মই নিজকে ধন্য অনুভৱ কৰিছো যে আজি ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰিব পাৰিলোঁ: প্ৰধানমন্ত্ৰী
ৰামেশ্বৰম সংযোগী নতুন পাম্বন দলংখনে প্ৰযুক্তি আৰু পৰম্পৰাক একত্ৰিত কৰিছে: প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশতে বিশাল প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ বিকাশ আমাৰ নীলা অৰ্থনীতিৰ দ্বাৰা যথেষ্ট পৰিচালিত হ’ব আৰু বিশ্বই এই ক্ষেত্ৰত তামিলনাডুৰ শক্তি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’বঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে তামিল ভাষা আৰু ঐতিহ্য যাতে বিশ্বৰ প্ৰতিটো কোণলৈ যায় তাৰ বাবে অহৰহ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী

বনক্কম!

মোৰ মৰমৰ তামিল ভাই-ভনীসকল!

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী আৰু ড° এল মুৰুগন জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, অন্যান্য বিশিষ্ট অতিথি আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

নমস্কাৰ!

বন্ধুসকল,

আজি ৰাম নৱমীৰ পবিত্ৰ উৎসৱ। কিছু সময়ৰ আগতে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত ৰাম লাল্লাক মহিমাময় তিলকেৰে শোভা বঢ়াইছিল সূৰ্য্যৰ ঐশ্বৰিক ৰশ্মিয়ে। ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজ্যৰ পৰা আহৰণ কৰা সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক বৃহৎ ভেটি হিচাপে কাম কৰে। আৰু আজি ৰাম নৱমীৰ দিনা আমি সকলোৱে মিলি আহক সকলোৱে কও-

জয় শ্ৰী ৰাম!

জয় শ্ৰী ৰাম!

জয় শ্ৰী ৰাম!

তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো আনকি শ্ৰীৰামৰ উল্লেখ আছে। এই পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা মোৰ প্ৰিয় দেশবাসীলৈ মোৰ আন্তৰিক ৰাম নৱমী শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

আজি মই ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ পাই বুলি নিজকে ধন্য অনুভৱ কৰিছো। এই বিশেষ দিনটোত আঠ হাজাৰ তিনিশ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প গতাই দিয়াৰ সুযোগ পালোঁ। এই ৰে’ল আৰু পথ প্ৰকল্পসমূহে তামিলনাডুৰ সংযোগ বৃদ্ধি কৰিব। এই প্ৰকল্পসমূহৰ বাবে তামিলনাডুৰ মোৰ ভাই-ভনীসকলক অভিনন্দন জনাইছো।

 

বন্ধুসকল,

এইখন ভাৰতৰত্ন ড° কালামৰ ভূমি। তেওঁৰ জীৱনে আমাক দেখুৱাই দিলে যে বিজ্ঞান আৰু আধ্যাত্মিকতাই ইটো সিটোৰ পৰিপূৰক। একেদৰে ৰামেশ্বৰলৈ নতুন পাম্বন দলংখনে প্ৰযুক্তি আৰু পৰম্পৰাক একত্ৰিত কৰিছে। হাজাৰ হাজাৰ বছৰ পুৰণি এখন চহৰক একবিংশ শতিকাৰ অভিযান্ত্ৰিক আশ্চৰ্য্যৰ দ্বাৰা সংযোগ কৰা হৈছে। আমাৰ অভিযন্তা আৰু শ্ৰমিকসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জনাইছো। এই দলং ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন ৰে’লৱে সাগৰীয় দলং। ইয়াৰ তলেৰে ডাঙৰ ডাঙৰ জাহাজ চলাচল কৰিব পাৰিব। ইয়াত ৰে’লসমূহেও অধিক বেগেৰে যাত্ৰা কৰিব পাৰিব। মই মাত্ৰ অলপ আগতে নতুন ৰে’ল সেৱা আৰু লগতে এখন জাহাজৰ ফ্লেগ অফ কৰিলোঁ। আকৌ এবাৰ তামিলনাডুবাসীক এই প্ৰকল্পৰ বাবে অভিনন্দন জনাইছো।

বন্ধুসকল, বহু দশক ধৰি এই দলঙৰ চাহিদা আছিল। আপোনালোকৰ আশীৰ্বাদত আমি এই কাম সম্পূৰ্ণ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। পাম্বন দলঙে ব্যৱসায়ৰ সহজতা আৰু ভ্ৰমণৰ সহজতা দুয়োটাকে সমৰ্থন কৰে। ইয়াৰ ফলত লাখ লাখ মানুহৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব। নতুন ৰে’ল সেৱাৰ জৰিয়তে ৰামেশ্বৰমৰ পৰা চেন্নাইৰ লগতে দেশৰ অন্যান্য প্ৰান্তলৈ সংযোগ উন্নত হ’ব। ইয়াৰ দ্বাৰা তামিলনাডুৰ বাণিজ্য আৰু পৰ্যটন দুয়োটা দিশতে লাভৱান হ’ব। যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰি আৰু ব্যৱসায়ৰ সুযোগো সৃষ্টি কৰা হ’ব।

বন্ধুসকল,

বিগত ১০ বছৰত ভাৰতে অৰ্থনীতিৰ আকাৰ দুগুণ বৃদ্ধি কৰিছে। এই দ্ৰুত বৃদ্ধিৰ এটা প্ৰধান কাৰণ হৈছে আমাৰ বিশ্বমানৰ আধুনিক আন্তঃগাঁথনি। যোৱা দশকত আমি ৰে’লৱে, পথ, বিমানবন্দৰ, বন্দৰ, বিদ্যুৎ, পানী, গেছ পাইপলাইনৰ বাজেট প্ৰায় ছয়গুণ বৃদ্ধি কৰিছো। আজি দেশত বৃহৎ প্ৰকল্পৰ কামৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি দেখা গৈছে। উত্তৰ দিশলৈ চালে চেনাব নৈত বিশ্বৰ অন্যতম ওখ ৰে’ল দলং জম্মু আৰু কাশ্মীৰত নিৰ্মাণ কৰা হৈছে। পশ্চিমত মুম্বাইত নিৰ্মাণ কৰা হৈছে ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং অটল সেতু। পূব দিশত অসমৰ বগীবিল দলং এখন উল্লেখযোগ্য হিচাপে থিয় দিছে। আৰু দক্ষিণত বিশ্বৰ কেইখনমান উলম্ব উত্তোলন দলঙৰ ভিতৰত অন্যতম পাম্বন দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে। একেদৰে ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰো গঢ়ি তোলা হৈছে। দেশৰ প্ৰথমখন বুলেট ট্ৰেইনৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। বন্দে ভাৰত, অমৃত ভাৰত, নমো ভাৰতৰ দৰে আধুনিক ৰে’লে ৰে’ল নেটৱৰ্কক আৰু অধিক উন্নত কৰি তুলিছে।

বন্ধুসকল,

ভাৰতৰ প্ৰতিটো অঞ্চল যেতিয়া সু-সংলগ্ন হয়, তেতিয়া উন্নত দেশ হোৱাৰ পথটো অধিক শক্তিশালী হৈ উঠে। বিশ্বৰ প্ৰতিটো উন্নত ৰাষ্ট্ৰ আৰু প্ৰতিটো উন্নত অঞ্চলত ঠিক এনেকুৱাই হৈছে। আজি ভাৰতৰ প্ৰতিখন ৰাজ্যৰ আন্তঃসংযোগ অধিক হোৱাৰ লগে লগে সমগ্ৰ দেশৰ প্ৰকৃত সম্ভাৱনা মুকলি হৈ পৰিছে। এই অগ্ৰগতিৰ ফলত আমাৰ তামিলনাডুকে ধৰি দেশৰ প্ৰতিটো অঞ্চলেই উপকৃত হৈছে।

 

বন্ধুসকল,

বিকশিত ভাৰত (উন্নত ভাৰত) অভিমুখে যাত্ৰাত তামিলনাডুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। মোৰ দৃঢ় বিশ্বাস যে তামিলনাডু যিমানেই শক্তিশালী হ’ব সিমানেই ভাৰতৰ বৃদ্ধি দ্ৰুত হ’ব৷ বিগত দশকত কেন্দ্ৰীয় চৰকাৰৰ পৰা তামিলনাডুলৈ আবণ্টিত ধন ২০১৪ চনৰ আগৰ তুলনাত তিনিগুণ বেছি হৈছে। মোদী চৰকাৰে তামিলনাডুক যি ধন আগবঢ়াইছে সেয়া ক্ষমতাত থকা সময়ত ইণ্ডি মিত্ৰজোঁটৰ তুলনাত তিনিগুণ বেছি আৰু ডি এম কে সেই চৰকাৰৰ অংশ আছিল। ইয়াৰ ফলত তামিলনাডুৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশ বহু পৰিমাণে বৃদ্ধি পাইছে।

বন্ধুসকল,

তামিলনাডুৰ আন্তঃগাঁথনি ভাৰত চৰকাৰৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ। বিগত দশকত তামিলনাডুৰ বাবে ৰে’ল বাজেট সাতগুণতকৈও অধিক বৃদ্ধি কৰা হৈছে। তথাপিও কিছুমান মানুহৰ অকাৰণতে অভিযোগ কৰাৰ অভ্যাস আছে—সকলো কথাতে কান্দি থাকে। ২০১৪ চনৰ আগতে তামিলনাডুৰ ৰে’ল প্ৰকল্পৰ বাবে বাৰ্ষিক আবণ্টন আছিল মাত্ৰ ৯০০ কোটি টকা। আৰু সেই সময়ত ইণ্ডি এলায়েন্সৰ দায়িত্ব কোন আছিল আপোনালোক সকলোৱে জানে। কিন্তু এইবাৰ তামিলনাডুৰ ৰে’ল বাজেট অতিক্ৰম কৰিলে ৬ হাজাৰ কোটি টকা। ভাৰত চৰকাৰে ৰামেশ্বৰম ষ্টেচনকে ধৰি সমগ্ৰ ৰাজ্যৰ ৭৭টা ৰে’ল ষ্টেচনকো আধুনিকীকৰণ কৰি আছে।

বন্ধুসকল,

বিগত দহ বছৰত প্ৰধানমন্ত্ৰী গ্ৰাম সদক যোজনাৰ অধীনত গ্ৰাম্য পথ আৰু ঘাইপথত প্ৰচণ্ড অগ্ৰগতি লাভ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সহায়ত ২০১৪ চনৰ পৰা তামিলনাডুত ৪ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। চেন্নাই বন্দৰ সংযোগী উচ্চ কৰিড’ৰ আধুনিক আন্তঃগাঁথনিৰ আশ্চৰ্য্য হ’ব। আজি প্ৰায় ৮ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু শুভাৰম্ভ কৰা হৈছে। এই প্ৰকল্পসমূহে তামিলনাডুৰ বিভিন্ন জিলাৰ সংযোগ বৃদ্ধি কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ সৈতেও সংযোগ শক্তিশালী কৰিব।

বন্ধুসকল,

চেন্নাই মেট্ৰ’ৰ দৰে আধুনিক ৰাজহুৱা পৰিবহণ ব্যৱস্থাই তামিলনাডুত যাতায়তৰ সহজতা বৃদ্ধি কৰিছে। আমি মনত ৰাখিব লাগিব যে যেতিয়া ইমানবোৰ আন্তঃগাঁথনি প্ৰকল্প বিকশিত কৰা হয়, তেতিয়া ইয়াৰ দ্বাৰা একাধিক খণ্ডত নতুন চাকৰিৰ সৃষ্টিও হয়। এই প্ৰকল্পসমূহে আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ মুকলি কৰে।

 

বন্ধুসকল,

বিগত দশকত ভাৰতে সামাজিক আন্তঃগাঁথনিত অভিলেখ বিনিয়োগ কৰিছে। মই সুখী যে তামিলনাডুৰ লাখ লাখ দৰিদ্ৰ পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হৈছে। যোৱা ১০ বছৰত সমগ্ৰ দেশতে দৰিদ্ৰ পৰিয়ালসমূহক ৪ কোটিৰো অধিক পকী (স্থায়ী) ঘৰৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তামিলনাডুত মোৰ দৰিদ্ৰ পৰিয়ালক ১২ লাখৰো অধিক পকী ঘৰ দিয়া হৈছে। বিগত ১০ বছৰত প্ৰায় ১২ কোটি গ্ৰাম্য পৰিয়ালে প্ৰথমবাৰৰ বাবে পাইপ পানীৰ সংযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত মোৰ তামিলনাডুৰ ১ কোটি ১১ লাখ পৰিয়াল। প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ঘৰত উপস্থিত হৈছে নলৰ পানী। ইয়াৰ ফলত তামিলনাডুৰ মাতৃ আৰু ভগ্নী সকলৰ বাবে এক বৃহৎ সকাহ হৈছে।

বন্ধুসকল,

আমাৰ নাগৰিকসকলক মানসম্পন্ন আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰাটো আমাৰ চৰকাৰৰ এক প্ৰতিশ্ৰুতি। আয়ুষ্মান ভাৰত যোজনাৰ প্ৰভাৱ চাওকচোন—এই আঁচনিৰ অধীনত ইতিমধ্যে তামিলনাডুত ১ কোটিৰো অধিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত তামিলনাডুৰ পৰিয়ালসমূহৰ বাবে ৮ হাজাৰ কোটি টকা সঞ্চয় হৈছে—যি ধন অন্যথা তেওঁলোকৰ পকেটৰ পৰা খৰচ হ’লহেঁতেন৷ ৮ হাজাৰ কোটি টকা মোৰ তামিলনাডু ভাই-ভনীৰ পকেটত থকাটো এক বৃহৎ পৰিসংখ্যা। তামিলনাডুতো ১৪০০ৰো অধিক জন ঔষধি কেন্দ্ৰ আছে, য’ত ৮০% ৰেহাইত ঔষধ উপলব্ধ। এই সুলভ মূল্যৰ ঔষধৰ বাবেই তামিলনাডুৰ মোৰ ভাই-ভনীসকলে স্বাস্থ্যসেৱাৰ খৰচত ৭০০ কোটি টকা সঞ্চয় কৰিছে। সেইবাবেই মই মোৰ তামিলনাডুৰ ভাই-ভনীসকলক আহ্বান জনাইছো—যদি ঔষধ কিনিব লাগে তেন্তে সদায় জন ঔষধি কেন্দ্ৰলৈ যাওক। ইয়াত আন ঠাইত এটকা দাম হোৱা ঔষধ মাত্ৰ ২০, ২৫, ৩০ পইচাত ক্ৰয় কৰিব পাৰি।

বন্ধুসকল,

আমাৰ লক্ষ্য হৈছে ভাৰতীয় যুৱক-যুৱতীসকলে যাতে চিকিৎসক হ’বলৈ আৰু বহিঃৰাজ্যলৈ যাব নালাগে। বিগত কিছু বছৰত তামিলনাডুৱে লাভ কৰিছে ১১খন নতুন চিকিৎসা মহাবিদ্যালয়।

বন্ধুসকল,

সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যই আঞ্চলিক ভাষাত চিকিৎসা শিক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া ইংৰাজী নপঢ়া দুখীয়া মাতৃৰ সন্তানেও ডাক্তৰ হ’ব পাৰিব। মই তামিলনাডু চৰকাৰক আহ্বান জনাইছো যে তামিল ভাষাত চিকিৎসা পাঠ্যক্ৰম আৰম্ভ কৰক, যাতে অভাৱগ্ৰস্ত পৰিয়ালৰ শিশুৱেও চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিব পাৰে।

 

বন্ধুসকল,

কৰদাতাৰ প্ৰতিটো টকাই যাতে দৰিদ্ৰ নাগৰিককো উপকৃত হয় তাৰ সুনিশ্চিত কৰাটোৱেই হৈছে সুশাসনৰ সাৰমৰ্ম। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত তামিলনাডুৰ ক্ষুদ্ৰ কৃষকে লাভ কৰিছে প্ৰায় ১২ হাজাৰ কোটি টকা। তদুপৰি তামিলনাডুৰ কৃষকসকলেও প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ১৪,৮০০ কোটি টকা দাবী লাভ কৰিছে।

বন্ধুসকল,

ভাৰতৰ বিকাশ আমাৰ নীলা অৰ্থনীতিৰ দ্বাৰা যথেষ্ট পৰিচালিত হ’, আৰু এই খণ্ডত তামিলনাডুৰ শক্তি বিশ্বই প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব পাৰে। তামিলনাডুৰ মাছমৰীয়া সমাজখন অবিশ্বাস্যভাৱে কঠোৰ পৰিশ্ৰমী। তামিলনাডুৰ মীন আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক সম্পূৰ্ণ সহায় আগবঢ়াইছে। বিগত পাঁচ বছৰত তামিলনাডুৱে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত শ শ কোটি টকা লাভ কৰিছে। আমি নিশ্চিত কৰিব বিচাৰো যে মাছমৰীয়াসকলে সৰ্বাধিক আৰু আধুনিক সুবিধা লাভ কৰে। সাগৰীয় শাক-পাচলি উদ্যান হওক, মাছ ধৰা বন্দৰ হওক, অৱতৰণ কেন্দ্ৰ হওক, কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা বিনিয়োগ কৰিছে। আপোনাৰ সুৰক্ষা আৰু সুৰক্ষাৰ প্ৰতিও আমি গভীৰভাৱে যত্ন লওঁ। সংকটৰ সময়ত মাছমৰীয়াৰ সৈতে দৃঢ়তাৰে থিয় দিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত ১০ বছৰত শ্ৰীলংকাৰ পৰা ৩৭০০ৰো অধিক মাছমৰীয়াক নিৰাপদে ঘূৰাই অনা হৈছে। ইয়াৰে মাত্ৰ যোৱা এটা বছৰতে ৬০০ৰো অধিক মাছমৰীয়াক মুকলি কৰি দিয়া হৈছে। আপোনাৰ হয়তো মনত আছে যে আমাৰ কিছুমান মাছমৰীয়াক মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছিল। কিন্তু আমি অক্লান্ত পৰিশ্ৰম কৰি তেওঁলোকক জীৱিত অৱস্থাত ঘূৰাই আনি তেওঁলোকৰ পৰিয়ালৰ সৈতে ভাৰতত পুনৰ মিলিত হ’লোঁ।

 

বন্ধুসকল,

আজি ভাৰতৰ প্ৰতি বিশ্বৰ মোহ বাঢ়িছে। মানুহে ভাৰতক পূৰ্বতকৈ বেছি জানিব আৰু বুজিব বিচাৰে। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে আমাৰ চহকী সংস্কৃতি আৰু কোমল শক্তি। তামিল ভাষা আৰু ঐতিহ্য যাতে বিশ্বৰ চুকে-কোণে বিয়পি পৰে তাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। কেতিয়াবা, তামিলনাডুৰ কিছুমান নেতাৰ পৰা চিঠি পালে আচৰিত হওঁ—এজনো নেতাৰ নাম তামিল ভাষাত চহী কৰা নাই! তামিল গৌৰৱৰ বিষয় আৰু এই গৌৰৱময় ভাষাটোক সন্মান জনোৱাৰ বাবে সকলোকে অন্ততঃ তামিল ভাষাত নিজৰ নাম চহী কৰিবলৈ আহ্বান জনাইছো। মোৰ দৃঢ় বিশ্বাস যে একবিংশ শতিকাত আমি এই মহান পৰম্পৰাক আগুৱাই নিব লাগিব। ৰামেশ্বৰম আৰু তামিলনাডুৰ পবিত্ৰ ভূমিয়ে আমাক অনুপ্ৰাণিত আৰু শক্তিশালী কৰি ৰাখিব বুলি মোৰ কোনো সন্দেহ নাই। আৰু আজিৰ আচৰিত কাকতলীয়া ঘটনাটো চাওকচোন। ৰাম নৱমীৰ পবিত্ৰ অনুষ্ঠান। আমি আছো ৰামেশ্বৰমৰ পবিত্ৰ ভূমিত। আজি নতুন পাম্বন দলং উদ্বোধন কৰা হৈছে। এশ বছৰ আগতে গুজৰাটত জন্মগ্ৰহণ কৰা এজন ব্যক্তিয়ে পুৰণি পাম্বন দলং নিৰ্মাণ কৰিছিল। আৰু আজি ১০০ বছৰৰ পাছত নতুন পাম্বন দলংখন পুনৰ উদ্বোধন কৰিলে গুজৰাটত জন্মগ্ৰহণ কৰা কোনোবা এজনে।

 

 

বন্ধুসকল,

ৰাম নৱমীৰ এই পবিত্ৰ অনুষ্ঠানত আমি ৰামেশ্বৰমৰ পবিত্ৰ ভূমিত থিয় হৈ থকাৰ সময়ত গভীৰভাৱে আপ্লুত অনুভৱ কৰিছো। আজি ভাৰতীয় জনতা পাৰ্টিৰো প্ৰতিষ্ঠা দিৱস। আমি যি এক শক্তিশালী, সমৃদ্ধিশালী আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দিশত কাম কৰি আছো, সেই দৃষ্টিভংগী প্ৰতিজন বিজেপি কৰ্মীৰ অক্লান্ত প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত। তিনিৰ পৰা চাৰিটা প্ৰজন্মই ভাৰত মাতাৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে। মোৰ বাবে অতি গৌৰৱৰ বিষয় যে বিজেপিৰ আদৰ্শ আৰু লাখ লাখ বিজেপি কৰ্মকৰ্তা (কৰ্মী)ৰ কঠোৰ পৰিশ্ৰমে আজি আমাক দেশৰ সেৱা কৰাৰ সুযোগ দিছে। দেশৰ জনসাধাৰণে বিজেপি নেতৃত্বাধীন চৰকাৰৰ সুশাসন দেখিছে। জাতীয় স্বাৰ্থত লোৱা সাহসী সিদ্ধান্তৰ সাক্ষী, প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে। প্ৰতিখন ৰাজ্য, দেশৰ প্ৰতিটো কোণত বিজেপি কৰ্মীসকলে ৰাইজৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছে, মাটিত কাম কৰি দুখীয়াৰ সেৱা আগবঢ়াই আছে। তেওঁলোকৰ সমৰ্পণ দেখি মোৰ মনত অপৰিসীম গৌৰৱ পৰে। লাখ লাখ বিজেপি কৰ্মীৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আকৌ এবাৰ তামিলনাডুৰ এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো!

নন্দ্ৰি! বনক্কম! মীনডাম সন্ধিপোম!

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over the mishap at the Visakhapatnam Steel Plant
June 08, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed sadness over the mishap at the Visakhapatnam Steel Plant. The Prime Minister extended his condolences to those who have lost their loved ones and prayed that the injured recover at the earliest. He noted that the local authorities are providing all possible assistance to those affected.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The Prime Minister added that the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"Saddened by the mishap at the Visakhapatnam Steel Plant. Condolences to those who have lost their loved ones. Praying that the injured recover at the earliest. The local authorities are providing all possible assistance to those affected.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"