“এই আলোচনাৰ প্ৰতিটো শব্দই আমাৰ আগন্তুক সংসদীয় যাত্ৰাত আমাৰ সকলোৰে বাবে উপযোগী হ’ব”
“এই আলোচনাত সকলো ৰাজনৈতিক দলৰ মনোভাবে দেশবাসীৰ মাজত এক নতুন আত্মবিশ্বাস পুনৰ জগাই তুলিব”

মাননীয় অধ্যক্ষ মহোদয়,

 

অতি গুৰুত্বপূৰ্ণ এই বিধেয়কখন বিগত দুদিন ধৰি বিতংভাৱে আলোচনা কৰা হৈছে। উভয় সদনৰ প্ৰায় ১৩২ গৰাকী মাননীয় সদস্যই এই বিধেয়ক সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত ব্যৱহৃত প্ৰতিটো শব্দই আমাৰ ভৱিষ্যতৰ বাবে সহায়ক হ’ব। সেইবাবেই, এই বিষয়টোৰ গুৰুত্ব অধিক হৈছে। সদস্যসকলে ভাষণৰ আৰম্ভণিতে বিধেয়কখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। ইয়াৰ বাবে মই প্ৰতিজন সন্মানীয় সদস্যক মোৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ দেশৰ জনসাধাৰণৰ মাজত লাভ কৰা আস্থা ইয়াৰ জৰিয়তে প্ৰকাশ পাইছে। এই ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলৰ সদস্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই বিধেয়কখন গৃহীত হ’লে মহিলাসকলৰ সবলীকৰণ সুনিশ্চিত হ’ব। এই বিধেয়কখনক লৈ দেশৰ প্ৰতিটো ৰাজনৈতিক দলৰ ইতিবাচক মানসিকতাই আমাৰ দেশৰ নাৰী শক্তিক অধিক শক্তিশালী কৰি তুলিব। নতুন আত্মবিশ্বাসেৰে দেশ গঢ়াৰ কামৰ নেতৃত্ব দিব। ইয়াৰ জৰিয়তে আমাৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত হ’ব।

মাননীয় অধ্যক্ষ মহোদয়,

 

সদনৰ বেছি সময় নষ্ট নকৰো। আপুনি প্ৰকাশ কৰা মনোভাৱৰ শলাগ লৈছো। আৰু ভোটদানৰ সন্দৰ্ভত মই উচ্চ সদনলৈ বিনম্ৰভাৱে আবেদন জনাইছো যে এই পদক্ষেপ এটা ভাল সিদ্ধান্তৰ বাবে লোৱা হৈছে। গতিকে এই বিধেয়কখনক সৰ্বসন্মতিক্ৰমে ভোটদান কৰিলে দেশখনে নতুন আস্থা লাভ কৰিব। এই আশাৰে মই পুনৰবাৰ আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi