দুয়োখন দেশৰ ব্যৱসায়িক নেতা, ভদ্ৰলোক-ভদ্ৰমহিলা আৰু সন্মানীয় প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক শুভেচ্ছা জনাইছো!

ভাৰত-কানাডা চিইঅ’ ফ’ৰামত আপোনালোক সকলোৰে সৈতে যোগদান কৰি মই আনন্দিত হৈছো। প্ৰধানমন্ত্ৰী কাৰ্নীক তেওঁৰ ইতিবাচক চিন্তাধাৰা ভাগ-বাটোৱাৰা কৰাৰ বাবে বিশেষ ধন্যবাদ জনাইছো।

বন্ধুসকল,

আজি আমি ভাৰত-কানাডাৰ সম্পৰ্কৰ এক নতুন অধ্যায় লিখা হৈছে । প্ৰধানমন্ত্ৰী কাৰ্নীয়ে কাৰ্যভাৰ গ্ৰহণৰ  এবছৰো সম্পূৰ্ণ কৰা নাই, তথাপিও আমাৰ সম্পৰ্ক আগুৱাই গৈছে। যোৱা কেইমাহমানত বিশ্বাস বাঢ়িছে, স্পষ্টতাৰ উন্মেষ ঘটিছে, নতুন গতিৰ সৃষ্টি হৈছে। আৰু এয়া  এনে এটা সময়ত ঘটিছে যেতিয়া বিশ্বই অৰ্থনৈতিক অনিশ্চয়তাৰ সন্মুখীন হৈছে আৰু বিশ্ব অৰ্থনৈতিক ব্যৱস্থাটো হেঁচাৰ মাজত আছে  । এনে সময়ত ভাৰত আৰু কানাডাৰ ব্যৱসায়িক নেতাসকলৰ মাজত হোৱা এই আলোচনাই আমাৰ অংশীদাৰিত্বৰ বাবে এক নতুন ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিব। আপোনালোকৰ দৃষ্টিভংগী আৰু দায়বদ্ধতাক শলাগ লৈছো।

বন্ধুসকল,

ভাৰত আৰু কানাডা হৈছে সজীৱ গণতন্ত্ৰ, বিশ্বৰ দুখন প্ৰধান অৰ্থনীতি আৰু ভাগ-বতৰা কৰা মূল্যবোধৰ আধাৰত  গঠিত সমাজ। গণতন্ত্ৰ, বৈচিত্ৰ্য, আৰু উন্নয়নে আমাক প্ৰাকৃতিক অংশীদাৰ হিচাপে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আজি প্ৰধানমন্ত্ৰী কাৰ্নী আৰু মই আমাৰ ভাগ-বাটোৱাৰা দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি দ্বিপাক্ষিক বাণিজ্যক ৫০ বিলিয়ন ডলাৰৰ স্তৰলৈ উন্নীত কৰাৰ দিশত ক্ৰমাগতভাৱে আগবাঢ়িছো। আমি অতি সোনকালে ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি চূড়ান্ত কৰিম।

বন্ধুসকল,

চৰকাৰে কাঠামো সৃষ্টি কৰিব পাৰে আৰু নীতিগত দিশ দিব পাৰে, কিন্তু সেই দৃষ্টিভংগীক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতা আপোনালোক সকলোৰে ওপৰত ন্যস্ত হৈ আছে।

 

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হিচাবে পৰিগণিত হৈছে। এই ৰূপান্তৰৰ আঁৰত আছে প্ৰবল ঘৰুৱা চাহিদা, যুৱ জনসংখ্যা, বৃহৎ পৰিসৰৰ বিনিয়োগ, আৰু ডিজিটেল প্ৰযুক্তিৰ শক্তি। এয়া আমাৰ অবিৰতভাৱে চলি থকা সংস্কাৰ এক্সপ্ৰেছৰ ফল। নীতি সৰলীকৰণৰ পৰা উৎপাদন-সংলগ্ন উদগনিলৈকে, লজিষ্টিক আধুনিকীকৰণৰ পৰা আৰম্ভ কৰি কৰ সংস্কাৰলৈকে আমি প্ৰতিটো খণ্ডতে ব্যৱসায় কৰাৰ সহজতা শক্তিশালী কৰিছো।

বন্ধুসকল,

ভাৰত আৰু কানাডা যেতিয়া একেলগে থিয় হয়, আমি কেৱল দুখন অৰ্থনীতিক সংযোগ কৰা নাই; আমি পুঁজি আৰু সামৰ্থ্যৰ এক অৰ্থনৈতিক শক্তি সৃষ্টি কৰোঁ। আমাৰ মুঠ জিডিপি ৬ ট্ৰিলিয়ন ডলাৰতকৈও অধিক। কিন্তু আমাৰ প্ৰকৃত শক্তি আমাৰ উচ্চাকাংক্ষাত নিহিত হৈ আছে। এই ভাগ-বতৰা কৰা উচ্চাকাংক্ষাক আগুৱাই নিবলৈ মই আপোনালোকৰ সন্মুখত কেইটামান পৰামৰ্শ আগবঢ়াব বিচাৰিছো। প্ৰথম-নিকা শক্তি। এয়া  দুয়োখন দেশৰ বাবে অগ্ৰাধিকাৰ। আজি আমি ইউৰেনিয়ামৰ দীৰ্ঘম্যাদী যোগানৰ বাবে চুক্তি স্বাক্ষৰ কৰিছো আৰু পাৰমাণৱিক খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰিছো। অলপ আগতে আমি কমিকোৰ চিইঅ’সকলৰ ইতিবাচক চিন্তা শুনিছিলো। আমি সৰু মডিউলাৰ ৰিয়েক্টৰ, উন্নত ৰিয়েক্টৰ, আৰু নিউক্লিয়াৰ মূল্য শৃংখলত একেলগে আগবাঢ়িব লাগে। জটিল খনিজ পদাৰ্থত আমি স্থিতিস্থাপক যোগান শৃংখল গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছো। কানাডাৰ উদ্ভাৱনক ভাৰতৰ পৰিমাপৰ  ক্ষমতাৰ সৈতে সংযুক্ত কৰি আমি বেটাৰী আৰু শক্তি সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়িব পাৰো। দ্বিতীয়টো ক্ষেত্ৰ হ’ল আন্তঃগাঁথনি আৰু মূলধনী অংশীদাৰিত্ব। এই বছৰৰ বাজেটত আমি আন্তঃগাঁথনিৰ বাবে ১৩০ বিলিয়ন ডলাৰৰ অভিলেখ সৃষ্টি কৰিছো৷ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অধীনত ১.৩ ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ কৰা হৈছে। কানাডাৰ পেঞ্চন ফাণ্ডে ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। ইয়াৰ দ্বাৰা গভীৰ বিশ্বাসৰ প্ৰতিফলন ঘটে। ভাৰতৰ আন্তঃগাঁথনি বৃদ্ধিৰ কাহিনীৰ অংশ হ’বলৈ আপোনালোকক আমন্ত্ৰণ জনাইছো।

তৃতীয়টো হ’ল এআই। আমি একেলগে যৌথ এআই কম্পিউট কৰিডৰ নিৰ্মাণ কৰিব পাৰো। আমি ষ্টাৰ্টআপৰ বাবে এআই উদ্ভাৱন ছেণ্ডবক্স তৈয়াৰ কৰিব পাৰো। চতুৰ্থটো ক্ষেত্ৰ হৈছে উৎপাদন আৰু প্ৰযুক্তি। ইলেক্ট্ৰনিক্স, মহাকাশ, আৰু অভিযান্ত্ৰিকীকৰণত ভাৰতৰ পৰিসৰৰ সৈতে কানাডাৰ প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাই আমি বিশ্বৰ মূল্য শৃংখল শক্তিশালী কৰিব পাৰো। পঞ্চমটো ক্ষেত্ৰ হৈছে খাদ্য প্ৰক্ৰিয়াকৰণ। আজি ভাৰতত মেগা ফুড পাৰ্ক, কল্ড চেইন, ফুড টেষ্টিং লেব দ্ৰুতগতিত নিৰ্মাণ কৰা হৈছে। ইও আমাৰ উইন-উইন সহযোগিতাৰ আন এক শক্তিশালী উদাহৰণ হ’ব পাৰে।

বন্ধুসকল,

আমাৰ অংশীদাৰিত্ব ৰাষ্ট্ৰীয় ৰাজধানীত সীমাবদ্ধ থাকিব নালাগে; আমি ইয়াক ৰাজ্য আৰু প্ৰদেশলৈ সম্প্ৰসাৰিত কৰিব লাগিব। আলবাৰ্টাৰ প্ৰাকৃতিক সম্পদক গুজৰাট আৰু ৰাজস্থানৰ নবীকৰণযোগ্য উচ্চাকাংক্ষাৰ সৈতে জড়িত কৰিব লাগিব। অন্টাৰিঅ’ৰ উৎপাদন শক্তি তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ ঔদ্যোগিক ক্লাষ্টাৰৰ সৈতে সংযুক্ত হ’ব লাগিব। মণ্ট্ৰিয়েলৰ টেক ইক’চিষ্টেমক  বাংগালুৰু আৰু হায়দৰাবাদৰ উদ্ভাৱন কেন্দ্ৰৰ সৈতে একত্ৰিত কৰিব লাগিব। তেতিয়াহে আমি এই অংশীদাৰিত্বক নীতিৰ পৰা সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিব পাৰিম।

বন্ধুসকল,

আপোনালোকৰ মাজৰে বহুতে হয়তো ক্ৰিকেট চায়। ভাৰতত চলি থকা টি-২০ ক্ৰিকেট বিশ্বকাপত কানাডাক খেলা দেখি আমাৰ সকলোকে আনন্দিত কৰি তুলিছে। “দ্রুত সিদ্ধান্ত, নিৰ্ভীক ষ্ট্ৰ’ক আৰু মেচ বিজয়ী অংশীদাৰিত্বৰে টি-২০ ক্ৰিকেটৰ দৰেই ভাৰত আৰু কানাডাই একেলগে ভৱিষ্যত গঢ় দিব।” এই সংকল্পৰে মই আপোনালোক সকলোকে ভাৰতৰ উন্নয়ন যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো।

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check

Media Coverage

'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 মে’ 2026
May 18, 2026

Norway to Netherlands: PM Modi's Leadership Turns Heritage, Honors & High-Tech Deals into India's Global Momen