগ বেলেগ বিভাগৰ হাতত যিমান মাটি আছে সেইবোৰৰ শুদ্ধ আৰু সৰ্বাধিক সদ্ব্যৱহাৰৰ বাবে উপযুক্ত পৰিকল্পনা গ্ৰহণ কৰি আগবঢ়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। নতুনকৈ নিৰ্মাণ কৰা এই চৌহদটো প্ৰায় ১৩একৰ ভূমিত নিৰ্মাণ কৰা হৈছে। দেশবাসীয়ে আজি যেতিয়া শুনিব যে, যিসকল লোকে দিনে-ৰাতিয়ে আমাৰ প্ৰতিটো কামৰ আলোচনা কৰে, তেওঁলোকৰ চেহেৰাবোৰ সন্মুখত লৈ এইবোৰ কথা দেশবাসীয়ে শুনক। দিল্লীৰ দৰে এনে গুৰুত্বপূৰ্ণ ঠাইত ৬২একৰ মাটিত, ৰাজধানীৰ ভিতৰত, ইমান বিশাল ভূমিত যিবোৰ ‘হটমেণ্ট’ বনোৱা হৈছিল, তাৰ পৰা সেইবোৰক আঁতৰাই পেলোৱা হ’ল আৰু উত্তম ধৰণৰ আধুনিক ব্যৱস্থা কেৱল ১৩একৰ মাটিত নিৰ্মাণ কৰা হ’ল। দেশৰ সম্পত্তিৰ কিমান সদ্ব্যৱহাৰ হৈছে, অৰ্থাত্ ইমান ডাঙৰ আধুনিক সুবিধাৰ বাবে  আগৰ তুলনাত প্ৰায় ৫গুণ কম মাটিৰহে প্ৰয়োজন হ’ল।

 

বন্ধুসকল,

‘স্বাধীনতাৰ অমৃতকাল’ অৰ্থাত্ আগন্তুক ২৫টা বছৰত নতুন ‘আত্মনিৰ্ভৰ ভাৰত’ৰ নিৰ্মাণৰ এই মিছন সকলোৰে প্ৰয়াসৰেহে সম্ভৱ হ’ব। চৰকাৰী ব্যৱস্থাৱলীৰ ‘প্ৰডাক্টিভিটী’ আৰু ‘এফিচিয়েন্সী’ বঢ়োৱাৰ বাবে যি প্ৰয়াস আজি দেশে কৰিছে, নিৰ্মাণ হোৱা এই নতুন ভৱনসমূহে সেই সপোনক ‘ছাপ’ৰ্ট’ কৰিছে, সেই সংকল্পক সাকাৰ কৰাৰ বাবে বিশ্বাস জগাইছে। ‘কমন কেন্দ্ৰীয় সচিবালয়ে’ই হওক, ‘কানেক্টেড কনফাৰেন্স হলে’ই হওক, ‘মেট্ৰো’ৰ দৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ জৰিয়তে সুলভ ‘কানেক্টিভিটী’য়েই হওক, এই সকলোবোৰে ৰাজধানীক ‘পিপুল ফ্ৰেইণ্ডলী’ কৰি তোলাত বহুত সহায় কৰিব। আমি সকলোৱে নিজৰ লক্ষ্যসমূহক তড়িত গতিৰে যাতে পাব পাৰো, এই কামনাৰেই আকৌ এবাৰ আপোনালোক আটাইকে শুভকামনা জনাই সামৰিলো।

বহুত বহুত ধন্যবাদ!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics exports up 11.62% to $5.09 billion in May

Media Coverage

India’s electronics exports up 11.62% to $5.09 billion in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”