ডিজিটেলী সবল যুৱ সমাজে এই দশকক ‘ভাৰতৰ প্ৰযুক্তি’ ৰ অৰ্থে কৰি তুলিবঃ প্ৰধানমন্ত্ৰী
ডিজিটেল ইণ্ডিয়া হৈছে আত্মনিৰ্ভৰ ভাৰতৰ সাধনীঃ প্ৰধানমন্ত্ৰী
ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে দ্ৰুত লাভ, সম্পূৰ্ণ লাভ, ডিজিটেল ইণ্ডিয়াৰ অৰ্থ হৈছে ন্যূনতম চৰকাৰ, সৰ্বাধিক প্ৰশাসনঃ প্ৰধানমন্ত্ৰী
ক’ৰোনাৰ সময়ছোৱাত ভাৰতৰ ডিজিটেল সমাধানসমূহে বৈশ্বিক মনোযোগ আকৰ্ষণ কৰেঃ প্ৰধানমন্ত্ৰী
১০ কোটিৰো অধিক কৃষক পৰিয়ালৰ একাউন্টত ১.৩৫ লাখ কোটি টকা জমা হয়ঃ প্ৰধানমন্ত্ৰী
ডিজিটেল ইণ্ডিয়াই ওৱান নেশ্যন-ওৱান এমএছপিৰ উদ্দীপনা বাস্তৱায়িত কৰেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ,

 

কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ৰৱিশংকৰ প্ৰসাদ জী, শ্ৰী সঞ্জয় ধোত্ৰে জী, ডিজিটেল ইণ্ডিয়াৰ ভিন-ভিন initiativeৰ সৈতে জড়িত সকলো মোৰ বন্ধু, ভাই আৰু ভনীসকল! Digital India অভিযানৰ ৬টা বছৰ সম্পূৰ্ণ হোৱাত আপোনালোক সকলোকে বহুত-বহুত শুভকামনা!

 

আজিৰ দিনটো ভাৰতৰ সামৰ্থ্য, ভাৰতৰ সংকল্প আৰু ভৱিষ্যতৰ অসীম সম্ভাৱনাসমূহক সমৰ্পিত। আজিৰ দিনটোৱে আমাক এই কথা মনত পেলাই দিছে যে এখন ৰাষ্ট্ৰৰ ৰূপত, কেৱল ৫-৬ বছৰত আমি ডিজিটেল স্পেচত কিমান ওখ জাঁপ মাৰিলো।

 

বন্ধুসকল,

 

ভাৰতে ডিজিটেল পথত দ্ৰুত গতিত অগ্ৰসৰ হৈ প্ৰতিজন দেশবাসীৰ জীৱন সহজ কৰি তোলাৰ সপোন সমগ্ৰ দেশৰ। ইয়াক সম্পূৰ্ণ কৰাত আমি সকলোৱে দিনে-ৰাতিয়ে লাগি আছো। দেশত আজি এফালে নৱোন্মেষণৰ উচাহ আৰু আনফালে সেই নৱোন্মেষণক দ্ৰুত গতিত গ্ৰহণ কৰাৰ তৎপৰতাও আছে। সেয়ে, ডিজিটেল ইণ্ডিয়া, ভাৰতৰ সংকল্প। ডিজিটেল ইণ্ডিয়া আত্মনিৰ্ভৰ ভাৰতৰ সাধনা, ডিজিটেল ইণ্ডিয়া ২১ শতিকাত শক্তিশালী হোৱা ভাৰতৰ এক জয়ধ্বনি।

 

বন্ধুসকল,

 

Minimum Government – Maximum Governanceৰ সিদ্ধান্তৰ ওপৰত অগ্ৰসৰ হৈ, চৰকাৰ আৰু জনসাধাৰণৰ মাজত ছিষ্টেম আৰু সুবিধাৰ মাজত, সমস্যা আৰু ছাৰ্ভিচৰ মাজত gap কম কৰা, এইবিলাকৰ মাজত জটিলতা শেষ কৰা আৰু জনসাধাৰণৰ সুবিধা বঢ়োৱা, এয়া সময়ৰ দাবী আৰু সেয়ে Digital India সাধাৰণ নাগৰিকক সুবিধা প্ৰদান আৰু তেওঁলোকৰ Empowermentৰ এক বহুত ডাঙৰ মাধ্যম।

 

বন্ধুসকল,

 

Digital Indiaই এয়া কেনেকৈ সম্ভৱ কৰিলে, ইয়াৰ চমকপ্ৰদ উদাহৰণ হৈছে- ডিজি লকাৰ। স্কুলৰ চাৰ্টিফিকেট, কলেজৰ ডিগ্ৰী, ড্ৰাইভিং লাইচেন্স, পাছপ'ৰ্ট, আধাৰ বা অন্য দস্তাবেজবিলাক চম্ভালি ৰখাটো সদায় মানুহৰ বাবে বহুত ডাঙৰ চিন্তা হৈ আহিছে। কেইবাবাৰো বানত, ভূমিকম্পত, ছুনামিত, ক'ৰবাত জুই লগাৰ ফলত, মানুহৰ জৰুৰী পৰিচয় পত্ৰ নষ্ট হৈ যায়। কিন্তু এতিয়া ১০ম, ১২শ, কলেজ, ইউনিভাৰছিটীৰ মাৰ্কশ্বিটৰ পৰা আৰম্ভ কৰি আন সকলো দস্তাবেজ পোনপটীয়াকৈ ডিজি লকাৰত সহজ ৰূপত ৰাখিব পাৰি। এতিয়া কৰোণাৰ এই কালত কেইবাখনো চহৰৰ কলেজে এডমিশ্যনৰ বাবে স্কুল চাৰ্টিফিকেটৰ ভেৰিফিকেচন ডিজি-লকাৰৰ সহায়তে কৰি আছে।

বন্ধুসকল,

 

ড্ৰাইভিং লাইচেন্সেই হওক, বাৰ্থ চাৰ্টিফিকেট হওক, বিদ্যুতৰ বিল ভৰোৱা হওক, পানীৰ বিল ভৰোৱা হওক, ইনকাম টেক্স ৰিটাৰ্ন ভৰোৱা হওক, এনেকুৱা অনেক কামৰ বাবে এতিয়া প্ৰক্ৰিয়াবিলাক ডিজিটেল ইণ্ডিয়াৰ সহায়ত বহুত সহজ, বহুত খৰতকীয়া হৈছে। এতিয়া গাঁওসমূহত তো এই সকলো এতিয়া নিজৰ ঘৰৰ ওচৰত CSC চেণ্টাৰতো হৈ আছে। Digital Indiaই দুখীয়া মানুহে পাবলগীয়া ৰেছনৰ ডেলিভাৰীও সহজ কৰিছে। এয়া Digital Indiaৰেই শক্তি যে ৱান নেশ্যন, ৱান ৰেছন কাৰ্ডৰ সংকল্প সম্পূৰ্ণ হৈ আছে। এতিয়া বেলেগ ৰাজ্যলৈ গ'লে নতুন ৰেছন কাৰ্ড বনাব নালাগে। একেখন ৰেছন কাৰ্ড সমগ্ৰ দেশতে মান্য। ইয়াৰ সবাতোকৈ ডাঙৰ লাভ সেই শ্ৰমিক পৰিয়ালসমূহৰ হৈ আছে, যি কামৰ বাবে অন্য ৰাজ্যলৈ যায়। এতিয়া মোৰ এজন এনেকুৱাই বন্ধুৰ সৈতে কথাও হৈছে।

 

অলপতে মাননীয় সৰ্বোচ্চ ন্যায়ালয়েও ইয়াৰ সৈতে জড়িত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিছে। কিছুমান ৰাজ্য আছিল যি এই কথাটো মনা নাছিল। অৱশেষত ছুপ্ৰিম ক'ৰ্টে হুকুম কৰিছে যে যি ৰাজ্যসমূহে এতিয়ালৈকে ৱান নেশ্যন ৱান ৰেছন কাৰ্ডৰ কথাটো স্বীকাৰ কৰা নাই, তেওঁলোকে তুৰন্তে সেয়া বলৱৎ কৰক। হুকুম দিবলগীয়া হ'ল ছুপ্ৰিম ক'ৰ্টে। তেওঁলোককো এই যোজনা বলৱৎ কৰিবলৈ কোৱা হৈছে। মই এই সিদ্ধান্তৰ বাবে ছুপ্ৰিম ক'ৰ্টক অভিনন্দন জনাইছো, কিয়নো এয়া দুখীয়াসকলৰ বাবে, মজদুৰসকলৰ বাবে। নিজৰ স্থানৰ পৰা বাহিৰলৈ যি যাবলগীয়া হৈছে সেইসকলৰ বাবে। আৰু যদি সংবেদনশীলতা আছে তেন্তে এনেকুৱা কামে প্ৰাথমিকতা তুৰন্তে পায়।

 

বন্ধুসকল,

 

Digital Indiaই আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পক শক্তিশালীভাৱে আগবঢ়াই আছে। ডিজিটেল ইণ্ডিয়াই সেই লোকসকলকো ছিষ্টেমৰ সৈতে সংযোগ কৰি আছে, যি কেতিয়াও ইয়াৰ কল্পনাও কৰা নাছিল। এতিয়া কিছুসংখ্যক লাভাৰ্থীৰ সৈতে মই কথা হৈছো। তেওঁলোকে বহুত গৌৰৱ আৰু সন্তোষেৰে সৈতে কৈ আছিল যে ডিজিটেল সমাধানৰ জৰিয়তে কেনেকৈ তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিল।  

 

ঠেলাচালকসকলে কেতিয়া ভাবিছিল যে তেওঁলোক বেংকিং ছিষ্টেমৰ সৈতে সংযুক্ত হ'ব আৰু তেওঁলোকেও বেংকৰ পৰা সহজ আৰু সস্তাত ঋণ পাব। কিন্তু আজি স্বনিধি যোজনাৰ জৰিয়তে এয়া সম্ভৱ হৈ আছে। গাঁৱত ঘৰ আৰু মাটিৰ সৈতে জড়িত বিবাদ আৰু অসুৰক্ষাৰ খবৰো প্ৰায়ে শুনিবলৈ পোৱা গৈ আছে। কিন্তু এতিয়া স্বামীত্ব যোজনাৰ জৰিয়তে গাঁৱৰ মাটিক ড্ৰোন মেপিং কৰি থকা হৈছে। ডিজিটেল মাধ্যমত গাঁওবাসীয়ে নিজৰ ঘৰৰ কানুনী সুৰক্ষাৰ দস্তাবেজ পাই আছে। অনলাইন পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি ঔষধলৈকে যি প্লেটফৰ্ম বিকশিত কৰা হৈছে, তাৰ জৰিয়তে দেশৰ কোটি কোটি বন্ধু আজি লাভবান হৈ আছে।

 

বন্ধুসকল,

 

দূৰ সুদূৰলৈকে স্বাস্থ্য সুবিধাৱলী পৌঁছাই দিয়াৰ ক্ষেত্ৰতো ডিজিটেল ইণ্ডিয়াই বিশেষ ভূমিকা পালন কৰি আছে। কিছু সময়ৰ আগতে বিহাৰৰ বন্ধুৱে মোক কৈছে যে ই-সঞ্জীৱনীয়ে কেনেকৈ এই জটিল সময়ত ঘৰত বহি থাকিয়েই তেওঁৰ আইতাকৰ স্বাস্থ্য লাভৰ চিন্তা কৰিলে। সকলোৱে স্বাস্থ্য সুবিধা লাভ কৰক, সময়ত ভাল সুবিধা লাভ কৰক, এয়া আমাৰ প্ৰাথমিকতা। ইয়াৰ বাবে National Digital Health Missionৰ জৰিয়তে এখন প্ৰভাৱশালী প্লেটফৰ্মৰো কাম চলি আছে।

 

এই কৰোণা কালত যি Digital Solutions ভাৰতে প্ৰস্তুত কৰিছে, সেয়া আজি সমগ্ৰ পৃথিৱীৰে চৰ্চাৰো বিষয় আৰু আকৰ্ষণৰো বিষয়। পৃথিৱীৰ সবাতোকৈ ডাঙৰ ডিজিটেল  Contact Tracing Appৰ মাজৰ এটা, আৰোগ্য সেতুৰে কৰোণাৰ সংক্ৰমণক বাধা দিয়াত বহুত সহায় পোৱা গৈছে। টীকাকৰণৰ বাবে ভাৰতৰ COWIN appতো আজি অনেক দেশে আগ্ৰহ দেখুৱাই আছে। তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ দেশত এই যোজনাৰ লাভ পাওক। ভেকচিনেচনৰ প্ৰক্ৰিয়াৰ বাবে এনেকুৱা monitoring tool হোৱাটো আমাৰ প্ৰযুক্তিগত দক্ষতাৰ প্ৰমাণ।

বন্ধুসকল,

 

কোভিড কালতে আমি অনুভৱ কৰিলো যে ডিজিটেল ইণ্ডিয়াই আমাৰ কাম কিমান সৰল কৰি তুলিলে। আজি তো আমি দেখিছো যে কোনোবাই পাহাৰৰ পৰা, কোনোবাই গাঁৱত হোৱা হোম ষ্টেৰ পৰা নিজৰ কাম কৰি আছে। কল্পনা কৰক, এই ডিজিটেল কানেক্ট নোহোৱা হ'লে কৰোণা কালত কি স্থিতি হ'ল হেঁতেন? কিছু লোকে ডিজিটেল ইণ্ডিয়াৰ প্ৰয়াসক কেৱল দুখীয়াৰ সৈতে জড়িত কৰি চায়। কিন্তু এই অভিযানে মধ্যম শ্ৰেণী আৰু যুৱক-যুৱতীসকলৰ জীৱনো সলাই দিছে।

 

আৰু আমাৰ এই আজিকালি এই Millennials, যদি আজি এই সমগ্ৰ পৃথিৱী নহ'ল হেতেন, টেকনলজি নহ'ল হেঁতেন, তেন্তে তেওঁলোকৰ কি অৱস্থা হ'ল হেঁতেন? সস্তাত স্মাৰ্ট ফোন নোহোৱাকৈ, সস্তীয়া ইণ্টাৰনেট আৰু সস্তীয়া ডেটা অবিহনে, তেওঁলোকৰ Daily routineত আকাশ-পাতালৰ পাৰ্থক্য হ'ল হেঁতেন। সেয়ে মই কওঁ, Digital India মানেই সকলোকে সুযোগ, সকলোকে সুবিধা, সকলোৰে অংশগ্ৰহণ। ডিজিটেল ইণ্ডিয়া মানেই হৈছে চৰকাৰী তন্ত্ৰলৈকে সকলো গৈ পোৱা। Digital India মানেই পাৰদৰ্শী, ভেদভাব নথকা অৱস্থা আৰু ভ্ৰষ্টাচাৰৰ পৰা সকাহ। Digital India মানেই সময়, শ্ৰম আৰু ধনৰ ৰাহি। Digital India মানেই খৰতকীয়াকৈ লাভ, সম্পূৰ্ণ লাভ। Digital India মানেই মিনিমাম গভাৰ্ণমেণ্ট, মেক্সিমাম গভাৰ্ণেঞ্চ।

 

বন্ধুসকল,

 

Digital India অভিধানৰ এটা আৰু বিশেষ কথা হৈছে যে ইয়াত Infrastructureৰ Scale আৰু Speed, দুয়োটাৰ ওপৰত বহুত জোৰ দিয়া হৈছে। দেশৰ গাঁওসমূহত প্ৰায় আঢ়ৈ লাখ Common Service Centreয়ে ইণ্টাৰনেটক তাতো পোৱাই দিছে, য'ত এসময়ত ইয়াক বহুত জটিল বুলি ভবা হৈছিল। ভাৰত-নেট যোজনাৰ জৰিয়তে গাঁৱে গাঁৱে ব্ৰডবেণ্ড ইণ্টাৰনেট পোৱাবৰ বাবে মিছন মোডত কাম চলি আছে।

 

PM-WANI যোজনাৰ জৰিয়তে, দেশজুৰি এনেকুৱা Access points বনাই থকা হৈছে, য'ত কম দামত ব্ৰডবেণ্ড-WIFI-ইণ্টাৰনেট পাব পাৰি। ইয়াৰ ফলত বিশেষকৈ আমাৰ দুখীয়া পৰিয়ালৰ শিশুসকলে, যুৱ বন্ধুসকলে অনলাইন শিক্ষাৰ সুযোগ লাভ কৰাত সহায়ক হ'ব। এতিয়া প্ৰচেষ্টা এইটোও চলি আছে যে দেশত সস্তাত টেবলেট আৰু অন্য ডিজিটেল ডিভাইচ পাব পৰা হওক। ইয়াৰ বাবে দেশ আৰু দুনিয়াৰ ইলেকট্ৰনিক কোম্পানীসমূহক পিএলআই স্কিমৰ সুবিধা দিয়া হৈছে।

 

বন্ধুসকল,

 

আজি ভাৰতে যিমান শক্তিশালীভাৱে পৃথিৱীৰ অগ্ৰণী Digital Economiesৰ মাজৰ এটা হৈছে, সেয়া প্ৰতিজন ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয়। যোৱা ৬-৭ বছৰত বেলেগ বেলেগ যোজনাৰ জৰিয়তে প্ৰায় ১৭ লাখ কোটি টকা পোনপটীয়াকৈ মানুহৰ বেংকৰ খাতালৈ ট্ৰেন্সফাৰ কৰা হৈছে। কৰোণা কালত Digital India অভিযান দেশৰ কিমান কামত আহিছে, এয়াও আমি সকলোৱে দেখিছো। যি সময়ত ডাঙৰ ডাঙৰ সমৃদ্ধ দেশে লকডাউনৰ কাৰণে নিজৰ নাগৰিকলৈ সহায়তা ধন পঠিয়াব পৰা নাই, সেই সময়ত ভাৰতে কেইবা হাজাৰ কোটি টকা পোনপটীয়াকৈ মানুহৰ বেংকৰ খাতালৈ পঠিয়াই আছিল। কৰোণাৰ এই দেৰ বছৰতে ভাৰতে বিভিন্ন যোজনাৰ জৰিয়তে প্ৰায় ৭ লাখ কোটি টকা ডিবিটিৰ মাধ্যমত মানুহৰ বেংক একাউণ্টত দিছে। ভাৰতত আজি কেৱল BHIM UPIৰ জৰিয়তেই প্ৰতি মাহত প্ৰায় ৫ লাখ কোটি টকাৰ লেনদেন হয়।

বন্ধুসকল,

 

খেতিয়কসকলৰ জীৱনতো ডিজিটেল লেনদেনৰ জৰিয়তে অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। পিএম কিষান সন্মান নিধিৰ জৰিয়তে ১০ কোটিতকৈও অধিক কৃষক পৰিয়ালক ১ লাখ ৩৫ কোটি টকা পোনপটীয়াকৈ বেংক একাউণ্টত জমা কৰা হয়। ডিজিটেল ইণ্ডিয়া ই ৱান নেশ্যন ৱান এমএছপিৰ ভাবনাও সাকাৰ কৰিছে। এই বছৰ ঘেঁহুৰ ৰেকৰ্ড ক্ৰয়ৰ প্ৰায় ৮৫ হাজাৰ কোটি টকা পোনপটীয়াকৈ খেতিয়কৰ বেংক খাতাত সোমাইছে।

e-NAM প'ৰ্টেলৰ জৰিয়তেই এতিয়ালৈকে দেশৰ খেতিয়কে এক লাখ ৩৫ হাজাৰ কোটি টকাতকৈও অধিক লেনদেন কৰিছে।

 

বন্ধুসকল,

 

One Nation, One Card, অৰ্থাৎ দেশজুৰি ট্ৰেন্সপ'ৰ্ট আৰু অন্যান্য সুবিধাৱলীৰ বাবে পেমেণ্টৰ এটাই মাধ্যম, এটা বহুত ডাঙৰ সুবিধা সিদ্ধ হোৱাৰ পথত। Fastag অহাত সমগ্ৰ দেশতে ট্ৰেন্সপ'ৰ্ট সহজো হৈছে, সস্তাও হৈছে আৰু সময়ো ৰাহি হৈ আছে। এনেদৰে GSTৰ জৰিয়তে eWay Billsৰ ব্যৱস্থাৰ জৰিয়তে দেশত বেপাৰ-বাণিজ্যত সুবিধা আৰু পাৰদৰ্শিতা দুয়োটা সুনিশ্চিত হৈছে। কালিহে  জিএছটিৰ চাৰি বছৰ সম্পূৰ্ণ হৈছে। কৰোণা কাল সত্ত্বেও, যোৱা আঠ মাহ ধৰি একেৰাহে GST Revenue এক লাখ কোটি টকাৰ চিহ্ন অতিক্ৰম কৰিছে। আজি এক কোটি ২৮ লাখতকৈও অধিক ৰেজিষ্টাৰ্ড উদ্যমীয়ে ইয়াৰ মুনাফা লৈ আছে। একেদৰে, Govt e-Marketplace অৰ্থাৎ GeMৰ জৰিয়তে হোৱা চৰকাৰী ক্ৰয়ে পাৰদৰ্শিতা বঢ়াইছে, সৰুতকৈও সৰু বেপাৰীক সুযোগ দিছে।

 

বন্ধুসকল,

 

এই দশকটো ডিজিটেল টেকনলজিত ভাৰতৰ ক্ষমতাক, গ্ল'বেল ডিজিটেল ইকনমীত ভাৰতৰ অংশগ্ৰহণ বহুত বেছি বৃদ্ধি কৰিব। সেয়ে ডাঙৰ ডাঙৰ এক্সপাৰ্টে এই দশকটোক India’s Techadeৰ ৰূপত দেখা পাইছে। এটা অনুমান কৰিছে যে অহা কেইটামান বছৰৰ ভিতৰত ভাৰতৰ কেইবা ডৰ্জন টেকনলজি কোম্পানী ইউনিকৰ্ণ ক্লাবত অন্তৰ্ভুক্ত হ'ব। ই দেখুৱাইছে যে ডেটা আৰু ডেমগ্ৰাফিক ডিভিডেণ্ডৰ সামূহিক শক্তিয়ে কিমান ডাঙৰ সুবিধা আমাৰ সন্মুখলৈ লৈ আহিছে।

 

বন্ধুসকল,

 

5G টেকনলজিয়ে সমগ্ৰ পৃথিৱীত জীৱনৰ প্ৰতিটো পদক্ষেপত ডাঙৰ পৰিৱৰ্তন সাধন কৰিব। ভাৰতো ইয়াৰ বাবে প্ৰস্তুতিত লাগি আছে। আজি যি সময়ত পৃথিৱীৰ ইণ্ডাষ্ট্ৰীয়ে ৪.০ৰ কথা কৈ আছে, সেই সময়ত ভাৰত ইয়াৰ এটা ডাঙৰ ভাগিদাৰৰ ৰূপত উপস্থিত আছে। ডেটা পাৱাৰ-হাউছৰ ৰূপতো নিজৰ দায়িত্ব ভাৰতে উপলব্ধি কৰে। সেয়ে Data protectionৰ বাবেও সকলো আৱশ্যকীয় ব্যৱস্থাৰ ওপৰত নিৰন্তৰ কাম চলি আছে। কেইদিনমানৰ আগতেই চাইবাৰ ছিকিউৰিটীৰ সৈতে জড়িত ইণ্টাৰনেচনেল ৰেংকিং আহিছে। ১৮০খনতকৈ অধিক দেশৰ ITU-Global Cyber Security Indexত ভাৰত পৃথিৱীৰ টপ-১০ দেশৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। এবছৰৰ আগলৈকে আমি ইয়াত ৪৭তম স্থানত আছিলো।

 

বন্ধুসকল,

 

মোৰ ভাৰতৰ যুৱক-যুৱতীসকলৰ ওপৰত, তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মই বিশ্বাস কৰো যে আমাৰ যুৱক-যুৱতীসকলে Digital Empowermentক নতুন উচ্চতাত অৱতীৰ্ণ কৰাবই। আমি লগলাগি প্ৰয়াস কৰি থাকিব লাগিব। আমি এই Decadeক India’s Techade বনোৱাত সফল হ'ম, এই কামনাৰে আপোনালোক সকলোকে পুনৰ মোৰ বহুত বহুত শুভকামনা!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s visit to Indonesia, Australia and New Zealand
July 03, 2026

At the invitation of the President of the Republic of Indonesia, H.E. Mr. Prabowo Subianto, Prime Minister Shri Narendra Modi will pay a visit to Indonesia from 6-8 July, 2026. This will be Prime Minister’s fourth visit to Indonesia and his first bilateral visit since the elevation of India-Indonesia ties to the level of Comprehensive Strategic Partnership in May 2018. During the visit, Prime Minister will hold bilateral discussions with President Prabowo and review the progress made in the partnership. In Jakarta, Prime Minister will address a large gathering of the Indian Diaspora. India and Indonesia share historical and warm people-to-people ties. In keeping with these special bonds, Prime Minister will visit the Prambanan Temple complex at Yogyakarta, a prominent UNESCO world heritage site in Indonesia.

From Indonesia, at the invitation of the Prime Minister of Australia, the Honourable Anthony Albanese MP, Prime Minister will travel to Melbourne from 8-10 July, 2026. In Melbourne, Prime Minister will hold bilateral discussions with Prime Minister Albanese. He will also call on the Governor General of Australia, the Honourable Ms Sam Mostyn AC. During his visit, Prime Minister will also participate in the India-Australia CEOs Forum, where he will address a gathering of top business leaders from both countries. Prime Minister will also address a large gathering of the Indian Diaspora, who constitute a strong pillar of the India-Australia relationship.

From Melbourne, at the invitation of the Prime Minister of New Zealand, Rt Honourable Christopher Luxon, Prime Minister will travel to Auckland for a state visit from 10-11 July, 2026. This will be the first state visit of an Indian Prime Minister to New Zealand in four decades. In Auckland, Prime Minister will hold bilateral discussions with Prime Minister Luxon and review the entire gamut of the bilateral relationship, which has seen significant progress in the last two years, especially in the areas of trade and commerce and defence. While in Auckland, Prime Minister will also interact with prominent business and sports personalities. In a reflection of the strong people-to-people ties that exist between India and New Zealand, Prime Minister will address a large gathering of the Indian Diaspora during the visit.