আজি দিয়া নিযুক্তিবোৰ কেৱল চৰকাৰী চাকৰি নহয়, ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগোৱাৰ সুযোগঃ প্ৰধানমন্ত্ৰী
যেতিয়া যুৱক-যুৱতীসকল সফল হয়, তেতিয়া দেশ সফল হয়ঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে কেৱল ৰোজগাৰ মেলাৰ জৰিয়তে ১১ লাখৰো অধিক নিযুক্তি পত্ৰ জাৰি কৰিছেঃ প্ৰধানমন্ত্ৰী
দীপাৱলীৰ অভিলেখ বিক্ৰীয়ে দেখুৱাইছে যে কেনেদৰে জিএছটি সঞ্চয় উৎসৱে চাহিদা, উৎপাদন আৰু নিযুক্তি শক্তিশালী কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰতিভা সেতু প'ৰ্টেলে নিশ্চিত কৰে যে ইউ পি এছ চিৰ প্ৰতিভা হেৰাই নাযায় - ইয়াক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশে পুনৰ নিৰ্দেশিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
ইয়াৰ ফলত তেওঁলোকৰ পৰিয়াললৈ অহা অপৰিসীম আনন্দক তেওঁ স্বীকাৰ কৰে আৰু সকলো প্রাপক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

বন্ধুসকল,

এইবাৰ, পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ সকলোৰে জীৱনত নতুন পোহৰ কঢ়িয়াই আনিছে। আজি দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে উৎসৱৰ মাজতে এটা নিৰ্দিষ্ট চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাৰ সুখ অনুভৱ কৰিছে, অৰ্থাৎ উৎসৱৰ আনন্দ আৰু সফলতাৰ দুগুণ সুখ। মই অনুভৱ কৰিব পাৰো, আপোনালোকৰ পৰিয়ালে কিমান আনন্দ পাব। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গক মোৰ আন্তৰিক অভিনন্দন জনাইছো। জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

বন্ধুসকল,

যেতিয়া আপোনাৰ এই উৎসাহ, আপোনাৰ কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য, সপোন বাস্তৱায়িত হোৱাৰ ফলত সৃষ্টি হোৱা আত্মবিশ্বাস, দেশৰ বাবে কিবা এটা কৰাৰ মনোভাৱ ইয়াৰ সৈতে জড়িত হ'ব, তেতিয়া আপোনাৰ সফলতা কেৱল ব্যক্তিগত সফলতা নহয়, আপোনাৰ সফলতা দেশৰ সফলতা হ'ব। আজি আপোনালোকে কেৱল চৰকাৰী নিযুক্তি লাভ কৰাই নহয়, দেশৰ সেৱাত সক্ৰিয় অৱদান আগবঢ়োৱাৰ সুযোগো লাভ কৰিছে। মই নিশ্চিত যে আপোনালোকে এই মনোভাৱেৰে, সততা আৰু নিষ্ঠাৰে কাম কৰিব, ভৱিষ্যতৰ ভাৰতৰ বাবে উন্নত ব্যৱস্থা গঢ়ি তোলাত আপোনাৰ ভূমিকা পালন কৰিব। আপুনি জানে, আমাৰ বাবে, 'নাগৰিক দেৱো ভৱঃ' হৈছে মন্ত্ৰ। আমি কেতিয়াও পাহৰিব নালাগে যে প্ৰতিজন নাগৰিকৰ জীৱন সেৱাৰ ভাৱনাৰে, সমৰ্পণৰ ভাৱনাৰে কেনেদৰে উপযোগী হ'ব লাগে।

 

বন্ধুসকল,

যোৱা ১১ বছৰ ধৰি দেশখনে এখন উন্নত ভাৰত গঢ়ি তোলাৰ সংকল্প লৈ আগবাঢ়ি আহিছে। ইয়াত আটাইতকৈ ডাঙৰ ভূমিকাটো হ'ল আমাৰ যুৱপ্ৰজন্মৰ, আপোনালোক সকলোৰে। সেয়েহে, যুৱক-যুৱতীসকলৰ সবলীকৰণ বিজেপি-এনডিএ চৰকাৰৰ অগ্ৰাধিকাৰ। আজি নিয়োগ মেলা যুৱক-যুৱতীসকলৰ সপোন পূৰণৰ এক মাধ্যম হৈ পৰিছে। কেৱল এই নিয়োগ মেলাৰ জৰিয়তে, কম সময়ৰ ভিতৰতে ১১ লাখতকৈও অধিক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। এই প্ৰচেষ্টা কেৱল চৰকাৰী চাকৰিৰ মাজতে সীমাবদ্ধ নহয়। আমি দেশত 'প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ যোজনা'ৰ শুভাৰম্ভ কৰিছো। ইয়াৰ অধীনত, ৩.৫ কোটি যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

 

বন্ধুসকল,

আজি এফালে স্কিল ইণ্ডিয়া মিছনৰ দৰে অভিযানৰ জৰিয়তে যুৱক-যুৱতীসকলক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, আনহাতে একে সময়তে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা মঞ্চৰ দৰে উদ্যোগসমূহেও তেওঁলোকক নতুন সুযোগৰ সৈতে সংযোগ কৰিছে। মোক কোৱা হৈছে যে ইয়াৰ জৰিয়তে এতিয়ালৈকে ৭ কোটিতকৈও অধিক খালী পদৰ তথ্য যুৱক-যুৱতীসকলক দিয়া হৈছে। এই ৭ কোটি খালী পদ, এই সংখ্যাটো সৰু নহয়।

 

বন্ধুসকল,

যুৱক-যুৱতীসকলৰ বাবে আন এটা ডাঙৰ পদক্ষেপ আছে-'প্ৰতিভা সেতু পৰ্টেল"! ইউ পি এছ চি-ৰ চূড়ান্ত তালিকাত উপনীত হোৱা কিন্তু নিৰ্বাচিত নোহোৱা প্ৰাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰমো এতিয়া ব্যৰ্থ নহ'ব। ব্যক্তিগত আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহে এই পৰ্টেলৰ পৰা সেই যুৱক-যুৱতীসকলক আমন্ত্ৰণ আৰু সাক্ষাৎকাৰৰ সুযোগ দিব। যুৱক-যুৱতীসকলৰ প্ৰতিভাৰ এই ব্যৱহাৰেই ভাৰতৰ যুৱ সামৰ্থ্য বিশ্বৰ সন্মুখত কঢ়িয়াই আনিব।

বন্ধুসকল,

এইবাৰ এই উৎসৱৰ বতৰত জিএছটি সঞ্চয় উৎসৱেও নতুন ৰং যোগ কৰিছে। আপোনালোক সকলোৱে জানে, দেশত জিএছটিৰ হাৰ হ্ৰাসৰ কি এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰা হৈছে। ইয়াৰ প্ৰভাৱ কেৱল জনসাধাৰণৰ সঞ্চয়তে সীমাবদ্ধ নহয়, পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰে নিযুক্তিৰ সুযোগো বৃদ্ধি কৰিছে। যেতিয়া দৈনন্দিন সামগ্ৰীসমূহৰ মূল্য ক’ম হয়, তেতিয়া চাহিদাও বৃদ্ধি পায়। যেতিয়া চাহিদা বৃদ্ধি পায়, উৎপাদন আৰু যোগান শৃংখলাইও গতি লাভ কৰে আৰু যেতিয়া কাৰখানাবোৰে অধিক উৎপাদন কৰে, তেতিয়া নতুন চাকৰিৰ সৃষ্টি হয়। সেয়েহে, এই জিএছটি এক সঞ্চয় উৎসৱ, এক চাকৰি উৎসৱলৈও পৰিৱৰ্তিত হৈছে। আমি দেখিছোঁ, ধনতেৰচ, দীপাৱলীত যিধৰণে অভিলেখ  সংখ্যক বিক্ৰী হৈছে, নতুন অভিলেখ গঢ়িছে, পুৰণি অভিলেখ ভংগ কৰিছে, ই দেখুৱাইছে যে কেনেদৰে জিএছটিৰ সংস্কাৰে দেশৰ অৰ্থনীতিত এক নতুন গতি প্ৰদান কৰিছে। আমি এমএছএমই খণ্ড আৰু খুচুৰা বাণিজ্যতো এই সংস্কাৰৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পাইছো। ইয়াৰ ফলত উৎপাদন, পৰিবহন আৰু আনুসংগিক ব্যয় তথা পেকেজিং আৰু বিতৰণৰ দৰে ক্ষেত্ৰত বহুতো নতুন চাকৰিৰ সৃষ্টি হৈছে।

 

বন্ধুসকল,

আজি দেশৰ যুৱ সামৰ্থ্যক আমি ভাৰতৰ বৃহৎ শক্তি বুলি বিবেচনা কৰো। প্ৰতিটো ক্ষেত্ৰতে আমি এই চিন্তা আৰু আত্মবিশ্বাসৰে আগবাঢ়িছো। আনকি আমাৰ বৈদেশিক নীতিয়েও ভাৰতৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থত কাম কৰি আছে। আমাৰ কূটনৈতিক আলোচনা, আমাৰ গোলকীয় বুজাবুজিৰ চুক্তিসমূহত যুৱ প্ৰশিক্ষণ, দক্ষতা বৃদ্ধি আৰু নিযুক্তি সৃষ্টিৰ কথাও সামৰি লোৱা হৈছে। শেহতীয়াকৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণত ভাৰত আৰু ব্ৰিটেইনে কৃত্ৰিম বুদ্ধিমত্তা, ফিনটেক আৰু পৰিষ্কাৰ শক্তিৰ দৰে খণ্ডত বিনিয়োগ বৃদ্ধি কৰিবলৈ সন্মত হৈছে। কেইমাহমান পূৰ্বে ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়েও নতুন সুযোগ সৃষ্টি কৰিব। একেদৰে, ইউৰোপৰ বহুতো দেশৰ সৈতে বিনিয়োগৰ অংশীদাৰিত্ব আছে। ইয়াৰ ফলত হাজাৰ হাজাৰ নতুন চাকৰি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ব্ৰাজিল, ছিংগাপুৰ, কোৰিয়া, কানাডা, এনে বহুতো দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰা হৈছে, যিয়ে বিনিয়োগ বৃদ্ধি কৰিব, ষ্টাৰ্ট-আপ আৰু এমএছএমইক সমৰ্থন কৰিব, ৰপ্তানি বৃদ্ধি কৰিব, আৰু যুৱপ্ৰজন্মক বিশ্বৰ প্ৰকল্পসমূহত কাম কৰাৰ নতুন সুযোগ প্ৰদান কৰিব।

 

বন্ধুসকল,

আজি আমি দেশৰ যি সফলতা আৰু দৃষ্টিভংগীৰ কথা কৈছো, অনাগত সময়ত আপোনালোকৰো ইয়াত এক ডাঙৰ ভূমিকা থাকিব। আমি 'উন্নত ভাৰত'ৰ লক্ষ্যৰ দিশত নিৰন্তৰভাৱে কাম কৰিব লাগিব। আপোনালোকৰ দৰে যুৱ কৰ্মযোগীসকলেই এই সংকল্পক সফল কৰি তুলিব। এই যাত্ৰাত আপুনি আই গট কৰ্মযোগী ইণ্ডিয়া প্লেটফৰ্মৰ পৰা যথেষ্ট সহায় লাভ কৰিব পাৰে। প্ৰায় ডেৰ কোটি কৰ্মচাৰীয়ে এই প্লেটফৰ্মত যোগদান কৰি শিকি আছে, দক্ষতা বৃদ্ধি কৰি আছে। যদি আপোনালোকে তেওঁলোকৰ সৈতে যোগদান কৰে, তেন্তে এক নতুন কৰ্ম সংস্কৃতি আৰু সুশাসনৰ ভাৱনা বিকশিত কৰিব। আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতৰ ভৱিষ্যত গঢ় লৈ উঠিব আৰু দেশবাসীৰ সপোন বাস্তৱায়িত হ'ব। মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো।

অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years

Media Coverage

‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."