“Lata Ji overwhelmed the whole world with her divine voice”
“Lord Shri Ram is about to arrive in the grand temple of Ayodhya”
“Entire country is thrilled to see the rapid pace of construction of the temple with the blessing of Lord Ram”
“This is a reiteration of ‘pride in heritage’ also a new chapter of development of the nation”
“Lord Ram is the symbol of our civilization and is the living ideal of our morality, values, dignity and duty”
“The hymns of Lata Didi have kept our conscience immersed in Lord Ram”
“The mantras recited by Lata Ji not just echoed her vocals but also her faith, spirituality and purity”
“Lata didi's vocals will connect every particle of this country for ages to come”

নমস্কাৰ!

আজি আমাৰ সকলোৰে শ্ৰদ্ধেয় আৰু চেনেহৰ প্ৰতিমূৰ্তি লতাদিদিৰ জন্ম দিন। কাকতালীয়ভাবে আজি ‘নৱৰাত্ৰী’ৰ তৃতীয়টো দিন অৰ্থাত্ আই ‘চন্দ্ৰঘণ্টা দেৱী’ৰো সাধনাৰ পৰ্ব। কোৱা হয়, কোনোবা সাধাক-সাধিকাই যেতিয়া কঠোৰ সাধনা কৰে আই চন্দ্ৰঘণ্টাৰ কৃপাত তেওঁৰ স্বৰ্গীয় স্বৰৰ অনুভূতি লাভ কৰে। লতা জী, আই সৰস্বতীৰ এনে এগৰাককী সাধিকা আছিল, যিয়ে সমগ্ৰ বিশ্বকে তেওঁৰ স্বৰ্গীয় কণ্ঠেৰে অভিভূত কৰি ৰাখিছিল। সাধনা কৰিছিল লতা জীয়ে, কিন্তু বৰ লাভ কৰিলো আমি সকলোৱে। অযোধ্যাত ‘লতা মংগেশকৰ চক’ত স্থাপন কৰা আই সৰস্বতীৰ এই বিশাল বীণাখন সংগীতৰ সেই সাধনাৰ প্ৰতীক হিচাপে চিহ্নিত হ’বগৈ। মোক জনোৱা হৈছে যে চকটোৰ চৌহদত নিৰ্মাণ কৰা সৰোবৰটোৰ প্ৰবাহমান জলৰাশিত ৯২টা শ্বেত পাথৰৰ পদুমফুলে লতা জীৰ জীৱনৰ ৯২টা বছৰক প্ৰতীয়মান কৰিব। মই এই অভিনৱ প্ৰয়াসৰ বাবে যোগী জীৰ চৰকাৰ, ‘অযোধ্যা বিকাশ প্ৰধিকৰণ’ আৰু অযোধ্যাৰ জনসাধাৰণক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। এই উপলক্ষত মই সকলো দেশবাসীৰ তৰফৰ পৰা ‘ভাৰতৰত্ন’ লতা জীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। মই প্ৰভু ৰামৰ ওচৰত কামনা কৰিছো যে তেওঁৰ জীৱনৰ যি লাভ আমি পাইছো, সেই লাভ তেওঁৰ সুৰৰ জৰিয়তে আগন্তুক প্ৰজন্মসমূহেও যাতে লাভ কৰি থাকিব পাৰে।  

বন্ধুসকল,

লতাদিদিৰ লগত বিজড়িত হৈ থকা মোৰ যে কিমানবোৰ স্মৃতি আছে, কিমানযে আবেগিক আৰু স্নেহসিক্ত স্মৃতি আছে। মই যেতিয়াই তেওঁৰ সৈতে কথা-বতৰা পাতিছিলো, তেওঁৰ মাতৰ সেই যুগ-পৰিচিত সোৱাদে প্ৰতিবাৰেই মোক মন্ত্ৰমুগ্ধ কৰিছিল। দিদিয়ে প্ৰায়েই মোক কৈছিল- মানুহ বয়সৰে নহয় কৰ্মৰেহে ডাঙৰ হয়, আৰু যিসকলে দেশৰ বাবে যিমানেই বেছিকৈ কাম কৰে, তেওঁ সিমানেই ডাঙৰ হয়। মই বিশ্বাস কৰো যে অযোধ্যাৰ এই ‘লতা মংগেশকৰ চক’, আৰু তেওঁৰে বিজড়িত এনে সকলোবোৰ স্মৃতিয়ে আমাক দেশৰ প্ৰতিগৰাকী ব্যক্তিকে কৰ্তব্যবোধৰ প্ৰাসংগিকতা সোঁৱৰাই ৰাখিব।

বন্ধুসকল,

মোৰ মনত আছে, যেতিয়া অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি-পূজন সম্পন্ন হৈছিল, তেতিয়া মোলৈ লতাদিদিয়ে ফোন কৰিছিল। তেওঁ খুবেই আবেগিক হৈ পৰিছিল, বহুত সুখী হৈছিল, আৰু আনন্দৰে আশীৰ্বাদ দিবলৈ ধৰিছিল। তেওঁৰ যেন বিশ্বাসেই হোৱা নাছিল যে অৱশেষত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হ’লগৈ। আজি মোৰ লাতাদিদিয়ে গোৱা সেই ভজনটোও মনত পৰিছে মন কী অযোধ্যা তব তক সুনী, জব তক ৰাম না আয়ে। অযোধ্যাৰ সুবিশাল মন্দিৰলৈ শ্ৰীৰাম অচিৰেই আহিব। আৰু তাৰ আগতেই কোটি কোটি লোকৰ মনত ৰাম নামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা লতাদিদিৰ নাম অযোধ্যা চহৰৰ সৈতে চিৰকালৰ বাবে স্থাপিত কৰা হ’ল। সেইখন ৰামচৰিত মানস-তে কোৱা হৈছে- ৰাম তে অধিক ৰাম কৰ দাসা। অৰ্থাত্, ৰাম জীৰ ভক্তসকল ৰাম জীতকৈয়ো আগতে আহে। সম্ভৱতঃ সেয়ে, ৰামমন্দিৰৰ বিতোপন নিৰ্মাণৰ আগতেই তেওঁৰ আৰাধনা কৰোতা তেওঁৰ ভক্ত লতাদিদিৰ স্মৃতিত নিৰ্মাণ কৰা এই চকটোও মন্দিৰৰ আগতেই নিৰ্মিত হৈ উঠিল।

বন্ধুসকল,

প্ৰভু ৰামতো হৈছে আমাৰ সভ্যতাৰ প্ৰতীক পুৰুষ। ৰাম হৈছে আমাৰ নৈতিকতাৰ, আমাৰ প্ৰমূল্যবোধৰ, আমাৰ মৰ্যাদা, আমাৰ কৰ্তব্যৰ জীৱন্ত আদৰ্শ। অযোধ্যাৰ পৰা ৰামেশ্বৰম পৰ্যন্ত, ৰাম ভাৰতৰ প্ৰতিটো বিন্দুত সমাহিত হৈ আছে। ভগবান ৰামৰ আশীৰ্বাদত আজি যিটো দ্ৰুতগতিৰে বিতোপন ৰামমন্দিৰৰ নিৰ্মাণকাৰ্য চলি আছে তাৰ ছবিয়ে সমগ্ৰ দেশকে ৰোমাঞ্চিত কৰি ৰাখিছে। এয়া নিজৰ ঐতিহ্যত প্ৰাণ প্ৰতিষ্ঠাৰ নিদৰ্শনো হয়, আৰু বিকাশৰ নতুন অধ্যায়ো হয়। মোৰ ভাল লাগিছে যে যিডোখৰ ঠাইত ‘লতা চক’ বিকশিত কৰা হৈছে, সেয়া হৈছে অযোধ্যাত সাংস্কৃতিক গুৰুত্বৰ বিভিন্ন স্থানসমূহক সংযোজিত কৰা প্ৰধান স্থলসমূহৰ অন্যতম। এই চকটো নিৰ্মাণ কৰা হৈছে ‘ৰাম কী পৈড়ী’ৰ সমীপত আৰু সৰজু নৈৰ পবিত্ৰ ধাৰালৈও ইয়াৰ পৰা বিশেষ দূৰ নহয়। লতাদিদিৰ নামত চক নিৰ্মাণৰ বাবে ইয়াতকৈ ভাল ঠাই আৰু কি হ’ব পাৰে? যেনেকৈ অযোধ্যাই ইমানবোৰ যুগৰ পিচতো ৰামক আমাৰ মনত সাকাৰ কৰি ৰাখিছে, তেনেকৈয়ে লতাদিদিৰ ভজনসমূহে আমাৰ অন্তৰ্মনক ৰামময় কৰি ৰাখিছে। মানসৰ মন্ত্ৰ-শ্ৰীৰামচন্দ্ৰ কৃপালু ভজ মন, হৰণ ভৱ ভয় দাৰুণম্-য়েই হওক অথবা মীৰাবাইৰ পায়ো জী মেনে ৰাম ৰতন ধন পায়ো, এনে অগণন ভজন আছে, বাপুৰ প্ৰিয় ভজন বৈষ্ণৱ জন-য়েই হওক অথবা প্ৰতিজন ব্যক্তিৰ মনত গুঞ্জৰিত হৈ পৰা তুম আশা বিশ্বাস হামাৰে ৰাম, এনেকুৱা মধুৰ গীতেই হওক! লতা জীৰ কণ্ঠত এইসমূহ গীত শুনি অনেক দেশবাসীয়ে ভগবান ৰামৰ দৰ্শন কৰিব পাৰিছে। আমি লতাদিদিৰ কণ্ঠৰ স্বৰ্গীয় মধুৰতাৰে ৰামৰ অলৌকিক মাধুৰ্যক অনুভৱ কৰিব পাৰিছো।

আৰু বন্ধুসকল,

সংগীতলৈ এই প্ৰভাৱ কেৱল শব্দ আৰু কণ্ঠেৰেই নাহে। এই প্ৰভাৱ তেতিয়াহে আহে যেতিয়া ভজন  গোৱাগৰাকীৰ অন্তৰত সেই ভৱনা থাকে, সেই ভক্তি থাকে, ৰামৰ সৈতে সেই সম্পৰ্ক থাকে, ৰামৰ প্ৰতি সেই সমৰ্পন থাকে। সেয়ে, লতা জীয়ে উচ্চাৰণ কৰা মন্ত্ৰত, ভজনত কেৱল তেওঁৰ কণ্ঠয়েই কেৱল নহয় বৰঞ্চ তেওঁৰ আস্থা, আধ্যাত্মিকতা আৰু পবিত্ৰতাও গুঞ্জৰিত হয়।

বন্ধুসকল,

লতাদিদিৰ মাতত আজিও ‘বন্দে মাতৰম’ৰ আহ্বান শুনি আমাৰ চকুৰ সন্মুখত আই ভাৰতীৰ বিশাল স্বৰূপ উদ্ভাসিত হৈ উঠে। যি দৰে লতাদিদি সদায়ে নাগৰিকৰ কৰ্তব্যৰ প্ৰসংগত খুবেই সজাগ হৈ আহিছিল, তেনে দৰেই এই চকেও অযোধ্যাত বসবাস কৰি থকা লোকসকলক, অযোধ্যালৈ অহা লোকসকলক কৰ্তব্যপৰায়ণতাৰ বাবে প্ৰেৰণা দিব। এইটো চক, এইখন বীণাই অযোধ্যাৰ বিকাশ আৰু অযোধ্যাৰ প্ৰেৰণাকো আৰু অধিক ৰূপত গুঞ্জৰিত কৰি থাকিব। লতাদিদিৰ নামত নিৰ্মিত এইটো চকে আমাৰ দেশৰ কলা-জগতৰে জড়িত লোকসকলৰ বাবেও প্ৰেৰণাস্থলীৰ দৰেই কাৰ্য কৰিব। ই এই কথাও কৈ থাকিব যে ভাৰতৰ মূলৰে বিজড়িত হৈ থাকি, আধুনিকতাৰ দিশত আগবাঢ়ি, ভাৰতৰ কলা-সংস্কৃতিক বিশ্ব কোণে কোণে বিস্তাৰিত কৰাটোও হৈছে আমাৰ দায়িত্ব। ইয়াৰ বাবে লতাদিদিৰ দৰে সমৰ্পণ আৰু নিজৰ সংস্কৃতিৰ প্ৰতি অগাধ প্ৰেম থকাটো অনিবাৰ্য।

মোৰ বিশ্বাস, ভাৰতৰ কলা-জগতৰ প্ৰতিগৰাকী সাধকেই এইটো চকৰ পৰা বহুখিনি শিকিবলৈ পাব। লতা জীৰ কণ্ঠই যুগ যুগ ধৰি দেশৰ প্ৰতিটো বিন্দুকে সংযোজিত কৰি ৰাখিব, এই বিশ্বাসকে সাৰোগত কৰি, অযোধ্যাবাসীৰ প্ৰতিও মোৰ কিছু কবলগীয়া আছে, খুবেই কম দিনতে ৰাম মন্দিৰ সম্পূৰ্ণ হৈ উঠিব, দেশৰ কোটি কোটি লোক আযোধ্যালৈ আহিবলৈ সাজু আছে, আপোনালোকে বাৰু কল্পনা কৰিব পাৰিছেনে যে অযোধ্যাবাসীয়ে আযোধ্যাক কিমান বিতোপন কৰি তুলিব লাগিব, কিমান সুন্দৰ কৰি তুলিব লাগিব, কিমান স্বচ্ছ কৰি তুলিব লাগিব! আৰু, ইয়াৰ বাবে আজিৰে পৰাই সাজু হ’ব লাগিব আৰু এই কাম অযোধ্যাৰ প্ৰতিগৰাকী নাগৰিকেই কৰিব লাগিব। তেতিয়াহে অযোধ্যাৰ নাম-যশ-গৌৰৱ বাঢ়িব। যেতিয়া ৰামমন্দিৰ চাবলৈ বুলি কোনো যাত্ৰী আহিব, তেওঁ ৰামমন্দিৰৰ প্ৰতি শ্ৰদ্ধাৰ লগতে অযোধ্যাৰ ব্যৱস্থাসমূহকো, অযোধ্যাৰ সুন্দৰতাসমূহকো, অযোধ্যাৰ অতিথি-পৰায়ণাতাকো হৃদয়ংগম কৰি যাব। মোৰ অযোধ্যাৰ ভাই-ভনীসকল এতিয়াৰ পৰাই সাজু হৈ উঠক, আৰু লতাদিদিৰ জন্ম দিনটোৱে চিৰদিনৰ বাবেই প্ৰেৰণা দি থাকক। বহুখিনি কথা পাতিলোঁ, আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাই সামৰিছোঁ।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi receives a phone call today from President of Sri Lanka
March 24, 2026
The two leaders discuss disruptions affecting global energy security.
Both leaders reiterate the importance of keeping shipping lines open and secure.
The two leaders review progress on various initiatives aimed at strengthening bilateral energy cooperation and enhancing regional security.
PM reiterates India’s firm commitment to work closely together in addressing shared challenges.

Prime Minister Shri Narendra Modi received a phone call today from the President of Sri Lanka, H.E. Anura Kumara Disanayaka.

The two leaders discussed the evolving situation in West Asia with an emphasis on disruptions affecting global energy security.

Both leaders reiterated the importance of keeping shipping lines open and secure in the interest of the whole world.

The two leaders reviewed progress on various initiatives aimed at strengthening India-Sri Lanka energy cooperation and enhancing regional security.

Prime Minister reiterated India’s firm commitment to work closely together in addressing shared challenges in line with India’s Neighbourhood First policy and MAHASAGAR Vision.

The two leaders agreed to stay in touch.