"দুৰ্যোগৰ ক্ষেত্ৰত আমাৰ প্ৰতিক্ৰিয়া বিচ্ছিন্ন নহয়, হ’ব লাগিব সংহত"
"আন্তঃগাঁথনি কেৱল পূৰ্বাৱস্থালৈ উভতিবৰ বাবেই নহয়, বৰঞ্চ উপলব্ধি আৰু সহণশীলতা সৃষ্টিৰ বাবেও হ’ব লাগিব"
"আন্তঃগাঁথনিয়ে কাকো বঞ্চিত কৰিব নালাগিব"
"এটা দুৰ্যোগ আৰু আন এটা দুৰ্যোগৰ মাজৰ সময়ছোৱাত সহণশীলতাক গঢ়ি তোলা হয়"
"সহণশীলতা গঢ়িবলৈ স্থানীয় অন্তৰ্দৃষ্টিৰ সৈতে আধুনিক প্ৰযুক্তিৰ সমন্বয় সাধন উৎকৃষ্ট পন্থা হ'ব পাৰে"
"বিত্তীয় সম্পদৰ প্ৰতিশ্ৰুতি দুৰ্যোগ-সহণশীল পদক্ষেপৰ সফলতাৰ মূল চাবিকাঠি"

নমস্কাৰ!

মাননীয় অতিথিসকল, ৰাষ্ট্ৰপ্ৰধান, শিক্ষাবিদ, বাণিজ্যিক প্ৰতিনিধি, আইন প্ৰণেতা আৰু সমগ্ৰ বিশ্বৰ মোৰ মৰমৰ বন্ধুসকল!

সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। ভাৰতলৈ আপোনাসৱক স্বাগতম! প্ৰথমতে, দুৰ্যোগ প্ৰতিৰোধী সহনশীল আন্তঃগাঁথনি নিৰ্মাণৰ বাবে যৌথ প্ৰচেষ্টাক মই অভিনন্দন জনাইছোঁ। দুৰ্যোগ প্ৰতিৰোধী সহনশীল আন্তঃগাঁথনি সম্পৰ্কীয় আন্তৰ্জাতিক সন্মিলনৰ পঞ্চম সংস্কৰণ আইচিডিআৰআই-২০২৩ৰ সঁচাকৈয়ে এক বিশেষ সন্মিলন।

বন্ধুসকল,

এক আন্তৰ্জাতিক দৃষ্টিভংগীৰ পৰাই উদ্ভৱ হৈছিল চিডিআৰআই। বৰ্তমান বিশ্বত প্ৰতিখন দেশেই পৰস্পৰৰ সৈতে নিবিড়ভাৱে সম্পৰ্কিত। এনে পৰিস্থিতিত দুৰ্যোগৰ প্ৰভাৱ কেৱল অঞ্চল বিশেষেই নপৰে, বিশ্বজুৰি পৰে। এটা অঞ্চলৰ দুৰ্যোগে সম্পূৰ্ণ বেলেগ অঞ্চলত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সেয়েহে, আমাৰ প্ৰচেষ্টা হব লাগিব সুসংবদ্ধ, বিচ্ছিন্ন নহয়।

বন্ধুসকল,

মাত্ৰ কেইবছৰমানৰ ভিতৰতে ৪০খনতকৈও অধিক দেশ চিডিআৰআইৰ অংশ হৈ পৰিছে। সেয়ে এই সন্মিলনখন এক গুৰুত্বপূৰ্ণ মঞ্চ হৈ পৰিছে। উন্নত অৰ্থনীতি আৰু উন্নয়নশীল অৰ্থনীতি, বৃহৎ আৰু সৰু দেশ, গ্লোবেল নৰ্থ আৰু গ্লোবেল চাউথ- সকলো এই একেখন মঞ্চত চামিল হৈছে। এই প্ৰচেষ্টাৰ সৈতে কেৱল মাত্ৰ বিভিন্ন দেশৰ চৰকাৰসমূহেই জড়িত নহয়, বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠান, ডমেইন বিশেষজ্ঞ আৰু ব্যক্তিগত খণ্ডয়ো এক বিশেষ ভূমিকা পালন কৰিছে।

বন্ধুসকল,

আমি আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰাৰ লগে লগে, কিছুমান অগ্ৰাধিকাৰৰ মনত ৰাখিব লাগিব। এই বছৰৰ সন্মিলনৰ বাবে চিডিআৰআইৰ মূল বিষয়বস্তু স্থিতিস্থাপক আৰু অন্তৰ্ভুক্তিমূলক আন্তঃগাঁথনি প্ৰদানৰ সৈতে সম্পৰ্কিত। আন্তঃগাঁথনি কেৱল লাভৰ বাবেই নহয়, উপলব্ধি আৰু সহনশীলতাৰ বাবেও। আন্তঃগাঁথনিৰ সুযোগ-সুবিধাৰ পৰা কাকো বঞ্চিত কৰা উচিত নহয়, বৰং সংকটৰ সময়তো মানুহক সেৱা কৰিব লাগিব। লগতে, আন্তঃগাঁথনিৰ এক সামগ্ৰিক দৃষ্টিভংগীৰো প্ৰয়োজন। সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনি পৰিবহন আন্তঃগাঁথনিৰ দৰেই গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

দুৰ্যোগৰ সময়ত, যিসকলে পীড়িত হয় তেওঁলোকৰ বাবে আমাৰ চকুলো নিগৰাটো স্বাভাৱিক। সঠিকভাৱেই সাহায্য আৰু উদ্ধাৰ অভিযানক আমি অগ্ৰাধিকাৰ প্ৰদান কৰোঁ। এইক্ষেত্ৰত সহনশীলতাৰ অৰ্থ হৈছে কিমান সোনকালে আমি স্বাভাৱিক জীৱনলৈ উভতি অহাৰ পথ প্ৰশস্ত কৰি তুলিব পাৰোঁ। এটা দুৰ্যোগৰ পৰা আন এটা দুৰ্যোগৰ মাজৰ সময়ত এই সহনশীলতা গঢ়ি উঠে। এইক্ষেত্ৰত অতীতৰ দুৰ্যোগবোৰ অধ্যয়ন কৰা আৰু সেইবোৰৰ পৰা শিক্ষা লোৱাটোৱেই উপায়। চিডিআৰআই আৰু এই সন্মিলনে এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বন্ধুসকল,

প্ৰতিখন ৰাষ্ট্ৰ আৰু অঞ্চলেই বিভিন্ন ধৰণৰ দুৰ্যোগৰ সন্মুখীন হয়। এইধৰণৰ পৰিস্থিতিত জ্ঞান নিৰ্ভৰ স্থানীয় তথা আঞ্চলিক সমাজ ব্যৱস্থাই বিপৰ্যয় প্ৰতিৰোধী কিছু কিছু আন্তঃগাঁথনি গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে। আন্তঃগাঁথনি আধুনিকীকৰণ কৰোঁতে, এনে জ্ঞান বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা প্ৰয়োজন। স্থানীয় অন্তৰ্দৃষ্টিৰ সৈতে আধুনিক প্ৰযুক্তি সহনশীলতাৰ বাবে উৎকৃষ্ট হ'ব পাৰে। যদিহে ই ভাল ফল দেখুৱাব পাৰে তেতিয়াহলে স্থানীয় তথা আঞ্চলিক পৰ্য়ায়ৰ সেই জ্ঞানেই বিশ্বত সৰ্বশ্ৰেষ্ঠ বুলি স্বীকৃত হয়।

বন্ধুসকল,

চিডিআৰআইৰ কিছুমান পদক্ষেপে ইতিমধ্যে ইয়াৰ সামগ্ৰিক অভিপ্ৰায় প্ৰদৰ্শন কৰিছে। বিভিন্ন দ্বীপ ৰাষ্ট্ৰৰ সহনশীল আন্তঃগাঁথনি অৰ্থাত্, আইআৰআইএছৰ পৰা উপকৃত হৈছে বহুতো দ্বীপ। এই দ্বীপবোৰ সৰু হ'ব পাৰে, কিন্তু সেইবোৰত বাস কৰা প্ৰতিজন মানুহে আমাৰ বাবে গুৰুত্বপূৰ্ণ। যোৱা বছৰেই সহনশীল আন্তঃগাঁথনি প্ৰসাৰ সম্পৰ্কীয় পুঁজি ঘোষণা কৰা হৈছিল। এই ৫০ মিলিয়ন ডলাৰৰ পুঁজিয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত যথেষ্ট আগ্ৰহ জগাই তুলিছে। এইধৰণৰ উদ্যোগৰ সাফল্যৰ মূলত আছে বিত্তীয় সম্পদ সংগ্ৰহৰ প্ৰতিশ্ৰুতি।

বন্ধুসকল,

শেহতীয়া দুৰ্যোগবোৰে আমাক আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা মনত পেলাই দিছে। মই আপোনাসৱক কেইটামান উদাহৰণ দিওঁ। সমগ্ৰ ভাৰত আৰু ইউৰোপ তাপ প্ৰৱাহৰ চিকাৰ হৈছিল। ভূমিকম্প, ঘূৰ্ণীবতাহ আৰু আগ্নেয়গিৰিৰ ফলত বহুতো দ্বীপ ৰাষ্ট্ৰ ক্ষতিগ্ৰস্ত হৈছিল। তুৰ্কী আৰু চিৰিয়াত ভূমিকম্পৰ ফলত প্ৰাণহানি হোৱাৰ লগতে সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছিল। আপোনাসৱৰ কাম অধিক প্ৰাসংগিক হৈ পৰিছে। চিডিআৰআইৰ পৰা আমাৰ বহুত আশা আছে।

বন্ধুসকল,

এই বছৰ ভাৰতে জি-২০ সভাপতিত্বৰ জৰিয়তে বিশ্বক একত্ৰিত কৰিছে। জি-২০ৰ সভাপতি হিচাপে, আমি ইতিমধ্যে বহুতো কৰ্মী গোটত চিডিআৰআইক অন্তৰ্ভুক্ত কৰিছোঁ। আপোনাসৱে ইয়াত অন্বেষণ কৰা সমাধানবোৰে বিশ্বৰ সৰ্বোচ্চ স্তৰৰ নীতি প্ৰণয়ণৰ মঞ্চত বিশেষ মনোযোগ আকৰ্ষণ কৰিব। সহনশীল আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষত, জলবায়ুজনিত বিপদাশংকা আৰু দুৰ্যোগ মোকাবিলাত নতুনকৈ আজি চিডিআৰআই-ৰ সন্মুখত এক সুযোগে দেখা দিব। মই নিশ্চিত যে আইচিডিআৰআই ২০২৩ৰ আলোচনাই এক অধিক সহনশীল পৃথিৱীৰ অংশীদাৰী দৃষ্টিভংগী গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Two defence industrial corridors have attracted investment commitments of about Rs 70,000 crore: Defence secretary

Media Coverage

Two defence industrial corridors have attracted investment commitments of about Rs 70,000 crore: Defence secretary
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of teachers on Guru Purnima
July 29, 2026

The Prime Minister, Shri Narendra Modi, extended his heartfelt greetings to the people of the country on the occasion of Guru Purnima. He said that, along with imparting knowledge, teachers infuse their students with positive energy and shape them through noble thoughts and values. The Prime Minister called upon everyone to make the ideals of their gurus a guiding force in their lives.

The Prime Minister shared a Sanskrit Subhashitam-

“प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”

The Subhashitam conveys that one who provides the right direction, imparts knowledge and truth, shows the righteous path, offers education and awakens an understanding of truth in life, paving the way for self-development. These are regarded as the six forms of a Guru.

The Prime Minister wrote on X;

“गुरु पूर्णिमा की सभी देशवासियों को बहुत-बहुत बधाई। गुरु ज्ञान के साथ ही अपने शिष्यों में सकारात्मक ऊर्जा का संचार कर उन्हें सुविचार और सुसंस्कारों से सुशिक्षित करते हैं। आइए, उनके आदर्शों को अपने जीवन का संबल बनाएं।

प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”