মুকলি কৰিলে স্মৃতিচাৰণ ডাক ডাকটিকট ‘সুৰক্ষিত জায়েন, প্ৰশিক্ষিত জায়েন’
প্ৰথমবাৰৰ বাবে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ-ভাৰতীয় স্বাধীনতা সংগ্ৰামত প্ৰব্ৰজনকাৰীৰ অৱদান’ শীৰ্ষক ডিজিটেল পিবিডি প্ৰদৰ্শনী উদ্বোধন
“ইন্দোৰ এখন চহৰৰ লগতে এটা পৰ্যায়ও। নিজৰ ঐতিহ্য সংৰক্ষণ কৰি সময়ৰ আগত খোজ দিয়া এটা পৰ্যায়”
“‘অমৃত কাল’ত ভাৰতৰ যাত্ৰাত আমাৰ প্ৰবাসী ভাৰতীয়সকলৰ এক উল্লেখযোগ্য স্থান আছে”
“অমৃত কালৰ সময়ত প্ৰবাসী ভাৰতীয়সকলে ভাৰতৰ অনন্য বিশ্বদৃষ্টিভংগী আৰু বিশ্বব্যৱস্থাত ইয়াৰ ভূমিকাক শক্তিশালী কৰিব”
“প্ৰবাসী ভাৰতীয়সকলৰ মাজত আমি বসুধৈৱ কুটুম্বকম আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অসংখ্য প্ৰতিমূৰ্তি দেখিবলৈ পাওঁ”
“প্ৰবাসী ভাৰতীয়ই শক্তিশালী আৰু সক্ষম ভাৰতৰ কণ্ঠ প্ৰতিধ্বনিত কৰে”
“জি-২০ কেৱল কূটনৈতিক অনুষ্ঠান নহয়, বৰঞ্চ ইয়াক জনসাধাৰণৰ অংশগ্ৰহণৰ এক ঐতিহাসিক অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা উচিত, য’ত ‘অতিথি দেৱো ভৱ’ৰ মনোভাৱৰ সাক্ষী হ’ব পাৰে”
“ভাৰতীয় যুৱক-যুৱতীসকলৰ দক্ষতা, মূল্যবোধ আৰু কৰ্মনীতি বিশ্ব সমৃদ্ধিৰ ইঞ্জিন হ’ব পাৰে”

প্ৰবাসী ভাৰতীয় দিৱসৰ অধিৱেশনত সমবেত গায়ানাৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ ইৰফান আলী জী, চুৰিনামৰ ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপেৰছাদ সন্তখী জী, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ জী, আন-আন কেবিনেট সতীৰ্থ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!

আপোনালোক সকলোলৈ ২০২৩ ৰ শুভেচ্ছা জ্ঞাপন কৰিলো। প্ৰবাসী ভাৰতীয় দিৱসৰ অধিৱেশনখন প্ৰায় চাৰি বছৰৰ পিছত পুনৰবাৰ মূল ৰূপত আৰু আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈছে। আপোনজনক মুখামুখিকৈ লগ পোৱাৰ অনন্য আনন্দৰ লগতে ইয়াৰ গুৰুত্বও আছে। ১৩০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে শুভেচ্ছা আৰু আদৰণি জনাইছো।

ভাই-ভনীসকল,

নিজ-নিজ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰে ইয়াত উপস্থিত প্ৰতিজন প্ৰবাসী ভাৰতীয়ই নিজৰ দেশৰ ভূমিত সমবেত হৈছে। আৰু এই প্ৰবাসী ভাৰতীয় দিৱসৰ অধিৱেশনখন দেশৰ হৃদপিণ্ড বুলি কোৱা মধ্যপ্ৰদেশৰ ভূমিত অনুষ্ঠিত হৈছে। মধ্য প্ৰদেশৰ মহিমা অপাৰ। মাতৃ নৰ্মদাৰ পানী, অৰণ্য, জনজাতীয় পৰম্পৰা, আধ্যাত্মিকতাই আপোনালোকৰ এই ভ্ৰমণক অবিস্মৰণীয় কৰি তুলিব। অতি শেহতীয়াকৈ ওচৰৰ উজ্জয়িনীতো ভগৱান মহাকালৰ মহালোকৰ এক বিশাল আৰু ঐশ্বৰিক সম্প্ৰসাৰণ ঘটিছে। আশা কৰো, আপোনালোক সকলোৱে তালৈ গৈ ভগৱান মহাকালৰ আশীৰ্বাদ গ্ৰহণ কৰি সেই অপাৰ অভিজ্ঞতা আহৰণ কৰিব।

বন্ধুসকল,

আমি সকলোৱে এতিয়া যিখন চহৰত আছো, সেয়াও আশ্চৰ্য্যজনক। মানুহে ইন্দোৰ চহৰ বুলি কয়, কিন্তু মই কওঁ যে ইন্দোৰ এটা পিৰিয়ড। এই সময়ছোৱা, যিয়ে সময়ক আগুৱাই আনিছে আৰু তথাপিও উত্তৰাধিকাৰক অক্ষত ৰাখিছে। স্বচ্ছতাৰ ক্ষেত্ৰত ইন্দোৰে দেশখনত এক সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিছে। ‘আপন কা ইন্দোৰ’ কেৱল দেশখনতে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে খাদ্য সংস্কৃতিৰ বাবে বিখ্যাত। ইন্দোৰী নামকিনৰ সোৱাদ, ইয়াত মানুহৰ পোহা, চাগু খিচিৰি, কচুৰী-চামোছা-শিকাঞ্জীৰ প্ৰতি থকা আকৰ্ষণ জিভাৰ পানী সদৃশ। আৰু যিসকলে ইয়াৰ সোৱাদ লৈছে, তেওঁলোকে আন একো নিবিচাৰে! একেদৰে, ‘ছপ্পন ভোগ’ ৰ দোকান আৰু ছাৰাফা বজাৰো অতিশয় বিখ্যাত। এই কাৰণেই একাংশই ইন্দোৰক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে সোৱাদৰ ৰাজধানী বুলি কয়। মই নিশ্চিত যে আপোনালোকে ইয়াত আপোনাসৱৰ অভিজ্ঞতা পাহৰিব নোৱাৰে আৰু ঘূৰি গৈ আনক এই বিষয়ে ক’বলৈয়ো নাপাহৰিব।

বন্ধুসকল,

এই প্ৰবাসী ভাৰতীয় দিৱস বহু দিশতে বিশেষ। আমি মাত্ৰ কেইমাহমানৰ পূৰ্বে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছিলো। ইয়াত আমাৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত এখনি ডিজিটেল প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। যিয়ে সেই গৌৰৱময় যুগটোক পুনৰ আপোনাসৱৰ সন্মুখত প্ৰতিফলিত কৰিব।

বন্ধুসকল,

আগন্তুক ২৫ বছৰৰ ‘অমৃত কাল’ ত প্ৰৱেশ কৰিছে ৰাষ্ট্ৰখনে। আমাৰ প্ৰবাসী ভাৰতীয়সকলৰ এই যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰতৰ অনন্য বিশ্ব দৃষ্টিভংগী আৰু বিশ্ব ব্যৱস্থাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকৰদ্বাৰা সুদৃঢ় হ’ব৷

বন্ধুসকল,

আমাৰ দেশত এষাৰ কথা আছে – ‘স্বদেশো ভুৱন্ত্রয়ম’৷ অৰ্থাৎ, ‘আমাৰ বাবে সমগ্ৰ বিশ্বখনেই আমাৰ দেশ আৰু মানুহ মাত্ৰেকে আমাৰ ভাই-ভনী’। এই মতাদৰ্শগত ভেটিৰ ওপৰতেই আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ সাংস্কৃতিক সম্প্ৰসাৰণ ঘটাইছিল। আমি বিশ্বৰ ভিন্ন প্ৰান্তলৈ গৈছিলো। সভ্যতাৰ সমন্বয়ৰ অসীম সম্ভাৱনা আমি বুজি পালো। আমি বহু শতিকা পূৰ্বেই বিশ্ব বাণিজ্যৰ এক অসাধাৰণ পৰম্পৰা আৰম্ভ কৰিছিলো। সীমাহীন যেন লগা সাগৰবোৰ আমি পাৰ হৈ গ’লো৷ বিভিন্ন দেশ আৰু ভিন্ন সভ্যতাৰ মাজত ব্যৱসায়িক সম্পৰ্কই কেনেকৈ সহভাজিত সমৃদ্ধিৰ পথ মুকলি কৰিব পাৰে, সেই নিদৰ্শন ভাৰত আৰু ভাৰতীয়ই দেখুৱাইছে। আজি আমি বিশ্বৰ মানচিত্ৰত আমাৰ কোটি-কোটি প্ৰবাসী ভাৰতীয়ক দেখিবলৈ পোৱা মাত্ৰেকে, একেলগে কেইবাখনো ছবিৰ উন্মেষ ঘটে। বিশ্বৰ ইমানবোৰ ভিন্ন দেশত ভাৰতৰ জনসাধাৰণক এক উমৈহতীয়া কাৰক হিচাপে দেখা পালে ‘বসুধৈৱ কুটুম্বকম’ (The World Is One Family) ৰ মনোভাৱ উদ্ভাসিত হয়। বিশ্বৰ যিকোনো এখন দেশত ভাৰতৰ বিভিন্ন অঞ্চলৰ লোকসকলক লগ পালে, ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ সুখদায়ক অনুভৱ জাগে। বিশ্বৰ বিভিন্ন দেশৰ শান্তিপ্ৰেমী, গণতান্ত্ৰিক আৰু অনুশাসিত নাগৰিকৰ কথা উল্লেখ কৰিলে, ভাৰত গণতন্ত্ৰৰ মাতৃ হোৱাৰ গৌৰৱ বহুগুণে বাঢ়ি যায়। আৰু বিশ্বই আমাৰ প্ৰবাসী ভাৰতীয়সকলৰ অৱদানৰ মূল্যায়ন কৰোতে ‘শক্তিশালী আৰু সক্ষম ভাৰত’ ৰ কণ্ঠস্বৰ শুনা যায়। সেয়ে আপোনালোক সকলোকে, প্ৰবাসী সকলো ভাৰতীয়ক বিদেশৰ মাটিত ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অভিহিত কৰিব খুজিছো। চৰকাৰী ব্যৱস্থাত এম্বেছাদৰ আছে। আপোনালোক ভাৰতৰ মহান ঐতিহ্যৰ ৰাষ্ট্ৰদূত।

বন্ধুসকল,

ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে আপোনালোকৰ ভূমিকা অলেখ। আপোনালোক মেক ইন ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেছাদৰ। আপোনালোক যোগ আৰু আয়ুৰ্বেদৰ ব্ৰেণ্ড এম্বেছাদৰ। আপোনাসৱ ভাৰতৰ কুটীৰ উদ্যোগ আৰু হস্তশিল্পৰো ব্ৰেণ্ড এম্বেছাদৰ। একে সময়তে, আপোনালোক একো-একোগৰাকী ভাৰতৰ বাজৰাৰো ব্ৰেণ্ড এম্বেছাদৰ। আপোনাসৱে ইতিমধ্যে জানিব পাৰিছে যে ২০২৩ ক ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে ঘোষণা কৰিছে। সেয়েহে, আপোনালোক ঘূৰি যোৱাৰ সময়ত বাজৰাৰ সামগ্ৰী কেতবোৰ লগত নিবলৈ আহ্বান জনাইছো। এই দ্ৰুত পৰিৱৰ্তিত সময়ত আপোনালোকৰ আন এক গুৰুত্বপূৰ্ণ ভূমিকাও আছে। ভাৰতৰ বিষয়ে অধিক জানিবলৈ বিশ্বৰ ইচ্ছাক আপোনালোকে সম্বোধন কৰিব। আজি সমগ্ৰ বিশ্বই ভাৰতলৈ অতিশয় আগ্ৰহ আৰু কৌতূহলৰে সযত্ন দৃষ্টিৰে অপেক্ষা কৰি আৰু চাই আছে। মই কিয় এই কথা কৈছো সেয়া বুজি পোৱাটো গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

যোৱা কেইবছৰমানত ভাৰতে যি গতি আহৰণ কৰিছে, যিখিনি সাফল্য লাভ কৰিছে, সেয়া অসাধাৰণ আৰু অভূতপূৰ্ব। ক’ভিড মহামাৰীটোৰ মাজত যেতিয়া ভাৰতে কেইমাহমানৰ ভিতৰতে থলুৱা ভেকচিন প্ৰস্তুত কৰিছিল, যেতিয়া ভাৰতে নিজৰ নাগৰিকক বিনামূলীয়াকৈ ২২০ কোটিৰো অধিক ভেকচিনৰ পালি প্ৰদানৰ অভিলেখ ৰচনা কৰিছিল, যেতিয়া বৈশ্বিক অস্থিৰতাৰ মাজতো ভাৰত বিশ্বৰ উদীয়মান অৰ্থনীতি হৈ পৰে, যেতিয়া ভাৰতে বিশ্বৰ বৃহৎ অৰ্থনীতিসমূহৰ সৈতে প্ৰতিযোগিতা কৰে আৰু শীৰ্ষ ৫ অৰ্থনীতিৰ মাজত অন্তৰ্ভুক্ত হয়, যেতিয়া ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ বাতাবৰণত পৰিণত হয়, যেতিয়া ইলেক্ট্ৰনিক উৎপাদনৰ ক্ষেত্ৰত আৰু ম’বাইলৰ দৰে ক্ষেত্ৰত ‘মেক ইন ইণ্ডিয়া’ জিলিকি উঠে, যেতিয়া ভাৰতে নিজাববীয়াকৈ তেজছ যুঁজাৰু বিমান, বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্ত আৰু অৰিহন্তৰ দৰে পাৰমাণৱিক চাবমেৰিন নিৰ্মাণ কৰে, তেতিয়া ভাৰতে কি কৰিছে আৰু কেনেকৈ কৰিছে সেই বিষয়ে বিশ্ব আৰু বিশ্বৰ জনসাধাৰণ কৌতূহলী হৈ উঠাটো স্বাভাৱিক।

ভাৰতৰ গতি, পৰিসৰ আৰু ভৱিষ্যতৰ বিষয়ে জানিবলৈ মানুহ কৌতূহলী হৈ উঠিছে। একেদৰে কেছলেছ ইকনমি আৰু ফিনটেকৰ কথা আহিলে বিশ্বৰ ৰিয়েল টাইম ডিজিটেল লেনদেনৰ ৪০ শতাংশ ভাৰতত হোৱা দেখি বিশ্বই তবধ মানিছে। মহাকাশৰ ভৱিষ্যতৰ কথা আহিলে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত অতি উন্নত দেশসমূহৰ মাজত ভাৰতক লৈ চৰ্চা হয়। ভাৰতে একে সময়তে ১০০ টা উপগ্ৰহ উৎক্ষেপণৰ অভিলেখ গঢ়িছে। চফ্টৱেৰ আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ সামৰ্থ্যত বিশ্বই চকু ৰাখিছে। আপোনালোকৰ বহুতেই হৈছে ইয়াৰ এক বৃহৎ কাৰক। ভাৰতৰ এই ক্ৰমবৰ্ধমান শক্তি আৰু সামৰ্থ্যই ভাৰতৰ শিপাৰ সৈতে সংযুক্ত প্ৰতিজন ব্যক্তিৰ বুকু ফুলাই তুলিছে। আজি ভাৰতৰ কণ্ঠ, ভাৰতৰ বাৰ্তা আৰু ভাৰতৰ কথাৰ বিশ্বত এক অনন্য তাৎপৰ্য্য আছে। অদূৰ ভৱিষ্যতে ভাৰতৰ এই ক্ৰমবৰ্ধমান শক্তি অধিক বৃদ্ধি পাব। আৰু সেইবাবে ভাৰতৰ প্ৰতি থকা কৌতূহলো আৰু বাঢ়িব। আৰু সেইবাবেই বহিঃৰাষ্ট্ৰত বসবাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ দায়িত্বও বহুগুণে বাঢ়িব। আজি আপোনালোকৰ হাতত ভাৰতৰ বিষয়ে যিমানেই বিস্তৃত তথ্য থাকিব, সিমানেই তথ্যৰ ভিত্তিত ভাৰতৰ ক্ৰমবৰ্ধমান সম্ভাৱনাৰ বিষয়ে আনক ক’ব পাৰিব। মই আহ্বান জনাইছো যে সাংস্কৃতিক আৰু আধ্যাত্মিক তথ্যৰ লগতে ভাৰতৰ প্ৰগতিৰ তথ্যও আপোনালোকে লগত ৰাখিব।

বন্ধুসকল,

আপোনালোক সকলোৰে আৰু এটা কথা জ্ঞাত যে ভাৰতে এইবাৰ বিশ্বৰ জি-২০ গ্ৰুপৰ অধ্যক্ষতা কৰিছে। ভাৰতে এই দায়িত্বক এক বৃহৎ সুযোগ হিচাপে চাইছে। এয়া আমাৰ বাবে ভাৰতৰ বিষয়ে বিশ্ববাসীক জনাবলৈ এক সুযোগ। ভাৰতৰ অভিজ্ঞতাৰপৰা শিকিবলৈ আৰু অতীতৰ অভিজ্ঞতাৰপৰা বহনক্ষম ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰাৰ এয়া এক সুযোগ। আমি জি-২০ ক কেৱল কূটনৈতিক অনুষ্ঠান হিচাপেই নহয়, বৰঞ্চ জনসাধাৰণৰ অংশগ্ৰহণৰ এক ঐতিহাসিক অনুষ্ঠান হিচাপে গঢ়ি তুলিব লাগিব। এই সময়ছোৱাত বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ জনসাধাৰণৰ মাজত ‘অতিথি দেৱ ভৱ’ (আপোনাৰ অতিথিক ভগৱান হিচাপে ভাবক) ৰ মনোভাৱ দেখিবলৈ পাব। আপোনালোকেও আপোনালোকৰ দেশৰপৰা অহা প্ৰতিনিধিসকলক লগ কৰি ভাৰতৰ বিষয়ে ক’ব পাৰে। ইয়াৰদ্বাৰা ভাৰতত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁলোকক আদৰণি জনোৱা হ’ব।

বন্ধুসকল,

আৰু মই এইটোও ক’ব খুজিছো যে জি-২০ সন্মিলনৰ প্ৰায় ২০০ খন বৈঠক অনুষ্ঠিত হোৱা, জি-২০ গ্ৰুপৰ ২০০ প্ৰতিনিধি দল ভাৰতলৈ আহি ইয়াৰ বিভিন্ন চহৰ ভ্ৰমণ কৰিবলৈ আগবঢ়াৰ পৰিপ্ৰেক্ষিতত, প্ৰবাসী ভাৰতীয়সকলে তেওঁলোকৰ সৈতে যোগাযোগত থাকি আৰু ঘূৰি যোৱাৰ লগে-লগে তেওঁলোকৰ অভিজ্ঞতা শুনিব। তেওঁলোকৰ সৈতে আমাৰ বন্ধন আৰু অধিক সুদৃঢ়কৰণৰ এয়া এক সুযোগ বুলি মই ভাবো।

বন্ধুসকল,

আজি ভাৰতৰ কেৱল বিশ্বৰ জ্ঞান কেন্দ্ৰ হোৱাৰ সম্ভাৱনাই নহয়, বৰঞ্চ দক্ষতাৰ ৰাজধানী হোৱাৰো সম্ভাৱনা আছে। আজি ভাৰতত বৃহৎ সংখ্যক সক্ষম যুৱক-যুৱতী আছে। আমাৰ যুৱক-যুৱতীসকলৰ দক্ষতা, মূল্যবোধ আৰু কাম কৰিবলৈ প্ৰয়োজনীয় আগ্ৰহ আৰু সততা আছে। দক্ষতাৰ ৰাজধানী হিচাপে ভাৰত বিশ্বৰ বিকাশৰ ইঞ্জিন হ’ব পাৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ লগতে ভাৰতে ভাৰতৰ সৈতে সংযুক্ত প্ৰবাসী যুৱক-যুৱতীসকলকো অগ্ৰাধিকাৰ প্ৰদান কৰিছে। বিদেশত জন্মগ্ৰহণ কৰি তাতেই ডাঙৰ-দীঘল হোৱা আমাৰ পৰৱৰ্তী প্ৰজন্মৰ যুৱক-যুৱতীসকলকো আমি আমাৰ ভাৰতক চিনি পোৱা আৰু বুজিবলৈ বহু সুযোগ দিছো। পৰৱৰ্তী প্ৰজন্মৰ প্ৰবাসী যুৱক-যুৱতীসকলৰ মাজতো ভাৰতক লৈ উদ্যম বাঢ়িছে। তেওঁলোকে পিতৃ-মাতৃৰ দেশখনৰ বিষয়ে জানিব বিচাৰে, শিপাৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰে। এই যুৱক-যুৱতীসকলক দেশখনৰ বিষয়ে চমুকৈ অৱগত কৰাই নহয়, গভীৰভাৱে দেখুৱাই দিয়াটোও আমাৰ সকলোৰে দায়িত্ব। পৰম্পৰাগত জ্ঞান আৰু আধুনিক দৃষ্টিভংগীৰে এই যুৱক-যুৱতীসকলে ভৱিষ্যতৰ বিশ্বখনক তেতিয়াহে ভাৰতৰ বিষয়ে ভালদৰে ক’ব পাৰিব। যুৱক-যুৱতীসকলৰ মাজত যিমানেই কৌতূহল বাঢ়িব, সিমানেই ভাৰতৰ পৰ্যটনৰ বৰ্ধন ঘটিব, ভাৰতৰ লগত জড়িত গৱেষণা বাঢ়িব আৰু ভাৰতৰ গৌৰৱ বাঢ়িব। এই যুৱক-যুৱতীসকল ভাৰতৰ বিভিন্ন উৎসৱৰ সময়ত, বিখ্যাত মেলাৰ সময়ত আহিব পাৰে বা বৌদ্ধ চাৰ্কিট আৰু ৰামায়ণ চাৰ্কিটৰ সুবিধা ল’ব পাৰে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে আয়োজন কৰা কাৰ্য্যসূচীতো যোগদান কৰিব পাৰিব।

বন্ধুসকল,

মই আৰু এটা পৰামৰ্শ প্ৰদান কৰিব খুজিছো। প্ৰবাসী ভাৰতীয়সকলে যুগ-যুগ ধৰি বহু দেশত বসতি স্থাপন কৰিছে। তেওঁলোকে সেই ৰাষ্ট্ৰখনৰ নিৰ্মাণৰ ক্ষেত্ৰত অসাধাৰণ বৰঙণি আগবঢ়াইছে। আমি তেওঁলোকৰ জীৱন, সংগ্ৰাম আৰু কৃতিত্বৰ মূল্য়ায়ণ কৰা উচিত। আমাৰ বয়োজ্যেষ্ঠসকলৰ একাধিক স্মৃতি আছো। মই আহ্বান জনাইছো যে বিশ্ববিদ্যালয়সমূহে প্ৰতিখন দেশতে আমাৰ প্ৰবাসীসকলৰ ইতিহাস সম্পৰ্কে অডিঅ’-ভিডিঅ’ বা লিখিত গাথাৰ বাবে প্ৰচেষ্টা হাতত ল’ব লাগে।

বন্ধুসকল,

এখন ৰাষ্ট্ৰই, ইয়াৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা প্ৰতিজন ব্যক্তিৰ হৃদয়ত স্থান লাভ কৰে। ভাৰতৰ এজন ব্যক্তি বিদেশলৈ যোৱা আৰু তাত ভাৰতীয় মূলৰ লোকসকলক বিচাৰি পোৱা মাত্ৰেকে তেওঁ সমগ্ৰ ভাৰতখনকে বিচাৰি পাইছে বুলি অনুভৱ কৰে। অৰ্থাৎ, আপোনালোক য’তেই নাথাকক কিয়, ভাৰতখন আপোনালোকৰ লগতে থাকে। দেশখনে বিগত আঠ বছৰত প্ৰবাসীসকলক শক্তি প্ৰদানৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। আজি ভাৰতে আপোনালোক বিশ্বৰ য'তেই নাথাকক কিয়, দেশখনে আপোনালোকৰ স্বাৰ্থ আৰু আশাক সমৰ্থন জনোৱাৰ অংগীকাৰ কৰিছে।

লগতে গায়ানাৰ ৰাষ্ট্ৰপতি আৰু চুৰিনামৰ ৰাষ্ট্ৰপতিলৈ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ বাবে তেওঁলোকে সময় উলিয়াইছে আৰু আজি তেওঁলোকে আমাৰ সন্মুখত যি বক্তব্য প্ৰদান কৰিছে, সেইসমূহ সঁচাকৈয়ে অতিশয় উপযোগী। মই তেওঁলোকক আশ্বাস প্ৰদান কৰিব খুজিছো যে ভাৰতে তেওঁলোকৰ পৰামৰ্শৰাজি নিশ্চয়কৈ পালন কৰিব। আজি গায়ানাৰ ৰাষ্ট্ৰপতিয়ে এটি স্মৃতি ব্যক্ত কৰাৰ বাবে মই অতিশয় কৃতজ্ঞ। মই গায়ানালৈ যাওঁতে মই একো নাছিলো, আনকি মুখ্যমন্ত্ৰীও নাছিলো, আৰু তেওঁ সেই সময়ৰ সম্পৰ্কটো মনত পেলাইছে। সেয়ে, তেখেতৰ ওচৰত মই অতিশয় কৃতজ্ঞ। আকৌ এবাৰ আপোনালোকক শুভেচ্ছা জনাইছো। বহু দিনৰ পিছত আমি প্ৰবাসী ভাৰতীয় দিৱসৰ কাৰ্য্যসূচীত সমবেত হৈছো। ইয়াত বহুত মানুহ লগ পাব, বহু মানুহৰপৰা বহু কথা জানিব পাৰিব আৰু উভতি যাওঁতে ইয়াৰ স্মৃতিৰাজি কঢ়িয়াই নিব। সেয়ে, ভাৰতৰ সৈতে সংযোগৰ এক নতুন যুগৰ আৰম্ভ হ’ব বুলি মোৰ বিশ্বাস জন্মিছে৷ সকলোকে পুনৰ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets Andhra Pradesh Chief Minister Shri N. Chandrababu Naidu and his family in Hyderabad
May 10, 2026

The Prime Minister, Shri Narendra Modi met the Chief Minister of Andhra Pradesh, Shri N. Chandrababu Naidu, and his family at his residence in Hyderabad today.

The Prime Minister said that it is always a delight to meet Shri Chandrababu Naidu and his family and exchange views on a wide range of subjects and diverse topics.

The Prime Minister wrote on X;

“In Hyderabad, went to Andhra Pradesh Chief Minister Shri Chandrababu Naidu Garu’s residence and met him along with his family. It’s always a delight to meet them and exchange views on so many diverse topics.

@ncbn”