“আপোনালোক আশা, নমনীয়তা তথা পুনৰুদ্ধাৰৰ প্ৰতীক”
“আপোনালোকৰ পেছাদাৰিত্বই মোক অনুপ্ৰাণিত কৰে”
“প্ৰয়োজন হওতাক সহায় আগবঢ়োৱা আৰু স্থিৰতা, ধাৰবাহিকতা তথা দৃঢ়তাৰ মনোভাৱ শাসনতো বিয়পি আছে”
“চৰকাৰে ‘ৰাষ্ট্ৰীয় সহযোগী স্বাস্থ্যসেৱা পেছাদাৰী আয়োগ বিধেয়ক’ উথ্থাপন কৰাৰ বাবে পেছা হিচাপে ‘ফিজিঅ’থেৰাপিষ্ট’সকলে বহু প্ৰতীক্ষিত স্বীকৃতি লাভ কৰিলে”
“ৰাইজক উচিত ভংগী, উচিত অভ্যাস, উচিত ব্যায়মৰ বিষয়ে শিক্ষিত কৰক”
“এগৰাকী ‘ফিজিঅ’থেৰাপিষ্ট’ৰ সৈতে যেতিয়া ‘যোগ’ৰ পাৰদৰ্শিতা একত্ৰিত হয়, ইয়াৰ শক্তি বহুগুণে বৃদ্ধি পায়”
“তুৰস্কৰ ভূমিকম্পৰ দৰে পৰিস্থিতিত ‘ফিজিঅ’থেৰাপিষ্ট’-য়ে আগবঢ়োৱা ভিডিঅ’ পৰামৰ্শ উপযোগী হ’ব পাৰে”
“মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ভাৰত ‘ফিট’ হোৱাৰ লগতে ‘ছুপাৰ হিট’-ও হ’ব”

নমস্কাৰ!

'ইণ্ডিয়ান এছ'চিয়েচন অৱ ফিজিঅ'থেৰাপিষ্ট'ৰ ৬০ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে আপোনালোক সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

মই আনন্দিত যে আহমেদাবাদত চিকিৎসা ক্ষেত্ৰৰ ইমানবোৰ গুৰুত্বপূৰ্ণ পেছাদাৰী ব্যক্তি একত্ৰিত হৈছে। যিকোনো আঘাত হওক, বিষ হওক, কনিষ্ঠ হওক বা বয়োজেষ্ঠ হওক, ক্ৰীড়াবিদ হওক, বা ফিটনেছ অনুৰাগী হওক, ফিজিঅ’থেৰাপিষ্টসকলে সকলো বয়সৰ মানুহৰ মিত্ৰ হৈ নিজৰ সমস্যা আঁতৰাই পেলায়। কঠিন সময়ত আপোনালোক আশাৰ প্ৰতীক হৈ পৰে। আপোনালোক হৈ পৰে দৃঢ়তাৰ প্ৰতীক। আপোনালোক আৰোগ্যৰ প্ৰতীক। কাৰণ, যেতিয়া কোনো ব্যক্তি হঠাতে আঘাত বা দুৰ্ঘটনাৰ বলি হয়, তেতিয়া তেওঁৰ বাবে সেয়া কেৱল শাৰীৰিক আঘাত নহয়। ই এক মানসিক আঘাত আৰু মানসিক প্ৰত্যাহ্বান। এনে সময়ত ফিজিঅ’থেৰাপিষ্টে তেওঁক চিকিৎসা কৰাই নহয়, উৎসাহো দিয়ে।

সতীৰ্থসকল,

আমি প্ৰায়ে আপোনালোকৰ পেছা, আপোনাৰ পেছাদাৰিত্বৰ পৰা বহুত প্ৰেৰণা লাভ কৰো। এই ক্ষেত্ৰখনত আপোনালোকে নিশ্চয় শিকিছে যে প্ৰত্যাহ্বানতকৈ আপোনালোকৰ অন্তৰ্নিহিত শক্তি অধিক শক্তিশালী। উৎসাহ আৰু সমৰ্থন থাকিলে মানুহে কঠিন প্ৰত্যাহ্বানকো অতিক্ৰম কৰিব পাৰে। শাসন ​​ব্যৱস্থাতো একেধৰণৰ কথা দেখা যায়। আমাৰ দেশৰ দৰিদ্ৰসকলক এটা সহায়ৰ প্ৰয়োজন আছিল যাতে তেওঁলোকে নিজৰ দৈনন্দিন প্ৰয়োজন পূৰণ কৰিব পাৰে। বেংক একাউণ্ট খোলাই হওক, শৌচাগাৰ নিৰ্মাণ কৰাই হওক, ৰাইজক নলৰ পানী যোগান ধৰাই হওক, আমি এনে বহু অভিযানৰ জৰিয়তে মানুহক সহায় কৰিছো। আয়ুষ্মান ভাৰত আঁচনি হওক বা আমাৰ চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনিয়ে হওক, এইবোৰৰ জৰিয়তে দেশত এক শক্তিশালী সামাজিক সুৰক্ষা আৱেষ্টনীৰ সৃষ্টি হৈছে। ইয়াৰ ফল কি হৈছে আমিও দেখিবলৈ পাইছো। আজি দেশৰ দৰিদ্ৰ, দেশৰ মধ্যবিত্ত শ্ৰেণীয়ে ডাঙৰ সপোন দেখি সেইবোৰ পূৰণ কৰাৰ সাহস গোটাবলৈ সক্ষম হৈছে।

সতীৰ্থসকল,

কোৱা হয় যে শ্ৰেষ্ঠ ফিজিঅ’থেৰাপিষ্ট হ’ল সেইজন, যাৰ প্ৰয়োজনীয়তা ৰোগীয়ে বাৰে বাৰে অনুভৱ নকৰে। মানে এক প্ৰকাৰে আপোনাৰ পেছাটোৱে নিজেই আপোনাক আত্মনিৰ্ভৰশীলতাৰ গুৰুত্ব শিকাই। আমি ক’ব পাৰো যে আপোনাৰ লক্ষ্য হৈছে মানুহক স্বাৱলম্বী কৰা। সেইবাবেই আজি যেতিয়া ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে তেতিয়া আপোনাৰ পেছাৰ মানুহে সহজেই বুজিব পাৰে যে আমাৰ দেশৰ ভৱিষ্যতৰ বাবে ই কিয় প্ৰয়োজনীয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল এজন ফিজিঅ’থেৰাপিষ্টে জানে যে চিকিৎসক আৰু ফিজিঅ’থেৰাপিৰ প্ৰয়োজন হোৱা দুয়োজনে একেলগে কাম কৰিলেহে অগ্ৰগতি সম্ভৱ। সেইবাবেই উন্নয়নক গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ গুৰুত্ব আপুনি খুব ভালদৰে বুজিব পাৰে। স্বচ্ছ ভাৰত, বেটি বাচাও আদি বহুতো পদক্ষেপৰ সফলতাত জনসাধাৰণৰ অংশগ্ৰহণৰ এই মনোভাৱ দেখা যায়।

সতীৰ্থসকল,

প্ৰতিজন ব্যক্তিৰ বাবে আৰু লগতে দেশৰ বাবেও ফিজিঅ'থেৰাপিৰ মনোভাৱত বহু গুৰুত্বপূৰ্ণ বাৰ্তা লুকাই আছে। উদাহৰণস্বৰূপে, ফিজিঅ’থেৰাপিৰ প্ৰথম চৰ্তটো হ’ল-সামঞ্জস্যতা! সাধাৰণতে মানুহে ২-৩ দিন উৎসাহেৰে ব্যায়াম কৰে, কিন্তু তাৰ পিছত উৎসাহ ক্ৰমান্বয়ে কমি যায়। কিন্তু, এজন ফিজিঅ’ হিচাপে আপুনি জানে যে ধাৰাবাহিকতা অবিহনে ফলাফল নাহে। আপুনি নিশ্চিত কৰে যে প্ৰয়োজনীয় ব্যায়ামবোৰ কোনো ব্যৱধান নোহোৱাকৈ কৰা হয়। এনে ধাৰাবাহিকতা আৰু প্ৰত্যয় দেশৰ বাবেও প্ৰয়োজনীয়। আমাৰ নীতিসমূহত সামঞ্জস্যতা থাকিব লাগে, কাৰ্যকৰী কৰাৰ দৃঢ় ইচ্ছাশক্তি থাকিব লাগে, তেতিয়াহে দেশৰ সকলো প্ৰয়োজনীয়তা পূৰণ হয় আৰু দেশ থিয় হৈ বহু দূৰলৈ দৌৰিব লাগে।

সতীৰ্থসকল,

স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে বৰ্তমান দেশত অমৃত মহোৎসৱ উদযাপন কৰা হৈছে। মই সুখী যে আমাৰ চৰকাৰে ৭৫ বছৰ ধৰি অপেক্ষা কৰি থকা এই অমৃত মহোৎসৱত দেশৰ সকলো ফিজিঅ’থেৰাপিষ্টক উপহাৰ দিছে। সকলোৱে আশা কৰিছিল ফিজিঅ’থেৰাপিক পেছা হিচাপে স্বীকৃতি দিয়া। আমাৰ চৰকাৰে আপোনালোক সকলোৰে এই অপেক্ষাৰ অন্ত পেলাইছে। নেচনেল কমিছন ফৰ এলাইড এণ্ড হেল্থকেয়াৰ প্ৰফেচনেলছ আইন আনি আমি আপোনালোক সকলোৰে সন্মান আৰু সন্মান বৃদ্ধি কৰাৰ সুযোগ পাইছিলোঁ। ইয়াৰ বাবেই ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাত আপোনালোক সকলোৰে গুৰুত্বপূৰ্ণ অৱদানকো স্বীকৃতি দিয়া হ’ল। ইয়াৰ ফলত আপোনালোক সকলোৰে বাবে ভাৰতৰ লগতে বিদেশতো কাম কৰাত সহজ হৈ পৰিছে। আয়ুষ্মান ভাৰত ডিজিটেল মিছন নেটৱৰ্কত ফিজিঅ’থেৰাপিষ্টকো সংযোজন কৰিছে চৰকাৰে। ইয়াৰ ফলত আপোনালোকে ৰোগীসকলৰ ওচৰলৈ যোৱাটো সহজ হৈ পৰিছে। আজি খেলো ইণ্ডিয়া আন্দোলনৰ সমান্তৰালকৈ ফিট ইণ্ডিয়া আন্দোলনও দেশত আগবাঢ়িছে। এই সকলোবোৰ খণ্ডতে ঘটি থকা বৃদ্ধিৰ প্ৰত্যক্ষ সম্পৰ্ক আপোনালোক ফিজিঅ’থেৰাপিষ্টসকলৰ সৈতে। এতিয়া সৰু চহৰ আৰু নগৰতো ক্ৰীড়া আন্তঃগাঁথনিৰ সৈতে আপোনাৰ ভূমিকা ক্ৰমাৎ বৃদ্ধি পাইছে। আমি দেখিছো যে আগতে আমাৰ পৰিয়ালৰ চিকিৎসক আছিল, একেদৰে এতিয়া পৰিয়ালৰ ফিজিঅ’থেৰাপিষ্টো আছে। ইয়াৰ ফলত আপোনাৰ বাবেও নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে।

সতীৰ্থসকল,

আপোনাৰ ৰোগীসকলৰ লগতে সমাজলৈ যি অৱদান আগবঢ়াইছে তাৰ শলাগ লৈছো। কিন্তু আপোনাৰ ওচৰতো মোৰ এটা অনুৰোধ আছে। এই অনুৰোধ আপোনাৰ সন্মিলনৰ বিষয়বস্তুৰ সৈতেও জড়িত আৰু ফিট ইণ্ডিয়া আন্দোলনৰ সৈতেও জড়িত। আপুনি মানুহক সঠিক ভংগীমা, সঠিক অভ্যাস, সঠিক ব্যায়াম আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে জ্ঞান দিয়াৰ কামটো ল’ব পাৰিবনে? ফিটনেছৰ সন্দৰ্ভত মানুহে সঠিক পন্থা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। লেখা আৰু বক্তৃতাৰ জৰিয়তে আপুনি এই কাম কৰিব পাৰে। আৰু মোৰ সৰু বন্ধুসকলে আনকি ৰিলছৰ জৰিয়তেও কৰিব পাৰে।

সতীৰ্থসকল,

মইও কেতিয়াবা ফিজিঅ’থেৰাপিষ্টৰ সেৱা ল’বলগীয়া হয়, গতিকে মোৰ অভিজ্ঞতাৰ পিছত আপোনালোক সকলোকে আৰু এটা কথা ক’ব বিচাৰিছো। মোৰ অভিজ্ঞতা যে যেতিয়া যোগৰ বিশেষজ্ঞতাক ফিজিঅ’থেৰাপিষ্টৰ সৈতে সংযুক্ত কৰা হয়, তেতিয়া ইয়াৰ শক্তি বহুগুণে বৃদ্ধি পায়। প্ৰায়ে ফিজিঅ’থেৰাপিৰ প্ৰয়োজন হোৱা শৰীৰৰ সাধাৰণ সমস্যাবোৰ কেতিয়াবা যোগৰ লগতে আসনতো সমাধান হয়। সেইবাবেই ফিজিঅ’থেৰাপিৰ লগতে যোগাসন জানিব লাগিব, তেতিয়া আপোনাৰ পেছাদাৰী শক্তি বৃদ্ধি পাব।

সতীৰ্থসকল,

ভাৰতত আপোনাৰ প্ৰেকটিছৰ এটা বৃহৎ অংশ বয়োজেষ্ঠসকলৰ যতনৰ বাবে উৎসৰ্গিত। ৰোগীৰ যত্নৰ অভিজ্ঞতা আৰু আপোনাৰ ব্যৱহাৰিক বুজাবুজি বহুত গুৰুত্বপূৰ্ণ। মই আপোনালোককও আহ্বান জনাম যে সেইবোৰ ভালদৰে নথিভুক্ত কৰক। আজি পৃথিৱীত বৃদ্ধৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকৰ যত্ন লোৱাটোও অধিক প্ৰত্যাহ্বানজনক আৰু ব্যয়বহুল হৈ পৰিছে। আজিৰ যুগত একাডেমিক পেপাৰ আৰু প্ৰেজেণ্টেচনৰ ৰূপত আপোনাৰ অভিজ্ঞতা সমগ্ৰ বিশ্বৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। ইয়াৰ দ্বাৰা ভাৰতীয় ফিজিঅ’থেৰাপিষ্টৰ দক্ষতাও পোহৰলৈ আহিব।

সতীৰ্থসকল,

টেলিমেডিচিনৰ বিষয়ো আছে। আপোনালোক সকলোৱে ভিডিঅ’ৰ জৰিয়তে পৰামৰ্শৰ পদ্ধতিও গঢ়ি তুলিব লাগে। কেতিয়াবা ই অতি সহায়ক বুলি প্ৰমাণিত হয়। তুৰস্কত যেনেকৈ ইমান ডাঙৰ ভূমিকম্প হৈছে, ছিৰিয়াতো ইয়াৰ প্ৰভাৱ আছে। এনে দুৰ্যোগৰ পিছতো বৃহৎ সংখ্যক ফিজিঅ’থেৰাপিষ্টৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত আপোনালোক সকলোৱে মোবাইলৰ জৰিয়তে বহু দিশত সহায় কৰিব পাৰে। ফিজিঅ’থেৰাপিষ্ট এছ’চিয়েশ্যনে এই বিষয়ে চিন্তা কৰিব লাগিব। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাৰ দৰে বিশেষজ্ঞৰ নেতৃত্বত ভাৰত ফিট হোৱাৰ লগতে ভাৰতো ছুপাৰহিট হ’ব। ইয়াৰ লগে লগে আকৌ এবাৰ আপোনালোক সকলোলৈ বহুত বহুত শুভেচ্ছা। ধন্যবাদ! 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How Jodhpur’s new Airport terminal blends Rajasthan heritage with 50% lower energy consumption

Media Coverage

How Jodhpur’s new Airport terminal blends Rajasthan heritage with 50% lower energy consumption
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting significance of mutual dependence
July 14, 2026

The Prime Minister, Shri Narendra Modi shared a Sanskrit Subhashitam-

“प्रभया हि विना यद्वद् भानुरेष न विद्यते।

प्रभा च भानुना तेन सुतरां तदुपाश्रया॥”

The Subhashitam conveys that just as the Sun cannot be perceived without its light, so too light cannot exist without the Sun. Thus, the entire existence and power of the Sun and its light are entirely dependent upon each other.

The Prime Minister wrote on X;

प्रभया हि विना यद्वद् भानुरेष न विद्यते।

प्रभा च भानुना तेन सुतरां तदुपाश्रया॥