চৰকাৰ ভৌগোলিক, সামাজিক বা অৰ্থনীতি নিৰ্বিশেষে মিছন মোডত ব্যাপক উন্নয়নৰ দিশত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে দ্ৰুত উন্নয়ন সাধনৰ ক্ষেত্ৰত ৰিফৰ্ম, পাৰ্ফম আৰু ট্ৰেন্সফৰ্মৰ গুৰুত্বত আলোকপাত কৰে
প্ৰদৰ্শনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰিব লাগিব, জনসাধাৰণৰ অংশগ্ৰহণে ৰূপান্তৰৰ সূচনা কৰিবঃ প্ৰধানমন্ত্ৰী
আগন্তুক ২৫ বছৰক এখনি সমৃদ্ধিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে উৎসৰ্গা কৰা হ'বঃ প্ৰধানমন্ত্ৰী

বন্ধুসকল,

আজি বাজেট অধিৱেশনৰ আৰম্ভণিতে মই সমৃদ্ধিৰ দেৱী মা লক্ষ্মীক প্ৰণাম জনাইছো আৰু এনে ক্ষণত শতিকাজুৰি আমাৰ ইয়াত মা লক্ষ্মীক স্মৰণ কৰা হয়-

সিদ্ধিবুদ্ধিপ্ৰদে দেৱী ভুক্তিমুক্তিপ্ৰদায়িনী। মন্ত্ৰপুতে সদা দেৱী মহালক্ষ্মী নমস্তুতে।

মা লক্ষ্মীয়ে আমাক সফলতা আৰু জ্ঞানৰ লগতে সমৃদ্ধি আৰু কল্যাণ প্ৰদান কৰে। তেওঁৰ আশিস যাতে দেশৰ প্ৰতিটো দৰিদ্ৰ আৰু মধ্যবিত্ত সম্প্ৰদায়ৰ ওপৰত থাকে, তাৰ বাবে মই প্ৰাৰ্থনা জনাইছো।

বন্ধুসকল,

আমাৰ গণৰাজ্যই ৭৫ বছৰ সম্পূৰ্ণ কৰিছে আৰু দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এয়া আটাইতকৈ গৌৰৱৰ মুহূৰ্ত। বিশ্বৰ গণতান্ত্ৰিক পৃথিৱীত ভাৰতৰ শক্তিয়ে এক বিশেষ স্থান দখল কৰিছে।

 

বন্ধুসকল,

এই দেশৰ জনসাধাৰণে মোক তৃতীয়বাৰৰ বাবে এই দায়িত্ব অৰ্পণ কৰিছে আৰু তৃতীয়টো কাৰ্যকালৰ এয়া হ'ব প্ৰথমখন পূৰ্ণাংগ বাজেট। মই আত্মবিশ্বাসেৰে ক'ব পাৰো যে ২০৪৭ চনত যেতিয়া আমি স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিম, বিকশিত ভাৰতৰ বাবে যি সংকল্প লোৱা হৈছে, সেই দিশত এই বাজেট অধিৱেশনে নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰি নতুন শক্তি প্ৰদান কৰিব। দেশে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, তেতিয়া বিকশিত ভাৰত হিচাপে তাক উদযাপন কৰিব। ১৪০ কোটি দেশবাসীয়ে তেওঁলোকৰ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে এই সংকল্প পূৰণ কৰিব। তৃতীয়টো কাৰ্যকালত আমি ভৌগোলিক, সামাজিক অথবা বিভিন্ন অৰ্থনৈতিক স্তৰৰ ক্ষেত্ৰত দেশৰ সামগ্ৰিক বিকাশৰ দিশত মিছন মোডত আগবাঢ়িছো। আমি সামগ্ৰিক বিকাশৰ সংকল্পৰ সৈতে মিছন মোডত আগুৱাই গৈ আছো। উদ্ভাৱন, অন্তৰ্ভুক্তি আৰু বিনিয়োগ ধাৰাবাহিকভাৱে আমাৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ৰোডমেপৰ আধাৰ হৈ আহিছে।

পূৰ্বৰ দৰে এইবাৰৰ অধিৱেশনতো বহুতো গুৰুত্বপূৰ্ণ দিন থাকিব। কাইলৈ সদনত আলোচনা অনুষ্ঠিত হ'ব আৰু ব্যাপক আলোচনাৰ পাছত ৰাষ্ট্ৰৰ শক্তি বৃদ্ধিত সহায়ক হোৱা আইন প্ৰস্তুত কৰা হ'ব। বিশেষকৈ মহিলা শক্তিক গৌৰৱ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ, সাম্প্ৰদায়িক বৈষম্যৰ পৰা মুক্ত প্ৰতিগৰাকী মহিলাই যাতে সন্মানেৰে জীয়াই থকাৰ সমান অধিকাৰ লাভ কৰে, তাৰ বাবে এই অধিবেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব। সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিবৰ্তন- যেতিয়া আমি দ্ৰুত বিকাশৰ দিশে অগ্ৰসৰ হোৱাৰ প্ৰয়োজনবোধ কৰো, তেতিয়া মুখ্যতঃ সংস্কাৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সহযোগিতাৰে প্ৰদৰ্শন কৰিব লাগিব আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে আমি পৰিবৰ্তনৰ সাক্ষী হ'ব পাৰো।

 

আমাৰ দেশ তৰুণ, আমাৰ শক্তি যুৱ আৰু আজি ২০-২৫ বছৰ বয়সৰ যুৱক-যুৱতীসকল ৪৫-৫০ বছৰ বয়সত উন্নত ভাৰতৰ সবাতোকৈ ডাঙৰ হিতাধিকাৰী হ'ব। তেওঁলোক জীৱনৰ সেই পৰ্যায়ত থাকিব, নীতি নিৰ্ধাৰণৰ পদত বহিব আৰু তেওঁলোকে বিকশিত ভাৰতৰ সৈতে স্বাধীনতাৰ পাছত আৰম্ভ হ'বলগীয়া শতিকালৈ সগৌৰৱে আগবাঢ়িব। সেয়েহে বিকশিত ভাৰতৰ সংকল্প, এই অপৰিসীম কঠোৰ পৰিশ্ৰম পূৰণৰ এই প্ৰচেষ্টা আমাৰ কিশোৰ-কিশোৰী, যুৱ প্ৰজন্মৰ বাবে এক মহান উপহাৰ হৈ পৰিব। যিসকলে ১৯৩০ আৰু ১৯৪২ চনত স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ আছিল, যুৱক-যুৱতীসকল স্বাধীনতা সংগ্ৰামত লিপ্ত আছিল, সেই সংগ্ৰামৰ ফল ২৫ বছৰৰ পাছত প্ৰজন্মই ভোগ কৰিছে। স্বাধীনতাৰ প্ৰথম ২৫ বছৰ স্বাধীনতা উদযাপনৰ সময় আছিল। একেদৰে এই ২৫ বছৰীয়া সমৃদ্ধিশালী ভাৰতে নাগৰিকসকলৰ সংকল্পৰ পৰা প্ৰাপ্তিৰ শিখৰলৈ গতি কৰাৰ অভিপ্ৰায়ক প্ৰতিনিধিত্ব কৰে, আৰু সেয়েহে এই বাজেট অধিবেশনত সকলো সাংসদে বিকশিত ভাৰত, বিশেষকৈ যুৱ সাংসদসকলক শক্তিশালী কৰাত অৰিহণা যোগাব।

বন্ধুসকল,

মই আশা কৰো যে এই বাজেট অধিবেশনত আমি দেশৰ আশা আৰু আকাংক্ষাসমূহ পূৰণ কৰিবলৈ সমৰ্থ হ'ম।

 

বন্ধুসকল,

আজি আপোনালোকে এটা কথা নিশ্চয় লক্ষ্য কৰিছে, বিশেষকৈ সংবাদ মাধ্যমৰ লোকসকলে নিশ্চিতভাৱে এয়া লক্ষ্য কৰা উচিত। সম্ভৱতঃ ২০১৪ চনৰ পৰা এতিয়ালৈকে এয়া প্ৰথম সংসদীয় অধিৱেশন, য'ত এদিন বা দুদিন পূৰ্বে কোনো বিদেশী কাৰকে প্ৰভাৱ পেলাব পৰা নাই। বিগত ১০ বছৰ ধৰি ২০১৪ চনৰ পৰা মই প্ৰত্যক্ষ কৰিছো যে প্ৰতিখন অধিবেশনৰ পূৰ্বে বিশৃংখলতা সৃষ্টিৰ বাবে বিভিন্ন পক্ষৰ লোক সাজু থাকে আৰু এইক্ষেত্ৰত উচটনি যোগোৱা লোকৰ কোনো অভাৱ নাই। ১০ বছৰৰ পাছত মই প্ৰত্যক্ষ কৰিছো যে এইখন প্ৰথমখন অধিবেশন, য'ত কোনো বিদেশী কাৰকে প্ৰভাৱ পেলাব পৰা নাই।

বন্ধুসকল, আপোনালোকক বহুত বহুত ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister praises efforts by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts
March 31, 2026

Prime Minister Shri Narendra Modi, appreciated the work being done by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts. “I am proud that our nation has many such passionate teams that are at the forefront of this, ensuring that the coming generations remain connected to our rich history”, Shri Modi remarked.

The Prime Minister posted on X;

“Saw a glimpse of the work being done by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts. I am proud that our nation has many such passionate teams that are at the forefront of this, ensuring that the coming generations remain connected to our rich history.”