ভাৰত ‘চুবুৰীয়া প্ৰথম’ নীতিৰ প্ৰতি অংগীকাৰবদ্ধঃ প্ৰধানমন্ত্ৰী
চুবুৰীয়া দেশৰ সংকটৰ বেলিকা ভাৰত হৈছে প্ৰথম সঁহাৰিদাতাঃ প্রধানমন্ত্রী

প্ৰধানমন্ত্ৰী – বন্ধুসকল স্বাগতম!

শ্ৰীলংকাৰ খেলুৱৈ – ধন্যবাদধন্যবাদ ছাৰ!

প্ৰধানমন্ত্ৰী – স্বাগতম!

প্ৰধানমন্ত্ৰী – আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাই মই আনন্দিত হৈছোঁ। মই অনুভৱ কৰোঁ যে আপোনালোকৰ টীমটো এনেকুৱা এটা দল, যাক ভাৰতৰ জনসাধাৰণে এতিয়াও মৰমেৰে মনত পেলায়। আপোনাসৱে ভাৰতীয় দলক পৰাস্ত কৰা সময়খিনিৰ কথা ৰাষ্ট্ৰই পাহৰা নাই।

শ্ৰীলংকাৰ খেলুৱৈ – ছাৰআজি আপোনাক লগ পোৱাটো এক পৰম সন্মান আৰু সৌভাগ্যৰ কথা। আপোনাক অশেষ ধন্যবাদ জনালোঁ। আপোনালোকে আমাক এই সময় আৰু সুযোগ প্ৰদানৰ বাবে আমি অতিশয় কৃতজ্ঞ।

 

প্ৰধানমন্ত্ৰী – আপোনালোকৰ মাজৰ কোনে-কোনে এতিয়াও ভাৰতৰ সৈতে কিছু সম্পৰ্ক অব্যাহত ৰাখিছে?

শ্ৰীলংকাৰ খেলুৱৈ – মই ভাবোঁ প্ৰায় সকলোৱে সম্পৰ্ক অটুত ৰাখিছে।

প্ৰধানমন্ত্ৰী – হয় মই দেখিছোঁ। সনাথ ভাৰতৰ লগত কেনেকৈ সংযুক্ত।

শ্ৰীলংকাৰ খেলুৱৈ – ছাৰমই মুম্বাই ইণ্ডিয়ানছৰ লগত আছিলোঁ আৰু ইয়াৰ আন বেছিভাগেই আইপিএলতো খেলিছিল।

প্ৰধানমন্ত্ৰী – বাৰুআপুনি আইপিএল খেলিছে।

শ্ৰীলংকাৰ খেলুৱৈ – আৰু কুমাৰ ধৰ্মসেনা সেই সময়ত আম্পায়াৰ আছিল।

প্ৰধানমন্ত্ৰী – হয়।

শ্রীলংকাৰ খেলুৱৈ – হয়...

প্ৰধানমন্ত্ৰী – ২০১০ত আহমেদাবাদত ভাৰতে খেলাৰ সময়ত হয়তো আপুনি আম্পায়াৰ আছিল। মই সেই মেচখন চাবলৈ গৈছিলোঁ। সেই সময়ত মই মুখ্যমন্ত্ৰী আছিলোঁ। ১৯৮৩ত যেতিয়া ভাৰতে বিশ্বকাপ জয় কৰিছিল আৰু ১৯৯৬ত যেতিয়া আপোনালোকৰ টীমে বিশ্বকাপ জয় কৰিছিলতেতিয়া দুয়োটা ইভেন্টেই ক্ৰিকেট জগতখনক যথেষ্ট ৰূপান্তৰিত কৰিছিল। মই বিশ্বাস কৰোঁ যে ১৯৯৬ত আপোনালোকৰ দলটোৱে যি ধৰণেৰে খেলিছিলএক অৰ্থত টি-২০ শৈলীৰ ক্ৰিকেটৰ জন্ম হৈছিল তেতিয়াই।

 

মই আনৰ পৰাও শুনিব বিচাৰিম আপোনালোক আজিকালি কেনেকৈ ব্যস্ত হৈ আছেআপোনাসৱে অৱগত কৰিব বিচৰা কিবা কথা আছে নেআপোনালোক এতিয়াও ক্ৰিকেটৰ সৈতে জড়িত নেবৰ্তমান আপোনাসৱ প্ৰশিক্ষক হিচাপে আছে নে?

শ্ৰীলংকাৰ খেলুৱৈ – আমাৰ বেছিভাগেই এতিয়াও কোনোবা নহয় কোনোবা প্ৰকাৰে ক্ৰিকেটৰ লগত জড়িত। আৰু মই অনুভৱ কৰিছোঁ যে আজি আপোনাক লগ পোৱাৰ আগ্ৰহে বিশ্বকাপ ফাইনেল খেলতকৈয়ো অধিক চাপৰ সৃষ্টি কৰিছে!

শ্ৰীলংকাৰ খেলুৱৈ  আমি এটা পৰিস্থিতি সন্দৰ্ভত কথা পাতিব বিচাৰিছোঁ। আমি ১৯৯৬ত বিশ্বকাপ জয় কৰিছিলোঁ। কিন্তু

প্ৰধানমন্ত্ৰী – বোমা বিস্ফোৰণ!

শ্ৰীলংকাৰ খেলুৱৈ – হয় আৰু ভাৰতে আমাক সহায় কৰিছিল। ইয়াক নিৰাপদ ঠাই বুলি গণ্য কৰিছিল। আৰু সেয়াই হৈছে শ্ৰীলংকাৰ বিশ্বকাপ জয়ৰ অন্যতম কাৰণ। গতিকে ভাৰতৰ প্ৰতি আমি অতিশয় কৃতজ্ঞ।

প্ৰধানমন্ত্ৰী – মোৰ মনত পৰিছে যেতিয়া টীম ইণ্ডিয়াই শ্ৰীলংকালৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সময়ত বোমা বিস্ফোৰণৰ বাবে আন টীমসমূহ আঁতৰি আহিছিল। আপোনালোকৰ খেলুৱৈসকলে ভাৰতৰ এই কাৰ্য্যৰ কিমান শলাগ লৈছিল সেয়া মই প্ৰত্যক্ষ কৰিছিলোঁ। শ্ৰীলংকাৰ জনসাধাৰণে সন্মুখীন হোৱা অসুবিধাৰ কথা স্বীকাৰেৰে ভাৰতে প্ৰকৃত ক্ৰীড়া দক্ষতা প্ৰদৰ্শন কৰিছিল।

এই কাৰ্য্যক আপোনালোকৰ ক্ৰীড়া সমাজে বহু প্ৰশংসা কৰিছিল। আজিও ভাৰতৰ ৰাইজে সেই ক্ৰীড়াবিদ্যাক মনত পেলায়। এফালে বোমা বিস্ফোৰণৰ ৰূপত আতংকৰ সৃষ্টি হৈছিলআনহাতেখেলা-ধূলাৰ মনোভাৱ আছিল।

সেই একে মনোভাৱ আজিও বিৰাজমান। ১৯৯৬ৰ বোমা বিস্ফোৰণে সমগ্ৰ শ্ৰীলংকাক যেনেকৈ কঁপাইছিল২০১৯তো যেতিয়া একেধৰণৰ ঘটনা সংঘটিত হৈছিলগীৰ্জাত হোৱা বোমা বিস্ফোৰণৰ ঘটনাটোতেতিয়া মই আছিলোঁ তাৰ পিছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমজন বিশ্বনেতা। সেই সময়ত বোমা বিস্ফোৰণ হোৱাৰ পিছতো শ্ৰীলংকালৈ আহিছিল টীম ইণ্ডিয়া।

 

বোমা বিস্ফোৰণৰ পিছত মই নিজেই আহিছোঁ শ্ৰীলংকালৈ। ইয়াৰ পৰা দেখা যায় যে মনোভাৱ অক্ষুণ্ণ আছে— আনন্দ আৰু দুখ উভয় পৰিস্থিতিতে শ্ৰীলংকাৰ কাষত থিয় হৈ আছে ভাৰত। এয়াই ভাৰতৰ চিৰন্তন মনোভাৱ।

শ্ৰীলংকাৰ খেলুৱৈ – এজন শ্ৰীলংকাৰ নাগৰিক হিচাপেচুবুৰীৰ দেশ হিচাপে মই আপোনালোকৰ আহমেদাবাদৰ খেলপথাৰত বিশ্বকাপৰ ফাইনেলত আম্পায়াৰ কৰিছিলোঁ আৰু সেইখনেই সমগ্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ খেলপথাৰ। আচলতে সেয়া আছিল ক্ৰিকেটৰ বাবে এক কল্পনাতীত পৰিবেশ আৰু কল্পনাতীত খেলপথাৰ। আৰু মই ভাবোঁ তাত সকলোৱে খেলি আম্পায়াৰ কৰি ভাল পায়।

শ্ৰীলংকাৰ খেলুৱৈ – ছাৰ১৯৯০ত মই পোন-প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিলোঁ। আৰু সেই স্মৃতি মোৰ এতিয়াও মনত আছেকাৰণ মই তাত এমাহ ধৰি আছিলোঁ। এতিয়া আমি নিয়মিতভাৱে ভাৰত ভ্ৰমণ কৰোঁ। আৰু মই কযেতিয়াই শ্ৰীলংকা সংকটত পৰেবিশেষকৈ আৰ্থিকভাৱেভাৰতে সদায় সহায় কৰে আৰু সমৰ্থন জনায়। সেয়েহে আমি ভাৰতৰ ওচৰত সদায় কৃতজ্ঞ। সেয়ে ভাৰতলৈ যাওঁতে আমি ঘৰৰ দৰে অনুভৱ কৰোঁ। গতিকে ধন্যবাদ ছাৰ। ধন্যবাদ।

শ্ৰীলংকাৰ খেলুৱৈ – ৰমেশে কোৱাৰ দৰে যেতিয়া আমাৰ শ্ৰীলংকাত অশান্তি আৰু সমস্যা হৈছিলতেতিয়া আমাৰ পেট্ৰডিজেলকাৰেন্টলাইট নাছিল আৰু মই ভাবোঁ আপুনি আৰু আপোনাৰ চৰকাৰে ছাৰআমাক বহুত সহায় কৰিছিল। গতিকে আমাৰ দেশক সহায় কৰাৰ বাবে আমি সদায় কৃতজ্ঞ আৰু ইয়াৰ বাবে ধন্যবাদ জনালোঁ। শ্ৰীলংকাক সহায় কৰাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ ছাৰ। আৰু লগতেমোৰ এটা সৰু অনুৰোধ আছে ছাৰ। এই মুহূৰ্তত শ্ৰীলংকা ক্ৰিকেটৰ প্ৰশিক্ষক হিচাপে আমি জাফনাৰ বাহিৰে সমগ্ৰ শ্ৰীলংকাত খেলোঁ। মই বিচাৰোঁশ্ৰীলংকা ক্ৰিকেটৰ প্ৰশিক্ষক হিচাপে মই ভাল পামযদি ভাৰতে আমাক জাফনাত এখনি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলপথাৰ স্থাপনত সহায় কৰিব পাৰে। সেইটো জাফনাউত্তৰ আৰু পূব অংশৰ জনসাধাৰণৰ বাবে এক পৰম সহায় হব। গতিকে মোৰ এটা সৰু অনুৰোধ ছাৰএই ক্ষেত্ৰত যদি আপুনি কিবা এটা সহায় কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰী – জয়সূৰিয়াৰ পৰা এই সকলোবোৰ শুনি মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। ভাৰতে সদায় চুবুৰীয়া প্ৰথম’ নীতি মানি চলি আহিছে। আমাৰ চুবুৰীয়া দেশসমূহ যেতিয়াই সংকটৰ সন্মুখীন হয়ভাৰতে যিমান পাৰি ক্ষীপ্ৰ আৰু ফলপ্ৰসূভাৱে ইয়াৰ প্ৰতি সঁহাৰি জনাবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপেআপোনাসৱ নিশ্চয় জ্ঞাত যে যেতিয়া ম্যানমাৰত ভূমিকম্প হৈছিলতেতিয়া ভাৰতেই আছিল প্ৰথমখন ৰাষ্ট্ৰ যিয়ে সঁহাৰি জনাইছিল। আমাৰ চুবুৰীয়া আৰু বন্ধুত্বপূৰ্ণ দেশসমূহৰ যত্ন লোৱা আৰু সমৰ্থন কৰাটো ভাৰতৰ কৰ্তব্য বুলি আমি বিশ্বাস কৰোঁ। বৃহৎ আৰু সক্ষম ৰাষ্ট্ৰ হোৱাৰ বাবে ভাৰতে তৎকালীনভাৱে কাম কৰাৰ দায়িত্ব অনুভৱ কৰে। শেহতীয়া অৰ্থনৈতিক সংকটে যেতিয়া শ্ৰীলংকাত আঘাত হানিছিলতেতিয়া ভাৰতে এটা দৃঢ় বিশ্বাস ৰাখিছিল যে শ্ৰীলংকাক এই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সকলো ধৰণে সমৰ্থন আৰু সহায় কৰিব লাগিব। আমি আমাৰ ভূমিকা পালন কৰিবলৈ সকলো প্ৰচেষ্টা চলাইছিলোঁকিয়নো আমি ইয়াক আমাৰ নৈতিক কৰ্তব্য বুলি গণ্য কৰোঁ। আজিও আপোনালোকে লক্ষ্য কৰিছে যে কেইবাটাও নতুন উন্নয়ন প্ৰকল্পৰ কথা ঘোষণা কৰিছোঁ। কিন্তু মোক সঁচাকৈয়ে যিটো কথাই আপ্লুত কৰিলে, সেয়া হৈছে জাফনাৰ প্ৰতি আপোনাৰ চিন্তা। ই এনে এক শক্তিশালী আৰু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে যে শ্ৰীলংকাৰ এগৰাকী জ্যেষ্ঠ ক্ৰিকেটাৰে জাফনাতো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অনুষ্ঠিত হোৱাটো বিচাৰিছে। এয়া প্ৰেৰণাদায়ক কথা। জাফনা পিছ পৰি থাকিব নালাগে। তাতো আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হব লাগিব। আপোনাৰ পৰামৰ্শটো যথেষ্ট গভীৰ আৰু মই আপোনাক আশ্বস্ত কৰিব খুজিছোঁ যে মোৰ দলটোৱে এই প্ৰস্তাৱটো নিশ্চিতভাৱে লক্ষ্য কৰিব আৰু ইয়াক কেনেকৈ কাৰ্য্যকৰী কৰিব পাৰি, সেই সম্পৰ্কে চিন্তা-চৰ্চা কৰিব। আপোনালোক সকলোৱে সময় উলিয়াই মোক লগ কৰাৰ বাবে অতিশয় শলাগ লৈছোঁ। মৰমলগা স্মৃতিবোৰলৈ পুনৰ ঘূৰি চাই, আপোনালোকৰ সকলোৰে মুখখন আকৌ এবাৰ চাবলৈ পাই ভাল লাগিল। মই আন্তৰিকতাৰে আশা কৰিছোঁ যে ভাৰতৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক সুদৃঢ় হৈ থাকক। মই আপোনাসৱক আশ্বস্ত কৰিব খুজিছোঁমই সদায় আপোনালোকৰ কাষত থাকিম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Takes A 'Jhooth Ki Goonj' Swipe At Rahul Gandhi On GDP Numbers: 'Those Mired In Despair...'

Media Coverage

PM Modi Takes A 'Jhooth Ki Goonj' Swipe At Rahul Gandhi On GDP Numbers: 'Those Mired In Despair...'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.