নমো বুদ্ধ!

থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।

 

বন্ধুসকল,

এই সুযোগতে মোৰ বন্ধু শ্বিনজো আবেক স্মৰণ কৰিছোঁ। ২০১৫ত তেওঁৰ সৈতে হোৱা কথা-বতৰাৰপৰাই সংবাদৰ ধাৰণাটো ভূমিষ্ঠ হৈছিল। তেতিয়াৰপৰাই সংবাদ ভিন্ন দেশত উপনীত হৈ বিতৰ্ক, আলোচনা আৰু গভীৰ বুজাবুজিৰ পোষকতা কৰি আহিছে।

বন্ধুসকল,

মই আনন্দিত যে সংবাদৰ এই সংস্কৰণ থাইলেণ্ডত অনুষ্ঠিত হৈছে। থাইলেণ্ডৰ সংস্কৃতি, ইতিহাস আৰু ঐতিহ্য চহকী। এছিয়াৰ সহভাজিত দাৰ্শনিক আৰু আধ্যাত্মিক পৰম্পৰাৰ এক সুন্দৰ উদাহৰণ হিচাপে দেশখনে থিয় দি আছে।

বন্ধুসকল,

ভাৰত আৰু থাইলেণ্ডৰ মাজত গভীৰ সাংস্কৃতিক সম্পৰ্ক আছে, যি দুই হাজাৰ বছৰৰো অধিক সময় ধৰি অব্যাহত আছে। ৰামায়ণ আৰু ৰামাকিয়েনে আমাক সংযোগ কৰে। ভগৱান বুদ্ধৰ প্ৰতি আমাৰ সহভাজিত শ্ৰদ্ধাই আমাক একত্ৰিত কৰে। যোৱা বছৰ আমি যেতিয়া ভগৱান বুদ্ধৰ পবিত্ৰ অৱশেষ থাইলেণ্ডলৈ পঠিয়াইছিলোঁ, তেতিয়া লাখ-লাখ ভক্তই শ্ৰদ্ধা নিবেদন কৰিছিল। আমাৰ ৰাষ্ট্ৰসমূহো একাধিক খণ্ডত এক স্পন্দনশীল অংশীদাৰিত্বৰ অংশীদাৰ। ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি আৰু থাইলেণ্ডৰ ‘এক্ট ৱেষ্ট’ নীতি ইটো-সিটোৰ পৰিপূৰক, যিয়ে পাৰস্পৰিক প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰসাৰ ঘটায়। এই সন্মিলনে আমাৰ বন্ধুত্বৰ আন এক সফল অধ্যায়ক সূচিত কৰিছে।

 

বন্ধুসকল,

সংবাদৰ বিষয়বস্তুৱে এছিয়ান শতিকাৰ কথা কয়। এই শব্দটো ব্যৱহাৰ কৰা মাত্ৰেকে প্ৰায়ে এছিয়াৰ অৰ্থনৈতিক উত্থানক সূচিত কৰে। কিন্তু এই সন্মিলনে এই কথা উজ্জ্বল কৰি তুলিছে যে এছিয়ান শতিকাটো কেৱল অৰ্থনৈতিক প্ৰমূল্যবোধ আধাৰিত হোৱাই নহয়, বৰঞ্চ সামাজিক প্ৰমূল্যবোধ সম্পৰ্কেও কয়। ভগৱান বুদ্ধৰ শিক্ষাই শান্তিপূৰ্ণ আৰু প্ৰগতিশীল যুগ সৃষ্টিৰ ক্ষেত্ৰত বিশ্বক পথ প্ৰদৰ্শন কৰিব পাৰে। তেওঁৰ প্ৰজ্ঞাই আমাক মানৱকেন্দ্ৰিক ভৱিষ্যতৰ দিশে ধাৱমান কৰে।

বন্ধুসকল,

সংবাদৰ এটা মূল বিষয়বস্তু হৈছে সংঘাত পৰিহাৰ কৰা। প্ৰায়ে এই বিশ্বাসৰপৰাই সংঘাতৰ উদ্ভৱ হয় যে কেৱল আমাৰ পথটোৱেই শুদ্ধ, বাকী সকলো ভুল। ভগৱান বুদ্ধই এই বিষয়টোত এই অন্তৰ্দৃষ্টি আগবঢ়াইছেঃ

इमेसु किर सज्जन्ति, एके समणब्राह्मणा |

विग्गय्ह नं विवदन्ति,

जना एकंगदस्सिनो ||

অৰ্থাৎ, একাংশ লোকে নিজৰ মতামতক আঁকোৱালি লৈ তৰ্ক কৰে, মাত্ৰ এটা পক্ষকহে সত্য বুলি ভাবে। কিন্তু একেটা বিষয়ৰে একাধিক দৃষ্টিভংগী থাকিব পাৰে। এই কাৰণেই ঋগবেদত কোৱা হৈছেঃ

एकं सद्विप्रा बहु॒धा वदन्ति |

যেতিয়াই আমি স্বীকাৰ কৰিম যে সত্যক ভিন্ন দৃষ্টিৰে দেখা যাব পাৰে, তেতিয়াই আমি সংঘাতৰপৰা আঁতৰি থাকিব পাৰিম।

বন্ধুসকল,

সংঘাতৰ আন এটা কাৰণ হ’ল আনক নিজৰপৰা মৌলিকভাৱে পৃথক বুলি গণ্য কৰা। পাৰ্থক্যই দূৰত্বলৈ নিয়ে আৰু দূৰত্ব বিসংগতিলৈ পৰিণত হ'ব পাৰে। ইয়াক প্ৰতিহত কৰিবলৈ ধৰ্মপদৰ এটা পদত কোৱা হৈছেঃ

सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो |

 

अत्तानं उपमं कत्वा, न हनेय्य न घातये ||

অৰ্থাৎ সকলোৱে দুখ-মৃত্যুক ভয় কৰে। আনক নিজৰ সৈতে মিল থকা বুলি স্বীকাৰেৰে আমি নিশ্চিত কৰিব পাৰোঁ যে কোনো ক্ষতি বা হিংসাৰ উদ্ভৱ নহয়। এই শব্দবোৰ মানি চলিলে সংঘাতৰপৰা হাত সাৰিব পাৰি।

বন্ধুসকল,

বিশ্বৰ একাধিক সমস্যা সুষম পন্থাৰ পৰিৱৰ্তে চৰম স্থিতি গ্ৰহণৰপৰাই উদ্ভৱ হৈছে। চৰম মতামতৰ ফলত সংঘাত, পাৰিপাৰ্শ্বিক সংকট, আনকি মানসিক চাপৰে জড়িত স্বাস্থ্যজনিত সমস্যাও হয়। এনে প্ৰত্যাহ্বানৰ সমাধান ভগৱান বুদ্ধৰ শিক্ষাত নিহিত হৈ আছে। তেওঁ আমাক মধ্যমপন্থা অনুসৰণ কৰিবলৈ আৰু চৰম পন্থাৰপৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। মডাৰেচনৰ নীতি আজিও প্ৰাসংগিক হৈ আছে আৰু ই বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰে।

বন্ধুসকল,

আজি সংঘাত লোক আৰু ৰাষ্ট্ৰৰ বাহিৰলৈয়ো বিস্তৃত হৈ পৰিছে- প্ৰকৃতিৰ লগত মানৱতাৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে। ইয়াৰ ফলত পাৰিপাৰ্শ্বিক সংকটৰ সৃষ্টি হৈছে, যিয়ে আমাৰ গ্ৰহটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই প্ৰত্যাহ্বানৰ উত্তৰ ধৰ্মৰ নীতিত শিপাই থকা এছিয়াৰ সহভাজিত পৰম্পৰাত নিহিত হৈ আছে। হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, শ্বিন্ট’ ধৰ্ম আৰু আন-আন এছিয়ান পৰম্পৰাই আমাক প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থাকিবলৈ শিকাইছে। আমি নিজকে প্ৰকৃতিৰপৰা পৃথক বুলি নাভাবো বৰঞ্চ প্ৰকৃতিৰ অংশ হিচাপেহে চাওঁ। মহাত্মা গান্ধীয়ে পোষকতা কৰা মতে আমি ট্ৰাষ্টীশ্বিপৰ ধাৰণাত বিশ্বাস কৰোঁ। আজি প্ৰাকৃতিক সম্পদক প্ৰগতিৰ বাবে ব্যৱহাৰৰ সময়ত ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি আমাৰ দায়িত্বও বিবেচনা কৰিব লাগিব। এই পদ্ধতিৰদ্বাৰা সম্পদৰ ব্যৱহাৰ লোভৰ বাবে নহয়, বৰঞ্চ বিকাশৰ বাবে হোৱাটো নিশ্চিত কৰা হৈছে।

বন্ধুসকল,

মই পশ্চিম ভাৰতৰ এখন সৰু চহৰ বদনগৰৰপৰা আহিছোঁ, যি এসময়ত বৌদ্ধ শিক্ষাৰ এক মহান স্থান আছিল। ভাৰতীয় সংসদত মই বাৰাণসীক প্ৰতিনিধিত্ব কৰোঁ, যিয়ে সাৰনাথকো সামৰি লৈছে। ভগৱান বুদ্ধই প্ৰথম উপদেশ প্ৰদান কৰা পবিত্ৰ স্থান হৈছে সাৰনাথ। ভগৱান বুদ্ধৰে সম্পৰ্কীয় স্থানসমূহে মোৰ যাত্ৰাক গঢ় দিয়াটো এক সুন্দৰ কাকতলীয়া ঘটনা।

বন্ধুসকল,

ভগৱান বুদ্ধৰ প্ৰতি আমাৰ শ্ৰদ্ধা আমাৰ চৰকাৰৰ নীতিত প্ৰতিফলিত হৈছে। আমি বৌদ্ধ চাৰ্কিটৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ বৌদ্ধ স্থানসমূহ সংযোগ কৰিবলৈ পৰ্যটনৰ আন্তঃগাঁথনি গঢ়ি তুলিছোঁ। এই চাৰ্কিটৰ ভিতৰত যাতায়াতৰ সুবিধাৰ বাবে আৰম্ভ কৰা হৈছে ‘বুদ্ধ পূৰ্ণিমা এক্সপ্ৰেছ’ বিশেষ ৰেল। কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উদ্বোধনী এক ঐতিহাসিক পদক্ষেপ, যিয়ে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ তীৰ্থযাত্ৰীসকলক উপকৃত কৰিছে। শেহতীয়াকৈ আমি বুদ্ধ গয়াৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ বাবে ভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছোঁ। ভগৱান বুদ্ধৰ ভূমি ভাৰত ভ্ৰমণ কৰিবলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰী, পণ্ডিত, সন্ন্যাসীসকলক উষ্ম আমন্ত্ৰণ জনাইছোঁ।

বন্ধুসকল,

নালন্দা মহাবিহাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় আছিল। শতিকা পূৰ্বেই সংঘাতৰ পৰিণতিয়ে ইয়াক ধ্বংস কৰিছিল। কিন্তু আমি এতিয়া ইয়াক শিক্ষণৰ কেন্দ্ৰ হিচাপে পুনৰুজ্জীৱিতকৰণেৰে আমাৰ প্ৰাণোচ্ছলতা প্ৰদৰ্শন কৰিছোঁ। ভগৱান বুদ্ধৰ আশীৰ্বাদত মই নিশ্চিত যে নালন্দা বিশ্ববিদ্যালয়ে পূৰ্বৰ গৌৰৱ পুনৰ লাভ কৰিব। ভগৱান বুদ্ধই যি ভাষাত তেওঁৰ শিক্ষা প্ৰদান কৰিছিল, সেই ভাষা পালিৰ প্ৰসাৰৰ বাবেও এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। পালিক আমাৰ চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰিছে, ইয়াৰ সাহিত্যৰ সংৰক্ষণ নিশ্চিত কৰিছে। ইয়াৰ উপৰিও আমি প্ৰাচীন পাণ্ডুলিপি চিনাক্তকৰণ আৰু তালিকাভুক্তকৰণৰ বাবে জ্ঞান ভাৰতম অভিযান আৰম্ভ কৰিছোঁ। ইয়াৰ জৰিয়তে বৌদ্ধ ধৰ্মৰ পণ্ডিতসকলৰ সুবিধাৰ্থে ডুকুমেন্টেচন আৰু ডিজিটেলাইজেচনক উৎসাহিত কৰা হ’ব।

বন্ধুসকল,

বিগত দশকত আমি ভগৱান বুদ্ধৰ শিক্ষাৰ প্ৰচাৰৰ বাবে একাধিক ৰাষ্ট্ৰৰ সৈতে সহযোগিতা কৰিছোঁ। শেহতীয়াকৈ ভাৰতত প্ৰথম এছিয়ান বৌদ্ধ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনৰ বিষয়বস্তু আছিল এছিয়াক সুদৃঢ়কৰণত বুদ্ধ ধৰ্মৰ ভূমিকা। ইয়াৰ পূৰ্বে ভাৰতে আয়োজন কৰিছিল প্ৰথম বিশ্ব বৌদ্ধ সন্মিলন। নেপালৰ লুম্বিনীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপনৰ সৌভাগ্য লাভ কৰিছোঁ। লুম্বিনী সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰতো ভাৰতে অৰিহণা যোগাইছে। তদুপৰি ভগৱান বুদ্ধৰ ‘সংক্ষিপ্ত আজ্ঞা’ (Concise Orders) ১০৮ খণ্ডৰ মংগোলীয় কাঞ্জুৰক ভাৰতত পুনৰ ছপাৰে মংগোলিয়াৰ মঠসমূহত বিতৰণ কৰা হৈছে। একাধিক দেশৰ কীৰ্তিচিহ্ন সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাই, ভগৱান বুদ্ধৰ উত্তৰাধিকাৰৰ প্ৰতি আমাৰ দায়বদ্ধতাক অধিক সুদৃঢ় কৰিছে।

বন্ধুসকল,

সংবাদৰ এই সংস্কৰণত ধৰ্মীয় ঘূৰণীয়া মেজমেলৰ আয়োজন কৰাটো উৎসাহজনক কথা, ইয়াত বৈচিত্ৰ্যময় ধৰ্মগুৰুসকল একত্ৰিত হ’ব। মই নিশ্চিত যে এই মঞ্চৰপৰা মূল্যৱান অন্তৰ্দৃষ্টি প্ৰৱাহিত হ’ব, যিয়ে এখনি অধিক সুষম বিশ্ব গঢ়াত সহায় কৰিব। আকৌ এবাৰ এই সন্মিলন আয়োজনৰ বাবে থাইলেণ্ডৰ জনসাধাৰণ আৰু চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই উদাৰ অভিযানক আগুৱাই নিবলৈ ইয়াত সমবেত হোৱা সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধৰ্মৰ পোহৰে আমাক শান্তি, প্ৰগতি, সমৃদ্ধিৰ যুগৰ দিশত পথ প্ৰদৰ্শন কৰি যাওঁক।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a fire tragedy in Birbhum, West Bengal
August 17, 2026
Prime Minister announces ex-gratia from PMNRF for the victims of the mishap in Birbhum, West Bengal

Prime Minister Shri Narendra Modi today expressed deep anguish over the loss of lives due to a fire tragedy in Birbhum, West Bengal.

The Prime Minister extended his condolences to those who have lost their loved ones and prayed for the early recovery of the injured. He added that the local administration is actively assisting those affected in the mishap.

In a post on X, the Prime Minister's Office shared:

"Anguished to hear about the loss of lives due to a fire tragedy in Birbhum, West Bengal. I extend my condolences to those who have lost their loved ones. May the injured recover soon. The local administration is assisting those affected in the mishap: PM @narendramodi"

Prime Minister Shri Narendra Modi has announced an ex-gratia from the Prime Minister's National Relief Fund (PMNRF) of Rs. 2 lakh for the next of kin of each deceased, along with Rs. 50,000 for those injured in the mishap in Birbhum, West Bengal.

In a post on X, the Prime Minister's Office shared:

"In the wake of the mishap in Birbhum, West Bengal, PM @narendramodi has announced Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 for those injured."