ৰাজস্থানত চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
“মহামাৰীৰ সময়ত ভাৰতে আত্মনির্ভৰতা আৰু শক্তি বৃদ্ধিৰ সংকল্প গ্রহণ কৰিছে”
“আমি দেশৰ স্বাস্থ্য খণ্ডত পৰিৱর্তন অনাৰ বাবে এক ৰাষ্ট্ৰীয় দৃষ্টিভংগী গ্রহণ কৰিছো আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ লক্ষ্যৰে কাম কৰিছো”
বিগত ৬-৭ বছৰত ১৭০খনতকৈও অধিক নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু শতাধিক নতুন চিকিৎসা মহাবিদ্যালয়ত দ্রুতগতিত কাম আৰম্ভ হৈছে
২০১৪ চনত দেশত চিকিৎসাশাস্ত্ৰৰ স্নাতক আৰু স্নাতকোত্তৰত মুঠ আসনৰ সংখ্যা আছিল ৮২ হাজাৰ৷ বৰ্তমান এই সংখ্যা বৃদ্ধি কৰি ১.৪০লাখ কৰা হৈছে
“ৰাজস্থানৰ উন্নয়নে দেশৰ উন্নয়নত গতি প্ৰদান কৰিব”

নমস্কাৰ,

ৰাজস্থানৰ সুসন্তান আৰু ভাৰতৰ সকলোতকৈ বৃহত্ ‘পঞ্চায়ত’ লোকসভাৰ ‘কাষ্টডিয়ান’, আমাৰ আদৰণীয় ‘স্পীকাৰ’ শ্ৰীমান ওঁম বিৰলা জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমান অশোক গেহলোট জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়া জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ আন সকলো সহযোগী শ্ৰীমান গজেন্দ্ৰ সিং শেখাৱট জী, ভূপেন্দ্ৰ যাদৱ জী, অৰ্জুন ৰাম মেঘাৱাল জী, কৈলাশ চৌধুৰী জী, ডাক্টৰ ভাৰতী পৱাৰ জী, ভগৱন্ত খুবা জী, ৰাজস্থানৰ পূৰ্ব মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, বিৰোধী দলৰ নেতা গুলাব চন্দ কাটাৰীয়া জী, ৰাজস্থান চৰকাৰৰ মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল, কাৰ্যক্ৰমত উপস্থিত থকা সকলো মহানুভৱ আৰু ৰাজস্থানৰ মোৰ প্ৰিয় ভাই-ভনীসকল, ১০০টা বছৰৰ সকলোতকৈ বৃহত্ মহামাৰীটোৱে স্বাস্থ্য খণ্ডৰ সন্মুখত এনে প্ৰত্যাহ্বান থিয় কৰাই দিলে, অৱশ্যে এই মহামাৰীয়ে বহুত কিবা শিকাৰ সুযোগো প্ৰদান কৰিছে। প্ৰতিখন দেশে নিজৰ নিজৰ পদ্ধতিৰে এই সংকটৰ মোকাবিলা কৰাৰ কামত মনোনিৱেশ কৰিছে। ভাৰতে এই দুৰ্যোগক আত্মনিৰ্ভৰতাৰ, নিজৰ সামৰ্থ্য বঢ়োৱাৰ বাবে সংকল্প লোৱাৰ অৱকাশ হিচাপে গণ্য কৰিছে। ৰাজস্থানত ৪খন নতুন মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ আৰু জয়পুৰত ‘পেট্ৰোকেমিকেলছ প্ৰযুক্তি প্ৰতিষ্ঠান’ৰ উদ্বোধন এই দিশত আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। মই ৰাজস্থানৰ সকলো নাগৰিকক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। আৰু আজি ৰাজস্থানৰ এক বিশেষ কাৰ্যক্ৰমত মই ‘ভাৰ্চুৱেলী’ সংযোজিত হোৱাৰ সুযোগ পাইছো। সেয়ে মই ৰাজস্থানৰ সেইসকল ল’ৰা-ছোৱালীকো অভিনন্দন জনাব খুজিছো, যিসকলে অলিম্পিকত হিন্দুস্থানৰ পতাকা উৰুৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অৱশ্যে, মই মোৰ ৰাজস্থানৰ ল’ৰা-ছোৱালীসকলকো আৰু এবাৰ অভিনন্দন জনাব খুজিছো। আজিৰ এই কাৰ্যক্ৰম চলি থকাৰ মুহূৰ্তত, জয়পুৰৰ লগতে দেশৰ ১০খন ‘চিপেট’(চিআইপিইটি)কেন্দ্ৰত ‘প্লাষ্টিক’ আৰু ইয়াৰে জড়িত আৱৰ্জনা প্ৰবন্ধন বিধিক লৈ সজাগতা কাৰ্যক্ৰমো চলি আছে। এই পদক্ষেপৰ বাবে মই দেশৰ সকলো গণ্যমান্য নাগৰিককো বহুত বহুত শুভকামনা জনাইছো। ভাই-ভনীসকল, ২০১৪চনৰ পিচত ৰাজস্থানত ২৩খন নতুন মেডিকেল কলেজৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল। ইয়াৰে ৭খন চিকিত্সা মহাবিদ্যালয়ে কাম কৰিবলৈ আৰম্ভ কৰি দিছে। আৰু আজি বাঁসৱাড়া, সিৰোহী, হনুমানগড় আৰু দৌসাত নতুন চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। মই এই কেউটা অঞ্চলৰ ৰাইজক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। মই দেখিছো ইয়াৰ জনপ্ৰতিনিধিসকলে, আমাৰ মাননীয় সাংসদসকলে, যেতিয়াই লগ পাই তেতিয়াই চিকিত্সা মহাবিদ্যালয় স্থাপন কৰাৰ পৰা কিমান লাভ হৈছে সেই কথা দোহাৰেই। সেয়া লাগিলে সাংসদেই হওক, মোৰ মিত্ৰ কনকমল কাটাৰা জীয়েই হওক, আমাৰ জ্যেষ্ঠ ‘এমপি’ ভগ্নী যশকৌৰ মীনা জীয়েই হওক, মোৰ বহুত পুৰণা বন্ধুভাতৃ নিহালচন্দ চৌহান জীয়েই হওক অথবা আমাৰ ‘আধা গুজৰাটী আধা ৰাজস্থানী’ এসে ভাইদেৱজী পেটেলেই হওক, আপোনালোক সকলোৱে ৰাজস্থানত চিকিত্সা আন্তঃগাঁথনি নিৰ্মাণক লৈ সদা সচেতনতা দেখুৱাই আহিছে। মোৰ বিশ্বাস, এই নতুন চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম ৰাজ্য চৰকাৰৰ সহযোগত নিৰ্দ্ধাৰিত সময়তে সম্পূৰ্ণ হৈ উঠিব।

বন্ধুসকল,

কিছুবছৰ আগলৈকে দেশৰ চিকিত্সা ব্যৱস্থাৰ অৱস্থা কি আছিল আমি সকলোৱে দেখিছো। ২০০১চন, আজি মই, ২০বছৰৰ আগতে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছিলো, চিকিত্সাৰ স্থিতি তাতো বহুত প্ৰত্যাহ্বানপূৰ্ণই আছিল। সেয়া লাগিলে চিকিত্সা আন্তঃগাঁথনিয়েই হওক, চিকিত্সা বিজ্ঞানৰ শিক্ষাই হওক, অথবা চিকিত্সা প্ৰদানৰ ব্যৱস্থাপনাই হওক, সকলো ক্ষেত্ৰতে দ্ৰুত গতিৰে কাম কৰাৰ প্ৰয়োজন আছিল। আমি সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি লৈছিলো আৰু  সকলোৱে মিলি পৰিস্থিতি সলোৱাৰ প্ৰয়াস কৰিছিলো। গুজৰাটত সেই সময়ত ‘মুখ্যমন্ত্ৰী অমৃতম যোজনা’ৰ অধীনত দুখীয়া পৰিয়ালক ২লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হৈছিল। গৰ্ভৱতী মহিলাক হাস্পটালত প্ৰসৱ কৰোৱাৰ বাবে ‘চিৰঞ্জীৱি যোজনা’ৰ অধীনত উত্সাহিত কৰাৰ দিহা কৰা হৈছিল, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন বচোৱাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পৰা গৈছিল। চিকিত্সাবিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুটা দশকৰ অশেষ প্ৰয়াসৰ সুবাদত গুজৰাটে চিকিত্সা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা প্ৰায় ৬গুণে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।

বন্ধুসকল,

মুখ্যমন্ত্ৰী হিচাপে মই দেশৰ স্বাস্থ্য খণ্ডৰ দুৰ্বলতাসমূহৰ কথা অনুধাৱন কৰিবলৈ সক্ষম হৈছিলো; আৰু বিগত ৬-৭টা বছৰে সেইবোৰ আঁতৰোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আহিছো। আৰু, আমাৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত চিকিত্সাৰ দায়িত্ব ৰাজ্যচৰকাৰক প্ৰদান কৰা হৈছে। পিচে, মই যিহেতু দীঘলীয়া সময়ৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ আছিলো, সেয়ে এই ক্ষেত্ৰত থকা জটিলতাসমূহৰ কথা মই ভালকৈয়ে জানো। সেয়ে মই ভাৰত চৰকাৰলৈ অহাৰ পিচত, লাগিলে বিষয়টো ৰাজ্যচৰকাৰৰ আওতাৰে হ’লেও, তাৰ ভিতৰৰ বহুখিনি কাম ভাৰত চৰকাৰে সম্পন্ন কৰা উচিত বুলি বিবেচনা কৰি আমি সেই দিশত পদক্ষেপ গ্ৰহণ কৰিবলৈ লৈছিলো। আমাৰ দেশত স্বাস্থ্যসেৱাৰ ব্যৱস্থাপনা ক্ষেত্ৰখন বহুধা বিভক্ত হৈ আছে। বিভিন্ন ৰাজ্যৰ চিকিত্সা পদ্ধতি, ৰাষ্ট্ৰীয় স্তৰৰ সংযোগ ব্যৱস্থা আৰু সংযুক্ত দৃষ্টিভংগীৰ অভাৱ। ভাৰতৰ দৰে দেশত উন্নত চিকিত্সাৰ ব্যৱস্থাপনা ৰাজ্যসমূহৰ ৰাজধানী আৰু কেইখনমান মেট্ৰ’ মহানগৰীৰ মাজতে সীমাবদ্ধ আছিল। যিসকল দুখীয়া লোকে জীৱিকাৰ সংস্থান বিচাৰি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবলগীয়া হৈছিল, তেওঁলোকে ৰাজ্যৰ সীমাৰ মাজতে সীমিত স্বাস্থ্য আঁচনিসমূহৰ সেৱা বাৰুকৈ ল’ব পৰা নাছিল। সেইদৰে প্ৰাথমিক স্বাস্থ্যসেৱা আৰু ডাঙৰ ডাঙৰ হাস্পটালসমূহৰ মাজতো এক বৃহত্ ব্যৱধান অনুভূত হৈছিল। আমাৰ পাৰম্পৰিক চিকিত্সা পদ্ধতি আৰু আধুনিক চিকিত্সা পদ্ধতিৰ মাজতো তাল-মিল নাছিল। শাসনৰ এইবোৰ দুৰ্বলতা আঁতৰ কৰাটো নিতান্তই আৱশ্যক আছিল। দেশৰ স্বাস্থ্যখণ্ডৰ ৰূপান্তৰ সাধন কৰাৰ বাবে আমি এক ৰাষ্ট্ৰীয় উদ্যোগ গ্ৰহণ কৰি, এক নতুন ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ আধাৰত কাম কৰাৰ পদক্ষেপ গ্ৰহণ কৰো। ‘স্বচ্ছ ভাৰত অভিযান’ৰ পৰা ‘আয়ুষ্মান ভাৰত যোজনা’ আৰু এতিয়া ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ পৰ্যন্ত এনে অনেক প্ৰয়াস এই কাৰ্যক্ৰমৰে অংশস্বৰূপ। ‘আয়ুষ্মান ভাৰত যোজনৰ জৰিয়তেই এতিয়া ৰাজস্থানৰ প্ৰায় ৩লাখ লোকে বিনামূলীয়া চিকিত্সাসেৱা লাভ কৰিবলৈ সক্ষম হৈছে। গাঁও-চুবুৰীৰ দৰে দূৰ-দূৰণিৰ অঞ্চলসমূহত স্বাস্থ্যসেৱা পৰিগাঁথনি শক্তিশালী কৰি তুলিব লগা প্ৰায় ২.৫হাজাৰ ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ই আজি ৰাজস্থানত সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে। চৰকাৰে ‘প্ৰিভেণ্টিভ হেল্থকেয়াৰ’ৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। আমি নতুনকৈ ‘আয়ুষ মন্ত্ৰালয়’ গঠন কৰাই নহয়, ‘আয়ুৰ্বেদ’ আৰু ‘যোগ’-ৰ জনপ্ৰিয়কৰণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছো।

ভাই-ভনীসকল,  

চিকিত্সা আন্তঃগাঁথনি নিৰ্মাণৰ লেহেমীয়া গতিয়ো এই ক্ষেত্ৰত সমস্যা হৈ আহিছে। ‘এইমছ’-য়েই হওক কিম্বা অন্য চিকিত্সা মহাবিদ্যালয়েই হওক, অথবা ‘এইমছ’-ৰ নিচিনা ‘ছুপাৰ স্পেচিয়েলিটী হাস্পটালে’ই হওক, ইয়াৰ ‘নেটৱৰ্ক’ দেশৰ কোণে কোণে বিস্তাৰিত হোৱাতো খুবেই আৱশ্যক হয়। আজি আমি সন্তুষ্টিৰে ক’ব পৰা হৈছো যে ৬খন ‘এইমছ’ৰ পৰা আগুৱাই আহি আমি এতিয়া ২২খনৰো অধিক ‘এইমছ’-ৰ এক শক্তিশালী ‘নেটৱৰ্ক’ গঢ়ি তোলাৰ দিশত আগবাঢ়িব পৰা হৈছো। এই ৬-৭টা বছৰত ১৭০খনৰো অধিক চিকিত্সা মহাবিদ্যালয় স্থাপিত হৈছে আৰু আন ১০০খনৰো অধিক চিকিত্সা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য দৰ্ুতগতিৰে আগবাঢ়ি আছে। ২০১৪চনত দেশত ‘আণ্ডাৰ গ্ৰেজুৱেট’ আৰু ‘পোষ্ট গ্ৰেজুৱেট’ আসনৰ মুঠ সংখ্যা প্ৰায় ৮২হাজাৰ আছিল। আজি ইয়াৰ সংখ্যা বাঢ়ি ১লাখ ৪০হাজাৰ পৰ্যন্ত হৈছেগৈ। অৰ্থাত্ আজিৰ তাৰিখত দেশৰ অধিক সংখ্যক যুৱক-যুৱতীয়ে চিকিত্সক হোৱাৰ সপোন সাৰ্থক কৰিব পাৰিব। আজিৰ তাৰিখত আগতকৈ বহুত বেছি সংখ্যক যুৱক-যুৱতী চিকিত্সক হৈ ওলাইছে। চিকিত্সা বিজ্ঞান শিক্ষাৰ এই দ্ৰুত প্ৰগতিৰ বহুত ডাঙৰ লাভ ৰাজস্থানৰ ভাগতো পৰিছে। এইখিনি সময়ত ৰাজস্থানৰ চিকিত্সা মহাবিদ্যালয়সমূহৰ আসনৰ সংখ্যা দুগুণৰো অধিক বৃদ্ধি হৈছে। ‘আণ্ডাৰ গ্ৰেজুৱেট’ আসনৰ সংখ্যা ২০০০ৰ পৰা ৪০০০লৈ বৃদ্ধি পাইছে। ৰাজস্থানত ‘পিজি’ আসনৰ সংখ্যা হাজাৰতকৈ কম আছিল। আজি এই সংখ্যা ২১০০লৈ বৃদ্ধি পাইছে।

ভাই-ভনীসকল,

সাম্প্ৰতিক সময়ত দেশৰ প্ৰতিখন জিলাত একোখন চিকিত্সা মহাবিদ্যালয় অথবা ‘পোষ্ট গ্ৰেজুৱেট’ চিকিত্সা শিক্ষা দান কৰিব পৰা একোখন শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ এক প্ৰয়াস অব্যাহত আছে। ইয়াৰ বাবে চিকিত্সাবিজ্ঞানৰ শিক্ষা সম্পৰ্কীয় শাসন-প্ৰশাসনকে ধৰি অন্য নীতি-নিয়ম আদিৰ যোৱা কেইটা বছৰত বৃহত্ সংস্কাৰ সাধন কৰা হৈছে। আগৰ ‘মেডিকেল কাউন্সিল অব ইণ্ডিয়া’-‘এমচিআই’-ৰ সিদ্ধান্তক লৈ হোৱা আলোচনা-সমালোচনাবোৰ আমি দেখিছিলো। প্ৰতিটো ক্ষেত্ৰতে প্ৰশ্নৰ অৱতাৰণা হৈছিল, সেই প্ৰসংগই গৈ সংসদৰ মজিয়াও পাইছিলগৈ। তেওঁলোকৰ পাৰদৰ্শিতাক লৈ বাৰম্বাৰ প্ৰশ্নৰ অৱতাৰণা হৈছিল। ইয়াৰ প্ৰভাৱ দেশৰ চিকিত্সাবিজ্ঞান শিক্ষাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। স্বাস্থ্যসোৱাৰ মানৰ ওপৰত পৰিছিল। বছৰৰ পিচত বছৰ ধৰি প্ৰতিখন চৰকাৰে কিবা কৰাৰ কথা চিন্তা কৰি আহিছিল, কোনো সিদ্ধান্ত লোৱাৰ কথা ভাবি আহিছিল, পিচে একোকে কৰিব পৰা নাছিল। ময়ো এই কামটো কৰিবলৈ যাওতে সমস্যাৰ সন্মুখীন হৈছিলো। সংসদত কিমান, আগৰ চৰকাৰে কৰিব খুজিছিল, কিন্তু কৰিব পৰা নাছিল। ইমানবোৰ গোট, ইমান ডাঙৰ ডাঙৰ বাধা থিয় কৰাব পাৰে। বৃহত সমস্যাৰ অৱশেষত অন্ত পৰিছিল। ইয়াক চম্ভালি লওতে আমিও বহুত পৰিশ্ৰম কৰিবলগীয়া হৈছিল। এতিয়া এই ব্যৱস্থাৰ দায়িত্ব ‘নেশ্যনেল মেডিকেল কমিশ্যন’ক অৰ্পণ কৰা হৈছে। ইয়াৰ উন্নত প্ৰভাৱ, দেশৰ ‘হেল্থকেয়াৰ হিউমেন ৰিছ’ৰ্চ’ আৰু ‘হেল্থ ছাৰ্ভিচেছ’ৰ ওপৰত দেখিবলৈ পোৱা গৈছে।

বন্ধুসকল,

বহু দশক পুৰণি স্বাস্থ্য প্ৰণালীটোক আজিৰ প্ৰয়োজনীয়তাসমূহৰ অনুসৰি সলাই লোৱাৰ প্ৰয়োজনীয়তা আছিল। চিকিত্সা শিক্ষা আৰু স্বাস্থ্য সেৱা প্ৰদানত থকা ব্যৱধান নিৰন্তৰ হ্ৰাস কৰাৰ প্ৰয়াস কৰা হৈছে। ডাঙৰ হাস্পটাল, লাগিলে সেয়া চৰকাৰীয়েই হওক কিম্বা বেচৰকাৰীয়েই হওক, সেইবোৰৰ সংসাধনসমূহ, নতুন চিকিত্সক, নতুন ‘পেৰা মেডিক্স’ গঢ়ি তোলাত অধিক উপযোগী হওক, তাৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে। তিনি-চাৰিদিন আগতে আৰম্ভ হোৱা ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’-য়ে দেশৰ প্ৰান্তে প্ৰান্তে স্বাস্থ্য সেৱা বিস্তাৰিত কৰাৰ বাবে বহুত ডাঙৰ সহযোগিতা আগবঢ়াব। ভাল হাস্পটাল, ৰোগ বিশ্লেষণ পৰীক্ষাগাৰ, ফাৰ্মাচী, চিকিত্সকৰে সাক্ষাত্কাৰ আদি সকলোবোৰ কাম এতিয়া কেৱল এটা ‘ক্লিক’-তে সম্ভৱ হৈ উঠিব। ইয়াক ৰোগীয়ে নিজৰ তথ্য-পাতি সযতনে ৰখাৰো এক সুবিধা হিচাপে গ্ৰহণ কৰিব পাৰিব।

ভাই-ভনীসকল,

স্বাস্থ্যসেৱাৰে জড়িত দক্ষতাসম্পন্ন সানৱ সম্পদৰ প্ৰভাৱ প্ৰভৱশালী স্বাস্থ্যসেৱাৰ ওপৰত পৰে। এই কথা আমি ক’ৰোনা-কালত অধিক ভাবে অনুভৱ কৰিছো। কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা ‘সকলোকে প্ৰতিষেধক, বিনামূল্যে প্ৰতিষেধক’ অভিযানৰ সাফল্য ইয়াৰে প্ৰতিবিম্ব বুলি ক’ব পাৰি। আজি ভাৰতত ক’ৰোনাৰ প্ৰতিষেধকৰ ৮৮কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে। ৰাজস্থানতো ৫কোটিৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। টীকাকৰণৰ হাজাৰ হাজাৰ কেন্দ্ৰত আমাৰ চিকিত্সক, নাৰ্ছ, ‘পেৰা মেডিক্স’সকলে নিৰন্তৰ প্ৰতিষেধক প্ৰদান কৰি আছে। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দেশৰ এই সামৰ্থ্য আমি আৰু বঢ়াব লাগিব। গাঁও আৰু দুখীয়া পৰিয়ালসমূহৰ পৰা অহা যুৱক-যুৱতীসকলৰ বাবে কেৱল ইংৰাজী ভাষাত মেডিকেল আৰু প্ৰযুক্তিৰ শিক্ষাদান এক বাধা হিচাপে পৰিগণিত হৈ আহিছিল। এতিয়া নতুন ৰাষ্ট্ৰীয় নীতিৰ অধীনত হিন্দী আৰু আন ভাৰতীয় ভাষাসমূহতো চিকিত্সা বিজ্ঞানৰ শিক্ষাৰ পথো মোকলোৱা হৈছে। ৰাজস্থানৰ গাঁৱৰ, দুখীয়া পৰিয়ালসমূহৰ মাতৃসকলে তেওঁলোকৰ সন্তানৰ বাবে দেখা সপোনবোৰ এতিয়া সহজেই দিঠক হ’ব। দুখীয়াৰ সন্তানেও; যিসকলে ইংৰাজী স্কুলত পঢ়াৰ সুবিধা পোৱা নাই, সেই সকলোৱে এতিয়া ডাক্টৰ হৈ মানৱতাৰ সেৱা কৰিব পাৰিব। চিকিত্সা-শিক্ষাৰে জড়িত সকলো সুযোগ যাতে সমাজৰ সকলো অংশ, সকলো শ্ৰেণীয়েই সমানে পাব পাৰে সেয়া সম্ভৱ কৰাৰ বাবেই প্ৰয়াস অব্যাহত ৰখা হৈছে। চিকিত্সাবিজ্ঞানৰ শিক্ষাত ‘অ’বিচি’ আৰু আৰ্থিক ভাবে দুৰ্বল সাধাৰণ শ্ৰেণীৰ যুৱক-যুৱতীৰ বাবে সংৰক্ষণৰ দিহা কৰাৰ অন্তৰালতো এই ভাৱনাই জড়িত হৈ আছে। বন্ধুসকল,    স্বাধীনতাৰ এই অমৃতকালত উচ্চ স্তৰৰ কৌশলে কেৱল ভাৰতকে শক্তিৱন্ত কৰি নোতোলে, বৰং ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সংকল্পক সিদ্ধ কৰাতো বহু ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। সবাটোকৈ দ্ৰুতগতিত বিকশিত হৈ থকা উদ্যোগসমূহৰ অন্যতম ‘প্ৰেট্ৰোকেমিকেল উদ্যোগ’ৰ বাবে দক্ষতাসম্পন্ন মানৱসম্পদৰ আজি খুবেই প্ৰয়োজন। ৰাজস্থানৰ নতুন ‘পেট্ৰোকেমিকেলছ প্ৰযুক্তি প্ৰতিষ্ঠান’-য়ে এই ক্ষেত্ৰত প্ৰতি বছৰে বহু সংখ্যক যুৱক-যুৱতীক দক্ষ কৰি তুলি নতুন সম্ভাৱনাৰ সৈতে বিজড়িত কৰিব।  ‘পেট্ৰোকেমিকেলছ’ৰ প্ৰয়োগ আজিকালি খেতিবাতি, স্বাস্থ্যসেৱা আৰু অটোমোবাইল উদ্যোগকে ধৰি জীৱনৰ অনেক খণ্ডত বৃদ্ধি পাই আছে। সেয়ে, দক্ষ-মানৱসম্পদৰ বাবে আগন্তুক বছৰবোৰত কৰ্মসংস্থানৰ অনেক সুযোগ সৃষ্টি হ’ব বুলি আশা কৰিছো।

বন্ধুসকল,

আজি আমি যেতিয়া এই ‘পেট্ৰোকেমিকেলছ প্ৰতিষ্ঠান’ৰ উদ্বোধন কৰি আছো, সেই মুহূৰ্তত মোৰ ১৩-১৪বছৰ আগৰ সেইবোৰ দিনলৈ মনত পৰিছে, সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আমি ‘পেট্ৰোলিয়াম বিশ্ববিদ্যালয়’ৰ এক ভাৱনাক লৈ কাম আৰম্ভ কৰিছিলো। তেতিয়া কিছুসংখ্যক লোকে এই কথাটোক লৈ হাঁহিছিল। তেওঁলোকৰ প্ৰশ্ন এনে এখন বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা আছেনে? ইয়াৰ জৰিয়তে কিনো  হ’ব, ইয়াত পঢ়িবলৈনো ছাত্ৰ-ছাত্ৰী ক’ৰ পৰা আহিব? পিচে, আমি এই ভাৱনাক এৰি দিয়া নাছিলো। ৰাজধানী গান্ধীনগৰত মাটি বিচৰা হ’ল আৰু ‘পণ্ডিত দীনদয়াল পেট্ৰোলিয়াম বিশ্ববিদ্যালয়’(পিডিপিইউ)ৰ শুভাৰম্ভ হ’ল। বহুত কম সময়তে এই বিশ্ববিদ্যালয়ে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল। সমগ্ৰ দেশৰ শিক্ষাৰ্থীয়ে এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ উথপথপ লগালে। এতিয়ালৈ বিশ্ববিদ্যালয়খনৰ ‘ভিজন’ আৰু অধিক বিস্তাৰিত হৈছে। আজিৰ তাৰিখত এই বিশ্ববিদ্যালয় ‘পণ্ডিত দীনদয়াল এনাৰ্জী ইউনিভাৰ্ছিটী’(পিডিইইউ) নামেৰে জনাজাত হৈছে। এনে ধৰণৰ সংস্থানে আজি ভাৰতৰ যুৱ-প্ৰজন্মক ‘ক্লীন এনাৰ্জী’ৰ বাবে ‘ইন’ভেটিভ ছ’লিউশ্যন’ৰ বাবে আৱিষ্কাৰৰ পথ-নিৰ্দেশনা দি আছে, তেওঁলোকৰ পাৰদৰ্শিতা বৃদ্ধি কৰি আছে। বন্ধুসকল, বাড়মেৰত ‘ৰাজস্থান শোধনাগাৰ প্ৰকল্প’ৰ কামো দ্ৰুতগতিৰে চলি আছে। এই প্ৰকল্পত ৭০হাজাৰ কোটি টকাৰো অধিক পুঁজিৰ বিনিয়োগ কৰা হৈছে। ‘ইউনিভাৰ্চছিটী অব পেট্ৰলিয়াম টেকন’লজী’-ত পঢ়ি অহা ‘প্ৰফেশ্যনেল’সকলৰ বাবে এই প্ৰকল্পই বহুত নতুন সুযোগৰ সন্ধান দিব পাৰিব। ৰাজস্থানত চলি থকা ‘চিটি গেছ বিতৰণ’ৰ কামেও ইয়াৰ যুৱক-যুৱতীৰ বাবে বহু সম্ভাৱনাৰ সৃষ্টি কৰিছে। ২০১৪চন পৰ্যন্ত ৰাজস্থানৰ কেৱল এখন চহৰতহে চিটী গেছ বিতৰণৰ অনুমোদন জনোৱা হৈছিল।  কিন্তু আজি ১৭খন জিলাত ‘চিটী গেছৰ নেটৱৰ্ক’ৰ বাবে অনুমোদন দিয়া হৈছে। আগন্তক সময়ত ৰাজ্যখনৰ সকলো জিলাতে পাইপৰে গেছ বিতৰণৰ ব্যৱস্থা হ’ব।

ভাই-ভনীসকল,

ৰাজস্থানৰ এটা বৃহত্ অংশ মৰুভূমিতো হয়েই, ই সীমান্তবৰ্তীও হয়। ৰাজস্থানৰ কঠিন ভৌগলিক পৰিস্থিতিৰ কাৰণে আমাৰ মাতৃ-ভগ্নীসকলে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বহু বছৰ ধৰি মই ৰাজস্থানৰ দূৰ-দূৰণিৰ ঠাইসমূহলৈ অহা-যোৱা কৰি আছিলো। সেইবোৰ দিনত মই শৌচালয় নোহোৱা, বিজুলীৰ ব্যৱস্থা নথকা, গেছৰ সংযোগ নথকা আদিৰ দৰে সমস্যাৰে জৰ্জৰিত মাতৃ-ভগ্নীসকলৰ দুৰ্গতি প্ৰত্যক্ষ কৰিছিলো। আজি দুখীয়াৰো দুখীয়া পৰিয়ালৰ ঘৰতো শৌচালয়, বিজুলী আৰু গেছৰ সংযোগ স্থাপন হোৱাত সকলোৰে জীৱন বহুত সহজ হৈ উঠিছে। খোৱা পানীৰ সমস্যাইতো ইমানদিনে ৰজাস্থানৰ আই-মাতৃসকলৰ ধৈৰ্যৰে পৰীক্ষা লৈ আহিছিল। সম্প্ৰতি ‘জল জীৱন  মিছন’ৰ ৰূপত ৰাজস্থানৰ ২১লাখৰো অধিক পৰিয়ালৰ ঘৰলৈ পাইপৰে পানী যোগানৰ কাম আৰম্ভ হৈছে। ‘প্ৰতি ঘৰলৈ পানী’ অভিযান ৰাজস্থানৰ মাতৃ-ভগ্নীসকলৰ যুগজোৰা পৰিশ্ৰমৰ দুখ মোচন কৰাৰ বাবে এক আন্তৰিক প্ৰয়াস হিচাপে পৰিগণিত হৈছে।

বন্ধুসকল,

ৰাজস্থানৰ বিকাশে ভাৰতৰ বিকাশ যাত্ৰাত গতি প্ৰদান কৰিব। যেতিয়া ৰজস্থানৰ লোকসকলৰ দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ অৱস্থা উন্নত হয়, তেওঁলোকৰ ‘ইজ অৱ লিভিং’ বাঢ়ে, সেই কথাই মোকো সন্তুষ্টি প্ৰদান কৰে। যোৱা ৬-৭টা বছৰত কেন্দ্ৰৰ আবাস যোজনসমূহৰ মাধ্যমৰে ৰাজস্থানৰ দুখীয়া ৰাইজৰ বাবে ১৩লাখৰো অধিক পকীঘৰ নিৰ্মাণ কৰা হৈছিল।  ‘প্ৰধানমন্ত্ৰী কিষাণ নিধি’ৰ জৰিয়তে ৰাজস্থানৰ ৭৪লাখৰো অধিক কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ প্ৰায় ১১হাজাৰ কোটি টকা প্ৰত্যক্ষ ভাবে হস্তান্তৰিত কৰা হৈছে। ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলক ১৫হাজাৰ কোটি টকাৰো অধিক বীমা সুৰক্ষাও প্ৰদান কৰা হৈছে। বন্ধুসকল, সীমান্তবৰ্তী ৰাজ্য হোৱাৰ বাবেই সংযোগ আৰু সীমান্ত এলেকা উন্নয়ণৰ অগ্ৰাধিকাৰ ভিত্তিক সহযোগিতাৰ লাভ ৰাজস্থানে পাই আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰসংগই হওক, নতুন ৰে’লপথ নিৰ্মাণৰ প্ৰসংগই হওক, ‘চিটী গেছ’ বিতৰণেই হওক, বহু সংখ্যক প্ৰকল্পৰ কাম দ্ৰুতগতিৰে অব্যাহত আছে। দেশৰ ৰে’লসেৱাৰ ৰূপান্তৰ সাধনৰ উদ্দেশ্যে নিৰ্মাণ কৰি থকা ‘ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’-ৰো বহু ডাঙৰ অংশ এটা ৰাজস্থান আৰু গুজৰাটত পৰিছে। ইয়াৰ কামেও নতুন কৰ্মসংস্থানৰ অনেক সুযোগ উলিয়াই দিছে। ভাই-ভনীসকল, ৰাজস্থানৰ সামৰ্থ্যই সমগ্ৰ দেশকে প্ৰেৰণা দি আহিছে। আমি ৰাজস্থানৰ সামৰ্থ্য আৰু অধিক পৰিসৰলৈ বিস্তাৰিত কৰিব লাগিব। এয়া আমাৰ সকলোৰে প্ৰয়াসৰেহে সম্ভৱ হ’ব। স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত আমি ‘সকলোৰে প্ৰয়াস’-ৰ মন্ত্ৰ আওৰাই আৰু অধিক শক্তিৰে আগবাঢ়ি যাব লাগিব। ভাৰতৰ স্বাধীনতাৰ এই অমৃতকাল ৰাজস্থানৰ বিকাশৰো স্বৰ্ণিম কাল হিচাপে পৰিগণিত হওক, আমিও এই শুভকামনাকে কৰিছো। আৰু মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনি আছিলো, তেওঁ কামৰ এখন দীঘলীয়া সূচী দাঙি ধৰিছিল। তেওঁ মোৰ ওপৰত ইমানকৈ ভৰসা কৰাৰ বাবে মই ৰাজস্থানৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু, গণতন্ত্ৰৰ এয়াই দৰাচলতে বৃহত্ শক্তি। তেখেতৰ ৰাজনৈতিক বিচাৰধাৰা বেলেগ, দল বেলেগ, মোৰ ৰাজনৈতিক বিচাৰধাৰা বেলেগ, পাৰ্টী বেলেগ, কিন্তু অশোকজীয়ে মোৰ ওপৰত যি ভৰসা ব্যক্ত কৰিছে, তাৰ বাবেই তেওঁ আজি হৃদয় উজাৰি বহুখিনি কথা কটব পাৰিছে। এই বন্ধুত্ব, এই বিশ্বাস, এই ভৰসাইতো গণতন্ত্ৰৰ পৰম শক্তি! মই পুনৰবাৰ ৰাজস্থানৰ ৰাইজক আন্তৰিকতাৰে অভিনন্দন জনাইছো।

বন্ধুসকল,

ৰাজস্থানৰ বিকাশে ভাৰতৰ বিকাশ যাত্ৰাত গতি প্ৰদান কৰিব। যেতিয়া ৰজস্থানৰ লোকসকলৰ দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ অৱস্থা উন্নত হয়, তেওঁলোকৰ ‘ইজ অৱ লিভিং’ বাঢ়ে, সেই কথাই মোকো সন্তুষ্টি প্ৰদান কৰে। যোৱা ৬-৭টা বছৰত কেন্দ্ৰৰ আবাস যোজনসমূহৰ মাধ্যমৰে ৰাজস্থানৰ দুখীয়া ৰাইজৰ বাবে ১৩লাখৰো অধিক পকীঘৰ নিৰ্মাণ কৰা হৈছিল।  ‘প্ৰধানমন্ত্ৰী কিষাণ নিধি’ৰ জৰিয়তে ৰাজস্থানৰ ৭৪লাখৰো অধিক কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ প্ৰায় ১১হাজাৰ কোটি টকা প্ৰত্যক্ষ ভাবে হস্তান্তৰিত কৰা হৈছে। ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলক ১৫হাজাৰ কোটি টকাৰো অধিক বীমা সুৰক্ষাও প্ৰদান কৰা হৈছে। বন্ধুসকল, সীমান্তবৰ্তী ৰাজ্য হোৱাৰ বাবেই সংযোগ আৰু সীমান্ত এলেকা উন্নয়ণৰ অগ্ৰাধিকাৰ ভিত্তিক সহযোগিতাৰ লাভ ৰাজস্থানে পাই আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰসংগই হওক, নতুন ৰে’লপথ নিৰ্মাণৰ প্ৰসংগই হওক, ‘চিটী গেছ’ বিতৰণেই হওক, বহু সংখ্যক প্ৰকল্পৰ কাম দ্ৰুতগতিৰে অব্যাহত আছে। দেশৰ ৰে’লসেৱাৰ ৰূপান্তৰ সাধনৰ উদ্দেশ্যে নিৰ্মাণ কৰি থকা ‘ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’-ৰো বহু ডাঙৰ অংশ এটা ৰাজস্থান আৰু গুজৰাটত পৰিছে। ইয়াৰ কামেও নতুন কৰ্মসংস্থানৰ অনেক সুযোগ উলিয়াই দিছে। ভাই-ভনীসকল, ৰাজস্থানৰ সামৰ্থ্যই সমগ্ৰ দেশকে প্ৰেৰণা দি আহিছে। আমি ৰাজস্থানৰ সামৰ্থ্য আৰু অধিক পৰিসৰলৈ বিস্তাৰিত কৰিব লাগিব। এয়া আমাৰ সকলোৰে প্ৰয়াসৰেহে সম্ভৱ হ’ব। স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত আমি ‘সকলোৰে প্ৰয়াস’-ৰ মন্ত্ৰ আওৰাই আৰু অধিক শক্তিৰে আগবাঢ়ি যাব লাগিব। ভাৰতৰ স্বাধীনতাৰ এই অমৃতকাল ৰাজস্থানৰ বিকাশৰো স্বৰ্ণিম কাল হিচাপে পৰিগণিত হওক, আমিও এই শুভকামনাকে কৰিছো। আৰু মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনি আছিলো, তেওঁ কামৰ এখন দীঘলীয়া সূচী দাঙি ধৰিছিল। তেওঁ মোৰ ওপৰত ইমানকৈ ভৰসা কৰাৰ বাবে মই ৰাজস্থানৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু, গণতন্ত্ৰৰ এয়াই দৰাচলতে বৃহত্ শক্তি। তেখেতৰ ৰাজনৈতিক বিচাৰধাৰা বেলেগ, দল বেলেগ, মোৰ ৰাজনৈতিক বিচাৰধাৰা বেলেগ, পাৰ্টী বেলেগ, কিন্তু অশোকজীয়ে মোৰ ওপৰত যি ভৰসা ব্যক্ত কৰিছে, তাৰ বাবেই তেওঁ আজি হৃদয় উজাৰি বহুখিনি কথা কটব পাৰিছে। এই বন্ধুত্ব, এই বিশ্বাস, এই ভৰসাইতো গণতন্ত্ৰৰ পৰম শক্তি! মই পুনৰবাৰ ৰাজস্থানৰ ৰাইজক আন্তৰিকতাৰে অভিনন্দন জনাইছো।

বহুত বহুত অভিনন্দন!

ধন্যবাদ!    

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”