এই অভিযানৰ অধীনত আমাৰ বিজ্ঞানীৰ দলটোৱে লেবৰ পৰা পথাৰলৈ গৈ কৃষকসকলক আধুনিক কৃষিৰ বিষয়ে তথ্য প্ৰদান কৰি সকলো তথ্যৰে কৃষকসকলক ঋতু আৰম্ভ হোৱাৰ আগতেই সহায় কৰিবঃ প্ৰধানমন্ত্ৰী
এই অভিযানে ভাৰতীয় কৃষিক বিকশিত ভাৰতৰ মূল ভেটি হিচাপে গঢ়ি তোলাৰ সংকল্প লয়: প্ৰধানমন্ত্ৰী
ভাৰতে কেৱল নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, বৈশ্বিক খাদ্য যোগানকাৰী হিচাপেও আত্মপ্ৰকাশ কৰিব লাগিব: প্ৰধানমন্ত্ৰী
কৃষিক্ষেত্ৰত আধুনিকীকৰণক আগুৱাই নিয়া কৃষকসকলৰ বাবে বিকশিত কৃষি সংকল্প অভিযানে প্ৰগতিৰ নতুন পথ মুকলি কৰিব: প্ৰধানমন্ত্ৰী

জয় জগন্নাথ!

আজি ভগৱান জগন্নাথ জীৰ আশীৰ্বাদত দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। 'বিকশিত কৃষি সংকল্প অভিযান' স্বৰূপাৰ্থতে এক অনন্য পদক্ষেপ। বাৰিষাৰ আগমন ঘটিছে, খাৰিফ বতৰৰ বাবে প্ৰস্তুতি চলি আছে আৰু এনে পৰিস্থিতিত আগন্তুক ১২ৰ পৰা ১৫ দিনলৈকে দেশৰ বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰ ২ হাজাৰৰো অধিক গোট, ২ হাজাৰৰো অধিক টিম গাঁৱে গাঁৱে গৈছে। এই দলসমূহে দেশৰ ৭০০ৰো অধিক জিলাৰ কোটি কোটি কৃষকৰ কাষ চাপিব। মই দেশৰ সকলো কৃষকক, এই দলসমূহৰ সৈতে জড়িত সকলো সহকৰ্মীলৈ, এই মহা অভিযানৰ বাবে, এক বৃহৎ অভিলাষী কাৰ্যসূচীৰ বাবে আৰু কৃষিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

আমাৰ ইয়াত কৃষি, ৰাজ্যৰ বিষয় হৈ আহিছে। চৰকাৰী ব্যৱস্থাৰ অধীনত ই এক ৰাজ্যিক বিষয়। প্ৰতিখন ৰাজ্যই নিজাকৈ কৃষি নীতি নিৰ্ধাৰণ কৰে, কৃষকৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰে। কিন্তু আজি দ্ৰুতগতিত পৰিৱৰ্তিত এই সময়ত, ভাৰতৰ কৃষিক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন আনিব লাগিব। আমাৰ কৃষকসকলে অভিলেখ উৎপাদন কৰি খাদ্য শস্যৰ ভঁৰাল ভৰাইছে, কিন্তু এতিয়া বজাৰখনো সলনি হৈছে আৰু গ্ৰাহকৰ পছন্দও সলনি হৈছে। এনে পৰিস্থিতিত আমাৰ এয়া বিনম্ৰ প্ৰচেষ্টা যে কৃষককো আৰু ৰাজ্যসমূহৰ চৰকাৰকো আৰু তেওঁলোকৰ সৈতে লগ হৈ কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন আনিবলৈ, ভাৰতৰ কৃষি আৰু আধুনিক কেনেকৈ হ’ব? এই সন্দৰ্ভত কৃষকৰ সৈতে আলোচনা হ’ব লাগে, সেয়ে এই অভিযানৰ জৰিয়তে আমাৰ বিজ্ঞানীৰ দলটোৱে লেবৰ পৰা লেণ্ড, এই মহান অভিযান লৈ অগ্ৰসৰ হৈছে। সকলো তথ্যৰ সৈতে কৃষকসকলক আধুনিক কৃষিৰ তথ্য প্ৰদান কৰিব আৰু বতৰ আৰম্ভ হোৱাৰ পূৰ্বে কৃষকসকলৰ সহায়ৰ বাবে থিয় দিব।

বন্ধুসকল,

বিগত দশকবোৰত আমাৰ কৃষি বিজ্ঞানীসকলে বহু ক্ষেত্ৰত ভাল গৱেষণা কৰিছে, উন্নত ফলাফল দেখুৱাইছে। আনহাতে আমাৰ দেশৰ প্ৰগতিশীল কৃষকসকলেও নিজৰ পৰীক্ষা-নিৰীক্ষা কৰি কৃষি খণ্ডত বহু পৰিৱৰ্তন আনিছে, উৎপাদনো বৃদ্ধি কৰিছে আৰু ডাঙৰ ডাঙৰ সফল পৰীক্ষা-নিৰীক্ষা কৰিছে। বিজ্ঞানীসকলৰ সফল গৱেষণা আৰু প্ৰগতিশীল কৃষকৰ সফল প্ৰয়োগ, ইয়াৰ যিমান পাৰি সিমান অধিক তথ্য আমাৰ কৃষকৰ ওচৰলৈ যোৱাটো সমানেই গুৰুত্বপূৰ্ণ। এই দিশত আপোনালোক সকলোৱে আগৰ পৰাই চেষ্টা কৰি আহিছে, কিন্তু এতিয়া এই কামটো নতুন শক্তিৰে কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বিকশিত কৃষি সংকল্প অভিযানৰ জৰিয়তে আপোনালোকে ইয়াৰ যথেষ্ট সুযোগ পাব।

বন্ধুসকল,

বিকশিত ভাৰতৰ বাবে ভাৰতৰ কৃষিও বিকশিত হ’ব লাগিব। এনে বহু বিষয় আছে যাৰ ওপৰত কেন্দ্রীয় চৰকাৰৰ অহৰহ গুৰুত্ব আছে৷ যেনে কৃষকে কেনেকৈ তেওঁলোকৰ শস্যৰ সঠিক মূল্য পাব? কৃষি অৰ্থনীতি কেনেকৈ শক্তিশালী কৰিব পাৰি? দেশৰ প্ৰয়োজন অনুসৰি কেনেকৈ শস্য উৎপাদন কৰিব পাৰি? ভাৰতে নিজৰ প্ৰয়োজনীয়তাৰ লগতে বিশ্বৰ প্ৰয়োজনীয়তাও কেনেকৈ পূৰণ কৰিব পাৰে? কেনেকৈ হ’ব পাৰে পৃথিৱীৰ ফুড বাষ্কেট? জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে আমি কেনেকৈ মোকাবিলা কৰিব পাৰোঁ? কম পানীত আমি কেনেকৈ অধিক শস্য উৎপাদন কৰিব পাৰোঁ? বিপজ্জনক ৰাসায়নিক পদাৰ্থৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি পৃথিৱী মাতৃক? খেতি কেনেকৈ আধুনিকীকৰণ কৰিব পাৰি? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কেনেকৈ খেতি পাবগৈ পাৰে? আমাৰ চৰকাৰে যোৱা ১০-১১ বছৰত এনে বহু বিষয়ত বহু কাম কৰিছে। এতিয়া এই অভিযানৰ অধীনত আমাৰ কৃষকসকলক অধিক সজাগ কৰিব লাগিব।

বন্ধুসকল,

এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল কৃষকসকলক উপাৰ্জনৰ অতিৰিক্ত উপায় প্ৰদান কৰাও। পথাৰবোৰৰ সীমা বেৰত ছ’লাৰ পেনেলিং কৰিব লাগে। দেশত যি মধুৰ বিপ্লৱ ঘটি আছে, মৌপালকসকল লাভৱান হৈছে, ইয়াত অধিক সংখ্যক কৃষকে কেনেকৈ যোগদান কৰিব পাৰে? আৱৰ্জনা হিচাপে পেলোৱা অৱশিষ্টবোৰৰ পৰা শক্তি কেনেকৈ তৈয়াৰ কৰিব পাৰি? আৱৰ্জনাবোৰৰ পৰা কেনেকৈ সম্পদ সৃষ্টি কৰিব পাৰি? কোনবিধ শ্ৰীঅন্ন কোনখন পথাৰত খেতি কৰিব পাৰি? এটা সামগ্ৰীৰ মূল্য কেনেকৈ সংযোজন কৰিব পাৰি? এনেয়ে, এতিয়া গাখীৰ নিদিয়া জীৱ-জন্তুবোৰো গোবৰ ধন যোজনাৰ জৰিয়তে টকা উপাৰ্জনৰ মাধ্যম হৈ পৰিছে। এই সকলোবোৰৰ বিষয়ে আমি আমাৰ কৃষক ভাই-ভনীসকলক তেওঁলোকৰ লগত বহি, আলোচনা কৰি আৰু যোগাযোগ কৰি বিতং তথ্য দিব লাগিব।

বন্ধুসকল,

ভাৰতীয় কৃষিক বিকশিত ভাৰতৰ মূল ভিত্তি হিচাপে গঢ়ি তোলাৰ এইটো এটা অতি ডাঙৰ সংকল্প। মই মোৰ খেতিয়ক ভাই-ভনীসকলক ক'ব বিচাৰিছোঁ - আপোনাৰ গাঁৱত উপস্থিত হ'বলৈ যোৱা বিজ্ঞানীসকলক বহুত প্ৰশ্ন কৰক, লগতে বিজ্ঞানী আৰু আন কৰ্মচাৰীসকলকো ক'ব বিচাৰিছোঁ যে আপোনাৰ সন্মুখত এটা বহুত ডাঙৰ মিছন আছে। আপুনি যিটো কাম হাতত লৈছে সেয়া কেৱল চৰকাৰী কাম বুলি গণ্য কৰা উচিত নহয়। দেশৰ সেৱাৰ মনোভাবেৰে এই কাম কৰিব লাগিব। কৃষকৰ প্ৰতিটো কৌতুহল পূৰণ কৰিব লাগিব। ইয়াৰ লগতে কৃষকৰ মূল্যবান পৰামৰ্শও লিপিবদ্ধ কৰিব লাগিব। 'বিকশিত কৃষি সংকল্প অভিযান' আমাৰ অন্নদাতাসকলৰ বাবে প্ৰগতিৰ নতুন দুৱাৰ মুকলি কৰিব। এই কামনাৰে সমগ্ৰ দলটোক, সকলো কৃষকলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy